ড° চন্দনজ্যোতি চুতীয়া
ঊনবিংশ শতিকাৰ শেষৰ দশককেইটাৰ অসমৰ সমাজ-ৰাজনৈতিক প্ৰেক্ষাপট মূলতঃ ভাষিক-সাংস্কৃতিক স্বতন্ত্ৰতা ৰক্ষাৰ প্ৰবৃত্তিৰে সমৃদ্ধ আছিল৷ সমান্তৰালভাৱে সৰ্বভাৰতীয় ৰাজনৈতিক পৰিপ্ৰেক্ষাৰ লগত হোৱা সংযোগ, ভাষিক সমস্যাৰ সমাধান, ঔপনিৱেশিক শোষণ, বৰ্ধিত হাৰত বহিৰাগতৰ আগমন, অসমীয়াৰ বাণিজ্যিক আত্মপ্ৰতিষ্ঠাৰ প্ৰসংগ আদিয়ে এই সময়ছোৱাত অসমত এক আৰ্থ-ৰাজনৈতিক জাতীয়তাবাদৰ পটভূমিৰ সূচনা কৰিলে৷ এনে প্ৰেক্ষাপটতে জ্ঞাননাথ বৰাৰ চিন্তা-চৰ্চাই বিকাশ লাভ কৰিছিল৷ বৰাৰ আসামত বিদেশী গ্ৰন্থখন অম্বিকাগিৰী ৰায়চৌধুৰী সম্পাদিত চেতনা আলোচনীত ধাৰাবাহিকভাৱে প্ৰকাশ পাইছিল৷ পাছত ১৯২৫ চনত ই পুথি আকাৰে প্ৰকাশ পায়৷ আসামত বিদেশীৰ উপৰি আৱাহনৰ পাতত বৰাৰ কেইবাটাও ৰাজনৈতিক চিন্তা সম্বলিত প্ৰবন্ধ প্ৰকাশ পাইছিল৷ ইয়াৰে ‘কামৰূপ আৰু ভাৰতৰ্ষ’ (আৱাহন, ফাগুন, ১৮৫৮ শক, অষ্টম বৰ্ষ, সংখ্যা-৩, ১৯৩৬) আৰু ‘অসম দেশ ভাৰতবৰ্ষৰ ভিতৰত থাকিব কিয় (অসমীয়া জাতি আৰু কংগ্ৰেছ) (আৱাহন, ফাগুন-চ’ত, ১৮৬০ শক, দশম বৰ্ষ, সংখ্যা ৩-৪, ১৯৩৮) প্ৰবন্ধ দুটা ঐতিহাসিক দৃষ্টিকোণৰপৰা গুৰুত্বপূৰ্ণ৷ কাৰণ জ্ঞাননাথ বৰাই এই প্ৰবন্ধ দুটাৰ যোগেদি স্বাধীন অসম বা স্বাধীন কামৰূপৰ যথাৰ্থতা সম্পৰ্কে যুক্তি দাঙি ধৰিছিল৷ এই আলোচনাটিত মূলতঃ বৰাৰ আসামত বিদেশী শীৰ্ষক গ্ৰন্থখনত প্ৰকাশ পোৱা অৰ্থনৈতিক চিন্তাৰ স্বৰূপ বিচাৰ কৰিবলৈ যত্ন কৰা হৈছে৷
বিংশ শতিকাৰ প্ৰথমাৰ্ধত অসমৰ সমাজ জীৱনত ভিন্ন সমস্যাই গা কৰি উঠিছিল যদিও তদানীন্তন জাতীয়তাবাদীৰ দৃষ্টিত বিদেশী সমস্যাটোৱেই এই প্ৰদেশৰ আটাইতকৈ গুৰুত্বপূৰ্ণ সমস্যা ৰূপে পৰিগণিত হৈছিল৷ বৰ্ধিত জনসংখ্যাই কুৰি শতিকাৰ অসম তথা উত্তৰ-পূব ভাৰতৰ সচেতন মহলক চিন্তিত কৰি তুলিছিল৷ প্ৰণিধানযোগ্যে যে, ইউৰোপীয় চাহ খেতিয়কসকলৰ প্ৰত্যক্ষ তত্ত্বাৱধানতে অসমলৈ প্ৰব্ৰজনৰ প্ৰক্ৰিয়া আৰম্ভ হয়৷ চাহ বাগিচাৰ শ্ৰমিকৰ সমান্তৰালভাৱে বঙালী, মাৰোৱাৰী, নেপালী, বিহাৰী, হিন্দুস্তানী আৰু মৈমনচিঙীয়াৰ এই প্ৰদেশলৈ প্ৰব্ৰজন ঘটে৷ এই অত্যধিক প্ৰব্ৰজনে একাংশ আত্ম-পৰিচয় সচেতন অসমীয়াক শংকিত কৰি তুলিছিল৷ এনে প্ৰেক্ষাপটতে জ্ঞাননাথ বৰাই এক আত্ম-প্ৰতিষ্ঠা আন্দোলনৰ প্ৰস্তাৱ দাঙি ধৰিছিল৷
জ্ঞাননাথ বৰাই ‘আসামত বিদেশী’ শীৰ্ষক গ্ৰন্থখনত মূলতঃ অসমৰ বাণিজ্য ক্ষেত্ৰত বহিৰাগত ব্যৱসায়ীৰ ক্ৰমবৰ্ধমান আধিপত্যৰ দিশটোকহে অত্যধিক প্ৰাধান্য দিয়া পৰিলক্ষিত হৈছে৷ প্ৰকৃততে, ‘‘অসমীয়া জাতীয়তাবাদৰ বিশেষ এটা ধাৰাক প্ৰতিনিধিত্ব কৰিছে এই পুথিখনে৷ অসমীয়া মধ্যশ্ৰেণীৰ বাণিজ্য-নিৰ্ভৰ আৰু বাণিজ্যমুখী অংশটোৰ সৈতে এই ধাৰাটোৰ ওতঃপ্ৰোত [যথা] সম্পৰ্ক খুবেই স্পষ্ট আৰু প্ৰত্যক্ষ৷’’ৰ ইংৰাজে অসম অধিকাৰ কৰাৰ পাছতেই এই প্ৰদেশলৈ বেহা-বেপাৰৰ অৰ্থে বুজনসংখ্যক বহিৰাগতৰ আগমন ঘটে৷ পৰৱৰ্তী সময়ছোৱাত মাৰোৱাৰী বা ৰাজস্থানী ব্যৱসায়ীসকলে অসমৰ খুচুৰা আৰু পাইকাৰী দুয়ো ক্ষেত্ৰতে একচেতিয়া ব্যৱসায় কৰিবলৈ সক্ষম হৈছিল৷ জন মে’কোছে ১৮৩৭ চনত প্ৰণয়ন কৰা তেওঁৰ Topography of Assam শীৰ্ষক গ্ৰন্থখনত অসমীয়া মানুহৰ ব্যৱসায়ীক অজ্ঞতাৰ বিষয়ে উল্লেখ কৰিছে৷২ জ্ঞাননাথ বৰাই সমসাময়িক প্ৰেক্ষাপটক সূক্ষ্মভাৱে নিৰীক্ষণ কৰি উপলব্ধি কৰিছিল যে, বহিৰাগতই অসমৰ বেপাৰ-বাণিজ্য নিজৰ হাতলৈ নিবলৈ ধৰিছে আৰু অসমীয়াই অসহায় হৈ সেয়া প্ৰত্যক্ষ কৰিছে৷ কিন্তু অসমৰ সৰ্বতোপ্ৰকাৰৰ উন্নতি কৰিবলৈ হ’লে অসমীয়াই বেপাৰ-বাণিজ্যত মনোযোগ দিয়াৰ প্ৰয়োজন আছে৷ বৰাৰ দৃষ্টিত, ধন নহ’লে জাতীয় উন্নতি, দেশৰ উন্নতি সম্ভৱ নহয়৷ আকৌ ধন আৰ্জনৰ প্ৰধান উপায় হৈছে বেপাৰ আৰু ব্যৱসায়৷ গতিকে, অসমৰ উন্নতি কৰাৰ অৰ্থ ইয়াৰ বাণিজ্য আৰু ব্যৱসায় অসমীয়াৰ হাতলৈ অনা৷ জ্ঞাননাথ বৰাই সেইসময়তে অসমত এক অৰ্থনৈতিক জাতীয়তাবাদৰ ভেটি গঢ় দিবলৈ যত্ন কৰিছিল৷ তেওঁৰ মতে, ‘‘যিমানে আমাৰ শিক্ষিত সমাজে চাকৰিলৈ খোৱাকামোৰা কৰে, সিমানে বিদেশীয়ে আহি বেপাৰ কৰি আমাৰ পৰা ধন নিবলৈ ধৰিছে৷...