অন্যযুগ/


মেডিচিন, বিজ্ঞান আৰু স্বাস্থ্য

ডাঃ নৰেন কুটুম


( টোকা : মেডিচিন বুলি কওঁতে ইয়াত কেৱল পিল, ঔষধৰ বটল নতুবা ইনজেকচনৰ কথাকে বুজাব বিচৰা নাই৷ ইয়াত বহল অৰ্থত ক’ব বিচৰা হৈছে, য’ত চিকিৎসাৰ সকলো দিশ সামৰি লয়৷)


প্ৰাচীন মেডিচিন :

অতি প্ৰাচীন কালৰ পৰাই মানুহে ৰোগৰ বিৰুদ্ধে সংগ্ৰাম কৰি আহিছে৷ ৰোগৰ পৰা আৰোগ্য পাবৰ কাৰণে নতুবা ৰোগ যন্ত্ৰণাৰ পৰা উপশমৰ কাৰণে সেই সময়ত পুৰোহিত, কবিৰাজ, তান্ত্ৰিক, যাদুকৰ সকলে বিভিন্ন উপায় অৱলম্বন কৰিছিল৷ বৈজ্ঞানিকভাৱে প্ৰমাণ কৰিব পৰা একো সুবিধা নাছিল যদিও আমি এইটো নিশ্চিতভাৱে ক’ব নোৱাৰোঁ যে তেতিয়াৰ চিকিৎসাৰ কোনো মূল্য নাছিল৷ সেই সময়ৰ চিকিৎসা পদ্ধতিটো যাদু বা ধৰ্মৰ ওপৰত ভিত্তি কৰিয়েই বৰ্তি আছিল, যিটো প্ৰাচীন সংস্কৃতি আৰু সভ্যতাৰ লগত ওতঃপ্ৰোতভাৱে জড়িত আছিল৷

চিকিৎসা বিজ্ঞানৰ ইতিহাসবিদ হেনৰি চিগাৰিয়েষ্ট [Henry Sigerist]-এ উল্লেখ কৰিছে যে প্ৰত্যেকটো সংস্কৃতিৰে এক নিৰ্দিষ্ট চিকিৎসা পদ্ধতি আছিল৷ দুবছ [Dubos]-এ আৰু এখোজ আগ বাঢ়ি কৈছিল যে পৌৰাণিক চিকিৎসা পদ্ধতিটোৱে হৈছে বিজ্ঞানৰ মাতৃ স্বৰূপ আৰু এইটোৱে বিভিন্ন সংস্কৃতিৰ লগত যোগসূত্ৰৰ কাম কৰিছিল৷ সেই সময়ত জ্ঞান সীমিত হোৱাৰ ফলত প্ৰাচীন মানুহৰ মনত দৃঢ় বিশ্বাস আছিল যে মানুহৰ প্ৰতি থকা ভগৱানৰ ক্ৰোধ, অপদেৱতাৰ আৰু গ্ৰহ-নক্ষত্ৰৰ কু-প্ৰভাৱৰ ফলস্বৰূপে  মানুহে ৰোগত আক্ৰান্ত হয়৷ প্ৰাচীন কালৰ ৰোগৰ ধাৰণাটোৱেই আছিল ‘Supernatural Theory of Disease’৷ এই কাৰণেই ৰোগ আৰোগ্য কৰিবলৈ মানুহে প্ৰাৰ্থনা, পূজা-অৰ্চনা, মন্ত্ৰ আদিৰ আশ্ৰয় লৈছিল৷ প্ৰাচীন চিকিৎসা পদ্ধতিৰ আৰম্ভণি কেতিয়া হৈছিল তাৰ সঠিক সময় জনা নাযায়৷ এছিয়া, আফ্ৰিকা, দক্ষিণ আমেৰিকা, অষ্ট্ৰেলিয়া আৰু প্ৰশান্ত মহাসাগৰৰ দ্বীপবোৰত ঠায়ে ঠায়ে এতিয়াও প্ৰাচীন চিকিৎসা পদ্ধতি চলি আছে৷ উদাহৰণ হিচাপে ক’ব পাৰি যে ভাৰতৰ বিভিন্ন ঠাইত সাপে খুঁতা ৰোগীৰ মন্ত্ৰৰ দ্বাৰা চিকিৎসা কৰি থকা দেখা গৈছে৷ এনেকৈয়ে গাঁও এখনত দেখা দিয়া কিছুমান ৰোগৰ কাৰণ হিচাপে ডাইনীৰ প্ৰভাৱ বুলি ডাইনীৰ নামত সুস্থ মানুহক হত্যা কৰা হৈছে৷ বহুতো ঠাইত এতিয়াও বিশ্বাস কৰে যে পূৰ্বজন্মৰ পাপৰ ফলস্বৰূপেহে মানুহে কুষ্ঠ ৰোগত আক্ৰান্ত হয় ইত্যাদি৷

আজিৰ বিশ্বই স্বীকাৰ কৰিব যে চিকিৎসা পদ্ধতিৰ মূল শিপাডালেই হ’ল ভাৰতীয় চিকিৎসা পদ্ধতি৷ এই পদ্ধতি আৰম্ভ হৈছিল আয়ুৰ্বেদা আৰু চিদ্ধা [Siddha] পদ্ধতিৰ জৰিয়তে৷ আয়ু্‌ৰ্বেদা অৰ্থটোৱে জীৱৰ প্ৰতি জ্ঞান থকাটোকে সামৰি ল’ব বিচাৰে৷ নতুবা এইটো এনেধৰণৰ জ্ঞান যিটোৰ দ্বাৰা জীৱনটোৰ আয়ুস বঢ়াব পাৰে৷ খ্ৰীষ্টপূৰ্ব প্ৰায় ৫০০০ বছৰ আগৰ পৰাই অৰ্থাৎ বৈদিক যুগৰ পৰাই এই চিকিৎসা পদ্ধতিটো আৰম্ভ হৈছিল বুলি জনা যায়৷ কোনো কোনো বিজ্ঞৰ মতে অথৰ্ব বেদৰ চিকিৎসাৰ জ্ঞান ক্ৰমান্বয়ে উত্তৰণ ঘটি পিছৰ সময়ত আয়ুৰ্বেদিক চিকিৎসা বিজ্ঞানৰ অৱস্থাত উপনীত হ’লগৈ৷ প্ৰাচীন ভাৰতৰ আয়ুৰ্বেদিক চিকিৎসাৰ পূৰ্বপুৰুষ সকলৰ ভিতৰত এট্ৰিয়া [Atreya], চৰক [Charak], সুশ্ৰুতা [Sushruta] আৰু ভগভাট [Vaghbhatt] ৰ নাম উল্লেখযোগ্য৷ খ্ৰীষ্টপূৰ্ব প্ৰায় ৮০০ বছৰৰ সময়খিনিত এট্ৰিয়াক ভাৰতৰ প্ৰথম ফিজিচিয়ান আৰু টিচাৰ বুলি ধৰি লোৱা হৈছিল৷ চৰকৰ নাম আমি প্ৰায়ে শুনিছো বা জানো৷ তেওঁ আয়ুৰ্বেদিক চিকিৎসা পদ্ধতিৰ আটাইতকৈ উল্লেখযোগ্য আৰু জনপ্ৰিয় ব্যক্তি৷ “চৰক সংহিতা” হ’ল তেওঁৰ উল্লেখযোগ্য অৱদান৷ তেনেকৈয়ে সুশ্ৰুতাক ভাৰতৰ শৈল্য চিকিৎসাৰ পিতৃ বুলি গণ্য কৰা হয়৷ শৈল্য চিকিৎসাৰ ওপৰত লিখা গ্ৰন্থখনৰ নাম “সুশ্ৰুতা সংহিতা”৷ হাড় ভঙা জোৰা লগোৱা, অংগচ্ছেদন [amputation], শৰীৰৰ বিভিন্ন অংশত হোৱা টিউমাৰৰ বিচ্ছেদকৰণ, হাৰ্নিয়াৰ অস্ত্ৰোপচাৰ আদি চিকিৎসাবোৰ প্ৰাচীন কালতে ভাৰতৰ চিকিৎসকসকলে কৰিবলৈ সমৰ্থ হৈছিল৷ আনকি ইষ্ট ইণ্ডিয়া কোম্পানী ভাৰতত থকাৰ সময়ত বৃটিছ চিকিৎসকে ভাৰতীয় চিকিৎসকৰ পৰা কেনেকৈ ৰাইনপ্লাষ্টি [Rhinoplasty] কৰিব পাৰি তাৰ জ্ঞান আহৰণ কৰিছিল৷

তাৰ পাছত চীন দেশৰ চিকিৎসা পদ্ধতিৰ কথা আমি জানিবলৈ পাওঁ৷ তেওঁলোকে ক’ব বিচাৰে যে খ্ৰীষ্টপূৰ্ব ২৭০০ ত চীনাসকলে পৃথিৱীৰ ভিতৰত প্ৰথম বাৰৰ বাবে সুসংগঠিতভাৱে চিকিৎসা জ্ঞান আহৰণ কৰিবলৈ সমৰ্থ হৈছিল৷ ঐতিহাসিকভাৱে চীনাসকলকেই ভেকচিনৰ আৱিষ্কাৰক বুলি জনা যায়৷ To a Chinese 'The Great Doctor is one who treat not someone who is already ill, but someone not yet ill'. চীনাসকলে নিজৰ পৰম্পৰাগত চিকিৎসাৰ ওপৰত সম্পূৰ্ণভাৱে বিশ্বাস কৰে আৰু এই চিকিৎসা পদ্ধতিক তেওঁলোকৰ আধুনিক চিকিৎসা পদ্ধতিৰ লগত সংযোজন কৰিছে৷ ইজিপ্ট, মেচোপটামিয়ান, গ্ৰীকসকলেও নিজৰ নিজৰ ঠাইত চিকিৎসা পদ্ধতি আগবঢ়াই নিছিল৷ গ্ৰীক মেডিচিনৰ সময়খিনি আছিল খ্ৰীষ্টপূৰ্ব ৪৬০ - ১৩৬৷ আমি সকলোৱে জানো যে গ্ৰীচৰ বিখ্যাত ফিজিচিয়ান জনৰ নাম হিপ’ক্ৰেট [Hihpocrate] যাক ফাদাৰ অফ মেডিচিন বুলি কোৱা হয়৷ তেওঁ সুক্ষ্মভাৱে ৰোগৰ লক্ষণ আৰু তাৰ কাৰণবোৰ অধ্যয়ন কৰি ৰোগৰ শ্ৰেণী বিভাজন কৰিছিল৷ তেওঁ এজন ইপিডিমিঅ’লজিষ্টো আছিল৷ খোৱা পানী, জলবায়ু, কাপোৰ, খাদ্য আদিৰ লগত ৰোগৰ সম্পৰ্ক আছিল বুলি গৱষেণা কৰি দেখুৱাইছিল৷ হিপ’ক্ৰেটৰ প্ৰতিজ্ঞা - যাক কোৱা হয় Hihpocratic Oath আৰু ইয়াক চিকিৎসাৰ মাইলৰ খুটি বুলি ধৰা হয়৷ হিপ’ক্ৰেটিক ধাৰণাই এইটো বুজাব পাৰিছিল যে স্বাস্থ্য আৰু ৰোগৰ মানুহ আৰু পৰিৱেশৰ লগত সম্পৰ্ক আছে৷ চমুকৈ ক’বলৈ গ’লে গ্ৰীকসকলে ৰোগ আৰু চিকিৎসাৰ বিষয়টোত নতুনত্ব প্ৰদান কৰিছিল৷ তেওঁলোকে Supernatural Theory of Disease ৰ ধাৰণা প্ৰত্যাখান কৰিছিল৷ তেওঁলোকৰ মতে ৰোগ হ’ল প্ৰাকৃতিকভাৱে হোৱা প্ৰক্ৰিয়াহে, কোনো ভগৱান বা ঐশ্বৰিক শক্তিৰ কূপ দৃষ্টিৰ প্ৰভাৱ নহয়৷ হিপ’ক্ৰেটিক জ্ঞানে চিকিৎসাৰ ক্ষেত্ৰত যাদুৰ লগত মেডিছিনক পৃথক কৰিব পাৰিছিল আৰু বিজ্ঞানৰ বিষয়ে সঠিক জ্ঞান নাজানিলেও বৈজ্ঞানিক চিন্তাধাৰাৰে চিকিৎসাৰ পথ সুগম কৰিছিল৷ লাহে লাহে গৌৰৱোজ্জ্বল গ্ৰীক সভ্যতাৰ পতন হোৱাৰ পাছত ৰোমান সভ্যতাই পোহৰৰ বাট বুটলিবলৈ সক্ষম হ’ল৷

খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাতে ৰোম সভ্যতাৰ কেন্দ্ৰস্থল হৈ উঠিছিল৷ ৰোমান সকলে গ্ৰীচ দেশ জয় কৰাৰ পাছত মেডিছিনৰ জ্ঞান গ্ৰীক সকলৰ পৰা আয়ত্ব কৰিছিল৷ বিশ্বৰ ৰাজনীতি ৰোমান সকলৰ আধিপত্যত থাকিল যদিও মেডিছিন কিন্তু গ্ৰীক সকলৰেই আছিল৷ ব্যৱহাৰিক মানসিকতাৰ দিশত ৰোমানসকল গ্ৰীক সকলতকৈ উচ্ছ মানৰ আছিল৷ স্বাস্থ্য ৰক্ষাত চেনিটেচনৰ গুৰুত্ব তেওঁলোকে ভালকৈ বুজি পাইছিল৷ শৌচালয়, গা-ধোৱা ঘৰ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰিছিল৷ গোটেই চহৰখনৰ মানুহে পাব পৰাকৈ বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিছিল৷ লেতেৰা পানীবোৰ চহৰৰ বাহিৰলৈ নিবৰ বাবে উপযুক্ত নলা-নৰ্দমা খান্দিছিল, যাৰ ফলত মেলেৰিয়াৰ নিছিনা ৰোগৰ বিৰুদ্ধে যুঁজিব পাৰিছিল৷ ৰোগীৰ বাবে চিকিৎসালয় স্থাপন কৰিছিল৷ সেইসময়ত ৰোমৰ আটাইতকৈ উল্লেখযোগ্য চিকিৎসকজনৰ নাম আছিল গেলেন [১০৩ - ২০৫ খ্ৰীষ্টাব্দ]৷ গ্ৰীচৰ পাৰগেমন নামৰ ঠাইত তেওঁৰ জন্ম হৈছিল৷ বৰ্তমান এই ঠাইখিনি তুৰ্কীত অন্তৰ্ভুক্ত৷ তেওঁ ৰোমান শাসক Marcus Aurelius ৰ চিকিৎসক হিচাপেও কাম কৰিছিল৷ হিপ’ক্ৰেটিক চিকিৎসা পদ্ধতিৰ লগত তেওঁৰ চিকিৎসা পদ্ধতিৰ পাৰ্থক্য আছিল কাৰণে দুয়ো পন্থাৰ চিকিৎসকসকলৰ মাজত মতবিৰোধ হৈছিল৷ সেই সময়ত বা তাৰ বহু বছৰ পাছলৈ চিকিৎসাৰ ক্ষেত্ৰত তেওঁক মেডিকেল ডিকটেটৰ [Medical Dictator] বুলি কোৱা হৈছিল৷ Predisposing factor, exciting & environmental factor বোৰক ৰোগৰ কাৰণ হিচাপে ধৰি লৈছিল, যিটো নেকি আধুনিক চিকিৎসা বিজ্ঞানৰ ধাৰণাৰ লগত একেই৷ তেওঁৰ লিখাবোৰে ইউৰোপীয় মেডিচিনৰ উত্তৰণত যথেষ্ট প্ৰভাৱ পেলাইছিল৷ চৌধ্য শতিকা ধৰি এইবোৰক মেডিছিনৰ উচ্ছ মানদণ্ডৰ পাঠ্যপুথি হিচাপে গণ্য কৰা হৈছিল৷

মেডিচিনৰ মধ্যৱৰ্তী সময় :

৫০০ আৰু ১৫০০ খ্ৰীষ্টাব্দৰ সময়খিনিক সাধাৰণতে মেডিচিনৰ মধ্যৱৰ্তী সময় বুলি কোৱা হয়৷ ৰোমান সাম্ৰাজ্যৰ পতন হোৱাৰ সেই সময়ত স্থাপিত হোৱা চিকিৎসাৰ বিদ্যালয়বোৰো নিঃশেষ হ’ব ধৰিলে৷ গোটেই ইউৰোপ প্লেগ, বৰ আই, কুষ্ঠ ৰোগ আৰু যক্ষ্মা ৰোগৰ সন্ত্ৰাসত ডুব গ’ল৷ উন্নত চিকিৎসাৰ পৰিৱৰ্তে মানুহবোৰ পুনৰ প্ৰাচীন কালৰ দৰে অন্ধবিশ্বাসৰ আৱৰ্তত দিন অতিবাহিত কৰিলে৷ আনকি এনেকুৱা দিন আহিল মানুহবোৰক কাচিৎহে গা-ধোৱা দেখা গ’ল৷ চিকিৎসা শিক্ষাৰ বাবে মানুহৰ শৰীৰৰ ব্যৱচ্ছেদ [Dissection] কৰা কাৰ্যতো কঠোৰভাৱে বাধা আৰোপ কৰিলে৷ একেষাৰে ক’বলৈ গ’লে চিকিৎসাৰ উন্নতিৰ নামত সকলো ৰাস্তা বন্ধ হ’ল৷ তাৰ কাৰণেই এই সময়খিনিক মেডিচিনৰ ক’লা অধ্যায় [Dark age of medicine] বুলি কোৱা হয়৷

যেতিয়া গোটেই ইউৰোপত মেডিচিনৰ ক’লা অধ্যায় অব্যাহত আছিল সেইসময়ত আৰৱ দেশে অতি গোপনে অন্য দেশৰ চিকিৎসাৰ জ্ঞান আয়ত্ব কৰিছিল৷ তেওঁলোকে গ্ৰীচ আৰু ৰোমৰ মেডিচিনৰ কিতাপবোৰ নিজৰ আৰৱী ভাষালৈ অনুবাদ কৰিছিল৷ গ্ৰীক আৰু ৰোমান সকলৰ মেডিচিনৰ জ্ঞান অনুকৰণ কৰি উনানি [Unani] নামৰ নিজস্ব চিকিৎসা পদ্ধতি জন্ম দিলে৷ বাগদাদ, ডামাচকাচ [Damascus], কাইৰ’ [Cairo] আৰু আন মুছলিম প্ৰধান অঞ্চলবোৰত চিকিৎসা শিক্ষাৰ বাবে বিদ্যালয় খুলিলে৷ বিভিন্ন ধৰণৰ ঔষধ যেনে - পিল, ঔষধৰ বটল, ঔষধযুক্ত তেল, ঔষধযুক্ত পাউডাৰ, প্লাষ্টাৰ আদি প্ৰস্তুত কৰাত তেওঁলোক পাকৈত হৈ পৰিল৷ ছাৰ উইলিয়ামছ অচলাৰ [Sir William Osler] ৰ ভাষাত The Arabs lit a brilliant torch from Greecian lamps৷ আৰৱ সকলেই প্ৰেচকিপচন লিখাৰ কলা আৰম্ভ কৰিছিল৷ ৮০০ - ১৩০০ খ্ৰীষ্টাব্দৰ সময়খিনিক আৰৱী মেডিচিনৰ সোণালী সময় বুলি কোৱা হয়৷ মধ্যৱত¹ সময়ৰ অস্থিৰতাৰ সময়খিনিত খৃষ্টীয়ান ধৰ্মৰ প্ৰভাৱ মন কৰিবলগীয়া৷ খৃষ্টীয়ান ধৰ্মৰ প্ৰসাৰতাৰ ফলত বিভিন্ন ঠাইত চিকিৎসালয় খোলা হ’ল৷ তথ্যত উল্লেখ থকা মতে ৯৩৭ খ্ৰীষ্টাব্দত ইংলেণ্ডৰ প্ৰথম হস্পিটেলখন য়ৰ্ক [York ] নামৰ ঠাইত খোলা হৈছিল৷ ক্ৰমান্বয়ে মেডিচিনৰ প্ৰসাৰতাৰ ফলত পাৰস্যৰ [Persia] পৰা স্পেইনলৈ হস্পিটেলৰ সংখ্যা বঢ়িল৷ এই সময়খিনিতে ধম¹য় আশ্ৰমবোৰ গঢ়ি উঠিছিল৷ এইবোৰৰ মুখিয়াল হিচাপে দায়িত্ব লৈছিল মঠবাসী, সন্ন্যাসী, সিদ্ধ গুৰু [Saints] আদিসকলে এই আশ্ৰমবোৰত ৰজা-ৰাণীৰ পৰা ধৰি অইন পুৰুষ-মহিলা আৰু সকলো শ্ৰেণীৰ মানুহকে আহ-যাহ কৰিবলৈ সুবিধা দিছিল৷ তেওঁলোকে কেৱল প্ৰাচীন জ্ঞানবোৰৰেই শিক্ষা দিছিল এনে নহয়, তাৰ উপৰিও ৰোগীসকলৰ চিকিৎসা আৰু চোৱা-চিতাৰ ব্যৱস্থা কৰিছিল৷

