অন্যযুগ/


বিজ্ঞানমনস্কতা আৰু শংকৰদেৱ : প্ৰেক্ষিত নামঘৰ প্ৰসঙ্গ

 মঞ্জু দাস

 

প্ৰস্তাৱনা :


বিজ্ঞানমনস্কতা হল বৈজ্ঞানিক মনোবৃত্তি, যুক্তিবাদী মননশীল চৰ্চা আৰু বিচাৰাত্মক চিন্তাৰ পদ্ধতিগত কৌশল৷ কোনো এটা বিষয়ত এক কথাত সহমত প্ৰকাশ নকৰি সংশয় প্ৰকাশৰ দ্বাৰা যুক্তিনিষ্ঠাভাৱে আৰু বিচাৰ-বিশ্লেষণ কৰাই হল বিজ্ঞানমনস্কতা৷ নিৰন্তৰ প্ৰশ্নশীলতা আৰু অনুসন্ধিৎসা বিজ্ঞানমনস্কতাৰ বৈশিষ্ট্য৷ বিজ্ঞানমনস্কতাৰ বাবে কোনো ব্যক্তি বিজ্ঞানৰ ছাত্ৰ বা গৱেষক হব নালাগে৷ সাধাৰণ ব্যক্তি এগৰাকীও বিজ্ঞানমনস্ক হব পাৰে৷ তেওঁ জীৱন-জগতৰ ঘটনা-পৰিঘটনাবোৰ সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিব পাৰিব লাগিব৷


পঞ্চদশ শতিকাৰ ভাৰতীয় নৱবৈষ্ণৱ আন্দোলনৰ এগৰাকী কাণ্ডাৰী পুৰুষ শ্ৰীশ্ৰীশংকৰদেৱ৷ তেখেতৰ কৰ্মৰাজি আৰু সৃষ্টি সমূহৰ অসাধাৰণত্বই আজিৰ সময়তো  আৰু ভৱিষ্যতলৈও প্ৰাসঙ্গিক হৈ থাকিব৷ তেখেতৰ সৃষ্টি আৰু কৰ্মৰ লক্ষ্য ধৰ্ম প্ৰচাৰতে সীমাৱদ্ধ নকৰি সমাজৰ ঐক্য, সংহতি, উন্নতি সাধন কৰি জনজীৱনৰ মঙ্গল কামনাৰ লগতে প্ৰাকৃতিক পৰিৱেশ আদিৰ উন্নত বাতাৱৰণ সৃষ্টিৰ ওপৰতো গুৰুত্ব দিছিল৷ তেখেতৰ সৃষ্টি-কৰ্মৰাজিৰ মাজেৰে প্ৰকৃতি সচেতনতা, পৰিৱেশ সুৰক্ষা, জনস্বাস্থ্য সচেতনতা আদি বিভিন্ন দিশৰ প্ৰতিফলন ঘটিছে৷ সংস্কাৰমুক্ত, মুকলিমনা, সংশয়বাদী, জিজ্ঞাসু, বিজ্ঞানসন্মত যুক্তি আৰু প্ৰমাণৰ ওপৰত নিৰ্ভৰশীল শংকৰদেৱ আছিল এৰাকী বিজ্ঞানমনস্ক ব্যক্তি৷


