দীপাঞ্জলি দেৱী
হিন্দী সাহিত্যৰ
মাধ্যমেৰে আধুনিক ভাৰতীয় সাহিত্যক বিশেষভাৱে সমৃদ্ধ কৰা লেখকসকলৰ ভিতৰত ভীষ্ম সাহনী
অন্যতম আৰু অনন্য। ১৯১৫ চনৰ ৮ আগষ্টত বৰ্তমানৰ
পাকিস্তানৰ ৰাৱলপিণ্ডিত জন্মগ্রহণ কৰা ভীষ্ম সাহনী আছিল একাধাৰে ঔপন্যাসিক, গল্পকাৰ,
নাট্যকাৰ, সাংবাদিক, অনুবাদক, শিশু সাহিত্যিক
আৰু সম্পাদক। মাতৃভাষা পাঞ্জাবীৰ লগতে হিন্দী, সংস্কৃত, ইংৰাজী আৰু ৰুছ ভাষাতো তেওঁৰ
বুৎপত্তি আছিল। তেওঁ ‘বিদেশী ভাষা প্ৰকাশন গৃহ, মস্কো’ৰ আমন্ত্রণত সাতবছৰ কাল ৰাছিয়াত
থাকি ৰুছ সাহিত্যৰ প্ৰায় ২৫ খন বচা বচা গ্ৰন্থ হিন্দী ভাষালৈ ভাঙনি কৰে। ‘তমস’ উপন্যাসৰ
বাবে ১৯৭৫ চনত তেওঁ সাহিত্য অকাদেমি পুৰস্কাৰ লাভ কৰাৰ উপৰি ২০০২ চনত সাহিত্য অকাদেমিৰ
‘ফেল’শ্বিপ’ লাভ কৰে। ভীষ্ম সাহনীক ভাৰত চৰকাৰে
১৯৬৯ চনত ‘পদ্মশ্রী’ আৰু ১৯৯৮ চনত ‘পদ্মভূষণ’ সন্মানেৰেও বিভূষিত কৰে। তেওঁ ‘ঝৰোখে’ ,’ঝড়িয়াঁ’, ‘তমস’, ‘বসনতী’, ‘ময়্
য়াহায়া কী মাড়ী’, ‘কুন্তো’, ‘নীলু নীলিমা নীলোফৰ’ নামৰ কেইবাখনো উপন্যাস ৰচনা কৰি
থৈ গৈছে। ‘ভাগ্যৰেখা’, ‘পটৰিয়া’,’ পহেলা পাঠ,’
‘ভটকতী ৰাখ,’ ৱাঙচু’, ‘শোভাযাত্রা’, ‘নিশাচৰ’, ‘পালী’ ‘প্ৰতিনিধি’, ‘কহানিয়াঁ’, ‘মেৰী
প্ৰিয় কহানিয়াঁ’ আদি ভীষ্ম সাহনীৰ গল্প সংকলন । ‘মেৰে ভাই বলৰাজ’, আপনি বাত’, ‘মেৰে
সাক্ষাৎকাৰ’ তেখেতে লিখি থৈ যোৱা জীৱনী সাহিত্য। ‘ৱাপচী”, ‘গুলেল কী খেল’ তেখেতৰ জনপ্রিয়
শিশু সাহিত্য। ‘ভীষ্ম সাহনীৰ আত্মজীৱনীখনৰ নাম ‘আজ কে অতীত’।
সাহনীয়ে ‘হানুচ’,
‘কবীৰা খড়া বাজাৰ ম্যে’, ‘মাধবী’, ‘মুৱাবজে’, ‘ৰংগ দে বসন্তী চৌলা’ আৰু ‘আলমগীৰ’ নামৰ
ছয়খন নাটক ৰচনা কৰিছিল। তেওঁৰ দ্বাৰা ৰচিত নাটকক আমি ঐতিহাসিক, কিম্বদন্তিমূলক আৰু
সমসাময়িক এই তিনিটা ভাগত ভগাব পাৰোঁ। “হানুচ’ আৰু ‘মাধবী’ দুয়োখন নাটককে আমি কিম্বদন্তিমূলক
নাটক বুলিব পাৰোঁ।
‘হানুচ’ ১৯৭৭ চনত
প্ৰকাশিত নাটক। নাটকখন প্ৰথমে ১৮ ফেব্ৰুৱাৰী, ১৯৭৭-ত অভিযান নাট্যগোষ্ঠীৰ দ্বাৰা “শ্ৰীৰাম
