বিমূৰ্ত পেইণ্টিং : কি আৰু কিয়
সঞ্জীৱ বৰা
তেন্তে, ব্ৰাছৰ তৰংগায়িত ষ্ট্ৰ’কবোৰৰ দৃষ্টিনন্দন উপস্থাপনে দৰ্শকক
আকৃষ্ট কৰি ৰসবোধ সম্পূৰ্ন কৰা যেন কৰি তোলা, মূল অৰ্থগ্ৰহণৰ
বাবে অপেক্ষা কৰাৰ ধৈৰ্য নাইকীয়া কৰি তোলা- এইবোৰ যে উৎকৃষ্ট সৃজন আৰু পাকৈত
শিল্পীৰ কৌশল তাত কাৰো দ্বিমত নাই ৷ বুকুত বহু অৰ্থ সামৰি লৈয়ো পেইণ্টিং এখন সৰল হ’ব
পাৰে, প্ৰাথমিক দৰ্শনতে
দৰ্শকৰ চকু ছাত মাৰি ধৰিব পাৰে ৷ যি গভীৰ ৰহ্স্য (মই ‘অৰ্থ’ বুলি কোৱা নাই) শিল্পীয়ে ছবিখনত প্ৰক্ষেপ কৰিছে (সকলোকে সামৰি লোৱা ভুল হ’ব-
কাৰণ বহু শিল্পীয়ে তেওলোকৰ সাক্ষাৎকাৰত অৰ্থৰ প্ৰাধান্যক নস্যাৎ কৰিছে) সেয়া
উপলব্ধি কৰিব নোৱাৰিলেও শিল্পকৰ্ম এটা দেখা মাত্ৰকে মনলৈ যি অজান তৰংগ
স্ৰোত বৈ যায় সেয়া কলাৰ বোধৰ জটিলতাৰ বাহিৰত এক অন্যন্য প্ৰাপ্তি ৷ কিন্তু যিমানেই
এই কলাবোধৰ আলোচনালৈ সোমাই গৈ থাকিব সিমানেই সেয়া যে পৰ্যাপ্ত নহয়, পতিয়ন যাব ৷ তেন্তে আপোনাৰ মনলৈকো
এই প্ৰশ্নটো ইমান পৰে আহিলনে ! যে পেইণ্টিংবোৰ কিয় ইমান জটিল৷ আচলতে ই জটিলনে !
বিংশ শতিকাৰ আৰম্ভণিতে মূৰ দাঙি উঠা শিল্পৰ এটা ধাৰা হিচাপে বিমূৰ্ত চিত্ৰকলাই ইতিমধ্যেই পৰম্পৰাগত প্ৰতিনিধিত্বমূলক শিল্পৰূপৰ পৰা এক বিশেষ বিচ্যুতিক প্ৰতিনিধিত্ব কৰিছে। ভৌতিক আকৃতি চিত্ৰিতকৰাৰ পৰিৱৰ্তে বিমূৰ্ত চিত্ৰকলাত শিল্পৰ অন্তৰ্নিহিত উপাদান ৰূপ, ৰং, ৰেখা, গঠন আৰু ৰচনাৰ ওপৰতহে অধিক গুৰুত্ব আৰোপিত হ’ল। এই দিশসমূহ কঢ়িয়াই বিমূৰ্ত চিত্ৰকল্পই দৰ্শকৰ মাজত অপূৰ্ব আৱেগ, ধাৰণা বা অনুভূতিৰ সৃষ্টি কৰিবলৈ সক্ষম হ’ল ৷ পৰম্পৰাগত স্বাদৰ পৰা