মেডিচিনৰ পুনৰুদ্ধাৰ [Revival of medicine]

১৫০০ খ্ৰীষ্টাব্দৰ পাছৰ পৰা ৰাজনৈতিক, ঔদ্যোগিক, ধম¹য় আৰু চিকিৎসা বিপ্লৱৰ আৰম্ভ হয়৷ মানুহৰ জ্ঞানৰ প্ৰসাৰতাৰ সমান্তৰালকৈ মেডিচিনৰ জ্ঞানো বাঢ়ি আহিল৷ বহুতো ইতিহাসবিদৰ মতে মেডিচিনৰ পুনৰুদ্ধাৰ ১৪৫৩ - ১৬০০ খ্ৰীষ্টাব্দৰ ভিতৰত হৈছিল৷ এই সময়খিনিত ব্যক্তিগতভাৱে মানুহে বিজ্ঞানৰ ওপৰত যৎপৰোনাস্তিভাৱে চিন্তা কৰিছিল৷ এই সময়ৰ উল্লেখযোগ্য ব্যক্তিসকলৰ ভিতৰত পেৰাচেলচাচ [Paracelsus] অন্যতম আছিল৷ ইটালীয় ফিজিচিয়ান ফ্ৰাকাষ্ট’ৰিয়াচ [Fracastorius [১৪৮৩ - ১৫৫৩]-এ Theory of Pantagon-ৰ বিষয়ে বৰ্ণনা কৰি প্ৰমাণ কৰি দেখুৱাইছিল যে চিফিলিছ নামৰ ৰোগবিধ যৌন সম্ভোগৰ দ্বাৰা এজনৰ পৰা আন এজন ব্যক্তিলৈ সংক্ৰমিত হয়৷ বেলজিয়ামৰ Andres Vasalius [১৫১৪ - ১৫৬৪]-এ বহু মানৱ শৰীৰৰ চ্চেদন কৰিছিল আৰু ৰোমৰ চিকিৎসক গেলেনে কৰা আসোঁৱাহবোৰ দূৰ কৰিছিল৷

ষোল্লশ আৰু ওঠৰ শতিকাত চিকিৎসা বিজ্ঞানৰ উল্লেখযোগ্য আৰু আলোড়নকাৰী আৱিষ্কাৰবোৰ হৈছিল৷ উদাহৰণ হিচাপে হাৰ্ভে  [Harvey]-ই ৰক্ত সঞ্চালন প্ৰক্ৰিয়াৰ প্ৰথম সম্ভেদ দিছিল [১৬২৮]৷ লিউৱেনহ’ক [Leeuwenhock]-এ মাইক্ৰ’স্কপ উদ্ভাৱন কৰিছিল [১৬৭০] আৰু জিনাৰ [Jenner]-এ বৰ আই প্ৰতিৰোধৰ কাৰণে ভেকচিন [১৭৯৬] আৱিষ্কাৰ কৰিছিল৷ বছৰ বছৰ ধৰি মানুহে ৰোগৰ কাৰণ বিচাৰি হাবাথুৰি খাবলগীয়া হৈছিল৷ কিন্তু ১৮৬০ চনত জীৱাণু বিশেষজ্ঞ [Bacteriologist] লুই পেষ্টিঅ’ৰে বতাহত বীজাণুৰ অস্তিত্ব ধৰা পেলাইছিল৷ তাৰ পাছৰ সময়খিনিত বীজাণুয়েই ৰোগৰ কাৰণ বুলি দৃঢ় বিশ্বাস হৈছিল৷ ফলস্বৰূপে জাৰ্ম থিঅ’ৰি অফ ডিজিজ [Germ Theory of Disease]-ৰ ধাৰণাৰ ওপৰত অধিক অগ্ৰগতি লাভ কৰিছিল৷ ১৮৭৭ চনত ৰবাৰ্ট কুচে [Robert Koch] [১৮৪৩-১৯১০] জানিবলৈ দিছিল যে এনথ্ৰাক্স [Anthrax] ৰোগৰ কাৰণ হ’ল বেক্টেৰীয়া৷ পৰৱৰ্তী সময়ত এটাৰ পাছত এটাকৈ বেক্টেৰীয়াৰ আৱিষ্কাৰ হৈছিল - গন’কক্কাছ [Gonococcus] ১৮৪৭ চনত, টাইফয়েড বেচিলাচ [Typhoid Bacillus], নিউম’কক্কাচ [Pneumococcus] ১৮৮০ চনত, যক্ষ্মাৰ বীজাণু ১৮৮২ চনত, ক’লেৰাৰ বীজাণু ১৮৮৩ চনত, ডিফথেৰীয়াৰ বীজাণু ১৮৮৪ চনত৷ এই সময়খিনিক বেক্টেৰীয়’লজিৰ সোণালী সময় বুলি কোৱা হয়৷


আধুনিক মেডিচিন [Modern Medicine]

ঊনৈছ শতিকাৰ সময়চোৱাক আধুনিক চিকিৎসা বিজ্ঞানৰ আৰম্ভণিৰ সময় বুলি ক’ব পাৰি৷ এই সময়খিনিতে চিকিৎসা পদ্ধতিক দুটা ভাগত ভাগ কৰিব পৰা হ’ল৷ এটা হ’ল উপশমমূলক চিকিৎসা [Curative Medicine], আনটো হ’ল প্ৰতিৰোধমূলক চিকিৎসা [Preventive Medicine]৷ ঊনৈশ শতিকাৰ পাছত চিকিৎসা বিজ্ঞানৰ দ্ৰুত অগ্ৰসৰ হ’ব ধৰিলে৷ সমান্তৰালভাৱে ঔদ্যোগিক দেশসমূহত কৰ্কট ৰোগ, মধুমেহ ৰোগ, হৃদযন্ত্ৰ সম্পক¹য় ৰোগ, মানসিক ৰোগ লগতে দূৰ্ঘটনাজনিত ৰোগবোৰেই [যিবোৰ আমি আধুনিক ৰোগ বুলি কওঁ], মৃত্যুৰ প্ৰধান কাৰণ হিচাপে চিহ্নিত হ’ল৷ এই ৰোগবোৰক Germ theory of disease ৰ ব্যাখ্যাৰে বিশ্লেষণ কৰিব পৰা নাযায়, নতুবা যাদুকৰী জ্ঞানেৰে চিকিৎসা কৰাও সম্ভৱ নহয়৷ এই ৰোগবোৰৰ কাৰণ হিচাপে কিছুমান কাৰক যেনে - সামাজিক, অৰ্থনৈতিক, বংশগতি [জেনেটিক], পৰিবেশ আৰু মানসিক [psychological] এইবোৰো অন্য কাৰণবোৰৰ দৰেই সমানেই গুৰুত্বপূৰ্ণ বুলি ধৰা হ’ল৷ Germ theory of disease ৰ ঠাইত ৰোগৰ কাৰণ হিচাপে Multifactorial Causation বুলি প্ৰমাণিত হ’ল৷ এনেৰোগৰ বেছিভাগ কাৰণ হিচাপে ব্যক্তি এজনৰ আচৰণ আৰু জীৱনশৈলীৰ সম্পৰ্ক থাকে৷ কিন্তু ৰোগ যে Multifactorial কাৰণৰ প্ৰভাৱত হ’ব পাৰে এই ধাৰণা জাৰ্মানীৰ Pettenkofer [১৮১৯ - ১৯০১] ত্ৰ প্ৰথম বাৰৰ বাবে ধাৰণা কৰিছিল৷ কিন্তু বেক্টেৰীয়াৰ গুৰুত্ব ইমানেই দিয়া হ’ল য’ত এই  Multifactorial ধাৰণাটো সেইসময়ত তল পৰিল৷

ৰোগ Multifactorial কাৰণত হ’ব পাৰে বুলি ইপিডিমিঅ’লজিষ্ট সকলে পুনৰ পিছৰ সময়ত ব্যাখ্যা কৰি প্ৰমাণিত কৰি দেখুৱাব পৰা হ’ল  যিটো বৰ্তমান আধুনিক চিকিৎসা বিজ্ঞানে স্বীকাৰ কৰিছে৷

স্বাস্থ্য মানে কি বা স্বাস্থ্যৰ সংজ্ঞা কি ?

বিজ্ঞানৰ যিমানবোৰ সৰু-ডাঙৰ শাখা-প্ৰশাখা আছে তাৰ মাজত উল্লেখযোগ্য আৰু এৰাব নোৱাৰা শাখা হ’ল স্বাস্থ্য বিজ্ঞান৷ ওপৰৰ শিৰোনামখিনিৰ বিষয়ে কিছু জানিবলৈ হ’লে বিজ্ঞান নতুবা স্বাস্থ্য মানে কি এই বিষয়ে কিছু জানিব লাগিব৷ প্ৰথমতে মই স্বাস্থ্য মানে কি তাক চমুকৈ আলোচনা কৰিম৷ স্বাস্থ্য বুলি ক’লে আমি ক্ষীপ্ৰতাৰে সাধাৰণতে যিখিনি বুজোঁ আচলতে ই এইটোতে সীমাবদ্ধ নহয়৷ প্ৰত্যেকজন মানুহৰে স্বাস্থ্যৰ বিষয়ে যথেষ্টখিনি অভিজ্ঞতা আছে যদিও স্বাস্থ্য মানে কি বুলি সুধিলে তাৰ উত্তৰটো সঠিক মতে দিয়াটো এজন শিক্ষিত মানুহৰ কাৰণেও সহজ নহয়৷ আনকি চিকিৎসা বিজ্ঞানৰ লগত সম্পৰ্ক থকা ব্যক্তি এজনেও উত্তৰটো হঠাৎ সঠিক মতে দিব নোৱাৰিব৷ বিভিন্ন সময়ত স্বাস্থ্যৰ সংজ্ঞা বেলেগ বেলেগ ধৰণে দি থকা হৈছে৷ কিন্তু সকলোৰে গ্ৰহণযোগ্য হোৱাকৈ ১৯৪৮ চনত বিশ্ব স্বাস্থ্য সংস্থাই [WHO] স্বাস্থ্যৰ সূত্ৰ এনে ধৰণে দিছে -

