অন্যযুগ/


ভোজনৰ পতংগীকৰণ, ইতিহাস, আৰু ভৱিষ্যতৰ গ্ৰীন প্ৰ’টিন

   ভাৰত বৰুৱা



 এই ধৰাত মানৱ জাতিৰ জীয়াই থকাৰ প্ৰথম আৰু আটাইতকৈ গুৰুত্বপূৰ্ণ প্ৰয়োজনটো হ’ল খাদ্য৷ খাদ্য অবিহনে এই মানৱী দেহা অসাৰ, নিচল৷ লগতে মানৱ জীৱনৰ বিভিন্ন সময়ত, কাৰণত প্ৰয়োজনী শাৰীৰিক আৰু মানসিক কৰ্মৰাজিৰ বাবেও খাদ্যই মূল৷ শৰীৰ আৰু মগজুৰ পুষ্টিৰ বাবে মানৱে বিভিন্ন উৎসৰ পৰা বিভিন্ন খাদ্য যোগাৰ কৰাৰ কিটিপ শিকিলে৷ এই খাদ্যৰ উৎসৰ কথা আলোচনা কৰিবলৈ লওঁতে সাধাৰণতে দুটা ধাৰণা প্ৰকট হয়- আমিষ আৰু নিৰামিষ৷ পিছে আজিৰ আলোচনাত এই দুয়োটাৰ পৰাই ফালৰি কাটি এটি অগতানুগতিক দিশৰহে ব্যাখ্যা কৰিবলৈ ওলাইছোঁ৷ সেইয়া হৈছে কীট-পতংগ আমাৰ খাদ্যাভ্যাসৰ অংগ হিচাপে৷ মানৱ সভ্যতাই কীট-পতংগৰ ওপৰত নিৰ্ভৰ কৰি জীৱন নিৰ্বাহ কৰাৰ বহুল ইতিহাস বা পুৰাতাত্ত্বিক তথ্য সিমান সহজলভ্য নহয়, যিমান তথ্য জীৱ-জন্তু চিকাৰ সম্পৰ্কে পোৱা যায়৷ তাৰ কাৰণ হয়তো লিংগ-বিদ্বেষো হ’ব পাৰে৷ আদিম যুগত মানৱে যেতিয়া মূলতঃ চিকাৰ কৰি পেটৰ ক্ষুধা পূৰাইছিল, পুৰুষসকলেই চিকাৰত আগভাগ লৈছিল, যিহেতু বংশগতিৰ বাবে পুৰুষৰ শাৰীৰিক শক্তি বেছি আছিল৷ আনহাতে মহিলাসকলে মূলতঃ শিশুৰ চোৱা-মেলা কৰাৰ লগতে খাদ্য প্ৰস্তুত কৰাৰ কামত সহায় কৰিছিল৷ পিছে এই চিকাৰ বিদ্যা সহজ নাছিল, কেতিয়াবা চিকাৰ হাতলৈ নাহিছিল বা কেতিয়াবা চিকাৰ কৰি আহি পাওঁতে বহু পলম হৈছিল৷ ইফালে সেই সময়ছোৱাত যদি গৰ্ভৱতী মহিলাক বা শিশুক দুগ্ধপান কৰোৱা মহিলাক খাদ্যৰ দৰকাৰ হৈছিল তেওঁলোকে হয়তো ফল-মূল খাব লগাত পৰিছিল৷ পিছে সেই সময়ত বা সেই ঠাইত যদি ফল-মূল গোটোৱাৰ উপায় নাছিল, তেন্তে মহিলাসকলে কি কৰিছিল? ক্ষুধা নিৱাৰণৰ বাবে তেওঁলোকে নিশ্চয় অন্য ধৰণৰ খাদ্যৰ ওপৰত নিৰ্ভৰ কৰিছিল৷ উদাহৰণস্বৰূপে উঁইহাফলুৰ পৰা উঁই ধৰি খোৱা বা পৰুৱা ইত্যাদি যি পোৱা যায় তাকে খোৱা৷ পিছে এই ধৰণৰ সহজলভ্য আৰু পৰিপূৰক খাদ্য যোগাৰ কৰা কথাটোক বিশেষ গুৰুত্বপূৰ্ণ বুলি ভবা হোৱা নাছিল৷ সেইবাবেই তেনে ধৰণৰ খাদ্যৰ বিষয়ে পুৰাতাত্ত্বিক তথ্য পোৱা নাযায়৷ আনহাতে পুৰুষসকলে অশেষ কষ্ট কৰি একোটা বিৰাট জন্তু মাৰি আনি গোটেই পৰিয়াল বা গোটৰ আহাৰ যোগান ধৰিব পৰাটো এক প্ৰকাৰ উদযাপনৰ বিষয় হৈ পৰিছিল৷ তেনে দৃশ্যকে গুহাৰ দেৱালত কোনোজনে খোদিতও কৰিছিল৷ 

আদিম যুগৰ পৰাই মানৱে হয়তো কীট-পতংগক খাদ্য হিচাপে ব্যৱহাৰ কৰি আহিছে যদিও পৃথিৱীৰ সকলো অংশত বা সকলো সভ্যতাতে ইয়াক সচৰাচৰ খাদ্য হিচাপে গণ্য কৰা দেখা নাযায়৷ পিছে আজিৰ প্ৰযুক্তিৰ যুগত কীট-পতংগক আমাৰ গতানুগতিক খাদ্যৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ এক জোৱাৰ উঠিছে৷ ভোজনৰ পতংগীকৰণক লৈ বহু গৱেষণাও চলি আহিছে৷ এই যাত্ৰাৰ সূচনা কৰাসকলৰ ভিতৰত আছিল য়ুনিভাৰ্ছিটি অ’ব ৱিছকনছিনৰ মেডিছনৰ অধ্যাপক জিন ডিফ’ইয়াৰ৷ তেওঁ কুৰি শতিকাৰ সত্তৰৰ দশকত “খাদ্য হিচাপে পতংগ” নামৰ এখন পত্ৰিকা আৰম্ভ কৰিছিল৷ খাদ্যৰ পতংগীকৰণৰ এক বিপ্লবী হিচাপে ডিফ’ইয়াৰক সৰ্বসাধাৰণে সত্তৰ আৰু আশীৰ দশকত পাগল বুলি গণ্য কৰিছিল৷ পিছে তেওঁ গৱেষণাৰ ওপৰত ভিত্তি কৰিয়েই বৰ্তমানৰ গৱেষকসকলে তেওঁলোকৰ কাম আগুৱাই নিব পাৰিছে৷ গতিকে এই ক্ষেত্ৰত তেওঁ হৈছে পথপদৰ্শক৷

