অন্যযুগ/


অসমীয়া উপন্যাসত অসমলৈ হোৱা অভিবাসনৰ স্বৰূপ

     বনিশা শইকীয়া


        অভিবাসন এক স্বাভাৱিক প্ৰক্ৰিয়া৷ বিশ্বৰ প্ৰতিখন ঠাইতে অভিবাসীৰ উপস্থিতি একেবাৰে সহজলভ্য৷ অসমৰ ভূখণ্ডলৈ ইতিহাসে ঢুকি নোপোৱা সময়ৰে পৰা মানুহে চামে চামে আহি বসতি স্থাপন কৰিছে৷ ইয়াৰ সমাজখনৰ গাঁথনিটো নিৰ্মাণৰ ক্ষেত্ৰত অভিবাসনৰ প্ৰভাৱ পৰিলক্ষিত হয়৷ অসমলৈ হোৱা বিভিন্ন জনগোটৰ অভিবাসনক অসমীয়া সাহিত্যই বিবিধ উপাদানৰ মাজেৰে প্ৰকাশ কৰি আহিছে৷ সামগ্ৰিক ৰূপত একোখন সমাজৰ স্বৰূপ অংকনত সাহিত্যৰ এক বিশেষ ৰূপ উপন্যাসে এক বিশেষ গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে৷ অসমীয়া ভাষাত ৰচিত উপন্যাসসমূহত কম-বেছি পৰিমাণে অভিবাসনৰ দিশসমূহে ভূমুকি মাৰিছে৷ ব্ৰিটিছে অসম অধিগ্ৰহণ কৰাৰ পূৰ্বৰ আৰু পৰৱৰ্তী সময়ৰ অভিবাসনৰ স্বৰূপ পৃথক, কাৰণ বিভিন্ন সময়ৰ সামািজক পৰিৱেশ আৰু অভিবাসনৰ কাৰণবোৰো পৃথক৷ ব্ৰিটিছৰ শাসনকালত অসমলৈ অহা জনগোটৰ বিভিন্ন ধাৰাসমূহ অসমীয়া উপন্যাসত বৰ্ণিত হৈ আহিছে৷ অসমীয়া উপন্যাসত প্ৰতিফলিত অসমলৈ অহা জনগোটৰ স্বৰূপ সম্পৰ্কীয় দিশৰ উদ্‌ঘাটন এই আলোচনাটিৰ কেন্দ্ৰবিন্দু৷

অভিবাসনৰ চমু পৰিচয় :

        অভিবাসন হৈছে প্ৰব্ৰজনৰ এটা ৰূপ৷ মানৱ সমাজৰ ইতিহাস, সংস্কৃতি আৰু সভ্যতাৰ বাবে অপৰিহাৰ্য প্ৰব্ৰজনে প্ৰাণীৰ স্থান পৰিৱৰ্তনক সূচায়৷ আধুনিক বিশ্বৰ প্ৰব্ৰজনে পূৰ্বতকৈ সুকীয়া ৰূপ পৰিগ্ৰহণ কৰিছিল৷ প্ৰব্ৰজনৰ প্ৰক্ৰিয়াটো দুমুখীয়া৷ এফালে উৎস স্থান আৰু আনফালে লক্ষ্য স্থান৷ যেতিয়া কোনো প্ৰব্ৰজিত গোটে লক্ষ্যস্থানলৈ বসবাসৰ উদ্দেশ্যে গতি কৰে, তেতিয়া সেই গোটটো লক্ষ্যস্থানৰ বাবে হৈ পৰে অভিবাসী আৰু প্ৰক্ৰিয়াটো হয় অভিবাসন৷

        মানুহে কিয় অভিবাসন প্ৰক্ৰিয়াত অংশ গ্ৰহণ কৰে? এই প্ৰশ্নটোৰ আঁৰত কিছুমান কাৰকে ক্ৰিয়া কৰি আছে৷ মানুহে নিজা ইচ্ছাৰে অথবা বাধ্য হৈ কোনো এখন ঠাইলৈ বসবাসৰ বাবে অহাৰ বা যোৱাৰ কিছুমান কাৰণ থাকে৷ এই প্ৰক্ৰিয়াৰ অন্তৰালত থকা মুখ্য কাৰক দুটা হৈছে নিধাৰ্ৰক বা হেঁচা দিয়া (push factor) আৰু আকৰ্ষক বা টানি অনা (pull factor) কাৰক৷

