অন্যযুগ/


ঐতিহাসিক অসম চুক্তি আৰু ৰাজনৈতিক প্ৰেক্ষাপট

 ৱাহিদ আহমেদ


ৰাজনীতি হৈছে বিভিন্ন ৰাজনৈতিক দিশসমূহৰ পুংখানুপুংখ আলোচনাৰ এটা বৃহৎ প্ৰক্ৰিয়া৷ যত নিহিত হৈ থাকে বহু বিষয় আৰু তাৰ ধাৰণা৷ এই বিষয়টোৰ লগত জড়িত হৈ থকা কিছু আনুষংগিক বিষয় উল্লেখ কৰা ভাল হব যে ৰাজনীতিৰ লগত সততে যুক্ত হৈ থকা প্ৰক্ৰিয়া কেইটা হৈছে যেনে- নিৰ্বাচন”, “চৰকাৰ” , “শাসক” , “আইন কানুন”, “ৰাজনৈতিক দল”, “নাগৰিকৰ মতাদৰ্শ” আদি৷ ইয়াৰ পৰিধিপৰিসৰ ইমানেই বহল আৰু ব্যাপক যে ইয়াক সহজতে সামৰি লব পৰা বিষয় নহয়৷ A variety of methods are deployed in politics, which include promoting ones own political views among people, negotiation with other political subjects, making laws and exercising force, including warfare against adversaries. Politics is exercised on a wide range of social levels from class and tribes of traditional societies through modern local government, companies and institutions up to sovereign states to the international level.


     অসমৰ ৰাজনৈতিক দৃষ্টিভংগী কিন্তু ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্য বা ৰাষ্ট্ৰৰ তুলনাত বহুগুণে পৃথক বুলি কব পাৰি৷ কিয়নো বিভিন্ন ভাষা-ভাষীজাতি-জনজাতিবিভিন্ন ধৰ্মাৱলম্বীলোকাচাৰ আদিৰে পৰিপূৰ্ণ এখন ৰাজ্য৷ সেয়ে ইয়াৰ বিশ্লেষণ আৰু লোকৰ জীৱন ধাৰণ প্ৰক্ৰিয়াসমস্যাৰাজি আদি বেলেগ হোৱাটো স্বাভাৱিক৷ প্ৰত্যেক ৰাজনৈতিক দলৰ নিজস্ব দৃষ্টিভংগী এটা থাকেতেওঁলোকৰ আদৰ্শ আৰু চৰিত্ৰ থাকে৷ গতিকে সেই দিশ সামৰি তেওঁলোক আগবাঢ়ি যায়৷ যদি ইয়াৰ সংজ্ঞা বা ৰাজনৈতিক দলৰ ভিত্তি কি বুলি চাওঁ তেন্ত নিশ্চয় সাংবিধানিক কথাটো আমি ভালদৰে অধ্যয়ন কৰিব লাগিব৷ A political party is an organised group of citizens who prefer to share the same political views and by acting as a political unit try to control the government. এইখিনিতে উল্লেখ কৰা ভাল হব যে বিশিষ্ট ৰাজনৈতিক পণ্ডিত বাৰ্কৰ মতে কোনো নিৰ্দিষ্ট স্বীকৃত নীতিৰ ভিত্তিত আৰু সংযুক্ত প্ৰচেষ্টাৰ মাধ্যমত জাতীয় স্বাৰ্থ প্ৰসাৰৰ কাৰণে সন্মিলিত হোৱা জনসমষ্টিক ৰাজনৈতিক দল বুলি কোৱা হয়৷ ( A political party as a body of men united for the purpose of promoting by there joint endeavors the public interests upon some principles on which they are all agreed. )

অসম হৈছে ভাৰতবৰ্ষৰ এখন অংগ ৰাজ্য৷ ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পাছৰেপৰা অসমত বহুকেইটা দলেই চৰকাৰৰ শাসনত আছিল৷ যিহেতু অসমত বহুকেইটা ৰাষ্ট্ৰীয় আৰু আঞ্চলিক দল আছে৷ সময়ে সময়ে ৰাজনৈতিক দলসমূহৰ উত্থান পতন হোৱাটো স্বাভাৱিক৷ উল্লেখৰ অপৰিহাৰ্য যে অসমত সৰ্বভাৰতীয় আৰু আঞ্চলিক দলসমূহেও বহুসময়ত জনসাধাৰণৰ মাজত বাৰুকৈয়ে প্ৰভাৱ বিস্তাৰ কৰি আছে৷ অন্যহাতেদি ৰাজনৈতিক গণ্ডীৰ বাহিৰত থাকি বহুকেইটা প্ৰভাৱগোষ্ঠীয়েও কিন্তু বিভিন্ন সময়ত অসম চৰকাৰ অৰ্থাৎ ৰাজনৈতিক দলসমূহক চোকা সমালোচনা কৰি আহিছে৷ অসমৰ জ্বলন্ত সমস্যা তথা ৰাজনৈতিক অত্যাচাৰত বলী হোৱা খিলঞ্জীয়া লোকৰ স্বাৰ্থত এই সমূহ প্ৰভাৱ গোষ্ঠীয়ে বিভিন্ন সময়ত তোলপাৰ লগোৱা আমি দেখিবলৈ পাইছোঁ৷