 

ভৱিষ্যতৰ ধাৰণক্ষম প্ৰ’টিনৰ উৎস : 

পতংগ ভোজনে ক্ষুধা, পুষ্টিহীনতা, প্ৰদূষণ ইত্যাদিৰ সমাধানত সহযোগ কৰিব– এয়া হৈছে য়ুনাইটেড নেশ্বনৰ উক্তি৷ পতংগবোৰ পৰিপূৰক হ’ব মঙহৰ-হাঁহ-কুকুৰা, গৰু-ছাগলী, গাহৰিৰ মাংসৰ৷ পুষ্টিৰ কথা ক’বলৈ গ’লে পতংগই কি ধৰণৰ পুষ্টিৰ যোগান ধৰে?  ৱেইন ষ্টেট য়ুনিভাৰ্ছিটিৰ পতংগতত্ত্বৰ অধ্যাপক জুলী লেজনিকৰ মতে, প্ৰতি গ্ৰাম পতংগ খাদ্যৰ প্ৰ’টিনৰ পৰিমাণ অন্য মঙহৰ উৎসৰ লগত প্ৰায় সমান৷ পতংগৰ পৰা পোৱা প্ৰ’টিন আৰু জীৱৰ দেহৰ প্ৰ’টিন মানৱ দেহে প্ৰস্তুত কৰিব নোৱাৰা এমিন’ এচিডবোৰৰ উৎস৷ এই জীৱদেহৰ এমিন’ এচিডবোৰ নোহোৱাকৈ মানৱ দেহে নিজে উৎপন্ন কৰা এমিন’ এচিডবোৰ ব্যৱহাৰৰ অযোগ্য৷ গতিকে আজিৰ যুগত “ভিগান” হোৱাটো কঠিন৷ কাৰণ প্ৰশ্ন এইটো নহয় যে আমি প্ৰৰ্যাপ্ত পৰিমাণ প্ৰ’টিন পাইছোনে নাই৷ প্ৰশ্ন হৈছে, আমি সেই দৰকাৰী এমিন’ এচিড কেইবিধ পাইছোনে যি কেইবিধ নোহোৱাকৈ মানৱ দেহৰ আন আন এমিন’ এচিডসমূহ কাৰ্যক্ষম নহয়৷ 

