ড০ ৰক্তিম ৰঞ্জন শইকীয়া
আংকিক গাঁথনি বা
ডিজিটেল ফৰমেট হ’ল কেৱল ১ আৰু ০ ব্যৱহাৰ কৰি তথ্য প্ৰকাশৰ এক উপায়৷
গ্ৰন্থৰ জগতত আংকিক গাঁথনিৰ প্ৰৱেশ বহুত পুৰণি৷ যেতিয়াই পুৰণি “লেটাৰ প্ৰেছ” পৰিহাৰ কৰি Desktop Printing (DTP)-ৰ
যোগেদি গ্ৰন্থৰ ছপাৰ কাম আৰম্ভ হ’ল সেইদিনাই আচলতে
গ্ৰন্থজগতত আংকিক যুগ আৰম্ভ হৈ গ’ল৷ তেতিয়াই এই ধৰণৰ আংকিক
সঁজুলিৰ প্ৰৱেশে গ্ৰন্থ প্ৰকাশলৈ বিপ্লৱ আনিছিল৷ কিন্তু সেই সময়ত সুবিধাজনক আংকিক দর্শন সঁজুলি উপলব্ধ হোৱা
নাছিল৷ গতিকে আংকিক লেখা দর্শনৰ বাবে বগা কাগজৰ কোনো বিকল্প নাছিল৷ কিন্তু যোৱা
১০ টা বছৰত বিভিন্ন কমখৰচী আৰু উন্নত ‘দর্শন সঁজুলি’ যেনে স্মার্ট ফোন আৰু লেপটপৰ আগমন আৰু ইণ্টাৰনেট সেৱাৰ
অভাৱনীয় মূল্য হ্ৰাস আৰু প্ৰসাৰে আংকিক যুগটোত গ্ৰন্থৰ ধাৰণাটোকে সলাই পেলাইছে৷
কিতাপ বুলিলে আমি যি পৰম্পৰাগত অৱয়ব বুজোঁ সেই অৱয়বলৈ সংকট আহিছে আৰু আমাৰ আগত
কিতাপৰ কিছু নতুন ধাৰণা আৰু অপৰম্পৰাগত অৱয়ব আহি উপস্থিত হৈছে৷
প্ৰতিবাৰেই নতুন প্ৰযুক্তিৰ আগমনে পুৰণি ধাৰাৰ বাহকসকলৰ বাবে কিছু সমস্যা সৃষ্টি কৰেই৷ আজিৰ পৰা হাজাৰ বছৰৰ আগতে মানুহে লিখন প্ৰযুক্তি আৱিষ্কাৰ কৰাৰ পাছত পুৰণি গ্ৰীচৰ সাধু কওঁতাসকলৰ বাবে সংকটৰ সৃষ্টি হৈছিল৷ আনকি প্লেটোৱে তেওঁৰ ফেড্ৰেচ (the Phaedrus) নামৰ গ্ৰন্থত ক’ব লগা হৈছিল—“সত্যৰ লিখিত ৰূপে আমাৰ নিজৰ স্মৃতিক ব্যৱহাৰ কৰিবলৈ নিৰুৎসাহিত কৰিব”৷ কিন্তু লিখন বিদ্যাই মানুহক আগুৱাই নিয়াত কিমান সহায় কৰিব পাৰে, সেয়া পাছতহে উপলব্ধি কৰিব পৰা হ’ল৷ আংকিক যুগত গ্ৰন্থৰ নতুন নতুন ৰূপসমূহে গ্ৰন্থক পূর্বতকৈও কম খৰচত সহজলভ্য কৰি তুলিলে৷ এসময়ত গ্ৰন্থ বুলিলে সাঁচিপাত, তালপাত, তুলাপাত আদিত লিখা গ্ৰন্থৰ কথাই মনলৈ আহিছিল৷ ১৪৩৬ খ্ৰীষ্টাব্দত ছপাযন্ত্ৰৰ আগমনে সাঁচিপাত, তালপাত, তুলাপাতৰ দৰে গ্ৰন্থৰ মাধ্যমবোৰৰ অন্ত পেলালে যদিও, সেয়া আছিল মাধ্যমৰ পৰিৱর্তনহে৷ গ্ৰন্থৰ অন্ত নহয়৷ ছপা মাধ্যমৰ আগমনৰ পাছত নতুন ৰূপত গ্ৰন্থৰ অভ্যূদয় ঘটিল৷ ছপাযন্ত্ৰৰ আগমন আছিল