স্মৰ্তব্য যে সদৌ অসম ছাত্ৰ সন্থা আৰু গণ সংগ্ৰাম পৰিষদে অসমৰ বিদেশী সমস্যাটো সমাধানৰ বাবে আৰু খিলঞ্জীয়া লোকৰ সুৰক্ষাৰ স্বাৰ্থত প্ৰায় ছয়বছৰীয়া অসম আন্দোলন” তাৰ অন্তত কেন্দ্ৰীয় চৰকাৰৰ লগত ১৯৮৫ চনৰ ১৪ আগষ্টৰ মাজনিশা অসম চুক্তি” স্বাক্ষৰিত কৰিলে৷ সেই বছৰতে নতুন ৰাজনৈতিক দল গঠন কৰা হল৷ দলটোৰ নাম হৈছে অসম গণ পৰিষদ৷ সেই বছৰতে অসমত সাধাৰণ নিৰ্বাচন অনুষ্ঠিত হল আৰু অসম গণ পৰিষদে সংখ্যাগৰিষ্ঠতা লাভ কৰাত দলৰ সভাপতি প্ৰফুল্ল কুমাৰ মহন্তৰ নেতৃত্বত চৰকাৰ গঠন কৰিলে৷


যিহেতু অসমৰ সামগ্ৰিক বিকাশউৎকৰ্ষ সাধনমাটিৰ অধিকাৰখিলঞ্জীয়া লোকৰ সুৰক্ষা কৱচনাগৰিকৰ মৌলিক অধিকাৰবিদেশী লোকক বিতাড়নস্বদেশী লোকক সংস্থাপন এনে ধৰণৰ অধিকাৰ সমূহ খৰ্ব নোহোৱাকৈ এজন প্ৰকৃত খিলঞ্জীয়া নাগৰিক হিচাপে জীয়াই থাকিবলৈ প্ৰতিটো দিশ সামৰি এই অসম চুক্তি সম্পাদন কৰা হৈছিল৷ যদিও এচাম ভণ্ড নেতা তথা ৰাজনৈতিক দলে নিজৰ কুঅভিসন্ধিৰে নিজৰ শাসনভাৰ যাতে সদায় অটুট ৰাখিব পাৰে, সেই উদ্দেশ্যৰে অসম চুক্তিখনক কোনো গুৰুত্ব নিদি কেৱল নিজৰ খেয়ালখুচি মতেই আগবাঢ়ি যোৱাৰ ফলত বৰ্তমান অসমৰ ৰাজনৈতিক আৰু সামাজিক পৰিবেশ পৰিস্থিতি অৰ্থাৎ চৰকাৰ ও ৰাজনৈতিক শাসক হিচাপে থাকিও এই চুক্তি খনক উলংঘা কৰাৰ ফলতেই অসমীয়া লোকৰ ইতিহাসক চিৰদিন বচাই ৰখাৰ স্বাৰ্থত বহুকেইটা গণআন্দোলন ইতিমধ্যে হৈছে৷  অনেক লোকে এই আন্দোলনত প্ৰাণ আহুতি দিবলগা হৈছে৷ বহুজন হয়তো আজিও পঙ্গু হৈ জীৱন ধাৰণ কৰিবলৈ বাধ্য হৈছে৷


অসম চুক্তিৰ ৫:২ নং দফাত স্পষ্টভাৱে উল্লেখ কৰা আছে এই বুলি - “ ১৯৬৭ ৰ নিৰ্বাচনত ব্যৱহাৰ্য ভোটাৰ তালিকাত থকা নামকে ধৰি ১/১/১৯৬৬ ৰ আগতে অসমলৈ অহা লোকৰ নাম নিয়মিতকৰণ হব৷ আনফালে ৫:৩ দফা অনুসৰি ১/১/১৯৬৬ ৰ পৰা ১৯৭১ চনৰ ২৪ মাৰ্চৰ মাজনিশা লৈকে (অন্তৰ্ভুক্ত কৰি) অসমলৈ অহা বিদেশী সকলক ১৯৪৬ ৰ বিদেশী আইন আৰু ১৯৬৪ ৰ বিদেশী ন্যায়ধিকৰণ আদেশৰ ব্যৱস্থা অনুসৰি চিনাক্ত কৰা হব৷ কিন্তু পৰিতাপৰ বিষয় যে এনে এখন চুক্তি বা দলিল থকাৰ পাছতো কেন্দ্ৰীয় চৰকাৰ তথা শাসনাধিষ্ঠিত চৰকাৰখনেই তাৎপৰ্যপূৰ্ণভাৱে এখন অবৈধ আইন নাগৰিকত্ব সংশোধনী আইন ২০১৬” খিলঞ্জীয়া অসমীয়া ৰাইজৰ ওপৰত বলপূৰ্ব্বক কৈ জাপি দি খিলঞ্জীয়া অসমীয়া জাতিসত্ত্বাক নিঃশেষ কৰাৰ এক গভীৰ ষড়যন্ত্ৰ কৰিলে৷ প্ৰথমে সংসদীয় কমিটিয়ে অসমীয়া ৰাইজ তথা বিভিন্ন দলসংগঠনৰ দাবী আৰু আপত্তিত সেও মানি শুনানিৰ ব্যৱস্থা কৰিছিল যদিও ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে কিছু কিছু ব্যক্তিৰ মতামত লৈয়ে বাঙালী অধ্যুষিত অঞ্চললৈ গৈ তেওঁলোকৰ মতামতক গুৰুত্ব প্ৰদান কৰি নিজ দায়িত্ব সামৰি উচ্চ সদন আৰু নিম্ন সদন উক্ত বিলখন পাঁচ কৰিয়েই ৰাষ্ট্ৰপতিৰ দ্বাৰা স্বাক্ষৰিত কৰোৱাই কাৰ্যকৰীকৰণৰ ব্যৱস্থা গ্ৰহণ কৰে৷ ই অসমীয়া জাতিক কৰা প্ৰতাৰণাৰ শেতীয়া এটা উদাহৰণ হে মাথোঁ৷