চেণ্টাৰ ফৰ আৰ্ট এণ্ড কালচাৰ” (Sri Ram Center For Art & Culture)-ৰ দ্বাৰা আয়োজন
কৰা ৰাষ্ট্ৰীয় নাটক সমাৰোহত মঞ্চস্থ কৰা হৈছিল। নাটকখনৰ নিৰ্দেশনাৰ দায়িত্বত আছিল
ৰাজেন্দ্ৰ নাথ। ‘হানুচ’ নাটকত সামন্ত শাসনৰ ক্ৰুৰতাৰ ভয়াৱহ চিত্র দাঙি ধৰিছে। ৰাষ্ট্ৰবাদৰ
মাৰাত্মক দিশটোও নাটকখনত ফুটি উঠিছে।
চেকোশ্ল’ভিয়াৰ ৰাজধানী
প্ৰাগত আজিৰ পৰা প্ৰায় ৬০০ বছৰৰ আগতে তলা নিৰ্মাণ কৰা এজন সামান্য মিস্ত্রীৰ মনত এটা
ঘড়ী নিৰ্মাণৰ আকাংক্ষা গা কৰি উঠিল। নানা বিষম পৰিস্থিতিৰ মাজতো ১৭ বছৰ জোৰা কঠোৰ
পৰিশ্ৰমৰ অন্তত তেওঁ চেকোশ্ল’ভিয়াৰ প্ৰথম ঘড়ী নিৰ্মাণত সফল হয়। ঘড়ীটো নগৰপালিকাৰ মিনাৰত লগোৱা হয়। কিন্তু ইমান ডাঙৰ
সফলতাৰ পাছত মিস্ত্রীজনে কি পালে তেওঁৰ সফলতাৰ স্বীকৃতি হিচাপে ? বাদশ্বাহে তেওঁৰ চকু
দটি উলিয়াই পেলোৱালে যাতে তেওঁ তেনে ধৰণৰ আন এটা ঘড়ী আকৌ সাজিব নোৱাৰে। চেক গণৰাজ্যৰ
ইতিহাসৰ এই সৰু ঘটনাটো ভীষ্ম সাহনীয়ে জানিব
পাৰে আৰু তেওঁৰ মাজৰ লেখকজনক অনুপ্ৰেৰণা যোগালে আৰু এনেদৰে হিন্দী সাহিত্যৰ এখন শ্ৰেষ্ঠ
নাটকৰ সৃষ্টি হ’ল।
নাটকখনৰ প্ৰসংগত
নাট্যকাৰে নিজেই কৈ গৈছে যে, এই খন ঐতিহাসিক নাটক নহয়। ঘড়ীৰ আৱিষ্কাৰৰ কথা কোৱাও
ইয়াৰ উদ্দেশ্য নহয়। নাটখন মধ্যযুগৰ পৰিবেশত মানৱীয় স্থিতি প্ৰকাশৰ প্ৰয়াসহে মাথোন।
‘হানুচ’ৰ মাধ্যমেৰে
ভীষ্ম সাহনীয়ে এহাতেদি এজন কলাকাৰৰ সৃষ্টিৰ প্ৰতি থকা দুৰ্দমনীয় হেঁপাহ আৰু তেওঁৰ
সৰলতাক ৰূপায়িত কৰিছে আনহাতে ধৰ্ম তথা শাসনযন্ত্ৰৰ সৈতে সামাজিক শক্তিৰ সংঘৰ্ষৰ কথা
প্ৰকাশ কৰিছে। কলাকাৰৰ পাৰিবাৰিক স্থিতি আৰু আৰ্থিক সংকটে সৃষ্টি কৰা আনুষংগিক সমস্যাৰ
কথাও নাটকখনৰ জৰিয়তে দাঙি ধৰিছে। ঘৰখনেই হৈছে আমাৰ আশ্ৰয়স্থল য’ত আমাৰ
নিজা পৰিয়াল থাকে, পাৰস্পৰিক স্নেহ-প্ৰীতি, দায়িত্ব তথা কৰ্তৃত্ব থাকে। নাটকখনৰ
প্ৰথম অংশত হানুচৰ পত্নী কাত্যাই হানুচৰ ককায়েক পাদুৰী চাহাবৰ আগত কৈছে, “যিটো মানুহে