গ্ৰন্থ প্ৰকাশৰ এক যুগসন্ধি৷ তাৰ পাছৰ যুগসন্ধিটো আমি আংকিক মাধ্যমসমূহৰ দ্ৰুত বিকাশৰ মাজত দেখিবলৈ পাইছোঁ৷ ছপা প্ৰযুক্তি উদ্ভাৱনৰ প্ৰায় পাঁচশ পঞ্চাছ বছৰৰ পাছত সৃষ্টি হোৱা এই যুগসন্ধিয়ে পুনৰ কিতাপৰ ৰূপ সলাই পেলাবৰ উপক্ৰম কৰিছে৷ কিন্তু পূর্বৰ দৰে এয়াও কিতাপৰ অন্ত নহয়, মাধ্যমৰ পৰিবর্তনহে মাত্ৰ ৷
বর্তমান
বিশ্বৰ সামগ্ৰিক কিতাপৰ বজাৰ :
এতিয়া আপোনালোকক কেইটামান তথ্য অৱগত কৰাব খুজিছোঁ৷ ২০১১ চনত বিশ্বৰ এখন বহুল প্ৰচলিত গ্ৰন্থ এনচাইক্ল’পেডিয়া ব্ৰিটানিকাৰ প্ৰকাশ বন্ধ হয়৷ বর্তমান এনচাইক্ল’পেডিয়া ব্ৰিটানিকাৰ “অনলাইন আংকিক সংস্কৰণ”হে উপলব্ধ৷ আনহাতে ব্ৰিটেইনত “নেলচন বুক স্কেন ডাটা” নামৰ সংস্থাটোৰ এটা সমীক্ষাত কোৱা হৈছে যে ২০১৭-১৮ চনত ছপা কিতাপৰ বিক্ৰী ২.১% বৃদ্ধি পাইছে৷ কেইবাটাও সমীক্ষাৰ মতে সমগ্ৰ পৃথিৱীত ২০২০ চনত ৮% আৰু ২০২১ চনত ৯% গ্ৰন্থৰ বিক্ৰী বৃদ্ধি হৈছে৷ ক’ভিড কালত সকলো ব্যৱসায় মন্দা হোৱাৰ সময়ত গ্ৰন্থ ব্যৱসায়ে প্ৰসাৰ লাভ কৰাটো লক্ষণীয়৷ সামগ্ৰিকভাৱে যোৱা দহ বছৰত গ্ৰন্থৰ বিক্ৰী বাঢ়িছে৷ কিন্তু পাব্লিচাৰ্ছ উইকলি নামৰ আলোচনীখনৰ মতে ২০২১ চনৰ তুলনাত ২০২২ চনত ছপা কিতাপৰ বিক্ৰী হুৰহুৰাই খহিছে৷ ২০২১ চনৰ নৱেম্বৰ মাহতকৈ ২০২২ চনৰ নৱেম্বৰ মাহত ছপা কিতাপৰ বিক্ৰী ১৭.১% কমিছে (Jim Milliot, November 17, 2022, Another Bad Week for Print Book Sales, Publishers’ Weekly)৷
অৱশ্যে ছপা কিতাপৰ বিক্ৰী আৰু “আংকিক কিতাপ”ৰ বিক্ৰী তুলনা কৰিলে এতিয়াও ছপা কিতাপ আগবাঢ়ি আছে৷ অর্থাৎ এক বৃহৎ সংখ্যক আংকিক কিতাপ প্ৰকাশ হৈ থাকিলেও ই ছপা কিতাপৰ লগত ফেৰ মাৰিব পৰা হোৱাগৈ নাই (E-Books Still No Match for Printed Books, Felix Richter, Statista, 21 April, 2022)৷