“স্বাস্থ্য হ’ল মানুহৰ শৰীৰত কেৱল ৰোগ নথকাটোৱেই নুবুজায় নতুবা দৈহিক বা মানসিকভাৱে দুৰ্বল হোৱাটোকেই নুবুজায়; ই হ’ল দৈহিক, মানসিক আৰু সামাজিকভাৱে সুস্থ সমতা ৰক্ষা কৰিব পৰা অৱস্থাটোকে নিৰূপণ কৰে৷ (Health is a state of complete physical, mental and social well being and not merely an absence of disease or infirmity.)” সাম্প্ৰতিক সময়ত ওপৰৰ কথাখিনিৰ লগত সামাজিক আৰু অৰ্থনৈতিকভাৱে সবল স্থিতিত জীয়াই থাকিব পৰা অৱস্থাটোকো সংযোজন কৰিব বিচাৰে৷ বিশ্ব স্বাস্থ্য সংস্থাই দিয়া সংজ্ঞাটোক বহুতে যুক্তি দৰ্শাই ক’ব বিচাৰে যে স্বাস্থ্যক কোনো এটা অৱস্থাৰ [state] লগত একেবাৰেই তুলনা কৰিব নোৱাৰি৷

আচলতে এইটো এটা পৰিবৰ্তনশীল ধাৰণা৷ যিটো ধাৰণাই মানুহক সুস্থভাৱে জীয়াই থাকিবলৈ শিক্ষা দিয়ে, সুস্থভাৱে কাম কৰিবলৈ শিকায়, লগতে নিজকে সম্পূৰ্ণভাৱে আনন্দত কাম কৰিবলৈ প্ৰেৰণা দিয়ে৷ তাৰ কাৰণেই বিশ্ব স্বাস্থ্য সংস্থাই দিয়া সূত্ৰটোক বহুতে বাস্তৱিক বুলি ক’ব নিবিচাৰি আদৰ্শগত [idealistic] বুলিহে ক’ব বিচাৰে৷ বহু সময়ত দেখা যায় যে এই সূত্ৰটোৱে সকলোৰে বাবে প্ৰযোজ্য নহৈ ব্যক্তিবিশেষে প্ৰযোজ্য হয়৷ প্ৰত্যেকজন ব্যক্তিয়েই দৈহিক, মানসিক আৰু সামাজিকভাৱে সুস্থ ভাৰসাম্যতাৰ অৱস্থাত থাকিব নোৱাৰে৷ যদি আমি বিশ্ব স্বাস্থ্য সংস্থাৰ সূত্ৰটো স্বীকাৰ কৰিবলৈ যাওঁ, আমি প্ৰত্যেকজন ব্যক্তিকেই সম্পূৰ্ণভাৱে সুস্থ বুলি ক’ব নোৱাৰো৷ We are all sick.


স্বাস্থ্যৰ বিস্তৃতি [Dimension of Health]

স্বাস্থ্যৰ কথা আমি কেইবাটাও বিস্তৃতিত আলোচনা কৰিব পাৰোঁ৷ বিশ্ব স্বাস্থ্য সংস্থাৰ সংজ্ঞা মতে স্বাস্থ্যৰ তিনিটা নিৰ্দিষ্ট বিস্তৃতি আছে৷ দৈহিক, মানসিক আৰু সামাজিক৷ যিটো ওপৰত উল্লেখ কৰি আহিছো৷ তাৰ উপৰিও আধ্যাত্মিক [Spiritual], আৱেগিক [Emotional], বৃত্তিমূলক [Vocational] আৰু ৰাজনৈতিক [Political] বিস্তৃতিৰ কথাও উল্লেখ কৰিব পাৰি৷ এটা আনটোৰ লগত সম্পৰ্ক থাকিলেও প্ৰত্যেকটো বিস্তৃতিকে পৃথকে পৃথকে চমুকৈ জনাটো দৰকাৰ৷ বিজ্ঞানে স্বাস্থ্যৰ প্ৰত্যেকটো বিস্তৃতিত কেনেকৈ প্ৰভাৱ পেলাব পাৰে তাক বহলভাৱে বিশ্লেষণ কৰাটো এই চুটি লেখনিত সম্ভৱ নহয়৷

দৈহিক বিস্তৃতি [Physical Dimension] : ব্যক্তি এজনৰ স্বাস্থ্যৰ অৱস্থাটোক সহজে বুজাবলৈ দৈহিক পৰিসৰটোৱেই আটাইতকৈ উত্তম পৰিসৰ বুলি গণ্য কৰা হয়৷ দৈহিক পৰিসৰ মানে এইটোৱে বুজায় যে, স্বাস্থ্যৰ জৈৱিক গঠন [Biology]টো এনেকুৱা এটা অৱস্থা, য’ত শৰীৰৰ এটা অংশৰ কোষ বা গ্ৰন্থিবোৰ শৰীৰৰ অন্য এটা অংশৰ কোষ বা গ্ৰন্থিবোৰৰ লগত এক নুন্যতম সুস্থ ভৰসম্যতা ৰক্ষা কৰে৷ কিন্তু নুন্যতমৰ এটা নিৰ্দিষ্ট মাঁপকাঠি নিৰূপণ কৰিব পৰাটো সম্ভৱ নহয়৷ এই নুন্যতম মাঁপকাঠিডাল ব্যক্তিবিশেষে বেলেগ বেলেগ হ’ব পাৰে৷ দৈহিকভাৱে স্বাস্থ্যবান বুলি আমি এইজন ব্যক্তিক কম - যেতিয়া এই ব্যক্তিজন দেখাত সুন্দৰ চেহেৰা [Good Complexion], পৰিষ্কাৰ ছাল, উজ্জ্বল চকু, চিকমিকাই থকা চুলিৰে সৈতে গাত লাগি থকা ভাল কাপোৰ, ইমান শকতো নহয,þ ইমান খীণো নহয়, যাৰ নিয়মীয়াকৈ ভোক লাগে, প্ৰসাৱ-পায়খানা নিয়মীয়াকৈ কৰে, সঠিকমতে টোপনি আহে আৰু দেহৰ প্ৰত্যেকটো অংগৰ চাল-চলন নিয়মিতভাৱে হয়, লগতে বয়স আৰু লিংগ অনুপাতে vital signs সঠিকভাৱে থাকে৷ কিন্তু এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব ৰেচিয়েল বা জাতিগতৰ ওপৰত ভিত্তি কৰিলে ওপৰৰ কিছুমান কথা প্ৰযোজ্য নহ’ব৷ উদাহৰণ হিচাপে নিগ্ৰো এজনৰ ছাল, চকু, চুলিৰ গঠন এজন ইউৰোপিয়ানৰ লগত নিমিলে৷ তেনেক্ষেত্ৰত উজ্জ্বল চকু বা চিকমিকাই নথকা চুলিৰ নিগ্ৰো এজনক স্বাস্থ্যবান নহয় বুলি কোৱাৰো যুক্তি নাথাকে৷


মানসিক বিস্তৃতি [Mental Dimension] ঃ- দেখাত মানসিকভাৱে স্বাস্থ্যৱান মানে এইটো নুবুজায় যে মানুহজন মানসিক ৰোগৰ পৰা মুক্ত৷ মানসিকভাৱে স্বাস্থ্যৱান ব্যক্তি এজন হ’ল যিজন ব্যক্তিয়ে নিজৰ লগত বাহিৰৰ জগতৰ লগত সুশৃংখলভাৱে সমতা ৰক্ষা কৰিব পাৰিছে৷ এটা সময় আছিল যেতিয়া মন আৰু শৰীৰক বেলেগ বেলেগ বুলি ধৰি লোৱা হৈছিল৷ কিন্তু বৰ্তমান গৱেষণাৰ পৰা প্ৰমাণিত হৈছে যে দেহ আৰু মন আমি পৃথকে ৰাখিব নোৱাৰো৷ কাৰণ প্ৰত্যেকটো ৰোগৰ লগত ৰোগীৰ মানসিক পৰিবৰ্তন আছে৷ গতিকে ৰোগ অনুযায়ী মনৰ পৰিবৰ্তন হোৱাটো স্বাভাৱিক৷ এক নিৰ্দিষ্ট অৱস্থালৈকে এজন ব্যক্তিৰ মানসিক বিসংগতি আছেনে নাই নতুবা ব্যক্তিজন মানসিকভাৱে সুস্থ বুলি নিৰূপণ কৰাটো সহজ কথা নহয়৷

চাইক’লজিষ্টৰ মতে মানসিকভাৱে সুস্থ থকা ব্যক্তিৰ আচৰণবোৰ এনেধৰণৰ হোৱা দেখা যায় -

* ব্যক্তিজনে নিজৰ ভিতৰৰ মনটোৰ লগত বিৰোধভাৱ নাথাকে, যাৰ ফলত মানুহজনে অন্তৰ্দ্বন্দ্বত নোভোগে৷

* তেওঁ যিকোনো পৰিবেশত অইন মানুহৰ লগত মিলিব পাৰে৷ তেওঁ মানুহৰ সমালোচনাক স্বীকাৰ কৰিব পাৰে আৰু তাৰবাবে উদ্বিগ্ন নহয়৷

* নিজৰ প্ৰতি প্ৰবল আত্মবিশ্বাস থাকে৷

* তেওঁ নিজৰ প্ৰয়োজন, সমস্যা আৰু লক্ষ্যৰ প্ৰতি সদা সচেতন৷

* নিজৰ সমস্যাবোৰ কোনো উদ্বিগ্ন নোহোৱাকৈ বুদ্ধিমত্তাৰে সমাধান কৰিব পাৰে৷

সামাজিক বিস্তৃতি [Social Dimension] : ব্যক্তি এজনে সমাজৰ অন্য ব্যক্তি সকলৰ লগত সুমধুৰভাৱে সম্পৰ্ক ৰক্ষা কৰিব পৰা গুণটোকে ব্যক্তিজনৰ সামাজিক সুস্থতা বুজায়৷ কিছুমান ব্যক্তিয়ে কোনো নিৰ্দিষ্ট ব্যক্তিৰ লগত ভাল সম্পৰ্ক ৰক্ষা কৰিব পাৰে৷ কিন্তু আচৰিতভাৱে উক্ত ব্যক্তিজনৰ সমাজৰ অন্য ব্যক্তিৰ লগত সম্পৰ্ক হয় তিক্ততাপূৰ্ণ৷ তেনে ব্যক্তি সকলক সামাজিকভাৱে সুস্থ বুলি ক’ব নোৱাৰি৷ এই দিশটোৰ পৰা আমি চাব লাগিব ব্যক্তিজনে যিকোনো পৰিৱেশত সমাজ এখনৰ লগত মিলিব পাৰিছেনে নাই৷