নিজৰ পৰিয়ালৰ কাৰণে ভাতমুঠিৰো যোগাৰ কৰিব নোৱাৰে, কোন ঘৈণীয়েকে তেনেকুৱা গিৰীয়েকক
মূৰত তুলি থ’ব? ... এই খন খুটুংখাটাং শুনিয়ে চুলি পকালোঁ। ঘৰ-সংসাৰ কৰাৰ সুখ কিছু
নজনাকৈয়ে সংসাৰ এৰিবৰ বয়স হ’লহি। আৰু সহি থাকিব নোৱাৰোঁ মই।” পাদুৰী চাহাবে কাত্যাক
বুজনি দিবলৈ কয়, “মানুহে সদায় পিছলৈকে চাব নাপায় কাত্যা, মাজে মাজে ভৱিষ্যতৰ ফালে
চাব লাগে। জ্ঞানীলোকে নকয় জানো, পিঠি অতীতৰ
ফালে আৰু মুখ ভৱিষ্যতৰ ফালে হ’ব লাগে মানুহৰ।” প্ৰত্যুত্তৰত কাত্যাই কোৱা কথাকেইশাৰীত
পত্নী হিচাপে নাৰীৰ আকাংক্ষা, নাৰী মনৰ যন্ত্ৰণা আৰু পতিগৃহত স্বামীৰ উপাৰ্জনৰ ওপৰত নিৰ্ভৰ কৰা পত্নীৰ মৰ্যাদা আদি সমকালীন সমাজৰ চিত্ৰখনো পোহৰলৈ আহিছে।
“জ্ঞানীলোকেতো অতীতৰ পৰা শিক্ষা ল’ব নোৱাৰাজনক বৰ্তমানতো অন্ধ বুলিও কৈছে।... ঘৰখনত হানুচক একোৰে একো বুলি গণিতাই নকৰে কোনেও।মানুহটোৱে যদি
ভালকৈ ঘটি পিটি আনি দিব নোৱাৰে তাৰ ঘৈণীয়েকক আৰু পোছে কোনে? “
আৰ্থিক দুৰৱস্থাৰ
বাবে হানুচৰ পাৰিবাৰিক জীৱনত মাজে-সময়ে তিক্ততাৰ সৃষ্টি হৈছিল যদিও পত্নী কাত্যাই
হানুচক সংসাৰৰ দায়িত্বৰ পৰা বহুখিনি মুকলি কৰি দিছিল যাতে তেওঁ ঘড়ী সজা কামত মন পুতি
লাগিব পাৰে। শেষত হানুচ ঘড়ী সজা কামত সফল হোৱাত তাই আনন্দিত হৈছে। হানুচৰ সফলতাৰ বাবে
সদায় ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰা কাত্যাই হানুচক
কৈছে, “নিজে জানো কিবা সুখ পালা? ৰাতিক দিন কৰি মেহনত কৰিলা। গোটেই ডেকাকালটো তোমাৰ
সেই একেটা কামতে গ’ল। তুমি আন কাকো দুখ দিয়া নাই।” হানুচৰ বাবে কাত্যাই কৰা কষ্ট তথা
ত্যাগৰ বাবে সি কৃতজ্ঞতা প্ৰকাশ কৰিছে এনেদৰে, “মোৰ এই সফলতাৰ আঁৰত তোমাৰ বলিদান, কষ্ট-যাতনা
লুকাই আছে কাত্যা! সকলো সফলতাৰ আঁৰত কোনোবা নহয় কোনোবা মহিলাৰ প্ৰাৰ্থনাই কাম কৰি
থাকে। তেওঁলোকৰ আত্মবলিদানে কাম কৰি থাকে। তেওঁৰ প্ৰেৰণাই কাম কৰি থাকে।”
হানুচে কৈছে যে দৰিদ্ৰতা