         এইখিনিতে উল্লেখ কৰিব পাৰি যে ১৯৮৫ চনত সম্পাদিত হোৱা অসম চুক্তিৰ বাবে হোৱা ছয়বছৰীয়া অসম আন্দোলন” ত প্ৰায় ৮৫৫ জন লোক শ্বহীদ হৈছিল৷ কিন্তু চুক্তিখন হোৱাৰ পাছতো সমস্যাটো আজিকোপতি সমাধান নোহোৱাটো অতিকৈ দুৰ্ভাগ্যজনক৷ পৰৱৰ্তী সময়ত বিদেশী বা বাংলাদেশীসকলৰ প্ৰতি প্ৰতিটো ৰাজনৈতিক দল বা চৰকাৰে যি নমনীয় স্থিতি গ্ৰহণ কৰিলে সেয়ে সঁচাকৈয়ে পুতৌজনক৷ আমি অসমীয়ানহওঁ দুখীয়া” বুলি যদিও গৌৰৱেৰে কওঁ কিন্তু শেহতীয়াকৈ নাগৰিকত্ব সংশোধনী আইন ২০১৬” বাতিলৰ বাবে হোৱা ব্যাপক গণ আন্দোলনত ২০১৯ চনৰ ডিচেম্বৰ মাহত সেই সময়ৰ অসম চৰকাৰখনৰ নিৰ্দেশত আৰক্ষীৰ হতুৱাই ৫ জনকৈ ফুলকুমলীয়া ছাত্ৰ তথা অসমীয়া যুৱকক হত্যা কৰি অসমীয়া জাতিটোক চৰম সংকটৰ দিশলৈ ঠেলি দিলে৷ উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনক বাদ দি কেৱল অসমৰ বাবে প্ৰযোজ্য কৰা এই আইন খন কেৱল ভোটবেংক আৰু ৰাজনৈতিক মুনাফা আদায়ৰ বাবে যে কৰিছে এই কথা বুজিবলৈ আৰু বাকী নাই৷ প্ৰশ্ন উদয় হয় উত্তৰ পূৰ্বাঞ্চলৰ বাবে মাৰাত্মক আৰু ভয়াবহ কলা এখন আইন অসমৰ বাবে কেনেকৈ ভাল হব পাৰে প্ৰণিধানযোগ্য যে অসমক বাদ দি উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনত ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা আছে৷ আৰু অসমৰ বাবেও ইনাৰ লাইন পাৰ্মিটৰ সিদ্ধান্ত কেন্দ্ৰীয় চৰকাৰে ইতিপূৰ্বেই কৰি থৈছিল যদিও মাত্ৰ কাৰ্যকৰী কৰণ হে কৰা নাছিল বিভিন্ন অজুহাত দেখুৱায়৷ আৰু এই ব্যৱস্থা কৰিলে দলীয় ৰাজনীতিত প্ৰত্যক্ষ প্ৰভাৱ পৰিব বুলিয়েই ভাবি নাগৰিকত্ব আইনখন দোহাই দি পাৰ্মিটৰ ব্যৱস্থাটোকে বিলুপ্ত কৰি দিলে৷ যি টো নেকি অসমীয়া ৰাইজৰ বুকুত কুঠাৰাঘাত বুলি কব পাৰি৷ এই নাগৰিকত্ব আইন (CAA) ৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাই সদৌ অসম ছাত্ৰ সন্থাজাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদকে আদি কৰি বহুকেইটা সংগঠনে ভাৰতৰ সৰ্বোচ্চ ন্যায়ালয় ( Supreme Court ) ত লেখ আবেদন দাখিল কৰিছিল আৰু ইয়াৰ শুনানিও বৰ্তমান চলি আছে৷ যি কি নহওক এনে চৰকাৰী ষড়যন্ত্ৰ তথা অসমীয়াৰ অস্তিত্ব চাৰখাৰ কৰাখিলঞ্জীয়া অসমীয়াৰ প্ৰভুত্ব নিঃশেষ কৰাৰ যি প্ৰচেষ্টা চলি আছে তাক উফৰাব লাগিব৷ অসমৰ সচেতন নাগৰিক সমাজবুদ্ধিজীৱীসাহিত্যিকসমালোচক তথা প্ৰতিগৰাকী খিলঞ্জীয়া অসমীয়া লোক একগোট হোৱাৰ সময় নিচেই সমাগত৷ আমি অন্যায় অবিচাৰৰ বিৰুদ্ধে মাত মাতিবই লাগিব৷ অসম আৰু অসমীয়াৰ অস্তিত্ব বচাবই লাগিব৷ ইয়াৰ উপৰিও অসমৰ সৰ্বসাধাৰণ খিলঞ্জীয়া ৰাইজ ৰাজনৈতিক ভাৱে সজাগ আৰু একতা হব লাগিব৷ বৰ্তমানৰ পৰিবেশ আৰু পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সমূহ জনসাধাৰণঅসমী আইক ভালপোৱা প্ৰতিগৰাকী অসমীয়া ৰাইজ ৰাজনৈতিক দৃষ্টিকোণৰ পৰা সচেতন আৰু দায়িত্বশীল হোৱাটো অতিকৈ প্ৰয়োজনীয়৷ কাৰণ বিভেদকামী শক্তিসমূহে যিকোনো সময়তে মূৰ দাঙি উঠিব পাৰে৷ তেওঁলোকৰ নিকৃষ্ট মানসিকতাক যিকোনো প্ৰকাৰে প্ৰতিহত কৰিব লাগিব৷ নহলে অসম তথা অসমীয়াৰ পৰিচয় লাহে লাহে নোহোৱা হব এই কথা খাটাং৷