যিহেতু “আংকিক গ্ৰন্থ”ৰ কোনো ভৌতিক অস্তিত্ব নাই, সেয়ে বৃহৎ পৰিমাণৰ পাঠকে এতিয়াও ছপা কিতাপকে প্ৰাধান্য দিয়ে৷ ছপা কিতাপৰ এই প্ৰভুত্বৰ কাৰণ হ’ল বর্তমানৰ পৃথিৱীৰ আর্থিক শক্তিটো নিয়ন্ত্ৰণ কৰে “মিলেনিয়েল” বুলি অভিহিত কৰা ১৯৮১ আৰু ১৯৯৬ চনৰ মাজৰ সময়ছোৱাত জন্মলাভ কৰা লোকসকলে৷ এই মিলেনিয়েল লোকসকলে এতিয়াও ছপা কিতাপকহে প্ৰাধান্য দিয়ে৷ গতিকে আমি এতিয়াও ছপা কিতাপৰ জয়যাত্ৰা দেখিবলৈ পাইছোঁ৷ কিন্তু এদিন বিশ্বৰ আর্থিক শক্তিটো “মিলেনিয়েল” সকলৰ পৰা উত্তৰ মিলেনিয়েলসকলৰ হাতলৈ হস্তান্তৰ হ’ব৷ তেতিয়া হয়তো গ্ৰন্থ উদ্যোগত ছপা কিতাপতকৈ আংকিক কিতাপৰ প্ৰাধান্য বৃদ্ধি পাব৷ এই সাম্ভাব্য বৃদ্ধিৰ লক্ষণ ইতিমধ্যে দেখা গৈছেই৷
ছপা কিতাপৰ গোন্ধ, আৰু ইয়াৰ ভৌতিক অৱস্থিতিক লৈ মিলেনিয়েল বা পূর্ব মিলেনিয়েল প্ৰজন্মবোৰৰ নষ্টালজিক আৱেগ থাকিলেও উত্তৰ মিলেনিয়েল নতুন প্ৰজন্মৰ প্ৰতিনিধিসকলৰ সেই আৱেগ স্বাভাৱিক কাৰণতে নাই৷ কাৰণ এইটো হ’ল ইলেক্ট্ৰ’নিক প্ৰজন্ম৷ এই ইলেক্ট্ৰ’নিক প্ৰজন্মটোৱেও প্ৰচুৰ অধ্যয়ন কৰে৷ কিন্তু তেওঁলোকৰ বাবে কিতাপৰ মাধ্যম কাগজৰ পৰিৱর্তে কিণ্ডল, আইপে’ড, ৱে’বছাইট, সামাজিক মাধ্যম আদিহে হৈ পৰিছে৷ কেতিয়াবা ভবা হয় ধীৰে ধীৰে এই ইলেক্ট্ৰ’নিক প্ৰজন্মটোৰ পৰিসৰ বৃদ্ধি পাব আৰু এদিন কিতাপৰ মাধ্যমটো সম্পূর্ণ “আংকিক” বা ইলেক্ট্ৰ’নিক হৈ পৰিব৷ ইতিমধ্যেই কম খৰচী প্ৰকাশন, লেখকৰ বাবে নিজস্বভাৱে প্ৰকাশৰ অধিক সুবিধা, গ্ৰন্থসমূহ সংৰক্ষণৰ সুবিধা আৰু সেউজ উদ্যোগ হিচাপে আংকিক গ্ৰন্থৰ জনপ্ৰিয়তা ধীৰে ধীৰে বৃদ্ধি পাইছেই৷ অবশ্যে পূর্ব মিলেনিয়েল আৰু উত্তৰ মিলেনিয়েল দুইটা প্ৰজন্মৰ অনুভূতিক সন্তুষ্ট কৰিব পৰাকৈ একেবাৰে ছপা কিতাপৰ দৰে অনুভৱ দিয়া নতুন ধৰণৰ আংকিক পাঠযন্ত্ৰৰ আৱিষ্কাৰৰ বাবে এতিয়া প্ৰচেষ্টা চলিছে ৷
আংকিক
গ্ৰন্থৰ সুবিধা :
এটা সময়ত দুষ্পাপ্য গ্ৰন্থ সংৰক্ষণৰ বাবে মাইক্ৰ’ফিল্ম নামৰ এটা
ব্যৱস্থাৰ সহায় লোৱা হৈছিল৷ কিন্তু এই মাইক্ৰ’ফিল্মবোৰ
ব্যৱহাৰত অলেখ জটিলতা আছিল৷ কিন্তু এতিয়া মাইক্ৰ’ফিল্মৰ পৰিৱর্তে আংকিক গ্ৰন্থবোৰ সহজে ব্যৱহাৰ,
সংৰক্ষণ আৰু বিতৰণ কৰিব পাৰি৷ মূলতঃ সংৰক্ষণৰ সুবিধাৰ বাবেই পৃথিৱীৰ
উল্লেখযোগ্য সকলো পুথিভঁৰালত সংৰক্ষিত পুৰণি গ্ৰন্থবোৰ আংকিক