আমি যদি পতংগৰ প্ৰ’টিন আৰু অন্যান্য জীৱৰ প্ৰ’টিনৰ তুলনা কৰি চাওঁ, তেন্তে দেখিম যে কুকুৰাৰ মাংসত প্ৰায় ২০% আৰু গাহৰিৰ মাংসত ১৭ % প্ৰ’টিন থাকে৷ আনহাতে ভোজনক্ষম পূৰ্ণবয়সৰ ফৰিঙত ১৩% প্ৰ’টিন পোৱা যায়৷ পিছে ফৰিঙৰ আন এবিধ সুবিধা যে ইয়াত প্ৰায় ৭৬% কেলছিয়ামো পোৱা যায়৷ আমি যদি আন আন সন্ধিপদী বা পতংগৰ লগত তুলনা কৰোঁ উপৰোক্ত মাইক্ৰ’নিউট্ৰিয়েণ্টবোৰৰ পৰিমাণ কম বা বেছি হ’ব পাৰে৷  মুঠৰ ওপৰত প্ৰ’টিন জীৱৰ পৰাই হওক বা সন্ধিপদী পতংগৰ উৎসৰ পৰাই হওক, মানৱ দেহৰ বাবে দৰকাৰী এমিন’ এচিডৰ লগতে অন্য মাক্ৰনিউট্ৰিয়েণ্টবোৰ এনে খাদ্যৰ পৰা পোৱা যায়৷ কিন্তু আমি যদি প্ৰ’টিন উৎপাদনৰ ধাৰণক্ষমতাৰ দিশৰ পৰা তুলনা কৰোঁ তেন্তে পতংগ ভোজন বেছি ধাৰণক্ষম যেন লাগিব৷ যদি আমি পতংগৰ খেতি আৰু পশুধনৰ ফাৰ্মিঙৰ ক্ষেত্ৰত সম্পদৰ ব্যৱহাৰৰ তুলনা কৰোঁ তেন্তে পশুধনৰ ক্ষেত্ৰত বেছি সম্পদ অপচয় হয়৷ এখিনিতেই এটা কথা উনুকিয়াই থওঁ যে ইয়াত যুগুতোৱা তথ্যসমূহ মূলতে য়ুনাইটেড ষ্টেটছ অব আমেৰিকাৰ আৰু এই দেশত গৰুৰ মাংস উৎপাদন আটাইতকৈ বেছি হয়৷ এক কিল’গ্ৰাম গৰুৰ মাংসৰ উৎপাদনৰ বাবে ২০০ বৰ্গমিটাৰ ভূমিৰ প্ৰয়োজন৷ সেইদৰে গাহৰিৰ বাবে ৫০ বৰ্গমিটাৰ আৰু কুকুৰাৰ বাবে ৪৫ বৰ্গমিটাৰ ভূমিৰ দৰকাৰ৷ আনহাতে সেই সম পৰিমাণৰ ফৰিঙৰ প্ৰ’টিন উৎপাদনৰ বাবে মাত্ৰ ১৫ বৰ্গমিটাৰ ভূমিৰহে প্ৰয়োজন৷ এই পৰিসংখ্যা এই পৃথিৱীৰ ভবিষ্যতৰ বাবে অতি গুৰুত্বপূৰ্ণ বুলি বিৱেচিত হৈছে৷ আনহাতে পশুধন পালনৰ ক্ষেত্ৰত পশুৰ মানসিক ভাৰসাম্যৰ ওপৰত অধিক গুৰুত্ব দিয়া হয়। কিয়নো, প্ৰত্যেক পশুৱে নিজৰ একে প্ৰজাতিৰ হ’লেই নিজা দূৰত্ব বজাই ৰাখিব বিচাৰে৷ আনহাতে পতংগৰ মাজত তেনে ধৰণৰ লক্ষণ সাধাৰণতে দেখা নাযায়৷ একে প্ৰজাতিৰ পতংগই ইটোৱে সিটোৰ ওপৰত বগাই ঠেকা খাই থাকিয়েই ভাল পোৱা যেন দেখা যায়। আকৌ গৰুৰ ফাৰ্মিঙৰ বাবে অকল গৰুক পোহপাল দিবলৈয়েই যে ভূমিৰ দৰকাৰ হয় তেনে নহয়৷ গৰুক খুৱাবৰ বাবে বেলেগকৈ ঘাঁহ আদিৰ খেতিৰ বাবেও ভূমিৰ প্ৰয়োজন, সময় হোৱাৰ পাছত মাংসৰ যোগাৰ কৰাৰ বাবে ব্যৱস্থাৰ দৰকাৰ, বেলেগে জনবলৰ দৰকাৰ হয়৷ ইফালে ফৰিঙৰ উৎপাদনৰ বাবে একোটা গুদাম হ’লেই হয় আৰু সেই গুদামকে যদি উলম্বভাৱে স্কেলআ’প কৰা হয় তেন্তে অতি কম পৰিমাণৰ ভূমিৰহে দৰকাৰ হয়৷ আনহাতে এই পতংগবোৰে সাধাৰণতেই অন্ধকাৰ থেপাথেপি পৰিৱেশ বাৰুকৈয়েই উপভোগ কৰে৷ সেই ধৰণৰ থেপাথেপি পৰিৱেশ কুকুৰা, গাহৰি, গৰু বা ছাগলীৰ ক্ষেত্ৰত বাৰুকৈয়েই অস্বাস্থ্যকৰ৷ অস্বাস্থ্যকৰ পৰিৱেশত পশুধনৰ উৎপাদনো যথাৰীতি কম হ’ব৷ পিছে পতংগৰ ক্ষেত্ৰত থেপাথেপি পৰিৱেশ যেন এক বৰদান৷ 

এই ধৰণৰ প্ৰ’টিন ফাৰ্মিঙত আটাইতকৈ বেছি মন কৰিবলগীয়া কথা হ’ল জল-সম্পদৰ ব্যৱহাৰ৷ আমি জানো যে এই ধৰাপৃষ্ঠৰ সত্তৰ শতাংশৰো বেছি পানীৰে আৱৰা৷ পিছে তাৰে মাথো ৩% হে বিশুদ্ধ। তাৰো আকৌ মাথোঁ ১.২% হে ব্যৱহাৰযোগ্য, বাকী ভাগ বৰফাকৃত৷ গতিকে ব্যৱহাৰযোগ্য পানী এবিধ অতি আপুৰুগীয়া সম্পদ৷ বৰ্তমানৰ জনসংখ্যাৰ বিস্ফোৰণৰ কথা সুঁৱৰি ভৱিষ্যতে আমি সকলোৱেই এই ধৰাৰ আপুৰুগীয়া জলসম্পদৰ ব্যৱহাৰৰ ক্ষেত্ৰত দিনক দিনে বেছি আগ্ৰহ দেখুওৱা অতি প্ৰয়োজন৷ খেতি আৰু পশুধন এই দুটা খণ্ডতেই পানীৰ ব্যৱহাৰ আটাইতকৈ বেছি হয়৷ গতিকে মানৱৰ শাৰীৰিক পুষ্টিৰ বাবে প্ৰয়োজনীয় জীৱ দেহৰ প্ৰ’টিনৰ বাবে ভোজনৰ পতংগীকৰণ যদি ভৱিষ্যতে এক বিকল্প হ’ব পাৰে, ইয়াৰ ভাল দিশবোৰ ফঁহিয়াই চোৱা অতিকে প্ৰয়োজন৷ আৰু এই ক্ষেত্ৰত পতংগ-ফাৰ্মিঙৰ বাবে কম জল-সম্পদ ব্যৱহাৰ হোৱাতো এই গুৰুত্বপূৰ্ণ দিশ৷ এক কিল’গ্ৰাম গৰুৰ মাংসৰ উৎপাদনত ২২ হাজাৰ লিটাৰ পানীৰ প্ৰয়োজন হয়৷ গাহৰি আৰু কুকুৰাৰ ক্ষেত্ৰত সেই সংখ্যা ক্ৰমে ৫ হাজাৰ আৰু ২.৫ হাজাৰ লিটাৰ৷ আনহাতে সম পৰিমাণৰ ফৰিঙৰ প্ৰ’টিন উৎপাদনত মাত্ৰ ৫০ লিটাৰ জল-সম্পদৰ প্ৰয়োজন হয়৷ আনহাতে যানবাহনৰ পাছতেই গৰুৱেই বেছি পৰিমাণৰ গ্ৰীন-হাউছ গেছ উৎপন্ন কৰে৷ পৰিসংখ্যাৰ ফালৰ পৰা এক কিল’গ্ৰাম গৰুৰ মাংস উৎপাদনত ৩০০০ গ্ৰাম গ্ৰীন-হাউছ গেছ উৎপন্ন হয়৷ গাহৰি আৰু কুকুৰাৰ ক্ষেত্ৰত সেই সংখ্যা ক্ৰমে ১১০০ আৰু ৩০০ গ্ৰাম গ্ৰীন-হাউছ গেছ৷ ইফালে ফৰিঙৰ ক্ষেত্ৰত সেই সংখ্যা হয়গৈ মাত্ৰ ১ গ্ৰাম৷ গতিকে এই বিকল্প খাদ্যাভাসৰ বহু উপকাৰ পৰিলক্ষিত হৈছে৷

