অন্যযুগ/


বিটকইন

 বিনয় মোহন শইকীয়া



 (যোৱা সংখ্যাৰ পিছৰ পৰা)


(৪)

বিটকইন নেটৱৰ্কৰ কর্মপদ্ধতি

 

বিটকইনে কেনেকৈ কাম কৰে সেই বিষয়ে বিতংভাৱে আলোচনা কৰাটো এই লেখাৰ উদ্দেশ্য নহয়, আৰু এই পৰিসৰত সেয়া সম্ভৱো নহয়। বেছি গভীৰলৈ নোযোৱাকৈ প্রক্রিয়াটোত আচলতে কি কি কাম কৰা হয়, সেই বিষয়ে এটা থূলমূল আভাস দিবলৈহে যত্ন কৰা হ’ব। অৱশ্যে এই কথাও উল্লেখ কৰি থোৱা উচিত হ’ব যে ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ দৰে বিটকইন ব্যৱহাৰ কৰিবলৈকো ইয়াৰ অন্তর্নিহিত কাৰিকৰী জ্ঞানৰ প্রয়োজন নাই। কিন্তু ইয়াৰ কামখিনি কেনেদৰে সম্পাদন হয় সেই বিষয়ে জানি থলে ব্যৱহাৰকাৰীৰ নিশ্চয় লাভেই হ’ব।

বিটকইন হৈছে ইণ্টাৰনেটৰ জৰিয়তে সংযোজিত, সমগ্র বিশ্বতে সিঁচৰতি হৈ থকা কেতবোৰ কম্পিউটাৰৰ এটা বিশেষ নেটৱর্ক। বিটকইন নেটৱর্কৰ এই কম্পিউটাৰখিনিয়ে অবিৰতভাৱে নতুন লেনদেন সম্প্রচাৰ কৰাৰ লগতে ইটোৱে সিটোলৈ লেনদেন সম্পর্কীয় বার্তা প্রেৰণ কৰি থাকে। নেটৱর্কত সংযোজিত হৈ থকা এই কম্পিউটাৰবোৰৰ প্রত্যেককে একোটা ‘ন’ড’ বুলি কোৱা হয়। নেটৱর্কৰ বিকেন্দ্রীকৃত বৈশিষ্ট্য বর্তাই ৰাখিবৰ বাবে ইয়াক এনেদৰে সজাই ৰখা হয় যে কিছুমান ন’ড নেটৱর্কত কেতিয়াবা উপস্থিত নাথাকিলেও ইয়াৰ কামকাজত কোনো বাধা নপৰেমূলকথা, ইয়াত কোনো কেন্দ্রীয় ন’ড নাথাকে।      যেতিয়া কোনো এটা কম্পিউটাৰত বিটকইন ছফ্টৱেৰটো ডাউনল’ড কৰি তাৰদ্বাৰা কাম কৰিব পৰা কৰা হয় তেতিয়াই সি বিটকইন নেটৱৰ্কৰ এটা ন’ড হৈ পৰেএই কম্পিউটাৰটো ইণ্টাৰনেটৰ জৰিয়তে বিটকইনৰ অন্যান্য ন’ডৰ সৈতে সংযোজিত হয় আৰু এনে এটা বিশেষ নেটৱর্কৰ (mesh network) সৃষ্টি কৰে যাৰ কোনো কেন্দ্রীয় ন’ড নাথাকে। উল্লেখযোগ্য যে নেটৱর্কৰ প্রতিটো ন’ডেই স্বতন্ত্র আৰু সমানে গুৰুত্বপূর্ণ হিচাবে কাম কৰিবলৈ সমর্থ হয়।