বেপাৰ আৰু ব্যৱসায়হে জাতীয় উন্নতিৰ ঘাই আহিলা৷’’ (আসামত বিদেশী, পৃ-৬২,৬১) অৰ্থাৎ বৰাৰ জাতীয়তাবাদী দৃষ্টিকোণে অসমীয়া শিক্ষিত শ্ৰেণীৰ চাকৰি-নিৰ্ভৰ দিশটোক প্ৰতিনিধিত্ব কৰা নাই, তাৰ পৰিৱৰ্তে অসমীয়াৰ বাণিজ্যমুখী আকাংক্ষাকহে প্ৰতিফলিত কৰিছে৷ জ্ঞাননাথ বৰাই তদানীন্তন অসমৰ নগৰসমূহ লক্ষ্য কৰি ব্যক্ত কৰিছে যে, ধুবুৰীৰ পৰা শদিয়ালৈকে আধাসংখ্যক স্থান বিদেশীয়ে অধিকাৰ কৰি দোকান, কল-কালখানা স্থাপন কৰিছে৷ তাৰ পৰিৱৰ্তে অসমত অসমীয়াৰ দোকান-পোহাৰৰ সংখ্যা একেবাৰে নগন্য৷ কিন্তু ভাৰতবৰ্ষৰ অন্য প্ৰদেশৰ পৰিৱেশ-পৰিস্থিতি সুকীয়া৷ অসমৰ দৰে কোনো প্ৰদেশৰ বাণিজ্য থলগিৰিৰ পৰিৱৰ্তে সমূলি বিদেশীৰ হাতত নাই৷ উল্লেখ্য যে, জ্ঞাননাথ বৰাই তেওঁৰ প্ৰবন্ধত অসমৰ স্থবিৰ অৰ্থনৈতিক পৰিপ্ৰেক্ষাৰ প্ৰকৃত ঐতিহাসিক কাৰণ উদঘাটনৰ যত্ন কৰা নাই৷ প্ৰাক্-ব্ৰিটিছ যুগৰ পশ্চাদৱত¹ অৰ্থনৈতিক পৰিকাঠামো, জাতীয় পুঁজিপতিৰ উত্থানত ব্ৰিটিছৰ বাধা, আভিজাতিকসকলৰ গৌৰৱ ক্ষুন্ন হোৱাৰ আশংকাত ব্যৱসায়ৰ প্ৰতি অনাসক্তি আদি আভ্যন্তৰীণ দিশসমূহে অসমৰ অৰ্থনৈতিক ব্যৱস্থা ত্বৰান্বিত কৰাত বাধা প্ৰদান কৰিছিল৷ বৰাৰ দৃষ্টিকোণ অনুসৰি, পূৰ্বে ভাষিক সমস্যাৰ মৰ্যাদাপূৰ্ণ সমাধানৰ বাবে অসমীয়াই যি অহোপুৰুষাৰ্থ কৰিছিল, এতিয়া অসমীয়াই অন্য এটি জাতীয় কৰ্তব্য পালন কৰিব লাগিব৷ সেয়া হৈছে - ধনবল লাভৰ যোগেদি জাতীয় উন্নতি সাধন কৰা৷ প্ৰণিধানযোগ্য যে, জ্ঞাননাথ বৰাই অসমৰ বাণিজ্যৰ ক্ষেত্ৰত বহিৰাগতৰ আগ্ৰাসনৰ বাবে ‘বিদেশী’ক দোষী সাব্যস্ত কৰা নাই৷ তেওঁৰ মতে, অসমীয়াসকলো বঙালীৰ দৰে সবল হোৱা হ’লে অন্য প্ৰদেশলৈ গৈ বাণিজ্য বিস্তাৰ কৰিলেহেঁতেন৷ গতিকে, বিদেশীসকলক শত্ৰুতাপূৰ্ণ আচৰণ কৰা যুগুত নহয়৷ তেওঁলোক