 

এতিয়াও বহু জানিবলৈ বাকী :

উল্লেখিত পৰিসংখ্যাৰ পৰা এনে লাগিব যে আজিৰ পৰা আমি সকলো আমিষভোজীযে বাকী সকলো ধৰণৰ মাংস বাদ দি সন্ধিপদী পতংগ ধৰি খাবলৈ আৰম্ভ কৰা উচিত৷ কিন্তু “ফুড এণ্ড এগ্ৰিকালশ্বাৰ অ’ৰ্গেনাইজেশ্বন” এতিয়াও এই পৰিসংখ্যাত মোহৰ লগাবলৈ ৰাজি হোৱা নাই৷ কিয়নো কিছুমান প্ৰশ্নৰ উত্তৰ এতিয়াও সম্পূৰ্ণ স্বচ্ছ নহয়৷ সেই প্ৰশ্ন কেইটা হ’ল :

১) পতংগৰ প্ৰ’টিন কিমান পুষ্টিকৰ সেই সম্পৰ্কে অধিক তথ্যৰ দৰকাৰ :

এই ক্ষেত্ৰত ফৰিঙৰ বিষয়ে থকা পৰিসংখ্যাৰ উপৰি আন কেইবিধমান পতংগৰ তথ্য আছে৷ পিছে অসুবিধা হ’ল যে পৃথিৱীত মুঠ ২০০০ কৈও বেছি ভোজনযোগ্য প্ৰজাতিৰ পতংগ আছে৷ গৱেষণাৰ ক্ষেত্ৰত সকলোৱেই একে ধৰণৰ পদ্ধতি ব্যৱহাৰ নকৰে৷ গোটেই পৃথিৱীতে বিভিন্ন সভ্যতাত পতংগৰ ভোজনৰ কাৰণ আৰু ধাৰণা ভিন্ন হয়৷ গতিকে পুষ্টিৰ ফালৰ পৰা সকলো তথ্য এতিয়াও উপলব্ধ হোৱা নাই৷

 

২) পৰিৱেশৰ ধাৰণ ক্ষমতাক লৈ আৰু পৰীক্ষণৰ দৰকাৰ :

পৰিৱেশৰ ধাৰণ ক্ষমতাক লৈ ওপৰত উল্লিখিত পৰিসংখ্যাবোৰ প্ৰক্ষেপন মাত্ৰ আৰু এই সংখ্যাবোৰ  পোহনীয়া জন্তু উদ্যোগৰ ওপৰত ভিত্তি কৰি যুগুতোৱা হৈছে৷ কিছু তথ্য বিগত কেইবছৰমান ধৰি পতংগ উৎপাদন উদ্যোগৰ পৰা লোৱা৷ কেইবা শতিকা জুৰি ফৰিঙৰ উৎপাদন কৰা ফাৰ্ম নাই৷ গতিকে অনুদৈঘ্য তথ্যৰ খুবেই প্ৰয়োজন৷

 

৩) আৰ্থ-সামাজিক লাভৰ দিশত স্বচ্ছতা :

আকৌ যদি এই পতংগৰ ভোজনক আৰ্থ-সামাজিক দিশৰ পৰা চাওঁ, এই পদ্ধতিৰে যদি পৃথিৱীৰ পৰা ভোক আঁতৰ কৰিব বিচাৰোঁ তেন্তে কীট-পতংগৰ আহাৰ সকলোৰে বাবে সহজলভ্য হ’ব লাগিব৷ বৰ্তমান সময়লৈকে এইবিধ সহজলভ্য হোৱা নাই৷  যদি আমি আজিৰ আমেৰিকাৰ বজাৰত আধা কেজি গুৰি কৰা ফৰিঙৰ প্ৰ’টিনৰ পাউডাৰ কিনিবলৈ যাও সেয়া ৫০ ডলাৰৰ ওচৰা-ওচৰি (টকাৰ হিচাপত প্ৰায় ৪০০০ টকা)৷ গতিকে এই পতংগৰ খাদ্য এতিয়াও এক বিলাসিতা মাথোন৷ তৃতীয় বিশ্বৰ কথা বাদেই সেই মূল্য আমেৰিকান লোকৰ বাবেও এক বিলাসিতা৷ তদুপৰি মূলতঃ পশ্চিমীয়া দেশবোৰত পতংগ ভক্ষণযোগ্য নহয় বুলি গণ্য কৰাৰ দৰে যদি পৃথিৱীৰ অন্য প্ৰান্তৰৰ সততে পতংগ ভক্ষণ কৰি পুষ্টি লাভ কৰাসকলেও তাক ত্যাগ কৰে আৰু অন্য প্ৰ’টিনৰ উৎসৰ দ্বাৰা সেই ৰিক্ততা পূৰ্ণ নকৰে তেন্তে সেয়া স্বাস্থ্যকৰ নহ’ব৷

 

৪) উৎপাদন আৰু ব্যৱসায়ৰ বাবে আইন-সংগত গাঁথনিৰ দৰকাৰ :