আৰু আৰ্থিক দুৰৱস্থা স্থায়ী নহয় কিন্তু এইটো অপ্ৰিয় সত্য যে এইটোক উলাই কৰিও জীৱন
জীয়ার নোৱাৰি।
নাটকখনৰ দ্বিতীয়
অংকত কলাকাৰৰ সৃজন শক্তি আৰু কলাচেতনাক প্ৰকাশ কৰিছে। শাসকতন্ত্ৰই শাসনক্ষমতা অটুট
ৰাখিবলৈ এজন কলাকাৰক কি পৰ্যায়লৈ অৱহেলা কৰিব পাৰে সেই কথা দেখুওৱা হৈছে। নগৰপালিকাই
ঘড়ী সজাৰ বাবে হানুচক আৰ্থিক অনুদান দিয়ে আৰু সেয়েহে ঘড়ীটোৰ ওপৰত অধিকাৰ দাবী কৰে।
গীৰ্জাৰ মানুহবোৰেও ধৰ্মৰ নামত ঘড়ীৰ ওপৰত অধিকাৰ দাবী কৰে। ইয়াতে নাট্যকাৰে ব্যৱসায়িক
সত্তা আৰু ধৰ্মীয় সত্তাৰ দ্বাৰা পাৰস্পৰিকভাৱে সাধাৰণ মানুহক কৰা শোষণৰ কথা দাঙি ধৰিছে।
নাটকখনৰ দ্বিতীয় অংকৰ দ্বিতীয় দৃশ্যত হানুচৰ ছোৱালী য়াংকা আৰু হানুচৰ সহায়ক জেকবৰ
মাজত গঢ় লোৱা প্ৰেমৰ সম্পর্কৰ কথা পোহৰলৈ আহে।
তৃতীয় অংশত কলাকাৰৰ
অন্তৰ্দ্বন্দ্বৰ প্ৰকাশ ঘটিছে। হানুচৰ ঘড়ী নিৰ্মাণৰ প্ৰতিভাৰ কথা জানিব পাৰি ৰজা অত্যন্ত
সুখী হয়। হানুচক পুৰস্কৃত কৰে আৰু ঘড়ীটোৰ চোৱাচিতাৰ দায়িত্বও দিয়ে। কিন্তু লগতে
হানুচে যাতে আন এটা তেনে ঘড়ী সাজিব নোৱাৰে সেইবাবে হানুচৰ দুই চকু কাঢ়ি পেলোৱায়।
নাট্যকাৰে নাটকখনৰ জৰিয়তে শাসকৰ অন্ধ নীতি, শাসন ব্যৱস্থাৰ ওপৰত সহজ ব্যংগ, মানৱীয়
সমবেদনাৰ সহজ অভিব্যক্তি প্ৰকাশ কৰিছে। কলাকাৰৰ মৃত্যু কেতিয়াও নহয়, তেওঁ নিজৰ সৃষ্টিৰ
মাজত সদায়ে জীয়াই থাকে। নাটকৰ শেষত হানুচৰ এই কথাই নাটকখনৰ উদ্দেশ্য বুজাত সহায় কৰে-
“ঘড়ী সাজিব পাৰি, ঘড়ী বন্ধও হ’ব পাৰে। ঘড়ী নিৰ্মাতাজন অন্ধ হ’ব পাৰে, মৰিও যাব পাৰে
কিন্তু এইটো কোনো ডাঙৰ কথা নহয়। জেকব গুচি গ’ল; যাতে ঘড়ীৰ ৰহস্য জীয়াই থাকে, এইটোকে
ডাঙৰ কথা। “
হানুচৰ পৰিৱেশ মধ্যযুগীয়।
য’ত ৰজাৰ শাসন চলে আৰু ৰজাৰ শক্তিয়েই মূল। ৰজা আৰু নগৰপালিকাই ৰাজনীতিৰ পাকচক্ৰত পৰি
শক্তিৰ খেলখনত সাধাৰণ মানুহ হানুচ পীড়িত হৈছে। বৰ্তমান কালতো ৰাজনীতি আৰু ৰাজনৈতিক
নেতাৰ নিজৰ ভিতৰত দ্বন্দ্বৰ ভুক্তভোগী হয় সাধাৰণ মানুহহে লাগিলে সি যি ৰূপতেই নহওক।