আধ্যাত্মিক বিস্তৃতি [Spiritual Dimension] : যিসকলে আধ্যাত্মিক স্বাস্থ্যৰ ওপৰত বিশ্বাস কৰে তেওঁলোকে ক’ব বিচাৰে যে আমাৰ পৃথিৱীত এনেকুৱা সময় আহিছে সুস্থ স্বাস্থ্য ৰক্ষাৰ কাৰণে আধ্যাত্মিক চিন্তাধাৰাৰ অতি প্ৰয়োজন৷ আমি কেৱল নিৰ্দিষ্ট ৰোগ বা দেহত থকা ৰোগৰ অংশখিনিকে চিকিৎসা নকৰি গোটেই মানুহজনক চিকিৎসা কৰিব লাগিব৷ গোটেই মানুহজনক বুলি কোৱাৰ লগে লগে  স্বতঃস্ফূৰ্তভাৱে দেহ, মন, সামাজিক, আধ্যাত্মিক আৰু স্বাস্থ্যৰ অন্য পৰিসৰবোৰৰ কথাও আহিব৷

আৱেগিক বিস্তৃতি [Emotional Dimension] : ওপৰে ওপৰে ভাবিলে মানসিক বিস্তৃতি আৰু আৱেগিক বিস্তৃতি একেই যেন লাগে৷ কিন্তু দুয়োটা বিস্তৃতিক বেলেগ বেলেগ বুলি প্ৰমাণ কৰি দেখুৱাব পৰা হৈছে৷ মানসিক বিস্তৃতিত অন্তৰ্ভূক্ত কৰিব পৰা ব্যক্তিসকল হ’ল যিসকলৰ বিষয়বস্তুটোৰ ওপৰত জ্ঞান আছে বা নিজৰ ৰোগৰ কাৰণ অনুঢাৱন কৰিব পাৰে৷ কিন্তু আৱেগিক পৰিসৰটোত ৰোগীজনে সম্পূৰ্ণভাৱে অনুভৱৰ ওপৰত নিৰ্ভৰ কৰে৷ অভিজ্ঞ চাইক’লজিষ্টে এই দুটাৰ পাৰ্থক্য উলিয়াবলৈ সক্ষম হৈছে৷

বৃত্তিমূলক বিস্তৃতি [Vocational Dimension] : আজিৰ দিনত ই এটা স্বাস্থ্যৰ নতুন বিস্তৃতি৷ ব্যক্তি এজনৰ কাৰণে ই এটা গুৰুত্বপূৰ্ণ অংশ৷ কোনো এজন ব্যক্তিয়ে কি কাম বা চাকৰি কৰিছে, এই কামটো কৰি আৰ্থিকভাৱে কিমান স্বাৱলম্বী হৈছে, মানসিকভাৱে কিমান সন্তুষ্ট পাইছে, সমাজ বা বন্ধু-বান্ধৱী সকলৰ পৰা কেনে পৰ্য্যায়ৰ স্বীকৃতি পাইছে আদি কাৰকবোৰেও ব্যক্তিজনৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়৷ বৃত্তিমূলক বিস্তৃতিৰ আমাৰ চকুত ধৰা দিয়ে যদিহে ব্যক্তিজনে এটা কৰি থকা চাকৰি হেৰুৱাব লগা হয় নতুবা একমাত্ৰ উপাৰ্জনৰ কামটোৰ পৰা বঞ্চিত হয়৷

এতিয়া আমি জানিব লাগিব বিজ্ঞান মানে কি ? Oxford Language এ দিয়া সূত্ৰ মতে “The intellectual practical activity encompassing the systematic study of the structure and behaviour of the physical and natural world through observation & experiment.” অৰ্থাৎ, পৰ্যবেক্ষণ আৰু সম্পৰীক্ষাৰ জৰিয়তে ভৌতিক আৰু প্ৰাকৃতিক জগতৰ গঠন আৰু আচৰণৰ প্ৰণালীবদ্ধ অধ্যয়নক সামৰি লোৱা বৌদ্ধিক আৰু ব্যৱহাৰিক ক্ৰিয়াকলাপক বিজ্ঞান বুলি ক’ব পাৰি৷ বিজ্ঞান কি তাক বিশ্লেষণ কৰাৰ এই প্ৰবন্ধৰ উদ্দেশ্য নহয়৷ মানুহৰ স্বাস্থ্যৰ ওপৰত বিজ্ঞানৰ প্ৰভাৱ অতি লাগতীয়াল আৰু গুৰুত্বপূৰ্ণ বিষয়৷ ঠিক তেনেকৈয়ে বিজ্ঞানৰ ওপৰত স্বাস্থ্যৰ প্ৰভাৱ অপৰিসীম৷

স্বাস্থ্যত বিজ্ঞানৰ ধনাত্মক প্ৰভাৱ : 

        বিজ্ঞানে স্বাস্থ্যত কেFবা প্ৰকাৰে ধনাত্মক প্ৰভাৱ পেলাইছে৷ যেনে -

* সুস্থ স্বাস্থ্যৰ কাৰণে সজাগতা বা সচেতনতা সৃষ্টি কৰিব পাৰিছে৷

* প্ৰতিৰোধ - আমি সকলোৱেই জানো যে Prevention is better than cure৷ খোৱাৰ আগত ভালকৈ হাত ধোৱা, বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা, বিজ্ঞানসন্মতভাৱে সজা শৌচালয়ৰ ব্যৱস্থা, মাস্কৰ ব্যৱহাৰ আদিয়ে আচৰিত ধৰণে সুস্থ স্বাস্থ্য ৰক্ষাত প্ৰভাৱ পেলাইছে৷ পৰিষ্কাৰ-পৰিচ্চন্নতাৰ জ্ঞান মানুহে আয়ত্ব কৰাৰ পাছত কলেৰা, ডায়েৰীয়া, গ্ৰহণী আদি ৰোগৰ প্ৰাদুৰ্ভাৱ কমি আহিছে লগতে এই ৰোগবোৰৰ পৰা হ’ব পৰা মৃত্যুৰ হাৰ হ্ৰাস পাইছে৷ আঠুৱা বা ৰিপেলেণ্টৰ ব্যৱহাৰে মেলেৰীয়া, ডেংগু, এনকেফেলাইটিছ আদি বাহকজনিত ৰোগৰ পৰা মুক্ত হ’ব পাৰিছে৷

* সাম্ভাব্য ৰোগৰ পৰা সাৱধান কেনেকৈ হ’ব পাৰি তাক বিজ্ঞানে শিকাইছে৷ যেনে - চাবোন বা অন্য চাবোনজাতীয় বস্তু ব্যৱহাৰ কৰি কেনেকৈ দেহ বা কাপোৰত লাগি থকা বীজাণু নাশ কৰিব পাৰি৷ খোৱাৰ আগত হাত ধোৱা কাৰ্য্যবোৰ আমাক বিজ্ঞানে শিকাইছে৷ অনাময় শৌচাগাৰৰ ব্যৱহাৰ, নিয়মিতভাৱে হাত ধোৱা কাৰ্যৰ দ্বাৰা আমি কিমান সোঁচৰা ৰোগৰ পৰা আমি পৰিত্ৰাণ পাইছো তাক বহলাই নক’লেও যথেষ্ট হ’ব৷

* বহুতো গৱেষণা আৰু পৰীক্ষা-নিৰীক্ষাৰ পাছত বিজ্ঞানে জনাবলৈ সক্ষম হৈছে কোনবোৰ খাদ্যই নিৰ্দিষ্ট ৰোগত ভাল প্ৰভাৱ পেলায় আৰু কোনবোৰে বেয়া প্ৰভাৱ পেলায়৷ দেহ আৰু স্বাস্থ্যৰ অৱস্থা অনুযায়ী কোনবোৰ খাদ্য নিৰ্দিষ্ট ৰোগীয়ে খাব লাগে আৰু কোনবোৰ খাব নালাগে তাৰ সন্ধান দিব পৰা হৈছে, যাৰ ফলত মানুহৰ উপকাৰ হৈছে৷

* ভাৰত এখন ঋষি-মুনিৰ দেশ৷ অতি প্ৰাচীন কালৰ পৰাই ৰোগ নিৰাময়ত যোগাসন বা প্ৰাণায়ামৰ অভ্যাস কৰি অহা হৈছে৷ যোগাসন বা ব্যায়াম, প্ৰাণায়াম, এয়াও বিজ্ঞান৷ আধুনিক চিকিৎসা বিজ্ঞানে এইবোৰৰ প্ৰয়োজনীয়তা এতিয়া স্বীকাৰ কৰিবলৈ বাধ্য হৈছে৷ ফলস্বৰূপে দেহ আৰু মন সুস্থ কৰি ৰাখিবলৈ বিভিন্ন ব্যায়ামৰ সামগ্ৰী উদ্ভাৱন কৰি স্বাস্থ্য ৰক্ষাত গুৰুত্ব দিছে৷

* বিজ্ঞান আৰু উন্নত প্ৰযুক্তিৰ সহায়ত ভৱিষ্যতে হ’ব পৰা কিছুমান ৰোগৰ বিষয়ে আগতীয়াকৈ জানিবপৰা হৈছে৷ বিজ্ঞানে বতৰ আৰু পৰিবেশৰ আগজাননী দিব পাৰিছে৷ এইবোৰ দিব পৰাৰ উপকাৰিতা হ’ল কিছুমান ৰোগৰ প্ৰাদুৰ্ভাৱ অঞ্চল বিশেষৰ আদ্ৰতা বা তাপমাত্ৰাৰ ওপৰত নিৰ্ভৰ কৰে৷ এইখিনি জনাৰ পাছত কি ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি হ’ব পাৰে তাক অনুঢাৱণ কৰি সতৰ্কতা ল’ব পাৰি৷ কোনটো অঞ্চলত বা দেশত কি ৰোগৰ প্ৰাদুৰ্ভাৱ বেছি জনাৰ পাছত আমি এইমতে সাৱধানতা অৱলম্বন কৰি প্ৰতিকাৰৰ ব্যৱস্থা কৰিব পাৰোঁ৷ ইয়াৰ উদাহৰণ হিচাপে সাম্প্ৰতিক সময়ত চিকিৎসা বিজ্ঞানৰ ইতিহাসত ক’লা অধ্যায় ৰূপে চিহ্নিত হোৱা ক’ৰণা ৰোগৰ কথাই উল্লেখ কৰিব পাৰি৷ বিজ্ঞান আৰু প্ৰযুক্তি ইমান দ্ৰুততৰ যে ৱাহান চহৰত ধৰা পৰা ভাইৰাছবিধ মাত্ৰ দুমাহৰ ভিতৰত বিশ্বৰ সকলো দেশেই গ’ম পোৱা হ’ল৷ যাৰ ফলত বিশ্বৰ প্ৰায়বোৰ দেশেই আগতীয়াকৈ সাৱধানতা অৱলম্বন কৰি আশংকা কৰাতকৈ আক্ৰান্ত আৰু মৃত্যুৰ হাৰ বহুখিনি হ্ৰাস কৰিব পৰা গ’ল৷ তাৰ উপৰিও ভাইৰাছবিধৰ সময়ে সময়ে হোৱা উৎপৰিবৰ্তনৰ বিষয়ে জানিব পৰা গৈছে, লগতে প্ৰতিৰোধৰ বাবে Vaccine ৰ আৱিষ্কাৰ কৰি প্ৰয়োগ কৰা হৈছে৷ এইটো মাত্ৰ এটা উদাহৰণহে৷