ন’ডবোৰক সাধাৰণতে তিনিটা ভাগত ভগোৱা হয়-

ক) কেৱল লেনদেন সম্প্রচাৰ (broadcast) কৰা ন’ড।

খ) লেনদেন সম্প্রচাৰ আৰু পুনঃসম্প্রচাৰ (relay) কৰা ন’ড।

গ) লেনদেন সম্প্রচাৰ, পুনঃসম্প্রচাৰ আৰু নতুন ব্লক সৃষ্টি কৰা ন’ড।

  কর্ম অনুসৰি এই ন’ড বা কম্পিউটাৰ কেইটাৰ কম্পিউটিং শক্তি ক্রমান্বয়ে বাঢ়ি যায়। প্রথমটো সাধাৰণ বিধৰ কম্পিউটাৰ হ’লেও দ্বিতীয় আৰু তৃতীয় কম্পিউটাৰ দুটা তাতকৈ বেছি শক্তিশালী হয়। তৃতীয় ন’ডটো আটাইতকৈ বেছি শক্তিৰ হয়

 নেটৱর্কটোৱে কেনেকৈ কাম কৰে সেই কথা জানিবলৈ এটা সৰু উদাহৰণ লোৱা হওক। ধৰা হওক, এজন গ্রাহকে বিটকইনৰ বিনিময়ত এটা বস্তু কিনিব বিচাৰিছে।

১) ইয়াত গ্রাহকজনৰ কম্পিউটাৰ বা ম’বাইল ফোনটোকে আৰম্ভণিৰ ন’ড বুলি ধৰিব পাৰি, য’ৰপৰা এটা লেনদেন আৰম্ভ হৈছে আৰু বস্তুটো বিক্রী কৰা প্রতিষ্ঠানটোলৈ গ্রাহকজনে বিটকইন প্রেৰণ কৰিছে। আৰম্ভণিৰ এই ন’ডটোৱে এই লেনদেনটো সকলো ন’ডলৈ, বিশেষকৈ নেটৱর্কত থকা পুনঃসম্প্রচাৰ কৰা ন’ডলৈ পঠিয়াব।

২) এইবাৰ পুনঃসম্প্রচাৰ কৰা ন’ডটোৱে নেটৱর্কৰ অন্য তেনেবিধৰ ন’ডলৈ ইয়াক প্রেৰণ কৰিব। এই ন’ডবোৰে পৰীক্ষা কৰি যদি লেনদেনটো সকলো ফালৰপৰা সঠিক যেন পায় তেনেহ’লে ইয়াক তৃতীয় তথা শেষ পর্য্যায়লৈ প্রেৰণ কৰিব।

৩) তৃতীয় পর্যায়ত থকা ন’ডবোৰে এইবাৰ লেনদেনটোক প্রাথমিক ব্লক এটাক অন্তর্ভুক্ত কৰি ইয়াৰ শুদ্ধতা প্রমাণ কৰিবলৈ কাম আৰম্ভ কৰিব। লেনদেনটোৰ শুদ্ধতা প্রমাণ হোৱাৰ পাছত ইয়াক নেটৱর্কত প্রকাশ কৰিব।

       বিটকইন ব্যৱহাৰকাৰীক মূল হিচাবে লৈও বিটকইন নেটৱৰ্কৰ কর্মপদ্ধতি আলোচনা কৰিব পৰা হয়। প্রতিজন বিটকইন ব্যৱহাৰকাৰীৰ দুটা সাংকেতিক পৰিচয় বা চাবি থাকে; এটা ৰাজহুৱা চাবি (public-key) আৰু আনটো ব্যক্তিগত চাবি (private-key)এই চাবিকেইটা কোনো ভৌতিক চাবি নহয়। এয়া হৈছে কিছুমান সংখ্যা আৰু আখৰৰ সমষ্টি, যিবোৰৰ সজ্জা প্রতিজন ব্যৱহাৰকাৰীৰ বাবে পৃথক। ইয়াৰে ৰাজহুৱা বা পাব্লিক চাবিটো, অর্থাৎ সংখ্যা আৰু আখৰৰ সজ্জাটো সকলোৱে দেখাকৈ থাকে, কিন্তু বক্তিগত বা প্রাইভেট চাবিটো ব্যক্তিগৰাকীৰ লগতহে থাকে, সেই চাবিটো ব্যক্তিগৰাকীয়ে নেদেখুৱালে আনে দেখাৰ সম্ভাৱনা বা আশংকা নাথাকে।