সকলো অধ্যয়নৰ আঁৰত একোটা উদ্দেশ্যই ক্ৰিয়া কৰি থাকে৷ আমাৰ এই অধ্যয়নৰ আঁৰতো এক উদ্দেশ্য আছে৷ শংকৰদেৱে নামঘৰ প্ৰতিষ্ঠাৰ দ্বাৰা গণতান্ত্ৰিক পৰম্পৰা প্ৰতিষ্ঠাৰ লগতে এক সুস্থ জীৱন-জীৱিকাৰ বাতাবৱণৰ সৃষ্টি কৰিছে৷ আধ্যাত্মিক, নৈতিক আৰু কলাবিদ্যা চৰ্চাৰ থলী নামঘৰৰ ৰীতি-নীতি, কৰ্ম-কাৰ্যৰ মাজেৰে বিজ্ঞানমনস্কতাৰ পৰিচয় দাঙি ধৰিছে৷ শৰীৰ আৰু আত্মাৰ উৎকৰ্ষ সাধানৰ বাবে যোগাসনৰ প্ৰয়োজন৷ তেখেতে সত্ৰীয়া নৃত্য, মাটি আখৰাৰ চৰ্চা আৰু অনুশীলনৰ দ্বাৰা যোগ চৰ্চাৰ গুৰুত্ব উপলদ্ধি কৰিছিল৷ তেখেতৰ কৰ্ম আৰু ৰচনাৰাজিৰ মাজত প্ৰতিফলিত প্ৰকৃতি আৰু পৰিৱেশ বিষয়ক চিন্তা-চৰ্চা সম্প্ৰতি অতি গুৰুত্বপূৰ্ণ বিষয় হিচাপে পৰিগণিত হৈ পৰিছে৷


আমাৰ এই আলোচনাত শংকৰদেৱ সৃষ্ট নামঘৰৰ কাৰ্যপ্ৰণালী বিশ্লেষণ তথা ৰীতি-নীতি, মাহ-প্ৰসাদ, সাজ-সজ্জা আদিৰ লগতে জনস্বাস্থ্য সচেতনতা আৰু পৰিৱেশ সচেতনতাক পৰ্যবেক্ষণ আৰু বিশ্লেষণাত্মক পদ্ধতিৰে বিষয়টোৰ পৰিসৰ সামৰি লোৱা হৈছে৷


নামঘৰ :


মহাপুৰুষজনাৰ সৃষ্ট নামঘৰৰ অসমীয়া জাতীয় সংস্কৃতিৰ যাদুঘৰ, জাতীয় ভাওনা ঘৰ৷ এই ভাওনা ঘৰ ধনী, দুখীয়া সকলোৰে নিমিত্তে কঠ-কুঁহিলাৰ আসন৷ সুকুমাৰ কলাৰে বেষ্টিত নৈতিক, আধ্যাত্মিক আৰু সামাজিক শিক্ষাৰ কৰ্ষণ থলী৷ গুৰুজনাৰ নৱবৈষ্ণৱ আন্দোলনৰ নিয়ন্ত্ৰণ কক্ষ নামঘৰ ব্যক্তি আৰু সমাজ নিৰ্মাণৰ বিজ্ঞানসন্মত এক ক্ষেত্ৰ৷ কিছুমান নীতি-নিয়মৰ বেলিকাও কিছু বাধ্যবাধ্যকতা পালন কৰিবলৈ তেখেতে সকলোৰে বাবে আহ্বান জনাইছিল৷ নাম গোৱাৰ সময়ত যাতে পৱিত্ৰতা বৰ্তাই ৰাখিব পাৰে, তাৰ বাবে নাম গোৱা ভকতসকলৰ মাজত বাক্য প্ৰয়োগৰ (ভাষা) সং, বস্ত্ৰ পৰিধানত শালীনতা ৰক্ষা কৰা, কৰ্ত্তব্যবোধৰ দায়ৱদ্ধতা, শৰীৰ আৰু মনৰ মাজত সংযোগ স্থাপন কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছিল৷ নৱভক্তিৰ অনুশীলনৰ মূল ক্ষেত্ৰ নামঘৰৰ সমস্ত ৰীতি-নীতি, কাৰ্যপ্ৰণালী বিজ্ঞানসন্মত৷ ভকতে পৰিধান কৰা বস্ত্ৰ, দেউৰী-বিলনীয়াই মুখত আৱৰণৰূপে ব্যৱহাৰ কৰা কাপোৰ, পদ্মাসন কৰি বহি নাম-লগোৱা, মাহ-প্ৰসাদৰ সামগ্ৰী, কঠ, ঢাৰি বা কুঁহিলা পাৰি মাটিত বহি নাম কীৰ্তন কৰা, হাত চাপৰি বজাই নাম প্ৰসঙ্গ কৰা আৰু নামঘৰৰ গঠন প্ৰণালী সকলো বিজ্ঞানসন্মত৷ গুৰুজনাই অতি দূৰদৃষ্টিৰে বিজ্ঞানসন্মতভাৱে এই কৰ্ম-কাৰ্যসমূহৰ ব্যৱহাৰ দেখুৱাই বিজ্ঞানমনস্কতাৰ পৰিচয় দি থৈ গৈছে৷