আইন-সংগত দিশৰ পৰা পতংগ ভক্ষণৰ ওপৰত তেনে কোনো নীতি নিৰ্ধাৰণ কৰা হোৱা নাই৷ অকস্মাতে পতংগৰ শৰীৰৰ অংশ খোৱাৰ অভিজ্ঞতা হয়তো আটাইৰে আছে৷ পিছে আইন-সংগতভাৱে কোন পতংগৰ কোন অংগ কিয় খাব লাগে বা খাব নালাগে তেনে কোনো লিখিত নিয়ম বিশ্ব স্বাস্থ্য সংস্থা বা আন তেনে প্ৰতিষ্ঠানে প্ৰস্তুত তৈয়াৰ কৰা নাই৷ মোটামুটি বৰ্তমানলৈকে খাদ্য হিচাপে ব্যৱহাৰ কৰা পতংগবোৰ আন আন খাদ্যৰ দৰেই নিৰাপদেই উৎপাদন কৰা হয়, যাতে মানুহৰ ভক্ষণ উপযোগী হোৱাৰ লগতে যাতে উৎপাদনৰ কৰা ব্যৱস্থাৰ বেক্টেকিয়াৰ সংখ্যা গ্ৰহণযোগ্য হয়৷

 

ভৱিষ্যতৰ খাদ্য - অতীতত গুৰুত্বপূৰ্ণ খাদ্য আছিল :

সেই ফালৰ পৰা চাবলৈ গ’লে এই পতংগ ভোজনত কিমান প্ৰ’টিন বা কিমান কেলচিয়াম আছিল সেই কথা সিমান দৰকৰী নহয়৷ প্ৰশ্ন হ’ল খাদ্য হিচাপে এই পতংগ কেনেদৰে আমাৰ সমাজ ব্যৱস্থাত খাপ খায়? ই এবিধ অল্পাহাৰ, নে এবিধ সুষম খাদ্য, নে এক মুখ্য খাদ্য? এই বিষয়ে বিস্তৰ গৱেষণা কৰিছে ৱেইন ষ্টেট য়ুনিভাৰ্ছিটিৰ পতংগতত্ত্বৰ অধ্যাপক জুলী লেজনিকে৷ তেওঁৰ গৱেষণাৰ মূল ক্ষেত্ৰ হ’ল এণ্ট’ম’ফেগী, মানে মানুহৰ পতংগৰ ভোজনৰ সম্পৰ্কীয়৷ মানুহৰ পতংগৰ ভোজনৰ অতীত খুঁচৰি তেওঁ দক্ষিণ আফ্ৰিকাৰ বনমানুহৰ ওপৰত পুৰাতাত্ত্বিক গৱেষণা আৰম্ভ কৰে৷ দুই নিযুত বছৰ পুৰণি তথ্যৰ ওপৰত ভিত্তি কৰি এই গৱেষণা কৰা হৈছে৷ দক্ষিণ আফ্ৰিকাৰ এই স্থানক স্বাৰ্টকৰ্নচ নামে জনা যায়৷ এই স্থানত পোৱা মানৱ অৱশেষৰ প্ৰজাতিটোক কোৱা হয় অস্ত্ৰল’পিটিকাছ ৰ’বাষ্টাছ৷ এই প্ৰজাতি সেই ভূখণ্ডত বসবাস কৰিছিল প্ৰায় দুই নিযুত বছৰৰ আগত৷ এই প্ৰজাতিযে ঠিয় হৈ খোজ কাঢ়িছিল, মগজুৰ আকাৰ চিম্পাঞ্জীৰ মগজুতকৈ ডাঙৰ আছিল, তেওঁলোকে হাতৰ মুঠিত ধৰিব পৰা ফাউণ্টেন পে’নৰ সমান হাড়ৰ আহিলা ব্যৱহাৰ কৰাৰ প্ৰমাণো আছে৷ পুৰাতত্ত্ববিদসকলৰ মতে এই আহিলা তেওঁলোকে ব্যৱহাৰ কৰিছিল মূলতঃ আহাৰৰ বাবে উঁইহাফলু খন্দাৰ বাবে৷ 

