চন্দনজ্যোতি চুতীয়া
বিংশ শতিকাত আত্মপ্ৰকাশ কৰি অসমৰ জাতীয় জীৱনক দিক্দৰ্শন
কৰিবলৈ সক্ষম হোৱা হীৰেন গোহাঁইৰ অধ্যয়ন, পৰ্যবেক্ষণ আৰু
চিন্তনৰ ক্ষেত্ৰ যথেষ্ট গভীৰ আৰু ব্যাপক৷ বিংশ শতিকাৰ দ্বিতীয়াৰ্ধৰ পৰা গোহাঁয়ে
মূলতঃ অসমৰ শোষিত-নিপীড়িত শ্ৰেণীৰ মুক্তিৰ হকে এজন অগ্ৰণী সমাজ সমালোচকৰ দায়িত্ব
পালন কৰি আহিছে৷ মাৰ্ক্সীয় দৰ্শনত বিশ্বাসী
হীৰেন গোহাঁইৰ মানসিক দৃষ্টিকোণ সমাজতাত্ত্বিক চিন্তাৰে সমৃদ্ধ৷ গভীৰ সমাজবীক্ষাৰ
বাবেই গোহাঁয়ে সমাজ জীৱনৰ প্ৰত্যেকটো ঘটনা বা পৰিস্থিতিক সমসাময়িক প্ৰেক্ষাপটৰ
আওঁতাত থাকি বিশ্লেষণ কৰাৰ প্ৰয়াস কৰি আহিছে৷
বিংশ শতিকাৰ সত্তৰৰ দশকৰ পৰাই অসমৰ ভিন্ন
জনগোষ্ঠীয় আন্দোলন আৰু জাতীয় জনগোষ্ঠীয় সমস্যা সম্পৰ্কে হীৰেন গোহাঁয়ে যুক্তিপূৰ্ণ
ব্যাখ্যা আগবঢ়াই আহিছে৷ প্ৰকৃততে, সামাজিক সমস্যাৰ
বহুতৰপীয়া স্বৰূপ উপলব্ধি কৰিবলৈ গভীৰ পৰ্যবেক্ষণ আৰু সূক্ষ্ম মননৰ প্ৰয়োজন৷
গোহাঁয়ে অন্তৰ্লীন ইতিহাসবোধ আৰু প্ৰগাঢ় অন্তদৃৰ্ষ্টিৰে
অসমৰ জনগোষ্ঠীয় সমস্যাসমূহ নিৰীক্ষণ কৰিছে৷ অসমৰ অনুন্নত জাতি-জনগোষ্ঠীসমূহৰ
আকাংক্ষাৰ মাজত থকা দ্বন্দ্ব, অসমীয়া মধ্যবিত্তৰ
শ্ৰেণীচৰিত্ৰ, অৱদমিত জাতি-জনগোষ্ঠীসমূহৰ মাজত গা-কৰি উঠা বিচ্ছিন্নতাবাদী চেতনা, বৰ্ণহিন্দুৰ বৈষম্যমূলক আচৰণ আদিৰ সম্পৰ্কে গোহাঁয়ে দীৰ্ঘদিন ধৰি চিন্তা-চৰ্চা কৰি আহিছে৷ এক কথাত, গোহাঁয়ে অসমৰ জাতীয় জনগোষ্ঠীগত সমস্যাসমূহ চিনাক্ত কৰি সেইসমূহৰ প্ৰতি
জনসাধাৰণক সজাগ কৰি তুলিবলৈ সচেষ্ট প্ৰয়াস কৰি আহিছে৷ গোহাঁইৰ বিভিন্ন
গ্ৰন্থত সন্নিৱিষ্ট অসমৰ জনগোষ্ঠীয় সমস্যা তথা আন্দোলন সম্পৰ্কীয় গুৰুত্বপূৰ্ণ প্ৰবন্ধসমূহ হৈছে - ‘জনগোষ্ঠীয়
