ড° দীপমণি দাস
কবি অনুভৱ তুলসী সাম্প্ৰতিক কালৰ অসমীয়া
সাহিত্য জগতত এজন প্ৰতিষ্ঠিত কবি।
আগষ্ট সংখ্যাৰ,২০২০ইং চনৰ প্ৰকাশ আলোচনীত
প্ৰকাশিত তেওঁৰ 'অলপ বেছি' শীৰ্ষক কবিতাটো পঢ়ি
পাঠক হিচাপে আমাৰ মনলৈ অহা নান্দনিক তুলসীৰ লগত
কলপটুবাৰ মুক্তি প্ৰতিক্ৰিয়াবোৰৰ লিপিবদ্ধকৰণ কৰাৰ সৰল প্ৰয়াস কৰি কবিতাটোৰ বিষয়ে এটি চমু আলোচনা আগবঢ়াব বিচাৰিছোঁ।
কবিজনাৰ ইতিপূৰ্বে
প্ৰকাশিত বিভিন্ন সংকলনসমূহৰ বিষয়ে আমাৰ সঁহাৰি এই লেখাৰ উদ্দেশ্য নহয়- উদ্দেশ্য কেবল 'অলপ বেছি' কবিতাটোৰ বিষয়ে আমাৰ সামান্য
আলোচনা।
সাহিত্য সমালোচক
অৰিন্দম বৰকটকীয়ে তেখেতৰ অনুবন্ধ নামৰ কিতাপখনত উল্লেখ কৰিছে- 'কবিতাৰ নিৰ্মাণটোও
যে এটা শিল্প এই সম্পৰ্কত সুস্পষ্ট ধাৰণা থকাৰ বাবে তেওঁৰ (অনুভৱ তুলসীৰ) কবিতাৰ
শাৰীবোৰে ক্ৰমাৎ গভীৰলৈ পাঠক মনক লৈ যায়।' (পৃষ্ঠা-২৫৯)।
অনুভৱ তুলসীৰ 'অলপ
বেছি' কবিতাটো আমাৰ দৃষ্টিত নানা ব্যঞ্জনা সমৃদ্ধ
এটা উত্তৰ আধুনিকতাবাদ ধাৰাৰ কবিতা। কবিতাটোৱে উপৰিভাগৰ পৰা চালে মানুহক ভাৱ আৰু অৰ্থৰ কোনো বিশেষভাবে নিৰ্দিষ্ট ধাৰণা নিদিয়ে। পাঠকে আপেক্ষিকতাৰে নিজ নিজ অভিজ্ঞতা আৰু
কাব্যচেতনা অনুযায়ী এক সম্যক ধাৰণা নিৰ্মাণ কৰি লব পাৰে- যি ধাৰণা এটা সময়ত
অনিৰ্ণেয় (undecided) / aporia হৈ থকাৰ দৰে। কবিতাটোত নিৰ্গঠনবাদৰ
(deconstruction) ধাৰণা এটাই ক্ৰিয়া কৰি আছে বুলি আমাৰ অনুভৱ। উদাহৰণস্বৰূপে কবি
এজন মকৰাৰ দৰে শিল্পী অথচ মকৰাতকৈ অলপ বেছি- এইধৰণে আগুৱাইছে কবিৰ নিৰ্মাণ সত্বা। কবিয়ে কি ক'ব বিচাৰিছে
সেয়াও অলপ ৰহস্যগোন্ধী ভাবে ব্যঞ্জনাসমৃদ্ধ। Mysticism - বাস্তৱ, জাগতিক অভিজ্ঞতাৰ
আবৰ্তত বন্দী। কল্পচিত্ৰ সমূহ প্ৰাত্যহিক জগতৰ পৰাই লোৱা অথচ বৰ কাৰ্যক্ষম যি
চমকপ্ৰদ আৰু অৰ্থৱহ। ই এক ধৰণৰ ইংৰাজী সাহিত্যৰ মেটাফিজিকেল ঐতিহ্যৰ অনালংকাৰিক
ৰূপকৰ দৰেই। কবিয়ে উপস্হাপন কৰা
ধাৰণা এটাক পিছ মূহুৰ্ততেই সামান্যকৈ হ'লেও
নস্যাৎ কৰি নিজৰ মাজতেই এটা বিৰোধাভাস সৃষ্টিৰ জৰিয়তে নিজৰ কাব্যবীক্ষা উত্তৰণৰ