এই খিনিতেই আৰু এটা মন কৰিবলগীয়া কথা আছে আৰু এই কথাটোৰ ওপৰত পুৰাতত্ত্ববিদসকলৰ গৱেষণা বহু পৰিমাণে নিৰ্ভৰ কৰে৷ প্ৰাণীয়ে জীয়াই থাকিবলৈ যিধৰণৰ পৰমাণু থকা আহাৰ খায় সেই ধৰণৰ ৰাসায়নিক স্বাক্ষৰ শৰীৰত থাকি যায়৷ আন এটা কথা হ’ল প্ৰাণীজগত খাদ্যৰ বাবে উদ্ভিদজগতৰ ওপৰত বাৰুকৈয়েই নিৰ্ভৰশীল৷ সকলো খাদ্য মূলতঃ উদ্ভিদেই সালোক-সংশ্লেষণৰ দ্বাৰা প্ৰস্তুত কৰে৷ ইয়াত উদ্ভিদে সূৰ্যৰ ৰশ্মিৰ পৰা শক্তি আহৰণ কৰি কাৰ্বন ডাইঅক্সাইড (CO2) আৰু পানী(H2O) ক চেনিলৈ (C6H12O6) ৰূপান্তৰিত কৰে৷ এই সালোক-সংশ্লেষণ অতি জটিল প্ৰক্ৰিয়া আৰু ই দুই ধৰণেৰে সম্পন্ন হয়৷ প্ৰথম বিধক কেলভিন চাইকেল বোলা হয়,  য’ত চেনি প্ৰস্তুত কৰাৰ আগতে প্ৰথমে তিনিটা কাৰ্বন থকা এক যৌগ (3-phosphoglycerate, 3-PGA) প্ৰস্তুত হয়৷ গতিকে ইয়াক চমুকৈ C3 প্ৰক্ৰিয়া বোলা হয়৷ ৮৫% উদ্ভিদেই C3 প্ৰক্ৰিয়া লয়৷ উদাহৰণ ঘেঁহু, চাউল, চয়াবিন, বেছিভাগ বনজ গছ, ফল-মূলৰ গছ আদিয়ে এই ধৰণৰ প্ৰক্ৰিয়া অবলম্বন কৰে৷ গ্ৰীষ্মপ্ৰধান ঠাইৰ খাদ্য এই C3 জাতীয় হয়৷ ইয়াৰ দ্বিতীয় প্ৰক্ৰিয়াটোক বোলা হয় হেটছ-ছেল্ক প্ৰণালী৷ এই প্ৰক্ৰিয়াক কেলভিন চাইকেলৰ প্ৰথমিক প্ৰক্ৰিয়া বোলা হয়, য’ত প্ৰথমে চাৰিটা কাৰ্বনযুক্ত যৌগ (oxaloacetate) ৰ গঠন হয়, তাৰ পাছতহে কেলভিন চাইকেলৰ দ্বাৰা চেনি প্ৰস্তুত হয়গৈ৷ এই ধৰণৰ খাদ্যক C4 বোলা হয় আৰু মাত্ৰ ৩% উদ্ভিদেহে এই পদ্ধতি অৱলম্বন কৰে৷ উদাহৰণ স্বৰূপে গোমধান, কুঁহিয়াৰ, ঘাঁহ ইত্যাদি৷ আনহাতে এই কাৰ্বনৰ পৰমাণুৰ তিনিবিধ আইছ’ট’পৰ ভিতৰত ৯৯% ই 12C আৰু বাকী অংশ 13C আৰু 14C-ৰ মিশ্ৰণ৷ ওপৰত উল্লেখ কৰা C3 আৰু C4 জাতীয় উদ্ভিদবোৰত 13C/12C –ৰ অনুপাত ভিন্ন হয়৷ আৰু সেই একেই অনুপাততেই C3 আৰু C4 ভক্ষণ কৰা প্ৰাণীৰ শৰীৰত 13C/12C অনুপাত হয়৷ গতিকে জীৱাশ্ম পৰীক্ষণৰ পৰা সিহঁতৰ খাদ্যাভ্যাস জানিব পৰা যায়৷ অধ্যাপক লেজনিকৰ গৱেষণাৰ পৰা দেখা গ’ল যে দক্ষিণ আফ্ৰিকাৰ প্ৰায় দুই নিযুত বছৰৰ আগৰ অস্ত্ৰল’পিটিকাছ ৰ’বাষ্টাছৰ শৰীৰত ৩৫% C4 জাতীয় খাদ্যৰ স্বাক্ষৰ আছে৷ পুৰাতত্ত্বৰ পৰা দেখা গৈছে যে এইবিধ আদিমানৱে চিকাৰ নকৰিছিল, কিয়নো সিহঁতে কেৱল মাটি খান্দিব পৰা কলমৰ সমান হাড়ৰ আহিলাহে ব্যৱহাৰ কৰিব জানিছিল আৰু সেই আহিলাৰে জন্তু চিকাৰ অসম্ভৱ৷  আনহাতে ততোকৈও আগৰ অস্ত্ৰল’পিটিকাছ আফ্ৰিকানাছে কোনো আহিলা ব্যৱহাৰ কৰাৰ প্ৰমাণ নাই৷ সেইবিধৰ শৰীৰতো ৩৫% C4 জাতীয় খাদ্যৰ স্বাক্ষৰ পোৱা গৈছে৷ এই সাঁথৰৰ একমাত্ৰ উত্তৰ হ’ব পাৰে উঁইচিৰিঙা৷ ওপৰত উল্লিখিত দুই আদিমানৱৰ সময়ৰ আৰু আজি সময়ত সেই ক্ষেত্ৰত পোৱা উঁইচিৰিঙাবোৰৰ খাদ্যৰ এক বিস্তৰ অংশ আছিল  ঘাঁহ৷ তাৰ মানে এই দুবিধ আদিমানৱে যদি উঁইচিৰিঙাক ভোজনৰ অন্তৰ্ভুক্ত কৰিছিল তেন্তে সিহঁতৰ শৰীৰৰত C4 স্বাক্ষৰ পোৱা যাব৷ 

এতিয়া কথা হ’ল উঁইচিৰিঙাৰ প্ৰায় ২০০০ৰ বেছি প্ৰজাতি আছে আৰু তাৰে ৮৫ বিধ আফ্ৰিকাত পোৱা যায়৷ ইহঁতে কাঠ, ঘাঁহ, মাটি ইত্যাদি খাই জীৱন নিৰ্বাহ কৰে৷ তদুপৰি উঁইচিৰিঙাৰো জাতিভেদ আছে৷ কিছুমান যুঁজাৰু যাৰ চেপেনা থাকে, কিছুমান কৰ্মী যাৰ চেপেনা নাথাকে, আন এক শ্ৰেণীৰ কাম হৈছে মাথোঁ প্ৰজননত ভাগ লোৱা৷ অধ্যাপক লেজনিকৰ গৱেষণাৰ প্ৰশ্ন আছিল সেই আদিম মানৱে, যি চিকাৰ কৰা নাছিল, সিহঁতে কোনবিধ উঁইচিৰিঙা ভক্ষণ কৰিছিল? উঁইৰ এক প্ৰজাতি ট্ৰিনাৰ্ভিটাৰমিছে ঘাঁহ খাই জীয়াই থাকে, দক্ষিণ আফ্ৰিকাত পোৱা যায় আৰু ইহঁত C4 জাতীয়৷ উঁইৰ শত্ৰু হ’ল পৰুৱা আৰু পৰুৱাৰ পৰা ৰক্ষা পাবৰ বাবে ইহঁতে এবিধ আঠাজাতীয় দ্ৰব্য নিঃসৰণ কৰি পৰুৱাক অচৰ কৰে৷ আন এক প্ৰজাতি হ’ল, মেক্ৰ’টাৰ্মিছ, আৰু এইবিধ চিম্পাঞ্জীৰ অতি প্ৰিয় খাদ্য৷  চিম্পাঞ্জীয়ে এই মেক্ৰ’টাৰ্মিছৰ হাফলুত ঘাঁহ একোডাল সুমুৱাই দিয়ে, মেক্ৰ’টাৰ্মিছে চেপেনাৰে ঘাঁহত কামুৰি ধৰে আৰু চিম্পাঞ্জীয়ে সেইবোৰ উলিয়াই আনি খায় ঠিক মানুহে বৰশী বোৱাৰ দৰেই৷ মেক্ৰ’টাৰ্মিছৰ মুখ্য খাদ্য হ’ল কাঠ গতিকে ইহঁতে C3 -ৰ স্বাক্ষৰ বহন কৰে৷ মেক্ৰ’টাৰ্মিছৰ হাফলুৰ বাহিৰ ভাগ খুব টান আৰু সহজে নাভাগে৷ আনহাতে ট্ৰিনাৰ্ভিটাৰমিছৰ হাফলুবোৰ সহজতে ভাগে৷ যি কি নহওক অধ্যাপক লেজনিকৰ এই ভাগ গৱেষণাত কোনো ধনাত্মক উত্তৰ পোৱা নগ’ল৷ 

