প্ৰশান্ত মিশ্ৰ
আধুনিক প্ৰযুক্তিৰ দৌৰাত্ম্যই পুৰাতন মানৱীয় প্ৰমূল্যক প্ৰভাৱান্বিত কৰিছে নেকি? আমি অচিনাকি মূল্যবোধৰ পৃথিৱীলৈ ধাৱমান হৈছোঁ নেকি?প্ৰশ্নদুটা মনলৈ আহিছিল টেলিভিচনক যথাৰ্থতেই "মুৰ্খৰ বাকছ" আখ্যা দিয়া অভিধাটোৰ পৰা। এতিয়া জনপ্ৰিয় টক চ' সমূহৰ আলোচনা একেৰাহে চাই থাকিলে বিশ্বাস অযোগ্য বিষয় এটাৰ মাজতো যেন "হ'বও পাৰে দেই "জন্মৰ অৱকাশ থাকি যায়!অৰ্থাৎ প্ৰযুক্তিয়ে আমাৰ ভাৱনা নিয়ন্ত্ৰণ কৰিবলৈ লোৱা নাই জানো? আমাৰ পুৰাতন চিন্তা চেতনাও অন্য দিশলৈ ধাৱমান নোহোৱাকৈ থকা নাই। ঔচিত্য বা অনৌচিত্যৰ ধাৰণাৰে কথাষাৰ নাচাই প্ৰযুক্তিৰ সুদূৰ প্ৰসাৰী, আৰু চিৰস্হায়ী প্ৰভাৱৰ কথাহে ক'ব খোজা হৈছে।
মন কৰিব, প্ৰজন্মৰ মাজৰ ব্যৱধান দ্ৰুত গতিত বঢ়াৰ ইংগিত আমি ইতিমধ্যেই পাইছোঁ। লাহে লাহে ই সম্প্ৰসাৰিত হ'বলৈ ধৰিছে আমাৰ সংস্কৃতিৰ অভিন্ন অংগ -পিন্ধণ-উৰণ,খাদ্যাভাস, ভাষা ব্যৱহাৰ আদি ক্ষেত্ৰবোৰলৈ। নিজৰ শৰীৰটো লৈয়ো যুৱ চামৰ মাজত নানান পৰীক্ষা- নিৰীক্ষা চলিছে;সিবোৰত বিভিন্ন অংকন কৰিছে,চুলি ডাঢ়ি বিচিত্ৰ ৰূপত সজাইছে! সংস্কৃতি সদায় পৰিৱৰ্তনশীল,সন্দেহ নাই,কিন্ত এতিয়াৰ পৰিৱৰ্তনবোৰ যেন অন্য ধৰণৰ,অৰ্থাৎ ,ইয়াৰ স'তে আমি ৱাকিবাহাল নহয়।টকা-পইচাৰ লেনদেন,সামাজিক সম্পৰ্ক ৰক্ষাৰ উপায়ো প্ৰযুক্তি নিৰ্ভৰ হোৱাত মানুহৰ জীৱনশৈলীয়ে অন্য মাত্ৰা লাভ কৰিছে। শিক্ষক-ছাত্ৰৰ সম্বন্ধ ,তেওঁলোকৰ মাজত সম্ভাষণৰ পদ্ধতি আদিও বেলেগ ৰূপত প্ৰত্যক্ষ কৰা নাই জানো?আনকি, আমি ক'ব নোৱাৰাকৈ বিদ্যালয় আৰু ছাত্ৰৰ সম্বন্ধ সলনি হৈ গ'ল!তাতে আকৌ ক'ভিডৰ সময়ছোৱাত পাঠদানত মোবাইলৰ ব্যপক ব্যৱহাৰৰ ফলত শিক্ষাৰ সমগ্ৰ প্ৰক্ৰিয়া সলনি হৈ গ'ল!ইয়াৰ প্ৰভাৱৰ পৰা ক'ভিভোত্তৰ কালতো মুক্ত হ'ব পৰা নাই ।লিংগ সচেতনতা অন্য ৰূপত দেখিবলৈ পোৱা গৈছে;প্ৰেমৰ ধাৰণাও সলনি হৈছে।পৰম্পৰাগত ব্যৱস্থা যুৱচামৰ মাজত উঠি যোৱাৰ উপক্ৰম হৈছে ; ধৰ্মবোৰ চলি আছে যদিও, কেতবোৰ ধৰ্মৰ প্ৰতিস্থানিক নীতি- নিয়মৰ প্ৰতি আধুনিক যুৱ সমাজৰ কোনো আকৰ্ষণ নাই।আপুনি আপোনাৰ দৃষ্টিৰে নাচালে ,আকৌ কৈছোঁ, আইনৰ বাহিৰলৈ নগ'লে,অনৌচিত্যৰ ধাৰণাও আনিব নোৱাৰিব। ইয়াৰ ফলত মানৱ সভ্যতাৰ কি হ'ব সেই কথাও ক'ব খোজা নাই। মাথোন মানৱীয় প্ৰমূল্যৰ সলনি হ'ব ধৰা দিশটোলৈহে আঙুলিয়াব বিচৰা হৈছে।ঘাইকৈ আমাৰ দেশৰ নগৰ অঞ্চলৰ মানুহৰ মাজত।
