বিনয় মোহন শইকীয়া
বিভিন্ন অনুষ্ঠান-প্রতিষ্ঠানে সময়ে সময়ে ইংৰাজী ভাষাত প্রকাশিত বিশ্বৰ শ্রেষ্ঠ গ্রন্থৰ তালিকা প্রকাশ কৰি থাকে। তালিকাবোৰ সাধাৰণতে পৃথক যদিও কিছু সংখ্যক গ্রন্থই এই তালিকাবোৰত সঘনাই ভুমুকি মৰা দেখা যায়। এটা সমীক্ষাৰপৰা জানিবলৈ পোৱা গৈছে যে টাইম আলোচনী, বি বি চি, ৰিডার্ছ ডাইজেষ্ট, হাৰ্ভার্ড, দ্যা গার্ডিয়ান আদি বিশ্বৰ আঠটা নামী প্রতিষ্ঠানে প্রায় একে সময়তে প্রকাশ কৰা এনে আঠখন তালিকাত প্রত্যেকৰে এশকৈ, আঠশ গ্রন্থৰ নাম সন্নিৱিষ্ট হৈছে। হিচাপ কৰি পোৱা গৈছে যে এই তালিকাবোৰ মিলালে মুঠতে আঠশ গ্রন্থৰ নাম আছে যদিও প্রকৃততে ইয়াত ৫২০ খন পৃথক গ্রন্থহে অন্তর্ভুক্ত হৈছে। অর্থাৎ, ২৮০খন গ্রন্থই একাধিক তালিকাত স্থান লাভ কৰিছে। উল্লেখযোগ্য যে এই আঠখন তালিকাৰ প্রত্যেকতে অন্তর্ভুক্ত হোৱা গ্রন্থৰ সংখ্যা নিচেই কম; মাথোঁ ২খন গ্রন্থইহে এই বিৰল কৃতিত্ত্বৰ অধিকাৰী হ’বলৈ সমর্থ হোৱা কথাটোৰপৰাই তালিকাবোৰৰ বৈচিত্র্যৰ অনুমান কৰিব পাৰি। (জানি থোৱা ভাল যে এই গ্রন্থ দুখন হৈছে ক্রমে এফ স্কট ফিটজাৰেল্ডৰ দ্যা গ্রেট গেট্ছবি আৰু জোছেফ হেলাৰৰ কেট্ছ টুৱেণ্টি টু।)
সি যি হওক, এই যুক্তি নিশ্চয় উত্থাপিত হ’ব যে ওপৰত উল্লেখ কৰা এই ৫২০ খন গ্রন্থৰ বাহিৰেও বিশ্বত অনেক অতি উচ্চ মানবিশিষ্ট গ্রন্থ আছে যিবোৰ ইয়াত অন্তর্ভুক্ত হোৱা নাই। তালিকাত কেৱল ইংৰাজী ভাষাৰ কিতাপহে সন্নিৱিষ্ট হোৱাত এই যুক্তি অধিক শক্তিশালী হৈছে। অৱশ্যে এটা কথা ঠিক যে সমগ্র বিশ্বতে ইংৰাজীৰ বহুল প্রয়োগলৈ চাই পশ্চিমৰ উন্নত ভাষাবোৰৰ প্রায়বোৰ বিখ্যাত গ্রন্থই ইংৰাজীলৈ অনূদিত হৈছে বুলি ধৰি ল’ব পাৰি। তথাপি তাতো কিবা সুৰুঙা থাকি যোৱাৰ সম্ভাৱনা নথকা নহয়। কিন্তু এটা কথা অনুমান কৰিব পাৰি যে ইংৰাজী আৰু পশ্চিমৰ আন উন্নত ভাষাবোৰক বাদ দি বিশ্বৰ বাকী অংশৰ দেশসমূহত প্রচলিত বিভিন্ন ভাষাৰ উচ্চ মানৰ গ্রন্থ এই তালিকাত অন্তর্ভুক্ত হোৱাৰপৰা বঞ্চিত হৈছে। এই গ্রন্থবোৰৰ মানবিশিষ্ট ইংৰাজী অনুবাদৰ অভাৱেই এনে হোৱাৰ মূল কাৰণ বুলিও সহজেই অনুমান কৰিব পাৰি। ওপৰত উল্লেখ কৰা তালিকাত ভাৰতীয় লেখকৰ গ্রন্থৰ অন্তর্ভুক্তিৰ পৰিসংখ্যাটো চালেই এই কথাৰ যুক্তিযুক্ততা প্রতিপন্ন হ’ব বুলি ক’ব