স্বাৰ্থত এটা নতুন টেকনিকৰ সংযোজন কৰিছে। কবিয়ে কল্পচিত্ৰ নিৰ্বাচনৰ ক্ষেত্ৰত
তীব্ৰ পৰ্যবেক্ষণ ক্ষমতাৰ পৰিচয় দি
কবিতাটো মননশীল কৰি তুলিছে আৰু সেইখনিনিতেই কবিতাটোৰ আবেদন।
কবি এজন বিভিন্ন
যন্ত্ৰণাৰ মাজেৰে পাৰ হ'ব লগা হয়- য'ত কবিয়ে কৈছে বহু পৰ বেলি জোকে তেজ খাই থকা
অথচ গমকে নোপোৱা জীৱন কবিৰ! তাৰ পিছত নিজস্ব টেকনিকেৰে তাক নস্যাৎ কৰি যন্ত্ৰণাৰ
প্ৰকৃতি তাতোকৈ বেছি বুলি কৈছে। পাঠকৰ চিনাকী উৎসৰ পৰাই নিৰ্বাচন কৰা জোকৰ
চিত্ৰকল্পটোত অসাধাৰণ ব্যঞ্জনা
আৰোপ কৰিব পাৰিছে পাঠকৰ ঔৎসুক্য অটুট ৰাখি। কবিতাটোত কবিৰ মানবতাবাদী দৰ্শন
পৰিস্ফুট হৈছে। লগে লগে
জীৱজন্তুৰ প্ৰতি মৰ্মবেদনা প্ৰকাশ পাইছে। কবিয়ে কৈছে- শিলৰ বাটেদি কদমত খোজ
কাঢ়োতে ঘোঁৰাৰ খুৰাৰ পৰা ফিৰিঙতি ছিটিকে। এই ফিৰিঙতি শব্দটো বৰ অৰ্থঘন ৰূপত ব্যৱহাৰ কৰিছে।
কবি জীৱজন্তুৰ কষ্টৰ
প্ৰতি সচেতন। সেইবাবেই সেই ফিৰিঙতি কবিৰো ফিৰিঙতি। কবিৰ যন্ত্ৰণাও বিভিন্ন ফিৰিঙতিৰ মিশ্ৰণ আৰু কবিৰ মতে কবিতা অকল সেই ফিৰিঙতিয়ে নহয়-
তাতোকৈ বেছি- কবি জীৱজন্তুকে ধৰি পাৰিপাৰ্শ্বিক সকলো দুখ কষ্ট, সময়ৰ সংশয় তথা
বিচ্ছিন্নতাবোধৰ জাগ্ৰত প্ৰহৰী। বৰ অৰ্থঘন ব্যাচ্যাৰ্থ আছে ফিৰিঙতিৰ। গভীৰভাবে সেই ফিৰিঙতিৰ পৰা
যাতে কোনো কাৰণতে খাণ্ডৱদাহৰ সৃষ্টি নহয়- সেই ফিৰিঙতিৰ কালিকাই এক ইংগিতধৰ্মী
ব্যাখ্যা অপৰোক্ষভাবে covertly বহন কৰিছে আৰু এইক্ষেত্ৰত পাঠকৰ কৰণীয় আছে- সমাজৰ
কৰণীয় আছে।
কবিতাটোত 'অলপ বেছি'
শব্দ দুটাৰ জৰিয়তে ভাবৰ পুনৰাবৃত্তি আৰু
কাব্যবীক্ষা উত্তৰণৰ বাহক হিচাপে কাম কৰিছে (Refrain)। অলপ বেছি- অৰ্থাৎ কিমান
বেছি ? সেই প্ৰশ্নটোৱে পাঠকৰ ঔৎসুকতা ধৰি ৰাখিছে প্ৰথমৰ পৰা শেষলৈকে আৰু কবিতাটো
পঢ়ি শেষ হোৱাৰ পাছতো পাঠকৰ মনোজগতত ঔৎসুক্যৰ ব্যাপ্তি ঘটিছে আৰু ইয়াৰ জৰিয়তে কবিৰ মননশীলতাৰ পৰিচয় ফুটি উঠিছে।
কবিতাটোৰ আৰম্ভণিতে
উল্লেখ কৰা চিনবোৰে(Sign) আমাক Ferdinand de Saussure ৰ Sign, Signifier আৰু
Signified তত্বলৈ লৈ যাব পাৰে। চিনবোৰৰ অৰ্থ প্ৰসংগ অনুযায়ী আপেক্ষিক(relational) l