ভেকচিনৰ দ্বাৰা ৰোগ প্ৰতিৰোধ : ১৭৯৪ চনত এডৱাৰ্ড জিনাৰ [Edward Jenner] নামৰ বৃটেইনৰ চিকিৎসা বিজ্ঞানীজনে প্ৰথমবাৰৰ বাবে টীকাকৰণৰ দ্বাৰা ৰোগ নিৰাময়ৰ পথ সুগম কৰিছিল৷ তেওঁক টীকাকৰণ প্ৰতিষ্ঠাপক [founder] বুলি জনা যায়৷ ১৭৯৬ চনত তেওঁ ১৩ বছৰীয়া শিশুৰ গাত এবিধ ভাইৰাছ [Cowpox] প্ৰয়োগ কৰি প্ৰমাণ কৰি দেখুৱাইছিল যে শিশুটিৰ বৰআই [Small pox] ৰোগৰ বিৰুদ্ধে প্ৰতিৰোধ ক্ষমতা আছে৷ তাৰ পিছৰ সময়ত ১৭৯৮ চনত পোনপ্ৰথম বাৰৰ বাবে বৰআইৰ ভেকচিন আৱিষ্কাৰ হৈছিল আৰু ১৯৮০ চনৰ মে’ মাহত World Health Assembly য়ে বৰআই ৰোগবিধ পৃথিৱীৰ পৰা নাইকিয়া হ’ল বুলি ঘোষণা কৰে৷ ভেকচিনৰ আৱিষ্কাৰে বহুতো ৰোগ প্ৰতিৰোধ বা প্ৰতিৰোধ কৰিব পৰা ক্ষমতা মানুহে অৰ্জন কৰিছে৷ তেনে ৰোগবোৰ হ’ল - পলিঅ’, যক্ষ্মা, ধনুষ্টংকাৰ, সৰুআই, মাজুআই, হফিং কাহ, ৰুবেলা আদি৷ 

এইচ আই ভি [HIV]-ৰ নিচিনা মাৰাত্মক ৰোগৰ চিকিৎসাও সম্ভৱ হৈছে আধুনিক চিকিৎসা বিজ্ঞানৰ আশীৰ্বাদত৷ এনে কিছুমান তেজৰ পৰীক্ষা আছে যিবোৰ নিয়মীয়াকৈ পৰীক্ষা কৰিলে কিছুমান সাম্ভাব্য ৰোগৰ পৰা বাছি থাকিব পাৰি৷ যেনে নিৰ্দিষ্ট বয়সৰ লোকে তেজত ক’লেষ্ট’ৰলৰ পৰিমাণ জুখিব পাৰি৷ তেজত ক’লেষ্ট’ৰল পৰিমাণতকৈ বেছি থাকিলে ব্যক্তি এজন হৃদৰোগত আক্ৰান্ত হ’ব পাৰে [Cardiac arrest]৷ যদি আমি আগতীয়াকৈ বিপদৰ সংকেত পাওঁ এইমতে চিকিৎসা কৰি বা অন্য নিৰাময়ৰ পথেদি বিপদৰ পৰা মুক্ত হ’ব পাৰি৷ যেনেকৈ নিয়মিতভাৱে খাদ্যৰ যতন আৰু ৰক্তচাপ জুখি থাকিলে উচ্ছ ৰক্তচাপৰ কাৰণে হ’ব পৰা ষ্ট্ৰ’ক [stroke] ৰ পৰা মুক্ত হ’ব পাৰি৷ এইবোৰ আধুনিক চিকিৎসা বিজ্ঞানৰ চেষ্টাত সম্ভৱ হৈ উঠিছে৷

ৰোগ নিৰ্ণয় আৰু চিকিৎসা : ওপৰাউপৰিকৈ চালে স্বাস্থ্য ভালে ৰাখিবলৈ আমি এই দিশটোকে আটাইতকৈ ওচৰৰ পৰা দেখা পাওঁ আৰু গুৰুত্ব দিওঁ৷ সঁচা কথা ক’বলৈ গ’লে ৰোগ নিৰ্ণয় কৰাটো সহজ কথা নহয়৷ যদি সঠিকভাৱে ৰোগ ধৰা পেলাব পাৰোঁ ইয়াৰ চিকিৎসাও সহজ হৈ পৰে৷ কিন্তু এইখিনিতে প্ৰশ্ন আহে ৰোগ ধৰা পৰিলেই চিকিৎসা সহজ হৈ পৰেনে ? এনে বহু ৰোগৰ উত্তৰ হিচাপে কথাটো সত্য৷ ৰোগ ধৰা পৰিল৷ ঔষধ দিয়া বা অস্ত্ৰোপচাৰ কৰা  হ’ল৷ ৰোগী নিৰোগী হৈ পৰিল৷ কিন্তু এনে বহু ৰোগ আছে উন্নত চিকিৎসা বিজ্ঞানৰ আশীৰ্বাদত ৰোগ ধৰা পৰিছে যদিও চিকিৎসা ১০০ % সফল হ’ব পৰা নাই৷ যি কি নহওক, বিজ্ঞানে ৰোগ নিৰ্ণয়ত অভূতপূৰ্ব সফলতা অৰ্জন কৰিছে৷ অতি ক্ষুদ্ৰ বীজাণুৰ বিভিন্ন চৰিত্ৰ অধ্যয়ন কৰি, তেজৰ বিভিন্ন পৰীক্ষা কৰি ৰোগ ধৰা পেলাবলৈ সক্ষম হৈছে৷ ৰোগ নিৰ্ণয়ৰ বিভিন্ন সঁজুলি যেনে - এক্স ৰে, চি.টি. স্কেন, এম. আৰ. আই. আদিৰ আৱিষ্কাৰে জটিল ৰোগ ধৰা পেলোৱাত সহজ হৈ পৰিছে৷ 

চিকিৎসাৰ ক্ষেত্ৰতো বিজ্ঞানে কিমান মানুহৰ জীৱনক ধন্য কৰিছে তাৰ হিচাপ দি শেষ কৰিব নোৱাৰি৷ সৌ সিদিনালৈকে মানুহে আৰোগ্য কৰিব নোৱাৰা বুলি ভবা ৰোগ আজিৰ দিনত সাধাৰণ কথা হৈ পৰিছে৷ উদাহৰণ হিচাপে হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৃত্যুৰ দুৱাৰডলিৰ পৰা উভতি অহা ৰোগীক অস্ত্ৰোপচাৰ কৰি বা কৃত্ৰিম যন্ত্ৰ [Pacemaker] সংযোজন কৰি আশী-নব্বৈ বছৰলৈ জীয়াই ৰাখিবলৈ সক্ষম হৈছে৷ এনে উদাহৰণ দিলে লিখনিখিনি অতি দীঘলীয়া হ’বগৈ৷

চিকিৎসাৰ পৰৱৰ্তী সময়ৰ যতন [Post Treatment Care] : এজন ৰোগী ঔষধ প্ৰয়োগ কৰাৰ পাছত সম্পূৰ্ণভাৱে আৰোগ্য হৈ যায়নেঞ্জ বহু ৰোগ আছে যাৰ পৰা ৰোগীজন আৰোগ্য হৈ যায়৷ কিন্তু কিছুমান ৰোগৰ পৰা সম্পূৰ্ণভাৱে আৰোগ্য হৈ নাযায়৷ এনে ৰোগীবোৰক চিকিৎসাৰ পৰৱত¹ সময়ত যতনৰ প্ৰয়োজন হয়৷ উদাহৰণ হিচাপে ক’ব বিচাৰোঁ ষ্ট্ৰ’ক হোৱাৰ পাছত কিছু অংশ ৰোগীৰ স্নায়ু বিকল হৈ শৰীৰৰ কোনোবা অংশ বা সম্পূৰ্ণৰূপে লৰচৰ কৰিব নোৱাৰা হয়৷ এনে ৰোগীৰ যতনৰ বাবে Wheel Chair বা অন্য যন্ত্ৰৰ সহায় ল’ব লগা হয়৷ মটৰ নিউৰ’ন ৰোগত আক্ৰান্ত হোৱা বিজ্ঞানী ষ্টিফেন হকিন্সে পিছৰ সময়ছোৱাত কম্পিউটাৰৰৰ সহায়ত কথা ক’ব লগা হৈছিল৷ আনকি কম্পিউটাৰৰ সহায়তে গৱেষণাও অব্যাহত ৰাখিছিল৷ যিটো সঁজুলিক কোৱা হয় Speech Generating Device (SGD) or Voice Output Communication aid. Wheel Chair, SGD এইবোৰো বিজ্ঞানৰে অৱদান৷

স্বাস্থ্যত বিজ্ঞানৰ ঋণাত্মক প্ৰভাৱ :

বৃত্তিমূলক অপকাৰিতা [Occupational Hazard] : বৃত্তিমূলক অপকাৰিতাক বাদ দিলে স্বাস্থ্যৰ ঋণাত্মক প্ৰভাৱৰ কথা অসম্পূৰ্ণ হৈ ৰ’ব৷ বৃত্তিমূলকভাৱে স্বাস্থ্যত প্ৰভাৱ পৰা দিশবোৰ ত্ৰনেধৰণে আলোচনা কৰিব পাৰি৷ বৃত্তিগত পৰিবেশ বা Occupational Environment হ’ল আমি যিখিনি পৰিবেশৰ লগত কাম কৰো তাক বৃত্তিগত পৰিবেশ বুলি কোৱা হয় আৰু এই পৰিবেশত কাম কৰাৰ সময়ত স্বাস্থ্যৰ প্ৰতি যিখিনি ভাবুকি আহে বা ৰোগ হয় তাক  বৃত্তিগত পৰিৱেশজনিত অপকাৰিতাজ্ব তেনেকৈয়ে এই ৰোগবোৰক বৃত্তিগত ৰোগ বুলি কোৱা হয় ৷ সাধাৰণতে ইয়াৰ স্বাস্থ্যত তিনি ধৰণে প্ৰভাৱ পৰে৷ [a] মানুহৰ ওপৰত ভৌতিক [physical], ৰাসায়নিক আৰু জৈৱিক কাৰকৰ প্ৰভাৱ, [b] মানুহৰ লগত যন্ত্ৰৰ প্ৰভাৱ, [ন্তু] মানুহৰ লগত মানুহৰ প্ৰভাৱ৷