পৰা যায়। এই কথা আচৰিত যেন লাগিলেও সঁচা যে বিশ্বৰ ৫২০ খন শ্রেষ্ঠ গ্রন্থৰ তালিকাত অন্তর্ভুক্ত হোৱা ভাৰতীয় সাহিত্যকৰ গ্রন্থৰ হৈছে মাথোঁ চাৰিখন। সেই গ্রন্থকেইখন হৈছে ক্রমে কবিগুৰু ৰবীন্দ্রনাথ ঠাকুৰৰ দ্যা হ’ম এণ্ড দ্যা ৱর্ল্ড (ঘৰে বাইৰে), আৰ কে নাৰায়ণৰ ৱেইটিং ফৰ দ্যা মহাত্মা, বিক্রম শেঠৰ এ ছুইটেবল বয় আৰু অৰুন্ধতী ৰয়ৰ দ্যা গড অব দ্যা স্মল থিংছ। ভাৰতীয় মূলৰ দুগৰাকী বিশ্ববৰেণ্য সাহিত্যিক ভি এছ নাইপল আৰু ছালমন ৰাশ্বডি দুয়োজনৰে দুখনকৈ গ্রন্থ এই তালিকাবোৰত অন্তর্ভুক্ত হোৱাৰ বিষয়েও উল্লেখ কৰি থোৱাটো উচিত হ’ব।
এইখিনিতে এটা কথা উল্লেখ কৰি থোৱা প্রয়োজন হ’ব যে তালিকাত অন্তর্ভুক্ত গ্রন্থৰ ভিন্নতা অথবা শ্রেষ্ঠতাক লৈ বিতর্কৰ সৃষ্টি হ’লেও এই তালিকাবোৰৰ নিশ্চয় প্রয়োজনীয়তা আছে। কাৰণ, এজন সাধাৰণ কিন্তু উৎসুক পাঠকৰ বাবে এয়া এক প্রয়োজনীয় দিক-নির্দেশনা হ’ব পাৰে। লগতে ইয়াকো ক’ব পৰা যায় যে ইয়াত অন্তর্ভুক্ত সকলো গ্রন্থই নিজ নিজ সাহিত্যিক গুণত অনন্য, আৰু পাঠক হিচাপে কিছু সংখ্যক গ্রন্থৰ অভ্যন্তৰলৈ সোমাব নোৱৰাটো সেই গ্রন্থবোৰৰ দোষ হ’ব নোৱাৰে; পাঠকৰ পঠন-সামর্থ্যৰ সীমাৱদ্ধতা আৰু নিজা ৰুচি-অভিৰুচিৰ বাবেই তেনে হয় বুলি মানি ল’লেও নিশ্চয় কাৰো একো ক্ষতি নহয়। এই তালিকাবোৰৰ লগতে সময়ে সময়ে বিভিন্ন কাকত-আলোচনীয়ে প্রকাশ কৰা ‘বে’ষ্ট ছে’লাৰ লিষ্ট’ তথা বিভিন্ন আন্তঃৰাষ্ট্রীয় বঁটাৰে সন্মানিত সাহিত্যিক তথা গ্রন্থৰ ক্ষেত্রতো একে কথাই খাটিব। ন’বেলকে আদি কৰি সাহিত্যৰ প্রায় সকলো বঁটাৰ ক্ষেত্রতে বিভিন্ন সময়ত অনেক বিতর্কৰ সৃষ্টি হ’লেও বঁটা লাভ কৰা সাহিত্যিকৰ গ্রন্থই নিজৰ অসামান্য তথা অনন্য গুণৰ জৰিয়তে পাঠকৰ হৃদয় চুই যাবলৈ সমর্থ নোহোৱাৰ উদাহৰণ নিশ্চয় কম হ’ব।
এই কথা দোহৰাৰ প্রয়োজন নাই যে ইংৰাজীৰ বাহিৰৰ প্রতিভাৱান সাহিত্যিকৰ উচ্চমানৰ গ্রন্থৰ গুণগত ইংৰাজী অনুবাদ সম্ভৱ হৈ উঠিলে সেই গ্রন্থক বিশ্বৰ ৰসগ্রাহী পাঠকৰ ওচৰলৈ লৈ যোৱাৰ পথ সুগম হৈ উঠে আৰু ইয়াৰ ফলতে কেতিয়াবা বিশ্বৰ সন্মানীয় বঁটাৰ বাবে গ্রন্থখন নির্বাচিত হোৱাৰ সম্ভাৱনাও নথকা নহয়। অৱশ্যে সকলো উপযুক্ত গ্রন্থৰ ক্ষেত্রতে এইখিনি প্রয়োজনীয় চর্ত সম্ভৱ হৈ উঠিব বুলি