       বিষয় প্ৰসংগত উল্লেখ কৰিব পাৰি যি অসম চুক্তিৰ ৫:৮ নং দফাত স্পষ্টকৈ আছে এই বুলি- “ ১৯৭১ চনৰ ২৫ মাৰ্চৰ পিছত অসমত সোমোৱা বিদেশী সকলক আইন অনুসৰি চিনাক্ত কৰা হব ( ভোটাৰ তালিকাৰ পৰা ) নাম বাতিল কৰা হব আৰু বহিষ্কৃত কৰা হব। এনে বিদেশী লোকক বহিষ্কাৰ কৰিবলৈ ততাতৈয়া আৰু কাৰ্যকৰী ব্যৱস্থা লোৱা হব। দুখৰ কথা এনে এখন গুৰুত্বপূৰ্ণ চুক্তি কৰাৰ পাছতো নাগৰিকপঞ্জী (NRC) উন্নীতকৰণৰ বাবে কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰ খনক সৈমান কৰাবলৈ গণআন্দোলন কৰি প্ৰায় ৩৬ টা বছৰ অতিক্ৰম কৰিব লগা হল৷ নাগৰিকপঞ্জীখন উন্নীত কৰাৰ ক্ষেত্ৰত কোনো ফলপ্ৰসূ ব্যৱস্থা হাতত নোলোৱাত মহামান্য উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিব লগা হল৷ সদৌ অসম ছাত্ৰ সন্থা ( AASU ), আসাম পাব্লিক ৱৰ্কচ ( APW ) ৰ কেচৰ আধাৰত আদালতে নাগৰিকপঞ্জীখন উন্নীতকৰণৰ বাবে চূড়ান্ত ৰায়দান দিলে৷ বিভিন্ন অজুহাত আৰু চৰকাৰী খেলিমেলিআৰু ৰাজনৈতিক হেঁচাৰ মাজেৰে ন্যায়ালয়ৰ নিৰ্দ্দেশ অমান্য কৰিব নোৱাৰি কাম আৰম্ভ কৰিলে আৰু চূড়ান্ত তালিকা প্ৰকাশ কৰিলে ঠিকেই কিন্তু জনসাধাৰণে বিচৰা ধৰণে বিষয়টো ভালদৰে পৰীক্ষা কৰা নহল৷ আৰু সন্দেহজনক ব্যক্তি বা লোকসকলৰ তথ্য-পাতিসমূহ তন্নতন্নকৈ চালি-জাৰি নোচোৱাৰ কাৰণে বহু বিদেশী লোকৰ নাম সেই NRC ত সোমোৱাৰ অভিযোগ উঠিছে৷ যিহেতু নাগৰিকপঞ্জী উন্নীতকৰণৰ ক্ষেত্ৰত চৰকাৰী বিভাগ তথা প্ৰশাসন যন্ত্ৰই প্ৰত্যক্ষভাৱে জড়িত তেনে ক্ষেত্ৰত এনে ভুল কেনেকৈ হল বা কিয় ভুল হবলৈ পালে এয়া এক ডাঙৰ প্ৰশ্ন৷ কোৱাৰ বাহুল্য যে চৰকাৰে এইক্ষেত্ৰত যেনেদৰে তৎপৰতা গ্ৰহণ কৰিব লাগিছিল সেয়াও দেখা নগল৷ চৰকাৰ কিম্বা ৰাজনৈতিক দলৰ কূটকৌশল ইয়াৰ লগত যুক্ত হৈ আছে নেকি, সেয়া এতিয়াও কিন্তু গভীৰ ৰহস্যৰ আঁৰত আছে৷ এই কথা নিশ্চিত যে NRC ৰ চূড়ান্ত তালিকাত বহু সন্দেহজনক লোকৰ নাম অন্তভুৰ্ক্ত হৈছে৷ আৰু প্ৰকৃত ভাৰতীয় নাগৰিকৰ নামো বাদ পৰিছে৷ ইতিমধ্যে এই স্পৰ্শকাতৰ বিষয়টোৰ সন্দৰ্ভতো উচ্চতম ন্যায়ালয়ত পুনৰীক্ষণৰ বাবে লেখ আবেদন দাখিল কৰিছে৷ বিষয়টো বৰ্তমানেও বিচাৰাধীন৷ অসম চৰকাৰেও বিদেশী ন্যায়াধিকৰণৰ বিচাৰ প্ৰক্ৰিয়াত যেনেদৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল কাৰ্যত সেয়া ফুটুকাৰ ফেনত পৰিণত হৈছে৷ এনে দৃষ্টিকোণৰ পৰা পৰ্যালোচনা কৰিলে এটা কথা নিশ্চয়কৈ কব লাগিব যে অসমৰ ৰাইজক বলিৰ পঠা সজোৱা হৈছে৷ আৰু জাতীয় অস্তিত্বক নিঃশেষ কৰাৰ এক কূটকৌশল ৰাষ্ট্ৰই অব্যাহত ৰাখিছে৷ এনে দুৰ্যোগৰ পৰা জাতিটোক বচাবলৈ হলে বা উদ্ধাৰ কৰিবলৈ হলে ৰাজনৈতিকভাৱে একগোট হোৱাৰ উপৰিও সৰ্বসাধাৰণ খিলঞ্জীয়া ৰাইজ জাগ্ৰত হোৱাৰ প্ৰয়োজনীয়তা আছে৷ লগতে সমূহ খিলঞ্জীয়া ৰাইজ এককভাৱে এখন পতাকাৰ তলত বান্ধ খাই শত্ৰুক পৰাভূত কৰিব লাগিব৷ কাৰণ এই কথা জানি থোৱা ভাল হব কোনো ৰাষ্ট্ৰীয়তাবাদী দল বা চৰকাৰে তেওঁলোকৰ নিজস্ব চৰিত্ৰ সদায়েই বৰ্তাই ৰাখি নিজৰ কুঅভিসন্ধি সমূহ ৰচনা কৰে৷

