ভাস্কৰজিত ফুকন
অসম নামৰ
ভূ-খণ্ডত বিভিন্ন জাতি-জনগোষ্ঠীৰ সাংস্কৃতিক পৰম্পৰাৰ ভেঁটিত গঢ় লৈ
উঠা অসমীয়া জাতিৰ এক গৰিমাময় ঐতিহ্য আছে৷ এই ঐতিহ্যই ইয়াকে প্ৰতিপন্ন কৰে যে অসমীয়া জাতি এক
সমন্বয়ৰ জাতি৷ এয়া বিভিন্ন জাতি-জনগোষ্ঠীৰ ভাষিক, সাংস্কৃতিক
সমন্বয়ৰ সমাহাৰ৷ জীৱিকাৰ বাবে অসমলৈ অহা চাহ জনগোষ্ঠীৰ লোকসকলো অসমীয়া জাতিৰ এক
অবিচ্ছেদ্য অংগ৷
আপাত দৃষ্টিত অসমীয়া জাতি হৈছে বিভিন্ন সময়ত, বিভিন্ন কাৰণ আৰু উদ্দেশ্য লৈ অসমলৈ অহা সংবিধানৰ স্বীকৃতিপ্ৰাপ্ত নাগৰিক অধিকাৰ লাভ কৰা বিভিন্ন জাতি-জনগোষ্ঠীৰ সংমিশ্ৰণত গঢ় লৈ উঠা এটা বৃহত্তৰ জাতি৷ শ্ৰীমন্ত শংকৰদেৱে ভাগৱতৰ ভাঙনিত লিখিছে-
কিৰাত কছাৰি খাচী গাৰো মিৰি
যৱন কংক গোৱাল
অসম মুলুক ধোবা যে তুৰুক
প্ৰাগৈতিহাসিক কালৰে পৰা সাম্প্ৰতিক সময়লৈকে অসম মুলুকলৈ ভিন ভিন মানৱ প্ৰজাতিৰ আগমন ঘটি আহিছে৷ কৃষি উপযোগী সাৰুৱা মাটি, উত্তৰ-পূব আৰু দক্ষিণ-পশ্চিম মৌচুমী বায়ুৰ বাবে হোৱা প্ৰচুৰ পৰিমাণৰ বৰষুণ আৰু নাতিশীতোষ্ণ জলবায়ুৰ বাবে ব্ৰহ্মপুত্ৰ নদৰ দুই পাৰৰ সমতল ভূমিত আহি সমবেত হোৱা কেইবাটাও নৃগোষ্ঠীৰ সমন্বয়ত অসমৰ মানুহৰ ইতিহাস সমৃদ্ধ হৈছে। পূৰ্বতে অসমৰ মানুহ বুলি ক’লে ‘বৰ অসম’ত বসবাস কৰা সকলো লোককে সামৰি লোৱা হৈছিল৷ সাম্প্ৰতিক কালত অসমৰ মানচিত্ৰ বহু সলনি আৰু সংকুচিত হৈ পৰাটো সকলোৱে জনা কথা৷
‘হ’ম’ ছেপিয়েন্স’(Homo Sapiens) মানৱগোষ্ঠীৰ অন্তৰ্গত মূলতঃ চাৰিটা নৃগোষ্ঠীৰ সমন্বয়ত অসমীয়া জাতি গঢ়
লৈ উঠিছে বুলি নৃ-বৈজ্ঞানিকসকলে মত আগ বঢ়াইছে৷ সেইকেইটা হ’ল-
ক)অষ্ট্ৰলয়ড্
খ) মংগোলীয়
গ) দ্ৰাবিড়ীয়
ঘ) নৰ্ডিক
(আৰ্যসকল)
চাহ জনগোষ্ঠীৰ লোকসকলৰ ভিতৰত অষ্ট্ৰ-এছিয়াটিক, দ্ৰাবিড় আৰু ইন্দো-ইউৰোপীয় ভাষা পৰিয়ালৰ ভাষা কোৱা লোক আছে৷ ব্ৰিটিছ চাহ পুঁজিপতিসকলে তেওঁলোকক ‘আড়কাঠিয়া’ আৰু ‘গিৰমিটীয়া’ আদি প্ৰথাৰে অসমৰ চাহ বাগিচাত চুক্তিবদ্ধ শ্রমিক হিচাপে লৈ আহিছিল৷