আতৰি ৰসিকৰ বাবে ই এক নতুন ফ্লেভাৰ হৈ ধৰা দিলেহি ৷
কম্পোজিচন ভি, ৱাচিলি কেণ্ডিনস্কি (১৯১১) (বিমূৰ্ত) |
৩ নং চহৰৰ খিৰিকী, ৰবাৰ্ট ডেলাউনে (১৯১২) (বিমূৰ্ত) |
শিল্পৰ প্ৰসংগত ‘বিমূৰ্ত’ শব্দটোৰ অৰ্থ– সম্পূৰ্ণ,
স্পষ্ট বা নিৰ্দিষ্টৰ পৰা পৃথক একধৰণৰ ‘বিশেষ
কিবা’ এটাক বুজায়। এই ‘বিশেষ
কিবা’-ই বৰ ৰহস্যময়, অজাগতিক, অতিলৌকিক ধৰণৰ যদিও ইয়াৰ অৰ্থ গ্ৰহণ জাগতিক, ইন্দ্ৰীয়গ্ৰাহ্য৷ বিমূৰ্ত চিত্ৰত স্পষ্ট বিষয়বস্তু নাথাকেই, তাৰ পৰিৱৰ্তে
অপ্ৰতিনিধিত্বশীল উপাদান অন্বেষণ ইয়াত গুৰুত্বপূৰ্ণ হৈ পৰে? ই দেখাত প্ৰতীক- কল্পচিত্ৰ
যেন লাগিলেও কিন্তু সেয়া নহয়৷ আব্দুল মালিকৰ গল্পৰ আজোখা চোলাটো, নীলমণি ফুকনৰ কবিতাৰ ঢেকীয়াৰ আঙুলি, সৌৰভ কুমাৰ
চলিহাৰ অশান্ত ইলেকট্ৰণ কেইটি, অজিৎ বৰুৱাৰ গুণ গুণ ধোঁৱাৰ
কুণ্ডলি- আটাইবোৰে মনত এক বিশেষ আবেগ সঞ্চাৰিত কৰে ঠিকেই, সেই
আবেগত আমাৰ মনত বিষয়ৰ কিছু হলেও স্পষ্ট ধাৰণা এটা আমি লৈ স্বস্তিৰ নিশ্বাস এটা
এৰিব পাৰোঁ সঁচা; কিন্তু বিমূৰ্ত চিত্ৰৰ বেলিকা
তেনে ভাব সঞ্চাৰ কৰিব পৰা একো ধাৰণাই, একো প্ৰতীকেই আমি উশাহত টানি
লব নোৱাৰোগৈ, যি গৈ আমাৰ মন মগজুত ক্ৰিয়া কৰিব৷ কাৰণ ইয়াত অপ্ৰতিনিধিত্বশীল উপাদানহে সাৰ৷
তেন্তে আমি বিমূৰ্ত চিত্ৰএখনত কি দেখা পাওঁ! আমি কি চাওঁ! তাতে প্ৰতিনিধিত্বমূলক বস্তুনিষ্ঠতাৰ পৰা এই বিচ্যুতি শিল্পী
মাত্ৰেই সুকীয়া সুকীয়া ৰূপত উপস্থাপিত হয় ৷ ইয়াত শিল্পীৰ অনন্য দৃষ্টিভংগী আৰু
সৃষ্টিশীলতাহে গুৰুত্বপূৰ্ণ ৷ তাৰ মানে দৰ্শকৰ মন আৰু দৃষ্টি সেই অনন্য সৃষ্টিশীলতা ভেদি পাৰহৈ যাব
লাগিবনে!