জনস্বাস্থ্য :


ভক্তসকলে পৱিত্ৰ অনুষ্ঠান নামঘৰত প্ৰৱেশ কৰোঁতে গা-পা ধুই পৰিষ্কাৰ শুভ্ৰ বস্ত্ৰ পৰিধান কৰাৰ নিয়ম অদ্যাপি প্ৰচলিত হৈ আছে৷ সাধাৰণতে ভকতসকলে ধূতি বা চুৰিয়া, চেলেং চাদৰ আৰু গামোচা পৰিধান কৰে৷ ধূতি শব্দৰ অৰ্থ ধোত অৰ্থাৎ সংস্কাৰ, চাদৰ হৈছে দয়াৰ প্ৰতীক আৰু গামোচাখন প্ৰেমৰ প্ৰতীক হিচাপে ধৰা হয়৷ এই তিনিওখন বস্ত্ৰ শুভ্ৰ অৰ্থাৎ বগা৷ এই শুভ্ৰ বস্ত্ৰই সাত্বিক ভাব সৃষ্টি কৰি মনলৈ প্ৰশান্তি আনে৷ মনৰ প্ৰশান্তিয়ে মানুহক স্থিৰ আৰু দৃঢ় কৰি তোলে৷ সুস্থিৰ মনে সাৰ্থকতা লাভ কৰে৷


নামঘৰলৈ গৈ ভকতসকলে নাম-কীৰ্তন কৰোঁতে কঠ বা ঢাৰিত বহি লয়৷ এই আসনবোৰ কুঁহিলা, কলঠৰুৱা অথবা বাঁহৰ কাঠি আদিৰ দ্বাৰা তৈয়াৰ কৰা হয়৷ এইসমূহ আসনৰ দহিকা শক্তি অতি বেছি৷ ইয়ে খাদ্যৰ পাচন ক্ৰিয়া প্ৰখৰ কৰাত সহায় কৰে৷ এনে আসনত বহিলে নাভিমণ্ডলৰ ওপৰ ভাগত থকা পাচক যন্ত্ৰক ৰক্ত সঞ্চালন প্ৰক্ৰিয়াই সক্ৰিয় কৰি তোলে৷


নাম-কীৰ্তন কৰোঁতে জোৰেৰে হাত চাপৰি বজোৱা হয়৷ চাপৰি বজাওঁতে হাতৰ আঙুলিবিলাকত চাপ পৰি সিৰা উপসিৰাৰ তেজৰ গতি বাঢ়ি যায়৷ তেতিয়া সিৰা উপসিৰাৰ মাজৰ বন্ধনবিলাক নাইকিয়া হৈ পৰে৷ আনহাতে শৰীৰৰ পৰা ঘাম বাহিৰ হৈ শৰীৰত থকা অতিৰিক্ত নিমখ আৰু বিষাক্ত ৰাসায়নিক পদাৰ্থ উলিয়াই দিয়ে৷ ইয়াৰ দ্বাৰা ভক্তসকলে বহু পৰিমাণে যোগ আৰু ধ্যানৰ ফল লাভ কৰে৷ লগতে শাৰীৰিক সুস্থতা আৰু মানসিক শান্তি লাভ কৰে৷