জ্যোৎস্না শৰ্মা বেজবৰুৱাই অসমৰ চাহ মজদুৰ সমাজৰ সংস্কৃতি (এটি সমীক্ষামূলক অধ্যয়ন)
গ্ৰন্থত উল্লেখ কৰিছে যে, ১৮৬৩ চনৰ মে’ মাহৰ পৰা উৰিষ্যা, ঝাৰখণ্ড, ছত্তীশগড়,
অন্ধ্ৰপ্ৰদেশৰ তেলেংগানা, হাজাৰীবাগ, বিহাৰ, মহাৰাষ্ট্ৰৰ বিদৰ্ভ, মধ্যপ্ৰদেশ,
পশ্চিম বংগৰ পশ্চিমাঞ্চল, ছোটনাগপুৰ আদি নানান
ঠাইৰ পৰা অসমৰ চাহ বাগিচাত কাম কৰিবলৈ বনুৱা অনা হয়৷ এই লোকসকলেই হ’ল চাহ জনগোষ্ঠী বা চাহ মজদুৰ৷ দৰাচলতে অসমত চাহ খেতি আৰু ব্যৱসায় আৰম্ভ
হোৱাৰ পাছতহে এই চাহ জনগোষ্ঠী বা চাহ জনজাতিটোৰ সৃষ্টি হ’ল।
ঘাইকৈ এই অঞ্চলবোৰৰ পৰাই চাহ বাগিচাৰ কামৰ কাৰণে অহা বা অনা লোকসকলেই এই নব্য - জনগোষ্ঠীটোৰ
ঘাই ভেটি। চৰকাৰী হিচাপ মতে, ১৮৬৩ চনৰ পৰা ১৮৬৬ চনৰ ভিতৰত অসমলৈ
৮৪,৯১৫ জন বনুৱা অনা হয়৷ ১৮৬৭-৬৮ চনত ব্ৰহ্মপুত্ৰ উপত্যকাৰ
বাগিচাত বনুৱাৰ সংখ্যা আছিল ৩৪,৪৩৩ জন ৷ ইয়াৰে ২২,৮০০ জন বা দুই-তৃতীয়াংশই অসমৰ বাহিৰৰ পৰা আমদানি কৰা লোক৷ ১৮৮৮ চনৰ
ভিতৰত অসমত এনেকৈ মুঠ ৪৬,২৯৩ জন শ্রমিক আমদানি হৈছিল৷ চৰকাৰী
হিচাপ অনুসৰি বাগিচাত বৰ্তমান কাম কৰা এই দুই শ্ৰেণীৰ লোকৰ সংখ্যা ত্ৰিছ লাখ আৰু
ইয়াৰে প্ৰাক্তন চাহ জনগোষ্ঠীৰ জনসংখ্যা হ’ল পোন্ধৰ লাখ৷ মুঠতে
অসমত বিভিন্ন প্ৰক্ৰিয়াৰে নানা ঠাইৰ পৰা অহা চাহ জনগোষ্ঠীৰ সংখ্যা বৰ্তমান প্ৰায়
পঞ্চল্লিছ লাখ৷
ভাৰতৰ বিভিন্ন
প্ৰান্তৰ পৰা বহু বছৰৰ পূৰ্বে জীৱিকাৰ সন্ধানত অসমলৈ অহা চাহ বাগিচাৰ এই মানুহখিনি
অসমতে থাকি গ’ল বংশানুক্ৰমে ৷ অসমৰ মাটিকে বুকুত সাবটি লৈ, অসমৰ বায়ু-পানীকে সেৱন কৰি তেওঁলোক হৈ পৰিল অসমৰ অসমীয়া।
অসমীয়া জাতীয়
জীৱনলৈ সময়ে সময়ে আহি পৰা সংকটৰ সময়ত চাহ জনগোষ্ঠীৰ লোকসকলে নিজকে অসমীয়া বুলি
পৰিচয় দি অসমীয়াৰ স্বাৰ্থৰ হকে থিয় দি আহিছে৷ অসমৰ সমাজ জীৱনত তেওঁলোকে
গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে৷ চাহ জনগোষ্ঠীৰ অৱদানসমূহক এনেধৰণে আলোচনা কৰিব
পাৰি-
ভাষা-সাহিত্যলৈ
অৱদান :
চাহ জনগোষ্ঠীৰ লোকসকলৰ ভিতৰত অষ্ট্ৰ’ এছিয়াটিক, দ্ৰাবিড় আৰু ইণ্ডো-ইউৰোপীয় ভাষা পৰিয়ালৰ ভাষা কোৱা লোক আছে৷ চাহ জনগোষ্ঠীৰ ভাষা আৰু অসমীয়া ভাষা মিলি এটা নতুন ভাষাই ৰূপ লৈছে৷ সময়ৰ হাত বুলনিত এই ভাষাই ‘বাগানীয়া ভাষা’ নামেৰে পৰিচিত হৈ পৰিল৷ দৰাচলতে এই বাগানীয়া কথিত ভাষাটো ভিন্নভাষী বনুৱাৰ মুখ বাগৰি ঠন ধৰি উঠা কথিত অসমীয়া ভাষাৰে এটি ৰূপ৷ উদাহৰণস্বৰূপে- (১) তই খুব ফজিৰে আহিবি, (২) চাৰা দিন বৰষুণ দিছে, (৩) তোক বিচাৰি হাইৰান হৈছোঁ, (৪) তাৰ খুব মাথা বিষাইছে ,(৫) সি বৰ দুবলা হৈছে ইত্যাদি। সাম্প্ৰতিক কালত এটা কথা পৰিস্ফুত হৈছে যে, বিভিন্ন আৰ্থ-সামাজিক আৰু ৰাজনৈতিক কাৰণত অসমত অসমীয়াভাষী লোকৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাই আহিবলৈ ধৰিছে৷ তেনে পৰিপ্ৰেক্ষিতত চাহ জনগোষ্ঠীৰ লোকসকলে অসমত অসমীয়াভাষী লোকৰ সংখ্যা বৃদ্ধিত গুৰুত্বপূৰ্ণ অৱদান আগ বঢ়াইছে৷ এই লোকসকলৰ অবিহনে অসমত অসমীয়া ভাষাটো গৰিষ্ঠ সংখ্যকৰ ভাষা বোলাৰ যুক্তিয়েই নোহোৱা হ’ব৷
উল্লেখযোগ্য এয়ে যে সাম্প্ৰতিক সময়ত অসমীয়া মাধ্যমৰ বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা কমি আহিছে৷ তেনে সময়ত বিদ্যালয়লৈ যোৱা চাহ জনগোষ্ঠীৰ গৰিষ্ঠ সংখ্যক ছাত্ৰ ছাত্ৰীয়েই অসমীয়া মাধ্যমত শিক্ষা গ্ৰহণ কৰি এক আশাৰ সঞ্চাৰ কৰিবলৈ সক্ষম হৈছে৷ চাহ জনগোষ্ঠীৰ লোকসকলে সামাজিক প্ৰেক্ষাপটত অসমীয়া ভাষা ব্যৱহাৰ কৰে। তেওঁলোকৰ লগত ভাব-বিনিময় কৰিলে এটা কথা স্পষ্ট হয় যে, অসমীয়া ভাষাৰ শুদ্ধ উচ্চাৰণ (Pronunciation) কৰিবলৈ যত্ন কৰি তেওঁলোকে অসমীয়া ভাষাটো শুদ্ধভাৱে আয়ত্ত কৰিছে৷ ভাষাটোৰ ৰক্ষাৰ বাবে ই এক ইতিবাচক আশাৰ ৰেঙণি৷ তদুপৰি বাগানীয়া উপভাষাৰ (Dialect) বহু শব্দই অসমীয়া ভাষাৰ শব্দ সম্ভাৰ চহকী কৰি তুলিছে৷ এনে ভাষিক পৰিস্থিতিয়ে অসমীয়া ভাষাক সমৃদ্ধ কৰি তুলিছে৷