ব্যক্তি এজনে যি পৰিবেশত কাম কৰে বা থাকে এই অনুযায়ী ৰোগত আক্ৰান্ত হ’ব পাৰে৷

ভৌতিক অপকাৰিতা [Physical Hazards] : অতি তাপমাত্ৰাত কাম কৰিলে হিট ষ্ট্ৰ’ক, হিট ক্ৰেমচ্‌ বা অগ্নিদগ্ধ হ’ব পাৰে৷ তেনেকৈ যদি ঠাণ্ডা পৰিবেশত কাম কৰিলে immersion foot বা frostbite আদি হ’ব পাৰে৷ বেছি পোহৰত কাম কৰা শ্ৰমিকৰ চকুৰ ৰোগ আৰু উচ্চ কম্পনাঙ্কত কাম কৰিলে শ্ৰৱণ শক্তিৰ অসুবিধা হোৱা দেখা যায়৷ আলট্ৰা ভায়লেট ৰেডিয়েচন, আয়নাইজিং ৰেডিয়েচন এইবোৰে স্বাস্থ্যত গুৰুতৰ প্ৰভাৱ পেলায়৷

ৰাসায়নিক অপকাৰিতা [Chemical Hazard] : ৰাসায়নিক উদ্যোগত কাম কৰা লোক সকলৰ স্বাস্থ্যত ৰাসায়নিক প্ৰভাৱৰ অতি গুৰুত্বপূৰ্ণ প্ৰভাৱ বুলি গণ্য কৰা হয়৷ কিছুমান ৰাসায়নিক পদাৰ্থ, যেনে - TNT, aniline এইবোৰ আমাৰ ছালে শোষণ কৰিব পাৰে৷ যাৰ ফলত ছালৰ ৰোগৰ উপৰিও শৰীৰৰ বিভিন্ন অংশত প্ৰৱেশ কৰি স্বাস্থ্যৰ ক্ষতি কৰে৷ মেচিনত ব্যৱহাৰ কৰা তেল, ৰাবাৰ আদি ছালৰ ৰোগৰ কাৰণ হ’ব পাৰে বুলি ১৯৫১ চনত প্ৰথম বাৰৰ বাবে ৰাও আৰু বেনাজ¹য়ে সজাগ কৰি দিছিল৷

ক্ষুদ্ৰ ক্ষুদ্ৰ ধূলিৰ কণিকা বা dust-বোৰ হ’ল কিছুমান ৰোগৰ অন্যতম কাৰণ৷ কঠিন পদাৰ্থৰ ক্ষুদ্ৰ ক্ষুদ্ৰ অংশ যাৰ আকাৰ ৰ ৰ পৰা ১৫০ মাইক্ৰ’ন৷ এইবোৰক ডাষ্ট বুলি কোৱা হয়৷ এই কণিকাবোৰ কাৰখানাত কাম কৰোঁতে বা মালবস্তু  বাহনৰ পৰা উঠা-নমা কৰাৰ সময়ত বতাহত ভাঁহি ফুৰে৷ যিবোৰ কণিকা দহ মাইক্ৰ’নতকৈ ডাঙৰ সেইবোৰ কম সময়ৰ ভিতৰত মাটিত সৰি পৰে৷ কিন্তু পাঁচ মাইক্ৰ’নতকৈ সৰু কণিকাবোৰে বেছি সময় ভাহি থকাৰ ফলত আমাৰ উশাহ নলীয়েদি সোমাই হাওঁফাওঁত প্ৰৱেশ কৰি পদাৰ্থ অনুযায়ী বেলেগ বেলেগ ৰোগৰ সৃষ্টি কৰে৷ তাৰ উপৰিও উদ্যোগৰ পৰা গেছীয় পদাৰ্থ যেনে - কাৰ্বন মন’ক্সাইড, চায়ানাইড গেছ, ছালফাৰ ডাই অক্সাইড, ক্ল’ৰিণ আদি৷ ধাতৱ পদাৰ্থ যেনে - lead, antimoni, arsenic, cadmium, cobalt, mercury, phosphorous আদিয়ে উক্ত পৰিবেশত কাম কৰা ব্যক্তিৰ স্বাস্থ্যত গুৰুতৰ প্ৰভাৱ পেলায়৷ তেনেকৈয়ে জৈৱিকভাৱে বীজাণুযুক্ত পৰিবেশ [যেনে - পথাৰ, হাবি-বননি আদিত] কাম কৰা মানুহবোৰৰ brucellosis, leptospirosis, anthrax, ধনুষ্টংকাৰ আদি ৰোগত আক্ৰান্ত হোৱা দেখা যায়৷ কয়লা খনিত কাম কৰা শ্ৰমিকৰ Anthracosis, চিলিকা ফেক্টৰীত কাম কৰিলে Silicosis, কপাহ উদ্যোগত কাম কৰিলে Byssinosis আৰু চেনি কলত কাম কৰিলে Bagasosis নামৰ হাওঁফাওঁজনিত ৰোগ হোৱাৰ আশংকা থাকে৷ উদ্যোগত যিমানবোৰ দূৰ্ঘটনা হয় তাৰে দহ শতাংশ দূৰ্ঘটনা যন্ত্ৰৰ লগত সম্পৰ্ক থকা বুলি ধৰি লোৱা হয়৷ উদ্যোগত কাম কৰাৰ ফলত হোৱা মানসিক ৰোগ হোৱা দেখা যায়, যাক আমি Industrial Neurosis বুলি কওঁ৷

বৃত্তিৰ লগত জড়িত কৰ্কট ৰোগ হ’ল আধুনিক বিশ্বৰ ডাঙৰ সমস্যা বা মানৱ জাতিৰ বাবে ডাঙৰ প্ৰত্যাহ্বান৷ পাৰচিভেল পট [Percival Pott] নামৰ বিজ্ঞানীজনে ১৭৭৫ চনত পোনপ্ৰথমবাৰৰ বাবে ঠাৱৰ কৰিব পাৰিছিল যে Chimney Sweeps কাম কৰা শ্ৰমিকৰ অণ্ডকোষত কেন্সাৰ হোৱাৰ তথ্য৷ তেনেকৈয়ে মূত্ৰাশয়ৰ কৰ্কট ৰোগৰ কাৰণ হিচাপে ১৮৯৫ চনত পোনপ্ৰথম বাৰৰ বাবে Aniline Industry ত কাম কৰা মানুহৰ গাত ধৰা পেলাইছিল৷ আমি জানো যে ১৮৯৮ চনত মেৰী কুৰি আৰু পিয়েৰ কুৰি নামৰ বিজ্ঞানী দম্পতিয়ে ৰেডিয়াম ক্ল’ৰাইড অৱস্থাত ৰেডিয়াম নামৰ মৌলবিধ আৱিষ্কাৰ কৰিছিল৷ এই মৌল বিধৰ তেজি¦ক্ৰয়তা ইউৰেনিয়ামতকৈ বহুগুণে বেছি৷ কিন্তু দুখৰ বিষয় ৰেডিয়ামৰ আগত বেছি উন্মুক্ত হৈ কাম কৰাৰ বাবে ১৯৩৪ চনত মেৰী কুৰিয়ে লিউকেমিয়া নামৰ ৰক্তকণিকাৰ কেন্সাৰত আক্ৰান্ত হয় আৰু এই ৰোগত ১৯৩৪ চনৰ ৪ জুলাইৰ দিনা ফ্ৰান্সৰ ছালাঁছেত তেওঁৰ মৃত্যু হয়৷ কেতিয়াবা নিজৰ বৃত্তিৰ লগত জড়িত পৰিৱেশেও ব্যক্তি এজনৰ বাবে দুখৰ খবৰ কঢ়িয়াই আনে৷ ঔষধৰ পাশ্বৰ্ক্ৰিয়াই শৰীৰত যথেষ্ট ক্ষতি কৰে৷ কিন্তু আমি চিকিৎসকৰ পৰামৰ্শ নোলোৱাকৈ নিজৰ মতে ঔষধ ক্ৰয় কৰি ব্যৱহাৰ কৰোঁ আৰু বৰ উদ্বিগ্নৰ বিষয় যে শিক্ষিত শ্ৰেণীৰ লোকসকলে ইণ্টাৰনেটৰ সহায় লৈ নিজৰ মতে নিজে চিকিৎসা কৰে৷ আনকি এক্সৰে, চি.টি. স্কেনৰ নিচিনা ভয়ানকভাৱে পাশ্বৰ্ক্ৰিয়া থকা পৰীক্ষা-নিৰীক্ষা সমূহ নিজৰ মতে কৰিহে চিকিৎসকৰ ওচৰ চাপিব বিচাৰে৷ অত্যাধিক ম’বাইল-লেপটপ [যেনে - Text neck syndrome] আদিৰ ব্যৱহাৰেও স্বাস্থ্যৰ ক্ষতি কৰে৷

বিজ্ঞানৰ নতুন নতুন আৱিষ্কাৰে বাহিৰৰ পৰিবেশটোত ধনাত্মক বা ঋণাত্মক প্ৰভাৱ পেলাইছে৷ 

* চীন দেশে ভাৰতৰ ভূখণ্ডত আগ্ৰাসনৰ প্ৰভাৱে নিজৰ দেশক ভালপোৱা প্ৰত্যেকজন ব্যক্তিৰ স্বাস্থ্যত ঋণাত্মক প্ৰভাৱ পেলোৱাটো নিশ্চিত৷ চীনে কিয় অইন এখন দেশৰ ঠাই, মাটি দখল কৰিবলৈ আগ্ৰহী ? ইয়াৰ উত্তৰ কেইবাটাও দিশত আলোচনা কৰিব পাৰি যদিও ইয়াত আমি এইখিনিয়ে ক’ব বিচাৰিম যে চীন দেশৰ বিজ্ঞান আৰু উন্নত প্ৰযুক্তিয়েই ইয়াৰ প্ৰৰোচনাৰ কাৰণ বুলি ক’লেও বঢ়াই কোৱা নহ’ব৷

* দিল্লীত বায়ু প্ৰদূষণৰ কাৰণে স্কুল-কলেজ বন্ধ কৰিবলগীয়া হৈছে৷ স্কুল-কলেজ কিয় বন্ধ কৰিবলগীয়া হ’লক্ক নিশ্চয় ছাত্ৰ-ছাত্ৰীৰ ৰোগ হোৱাৰ আশংকাত৷ আকৌ প্ৰশ্ন হয় ৰোগ কিয় হ’ব পাৰে ? উত্তৰ - বায়ু প্ৰদূষণৰ কাৰণে৷ বায়ু প্ৰদূষণৰ কাৰণ কি হ’ব পাৰে ? উত্তৰ - বায়ু প্ৰদূষণৰ কাৰণ হ’ল বিভিন্ন উদ্যোগ আৰু অত্যাধিক যান-বাহনৰ পৰা নিৰ্গত হোৱা ধোঁৱা৷ এতিয়া ক’ব লাগিব যে উদ্যোগ আৰু যান-বাহনবোৰো বিজ্ঞানৰে আৱিষ্কাৰ৷