ৰূপলৈ ইতিমধ্যেই অনা হ’ল৷ আজি পুৰণা দুষ্পাপ্য গ্ৰন্থসমূহ মুঠেই দুষ্পাপ্য হৈ থকা নাই৷ সকলো
আংকিক ৰূপত বিচাৰিলেই পোৱা যায়৷ গুগল, আর্কইভ আদি সংস্থাসমূহে
পুৰণি কিতাপৰ বৃহৎ ভাণ্ডাৰ তৈয়াৰ কৰিছে৷ ভাৰত চৰকাৰেও সকলো ভাৰতীয় ভাষাৰ প্ৰকাশিত
গ্ৰন্থৰ আংকিক ভাণ্ডাৰ তৈয়াৰ কৰিছে৷ আজি মন গ’লেই যিকোনোৱে
বিনামূলীয়াকৈয়ে নিজৰ লেপটপটো এটা পুথিভঁৰাললৈ পৰিৱর্তন কৰিব পাৰে৷
আংকিক
যুগৰ নতুন পাঠক :
আজিৰ
পৃথিৱীৰ পঢ়ুৱৈজগত ছপা আৰু আংকিক মাধ্যমক লৈ দোদুল্যমান অৱস্থাত আছে৷ গতিকে
বিখ্যাত প্ৰকাশকসকলে দুইকুল ৰক্ষা কৰি ছপা আৰু আংকিক দুইটি ধৰণতে কিতাপসমূহ বজাৰত
এৰি আছে৷ আংকিক যুগৰ অন্য এক নতুন ধৰণৰ গ্ৰন্থ হ’ল শ্ৰাব্যপুথি৷
সুন্দৰভাৱে গ্ৰন্থপাঠৰ বাণীবন্ধন কৰা ৰূপৰ চাহিদা ক্ৰমাৎ বৃদ্ধি পাইছে৷ গল্প
উপন্যাস কবিতা আদিৰ দৰে সৃষ্টিশীল লেখাসমূহৰ শ্ৰাব্যপুথিৰ জনপ্ৰিয়তা
বেছি৷ অতিসম্প্ৰতি শ্ৰাব্যপুথিৰ পঠন ভংগী সম্পর্কে নিতৌ নানা
পৰীক্ষা-নিৰীক্ষা আৰম্ভ হৈছেই৷
আংকিক যুগত ইতিমধ্যে পাঠকৰ ৰুচি সলনি হৈ গৈছে৷ এচাম নতুন ধৰণৰ পাঠক নতুন ৰুচি লৈ গ্ৰন্থৰ পৃথিৱীত পদার্পণ কৰিছে৷ আংকিক যুগৰ প্ৰধান বৈশিষ্ট্য হ’ল গতি৷ নতুন প্ৰজন্মৰ পাঠকসকলে সকলো ক্ষেত্ৰতে গতি বিচাৰে৷ অত্যধিক গতি বিচৰাৰ বাবেই কবিতাৰ দৰে কিছুমান সাহিত্যই জনপ্ৰিয়তা হেৰুৱাইছে৷ পৰম্পৰাগত শৈলীতে লিখা-মেলা কৰি থকাসকলৰ পাঠক হেৰাইছে আৰু আৱিৰ্ভাব হৈছে আংকিক যুগৰ পাঠকক সন্তুষ্ট কৰিব পৰাকৈ গতিসম্পন্ন লেখা সৃ্ষ্টি কৰিব পৰা এচাম নতুন লেখকৰ৷
আংকিক
যুগত গ্ৰন্থ বিপণন :
আংকিক যুগৰ পোনপটীয়া প্ৰভাৱ সদ্যহতে পৰিছে গ্ৰন্থৰ বিপণন ব্যৱস্থাত৷ আংকিক যুগে গ্ৰন্থ বিপনন জগতত অনা পৰিৱর্তন সমূহ আমাৰ জকাইচুকীয়া ঠাইবোৰতো আমি অনুভৱ কৰিব পাৰোঁ৷ গ্ৰন্থব্যৱসায়ৰ ৰেহ-ৰূপ ইতিমধ্যই সলনি হ’বলৈ আৰম্ভ কৰিছে৷ ধাৰণা কৰা হৈছে গ্ৰন্থমেলাৰ দৰে অনুষ্ঠানসমূহৰ প্ৰাসঙ্গিকতা ধীৰে ধীৰে কমি যাব৷ ইতিমধ্যেই “আমাজ’ন” “ফ্লিপকার্ট”ৰ দৰে অনলাইন বিক্ৰীমঞ্চসমূহে কিতাপৰ দোকানবোৰত বেয়াকৈ প্ৰভাৱ পেলাইছেই৷ প্ৰকাশক আৰু পাঠকৰ মাজত অনলাইন