        যিবোৰ কাৰকে উৎস ঠাইৰপৰা লক্ষ্য ঠাইলৈ যাবলৈ মানুহক বাধ্য কৰে, সেই কাৰকবোৰ হৈছে নিৰ্ধাৰক কাৰক৷ কোনো এখন ঠাইৰ প্ৰাকৃতিক দুৰ্যোগ, কম পৰিমাণৰ উৎপাদন, কৃষিৰ বাবে অনুপযোগী জলবায়ু বা ভূমি, বৰ্ধিত নিবনুৱা সমস্যা, দুৰ্ভিক্ষ, সুবিধাৰ অভাৱ ইত্যাদিয়ে মানুহক অন্য ঠাইলৈ জীয়াই থকাৰ সুবিধা লাভৰ বাবে যাত্ৰা কৰিবলৈ বাধ্য কৰে৷ কোনো এখন ঠাইত হোৱা যুদ্ধ, সংঘাত, সীমা সমস্যা ইত্যাদিৰ ফলত মানুহৰ জীৱনটোৰ প্ৰতি ভাবুকিৰ সৃষ্টি হয়৷ সেয়ে মানুহে উপায়ন্তৰ হৈ ঠাই এৰে নতুবা তেওঁলোকক বলপূৰ্বকভাৱে সেই ঠাই ত্যাগ কৰিবলৈ বাধ্য কৰোৱা হয়৷

        কোনো এখন ঠাইৰ কৃষি উপযোগী জলবায়ু, প্ৰচুৰ পৰিমাণৰ ভুমি, অধিক নিয়োগৰ সুবিধা, উন্নত শিক্ষা ব্যৱস্থা, চ্চ মানৰ জীৱন প্ৰণালী, চিকিৎসাৰ লগতে প্ৰয়োজনীয় সকলো সা-সুবিধা, যুদ্ধৰ পৰিমাণ কম বা যুদ্ধৰ আশঙ্কা নথকা, প্ৰাকৃতিক দুযোৰ্গৰ আশংকা নথকা ইত্যাদি কাৰকে অন্য ঠাইৰপৰা জন আগমন হোৱাত অৰিহণা যোগায়৷ জীৱন নিবাৰ্হৰ বিভিন্ন সুযোগ-সুবিধাই মানুহক অভিবাসনৰ বাবে আকৰ্ষিত কৰে৷ এক অঞ্চলত বসবাস কৰি থকা পূৰ্বৰ জনসাধাৰণৰপৰা নতুন যাত্ৰিকসকলে বাধাৰ সন্মুখীন নহলে অভিবাসন বৃদ্ধি হয়৷

ব্ৰিটিছৰ শাসনকালত অসমলৈ হোৱা অভিবাসন :

        অতীতৰেপৰা অসম অভিমুখে বিভিন্ন জন প্ৰব্ৰজন হৈ আহিছে৷ ব্ৰিটিছৰ আগমনৰ পূৰ্বে অসম আৰু ইয়াৰ ওচৰ চুবুৰীয়া ৰাজ্যসমূহ মূলতঃ সামাজিক আৰু অৰ্থনৈতিকভাৱে আছিল স্বয়ংনিৰ্ভৰশীল৷ ব্ৰিটিছৰ আগমনে আৰু তেওঁলোকে প্ৰৱৰ্তন কৰা শাসন ব্যৱস্থাই এই ভূখণ্ডৰ দুৱাৰ বহিৰ্বিশ্বৰ বাবে মুকলি কৰি দিয়ে৷ ঔপনিৱেশিক শক্তিৰ প্ৰৱেশৰ পাছত সম্পদ আহৰণৰ বাবে স্থলপথ আৰু জলপথেৰে নতুন যাতায়াত ব্যৱস্থা গঢ় লৈ উঠিল৷ বিভিন্ন ঠাইৰপৰা ঔপনিৱেশিক স্বাৰ্থত অসমলৈ হোৱা অভিবাসনৰ স্বৰূপ আছিল বিচিত্ৰ৷ ব্ৰিটিছে চাহ উদ্যোগৰ উদ্দেশ্যে অসমলৈ চীন, বিহাৰ, উত্তৰ প্ৰদেশ, ঝাৰখণ্ড ইত্যাদি ঠাইৰপৰা শ্ৰমিক আমদানি কৰিছিল৷ অসমৰ বিভিন্ন কাৰ্যালয়, আদালত, ৰাজহ বিভাগ, ৰেল বিভাগ আদিৰ বাবে হিন্দু বাঙালী লোকৰ অভিবাসন হৈছিল৷ মাৰোৱাৰী আৰু গুজৰাটী ব্যৱসায়ী, বিহাৰ, উত্তৰ প্ৰদেশৰপৰা মিস্ত্ৰী, নাপিত, ধোবা, মুচীয়াৰ, কাৰিকৰ, নেপাল-ভূটানৰপৰা পশুপালন বৃত্তিৰ লোক আৰু ব্ৰিটিছৰ সেনাবাহিনীত যোগদানৰ বাবে গোৰ্খা সম্প্ৰদায়ৰ লোক অসমলৈ আহে৷ পৰৱৰ্তী কালত উৎপাদন বৃদ্ধি আৰু অধিক ৰাজহ সংগ্ৰহৰ বাবে পূৰ্ববংগৰপৰা অসমলৈ মুছলমান সম্প্ৰদায়ৰ লোকৰ অভিবাসনক ঔপনিৱেশিক শাসকে উৎসাহ দিছিল৷