কেতিয়াও অসমীয়াৰ শত্ৰু নহয়৷ বৰাই ‘আসামত বিদেশী’ গ্ৰন্থখনৰ যোগেদি এষাৰ কথা সজোৰে প্ৰতিপন্ন কৰিব বিচাৰিছে যে, অসমৰ উন্নতিৰ অৰ্থ ‘কেৱল ইয়াৰ বাণিজ্য আৰু ব্যৱসায় অসমীয়াৰ হাতলৈ অনা৷’ কিন্তু, ‘‘পুথিখনৰ ক’তো তেখেতে অসমৰ খেতিয়কৰ পশ্চাদপদতা আৰু প্ৰয়োজনৰ কথা আলচ কৰা নাই৷ অথচ এটা জাতিৰ ৰাজহাড়স্বৰূপ এই লোক সমষ্টিৰ স্বাৰ্থক আওকাণ কৰি প্ৰকৃত আৰু স্থায়ী জাতীয় উন্নতি সম্ভৱ নহয়৷’’৩ বৰাই উল্লিখিত গ্ৰন্থখনত ‘ভাৰতীয় বিদেশী’ [পৃ-২৩, ২৮] শব্দদ্বয় ব্যৱহাৰ কৰা দৃষ্টিগোচৰ হৈছে৷ কিন্তু এই শব্দদ্বয়ৰ যোগেদি প্ৰকৃততে তেওঁ কি বুজাব বিচাৰিছে সেয়া স্পষ্টৰূপত প্ৰতিফলিত হোৱা নাই৷
‘আসামত বিদেশী’ গ্ৰন্থখনত বৰাই অসমে ভাৰতবৰ্ষৰ ভিতৰতে থাকি সুকীয়া অস্তিত্ব অটুট ৰখাৰ প্ৰসংগ উত্থাপন কৰিছে৷ সমান্তৰালভাৱে অসমে ভাৰতবৰ্ষৰ অন্য প্ৰদেশক অন্ধভাৱে অনুকৰণ কৰিবলৈ নগৈ নিজা সমস্যা আৰু সম্ভাৱনাৰ প্ৰতি মনোযোগ দিয়াৰ পোষকতা কৰিছে৷ জ্ঞাননাথ বৰাই অসমীয়া স্বৰাজ আৰু ভাৰতীয় স্বৰাজৰ পৃথকতা প্ৰতিপন্ন কৰিবলৈ যত্ন কৰিছে যদিও, সেয়া মূলতঃ ভাৰতবৰ্ষৰ ভিতৰুৱাকৈ আৰ্থ-ৰাজনৈতিক স্বতন্ত্ৰতা লাভৰ মাজতে সীমাবদ্ধ৷ কিন্তু, ‘আসামত বিদেশী’ প্ৰকাশ পোৱাৰ পৰৱত¹ সময়ত ৰচনা কৰা ‘আৱাহন’ত প্ৰকাশিত উল্লিখিত প্ৰবন্ধ দুটাত বৰাই অসমক ভাৰতৰ পৰা বিচ্চিন্ন কৰি স্বাধীনভাৱে গঢ় দিয়াৰ প্ৰসংগ উত্থাপন কৰিছে৷ স্বাধীন অসমৰ প্ৰসংগ অতি বলিষ্ঠ ৰূপত উত্থাপন কৰা প্ৰথমজন ব্যক্তিয়ে হৈছে - জ্ঞাননাথ বৰা৷
বিংশ শতিকাৰ দ্বিতীয়, তৃতীয় দশকতে জ্ঞাননাথ বৰাই অসমত এক অৰ্থনৈতিক জাতীয়তাবাদৰ ভেটি গঢ়ি তুলিবলৈ যত্ন কৰিছিল৷ বৰাই সঠিকভাৱেই উপলব্ধি কৰিছিল যে, জাতীয় অৰ্থনীতিৰ অবিহনে জাতীয় সংস্কৃতি আৰু জীৱনধাৰা সুদৃঢ় নহয়৷ বৰাৰ মতে, ভাৰতবৰ্ষৰ সকলো প্ৰদেশৰ সমবিকাশৰ যোগেদিহে সামগ্ৰিকভাৱে ভাৰতবৰ্ষৰ উন্নয়ন সম্ভৱ হৈ উঠিব; গতিকে, প্ৰত্যেক