      এতিয়া অসম আৰু অসমীয়া জাতীয় জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হল যে অসম চুক্তিৰ ৬ নং দফাটো৷ কিয়নো এই দফাত অসমীয়া জাতিৰ ভৱিষ্যত আৰু কৃষ্টি-সংস্কৃতিঐতিহ্যৰ বাবে তথা খিলঞ্জীয়া অসমীয়াৰ পৰিচয় ইত্যাদিৰ কথাবোৰ পুংখানুপুংখভাৱে আলোচনা কৰা হৈছে৷ ৬ নং দফাটো এনেধৰণৰ- অসমীয়া মানুহৰ সাংস্কৃতিক আৰু ভাষিক পৰিচয় আৰু ঐতিহ্য সংৰক্ষণ আৰু বিকাশৰ বাবে যথোচিত সাংবিধানিকআইনগত আৰু প্ৰশাসনীয় ৰক্ষা কবচ দিয়া হব।” কিন্তু অতি দুৰ্ভাগ্যজনক কথাটো হল যে কেন্দ্ৰ আৰু ৰাজ্যখনত কম-বেছি পৰিমাণে কংগ্ৰেছঅগপবিজেপিকে আদি কৰি সকলো দলেই শাসনৰ গাদীত থাকিলে যদিও ৰক্ষাকবচ হলে আজিকোপতি নাপালে৷ এই ক্ষেত্ৰত কোনেও পদক্ষেপ নললে৷ আনকি বিষয়টোৰ সংক্ৰান্তত বহুবাৰ বৈঠক অনুষ্ঠিত হল কোনো ফলাফল নোলাল৷ বৰ্তমানেও বিষয়টোক লৈ ৰাজনীতি চলি আছে৷ অসমীয়া ৰাইজৰ আবেগ আৰু অনুভূতিক লৈ খেল কৰি থকা হৈছে৷ ৰক্ষাকবচৰ নাম লৈ এচাম দালালে নিৰ্বাচনী প্ৰচাৰ চলাই আছে। যদিহে বৰ্তমানৰ ৰাজনৈতিক দলসমূহৰ সদিচ্ছা বা বিষয়টোৰ প্ৰতি তিলমানো আন্তৰিকতা থাকিলে হয়, তেনেহলে আজি অসমীয়া জনগণে প্ৰায় সুদীৰ্ঘ ৩৬ বছৰ ধৰি ৰাজপথত আন্দোলন কৰিব লগা নহলহেঁতেন৷ আনকি নিৰিহ লোকৰ তেজৰে নৈ ববলগীয়া নহ’লহেতেন৷ যদি আমি খিলঞ্জীয়াৰ ভূমিৰ অধিকাৰৰ কথা কওঁ অসম চুক্তিৰ আধাৰত খিলঞ্জীয়া লোকৰ হাততহে প্ৰকৃত ভূমিৰ অধিকাৰ থাকিব লাগে৷ কিন্তু আছে কোনোবা পুঁজিপতি বা বণিক গোষ্ঠীৰ হাতত৷ এয়া অসমবাসীৰ বাবে চৰম লজ্জাজনক আৰু অপমানৰ কথা৷ প্ৰসংগক্ৰমে উল্লেখ কৰিব পাৰি জাতি-মাটি-ভেটি ৰ কথা কৈ বৰ্তমান শাসনত অহা চৰকাৰখনে কিছুদিন পূৰ্বে ভূমিনীতি সলনি কৰি অসমীয়া ৰাইজৰ বুকুত মোক্ষম আঘাত সানিলে৷ কাৰণ অসমীয়া ৰাইজৰ সন্মতি অবিহনে অসমত যিকোনো পুঁজিপতিয়ে বা বণিকে উদ্যোগ বা ব্যৱসায়ী চলাব পাৰিব৷ এইয়া জানো অক্ষমণীয় অপৰাধ নহয় বাৰে বাৰে সহজ সৰল অসমীয়া ৰাইজৰ ওপৰত ৰাজনৈতিক আক্ৰমণ কিয় এনেবোৰ কথাৰ পৰা এইটোৱেই বুজা যায় যে অসমীয়া জাতিক বচাবলৈ হলে ৰাজনৈতিক বিকল্প বা ৰাজনৈতিক সমাধান লাগিব৷ কাৰণ ৰাজনৈতিকভাৱে আৰু ইয়াক আইনগতভাৱে সংশোধন কৰাৰ প্ৰয়োজনীয়তা আছে৷ এই কাম কৰিবলৈ হলে ৰাজনীতিৰ গণ্ডীৰ ভিতৰতে থাকিহে কৰিব লাগিব৷ সেয়ে এই ক্ষেত্ৰত সৎনিকা আৰু স্বচ্ছ কোনো আঞ্চলিক ৰাজনৈতিক শক্তিৰ প্ৰয়োজনীয়তাক নুই কৰিব নোৱাৰি৷ খিলঞ্জীয়া জনসাধাৰণৰ হাতত সেই আঞ্চলিক শক্তিৰ বাঘজৰীডাল লগতে পৰিচালনা কৰাৰ গুৰু দায়িত্ব থাকিব লাগে৷ খিলঞ্জীয়া অসমীয়া ৰাইজ এই আঞ্চলিক শক্তিৰ ত্ৰাণকৰ্তা আৰু জাগ্ৰত প্ৰহৰীৰ ভূমিকাত থাকিব লাগিব৷ গাওঁচহৰ - নগৰ কিম্বা কৃষকসকলো জাতি-জনজাতি লোকৰ মতামত লৈ সামগ্ৰিকভাৱে আলাপ আলোচনাৰে কৌশলগতভাৱে আগবাঢ়িলে তথা বিশিষ্ট বুদ্ধিজীৱীআইনজীৱীশিল্পীসাহিত্যিক আদিৰ পৰা পৰামৰ্শ গ্ৰহণ কৰিলে ভৱিষ্যতৰ দিনত নিশ্চয় সুফল পোৱাৰ আশা কৰিব পাৰি৷