অসমীয়া
সাহিত্যৰ বিভিন্ন ক্ষেত্ৰলৈ চাহ জনগোষ্ঠীৰ লোকসকলৰ অৱদান বিস্ময়কৰ
বুলিব পাৰি৷ আজিলৈকে দুকুৰিতকৈও অধিক লেখক-লেখিকাই অসমীয়া সাহিত্যৰ বিভিন্ন
ক্ষেত্ৰলৈ অৱদান আগবঢ়াইছে৷ মেঘৰাজ কৰ্মকাৰ, নাৰায়ণ ঘাটোৱাৰ
আৰু দেউৰাম তাছাক চাহ জনগোষ্ঠীৰ লেখক-সাহিত্যিকসকলৰ ভিতৰত ‘ত্ৰিমূৰ্তি’
বুলিব পাৰি।
চাহ জনগোষ্ঠীৰ পৰা ওলোৱা কবিসকলে আধুনিক অসমীয়া কবিতাৰ জগতখন অধিক জীপাল কৰি ৰাখিছে৷ সনন্ত তাঁতি আৰু সমীৰ তাঁতী এই দুইজন কবিয়ে আধুনিকতাবাদী অসমীয়া কবিতাৰ পৃষ্ঠভূমিত এক বিশেষ স্থান দখল কৰি আছে৷ সনন্ত তাঁতিদেৱে কাইলৈৰ দিনটো আমাৰ হ’ব কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ সক্ষম হৈছে৷ ২০১২ চনত সমীৰ তাঁতীক ‘অসম উপত্যকা সাহিত্য বঁটা’ৰে সন্মানিত কৰা হৈছে৷ তেওঁৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ হৈছে ক্ৰমে যুদ্ধভূমিৰ কবিতা (১৯৮৫), শোকাকুল উপত্যকা (১৯৯৩), সময় শব্দ সপোন (১৯৯৬), কদম ফুলাৰ ৰাতি (২০০১) ইত্যাদি৷ এই জনগোষ্ঠীৰ মাজৰ পৰা ওলোৱা কবিসকলৰ কৃত্ৰিমতাহীন বাস্তৱ উপলব্ধি অসমীয়া সাহিত্যলৈ নতুন দান বুলি ক’ব পাৰি৷ নতুন সাহিত্যকসকলৰ ভিতৰত সুশীল কুৰ্মি, গণেশ চন্দ্ৰ কুৰ্মি, কমল কুমাৰ তাঁতী, জয়ৰাম কুৰ্মি, জোনমণি চাহু, পদুমী গাজলু, ৰেখা তাছা, মানিকলাল মাহত্ব, বিপিন চন্দ্ৰ মাহত্ব, ৰাজেশ কুমাৰ তাঁতী আদিৰ নাম উল্লেখযোগ্য৷
সাংস্কৃতিক অৱদান :
চাহ
জনগোষ্ঠীৰ লোকসকলৰ সংস্কৃতিৰ এক সুকীয়া বৈশিষ্ট্য আছে৷ তেওঁলোকৰ মাজত থকা ভিন্ন
সম্প্ৰদায়ৰ সাংস্কৃতিক উপাদানসমূহৰ সমন্বয়ত এই সংস্কৃতি গঢ় লৈ উঠিছে৷ তেওঁলোকৰ