সেয়েহে কবিয়ে ক'ব পাৰিছে আখৰে কয়- মই মাথোন চিনৰ সমষ্টি নহয়- তাতোকৈ অলপ বেছি। আখৰবোৰে প্ৰসংগৰ ওপৰত
আঁউজি এটা নিৰ্দ্দিষ্ট সময়ত অৰ্থপ্ৰকাশ কৰে অথচ সেই আখৰবোৰৰ অৰ্থ পাঠকৰ মনস্তত্ত্বৰ ওপৰত অথবা পৰিৱৰ্তনশীল
সময়ৰ বিভিন্ন কাৰকৰ ওপৰত নিৰ্ভৰশীল। অৰ্থ চলমান- গতিশীল অথচ আপেক্ষিক। কবিয়ে কৈছে-
অৰ্থই কয়- মই সাঁতুৰিব জানোঁ অথচ মাছ নহয়- মাছতকৈ অলপ বেছি। কবিতাৰ সাগৰত সাঁতুৰি
থকাটোৱে এটা অৰ্থবহ কথা- কবিৰ বাবেও আৰু পাঠকৰ বাবেও। মাছ উৰ্বৰতাৰ (প্ৰজনন )
প্ৰতীক- মাছতকৈ অলপ বেছি- এক অনিৰ্দিষ্ট অথচ কাব্যিক জীৱনৰ উৰ্বৰতাৰ উত্তৰণৰ ক্ষেত্ৰত
অৰ্থৰ গুৰুত্ব অনন্য।
মাছৰ আন এটি ব্যঞ্জনা
হ'ব পাৰে- মাছ শীতলৰক্তী
প্ৰাণী। স্বভাৱত আমি শীতল মস্তিষ্কৰে আগুৱাই যাব লাগিব কবিতাৰ পথাৰখনত। হয়তো কবিৰো
সেই একেই প্ৰত্যাশা। বিভিন্ন উদ্দীপকসমূহে মনোজগতত বিভিন্ন ধৰণে ক্ৰিয়া কৰাৰ ফলত চিনবোৰ/আখৰবোৰ শব্দ হয় আৰু শব্দই অৰ্থৰ সহায়ত
কাব্যৰ সাগৰ ৰচনা কৰে।
কবিতাটোৰ আন এটা
উল্লেখযোগ্য দিশ হৈছে কবিৰ প্ৰকৃতিৰ স'তে সংযোগ। কবিতাটোৰ চিত্ৰকল্পসমূহ মাছ,
চৰাই, জোক , মকৰা , নদী আদিৰে সমৃদ্ধ।
কবিতা এক নিৰ্মাণ।
কবি এজন শিল্পী। মকৰাটোৰ দৰে। মকৰাই জাল গুঠাৰ দৰে। কবিতা কেতিয়াবা এখন জালৰ দৰে-
য'ত কবিতাৰ আবেদনে টানি আনে পাঠকক। কিছুমান কবিতা আকৌ জালৰ দৰেই- যেন এটা
দুৰ্বোধ্য কবিতা।
কবিতা মূলত: দুখৰ
উপজ। যন্ত্ৰণাৰ পৰাই সৃষ্টি। জীৱন আৰু জগতৰ বিভিন্ন ঘটনা পৰিঘটনাই মনত স্ফুলিংগৰ
সৃষ্টি কৰে আৰু এই স্ফুলিংগই উদ্দীপকৰ দৰে কাম কৰে আৰু কবিৰ কাব্যিক যাত্ৰাত সেই
স্ফুলিংগ বা ফিৰিঙতি প্ৰাণবন্ত হৈ উঠে নিজ নিজ নিৰ্মাণ টেকনিকত। কবি শব্দৰ
ব্যৱহাৰত ঘাইকৈ সচেতন।মিতচাৰিতাৰ উৎকৃষ্ট নিদৰ্শন। শব্দৰ মেদ নাই।
গভীৰভাবে চাবলৈ গ'লে
মানুহৰ জীৱনো এনেকি কবিৰ জীৱনো এটা ঘোঁৰাৰ দৰেই-ঘোঁৰাই য'ত প্ৰতিনিধিত্ব কৰিছে আমাৰ সংগ্ৰামৰ জগতখনত
। শিল হৈ পৰিছে সংগ্ৰামৰ প্ৰকৃতি। বাটেৰে আমি যাত্ৰা কৰিবলগীয়া হয় - কেতিয়াবা শিল
দিয়া বাটেৰে- কদম মিলাব লগা হয় আনৰ লগত ঘোঁৰাৰ দৰেই। কবিতাটো গভীৰভাবে চাবলৈ গ'লে