জিন-ফ্ৰান্সোৱা মিলেট, “দ্য গ্লিনাৰ্ছ” (১৮৫৭) (বাস্তৱবাদ)
|
বিমূৰ্ত চিত্ৰসমূহৰ এনে প্ৰকৃতিৰ আঁৰত নিহিত হৈ আছে শিল্পীয়ে প্ৰতিনিধিত্বমূলক উপাদানসমূহ
পৰিত্যাগ কৰাৰ সচেতন সিদ্ধান্ত। এনে কৰি তেওঁলোকে বিষয় একোটাক মূৰ্ত ধাৰণাৰ পৰা আঁতৰাই আনি বিমূৰ্ত
কৰিবলৈ উঠি পৰি লাগে! আৱেগিক আৰু বৌদ্ধিক প্ৰকাশৰ
বাহন হিচাপে ৰূপ, ৰং আৰু ৰচনাৰ
অন্বেষণক অগ্ৰাধিকাৰ দিয়ে। বস্তুনিষ্ঠ প্ৰতিনিধিত্বৰ পৰা এই ইচ্ছাকৃত বিচ্যুতিই
শিল্পীক ব্যক্তিগত ব্যাখ্যা আৰু শিল্পকৰ্মৰ প্ৰতি ব্যক্তিগত সঁহাৰিৰ ওপৰত গুৰুত্ব
আৰোপ কৰি বিষয়ভিত্তিক জগতখনলৈ গতি কৰায়৷
এতিয়া ই বিষয়নিষ্ঠ হৈ নাথাকেগৈ আৰু ব্যক্তিনিষ্ঠ অন্বেষণৰ এক ৰহস্যময় যাত্ৰালৈ
পৰিণত হয়৷
বিমূৰ্ত চিত্ৰকলাক
বুজি উঠাটোৱেই সাধাৰণ
দৰ্শকৰ বাবে যেন - এক প্ৰত্যাহ্বান৷ অৱশ্যে চিনাকি বিষয়বস্তু আৰু ব্যাখ্যাৰ বিষয়ভিত্তিক
প্ৰকৃতিৰ পৰা বিচ্যুতিৰেই ইয়াৰ সমাধান সূত্ৰৰ সম্ভেদও দিছে৷ দৰ্শকক পথ প্ৰদৰ্শন কৰিবলৈ স্পষ্ট দৃশ্যগত ইংগিত আৰু চিনাকি বস্তৰ ৰিজনি আনি দিয়া প্ৰতিনিধিত্বমূলক শিল্পৰ দৰে ই নহয়৷ বিমূৰ্ত শিল্পৰ বাবে দৰ্শকে শিল্পকৰ্মৰ
অৰ্থ উলিয়াবলৈ নিজৰ আৱেগ, পূৰ্বঅভিজ্ঞতা আৰু ধাৰণাক একবিন্দুত প্ৰক্ষেপ
কৰিব লাগিব। চিনাকি বস্তু বা আকৃতিৰ
অনুপস্থিতিয়ে কিছুলোকক শিল্পকৰ্মটোৰ কাষ চাপিবলৈ বিৰাটেই দিগদাৰি দিব৷
ই ৰসাস্বাদনৰ পথত আহুকলীয়া খাল৷ চিনাকি ৰূপ-আকৃতিৰ অনুপস্থিত মনত ধাৰণা একোটাৰ
সৃষ্টি কৰি লোৱা- এইটো আকৌ কেনেকৈ সম্ভৱ ! এনে সমস্যা স্বাভাৱিক৷ ই ধৰ্মীয় দৰ্শনৰ
নিৰাকাৰ পৰমব্ৰহ্ম উপলব্ধিৰ দৰেই জটিল৷ কাৰণ ইয়াত সেই উপলব্ধিৰ বাবে কোনো মূৰ্ত
প্ৰতিমা নাই৷ ই মানসপটত গঢ়লৈ ইন্দ্ৰীয়াতীত এক অনুভূতিহে৷ তেনে পৰি প্ৰেক্ষিতত এনে
বিমূৰ্ত কলাবোৰ চালে বিচ্ছিন্ন বা অনিশ্চিত অনুভূতি অনুভৱ কৰিব পাৰে। বিমূৰ্ত চিত্ৰকলাই অধিক গুৰুত্ব আৰু সঁহাৰিৰ সময় দাবী কৰে, কিয়নো ই দৰ্শকৰ নিজৰ বিষয়ভিত্তিক অভিজ্ঞতা, আৱেগ আৰু সাংস্কৃতিক পটভূমিৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰ কৰে। এই বিষয়ভিত্তিকতাই