মৌখিক লোকবিদ্যা (Oral Folklore)-ৰ বিভিন্ন উপাদানে অসমীয়া লোক
সংস্কৃতিৰ ভঁৰাল চহকী কৰি তুলিছে।
কৰম পূজা আৰু
ফেত পূজাৰ শস্যবৃদ্ধিৰ কামনাৰ লগত বহাগ বিহুৰ উদ্দেশ্য, সহৰাই পৰবৰ লগত গৰুবিহুৰ মিল মন কৰিবলগীয়া৷ ঝুমুৰ আৰু বিহুগীতসমূহৰ মাজত সাদৃশ্যৰ
পৰিমাণো বাৰুকৈয়ে মন কৰিবলগীয়া। চাহ জনগোষ্ঠীৰ লোকসকলে নৱ বৈষ্ণৱ ধৰ্ম গ্ৰহণ কৰাটোও এক গৌৰৱৰ কথা৷ চাহ বাগিচাত বহুকেইটা নামঘৰৰ প্ৰতিষ্ঠা হোৱাটো ইয়াৰ উৎকৃষ্ট নিদৰ্শন।
অসমীয়াৰ গৌৰৱৰ গামোচাখন চাহ জনগোষ্ঠীৰ লোকসকলে আন্তৰিকতাৰে ব্যৱহাৰ কৰাটো অসমীয়া
সমন্বয়ৰ সংস্কৃতিৰ আন এক উৎকৃষ্ট নিদৰ্শন৷
অসমীয়া
চলচ্ছিত্ৰৰ ক্ষেত্ৰত বাগানীয়া ভাষাত পৰিচালিত হোৱা বহুকেইখন চলচ্ছিত্ৰই বিশেষ
অৱদান আগ বঢ়াইছে৷ সেইবোৰৰ ভিতৰত ‘হামাৰ চামেলি’, ‘পৰদেচি বাবু, ‘চম্পা’, ‘বুমকা’,
‘কৰমা কে ৰাতি’ ইত্যাদি অন্যতম৷ এনে ধৰণে চাহ
জনগোষ্ঠীৰ সাংস্কৃতিক উপাদানসমূহে অসমীয়া সমাজ সংস্কৃতিক সমৃদ্ধ কৰিছে৷
ৰাজনৈতিক অৱদান
:
ৰাজনৈতিক ক্ষেত্ৰত তেওঁলোকৰ চাইমন সিং হৰ, সন্তোষ কুমাৰ তপ্ন আৰু চানু খেৰীয়াক বাটকটীয়া বুলিব পাৰি৷ অসমীয়া জাতিৰ বিভিন্ন দুৰ্যোগৰ সময়ত এই জনগোষ্ঠীৰ লোকসকলে সামূহিকভাৱে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷ অসমৰ জনজীৱনৰ প্ৰেক্ষাপটত হোৱা বিভিন্ন আন্দোলনত তেওঁলোকে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰাৰ উদাহৰণ আছে৷ ১৯৭৯ চনৰ অসম আন্দোলনত তেওঁলোকে বিভিন্ন প্ৰকাৰে সহযোগ কৰিছিল৷ তেওঁলোকৰ শ্বহীদসকলৰ ভিতৰত শ্বহীদ কুলদা কুর্মী, ভৰত ভূমিজ, বাৰ্বনা ওৰাং, পলাশ ৰাজবংশী আদিৰ নাম অন্যতম৷
সাম্প্ৰতিক
সময়তো চাহ জনগোষ্ঠীৰ পৱন সিং ঘাটোৱাৰ, কামাখ্যা প্ৰসাদ তাছা, পল্লৱ লোচন দাস, ৰামেশ্বৰ তেলী, ৰূপজ্যোতি কুৰ্মী, তেৰচ গোৱালা আদি বহুকেইজন ৰাজনৈতিক নেতাই অসমীয়া জাতিৰ উন্নয়নৰ হকে কাম কৰি আছে৷ তদুপৰি