   ৰাজহুৱা চাবিৰ সংকেতলিপিয়ে কেনেদৰে কাম কৰে তাৰ এটা উদাহৰণ লোৱা যাওক। ধৰা হওক, জুৰিয়ে নিজৰালৈ এখন সাংকেতিক পত্র প্রেৰণ কৰিব বিচাৰিছে। সেই কাম কৰিবৰ বাবে জুৰিয়ে প্রথমে নিজৰাৰ ৰাজহুৱা চাবিটো বিচাৰিব লাগিব আৰু নিজৰাৰ চাবিটোৰ লগত নিজৰ সাংকেতিক লিপিৰ চিঠিখন সংলগ্ন কৰি নিজৰালৈ পঠিয়াব লাগিব। নিজৰাই যেতিয়া সেই পত্রখন পাব তেওঁ নিজৰ ব্যক্তিগত চাবিৰে তাৰ পাঠোদ্ধাৰ কৰিব পাৰিব। এই প্রক্রিয়াটোত জুৰিয়ে নিজৰালৈ প্রেৰণ কৰা চিঠিখন আনেও দেখা পাব, কাৰণ এইটো এটা ৰাজহুৱা চাবি বা পৰিচয়। কিন্তু তাৰ পাঠোদ্ধাৰ কৰিব নোৱাৰিব; তাৰ পাঠোদ্ধাৰ কৰিবলৈ হ’লে সেই ৰাজহুৱা চাবিৰ সৈতে জড়িত একমাত্র ব্যক্তিগত চাবিটোৰ প্রয়োজন হ’ব, যাৰ সহায়তহে পত্রখনৰ পাঠোদ্ধাৰ সম্ভৱ হ’ব।

   এতিয়া আমি চাব লাগিব এই ‘ৰাজহুৱা-চাবি সংকেতলিপি’ অথবা ‘পাব্লিক-কী ক্রিপ্টগ্রাফি’ বিটকইনত কেনেকৈ প্রয়োগ কৰা হয়। প্রথমে আমি এই কথা জানি থ’ব লাগিব যে আৰম্ভণিৰপৰা বর্তমানলৈ বিটকইনত যিমান লেনদেন হৈছে সেই সকলো ‘এখন ৰাজহুৱা নথি’ত সন্নিৱিষ্ট কৰা হৈ আছে, আৰু সেই নথিতে ভৱিষ্যতে হ’বলগীয়া লেনদেনবোৰো সন্নিৱিষ্ট হৈ থাকিব। এই ৰাজহুৱা নথিকে কোৱা হয় ব্লকচেইন (blockchain)এই ব্লকচেইনত কিছুমান খুব সুৰক্ষিত অৱস্থাত থকা আধাৰ থাকে। এই আধাৰবোৰ আমি বুজিবৰ বাবে অ-ভংগুৰ গ্লাছেৰে প্রস্তুত কৰা চন্দুক বুলি ধৰি ল’ব পাৰোঁপ্রতিটো চন্দুক সকলোৱে দেখা পাব আৰু তাত থকা বিটকইনৰ পৰিমাণটোও দেখিব, কিন্তু খুলিব নোৱাৰিব; মাথোঁ সেই চন্দুকৰ গৰাকীয়েহে তাক খুলিব পাৰিব।