বিশেষকৈ অধিক প্ৰতিনিধিত্বমূলক শিল্পৰূপত অভ্যস্ত দৰ্শকৰ বাবে অস্পষ্টতা আৰু
অনিশ্চয়তাৰ অনুভূতিৰ সৃষ্টি কৰিব পাৰে। ব্যক্তিৰ দৰ্শকৰ আভিজ্ঞতাৰ সীমা সংখ্যা নাথাকে, ছবি এখন চালে একেসময়তে
বিচিত্ৰ আভিজ্ঞতাই মনত জুলুম দি ধৰে, ফলৰ বিমূৰ্তকলা বিলাক
এইটো এনে হয় নে? এনে হয় নেকি? এনেহে হয়
? এইটো হ’ব পাৰে ? এনে দুদোল্যমান পৰিৱেশত দৰ্শক সোমাই পৰে৷
তেন্তে কি এই কৌশল যিয়ে বিমূৰ্ত চিত্ৰকলাক বুজি উঠাত আৰু আগ্ৰহ বৃদ্ধি কৰাত সহায় কৰে। অভিজ্ঞতাক চালিজাৰি চোৱা আৰু মুকলি মনেৰে
বিমূৰ্ত শিল্পৰ কাষ চাপিব পৰাটোৱেই ইয়াৰ প্ৰথম সমাধান সূত্ৰ। সুনিৰ্দিষ্ট আখ্যান একোটাৰ পৰা নিজকে
আতৰাই ৰাখি শিল্পকৰ্মটিক আৱেগ আৰু অনুভূতিৰে মনত কঢ়িয়াই লৈ ফুৰা- ই আমাৰ পৰৱৰ্তী
কছৰৎ৷ কলাটি পৰ্যবেক্ষণ কৰি আৰু ৰং, ৰূপ, টেক্সচাৰ আৰু ৰেখাৰ আনুষ্ঠানিক উপাদানসমূহৰ প্ৰতি মনোযোগ দি দৰ্শকে নিজৰ
বিষয়ভিত্তিক অভিজ্ঞতাৰ ভিত্তিত সংযোগস্থাপন কৰিব পাৰে৷ বিমূৰ্ত শিল্পৰ সৈতে নিজৰ আৱেগৰ সংযোজিত কৰাৰ চেষ্টাই এই জটিলতাৰ পৰা দৰ্শকক মুক্তি
দিব৷ এই প্ৰেচেষ্টা কিমান দূৰ সফল হৈছে তাক দৰ্শকে নিজে উমান পাই থাকিব। সময়ভেদে একেখন ছবিকে
এটা বিৰতিত চাই থাকিলে প্ৰতিটো দৰ্শনতে মনত নতুন নতুন অনুভূতি উদয় হ’ব৷ বিমূৰ্ত চিত্ৰকলাৰ লক্ষ্য পোনতেই আবেগিক; আৱেগ প্ৰকাশ কৰা আৰু দৰ্শকক শিল্পকৰ্মই ব্যক্তিনিষ্ঠ সুকীয়া
আবেগ জগাই তোলে৷ নিজৰ অভিজ্ঞতা আৰু অনুভূতিৰ সৈতে শিল্পকৰ্মক সংযোজিত কৰিব পাৰিলে দৰ্শকৰ মনত স্বকীয় ব্যাখ্যাৰ সৃষ্টি হ’ব৷
উপলব্ধি গভীৰ কৰিবলৈ বিমূৰ্ত শিল্প আৰু ইয়াৰ বিভিন্ন শৈলী আৰু গতিধাৰাৰ বিষয়ৰ অধ্যয়নে সহায় কৰে৷ বিমূৰ্ত শিল্পৰ সৃষ্টিৰ ঐতিহাসিক-সামাজিক প্ৰেক্ষাপট আৰু শিল্পীৰ মনোজগতৰ বতৰাৰ ইংগিত বা পৰিচয় থাকিলে যি অন্তৰ্দৃষ্টি উদয় হ’ব সি এনে বিমূৰ্ত কলাক বুজি উঠাত সহায়