শংকৰী সংস্কৃতিৰ নিয়ম অনুসৰি ভগৱন্তৰ ওচৰত নৈৱেদ্য হিচাপে মাহ-প্ৰসাদ আগ বঢ়োৱা হয়৷ মাহ-প্ৰসাদৰ উপাদানৰ ভিতৰত বুট আৰু মগুমাহ, আৰৈ চাউল, আদা, নিমখ, কুঁহিয়াৰ, কল আদি প্ৰধান৷ এই উপকৰণবোৰৰ খাদ্যগুণ অতি গুৰুত্বপূৰ্ণ৷ এইবোৰ বিভিন্ন ৰোগনাশক আৰু সৌন্দৰ্যবৰ্ধকো৷ কেঁচা মগু সৰ্বাধিক প্ৰতিজাৰক (High Antioxidant) আৰু ই দীৰ্ঘদিনীয়া ৰোগ উপমত সহায় কৰে৷ ই কলেষ্টেৰেলৰ মাত্ৰাও হ্ৰাস কৰে৷ মগুত পটাছিয়াম, মেগনেছিয়াম আদি থাকে বাবে ৰক্তচাপ বহু পৰিমাণে কমাই ৰাখিব পাৰে৷ ইয়াৰ বাহিৰে মগুত কেইবাবিধো ভিটামিনো থাকে৷


কেঁচা আদাত জৈৱ মিশ্ৰ জিনজাৰল (Gingerol) থাকে৷ ইয়াৰ অসংখ্য চিকিৎসা বিষয়ক ধৰ্ম আছে৷ আদাই শৰীৰৰ কোনো ঠাই ফুলি বা উখহি উঠা কাৰ্যক নিৰাময় কৰে৷ তাৰ উপৰি ই হজম ক্ৰিয়াত বহু পৰিমাণে সহায় কৰে৷ আদা খালে পাকান্দ্ৰিয়ৰ কৰ্কটৰোগত বাধা প্ৰদান কৰে তথা চিকিৎসাৰ ক্ষেত্ৰত সহায়ক হয়৷


কল, কুঁহিয়াৰ আদিও প্ৰসাদৰ উপকৰণ৷ কলে শক্তি বঢ়ায় আৰু কুঁহিয়াৰে দাঁতৰ গুৰি চাফা কৰে৷ প্ৰসাদ খোৱাৰ পাছত দাঁতৰ গুৰিত সোমাই থকা সৰু সৰু প্ৰসাদৰ টুকুৰাই দাঁতৰ ৰোগৰ সৃষ্টি কৰিব পাৰে৷ কুঁহিয়াৰ খোৱাৰ লগে লগে সম্পূৰ্ণভাৱে মুখখন প্ৰক্ষালন কৰি পোলায়৷ কুঁহিয়াৰৰ ৰসত কেলছিয়াম, মেগনিছিয়াম, পটাছিয়াম, আইৰন আৰু মেংগানিজ থাকে৷ কুঁহিয়াৰৰ ৰসে কৰ্কট ৰোগ, বিশেষকৈ স্তনৰ কৰ্কট প্ৰতিৰোধ কৰিব পাৰে৷


নাম কীৰ্তনৰ অন্তত ভকতৰ মাজত প্ৰসাদ বিতৰণ কৰোঁতে দেউৰী-বিলনীয়াই মুখত কাপোৰ বান্ধি লোৱাৰ যি নিয়ম গুৰুজনাই বান্ধি দিছিল, সিও বিজ্ঞানসন্মত৷ প্ৰসাদত যাতে বিলনীয়াৰ থু, চুলি আদি নপৰে আৰু তাৰ দ্বাৰা বীজাণু ভকতৰ গালৈ নাযায়, তাৰেই ব্যৱস্থা৷


গুৰুজনাই নামঘৰক ধৰ্মৰ গণ্ডীতে আৱদ্ধ কৰি নাৰাখি সংস্কৃতিৰ বিশাল জগতখনকো ইয়াৰ লগত সম্পৃক্ত কৰিছিল৷ তেওঁ যি সত্ৰীয়া নৃত্যৰ আদৰ্শ দেখুৱাই থৈ গৈছে, তাৰ চৰ্চা হৈছিল সত্ৰৰ নামঘৰত৷ সত্ৰীয়া নৃত্যৰ মূল অংগ হৈছে মাটি আখৰা৷ মাটি আখৰাৰ লগত যোগ চৰ্চাও জড়িত হৈ আছে৷ শৰীৰ স্বাস্থ্যসন্মত কৰি তোলাত মাটি আখৰাই সহায় কৰে৷ ইয়াৰ চৰ্চা আৰু সাধনাই শৰীৰ নিৰোগী আৰু শ্ৰীবৃদ্ধিত সহায়তা কৰে৷ গুৰুজনাই যোগৰ তত্ত্বসমূহ নৃত্যৰ আখৰাত সন্নিৱিষ্ট কৰি ইয়াৰ চৰ্চা আৰু সাধনাৰ দ্বাৰা মানুহক সুস্বাস্থ্যৰ অধিকাৰী কৰি তোলাত অৰিহণা যোগাইছে৷