লেনদেনে পাঠক আৰু প্ৰকাশক দুইগৰাকীকে আর্থিকভাৱে উপকৃত কৰিবলৈ আৰম্ভ কৰাত পূর্বতে দুইপক্ষৰ মাজত অৱস্থান কৰা কিতাপৰ দোকানসমূহ সোনকালেই অতীত হৈ পৰিব৷ পাৰহৈ যোৱা ক’ভিড মহামাৰীৰ সময়ত সমগ্ৰ পৃথিৱীত কিতাপৰ বিক্ৰী বাঢ়িলেও বহু কিতাপৰ দোকান বন্ধ হৈ পৰিল৷ মহামাৰী অতীত হোৱাৰ পাছতো সেই দোকানবোৰ খোল নাখালে৷ বৰং লাহে লাহে ই কমাৰ্চৰ বৃহৎ প্ৰতিষ্ঠানবোৰে কিতাপৰ বজাৰখনত একাধিপত্য স্থাপন কৰিবলৈ গৈ আছে৷
এই আংকিক
যুগটোৱে কেইবাটাও দিশৰ পৰা প্ৰত্যাহ্বান আনিছে পেছাদাৰী লেখকসকললৈ ৷ পূর্বে গ্ৰন্থ প্ৰকাশৰ সমস্ত দায়িত্ব কেৱল প্ৰকাশকসকলৰ হাততে
ন্যস্ত আছিল৷ তেওঁলোকে বাচি-বিচাৰি পাঠকৰ ৰুচি অনুমান কৰি
নির্দিষ্ট সংখ্যৰ গ্ৰন্থকহে বজাৰলৈ আহিবলৈ দিছিল৷ কিন্তু আংকিক যুগত অভাৱনীয়
সংখ্যক স্বপ্ৰকাশিত গ্ৰন্থই বজাৰত ভিৰ কৰিছেহি৷ লেখক যি পৰিমাণে বাঢ়িছে পাঠক সেই
পৰিমাণে বঢ়া নাই৷ গতিকে লেখকৰ উপার্জন কমি গৈছে ৷ “য়ুথ
কালচাৰ” নামৰ আলোচনীখনৰ মূখ্য কার্যবাহী বিষয়া “ক্ৰিচ লাভাৰ্নে”ই (Chris Lavergne) উল্লেখ কৰা মতে আজিৰ বজাৰত আংকিক ৰূপৰ গ্ৰন্থ একোখন কম মূল্য আৰু আংকিক গ্ৰন্থৰ তাৎক্ষণিক ধৰণ-কৰণৰ বাবে অধিক সংখ্যাত বিক্ৰী হ’লেও ছপা কিতাপে আংকিক কিতাপৰ ৭ গুণ
অধিক আয় কৰিব পাৰে৷
ইয়াৰ উপৰিও আংকিক গ্ৰন্থসমূহৰ সহজে নকল হৈ বিভিন্ন ৱে’বছাইটত ঘূৰি ফুৰে৷ কিছুদিনৰ আগতে গিগাপে’ডিয়া, লাইব্ৰেৰী নু, জেড লাইব্ৰেৰী আদি ৱে’বপে’জত যি কোনো গ্ৰন্থই পোৱা গৈছিল৷ আন্তঃৰাষ্ট্ৰীয় প্ৰকাশকসকলৰ মঞ্চই যুঁজি যুঁজি এইবোৰ বন্ধ কৰিলেও নল মৰি গজালি ওলোৱাৰ দৰে নতুন নতুন ৱেবচাইটৰ জন্ম হৈয়েই আছে৷ ইয়াৰ উপৰি ডার্কৱে’বত এতিয়াও ইতিমধ্যে উল্লেখ কৰা ৱে’বছাইটবোৰ সক্ৰিয় হৈয়েই আছে৷ ডার্কৱে’ব প্ৰতিৰোধ কৰিব পৰাকৈ কোনো কাৰিকৰী কৌশল এতিয়াও বিকাশ হোৱা নাই৷
অৱশ্যে আংকিক
যুগত গ্ৰন্থ সম্পর্কে ইতিমধ্যে আলোচনা কৰা কথাখিনি অসমৰ প্ৰেক্ষাপটত বিশেষ প্ৰযোজ্য নহয়৷ সামগ্ৰিকভাৱে আমি অসমীয়াসকল
জ্ঞানপিয়াসী জাতি কোনোকালেই নাছিলোঁ৷ যোৱাটো শতিকাৰ অষ্টম-নৱম দশকলৈকে উজনি