বিভিন্ন জনজাতীয় লোকে সময়ে সময়ে পৃথক ৰাজ্য বা পৃথক ভাষা সাহিত্যৰ দাবী জনাই
আহিছে৷ কিন্তু তাৰ পৰিপ্ৰেক্ষিতত চাহ জনগোষ্ঠীৰ লোকসকলে অসমীয়া ভাষা
সাহিত্য-সংস্কৃতিকে মান্যতা প্ৰদান কৰি জাতিটোৰ পক্ষত ঠিয় দিছে৷
ক্ৰীড়া জগতলৈ
অৱদান :
চাহ জনগোষ্ঠীৰ
খেলুৱৈসকলে অসমৰ ক্ৰীড়া জগতলৈ বিশেষভাৱে অৱদান আগ বঢ়াইছে৷ বিভিন্ন ক্ষেত্ৰত
তেওঁলোকৰ খেলুৱৈসকলে ৰাজ্য তথা ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজৰ পৰিচয় দাঙি ধৰিবলৈ
সক্ষম হৈছে৷ অসমৰ মহিলা ফুটবলৰ ক্ষেত্ৰত তেওঁলোকৰ গুৰুত্বপূৰ্ণ অৱদান আছে৷ এই
ক্ষেত্ৰত তেওঁলোকে যিদৰে নেতৃত্ব লৈছে, ইয়াৰ পৰা আন খেলৰ
মহিলাসকলৰ বাবেও অনুপ্ৰেৰণাৰ সঞ্চাৰ হৈছে বুলি ক’লে ভুল কোৱা
নহ’ব৷ অসমৰ বৰ্তমানৰ ফুটবল খেলত প্ৰাঞ্জল ভূমিজ এটা পৰিচিত
নাম৷ তদুপৰি বহুকেইজন উৎকৃষ্ট খেলুৱৈ চাহ জনগোষ্ঠীৰ পৰা প্ৰতিনিধিত্ব কৰিছে৷ উদাহৰণস্বৰূপে,
বিকি তাঁতী, অভিশেষ ওৰাং, মুন মুণ্ডা, চুলেমান নায়ক, স্মাইল
ওৰাং, ৰাধিকা গোৱালা ইত্যাদি অন্যতম৷
অৰ্থনৈতিক অৱদান
:
ভাৰতীয়
অৰ্থনীতিত অসমৰ চাহ উদ্যোগে এক গুৰুত্বপূৰ্ণ স্থান দখল কৰি আহিছে৷ ভাৰতৰ মুঠ চাহ
উৎপাদনৰ ৫২ শতাংশ অসমত উৎপাদন হয়৷ অসমত উৎপাদন হোৱা চাহে বিশ্বৰ বজাৰত সুদীৰ্ঘকাল জুৰি বিশেষ স্থান পাবলৈ সক্ষম হৈছে৷ চাহ বাগিচাৰ শ্ৰমিকসকলৰ কঠোৰ পৰিশ্ৰমৰ ফলতহে এনে ধৰণৰ
অৰ্থনৈতিক সফলতা সম্ভৱ হৈছে৷ চাহ জনগোষ্ঠীৰ লোকসকলে অতীজৰে পৰা চাহ বাগিচাৰ সকলো
কামত নিয়োজিত হৈ কঠোৰ পৰিশ্ৰম কৰি অসমৰ অৰ্থনীতিলৈ বিশেষ অৱদান আগবঢ়াই আছে৷
ব্ৰিটিছ চৰকাৰৰ
দিনত শ্রমিক হিচাপে অসমলৈ অহা চাহ জনগোষ্ঠীটোক নাগৰিক পঞ্জীৰ সময়ত ‘খিলঞ্জীয়া’
হিচাপে গ্ৰহণ কৰিছে৷ The Assam Tea Tribes Students' Association (ATTSA), Directorate of Tea Tribes Welfare, Assam; Tea Tribes