প্ৰকৃতি আৰু পৰিৱেশ :


গুৰুজনাই অসমৰ অশিক্ষিত জনতাৰ মাজত প্ৰকৃতি সম্বন্ধে জ্ঞান আৰু পৰিৱেশ সম্পৰ্কত এক সজাগতা আনিবলৈ চেষ্টা কৰিছিল৷ তেওঁ প্ৰকৃতিৰ ৰম্যভূমিতে শৈশৱৰ অধিক কাল অতিবাহিত কৰি নদ-নদী; পাহাৰ-পৰ্বত, গছ-গছনি, জীৱ-জন্তু আদিৰ সৈতে সহবাস কৰি প্ৰাকৃতিক পৰিৱেশৰ মাজত অসমবাসীক বসবাস কৰিবলৈ অনুপ্ৰেৰণাৰ লগতে আদৰ্শ দেখুৱাই গৈছে৷ সেয়েহে তেওঁ সত্ৰ-নামঘৰ প্ৰতিষ্ঠা কৰিছিল মুক্ত প্ৰকৃতিৰ মাজত৷ সত্ৰ-নামঘৰৰ চাৰিওফালে শিলিখা, নিম, আমলখি, তাল, বেল, কল, নাৰিকল, আম, কঁঠাল, জামু, পনিয়ল, তুলসী, বকুল আদি বিভিন্ন ফল-ফুলৰ গছ ৰোপণ কৰি এক অনুকূল পাৰিপাশ্বিৰ্ক পৰিৱেশৰ বাতাবৰণ সৃষ্টি কৰিছিল৷ উল্লেখ্য যে এনে ধৰণৰ ফলদায়ী আৰু ঔষধি গুণ সম্পন্ন পৰিৱেশ কল্যাকাৰী গছ ৰোপণ কৰি প্ৰাকৃতিক ভাৰসাম্য বৰ্তাই ৰখা হৈছিল৷ গুৰুজনাই পঞ্চদশ শতিকাতে এগৰাকী পৰিৱেশ বিজ্ঞানীৰ দৰেই মানুহক সচেতন কৰি তুলিছিল৷


সম্প্ৰতি বিশ্বত Global Warming অৰ্থাৎ গোলকীয় উষ্ণতা বৃদ্ধিৰ কাৰণ হিচাপে প্ৰকৃতিৰ বিনন্দীয়া পৰিৱেশ বিনষ্টকৰণ বুলি সকলোৱে স্বীকাৰ কৰিছে৷ সম্ভৱতঃ শংকৰদেৱে সেই কথা তেতিয়াই চিন্তা কৰিছিল৷ তেখেতৰ মন মগজুত তেতিয়াই ক্ৰিয়া কৰিছিল৷ সেয়ে তেখেতে এক প্ৰাকৃতিক সেউজ বাতাবৰণৰ পৰিৱেশ গঢ়ি তুলিবলৈ গছ-গছনি ৰোপণ কৰাৰ লগতে তেখেতৰ সাহিত্যৰাজিৰ মাজেৰেও ইয়াৰ সুমধুৰ বৰ্ণনা কৰি পাঠকক উদ্ধুদ্ধ কৰিছিল৷ তেওঁৰ দশমপুথিৰ অন্তৰ্গত বৰ্ষা বৰ্ণন’, ‘শৰৎ বৰ্ণন’ ‘শ্ৰীকৃষ্ণৰ জন্ম’, ‘শ্ৰীকৃষ্ণৰ বনভোজলৈ গমনআদি অধ্যায়বোৰত অসমৰ প্ৰাকৃতিক পৰিৱেশৰ জীৱন্ত আৰু সজীৱ চিত্ৰই পৰিৱেশ সচেতনতাৰ স্বাক্ষৰ বহন কৰিছে৷ তেখেতে ভৱিষ্যতৰ এক সেউজীয়া ধৰণীৰ প্ৰতি মানুহক সজাগ কৰি তুলিছে৷