অসমত কিতাপ বিক্ৰী হৈছিল দুর্গম অঞ্চলবোৰৰ চাহবাগিছাসমূহত কাম কৰা শিক্ষিত লোকসকলৰ
জৰিয়তে৷ মনোৰঞ্জনৰ অন্য কোনো মাধ্যম নথকাৰ সময়ত তেওঁলোকে কিতাপৰ যোগেদিয়েই সেই
অভাৱ পূৰণ কৰিছিল৷ দূৰদর্শনৰ আগমনৰ পাছত
সেই বজাৰখনৰ অন্ত হ’ল৷ তাৰ পাছত মনোৰঞ্জনৰ অলেখ মাধ্যম আহি
কিতাপৰ বজাৰ প্ৰায় উছন কৰিলে৷ পাঠকৰ তুলনাত লেখকৰ সংখ্যা
বৃদ্ধি, নতুন পাঠকৰ ৰুচিৰ লগত খাপ খোৱাৰকৈ গ্ৰন্থ সৃষ্টিৰ
অক্ষমতা আদি কাৰণত অসমৰ কিতাপৰ বজাৰখনৰ অৱস্থা লৈ আশাবাদী হ’বলৈ
মনে নকয়৷ অসমত এতিয়া কিতাপ পঢ়া মানুহৰ সংখ্যা ৫০০০-তকৈ বেছি
নহয়৷ অতিপাত বিক্ৰী হোৱা গ্ৰন্থেয়া ৫০০০-ৰ
সীমা অতিক্ৰম কৰাটো জটিল৷
আংকিক
যুগত বাতৰিকাকত আৰু আলোচনী :
আংকিক যুগে গ্ৰন্থতকৈ পৰম্পৰাগত বাতৰিকাকত আৰু আলোচনীসমূহৰ বেছি ক্ষতি কৰিছে৷ কিছুমান পৰিৱেশগত কাৰণ আৰু কিছুমান ব্যৱস্থাপনাৰ সমস্যাৰ বাবেই পৰম্পৰাগত বাতৰিকাকত আৰু আলোচনীবোৰে অস্তিত্বৰ সংকটত ভূগিবলগীয়া হৈছে৷ আংকিক যুগটোৱে পাঠকৰ মানসিকতা চিৰদিনলৈ সলাই দিলে৷ “অপেক্ষা” এই যুগটোত একেবাৰে অস্পৃশ্য শব্দ হৈ পৰিছে৷ পাঠক আৰু লেখক কোনোৱে এতিয়া অপেক্ষা কৰিবলৈ প্ৰস্তুত নহয়৷ পাঠকসকলে এটা ঘটনা সংঘটিত হোৱাৰ পাছত সেই ঘটনাৰ খবৰ পাবলৈ পৰৱর্তী দিনটোলৈ অপেক্ষা কৰিবলৈ নিবিচাৰে৷ যাৰ পোনপটীয়া প্ৰভাৱ ছপা বাতৰি কাকতসমূহত পৰিছে৷ দিনে দিনে বাতৰি কাকতসমূহৰ বিক্ৰী কমি গৈছে৷ এতিয়া মুহূর্তৰ খবৰ পাঠকক মুহূর্ততে লাগে৷ যিটো কৰিবলৈ ছপা বাতৰিকাকতসমূহ সক্ষম নহয়৷ গতিকে পৰম্পৰাগত বাতৰি কাকতৰ স্থান বিভিন্ন সংঘটনসমূহ মুহূর্ততে পাঠকৰ হাতত তুলি দিব পৰা, প্ৰতি মুহূর্ততে বাতৰি উন্নীতকৰণ হোৱা “অনলাইন” আংকিক বাতৰি পৃষ্ঠাসমূহে অধিকাৰ কৰিবলৈ আগ বাঢ়িছে৷ তাৰ উপৰি সম্পাদকৰ চকুৰে বাতৰি পঢ়িবলৈ ৰাইজ এতিয়া নাৰাজ৷ ছপা বাতৰি কাকতসমূহৰ বিভিন্ন মতবাদৰ বা ব্যক্তিৰ প্ৰতি মুকলি বা গোপন আনুগত্যৰ বিষয়টো নতুন হৈ থকা নাই৷ যাৰ প্ৰভাৱ প্ৰকাশিত বাতৰিৰ ওপৰতো পৰে৷ আংকিক যুগৰ পাঠকে এইটো সহ্য নকৰে৷ গতিকে