আধুনিক চিকিৎসা বিজ্ঞানৰ ডাঙৰ প্ৰতিবন্ধকতা হ’ল আমি শাৰীৰিক দিশটোৰ চিকিৎসাৰ প্ৰতিহে বেছি গুৰুত্ব দিওঁ৷ স্বাস্থ্যৰ অন্য পৰিসৰৰ ওপৰত কম গুৰুত্ব দিয়া বাবেই শাৰীৰিক ৰোগ যিমান সোনকালে বা যিমান পৰ্য্যায়লৈ আৰোগ্য হ’ব লাগে সিমান হৈ নুঠেগৈ৷ এইবাবেই বৰ্তমান বহু চিকিৎসালয়ত অইন দিশবোৰ যেনে - আধ্যাত্মিক, মানসিক দিশবোৰ শাৰীৰিক দিশটোৰ লগত সমানে গুৰুত্ব দিয়া পৰিলক্ষিত হৈছে৷ মনটোক বাদ দি জীৱন্ত শৰীৰৰ অস্তিত্বক কল্পনা কৰিব নোৱাৰি৷ আৱেগিক, মানসিক বা বৃত্তিগত স্বাস্থ্যৰ পৰিসৰ সম্পূৰ্ণৰূপে মনৰ লগত জড়িত৷ মনটোক নিয়ন্ত্ৰণ কৰে বাহ্যিক পৰিবেশে৷

বিশ্ব স্বাস্থ্য সংস্থাই দিয়া মতে ওপৰত আমি স্বাস্থ্যৰ সূত্ৰ দি আহিছোঁ৷ কিন্তু এয়াও প্ৰত্যেকৰে মতে গ্ৰহণযোগ্য বুলি ক’ব নোৱাৰো৷ স্বাস্থ্য আৰু ৰোগ বিষয়টোৱেই এটা অতি জটিল বিষয়৷ এইখিনিতে আইনষ্টাইনৰ এষাৰ কথা মনত পৰে য’ত কোৱা হৈছে - Two things are infinite, the universe and human stupidity and I am not sure about the universe. ‘অসীম বুলি দুটা বস্তু আছে, এটা হ’ল বিশ্বব্ৰহ্মাণ্ড আৰু আনটো হ’ল মানুহৰ মূৰ্খামি৷ কিন্তু বিশ্বব্ৰহ্মাণ্ডৰ অসীমতাৰ বিষয়ে মই নিশ্চিত নহওঁ৷’ এই কথাখিনিকে আমি এনেধৰণে ক’ব বিচাৰিম - ‘অসীম বুলি দুটা বস্তু আছে - এটা হ’ল মানুহৰ মূৰ্খামি, আনটো হ’ল মানুহৰ ৰোগৰ বিষয়ে জানিবলগীয়া জ্ঞান৷’ এই জ্ঞান অসীম৷ ভৱিষ্যতে হ’বলগীয়া ঘটনা-পৰিঘটনাৰ বিষয়ে যেনেকৈ আমি অজ্ঞ তেনেকৈয়ে মানুহৰ দেহত ভৱিষ্যতে কি ৰোগ হ’ব পাৰে তাৰ বিষয়েও অজ্ঞ৷ এইখিনিৰ পৰা চাবলৈ গ’লে ৰোগৰ বিষয়ে জানিবলগীয়া জ্ঞান এটা নিৰ্দিষ্ট বিস্তৃতিৰ ভিতৰত আৱদ্ধ কৰিব নোৱাৰি৷ ছয় শতিকাত প্লেগৰ অতিমহামাৰীৰ সময়ত মানুহ আতংকিত হৈছিল৷ লাখ-লাখ মানুহৰ মৃত্যু হৈছিল৷ আৰু আজি বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যাৰ উচ্ছ শিখৰত উপস্থিত হৈও ক’ৰণাৰ দৰে বীজাণুৰ ভয়ত আমি আতংকিত হৈছোজ্ব লাখ-লাখ মানুহক হেৰুৱাইছো৷ এনেকুৱা বহুত আতংকিত সময় সুদূৰ ভৱিষ্যতে মানৱ জাতিৰ বাবে ৰৈ থকা নাই বুলি কোনেও নিশ্চিতভাৱে ক’ব নোৱাৰে৷ Infectious diseases will last as long as humanity itself.

Supernatural theory of disease ৰ পৰা আজিও আমি মুক্ত হ’ব পৰা নাই৷ মুক্ত হ’ব নোৱাৰাৰ কাৰণ কিঞ্জ কাৰণ নি(য় আছে৷ আধুনিক চিকিৎসা বিজ্ঞানে আজিও শৰীৰ আৰু মনৰ ৰোগ সম্পূৰ্ণভাৱে নিৰাময় কৰিব পৰা নাই৷ সংক্ৰমিত ৰোগ আংশিকভাৱে নিয়ন্ত্ৰণ বা আৰোগ্য কৰিব পৰা অৱস্থাত উপনীত হৈছোঁ যদিও তাৰ বিপৰীতে অসংক্ৰমিত ৰোগৰ ৰোগীৰ সংখ্যা উদ্বেগজনকভাৱে বৃদ্ধি পাব ধৰিছে৷ বিজ্ঞানৰ অইন শাখাবোৰৰ দৰে এতিয়াও চিকিৎসা বিজ্ঞান অসম্পূৰ্ণ৷ এই অসম্পূৰ্ণতাৰ কাৰণে মছজিদ, মন্দিৰ, গীৰ্জা বা অন্য উপাসনাস্থলীবোৰ বৰ্তি আছে [অৱশ্যে কেৱল ৰোগ নিৰাময়ৰ কাৰণেহে মানুহে মঠ-মন্দিৰ বা উপাসনাস্থলীবোৰলৈ নাযায়]৷ চিকিৎসা বিজ্ঞানে আত্মসমৰ্পণ কৰি দিয়া ৰোগীবোৰ ক’লৈ যাবঞ্জ কাক সাৰথি কৰি জীৱনৰ বাকী দিনবোৰ অতিবাহিত কৰিবঞ্জ এইখিনিতে কিবা শক্তি এটাক ভৰসা কৰি খোজ দিবলগীয়া হয়৷ বৰ্তমানেও মানুহৰ মনত প্ৰশ্ন হয় বিজ্ঞানে আৰোগ্য কৰিব নোৱাৰা ৰোগৰ কাৰণ অদৃশ্য শক্তিৰ প্ৰভাৱ নেকি ?

অভিজ্ঞতাই চিকিৎসা বিজ্ঞানী আৰু চিকিৎসকসকলক কিছুমান ৰোগৰ ক্ষেত্ৰত পতিয়ন নিয়াবলৈ চেষ্টা কৰে যে চিকিৎসা বিজ্ঞান সম্পূৰ্ণ বিজ্ঞান নহয়৷ চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত -

১ + ১ = ২, 

১ + ১ = ১ বা ৩ হ’ব পাৰে৷ 

উদাহৰণ স্বৰূপে মেলেৰিয়াত আক্ৰান্ত দুজন ৰোগীক একেটা ঔষধ সঠিকমতে প্ৰয়োগ কৰাৰ পাছতো এজন ৰোগীয়ে আৰোগ্য হয় কিন্তু আনজন ৰোগী আৰোগ্য নহ’বও পাৰে৷ তেনেকুৱাবোৰৰ ক্ষেত্ৰত ১ + ১ = ২ সদায় হ’ব নোৱাৰে৷ ৰোগৰ কাৰণ হিচাপে যেনেকৈ multifactorial কাৰক থাকে, তেনেকৈ আৰোগ্য হ’বৰ কাৰণেও  ৰোগী অনুযায়ী বহু ধৰণৰ প্ৰতিৰোধ ক্ষমতাজনিত কাৰক থাকিব পাৰে৷

ওপৰত উল্লেখ কৰি আহিছোঁ যে চিকিৎসা বিজ্ঞানে মানৱ জাতিক ব্যাখ্যাতীতভাৱে ধন্য কৰি আহিছে৷ বিজ্ঞানৰ লগতে অন্য কিছুমান কাৰকৰ আশীৰ্বাদত মানুহৰ আয়ুস ক্ৰমান্বয়ে বৃদ্ধি পাইছে৷ শুনিলে আচৰিত যেন লাগে স্বাধীনতাৰ কালছোৱাত ভাৰতবৰ্ষৰ মানুহৰ গড় আয়ুস আছিল মাত্ৰ ৩২ বছৰ৷ কিন্তু ২০১৯ চনত সেই একেখন দেশৰ মানুহৰ গড় আয়ুস হ’লগৈ ৬৯.৬৬ বছৰ৷


সংযোজন :

‘Health is NOT mainly an issue of doctors, social services and hospitals. It is an issue of social justice.’ - K. Park

‘স্বাস্থ্য মুখ্যতঃ কেৱল চিকিৎসক, সামাজিক সেৱা বা চিকিৎসালয়সমূহৰে সমস্যা নহয়৷ ই সামাজিক ন্যায়ৰ সৈতে সম্পৰ্কিত সমস্যা৷’ এই কথাখিনি যদি আমি হৃদয়ঙ্গম কৰি সময়মতে ব্যৱস্থা নলওঁ, সুদূৰ ভৱিষ্যতেও সুস্থ স্বাস্থ্যৰ সন্ধানত প্ৰাচীন কালৰ দৰেই হাহাকাৰ কৰি থাকিব লাগিব৷ মুঠতে একেষাৰ কথাতে ক’বলৈ গ’লে পৃথিৱীৰ জল, স্থল, বায়ু সকলো স্তৰতে বিজ্ঞানে বিভিন্ন প্ৰকাৰে প্ৰদূষিত কৰিছে; যাৰ ফলস্বৰূপে প্ৰত্যক্ষ বা পৰোক্ষভাৱে পৰিৱেশ আৰু মানুহৰ স্বাস্থ্যত ঋণাত্মক প্ৰভাৱ পেলাইছে ৷ 


সহায়ক উৎস :

১] Park's Textbook of Preventive and Social Medicine, Author - K. Park  (26th Edition).

২] শতাধিক মহান বিজ্ঞানী, লিখক - ড॰ দীনেশ চন্দ্ৰ গোস্বামী৷

৩] ইণ্টাৰনেটৰ পৰা পোৱা তথ্য৷


ঠিকনা :

শিশুৰোগ বিশেষজ্ঞ

বিশ্বনাথ চাৰিআলি অসামৰিক চিকিৎলায়

জিলা : বিশ্বনাথ

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