অসমীয়া উপন্যাসত অসমলৈ হোৱা অভিবাসনৰ স্বৰূপ : 

        প্ৰতিখন ঠাইলৈ অভিবাসনে কিছুমান নতুনত্ব কঢ়িয়াই আনে৷ পূৰ্বৰ স্থানীয় লোক আৰু পৰৱৰ্তী সময়ত অহা জনগোটে সংঘাত আৰু সমন্বয়ৰ মাজেৰে এখন সুকীয়া সমাজ গঢ়ি তোলে৷ উপন্যাসে একোখন সমাজৰ ইতিহাস তথা বাস্তৱ স্বৰূপৰ প্ৰকাশ ঘটায়৷ ঔপনিৱেশিক শাসন আৰম্ভ হোৱাৰ সমান্তৰালকৈ অসমলৈ বিবিধ চৰিত্ৰৰ জনগোটসমূহৰ ধাৰা প্ৰবাহিত হৈছিল৷ বিশেষকৈ এনে অভিবাসনৰ তিনিটা ধাৰা অসমীয়া উপন্যাসত প্ৰতিফলিত হোৱা দেখা গৈছে৷ এই ধাৰা তিনিটা হৈছে চীনাসকল, চাহ জনগোষ্ঠী আৰু পূৰ্ববংগৰ মুছলমানসকল৷ উমাকান্ত শৰ্মাৰ এজাক মানুহ এখন অৰণ্যৰ অধ্যয়নৰ জৰিয়তে চাহ জনগোষ্ঠীৰ লোকসকলৰ অভিবাসনৰ স্বৰূপ সম্পৰ্কে জানিবলৈ প্ৰয়াস কৰা হৈছে৷ ব্ৰিটিছ শাসকে নিজৰ স্বাৰ্থ ৰক্ষাৰ বাবে ভাৰতৰ বিভিন্ন ঠাইৰ পৰা শ্ৰমিকৰ ৰূপত অসমলৈ জনসমূহক অনাৰ ব্যৱস্থা কৰিছিল৷ এই প্ৰবন্ধটিৰ জৰিয়তে দুটা দিশৰ সন্ধান কৰিবলৈ লোৱা হৈছে৷ প্ৰথমটো হৈছে অভিবাসনৰ কাৰক অৰ্থাৎ কি পৰিস্থিতিত তেওঁলোক অভিবাসিত হৈছিল আৰু আনটো হল অভিবাসনৰ প্ৰক্ৰিয়া৷

এজাক মানুহ এখন অৰণ্যত উপস্থাপিত অভিবাসনৰ কাৰক :

        ঔপনিৱেশিক সময়ত অসমৰ পটভূমি পূৰ্বৰ তুলনাত অত্যন্ত ক্ষীপ্ৰতাৰে সলনি হবলৈ ধৰিছিল৷ অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ কৰ্ষণৰ বাবে ব্ৰিটিছ শাসকসকলে উদ্যোগ স্থাপনৰ প্ৰয়োজনীয়তা উপলব্ধি কৰে৷ বিশ্বত প্ৰচুৰ চাহিদা থকা চাহৰ উৎপাদনৰ বাবে অসমৰ জলবায়ু উত্তম হোৱাত ব্যৱসায়িকভাৱে তেওঁলোকে প্ৰচেষ্টা হাতত লৈছিল৷ ব্ৰিটিছৰ অধীনত থকা ঠাইসমূহৰ মাজত মানুহৰ আহ-যাহ স্বাভাৱিক আছিল৷ অসমৰ জলবায়ু খেতিৰ বাবে অনুকূল হোৱাৰ লগতে জনসংখ্যাৰ ঘনত্ব আছিল কম৷ কিন্তু অন্য ঠাই যেনে- পশ্চিমবংগৰ বিভিন্ন ঠাই, বিহাৰ, পুৰুলিয়া, ঝাৰখণ্ড ইত্যাদিত মাটিতকৈ মানুহৰ সংখ্যা বেছি আছিল৷ সেই ঠাইৰ ঘৰবোৰৰ মাজত ব্যৱধানটোও যথেষ্ট কম৷ অসমৰ পৰিকীৰ্ণ মাটিত অত-তত ছেগা-চোৰোকাকৈ এটা-দুটা ঘৰ দেখিবলৈ পোৱাৰ বিপৰীতে বংগৰ ঘৰবোৰৰ অৱস্থিতি সম্পৰ্কে উপন্যাসখনত এনেদৰে উপস্থাপন কৰা হৈছে,