কৰিব৷ শিল্পীৰ জীৱন, কলাত্মক প্ৰভাৱ, সাংস্কৃতিক আৰু ঐতিহাসিক পৰিৱেশ অন্বেষণ কৰিলে শিল্পকৰ্মৰ আঁৰৰ প্ৰেৰণাসমূহৰ জলজল পটপটকৈ ওলাই পৰিব আৰু দৰ্শকৰ মনত এই বিমূৰ্ততাৰ এক
মূৰ্তধাৰণাই গা কৰি উঠিব৷
শিল্পীসকলৰ বিমূৰ্ত শিল্প সৃষ্টিৰ প্ৰেৰণাও বহুমাত্ৰিক। বহু শিল্পীয়ে বাস্তৱ
প্ৰতিনিধিত্বৰ ক্ষেত্ৰত নিজৰ সীমাবদ্ধতা অনুভৱ কৰিব পাৰে৷ তেনে শিল্পীৰ
স্বাধীনতা হ’ল- বিশুদ্ধ ৰূপ আৰু ৰঙৰ অন্বেষণ কৰা৷ নিৰ্দিষ্ট বস্তু বা আকৃতি চিত্ৰিত কৰাৰ প্ৰয়োজনীয়তা আঁতৰাই শিল্পীসকলে
বিমূৰ্ত উপাদানৰ প্ৰকাশভংগীৰ সম্ভাৱনাৰ ওপৰত গুৰুত্ব দিয়ে৷ এই স্বাধীনতাই দৰ্শকৰ আৱেগ উত্তেজিত কৰিলৈ পৰ্যাপ্ত৷ দৰ্শকৰ বাবে এক অনন্য চমৎকাৰী চাক্ষুক অভিজ্ঞতা সৃষ্টি কৰিবলৈকে শিল্পীয়ে কৌশলেৰে, টেক্সচাৰ আৰু ৰঙৰ
সৈতে পৰীক্ষা-নিৰীক্ষাত ব্ৰত হয়৷
তেন্তে এটা কথা স্পষ্ট হ’ল যে - বিমূৰ্ত চিত্ৰকল্পই শিল্পৰ গতানুগতিক ধাৰণাক
প্ৰত্যাহ্বান জনায় আৰু দৰ্শকক ইয়াৰ সৈতে অধিক বিষয়ভিত্তিক আৰু ব্যক্তিগত
পৰ্যায়ত জড়িত হ’বলৈ উদ্যত কৰে৷ বিমূৰ্ত চিত্ৰকলা বুজিবলৈ মুকলি মন আৰু ব্যক্তিগত অন্বেষণৰ প্ৰয়োজন হয় যদিও বিমূৰ্ততাৰ মাজতেই দৰ্শকে নিজৰ আৱেগ, ধাৰণা আৰু অভিজ্ঞতাৰ সৈতে সংযোগ স্থাপন কৰিবলৈ ভাল পায়৷ শিল্পকৰ্ম পৰ্যবেক্ষণ কৰা, আৱেগৰ সৈতে সংযোগ স্থাপন কৰা, প্ৰসংগ বিচৰা, আৰু মনৰ সৈতে আলাপত লিপ্ত হোৱাৰ কৌশল ব্যৱহাৰ কৰি
দৰ্শকে বিমূৰ্ত শিল্পৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ আৰু উপলব্ধি সহজ আৰু ৰসাল কৰিব পাৰে। শিল্পীসকলৰ বিমূৰ্ত শিল্প সৃষ্টিৰ আঁৰৰ প্ৰেৰণা ভিন্ন যদিও প্ৰায়ে ইয়াক সৃষ্টিশীল আকাংক্ষাৰ স্বাধীনতা, শিল্পৰ গতানুগতিক ধাৰণাসমূহৰ প্ৰতি প্ৰত্যাহ্বান আৰু
জটিল আৱেগ বা ধাৰণাসমূহ প্ৰকাশৰ আহিলা হিচাপে ই সকাহ
দিলে৷
তাৰিকু শ্বিফেৰাও, ব্ৰেথ এণ্ড ষ্টপ (কিউ-টিপ), ২০১৭। স্প্ৰে পেইণ্ট, এক্ৰিলিক, ভিনাইল (বিমূৰ্ত) |
বিমূৰ্ত শিল্পই শিল্পীসকলক শিল্পৰ গতানুগতিক ধাৰণাৰ প্ৰতি অনীহা আৰু
সৃষ্টিশীলতাৰ সীমাৱদ্ধতাক নেওচি নতুন অনুভূতি সংৰচনাৰ এক পৰিকাঠামো সৃষ্টি কৰাত সহায় কৰে৷ এনে