অন্ধ হোৱাৰ পাছতো হানুচে মনৰ ভিতৰত চলি থকা কেইবাখনো যুদ্ধত জয়লাভ কৰে। চকু দুটা কাঢ়ি লোৱাত হানুচ
যন্ত্ৰণাৰ চক্ৰবেহুত সোমাই পৰে। ঘড়ীটো নচলা
হোৱাত তেওঁ আকৌ ভাল কৰে। যন্ত্ৰণাৰ মাজতো ঘড়ী ভাল হোৱাৰ আনন্দৰ লগতে ঘড়ীটো চলি থকা
দেখি সাধাৰণ মানুহৰ উল্লাস দেখি সুখী হয়। নাটকখনত জীৱনৰ উত্থান-পতন আৰু পৰিস্থিতিৰ
পাকচক্ৰত মানুহৰ দুখ-যন্ত্ৰণাৰ কৰুণ গাথা বৰ্ণিত হৈছে। পাদুৰীৰ চৰিত্ৰত নতুনৰ প্ৰতি
সদা আগ্ৰহী দিশৰ লগতে ৰক্ষণাত্মক দৃষ্টিভঙ্গীৰো সমাহাৰ দেখা যায়। এই প্ৰসংগত ঘড়ী নিৰ্মাণৰ
পাছত তেখেতৰ বক্তব্য উল্লেখযোগ্য, “তুমি ঘড়ী
নিৰ্মাণ কৰি উলিয়ালা, বাৰু ঠিকেই, কিন্তু বেয়া নাপাবা হানুচ! এই নতুন আৱিষ্কাৰৰ বেয়া
দিশটো হ’ল- এইবিলাকে মনৰ শান্তি নোহোৱা কৰিছে। দ্বন্দ্ব-খৰিয়ালৰ সৃষ্টি কৰিছে। তুমি
যদি ঘড়ী সাজি নুলিয়ালাহেঁতেন, আজি এই সময়ত মানুহ গীৰ্জাৰ ভিতৰত বহি থাকিলহেঁতেন।
দুই চাৰিজন বৃদ্ধ লোকৰ বাদে আজি গীৰ্জাৰ ফালে কোনেও মুখকে নকৰিলে।”
“হানুচ” নাটকত বজাৰ-সংস্কৃতি,
লাভ-লোকচান তথা ব্যৱসায়িক দৃষ্টিভংগীৰ প্ৰকাশ
ঘটিছে। নগৰপালিকাৰ সভাগৃহত যিবোৰ বা-বাতৰি চলি থাকে সেইবোৰ ব্যৱসায়িক লেন-দেন বিষয়ক।
হুচাক, জন আৰু জৰ্জ এনে ধৰণৰ চৰিত্ৰ। হুচাকে জনক কোৱা কথাৰ পৰা এই কথা বুজিব পাৰি;
“বেপাৰীৰ কাৰণে কৰিব নোৱাৰা কাম কি আছে? জ্ঞানীলোকে নকয় জানো বোলে এমুঠি মাটি ল’বলৈ
হ’লেও তুমি মাটিৰ মস্ত দ’ম এটাৰ পৰাহে ল’বা। সৰু-সুৰা দ’মৰ পৰা নহয়।” ঘড়ী চাবলৈ বাহিৰৰ
পৰা মানুহ অহাৰ লগতে ব্যৱসায়ৰ উন্নতি হ’ব - এইবোৰ ব্যৱসায়িক বুদ্ধি।
“হানুচ” নাটকখনৰ
কেন্দ্রীয় চৰিত্ৰ হানুচৰ সৃষ্টিশীলতাৰ প্ৰতি থকা আকুলতা, সোতৰ বছৰৰ ত্যাগ আৰু নেৰানেপেৰা
চেষ্টা আৰু অৱশেষত লাভ কৰা সফলতাৰ কথা নাটকখনত বৰ্ণিত হৈছে। ৰজাই ঘড়ী নিৰ্মাণেৰে দেশৰ
শোভা বর্ধন কৰাৰ বাবে হানুচক ৰাজ দৰবাৰৰ সন্মানীয় সদস্য পদ যাচে। কিন্তু সমান্তৰালভাৱে