আমাৰ ঘৰ মানে ঘৰেই, ঘৰৰ পিছত ঘৰ৷

উপন্যাসখনত বংগৰ পৰা অভিবাসন প্ৰক্ৰিয়া সংঘটিত হোৱাৰ পোনপটীয়া উল্লেখ নাই যদিও জমিদাৰী প্ৰথা সম্পৰ্কীয় বৰ্ণনাৰ দ্বাৰা ইয়াক স্পষ্টকৈ বুজিব পাৰি৷ কিয়নো বংগতহে জমিদাৰী ব্যৱস্থাটোৰ প্ৰচলন আছিল৷ জমিদাৰী প্ৰথাত কোনো সাধাৰণ শ্ৰেণীৰ লোকে অৰ্থাৎ কৃষকসকলে মাটিৰ মালিকীস্বত্ত লাভ নকৰে৷ মাটিৰ ওপৰত সম্পূৰ্ণকৈ জমিদাৰৰ আধিপত্য থাকে৷ এনে প্ৰথাৰ প্ৰচলনৰ ফলত সাধাৰণ লোকৰ জীৱনটো গোলাম শ্ৰেণীলৈ ৰূপান্তৰিত হৈছিল৷ হাড়ভঙা পৰিশ্ৰমেৰে মাটিত শস্য উৎপাদন কৰিও সাধাৰণ কৃষক সমাজে বছৰটো জোৰাকৈ উৎপাদিত সামগ্ৰী লাভ কৰা নাছিল৷ মাত্ৰ যন্ত্ৰৱৎ কাম কৰি ফচল উৎপাদনক কেন্দ্ৰত ৰাখি তেওঁলোকৰ জীৱন পৰিক্ৰমা চলি থাকে৷ সমগ্ৰ জীৱন জমিদাৰৰ সেৱাৰ মাজেৰে দিন নিয়াই থকা এই লোকসকল আছিল মাত্ৰ মালিকৰ আদেশ পালন কৰা একোজন ভৃত্য৷ পৰিশ্ৰম অনুপাতে তেওঁলোকে প্ৰয়োজনীয় আহাৰ লাভ নকৰাৰ ফলত বহুলোক পুষ্টিহীনতাত ভোগে৷ অত্যধিক শোষণে জুৰুলা কৰা এই লোকসকল তেনেই  নিঃকিন হৈ পৰে৷ উপন্যাসখনত এই শোষিত শ্ৰেণীৰ জীৱনৰ স্বৰূপটো বানহাৰ চৰিত্ৰৰ জৰিয়তে উদঙাই দেখুওৱা হৈছে, “দৰাচলতে সি ভূমিহীন৷ সম্পত্তি বুলিবলৈ তাৰ একো এটা নাই৷ সম্পত্তি বুলিবলৈ তাৰ মাত্ৰ আছে তাৰ নিজৰ শৰীৰটো, ঘৈণীয়েকৰ শৰীৰটো আৰু লৰা-ছোৱালীৰ শৰীৰকেইটা৷