যোৱা দহ বছৰত ৰাজহুৱা মতবাদ গঠনত বাতৰি কাকতৰ ভূমিকা দুখ লগাকৈ কমি আহিছে৷ ৰাজহুৱা মতবাদ নির্মাণত বাতৰি কাকতসমূহতকৈ সামাজিক মাধ্যমৰ ভূমিকা বৃদ্ধি পাইছে৷ সামাজিক মাধ্যমত দু্ইমুখী যোগাযোগৰ সুযোগটোৱে বাতৰি কাকততকৈ ইয়াৰ গুৰুত্ব বৃদ্ধি কৰিলে৷ দেখা গৈছে ছপা বাতৰি কাকতৰ ভূমিকা “অনলাইন আংকিক কাকত” আৰু সামাজিক মাধ্যমে ভগাই লৈছে৷ বাতৰিৰ কাৰণে “অনলাইন আংকিক কাকত” আৰু ৰাজহুৱা মতামত গঠনৰ বাবে সামাজিক মাধ্যমে ইতিমধ্যেই নিজৰ আসন গজগজীয়া কৰি ল’লে৷
বাতৰি কাকততকৈ
অধিক খৰতকীয়াকৈ প্ৰাসঙ্গিকতা হেৰুৱাই পেলাইছে ছপা আলোচনীসমূহে৷ এই ছপা আলোচনীসমূহলৈ
প্ৰধান প্ৰত্যাহ্বান আনিছে “অনলাইন আংকিক আলোচনী” আৰু সামাজিক মাধ্যমবোৰে৷ ছপা
আলোচনীবোৰে পৃষ্ঠাৰ সীমাৱদ্ধতাৰ বাবে সকলো ধৰণৰ পাঠকক মানসিক খোৰাক যোগাব পৰাকৈ পাঠসামগ্ৰী
দিবলৈ সক্ষম নহয়৷ আনহাতে “অনলাইন আংকিক আলোচনী” আৰু সামাজিক মাধ্যম এনে
সীমাৱদ্ধতাৰ পৰা আঁতৰত৷ সামাজিক মাধ্যমত প্ৰতিজন পাঠকেই তাৎক্ষণিকভাৱে কোনো
সম্পাদক নথকাকৈ মতামত প্ৰকাশ কৰিব পৰাৰ কথাটোৱে পাঠক সকলক আত্মসন্তুষ্টি প্ৰদান
কৰে৷
পাঠকৰ দৰে খুব
ধীৰে ধীৰে লেখকসকলো ছপা আলোচনী আৰু বাতৰিকাকতৰ পৰা আঁতৰি আহিবলৈ আৰম্ভ
কৰিছে৷ আমাৰ বাতৰিকাকতেই হওক বা আলোচনীয়েই হওক কোনোখনৰে লেখকৰ লগত প্ৰকাশৰ যোগ্যতা
সম্পর্কে জনাবলৈ তাংক্ষণিক যোগাযোগৰ কোনো সঠিক ব্যৱস্থা নাই৷ এটা লেখা কোনো আলোচনী বা বাতৰি কাকতলৈ প্ৰকাশৰ বাবে পঠোৱাৰ পাছত মাহৰ পাছত মাহ
ধৰি অনিশ্চয়তাৰ মাজত থাকিবলৈ কোনো লেখক এতিয়া প্ৰস্তুত নহয়৷ লেখা এটা কাকত আলোচনীলৈ পঠোৱাৰ পাছত তাৎক্ষণিকভাৱে মূল্যায়ন কৰি কেতিয়ামানে লেখাটো প্ৰকাশ পাব বা নাপাব তাক লেখকক জনোৱাৰ এটা প্ৰক্ৰিয়া ছপা কাকত-আলোচনীবোৰে নল’লে এই সমূহে পাঠকৰ দৰে লেখককো
হেৰুৱাব৷ এই খিনিতে আমাৰ এটা প্ৰাসঙ্গিক
ব্যক্তিগত অভিজ্ঞতা ৰাইজক জনোৱাৰ প্ৰয়োজন বোধ কৰিলোঁ৷ কেই বছৰমান
আগতে আমাৰ দৃষ্টিত এটা মানসম্পন্ন লেখা প্ৰস্তুত কৰি নিজৰ এটা নাম-ঠিকনা লিখা, ডাক টিকট লগোৱা খামৰ সৈতে