আশা কৰিব নোৱাৰি। তথপিও সাম্প্রতিক সময়ৰ এখন গ্রন্থই এয়া যে অসম্ভৱ নহয়, সেয়া প্রতিপন্ন কৰিবলৈ সমর্থ হৈছে। গ্রন্থখন হৈছে গীতাঞ্জলি শ্রীৰ মূল হিন্দী উপন্যাস ৰেট সমাধি (দ্যা ট’ম্ব অব ছেণ্ড)। উল্লেখযোগ্য যে গ্রন্থখন ২০২২ বর্ষৰ ইণ্টাৰনেশ্বনেল বুকাৰ প্রাইজৰ চূড়ান্ত বিজয়ী হিচাবে মনোনীত হৈছে। যিকোনো ভাৰতীয় ভাষাত লিখা গ্রন্থই এই বঁটা লাভ কৰাৰ নিদর্শন এয়াই হৈছে প্রথম। মন কৰিবলগীয়া কথাটো হৈছে যে ইণ্টাৰনেশ্বনেল বুকাৰ প্রাইজৰ বাবে নির্বাচিত হ’বলৈ গ্রন্থখন ইংৰাজী ভাষাত প্রকাশিত হোৱাটো অন্যতম প্রয়োজনীয় চর্ত। গতিকে ডেইজি ৰকৱেলৰ অনুবাদ অবিহনে গীতাঞ্জলি শ্রীৰ মূল হিন্দী উপন্যাসখনে এই বঁটা লাভ কৰাটো কেতিয়াও সম্ভৱ হৈ নুঠিলহেঁতেন।
অৱশ্যে এই কথাও ঠিক যে যি কোনো অনুবাদ হ’লেই এয়া সম্ভৱ নহ’ব, সেই অনুবাদ হ’ব লাগিব গুণে-মানে শ্রেষ্ঠ। এটা সাক্ষাৎকাৰত শ্রীয়ে কৈছে, “অনুবাদত হোৱা লাভ আৰু লোকচানৰ বিষয়ে মানুহে অবিৰাম কৈয়ে থাকে। ভাল অনুবাদে মানসম্পন্ন লেখা একোটাক, ভিন্ন ধৰণে হ’লেও, নিশ্চিতভাৱে অধিক সুন্দৰ কৰি তুলিব পাৰে। অনুবাদকৰ সৈতে মোৰ সম্বন্ধই হৈছে আটাইতকৈ প্রয়োজনীয় কথা।” উপন্যাসখনৰ শেষত অনুবাদক ডেইজি ৰকৱেলৰ এটা লেখা দিয়া হৈছে। তাত কোৱা হৈছে যে অনুবাদকৰ বাবে ট’ম্ব অব ছেণ্ড হৈছে হিন্দী ভাষালৈ তেওঁৰ এখন প্রেমপত্র। তেওঁ আৰু কৈছে, “গীতাঞ্জলি শ্রীয়ে ইংৰাজীত কোনো খোকোজা নলগাকৈ লিখিব পাৰে, কিন্তু তেওঁ হিন্দী ভাষাত লিখিবলৈ পছন্দ কৰে, যিটো তেওঁৰ মাতৃভাষা। তেওঁ শব্দবোৰৰ ধ্বনি আৰু কেনেদৰে ইটোৰ সৈতে সিটো প্রতিধ্বনিত হয় সেয়া উপভোগ কৰে ... ।মই গোটেই অনুবাদতে হিন্দীৰ ইংৰাজী ধ্বনি এটা লেখাখিনিত পুনৰ সৃষ্টি কৰিবলৈ প্রয়াস কৰিছোঁ।” এই প্রয়াসত তেওঁ যে সফল হৈছে তাত কোনো সন্দেহ নাই। ইয়াৰ ফলতে সকলোখিনি সূক্ষ্মাতিসূক্ষ্ম বর্ণনা সযতনে সংৰক্ষিত কৰি মূলৰ অকণো হীন-ডেঢ়ি নঘটোৱাকৈ হিন্দী ভাষাৰ সৈতে পৰিচয় নথকা, বিশেষকৈ পশ্চিমীয়া পাঠকক এখন সুন্দৰ উপন্যাস তেওঁ উপহাৰ দিব পাৰিছে। এগৰাকী আলোচকে আনকি ইয়াক ‘অনুবাদ’ বুলি ক’বলৈকে অস্বীকাৰ কৰিছে। সেইজন আলোচকৰ মতে এইখন ‘মূল’ উপন্যাসেই।