        সাধাৰণ শ্ৰেণীটোক শাৰীৰিক পৰিশ্ৰম কৰাই পোৱা লভ্যাশ কাঢ়ি লৈ যোৱাৰ পাছতো শাসকৰ শোষণ প্ৰক্ৰিয়াৰ সমাপ্তি নঘটে৷ কৃষক সমাজৰ ব্যক্তিগত জীৱনৰ ওপৰতো বলপূৰ্বক শাসন চলাই তেওঁলোকক অতিষ্ঠ কৰি তোলে৷ বিভিন্ন সময়ত সাধাৰণ অজুহাততে দুৰ্বল শ্ৰেণীটোক নিৰ্মম প্ৰহাৰ কৰি শাসকে আধিপত্য বিস্তাৰৰ বাবে প্ৰয়াস কৰে৷ মাটিৰ মালিকীস্বত্ত গ্ৰহণ কৰাৰ লগে লগে জমিদাৰসকল মানুহখিনিৰ একান্ত ব্যক্তিগত জীৱনটোৰো মালিক হৈ পৰিল৷ সাধাৰণ লোকসকলৰ নিজৰ বুলিবলৈ একো নাথাকিল৷ ক্ৰমাৎ নিম্নশ্ৰেণীলৈ পৰ্যবসিত কৰা এই লোকসকলক শাসক শ্ৰেণীৰ স্বাৰ্থ পূৰণৰ বাবেহে যেন জীয়াই থকাৰ অনুমতি দিয়া হৈছিল৷ তেওঁলোকে বিবাহ কাৰ্য সম্পন্ন কৰিব পাৰে, সন্তান জন্ম দিব পাৰে৷ কিন্তু সেই পত্নী আৰু সন্তানৰ ওপৰত জমিদাৰসকলেহে অধিকাৰ প্ৰদৰ্শন কৰে৷ অৰ্থনৈতিক শোষণতকৈও ভয়াৱহ আছিল শোষকে কৰা যৌন শোষণ৷ নাৰীদেহৰ প্ৰতি ধনী শ্ৰেণীটোৰ লালসাৰ পৰা অসহায় নাৰীসকলক কোনেও ৰক্ষা কৰিব পৰা নাছিল৷ পুৰুষসকলে নিজৰ পত্নী, জীয়ৰীক জমিদাৰৰ কবলৰ পৰা উলিয়াই আনিব নোৱাৰি নিজৰ অৱস্থাটোকে দোষ দিছিল৷ কোনো লোকে অসহ্য হৈ জমিদাৰৰ বিপক্ষে প্ৰতিবাদ সাব্যস্ত কৰিলেও শাসকশ্ৰেণীৰ শক্তিশালী দলে শাৰীৰিকভাৱে প্ৰহাৰ কৰি তেনেলোকক দমন কৰিছিল৷ বানহাৰ গাঁৱৰ লোকসকলে দল বান্ধি জমিদাৰৰ টেকেলাক আক্ৰমণ কৰাৰ পৰিণাম হিচাপে সম্পূৰ্ণ গাঁওখনকে খেতি কৰিবলৈ অনুমতি নিদিয়াৰ ফলত অনাহাৰত বহু লোকৰ মৃত্যু হৈছিল৷ বানহাৰ পৰিয়ালৰ বিষয়ে উল্লেখ কৰা কথাখিনিৰ মাজেৰে জমিদাৰৰ শোষণ স্পষ্ট ৰূপত ফুটাই তোলা পৰিলক্ষিত হৈছে৷

শৰীৰকেইটাৰ ওপৰত অত্যাচাৰ কৰি কৰি যাতনা ভুগি ভুগি, আধাপেটী খাই আৰু কেতিয়াবা পানী খাই সিহঁত জী আছে৷ ...তাৰ সৰু ভায়েকজনৰ তিৰোতাজনীক বিয়াৰ পাছতেই জমিদাৰৰ বাবে লৈ যোৱাৰ বাবে প্ৰতিবাদ কৰাৰ দোষত তাৰ ভায়েকজন মাৰ খাই মৰিল৷ তাৰ দুয়োজনী বায়েকক ঠাকুৰ জমিদাৰৰ লৰাবিলাকে কেইবছৰমান ৰাখি, পাছত বান্দী কৰি অঙহী-বঙহীৰ ঘৰলৈ পঠিয়ালে৷

অত্যাচাৰত পিষ্ট, ক্লিষ্ট হৈ পৰা সিহঁতবোৰক কেৱল এনে ঠাইৰ পৰা মুক্তিৰ প্ৰয়োজন৷ এনে স্থানত থাকিলে প্ৰতিটো প্ৰজন্মই  জমিদাৰৰ গোলামী কৰিয়েই জীৱন অতিবাহিত কৰিবলগীয়া হব৷ এই জীৱনৰ পৰা উদ্ধাৰৰ বাবে ব্ৰিটিছ শাসকে নিয়োগ কৰা চৰ্দাৰ শ্ৰেণীটোৰ প্ৰলোভনত তেওঁলোক ভোল গৈছিল৷ চৰ্দাৰজন তেওঁলোকৰ পৰিচিত হোৱাৰ বাবে সিহঁতে তেওঁৰ কথাত গুৰুত্ব দিছিল৷ নিজৰ উন্নত অৱস্থাৰ সঁচা-মিছা কিছুমান মনেসজা কাহিনীৰে চৰ্দাৰে অসমৰ প্ৰতি এই লোকসকলক উৎসাহী কৰি তোলে৷ অসমত জমিদাৰী শাসন নাই, অজস্ৰ মাটি ব্যৱহাৰ নোহোৱাকৈ পৰি আছে, উপাৰ্জনৰ অসংখ্য বাট আছে ইত্যাদি নানা ছলাহী কথাৰে সহজ-সৰল কৃষক শ্ৰেণীটোক প্ৰৰোচিত কৰিবলৈ ধৰে৷ টকা ঘটি ধনী হৈ জীৱনটো সুচাৰুৰূপে অতিবাহিত কৰাৰ সপোন দুৰ্ভগীয়া লোকসকলৰ মনত সিহঁতে প্ৰোথিত কৰি দিয়ে এনেদৰে -