          সততে এতিয়া প্ৰশ্ন উদয় হয় “ অসমীয়াৰ সংজ্ঞা কি অসমীয়া বুলিলে কি বুজা যায় অসমীয়া বুলি কলে কোন সকলক জনা যায় এইটো এটা দীৰ্ঘদিনীয়া সমস্যা৷ এই বিষয়ক লৈ বহুত ৰাজনীতি হৈ গ,বহুতে মুনাফা লুটিলে৷ কিন্তু সমাধানহে নহল৷ প্ৰসংগত কব পাৰি যে পূৰ্বতে অসমীয়াৰ সংজ্ঞা নিৰ্ধাৰণৰ বাবে বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ প্ৰণৱ গগৈদেৱে কিছু পদক্ষেপ লৈছিল৷ যদিও ফলপ্ৰসূ নহল৷ সদৌ অসম ছাত্ৰ সন্থা আৰু জনগোষ্ঠীয় সংগঠন সমূহেও আগভাগ লৈছিল কিন্তু চৰকাৰী প্ৰভাৱত সকলো সম্ভৱ নহল৷ কিছুদিন পূৰ্বে কেন্দ্ৰীয় চৰকাৰৰ তত্ত্বাৱধানত ছাত্ৰ সন্থাকে আদি কৰি অৱসৰপ্ৰাপ্ত ন্যায়াধীশক বিপ্লৱ শৰ্মাৰ অধ্যক্ষতাত ১২ জনীয়া কমিটি কৰিছিল আৰু তাৎক্ষণিকভাৱে কাৰ্যকৰী কৰা হব বুলি প্ৰতিশ্ৰুতি দিছিল যদিও বিজেপি চৰকাৰে ওলোটা খৰহে মৰা দেখা হল৷ এজন মন্ত্ৰীয়ে সংবাদ মাধ্যমত কৈছে যে ১২ জনীয়া কমিটিয়ে হেনো অসমীয়াৰ সংজ্ঞা দিব নোৱাৰে৷ যদি নোৱাৰে তেনে এখন অকামিলা কমিটি কিয় বনালে আৰু অসমৰ মুখ্যমন্ত্ৰীদেৱে কিয় আপত্তি নকৰিলে৷ কাৰণ এই কাম কৰিলে আগন্তুক নিৰ্বাচনত যে প্ৰভাৱ পৰিব সেই কথা জানিয়েই হয়তো পিছ হুহুঁকি আছে৷ অসমীয়া ৰাইজৰ ওপৰত আৰু কিমান অত্যাচাৰ হব কিমান দিনলৈ সহিব লাগিব বেদনা এতিয়া উপায় এটাই আছে সমূহ খিলঞ্জীয়া ৰাইজ একত্ৰিত হৈ ফেচিবাদী আৰু বদন ক খেদিব লাগিব৷ নহলে অসমৰ ভৱিষ্যত আৰু বেয়ালৈ গতি কৰিব৷ খিলঞ্জীয়া ৰাইজেই নিৰ্ণায়ক ভূমিকা লব লাগিব৷ অসমীয়া ৰাইজৰ ওপৰত চলা দমন নীতি আৰু তোষামোদকাৰী সকল ভালদৰে চিনি সমুলঞ্চে ধ্বংস কৰিব লাগিব৷ প্ৰত্যক্ষ ৰাজনীতিয়েই হওক বা পৰোক্ষভাৱেই হওক খিলঞ্জীয়া ৰাইজে ৰাজনৈতিক কৌশলেৰে এই বৰ্বৰতাক উচিত প্ৰতুত্তৰ দিব লাগিব৷ সকলো জাতি জনগোষ্ঠীৰ মতামতক গুৰুত্ব প্ৰদান কৰি তেওঁলোকৰ আশা-আকাঙক্ষাবোৰক গুৰুত্ব সহকাৰে লৈ এক সুদূৰপ্ৰসাৰী ৰণনীতি প্ৰস্তুত কৰি আগবাঢ়িলে কিছু ইতিবাচক সঁহাৰি পোৱাৰ আশা কৰিব পাৰি৷ মুঠৰ ওপৰত আমি আঞ্চলিক ৰাজনৈতিক মতাদৰ্শত বিশ্বাসী হোৱাৰ বাদে কোনো গত্যন্তৰ নাই৷ সেই বুলি ঘঁৰিয়ালৰ চকুপানী টুকি আঞ্চলিকতাবাদৰ নামত অসমীয়া জাতিক বিশ্বাসঘাতকতা কৰা সকলৰ লগত বিলীন হবলৈ কোৱা নাই৷