স্বাধীনতাত ঊনবিংশ শতিকাৰ পৰৱৰ্তী কালৰ শিল্পীযকলে নতুন মনোজগত ৰূপায়ণৰ সুবিধা পালে। প্ৰতিনিধিত্বমূলক
ৰূপৰ পৰা আঁতৰি আহি শিল্পীসকলে নতুন সম্ভাৱনা, কৌশল আৰু অগতানুগতিক ৰচনাৰ সন্ধান কৰিলে৷ এই
পৰীক্ষা-নিৰীক্ষাৰ ফলত পৰম্পৰাগত কলাত্মক নীতি-নিয়মক প্ৰশ্ন কৰাৰ পৰিৱেশ এটা আহি পৰিল আৰু চিন্তা-উদ্দীপক শিল্পকৰ্মৰ সৃষ্টি হ’বলৈ ধৰিলে৷ বস্তুৰ প্ৰতিনিধিত্বমূলক ফৰ্মৰ সংৰচনাতকৈ এই বিমূৰ্ত কলাই যেন
শিল্পী আৰু দৰ্শকৰ বাবে কলাক আৰু মুক্ত, বিশালৰূপত দাঙি
ধৰবিলৈ, বুজি উঠিবলৈ সুযোগ দিলে৷ অৰ্থৰ স্থূল সীমাডাল
নাইকীয়া হৈ শিল্প মুক্ত হৈ পৰিল৷ বিমূৰ্ত শিল্পই
শিল্পীসকলৰ বাবে জটিল আৱেগ, ধাৰণা বা ধাৰণাসমূহ
প্ৰকাশ কৰাত সহায় কৰে যিবোৰ হয়তো প্ৰতিনিধিত্বমূলক মাধ্যমৰ
জৰিয়তে সহজে প্ৰকাশ কৰিব পৰা হোৱা নাছিল। বাস্তৱ
উপাদানসমূহক বিমূৰ্ত কৰি শিল্পীসকলে নিজৰ কলাত্মক দৃষ্টিভংগীক গভীৰ সত্তা বা অৰ্থ
প্ৰকাশক কৰি গঢ় দিলে। বিমূৰ্ত শিল্পৰ অস্পষ্টতা আৰু মুক্ত ব্যাখ্যাৰ
ওপৰত গুৰুত্ব দিয়াটোৱে দৰ্শকক ব্যক্তিগত পৰ্যায়ত শিল্পকৰ্মৰ সৈতে জড়িত হ’বলৈ আমন্ত্ৰণ জনায়, বিমূৰ্ত ৰূপসমূহৰ ভিতৰত নিজৰ নিজৰ সংযোগ আৰু অৰ্থ বিচাৰি
উলিয়াবলৈ উদ্যত কৰায়। ই কলাৰ ৰসাস্বাদানৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ লগতে শিল্পৰ সৈতে জড়িত
হবলৈকো দৰ্শকক উচতনি দিয়ে৷
সহায়ক গ্ৰন্থপঞ্জী
1. Arnheim, R.
(2004). Art and Visual Perception: A Psychology of the Creative Eye. University
of California Press.
2. Greenberg, C.
(1993). The Collected Essays and Criticism, Volume 4: Modernism with a
Vengeance, 1957-1969. University of Chicago Press.
3. Guillaumie, L.
(2017). The Language of Abstraction: Artistic Patterns of Communication in
Abstract Painting. Frontiers in Psychology, 8, 1517.
4. Hopkins, D.
(2006). After Modern Art: 1945-2000. Oxford University Press.