প্ৰদেশৰ স্বতন্ত্ৰ উন্নতিত মনোযোগ দিয়াটো অপৰিহাৰ্য৷ প্ৰণিধানযোগ্য যে, জ্ঞাননাথ বৰাই উল্লেখ কৰা স্বতন্ত্ৰ আৰু সম এই দুয়োটা ধাৰণা একে নহয়৷ সম বিকাশৰ কাৰণে বৰাই যি স্বতন্ত্ৰ বিকাশৰ প্ৰসংগ উত্থাপন কৰিছিল, তাত আপেক্ষিক বিচাৰধাৰা এটাহে নিহিত হৈ আছে বুলি ক’ব পাৰি৷ সেয়া হৈছে, কেন্দ্ৰীয় নেতৃত্বই যিহেতু সম বিকাশ সাধন কৰিব পৰা নাই, স্বতন্ত্ৰ বিকাশৰ পন্থাই তুলনামূলকভাৱে বিকাশৰ অধিক সমতা প্ৰদান কৰিব৷ আকৌ, স্বতন্ত্ৰ বিকাশ বিচৰা মানেই পাৰস্পৰিক নিৰ্ভৰশীলতা অস্বীকাৰ কৰা৷ কিন্তু, অৰ্থনীতিৰ তত্ত্বই প্ৰায় ওঠৰ শতিকাৰ শেষৰ পৰাই পাৰস্পৰিক নিৰ্ভৰশীলতাৰ মাজতহে অধিক খৰতকীয়া অৰ্থনৈতিক বিকাশ সম্ভৱ হ’ব বুলি কৈ আহিছে৷ সেই বিচাৰধাৰা কিছু পৰিমাৰ্জন সাপেক্ষে অদ্যাপি অৰ্থনীতি তত্ত্বই তত্ত্বগতভাৱে স্বীকাৰ কৰি আহিছে৷ ডেভিদ ৰিকাৰ্ড (১৭৭২-১৮২৩) এই ধাৰাৰ এজন সৰ্বশ্ৰেষ্ঠ গুৰিয়াল৷ সেই দৃষ্টিৰে জ্ঞাননাথ বৰাৰ বিচাৰ উল্লিখিত প্ৰচলিত চিন্তাধাৰাৰ বিপৰীত যেন লাগে৷ অৱশ্যে এই কথাও গুৰুত্বপূৰ্ণ যে, জাৰ্মানীৰ ফ্ৰিডৰিছ লিষ্ট্ (১৭৮৯-১৮৪৬) আদি চিন্তকসকলে এনে স্বতন্ত্ৰধম¹ বিকাশৰ পন্থা এটা অতি অনগ্ৰসৰ অৰ্থনৈতিক কাঠামো এটাত প্ৰাথমিক পৰ্যায়ৰ বাবে গ্ৰহণযোগ্য পন্থা হিচাপেই স্বীকৃতি দিছে৷ তেখেতৰ মতে, যেতিয়া জাতীয় অৰ্থনীতি এটা বুনিয়াদীভাৱে সবল হয় তেতিয়াহে ই আন সমকালীন অৰ্থনৈতিক শক্তিসমূহৰ লগত খাপ খুৱাই নিজাকৈ বিকাশৰ কথা চিন্তা কৰিব পাৰে৷ অন্যথা নিশকতীয়া অৱস্থাতে আনৰ লগত খাপ খুৱাই চলিবলৈ ল’লে ই সমকালীন শক্তিবান অৰ্থনীতিসমূহৰ কবলত পৰি নিজৰ অস্তিত্বও বিপন্ন কৰিব লগাত পৰিব পাৰে৷ সেই দৃষ্টিকোণেৰে জ্ঞাননাথ বৰাৰ চিন্তা তদানীন্তন প্ৰতিষ্ঠিত অৰ্থনৈতিক চিন্তকসকলৰ পৰা পৃথক নহয়৷