      ওপৰত উল্লেখিত কেওটা বিষয়ৰ বাদেও আমি যদি চাওঁ অসমৰ আৰু কেইবাটাও বৃহৎ সমস্যা আছে৷ অসমৰ বুকুত নিৰ্মাণ হৈ থকা বৃহৎ নদীবান্ধৰ সমস্যাটো এটা ডাঙৰ প্ৰত্যাহ্বান৷ এই নদীবান্ধে অসমৰ ইতিহাস আৰু সভ্যতা সংস্কৃতি ধ্বংস কৰিব এই কথা এশ শতাংশই নিশ্চিত৷ বিশেষজ্ঞ সমিতিয়ে প্ৰতিবেদন দিয়াৰ পাছতো কোনো ধৰণৰ জৰীপ নকৰাকৈয়ে নামনি অংশৰ জনসাধাৰণৰ জীৱন সম্পত্তিৰ কোনো নিৰাপত্তা নিদিয়াকৈ মনে মনে নদীবান্ধ সাজি আছে৷ চৰকাৰৰ পৃষ্ঠপোষকতাত নদীবান্ধৰ সামগ্ৰী কঢ়িয়াই অনা হৈছে৷ অসমীয়া ৰাইজে ইয়াৰ বিৰুদ্ধে মাত মাতিলে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত অভিযুক্ত কৰা হৈছে৷ এই কথা সকলোৱে জানে যে বৃহৎ নদীবান্ধে জাতীয় জীৱনলৈ ভয়াবহ বিপদ কঢ়িয়াই আনিব সেয়া খাটাং৷ গতিকে অসমীয়া ৰাইজে আপত্তি কৰা স্বত্বেও কোনো গুৰুত্ব প্ৰদান নকৰাটোৱে কি সূচাইছে কেন্দ্ৰীয় চৰকাৰ বা ৰাজ্য চৰকাৰখনৰ ওচৰত অসমীয়া জাতিৰ কোনো মূল্য নাই৷ কেৱল টকাৰ লোভত বলীয়ান ৰাজনৈতিক মহলক দৰকাৰ অসমৰ জলসম্পদ কিম্বা বনজ সম্পদ৷ আৰু সেই সম্পদৰ ওপৰত তেওলোকৰ অধিকাৰ৷ এইটো হবলৈ দিয়াটো আমাৰ বাবে ডাঙৰ ভুল হব৷ সকলো খিলঞ্জীয়া ৰাইজে একে মুখে গৰিহণা দিয়া উচিত৷

ইয়াৰ উপৰিও কেন্দ্ৰীয় চৰকাৰ তথা ৰাজ্য চৰকাৰৰ অধীনস্থ খালী পদ সমূহ খিলঞ্জীয়া লোকৰ বাবে সংৰক্ষণৰ ব্যৱস্থা নহলখিলঞ্জীয়া লোকৰ ভূমি পট্টা দিয়া নহলবৰঝাৰ বিমান বন্দৰ কোনো ব্যক্তিগত প্ৰতিষ্ঠানৰ হাতত গতাই দিয়াৰ সিদ্ধান্ত লোৱাটো জানো আমি মানি লব পাৰোঁ শেষতীয়াকৈ দিহিং পাটকাইত কয়লা খননৰ অনুমতি প্ৰদান কৰাছয় জনগোষ্ঠীক জনজাতি কৰণ কৰা হব বুলি দিয়া মিছা প্ৰলোভনকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি প্ৰদানৰ ক্ষেত্ৰত অনীহামাজুলী নদী দ্বীপ ক বৃহৎ নদী দ্বীপৰ স্বীকৃতি দিয়াত ব্যৰ্থতাঅসমৰ বানপানী আৰু গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা হিচাপে গণ্য নকৰা ইত্যাদি জ্বলন্ত সমস্যা সমূহ দীৰ্ঘদিনে সমাধান নোহোৱাকৈ থকাটোৱে অসমীয়া ৰাইজৰ বাবে অতি বেদনাদায়ক৷ এই কথা নিশ্চিত যে কোনো কেন্দ্ৰীয় বা ৰাজ্য চৰকাৰ খনে অসমীয়া ৰাইজক গুৰুত্ব প্ৰদান নকৰাৰ এইয়া মাথোঁ একো একোটা নমুনা হে মাত্ৰ৷ যিহেতু অসম এখন বৈচিত্ৰ্য ময় ৰাজ্যএই বৈচিত্ৰ্যৰ মাজতেই দেখা পোৱা যায় ঐক্যতাৰ চানেকি৷ অসমৰ ভৱিষ্যত আৰু আহিবলগীয়া প্ৰত্যাহ্বান বোৰ আমিয়েই গ্ৰহণ কৰাৰ বাবে সাজু থাকিব লাগিব৷ কাৰণ আমি ইয়াৰে ভূমিপুত্ৰঅসম আমাৰ মাতৃ৷ আই মাতৃৰ প্ৰতি আমাৰ তান সদায়ে থাকিব৷