   এই চন্দুকবোৰক কোৱা হয় ‘পাব্লিক-কী’ (বা ৰাজহুৱা পৰিচয়) আৰু সংকেতত থকা চন্দুকৰ গৰাকীৰ নাম আৰু তাত থকা বিটকইনৰ পৰিমাণ আটায়ে দেখিব। কিন্তু তাক খুলিব পাৰিব চন্দুকৰ গৰাকীয়েহে, নিজৰ ব্যক্তিগত চাবি (প্রাইভেট-কী) প্রয়োগ কৰিআগৰ জুৰি আৰু নিজৰাৰ সাংকেতিক পত্র-প্রেৰণৰ উদাহৰণটো বিটকইনত প্রয়োগ কৰিবলৈ হ’লে, পত্রৰ সলনি ইয়াত অন্য এটা তথ্য-সংকেত থাকে বুলি ধৰি ল’ব পাৰিএই তথ্য-সংকেতত জুৰিৰ চন্দুকৰপৰা কিছু পৰিমাণৰ ধন নিজৰাৰ চন্দুকলৈ স্থানান্তৰ কৰাৰ নির্দেশ থাকিব।

  জুৰি আৰু নিজৰাৰ এই লেনদেনটো এতিয়া অলপ বিতংকৈ আলোচনা কৰা হওক। ধৰা হওক, জুৰিয়ে নিজৰালৈ ১ বিটকইন পঠিয়াব বিচাৰেজুৰিয়ে সমগ্র বিটকইন নেটৱর্কলৈ এই বার্তাটো প্রেৰণ কৰিব যে তেওঁ নিজৰালৈ ১ বিটকইন প্রেৰণ কৰিব বিচাৰেএই বার্তাত নিজৰাৰ পাব্লিক-কী, প্রেৰণ কৰিবলগীয়া বিটকইনৰ পৰিমাণ আৰু জুৰিৰ এটা ডিজিটেল চহী (ডিজিটেল ছিগ্নেচাৰ) থাকিব। ডিজিটেল চহীটো লাগিব, কাৰণ ই প্রমাণ কৰিব যে জুৰিয়ে যিটো চন্দুকৰপৰা বিটকইন পঠিয়াব খুজিছে তাৰ প্রাইভেট-কী বা ব্যক্তিগত চাবিটোৰ গৰাকী তেওঁ নিজে। জুৰিয়ে এই বার্তাটো নেটৱর্কলৈ পঠিওৱাৰ লগে লগে নেটৱর্কত থকা অন্য ব্যৱহাৰকাৰীয়ে এই কথা প্রমাণ কৰিবলৈ যত্ন কৰিব যে যে বার্তাটো শুদ্ধ। যদি সকলো তথ্য মিলি থাকে, তেনেহ’লে এই লেনদেনটো এটা ব্লকত অন্তর্ভুক্ত কৰা হ’ব। উল্লেখযোগ্য যে ব্লকটোত জুৰি আৰু নিজৰাৰ লেনদেনটোৰ দৰে সেই সময়ৰ অন্য কেতবোৰ লেনদেনো সন্নিবিষ্ট হৈ থাকিব।  ইয়াৰ পাছত নেটৱর্কটোৰ সৈতে জড়িত হৈ থকা অন্য ব্যৱহাৰকাৰীয়ে চাব যাতে লেনদেনটোৰ পাছত জুৰিৰ চন্দুকত ১ বিটকইন কমিছে আৰু নিজৰাৰ চন্দুকত ১ বিটকইন বাঢ়িছে। যিহেতু ব্লকচেইনটো হৈছে বর্তমান সময়ৰ পৰা আৰম্ভণিলৈকে হোৱা সকলো অতীত লেনদেনৰ ৰাজহুৱা প্রকাশ, গতিকে প্রতিটো চন্দুকত থকা সঠিক পৰিমাণৰ বিটকইনৰ হিচাপ সকলোৰে বাবে মুকলি হৈ থাকিব।