এইবিলাক ব্যঞ্জনাৰে সমৃদ্ধ।
কবিতাটোত প্ৰেমৰ গভীৰ
ৰূপ- তুমি- তুমি সম্বন্ধবাচক ব্যঞ্জনাত মূৰ্ত অথচ প্ৰেম/ অনুৰাগৰ পৃথিৱী সকলোৰে
নিজা নিজা। অথচ এয়াও স্পষ্ট নহয়-
তুমি স্বলিংগী অথবা বিপৰীত লিংগী একক।
সকলো কথা কোৱা নাযায়
কবিতাত- কাহিনীত। সকলো কথা আমি নাপাওঁ আমাৰ জীৱন পৰিক্ৰমাত। কবিয়েও ক'ব খোজা নাই-
সকলো কথা। প্ৰসংগও নিজা নিজা। তাতোকৈ অলপ বেছি- কিমান বেছি - সেই অৰ্থ বুজিবলৈ
সকলো পাঠকেই নিজ নিজ প্ৰসংগৰ লগত ৰজিতা খুৱাই আগবাঢ়ি যাব লাগিব কাব্যপান কৰি
থাকোতে। অৰ্থ এক ভাবৰ অনুষঙ্গ (reference)। কবিতাটোত
আমি ভাবৰ / অৰ্থৰ কিছু আভাস পাওঁ। অপৰোক্ষভাবে /covertly এটা ইংগিত আছে শেষ কথা বুলি কোনো কথা নাই- এক
উত্তৰ আধুনিক প্ৰেক্ষাপটৰ সন্মুখীন হৈ যায় পাঠকে। সংবেদনশীল মনৰ উত্তৰ আধুনিক জগতৰ প্ৰতিফলনত কবিৰ কবিতা প্ৰাণৱন্ত
হৈ পৰিছে।
কবিতাটোত কবিয়ে
প্ৰেমৰ সংজ্ঞা দিবলৈ যিৱা নাই। মাথো প্ৰেমৰ পৰিক্ৰমাত কি কি অভিজ্ঞতা হ'ব পাৰে
তাৰে কিছু আংশিক তালিকাভুক্ত
কৰণ (cataloguing) কৰিছে- য'ত শব্দ নিৰ্বাচনত জটিলতা নাই- শ্লেষ, পৰিহাস, বেঁকা,
কেঁকুৰিখিনি ঠিক প্ৰেমৰ পঠিক নহয়- তাতোকৈ অলপ বেছি। শ্লেষ, পৰিহাসৰ কথা ক'বলৈ গৈ
বিফল প্ৰেমৰ এচকল দাঙি ধৰিছে। উত্তৰ আধুনিক জীৱনযাত্ৰাত উপৰোক্ত কাৰকসমূহ জীৱনৰ এক প্ৰকাৰ উপকৰণসদৃশ। হয়তো কথাবিলাক
আপেক্ষিক কিন্তু সাৰ্বজনীন সংশয় আৰু দোমোজাৰ পৃথিৱীত। সেই অৱস্হানতেই খোপনি পোতে
লাহে লাহে আমাৰ মনত এক উত্তৰ আধুনিক বীক্ষাই।
জেক ডেৰিডাৰ মতে অৰ্থ
স্হগিত ৰখা হয় নিৰ্গঠনবাদী ধাৰাত।(deferred)l অৰ্থাৎ কি নহয় , সেয়া ক'ব পাৰি, কি
হয় নতুবা কি হ'ব - সেয়া কোৱাটো টান। অৱশ্যে পাঠকৰ মনত দ্ব্যৰ্থতা নতুবা বিৰোধাভাস
আদিৰ জন্ম হ'ব পাৰে- কিন্তু পাঠকৰ মনত স্বাধীনতা থাকে- যাৰ বাবে হয়তো ৰানাল্ড
বাৰ্থাই কৈছিল- লিখকৰ মৃত্যু হৈছে- অৰ্থাৎ পাঠক পাঠত কেন্দ্ৰীয়।
তুমি তুমিত লিপিট খাই
থকাই সম্পৰ্ক নহয়- সম্পৰ্ক কি- সেই কথা বা সম্পৰ্কৰ সংজ্ঞা কবিয়ে দিব খোজা নাই!