হানুচৰ চকু কাঢ়িবলৈও হুকুম দিয়ে যাতে ভবিষ্যতে তেওঁ আৰু ঘড়ী সাজিব নোৱাৰে। আজীৱন
লাভ কৰা অভাৱ-অনাটন, লাঞ্চনা-গঞ্জনা, প্ৰতিভা প্ৰকাশৰ অবিৰত সন্ধানৰ শেষত সাধনা সিদ্ধি
লাভ, ৰাজকীয় স্বীকৃতিৰ লগতে চকু দটি হেৰুৱাই হানুচে মানসিক সুস্থিৰতা হেৰুৱাই ঘড়ীটোকে
শত্ৰু জ্ঞান কৰিবলৈ ল’লে। সেয়ে ঘড়ীটো ভাঙি পেলোৱাৰ চিন্তাও কৰে। আনকি ৰজাৰ বাগীৰ
আগত পৰি আত্মহত্যাৰ চেষ্টাও কৰে। হানুচৰ এনে
মানসিক অস্থিৰতা লক্ষ্য কৰি বন্ধু এমিলে তাক
মনে মনে অন্য দেশলৈ পঠিয়াই দি হানুচৰ সহযোগী জেকবৰ সহায়ত পুনৰ ঘড়ী নিৰ্মাণৰ আঁচনি
প্ৰস্তুত কৰে। ইফালে হানুচৰ ঘড়ীটোত কিবা বিজুতি ঘটাত ঘড়ী ভাল কৰাৰ দায়িত্ব হানুচৰ
ওপৰতে পৰে। হানুচে প্ৰথমতে ঘড়ীটো ভাঙি পেলোৱাৰ কথা ভাবিছিল যদিও শেষত ঘড়ীটো মেৰামতি
কৰি দিয়ে। হানুচৰ সহযোগী জেকবে ঘড়ী নিৰ্মাণৰ তলা-নলা আয়ত্ত কৰি এমিলৰ সহায়ত তুলা
নগৰলৈ পলাই যায়। জেকবৰ পলায়নত হানুচৰ হাত আছে বুলি ভাবি ৰজাৰ মানুহে হানুচক গ্ৰেপ্তাৰ
কৰে। অন্য দেশৰ লগত মিলি ঘড়ী সজাৰ অভিসন্ধিত হানুচ জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰাৰ
পাছত তেওঁ কৈছে; “ঘড়ীৰ নিৰ্মাণ হ’ব পাৰে। ঘড়ী বন্ধও হ’ব পাৰে। ঘড়ী নিৰ্মাণ কৰাজন
অন্ধ হ’বলগীয়া হ’ব পাৰে। আনকি মৰি যাবও পাৰে।
কিন্তু সেইটো কোনো ডাঙৰ কথা নহয়। ঘড়ীৰ ৰহস্য যাতে জীয়াই থাকে, তাৰ বাবেই জেকব গুচি
গ’ল। সকলোতকৈ ডাঙৰ কথা সেইটোৱেই।”
সৃজনশীলতা বা কলাৰ কোনো সমাপ্তি নাই- ঘড়ী নিৰ্মাণৰ ৰহস্য
জানি জেকবৰ পলায়নে আমাক এই কথাই সোঁৱৰাই দিয়ে। নাটকখন শেষ হৈছে এক ইতিবাচক অনুভৱেৰে।
শিল্পীৰ মৃত্যু হ’লেও কিম্বা মৃত্যুদ্বণ্ডৰে দণ্ডিত হ’লেও তেওঁৰ সৃজন শক্তি অজৰ-অমৰ।
নাটকৰ শেষত হানুচৰ এই সংলাপে সেই কথাকেই প্ৰকাশ কৰিছে- “ঘড়ী চলিবলৈ আৰম্ভ কৰিছে।
...আকৌ ঘড়ী বন্ধ নহয়। কেতিয়াও বন্ধ নহয়। ঘড়ী চলি থাকিব।”
ঠিকনা :
সহকাৰী অধ্যাপক
আমগুৰি মহাবিদ্যালয়