এটা কথা নকৈ নোৱাৰি যে অসমীয়া খিলঞ্জীয়া জাতিক ৰাজনৈতিকভাৱে বহুবাৰ হত্যা কৰা হৈছেজাতিসত্ত্বাৰ ওপৰত বহুবাৰ আক্ৰমণ কৰা হৈছে। অসমীয়া জাতিৰ ওপৰত দিল্লী বা দিছপুৰীয়াই সদায় হেয় প্ৰতিপন্ন কৰি আহিছে৷ যাৰ কাৰণে বাৰে বাৰে ক্ষোভৰ উদ্গীৰণ হৈছে৷ নিৰ্বাচনৰ সময় আহিলেই  ৰাজনৈতিক দলসমূহে কুচকাৱাজ আৰম্ভ কৰে তাৰ পাছত কি হয় এই কথা কোৱাৰ আৰু প্ৰয়োজন নাই৷ শাসকীয় দলৰ কিছুমানে হিন্দু-মুছলমানৰ ৰাজনীতি আৰম্ভ কৰে৷ হিন্দু-মুছলমানৰ সাতামপুৰুষীয়া সম্প্ৰীতি নাশ কৰাৰ প্ৰচেষ্টা চলোৱাটো নতুন কথা নহয়৷ মুছলমানৰ সংস্কৃতি আৰু সাম্প্ৰদায়িক কথাবোৰ নিৰ্বাচনৰ হাতিয়াৰ হিচাপে ব্যৱহাৰ কৰা দেখিবলৈ পোৱা যায় ৷ শংকৰ-আজানক ৰাজনৈতিক মঞ্চত নিজৰ আহিলা হিচাপে ব্যৱহাৰ কৰাটো অসমীয়া জাতীয় জীৱনৰ বাবে অপমানজনক৷ আনকি যোৱা কিছু দিন ধৰি অসমৰ ৰাজনৈতিক মঞ্চত মোগলৰ আক্ৰমণ”, “শৰাইঘাটৰ শেষ ৰণ”, “মিঞা   মিউজিয়াম”, “নীলা লুঙি” আদি প্ৰসংগবোৰে প্ৰাধান্য পোৱা দেখিবলৈ পোৱা গৈছে। ইয়াৰ অৰ্থ এইটো যে খিলঞ্জীয়া লোকৰ মনস্তাত্বিক দিশটোক যাতে অন্য দিশলৈ ধাৱিত কৰিব পাৰে৷ আৰু ৰাজনৈতিক দলবোৰে নিজৰ স্বাৰ্থ সিদ্ধি কৰিব পাৰে৷ আৰু সাম্প্ৰদায়িকতাক কেন্দ্ৰ কৰি সামাজিকভাৱে বিষবাষ্প বিয়পাই সংঘাত সৃষ্টিৰে নিজৰ নিজৰ আসনখনক সুবিধাজনক স্থিতিত ৰাখিব পাৰে৷ এই ক্ষেত্ৰত অসমীয়া ৰাইজ অতিকৈ সাৱধান হোৱাটো প্ৰয়োজন কিয়নো ৰাজনৈতিক দলসমূহে খিলঞ্জীয়া লোকৰ মাজত বিভেদ সৃষ্টিৰে নিৰ্বাচনী বৈতৰণী পাৰ হব লাগে৷ এই উদ্দেশ্য লৈয়ে জনমানসত সোমোৱাৰ চেষ্টা চলাই আছে৷

মনত ৰখা উচিত যে ইতিপূৰ্বে আঞ্চলিক দলৰ নাম লৈ কিছুমানে অসমীয়া জাতিৰ ইতিহাস ধ্বংস কৰিলে৷ অসমী আইৰ বুকুত নিৰ্মম আঘাত সানিলে৷ জাতীয়তাবাদৰ নাম লৈ অসমীয়াৰ স্বাভিমানক জলাঞ্জলি দি সম্পূৰ্ণ জাতিটোকে বিক্ৰী কৰিলে৷ কোনো কোনোৱে নায়ক” হৈও জাতিৰ লগত খেল খেলিলে৷ ক্ষমতাৰ বলত অসম আৰু অসমীয়াক ধ্বংসৰ গৰাহত থেলি দিলে৷ এই কথা আমি সগৌৰৱেৰে কব পাৰোঁ যে অসমীয়া জাতিয়ে কেতিয়াও আঁঠু লবলৈ শিকা নাই আৰু নলয়৷ যিকোনো বহিঃ শক্তিক উৎখাত কৰিবলৈ এতিয়াও অসমীয়া ডেকাৰ গাত লাচিতৰ তেজ আছে, মূলাগাভৰুৰ তেজ আছে৷ অসম আৰু অসমীয়া জাতিক বহিঃশত্ৰুৰ পৰা ৰক্ষা কৰিবলৈ আমাৰ মাজত এতিয়াও বীৰ পুৰুষ আছে৷ খিলঞ্জীয়া অসমীয়াৰ ওপৰত চলা ৰাজনৈতিক অত্যাচাৰ কোনেও সহ্য নকৰে৷



কাটাৰডোহা

+97431204571
wahidahmed511@yahoo.com

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