কবিয়ে তুমিক এক বুলি ধৰি - লগে লগেই নস্যাৎ কৰি সম্পৰ্কৰ উত্তৰণ ঘটাই একতকৈ অলপ
বেছি বুলি কৈ সম্পৰ্কৰ গাণিতীয় অথবা যান্ত্ৰিক মাত্ৰাৰ পৰা প্ৰেম, অনুৰাগৰ মায়াময় আৱৰ্তত
সমপৰ্কক অৱস্হান কৰাইছে। চিত্ৰকল্পৰ নতুনত্বই কবিতাটোৰ কাব্যিক সৌন্দৰ্য ফুটাই
তুলিছে। তেনে এটা চিত্ৰকল্প হৈছে
ডকা চাকনৈয়া লুকুৱাই লৈ বোৱা নদীখনৰ দৰে সময়- নদীৰ প্ৰবাহক সময়ৰ স'তে ৰজিতা খুৱাই
সাম্প্ৰতিক সময়ক মূৰ্ত কৰি তোলাৰ ইংগিত কবিতাটোত বিদ্যমান। নদীৰ স'তে কাব্যবীক্ষাৰ
সংযোগ মনকৰিবলগীয়া। তথাপি কবিয়ে কৈছে- সেইখন নদীয়েই সময় নহয়। সময় পৰিবৰ্তনশীল।
কবিৰ দৃষ্টিত অলপ বেছিৰ কথাটো সময়ৰ চাকনৈয়াত এটা সমস্যা- (যি দৰে কিমান বেছি সেইটো ধৰাতোও উপৰুবা দৃষ্টিত সমস্যাই! ) আৰু সেই সমস্যাৰ সমাধান কাৰো হাততেই নাই-
এনেকি বিষয়ী অংকৰ মাষ্টৰেও তাৰ নিৰ্ণয় দিব পৰা নাই- পাঠকলৈ এৰি দিছে - উত্তৰ আধুনিকতাবাদৰ মুক্ত পাঠৰ ধাৰণাৰে (open ended)।
পৰিশেষত ক'ব পাৰি যে
'অলপ বেছি ' কবিতাটো অনুভৱ তুলসীৰ এটা মননশীল আৰু সুখপাঠ্য কবিতা যাৰ অৰ্থ বা
ৰসাস্বাদন উত্তৰ আধুনিক
দৃষ্টিকোণৰ পৰাও কৰিব পৰা যায় আৰু উত্তৰ আধুনিক যুগৰ কিছু সমল কবিতাটোৰ নিৰ্মাণৰ
শৈলীত সংপৃক্ত হৈ আছে বুলি আমাৰ ধাৰণা।
....
ঠিকনা :
ফৰেষ্ট ক'লনি
ৱাৰ্ড নং ১০, বৰপেটাৰোড্
ডাক : শিমলাগুৰি, বৰপেটা -৭৮১৩১৩
ফোন : ৮১৩৩০৫৯৫৬১