Scholarship আদিয়ে চাহ জনগোষ্ঠীৰ লোকসকলৰ বাবে গুৰুত্বপূৰ্ণ স্থান নিৰ্ণয় কৰিছে৷ পৰিশেষত নিঃসন্দেহে
ক’ব পাৰি, বৃহত্তৰ অসমীয়া জাতি গঠনত চাহ জনগোষ্ঠীৰ
লোকসকলে এক বিশেষ ভূমিকা পালন কৰি বৈচিত্ৰ্যময় অসমীয়া সভ্যতা সংস্কৃতিক সমৃদ্ধ
কৰিছে৷
ঐতিহাসিক
প্ৰেক্ষাপট (Historical background), আৰ্থ-সামাজিক অৱস্থান (Socio-Economic
status), ৰাজনৈতিক ভূমিকা (Political significant), আচৰণগত ভূমিকা (Behavioural Role) আদিৰ জৰিয়তে
অসমীয়া জাতি গঠনত চাহ জনগোষ্ঠীৰ অৱদান বিষয়টো গৱেষণাৰ বিষয় হৈ পৰিছে৷
সহায়ক
গ্ৰন্থপঞ্জী :
কুৰ্মী, সুশীল। চাহ বাগিচাৰ অসমীয়া সম্প্ৰদায়৷ অসম সাহিত্য সভা, যোৰহাট, প্ৰথম
প্ৰকাশ, মাৰ্চ, ১৯৮৩
চাহ গছৰ মাজে মাজে। কিৰণ প্ৰকাশন, ধেমাজি, প্ৰথম
প্ৰকাশ, মাৰ্চ, ২০০৮
কেওট, বৈজয়ন্ত (সম্পা.), অসমৰ লোক সংস্কৃতিৰ নিবাৰ্চিত প্ৰবন্ধ। ইবিত্ৰইচ্ পাব্লিচাৰ্চ,
গুৱাহাটী, প্ৰথম প্ৰকাশ, ২০১৬
তাছা, দীনেশ্বৰ, ঐতিহাসিক প্ৰেক্ষাপটত
অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ ইতিবৃত্ত। অসম চাহ জনজাতি ছাত্ৰ সন্থা, প্ৰথম প্ৰকাশ, ২০০৯
বৰা, লোহিত কুমাৰ, অসমৰ চাহ জনগোষ্ঠীৰ সমাত্য আৰু সংস্কৃতি। কৌস্তুভ প্ৰকাশন, ডিব্ৰুগড়, দ্বিতীয়
প্ৰকাশ, ২০০৮
বেজবৰুৱা, জ্যোৎস্না শৰ্মা। অসমৰ চাহ মজদুৰ সমাজৰ সংস্কৃতি। (এটি সমীক্ষামূলক অধ্যয়ন, কেম্ব্ৰিজ ইণ্ডিয়া,
কলিকতা, তৃতীয় প্ৰকাশ, এপ্ৰিল,২০১০
গৱেষণা পত্ৰ :
শইকীয়া, মাণিক। অসমীয়া সমাজ সংস্কৃতিলৈ
চাহ জনগোষ্ঠীৰ অৱদান। ডিব্ৰুগড় বিশ্ববিদ্যালয়, অসম, ২০০৮
তাছা, অশ্বিনী কুমাৰ (সম্পা.)। চিঙি; অসমৰ চাহ জনগোষ্ঠী সমাজৰ সমস্যা আৰু সমাধান। ৰাজ্যিক
কৰ্মশালা, ২০১৬
লেখকৰ ঠিকনা :
কৃষ্ণকান্ত
সন্দিকৈ ৰাজ্যিক মুক্ত বিশ্ববিদ্যালয়
যোৰহাট-৭৮৫৬৩৪
ভ্ৰাম্যভাষ: ৭৮৯৬৬৩০১৮৩৬