তহঁতৰ মাটি নাই, খেতি নাই, সম্পত্তি নাই৷ সেই সকলোবোৰ জমিদাৰৰ৷ আছাম দেছলৈ বল৷ তাত চাহ বাগানত কাম কৰিবি, খাবি, আৰাম কৰিবি৷ ঘৰ পাবি, খোৱা পাবি, টকা পাবি৷ আৰু কিমান টকা? টকাই টকা৷ আচাম দেছ, লোমৰ দেছ৷ যাৱ যদি বল৷ হেজাৰ হেজাৰ মানুহ ওলাইছে৷ ব, ওলা৷

ফলত বহু সংখ্যকে সুখ আৰু শান্তিৰে ভৰা জীৱনৰ আশাত ঘৰ, দেশ এৰি চৰ্দাৰৰ সৈতে গুচি আহে৷ দেশীয় শাসকৰ অত্যাচাৰৰ পৰা নিস্তাৰ বিচাৰি আহি তেওঁলোকে বিদেশী শাসকৰ কবলত এক প্ৰায় বন্দী জীৱন কটাবলগীয়া হৈছিল৷

জমিদাৰৰ অত্যাচাৰ, অনাহাৰ, আৰ্থিক দুৰ্বলতা, দেশৰ শাসন পদ্ধতি ইত্যাদিয়ে তেওঁলোকক ঠাই ত্যাগ কৰিবলৈ হেঁচা প্ৰয়োগ কৰিছিল৷ অসমত শাসক নাই, জীৱনৰ বাবে প্ৰতুল সা-সুবিধা, সীমাহীন মাটি ইত্যাদি প্ৰলোভিত বৰ্ণনাই অসমৰ প্ৰতি সেই লোকসকলক আকৰ্ষিত কৰিছিল৷ অসমলৈ অভিবাসনৰ ক্ষেত্ৰত উৎস ঠাইৰ শাসন ব্যৱস্থাই নিৰ্ধাৰক কাৰকৰ ৰূপত অৱতীৰ্ণ হৈছিল৷ আনহাতে, অসমৰ পৰিৱেশ সম্পৰ্কে ব্যক্ত কৰা দিশবোৰে আকৰ্ষক কাৰকৰ ভূমিকা লৈছিল৷ 

উপন্যাসত প্ৰকাশিত অভিবাসনৰ প্ৰক্ৰিয়া : 

চাহ উদ্যোগত শ্ৰমদান কৰিবলৈ অধিক শ্ৰমিকৰ প্ৰয়োজন হৈছিল৷ অসমত শ্ৰমিকৰ অভাৱে ব্যৱসায়লৈ স্থবিৰতা অনাত ব্ৰিটিছ ভাৰতৰ অন্য ঠাইৰ পৰা অসমলৈ শ্ৰমিকৰ আমদানি প্ৰক্ৰিয়া আৰম্ভ হয়৷ অসমলৈ চাহ বাগিচাৰ কৰ্মী হিচাপে অহা লোকসকল বিভিন্ন সম্প্ৰদায়ৰ আছিল৷ চাহ বাগিচাত শ্ৰমদান কৰিবলৈ প্ৰয়োজন হোৱা শ্ৰমিক সংগ্ৰহৰ বাবে শাসক পক্ষই দুটা পদ্ধতি অৱলম্বন কৰিছিল৷ ঠিকাদাৰী প্ৰথা আৰু চৰ্দাৰী প্ৰথা৷ চৰ্দাৰী প্ৰথাত বাগিচাত কৰ্মৰত শ্ৰমিকসকলৰ মাজৰ পৰা একোজন শ্ৰমিকক নিৰ্বাচন কৰি চৰ্দাৰৰ বাব দিয়ে আৰু তেওঁলোকক শ্ৰমিক আমদানিৰ দায়িত্ব দিয়া হয়৷ শ্ৰমিকৰ আমদানিৰ ক্ষেত্ৰত প্ৰয়োজন হোৱা টকা বা অন্যান্য সকলো সুবিধা মালিক পক্ষই তেওঁলোকক প্ৰদান কৰে৷ চৰ্দাৰজনে সাধাৰণতে নিজৰ পূৰ্বৰ ঠাইসমূহলৈ গৈ চিনাকী মানুহবোৰক অসমলৈ আহিবলৈ প্ৰৰোচিত কৰিছিল৷ মানুহবোৰেও বৰ্ণনাবোৰ শুনি আকৃষ্ট হৈ অসম অভিমুখে যাত্ৰাৰ বাবে সাজু হৈছিল৷ প্ৰথমতে গোৱালণ্ড ঘাটলৈ ৰেলেৰে অনাৰ বৰ্ণনা উপন্যাসখনত এইদৰে উল্লেখ কৰা হৈছে -