তাৰ পাছৰ পৰ্যায়ৰ গৱেষণাৰ লক্ষ্য আছিল চিম্পাঞ্জী, গৰিলা আৰু আদিমানৱৰ বিভিন্ন শ্ৰেণীৰ উঁইৰ প্ৰতি থকা প্ৰাথমিকতা৷ চিম্পাঞ্জীৰ প্ৰিয় খাদ্য মেক্ৰ’টাৰ্মিছ আৰু কেৱল ইয়াৰ যুঁজাৰুবোৰকহে ভক্ষণ কৰে৷ আনহাতে গৰিলাৰ প্ৰিয় হ’ল কিউবিটাৰ্মিছ, ইহঁতৰ হাফলুবোৰ তেনেই চনকা, আৰু গৰিলাই সহজেই সেইবোৰ ভাঙি উঁই ভক্ষণ কৰে৷ পিছে গৰিলাৰ প্ৰিয় হৈছে কৰ্মী উঁইবোৰ আনহাতে মানৱ প্ৰজাতিৰ উঁই ভক্ষণৰ প্ৰাথমিকতা এবিধত নহয়৷ মানৱে ভক্ষণৰ বাবে প্ৰাথমিকতা দিয়ে প্ৰজননক্ষম উঁইক, পাখি গজি যেতিয়া উঁইচিৰিঙা হয় আৰু নতুনকৈ হাফলু সৃষ্টিৰ বাবে জন্মকালীন হাফলুৰ পৰা উৰা মাৰে৷ এইটো অভ্যাসক ঋতুজনিত বুলি ধৰা হয়৷ পিছে উঁই ভোজনকাৰী মানৱে বছৰৰ যিকোনো সময়তেই উঁই ভক্ষণ কৰে, মূলতঃ যুঁজাৰু উঁইবোৰক৷ 

অধ্যাপক লেজনিকৰ গৱেষণাৰ মানৱ, চিম্পাঞ্জী আৰু গৰিলা এই তিনিও বিধে প্ৰাথমিকতা দিয়া উঁইৰ প্ৰকাৰলৈ লক্ষ্য কৰি দেখা গৈছে যে প্ৰত্যেকেই এই উঁইৰ পৰা বেলেগ ধৰণৰ পুষ্টি লাভ কৰে৷ তাৰ মানে এই উঁই এবিধ পৰিপূৰক খাদ্যহে৷ চিম্পাঞ্জীৰ হৈছে ফ্ৰোগাভ’ৰ, মানে সিহঁতৰ প্ৰায় ৫০%  খাদ্য ফল-মূল, কিন্তু এই ধৰণৰ খাদ্য প্ৰ’টিনযুক্ত নহয়৷ গছৰ পাত ইত্যাদিত কিছু পৰিমাণৰ প্ৰ’টিন থাকে, পৰিপূৰক হিচাপে ইহঁতে মেক্ৰ’টাৰ্মিছৰ যুঁজাৰুবোৰ ভক্ষণ কৰে৷ কিয়নো এই যুঁজাৰুৰ দেহত ৭২% প্ৰ’টিন পোৱা যায়৷ গৰিলা হৈছে ফ’লিভ’ৰ, মানে ইহঁতে বেছি ফলাহাৰ নকৰে, গছৰ পাত আদি ভক্ষণ কৰি জীৱন নিৰ্বাহ কৰে৷ পাতৰ ভোজনে গৰিলাৰ প্ৰ’টিনৰ প্ৰয়োজনীয়তা পূৰণ কৰে৷ কিন্তু পাতত মাক্ৰ’নিউট্ৰিয়েণ্টৰ পৰিমাণ নগণ্য৷ গতিকে গৰিলাই কিউবিটাৰ্মিছৰ কৰ্মীবোৰ ভক্ষণ কৰে কিয়নো এইবিধত বিস্তৰ পৰিমাণৰ মাক্ৰ’নিউট্ৰিয়েণ্ট থাকে (প্ৰতি ১০০ গ্ৰামত ২৯৬২ মিলিগ্ৰাম)৷ আনহাতে মানৱে ভক্ষণ কৰা প্ৰাপ্তবয়স্ক প্ৰজননক্ষম উঁইচিৰিঙাৰ দেহত ২২% ফেট থাকে৷ এই গৱেষণাৰ পৰা দেখা গ’ল যে চিম্পাঞ্জী আৰু গৰিলাৰ খাদ্যাভাস শৰীৰৰ প্ৰয়োজনসাপেক্ষ৷ মানৱ মডেল পৰিবৰ্তনশীল হিচাপে দেখা গৈছে৷ মানুহে আন উৎসৰ পৰা বছৰৰ আন সময়ত প্ৰ’টিনযুক্ত খাদ্যৰ ব্যৱস্থা কৰি ল’ব পাৰে৷ গতিকে বছৰৰ এক বিশেষ সময়ত প্ৰাপ্তবয়স্ক প্ৰজননক্ষম উঁইচিৰিঙাৰ দেহৰ পৰা ফেট সংগ্ৰহ কৰে৷ মানৱৰ বিৱৰ্তন অধ্যয়নৰ পৰা দেখা গৈছে যে মানৱৰ মগজুৰ সম্প্ৰসাৰণত ফেটি এচিডৰ যথেষ্ট অৰিহণা আছে৷ মানৱ প্ৰজাতিৰ ফেটযুক্ত প্ৰাপ্তবয়স্ক প্ৰজননক্ষম উঁইচিৰিঙা ভক্ষণৰ প্ৰতি থকা প্ৰাথমিকতাই বিৱৰ্তনৰ জখলাত মানৱে চিম্পাঞ্জী আৰু গৰিলাকৈ আগবাঢ়ি যাব পৰা কাৰণৰ ইংগিত দিয়ে৷ অস্ত্ৰল’পিটিকাছ ৰ’বাষ্টাছ নামৰ আদিমানৱ যেতিয়া সময়ৰৰ সোঁতত আফ্ৰিকাৰ পৰা এছিয়াৰ বিভিন্ন ঠাইলৈ বিয়পি পৰিল এই পতংগ ভক্ষণৰ প্ৰাথমিকতা থকা জীন লগত লৈ গৈছিল আৰু সেই নতুন ঠাইত উঁইৰ বাদে আন যি ধৰণৰ ভোজন কৰিব পৰা পতংগ পোৱা গৈছিল সেই ধৰণৰ পতংগৰ ভক্ষণত অভ্যস্ত হৈছিল৷ সেয়েহে হয়তো এছিয়াৰ বিভিন্ন প্ৰান্তত পতংগ ভক্ষণৰ পৰম্পৰা আজিও বিৰাজমান৷ 