প্ৰান্তিক আলোচনীলৈ প্ৰেৰণ কৰিছিলোঁ৷ এবছৰমানৰ অপেক্ষাৰ
অন্ততো প্ৰান্তিকৰ পৰা কোনো খবৰ নহাত অতিষ্ঠ
হৈ লেখাটো সাতসৰী নামৰ আলোচনীলৈ প্ৰেৰণ কৰিলোঁ৷ তাৰ তিনিমাহমানৰ পিছত একে মাহতে প্ৰান্তিক আৰু
সাতসৰীত লেখাটো প্ৰকাশ হ’ল৷ আলোচনী
এখনৰ ভুল সম্পাদনা, পৰিচালনা নীতিৰ সমস্যাৰ বাবে আমি পাঠকৰ
ওচৰত হাঁহিয়াতৰ পাত্ৰ হ’লোঁ৷
অসমত কোনো
এজন লেখকেই পেটৰ তাড়নাত
নিলিখে৷ তেওঁলোকক লাগে মাত্ৰ নিজৰ মনোভাৱ আৰু চিন্তাসমূহ প্ৰকাশৰ একোটা মাধ্যম৷
গতিকে আলোচনীত প্ৰকাশৰ বাবে দীর্ঘকাল অপেক্ষা কৰিবলৈ তেওঁলোক মানসিকভাৱে প্ৰস্তুত
নহয়৷
সেয়ে
বহুক্ষেত্ৰত লেখকে ছপা কাকত-আলোচনীৰ পৰা আঁতৰি আংকিক সামাজিক মাধ্যমৰ আশ্ৰয় লয়৷ সেয়ে এনেধৰণৰ লেখকসকলৰ
বাবে হাজাৰ সীমাবদ্ধতা সত্বেও ব্লগ,
সামাজিক মাধ্যম আৰু সামাজিক মাধ্যম ভিত্তিক অনলাইন আলোচনীসমূহ
অধিক সুবিধাৰ৷ কুৰি বছৰৰো অধিক কাল ছপা মাধ্যমত লিখা-মেলা কৰাৰ পাছত এতিয়া আমি সামাজিক মাধ্যম আৰু সামাজিক মাধ্যম ভিত্তিক
আলোচনীসমূহত লিখোঁ৷ ইয়াৰ কাৰণে আমাৰ পাঠকৰ সংখ্যা হ্ৰাস
পোৱাৰ পৰিৱর্তে বৃদ্ধিহে পালে বুলি অনুভৱ কৰিছোঁ৷ সম্পাদনাৰ কেঁচি এটা প্ৰয়োজনীয় বস্তু যদিও সম্পাদনাৰ মাপকাঠি বিভিন্ন সম্পাদকৰ বেলেগ হয়৷ সেয়ে কোনো ক্ষেত্ৰত
যোগ্য লেখকো কোনো সম্পাদকৰ বাছনিত নুঠিব পাৰে৷ আংকিক মাধ্যম
এনে ক্ষেত্ৰত সহজ উপায়৷ আংকিক সামাজিক মাধ্যমত জনপ্ৰিয় কোনো কোনো গ্ৰন্থ বা লেখা ছপা কাকতত প্ৰকাশ পোৱা বা ছপা কিতাপ হিচাপে জনপ্ৰিয়
হোৱা মাজে মাজে দেখিবলৈ পোৱাৰ পৰা অনুমান হয়, এনে মাধ্যমত
কেতিয়াবা ৰসোত্তীর্ণ লেখাও সৃষ্টি হ’ব
পাৰে৷ আমাৰ ধাৰণা ছপাৰূপত কিতাপ তিষ্ঠি থাকিলেও ছপা বাতৰিকাকত-আলোচনীসমূহে এতিয়া মাত্ৰ এখন হাৰি যোৱা যুদ্ধতহে যুঁজি
আছে৷
References:
1. Hughes, Dan (20th
April, 2020): The Publishing Industry in a Digital Age,
Written by Dan Hughes, Apr 20, 2020,
Digital Marketing Institute
2. Ella Myers (3rd March, 2022): The Revival of Print Books, cherwell.org