ৰেলগাড়ীখনৰ চাৰিটা দবাত সিহঁতৰ অগণন মানুহ আহিছে৷ লৰা-ছোৱালী, কেঁচুৱা আটাইকে লৈ ছশ সাতশ মানুহ৷ ...দফাদাৰজনে বিকট চিঞৰ আৰু অসভ্য গালি-গালাজ কৰি, হাতৰ লাঠীৰে দুই-এটা কোব সোধাই বিভিন্ন ষ্টেচনত শ শ মানুহক ঠেলি গঁতিয়াই দবাৰ ভিতৰলৈ সুমাই দিছিল৷ ... এদিনৰ পিছত দবাটোৰ ভিতৰত ভেকেটা গন্ধ এটা ওলাইছিল, আৰু ক্ৰমে গোন্ধটো উৎকট আৰু অসহ্য হৈ উঠিছিল৷

গোৱালণ্ডৰ পৰা অসম সংযোগী ৰেলপথ নথকাত তেওঁলোকক নাৱেৰে নতুবা জাহাজেৰে অনা হৈছিল৷ এই ব্যৱস্থা নোহোৱা পৰ্যন্ত তেওঁলোকক কুলী ডিপোত অনিশ্চিত সময়লৈ ৰাখি থোৱা হৈছিল৷ এই ডিপোত এক অস্বাস্থ্যকৰ পৰিৱেশৰ মাজত অকণো খালী ঠাই নৰখাকৈ অজস্ৰ মানুহক ভৰাই থৈছিল৷ ভৰিৰপৰা কঁকাল পৰ্যন্ত বোকা আৰু বোকা৷ সেইখিনি ঠাইতে সিহঁতে থাকিব-খাব, শুব৷ চৰ্দাৰ, দফাদাৰসকলে এই লোকসকলক সীমিত খাদ্যবস্তু (চাউল আৰু নিমখ) যোগাৰ কৰি এক নিৰ্দিষ্ট সময়ত সকলোকে আহাৰ গ্ৰহণ কৰাৰ হুকুম জাৰি কৰে৷ কম সময়ত হাজাৰ মানুহৰ খোৱা শেষ হোৱাটো কোনোপধ্যেই সম্ভৱ নহয়৷ সেয়ে গালি, ধমকি, মাৰ খাই সিহঁতে আধাসিজা অৱস্থাতে আহাৰ গ্ৰহণ কৰিবলৈ বাধ্য হয়৷ কুলী ডিপোত থকাৰ সময়তে ছোৱালী-বোৱাৰীসকলক মনে মনে ফুচুলাই ধৰি নি শাৰীৰিকভাৱে অত্যাচাৰ কৰাৰ দুখলগা ছবি এখনো উপন্যাসখনত অংকন কৰা হৈছে৷ আধাসিজা খাদ্য, লেতেৰা পৰিৱেশ, চৰ্দাৰ-দফাদাৰৰ অযথা শাৰীৰিক অত্যাচাৰত লাহে লাহে এজন, দুজনকৈ মানুহৰ মৃত্যু হোৱাৰ উল্লেখ এনেদৰে কৰা হৈছে

“... আৰু মানুহ মৰিছে৷ মাইকী মানুহো মৰিছে, কেঁচুৱাও মৰিছে৷ দুবাৰ তিনিবাৰ বমি কৰিছে আৰু মৰিছে৷

ৰেলেৰে অহাৰ পাছত ডিপোত জাহাজৰ বাবে অপেক্ষা কৰোঁতেই তেওঁলোকৰ মাজৰ পঞ্চাছজনে প্ৰাণ হেৰুৱালে, কিছুমান পলাই গল আৰু চৰ্দাৰ-দফাদাৰে কেইজনমান পুৰুষ-মহিলাক বিক্ৰী কৰিলে৷ মানুহ অনুপাতে জাহাজৰ ব্যৱস্থা নথকাত একেখন জাহাজতে হেঁচি-ঠেলি আটাইবোৰ মানুহক উঠাই দিয়া হৈছিল৷ আপোন মানুহক হেৰুৱাই পোৱা দুখবোৰ সামৰি জাহাজখনতে অসুস্থ মানুহবোৰে অসম অভিমুখে যাত্ৰা কৰে৷ জাহাজত মুক্ত আকাশৰ তলত থকা এই লোকসকল ৰদ-বৰষুণ, ধুমুহাৰ উপদ্ৰৱত ক্লান্ত হৈ পৰিছিল৷ পুৰুষ-মহিলা উভয়ে জাহাজৰ ডেকতে কোনো ধৰণৰ আঁৰ নথকাকৈ প্ৰাতঃকৰ্ম সম্পন্ন কৰিবলগীয়া হয়৷ এনে পৰিৱেশত বেমাৰত ভোগা লোকসকলে পৰ্যাপ্ত চিকিৎসাৰ অভাৱত মৃত্যুমুখী হবলৈ ধৰে৷ সেই মৃতদেহবোৰৰ বাবে কৰা ব্যৱস্থা সম্পৰ্কে উপন্যাসখনত এনেদৰে উপস্থাপন কৰিছে –