আনহাতে আদিমানৱ নিয়েণ্ডাৰথেলৰ ভোজনৰ তালিকাত পতংগৰ সংকেত পোৱা নাযায়৷ এই নিয়েণ্ডাৰথেলৰ চিন পোৱা যায় ইউৰোপত৷ ইউৰোপৰ মানৱৰ পূৰ্বপুৰুষ নিয়েণ্ডাৰথেল বসবাস কৰাৰ সময়ত সেই ক্ষেত্ৰ বৰফাবৃত আছিল আজিৰ পৰা প্ৰায় ১৮ হাজাৰ বছৰৰ আগত৷ সেই ধৰণৰ বৰফাবৃত পৰিৱেশত মানৱে মাটি খান্দি পতংগ ভোজন কৰাৰ কথা কল্পনাৰো অতীত৷ গতিকে ইউৰোপৰ পূৰ্বপুৰুষৰ সভ্যতাৰ লগত পতংগ ভোজনৰ কোনো সংযোগ নাই৷ সেইবাবেই হয়তো বৰ্তমান সময়তো ইউৰোপ আৰু আমেৰিকাৰ সভ্যতাত পতংগৰ ভোজন এক ভাবিব নোৱৰা কথা৷ আনহাতে গ্ৰীষ্মপ্ৰধান ঠাইত য’ত পতংগৰ হাজাৰ হাজাৰ প্ৰজাতিয়ে পিট-পিটাই ফুৰিছিল সেই ঠাইত পতংগ মানৱ আহাৰত অন্তৰ্ভুক্ত হৈছিল, আধুনিক বিজ্ঞানৰ পোহৰ নথকাকৈও শৰীৰৰ পুষ্টিৰ প্ৰয়োজনীয়তাৰ আধাৰত৷ তাকে যদি আমি অধ্যাপক লেজনিকৰ দৰে আন আন বিজ্ঞানীৰ দৃষ্টিৰে লক্ষ্য কৰোঁ, দেখা যাব যে এই পতংগবোৰ মাত্ৰ জিভাৰ জুতিৰ বাবেই মানৱৰ ভোজনৰ তালিকাত অন্তৰ্ভুক্ত হোৱা নাছিল৷ ভোজনৰ পতংগীকৰণে মানৱ শৰীৰক প্ৰয়োজনীয় পুষ্টিৰ যোগানো ধৰিছিল৷ 

আমাৰ অসমৰ ভোজন তালিকাত পাটপলু সম্ভৱতঃ কেইবাশ বছৰ ধৰি জড়িত আছে আৰু আজিও এক চমকপদ খাদ্য৷ এতিয়া কথা হ’ল পাটপলুৰ বাদেও হাজাৰ হাজাৰ অন্যান্য পতংগক গ্ৰীন প্ৰ’টিনৰ উৎস হিচাপে আমাৰ ভোজন তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ ৰাইজ সাজুনে? অসমৰ পাটপলু আৰু আন আন অপৰিমিত পতংগই মানৱ শৰীৰৰ পুষ্টি যোগোৱাৰ লগতে অসমবাসীৰ বাবে অৰ্থনৈতিক সুযোগ আৰু পাৰিপাৰ্শ্বিক মুনাফা যুগুতোৱাৰ পৰিমিত সম্ভাৱনা আছে৷

 

 

ঠিকনা :

Bharat Baruah, Ph. D.

Director of International Programs

College of Science and Mathematics

Professor of Chemistry

Department of Chemistry and Biochemistry

Kennesaw State University

370 Paulding Avenue, MD#1203

Kennesaw, GA 30144

 

Office SL4015, Lab SL4045

Phone 470-578-2654, Fax: 470-578-9137

E-mail: bbaruah@kennesaw.edu

http://facultyweb.kennesaw.edu/bbaruah/

https://scholar.google.com/citations?user=2qax6nEAAAAJ&hl=en

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