অসমত এক স্বকীয় অৰ্থনৈতিক গাঁথনি নিৰ্মাণৰ ক্ষেত্ৰত জ্ঞাননাথ বৰাৰ ৰচনাই কিছুমান নতুন চিন্তাৰ খোৰাক যোগোৱাৰ লগতে লেখকৰ দৃষ্টি আৰু স্থিতিয়ে সংশ্লিষ্ট ক্ষেত্ৰত কেইবাটিও দিশৰ পৰা পথ-নিদেৰ্শনা কৰা পৰিলক্ষিত হৈছে৷ বৰাৰ পথ-নিদেৰ্শনা অনুসৰি, অসমে বেপাৰ-বাণিজ্যৰ যোগেদি ধনবল লাভ কৰিব লাগিব৷ কিন্তু ইয়াৰ বাবে অসমৰ বেপাৰ-বাণিজ্য বিদেশীৰ পৰিৱৰ্তে থলগিৰিৰ হাতলৈ আহিব লাগিব৷ অসমৰ বাণিজ্যৰ ক্ষেত্ৰত বিদেশীৰ আগ্ৰাসন ৰোধ কৰিবলৈ বৰাই তেওঁৰ গ্ৰন্থখনত একোটা পথ-নিদেৰ্শনা দাঙি ধৰিছে৷ সেয়া হৈছে - ‘অসমীয়াই অসমীয়াক সহায় কৰা’৷ (পৃ-১৪) অৰ্থাৎ, এচামে বেপাৰ-বাণিজ্যৰ বাবে আগবাঢ়ি আহিব লাগিব আৰু অসমীয়া ৰাইজে তেওঁলোকক সকলো প্ৰকাৰে সহায় কৰিব লাগিব৷ বৰাৰ দৃষ্টিকোণ অনুসৰি, বিদেশী বেপাৰীসকলক অসহযোগ কৰিহে তেওঁলোকক অসমৰ পৰা বিতাড়ন কৰিব পৰা যাব৷ এই ক্ষেত্ৰত বৰাই অসহযোগ আন্দোলনৰ দৰে এক আন্দোলনৰ পোষকতা কৰিছিল৷ কিন্তু, এই কাম যে যথেষ্ট কঠিন, সেই কথাও তেওঁ উপলব্ধি কৰিছিল৷ সমান্তৰালভাৱে এনে পৰিস্থিতিত বহিৰাগত বেপাৰীয়ে যে বহু কৌশল আৰু কূটনীতিৰ আশ্ৰয় ল’ব সেই সম্পৰ্কেও সকলোকে সজাগ কৰি দিছিল৷ আকৌ, অসমীয়াই অসমীয়াক সহায় বা উপকাৰ নকৰি অপকাৰ কৰা স্বভাৱ এৰিব নোৱাৰিলে অসমৰ বাণিজ্যৰ কোনো উদ্গতি নাই বুলি বৰাই খেদ প্ৰকাশো কৰিছিল৷ সম্প্ৰতি পুঁজিবাদসৃষ্ট নানান সংঘটনে জাতীয় জীৱন বিপৰ্যস্ত কৰি তোলা পৰিলক্ষিত হৈছে; এনে প্ৰেক্ষাপটত জ্ঞাননাথ বৰাৰ অৰ্থনৈতিক চিন্তা তথা নিৰ্দেশনাৰ গুৰুত্ব নিশ্চিতভাৱে বৃদ্ধি পাইছে৷
প্ৰসংগ সূত্ৰ :
১) প্ৰসেনজিৎ চৌধুৰী, সমাজ সংস্কৃতি ইতিহাস, অসম প্ৰকাশন পৰিষদ, প্ৰথম সংস্কৰণ : ২০০৭, পৃ-৪
২) John M’cose, Topography of Assam, New Delhi, Logos Press, First Indian Reprint- 1986, P. 63
৩) প্ৰসেনজিৎ চৌধুৰী, পূৰ্বোল্লিখিত, পৃ-১৩
ঠিকনা :
সহকাৰী অধ্যাপক, দমদমা মহাবিদ্যালয়, কুলহাটী, কামৰূপ -৭৮১১০৪
ইমেইল- cjyotichutia@gmail.com
ভ্ৰাম্যভাষ নং -৬০০০৯-২৭৩৭৪