“... মৰি যোৱাবিলাকক সুবিধা পালে পোৰে, সুবিধা নাপালে মাটিত পুতি থয়, মাটি নাপালে পানীত পেলাই দিয়ে৷

বিভিন্ন ঠাইৰ পৰা আহি একগোট হৈ অসমলৈ একে জনগোট হিচাপে অহা এই লোকসকলক কুলীবুলি সম্বোধন কৰা হৈছিল৷ চকুৰ সন্মুখতে এজন এজনকৈ মৃত্যু হোৱা, হেৰাই যোৱাসকলৰ সন্ধান বিচাৰি, খাদ্য আৰু স্বাস্থ্যৰ অৱনতিত অসহ্য হৈ প্ৰতিবাদ কৰাৰ ফলত ব্ৰিটিছ চাহাবৰ লগতে চৰ্দাৰবোৰেও তেওঁলোকক শাৰীৰিকভাৱে আঘাত কৰিছিল৷ ফলত মাৰ খাই বিষ-কোপত জৰ্জৰিত হৈ কিছু লোকে প্ৰাণ ত্যাগ কৰে৷ অসমলৈ অহাৰ বাটতে এই জনগোটটোৱে অত্যন্ত কষ্টৰ সন্মুখীন হৈছিল৷ নিজৰ ঠাইখনে দিয়া দুখৰ উপশম বিচাৰি এই লোকসকলে কৰা যাত্ৰা পূৰ্বতকৈও ভয়াবহ হৈ পৰিছিল৷

উপসংহাৰ : 

বৰ্তমান চাহ জনগোষ্ঠী ৰূপে অভিহিত হোৱা এই লোকসকলৰ অভিবাসনৰ কাৰক সম্পৰ্কে উপন্যাসখনৰ আলোচনাৰ দ্বাৰা জানিব পৰা গল৷ ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অসমলৈ অনা এই লোকসকলৰ অভিবাসন প্ৰক্ৰিয়াটোক উপন্যাসখনে প্ৰতিফলিত কৰিছে৷ অভিবাসনৰ প্ৰক্ৰিয়াটোক সূক্ষ্মভাৱে অনুধাৱন কৰি প্ৰতিটো দিশৰ বৰ্ণনাৰ দ্বাৰা চাহ জনগোষ্ঠীটোৱে যাত্ৰাকালত ভোগা দুখ-দুৰ্দশাক উপন্যাসখনে চিত্ৰিত কৰাত বহুদূৰ সফল হৈছে বুলি কব পাৰি৷ চাহ  উদ্যোগৰ সৈতে জড়িত এই জনগোটটোৰ অভিবাসনত অৰ্থনৈতিক দিশৰ লগতে শাসকৰ অত্যাচাৰক কাৰক হিচাপে উল্লেখ কৰা হৈছে৷ কিন্তু প্ৰকৃততে এই অভিবাসনৰ ধাৰাটোত ঔপনিৱেশিক শাসকৰ স্বাৰ্থইহে মুখ্য¸ কাৰক হিচাপে অৱস্থান গ্ৰহণ কৰিছিল বুলি বুজিব পৰা যায়৷

প্ৰসংগ সূত্ৰ :

. উমা শৰ্মা, এজাক মানুহ এখন অৰণ্য, পৃ. ৫৭

২. উল্লিখিত, পৃ.

৩. উল্লিখিত

. উল্লিখিত, পৃ. ৩১

. উল্লিখিত, পৃ.

৬. উল্লিখিত, পৃ. ৬

. উল্লিখিত, পৃ. ১৮

. উল্লিখিত, পৃ. ৩০

 

ঠিকনা :

গৱেষক, অসমীয়া বিভাগ

ডিব্ৰুগড় বিশ্ববিদ্যালয়

ডাক : ডিব্ৰুগড় বিশ্ববিদ্যালয়

ভ্ৰাম্যভাষ : ৯৭০৬৩৯১২০৯

ইমেইল : saikia.bonishaঞ্ঝgmail.com

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