সামাজিক মাধ্যম সমূহৰ যোগেদি কোনো ঘটনাৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া প্ৰকাশৰ ফল সুচল হোৱাত মানুহৰ মাজত অস্হিৰতাই দেখা দিয়াৰ উপৰি মানসিক ব্যৱধান বৃদ্ধি হৈছে। এতিয়া সকলোবোৰ যেন কিবা এটা অদ্ভূত কৰি দিয়াৰ বাসনাত ব্যাকুল!এই প্ৰক্ৰিয়াৰ সমাপ্তি প্ৰায় অসম্ভব; বৰং গ্ৰহণযোগ্য এক কৰণীয় কৰ্মলৈহে সি পৰিৱৰ্তিত হ'বলৈ ধৰিছে। Live-in-relationship, সন্তান নলগা বা দেৰিকৈ বিয়াত সোমোৱা ,বিবাহ বিচ্ছেদ আদি বাঢ়িবলৈ ধৰিছে;মানুহেও এইবোৰত আৰু আচৰ্য প্ৰকাশ নকৰে; LGBTQ সন্দৰ্ভত মানুহৰ মতামত, শুচিবায়ুগ্ৰস্ত সকলক বাদ দি, স্বাভাৱিক আৰু গ্ৰহণীয় হিচাপে পৰিগণিত হৈছে।
পৰিয়ালবোৰ অধিক একক হোৱাত সিবোৰত কাৰো নেতৃত্ব নাই বুলিবই পাৰি। স্বামীৰ ধাৰণা নাই; পতি-পত্নীৰ সম্পৰ্কৰ ভিন্ন ৰূপ,বিশেষকৈ,দুয়োগৰাকী চাকৰিয়াল হ'লে,আমি প্ৰত্যক্ষ কৰিছোঁ।খোৱা খাদ্য পৰিয়ালৰ লোক সকলৰ মাজত একে নহয় ; খোৱাৰ সময়,শুৱাৰ সময়ো সদস্য সকলৰ ভিন ভিন। প্ৰত্যেকে ব্যস্ত, একেখন ছালিৰ তলত,কিন্ত মনোযোগ পৃথক। আৰু সেইবোৰ তেওঁলোকে গ্ৰহণ কৰিছে;যেন, এয়াইতো স্বাভাৱিক! সপ্তাহত এদিন হয়তো হৈ চৈ কৰি ওলাই গৈছে;পিকনিক খাইছে;ৰেস্তোৰাঁত খানা খাইছে; ফটো উঠিছে;ল'ৰা বা ছোৱালীয়ে মাক-দেউতাকৰ সমুখতে এটা ড্ৰিংকচ লৈছে; কোনো উচ্চবাচ্য নাই; যেন, এয়াই নিয়ম; এয়াই স্বাভাৱিক!গাড়ীত যাওঁতেও প্ৰত্যেকজনে কাণত হে'ডফোন লগাই লৈছে; সকলোৱে নিজৰ পচন্দৰ গান শুনিছে!মুকলি মনেৰে ছোৱালী বা ল'ৰাৰ সিদ্ধান্ত মাক-দেউতাকে মানি লৈছে;বিয়াবোৰ সিহঁতৰ সিদ্ধান্ত মতেই হৈছে।
মানৱীয় সম্পৰ্কৰ মাজতো অনেক জটিলতা আহি পৰিছে। ওচৰতে হাঁহি-মাতি থকা এজন বন্ধু সদৃশ মানুহে অকাৰণত আনজনৰ প্ৰতি শত্ৰুতা কৰিছে; তেওঁক বিপদত পেলাবলৈ যত্ন কৰিছে ;তাৰবাবে তেওঁ প্ৰযুক্তিৰ অসৎ ব্যৱহাৰ কৰিছে;যেন ভৱিষ্যতৰ এখন অসুখী সমাজৰ মূল্যবোধৰ অনুশীলন চলিছে!
সকলোবোৰ সলনি হ'বলৈ ধৰিছে; আমি বহুতেই উমানকে পোৱা নাই। এতিয়া আমাৰ দেশত, ঘাইকৈ নগৰ অঞ্চলৰ মানুহে, সুকীয়া দৃষ্টিভংগীৰে চলিবলৈ আৰম্ভ কৰিছেই। মানুহৰেই সৃষ্টি কৃত্ৰিম বুদ্ধিমত্তাই হয়তো এদিন মানৱ সভ্যতাৰ সন্মুখত গভীৰ প্ৰত্যাহ্বান সৃষ্টি কৰিব। সেই দিন সমাগত। তাৰবাবে সাজুনে আমি? আপুনি জানেনে আপোনাৰ সকলো তথ্য, আপুনি ভালপোৱা গানটো, সামাজিক মাধ্যমত চাই থকা সকলো বা-বাতৰি, আপোনাৰ অভিৰুচি আপোনাৰ অগোচৰে কৃত্ৰিম বুদ্ধিমত্তাৰ সহায়েৰে কোনোবাই মন কৰি আছে?
এই দেশৰ আপুনিও এগৰাকী নাগৰিক। টোকৰ মাৰি চাওঁক,বোপা
ককাৰ বৃত্তিটোক আপুনি সাৱট মাৰি ধৰি ৰাখিব পাৰিছেনে?