  এই ব্লকচেইনৰ ব্লকবোৰৰ দুটামান প্রয়োজনীয় বৈশিষ্ট্য মনত ৰখা ভাল। প্রথম বৈশিষ্ট্যটো হৈছে, ব্লকবোৰ এটাৰ পিছত এটাকৈ এটা সজ্জাত লগ লগাই ৰখা হয়, সেইবাবেই এয়া হৈছে মূলতঃ এডাল চেইন, ব্লকৰ চেইন, গতিকে ব্লকচেইন। সকলো লেনদেন অবিৰত আৰু ক্রমান্বয়ে থকাটো বাধ্যতামূলক; কাৰণ তেতিয়াহে সকলো চন্দুক আৰু প্রতিটো চন্দুকত থকা বিটকইনৰ পৰিমাণ পৰীক্ষা কৰি থাকিব পৰা যাব। এই কাম কৰিবৰ বাবে প্রতিটো ব্লকতে লেনদেনৰ উপৰি আৰু এটা তথ্য থাকে। ই হৈছে, আগৰ সকলো লেনদেনৰ এটা অতি চমু বিৱৰণ বা দৃশ্যপট (স্নেপশ্বট), যাক কোৱা হয়, ‘হেছ’ (hash)এই হেছৰদ্বাৰা এই কথা প্রতিপন্ন হয় যে ব্লকচেইনটো পূর্বৰ সকলো ব্লকৰ আধাৰত প্রতিষ্ঠিত। দ্বিতীয় বৈশিষ্ট্যটো হৈছে, ব্লক এটাত অতি জটিল গাণিতিক সমস্যা এটা থাকে, যাৰ সমাধান উলিওৱাটো বাধ্যতামূলক। এই কামটো কৰে নেটৱর্কত থকা এটা বিশেষ ব্যৱহাৰকাৰী গোটে, যাক ‘মাইনাৰ’ বুলি কোৱা হয়। যেতিয়ালৈকে ব্লকত থকা এই গাণিতিক সমস্যাটো সমাধান নহয়, তেতিয়ালৈকে পিছৰটো ব্লকৰ কাম আৰম্ভ কৰিব পৰা নাযায়। এই বৈশিষ্ট্যটোৱে এই কথা নিশ্চিত কৰে যে ব্লকবোৰ ক্রমান্বয়ে এটাৰ পিছত এটাকৈ সৃষ্টি কৰা হয়। এনেদৰেই ব্লকচেইনৰ জটিল নেটৱর্কটো বাঢ়ি গৈ থাকে অথবা প্রাণৱন্ত বস্তুৰ দৰে নেটৱর্কটো বৃদ্ধি হৈ গৈ থাকে।

 এইখিনিতে এটা কথা কৈ থোৱা ভাল হ’ব। ওপৰৰ উদাহৰণটোত ধৰা হওক জুৰিয়ে নিজৰালৈ ১ বিটকইন পঠোৱাৰ বার্তা প্রেৰণ কৰিছে যদিও জুৰিৰ চন্দুকটোত প্রকৃততে ১ বিটকইনতকৈ কম পৰিমাণৰ বিটকইনহে আছে, তেতিয়া কি হ’ব? আগতেই উল্লেখ কৰা হৈছে যে জুৰিৰ পাব্লিক-কী বা চন্দুকটো সকলোৱে দেখাকৈ থাকে, গতিকে এই কথা নেটৱর্কৰ অন্য ব্যৱহাৰকাৰীসকলে গম পাই যাব যে জুৰিয়ে এটা অসৎ লেনদেনৰ প্রস্তাৱ দিছে। ফলত এই লেনদেনৰ প্রস্তাৱটো বাতিল কৰা হ’ব আৰু এই লেনদেনটো ব্লকলৈ পঠোৱা নহ’ব। বিটকইনৰ প্রগ্রেমৰ ক’ডতে এই সত্য প্রতিপাদন কৰাৰ ব্যৱস্থা নিহিত হৈ আছে, গতিকে অসৎ লেনদেনৰ প্রস্তাৱ তুৰন্তে নাকচ কৰাটো নিশ্চিত হৈ থাকে। এই ব্যৱস্থা নাথাকিলে অগণন অসৎ লেনদেনৰ প্রস্তাৱে গোটেই নেটৱর্কটোকে ভাৰাক্রান্ত কৰি অৱশেষত ইয়াক অকামিলা কৰি তোলাৰ সম্ভাৱনা থাকে

(ক্ৰমশঃ)

 

 

 

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