আৰু এটা উল্লেখযোগ্য কথা এইখিনিতে কৈ থোৱা উচিত হ’ব। ৰেট সমাধিত থকা সকলো উর্দু, হিন্দী, পাঞ্জাৱী ভাষাৰ কবিতাৰ উদ্ধৃতি ট’ম্ব অব ছেণ্ডতো একেদৰেই ৰাখি তাৰ লগতে ইংৰাজী অনুবাদ দিয়া হৈছে। ৰকৱেলে কৈছে যে মূল উপন্যাসখনত যেনেদৰে হিন্দীৰ মাজত অনেক ইংৰাজী শব্দ আছে, ঠিক একেদৰে অনুবাদতো ইংৰাজীৰ মাজত অনেক হিন্দী শব্দই ভুমুকি মাৰিছে। তাত আচৰিত হ’বলগীয়া একো নাই। তেওঁৰ মতে মূল উপন্যাসখন যেনেদৰে কৃত্রিমভাৱে হিন্দীকেন্দ্রিক, ঠিক সেইদৰে অনুবাদখনো কৃত্রিমভাৱে ইংৰাজীকেন্দ্রিক। (the original novel is artificially Hindi-centric, just as the translation is artificially English-centric.)
প্রসংগতঃ উল্লেখযোগ্য যে অলপতে অসমীয়া সাহিত্যৰ এটা সুপৰিচিত তথা সন্মানীয় নাম অৰূপা পটংগীয়া কলিতাৰ তানিয়া নামৰ মূলতঃ কম বয়সীয়া পাঠকৰ বাবে লিখা উপন্যাসখনৰ ইংৰাজী অনুবাদ পঢ়াৰ সৌভাগ্য হৈছে। অসমীয়া নামটোৰ সৈতে একে নামৰ ইংৰাজী উপন্যাসখন প্রকাশ পাইছে পেংগুইনৰ ‘পাফিন ক্লাছিক’ ছিৰিজত, ২০২২ চনত। মূল অসমীয়াত লিখা উপন্যাসখন আগতে পঢ়া হোৱা নাই। কিন্তু ইংৰাজীত কিতাপখন পঢ়ি যাওঁতে এবাৰো মনলৈ অহা নাই যে এইখন এখন অনূদিত উপন্যাস। মনতে ভাব হৈছে, এনেকুৱা সাৱলীল সুন্দৰ অনুবাদ যদি সেউজী পাতৰ কাহিনী, অঘৰী আত্মাৰ কাহিনী, এহাত দাবা আদি লেখাৰ বাবেও উপযুক্ত সময়ত সম্ভৱ হ’লহেতেন, তেনেহ’লে অসমীয়া সাহিত্যই নিশ্চয় সঁচা অর্থত সমগ্ৰ বিশ্বৰে ৰসগ্রাহী পাঠকৰ প্রশংসা তথা সন্মান লাভ কৰিবলৈ সমর্থ হ’লহেঁতেন। অঁ, হয়, তানিয়াখন অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ কৰিছে মীনাক্ষী বৰকটকীয়ে। এই অনুবাদকৰ অন্য এখন অনুবাদ গ্রন্থও অলপতে প্রকাশ পাইছে। গ্রন্থখন হৈছে ২০১৪ চনৰ মুনীন বৰকটকী সাহিত্য বঁটাৰে সন্মানিত তুলিকা শইকীয়াৰ চাৰিশাল গোসানীৰ তেজ। ভৱানী বুকছে প্রকাশ কৰা অনূদিত গ্রন্থখনৰ নাম হৈছে, Wrath of Goddess (জানুৱাৰি, ২০২৩)। বিষয়বস্তুৰ গভীৰতা সত্তেও অনুবাদকৰ দুয়োটা ভাষাতে থকা বিৰল দখল আৰু মৌলিক সাহিত্যিক প্রতিভাই গ্রন্থখন সুখপাঠ্য কৰি তুলিছে। অসমীয়াৰপৰা ইংৰাজীলৈ অনুবাদ কৰা এনে এগৰাকী অনুবাদক থকাটো অসমীয়া সাহিত্য জগতৰ বাবে নিশ্চয়কৈ অতি আশাপ্রদ আৰু আনন্দদায়ক বিষয় ৰূপে বিৱেচিত হ’ব।