 উপসংহাৰ :


গুৰুজনাই প্ৰতিষ্ঠা কৰা সত্ৰ-নামঘৰকে ধৰি নাম গোৱাৰ পৰা আৰম্ভ কৰি ভকত-বৈষ্ণৱসকলে পৰিধান কৰা পোছাক, মাহ-প্ৰসাদ বিতৰণ, বহা আসনলৈকে সকলোতে তেওঁৰ বিজ্ঞানমনস্কতা সাঙোৰ খাই আছে৷ ওপৰে ওপৰে চালে চকুত নপৰে যদিও সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰিলে এইবোৰৰ মাজত ইমান উচ্চ পৰ্যায়ৰ বিজ্ঞানমনস্কতা সোমাই আছে, ভাৱিলে আচৰিত লাগে৷


শংকৰদেৱৰ ধৰ্ম, আদৰ্শ পুৰামাত্ৰাই বিজ্ঞানভিত্তিক আৰু যুক্তিৰ ভিত্তিত প্ৰতিষ্ঠিত৷ ধৰ্ম প্ৰচাৰৰ উদ্দেশ্যে তেখেতে ৰচনা কৰা সাহিত্য কৰ্মৰাজিত বিজ্ঞান মানসিকতাৰ প্ৰতিফলন ঘটিছে৷ জনস্বাস্থ্য সচেতনতা, প্ৰকৃতি আৰু পৰিৱেশ সচেতনতা সৃষ্টি কৰি আধ্যাত্মিক চিন্তা-চেতনাৰে জনসাধাৰণক উদ্বুদ্ধ কৰি তুলিছিল৷ পঞ্চদশ শতিকাতে গুৰুজনাই অশিক্ষিত জনসমাজত বোধগম্য হোৱাকৈ যি বিজ্ঞানমনস্কতা সৃষ্টিৰ বাবে সাহিত্য ৰচনা কৰিছিল, নামঘৰ প্ৰতিষ্ঠা কৰি যি আদৰ্শ দেখুৱাইছিল তাৰ প্ৰাসঙ্গিকতা আজিৰ সমাজৰ বাবে অনস্বীকাৰ্য৷

 

***

 

প্ৰসঙ্গটোকা :

       ১. বিৰিঞ্চি কুমাৰ বৰুৱা :  অসমীয়া ভাষা আৰু সংস্কৃতি, ১৯৮৮, পৃ. ৭৯৷

       . জগদীন্দ্ৰ ৰায়চৌধুৰী :  বাৰেক কৰোহে প্ৰণাম, ২০২১, পৃ. ৭৪৷

       . উক্ত গ্ৰন্থ, পৃ. ৭৫৷

       ৪. উক্ত গ্ৰন্থ, পৃ. ৭৬৷

 

গ্ৰন্থপঞ্জী :

দেৱগোস্বামী, পীতাম্বৰ :  প্ৰতিভা ভাস্কৰ শ্ৰীমন্ত শংকৰদেৱ, এ. কে. প্ৰকাশন, ২০০৩৷

বৰুৱা, বিৰিঞ্চি কুমাৰ :  অসমীয়া ভাষা আৰু সংস্কৃতি, জাৰ্ণাল এম্পৰিয়াম, নলবাৰী, ১৯৮৮৷

ৰায়চৌধুৰী, জগদীন্দ্ৰ   :  বাৰেক কৰোহো প্ৰণাম, চন্দ্ৰ প্ৰকাশ, গুৱাহাটী, ২০২১৷

শইকীয়া, সংগীতা (সম্পা.):  শ্ৰীমন্ত শংকৰদেৱ আৰু তেওঁৰ সময়, মিতালী অফছেট প্ৰিণ্টাৰ্ছ,  গুৱাহাটী, ২০২১৷

 

***

ঠিকনা :

সহকাৰী অধ্যাপক

দমদমা মহাবিদ্যালয়

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