আন্দোলনৰ গতিপথ’, ‘অসমত জনগোষ্ঠীগত সমস্যা আৰু সমন্বয়ৰ পথ’,
‘অসমৰ জনজাতীয় সমস্যাৰ পটভূমি’, ‘অসমৰ
জনগোষ্ঠীগত সমস্যা’, ‘ভীমবৰ দেউৰী আৰু অসমৰ জনগোষ্ঠীগত
আন্দোলন : পটভূমিত আলোকপাত’, ‘অসমৰ
ঔপনিৱেশিক ভূমি ব্যৱস্থা আৰু জনজাতীয় সমস্যা’, ‘জনজাতীয়
ৰাজনৈতিক আকাংক্ষা আৰু বাস্তৱতা’, ‘জাতিসমস্যা, ভূমি আৰু সাম্ৰাজ্যবাদ’, ‘অনুসূচিত জাতি-উপজাতিৰ
সমস্যা’, ‘জনগোষ্ঠীয় আন্দোলনৰ বিশ্লেষণ’, ‘চাহ জনজাতিৰ ভৱিষ্যৎ আৰু অসমৰ জাতি গঠন প্ৰক্ৰিয়া,
‘উগ্ৰ জনগোষ্ঠীগত ভাবাবেগৰ বিৰুদ্ধে’, ‘বড়ো
আন্দোলন আৰু হিংস্ৰতা’, ‘অসমৰ জনজাতি সমস্যা আৰু কাৰ্বি
আংলঙৰ আন্দোলন’, ‘জনজাতীয় সংস্কৃতি আৰু অসমৰ ভৱিষ্যত’
আদি৷
হীৰেন গোহাঁয়ে তেওঁৰ প্ৰবন্ধসমূহৰ যোগেদি
যিদৰে অসমৰ জনগোষ্ঠীগত সমস্যাৰ প্ৰকৃত উৎস সন্ধানৰ আন্তৰিক প্ৰয়াস কৰিছে, ঠিক
একেদৰে উক্ত সমস্যাসমূহৰ সমাধানসূত্ৰ নিৰূপণৰো যত্ন কৰা পৰিলক্ষিত হৈছে৷ ‘জনগোষ্ঠীয় আন্দোলনৰ গতিপথ’ শীৰ্ষক প্ৰবন্ধটিত
গোহাঁয়ে কৈছে, ‘‘প্ৰকৃততে বেছিভাগ জনগোষ্ঠীয় আন্দোলনৰ উৎস
ৰাজনৈতিক৷ যিবোৰ ৰাজনৈতিক গাঁথনিৰ মাজত আমি সম্প্ৰতি বাস কৰিছোঁ তাৰ মাজত
একো-একোটা জনগোষ্ঠীৰ ৰাজনৈতিক অধিকাৰ সাব্যস্ত হোৱা নাই৷’’ (শোণিত
বিজয় দাস, মুনীন বায়ন (সম্পা.), হীৰেন
গোহাঁই ৰচনাৱলী ২, পৃ-৪৬০)
গোহাঁয়ে তেওঁৰ ভিন্ন প্ৰবন্ধৰ যোগেদি চিনাক্ত কৰা অসমৰ জনগোষ্ঠীয় সমস্যা আৰু
আন্দোলনৰ উৎসসমূহ মূলতঃ এনেধৰণৰ - সামন্তীয় শোষণ, ভূমি-ৰাজহ হিচাবে ফচল বা বস্তুৰ ঠাইত মুদ্ৰাৰ প্ৰচলন, স্বাধীনতাৰ পিছৰ কালছোৱাত অসমীয়া মধ্যবিত্তৰ ভূমিকা, অসমীয়া নেতৃত্বৰ স্বাৰ্থপৰতা, বৰ্ণহিন্দুৰ
পক্ষপাতমূলক আচৰণ, জনগোষ্ঠীয় লোকসকলৰ মনত অসমীয়া হিন্দু
সমাজৰ প্ৰতি পুঞ্জীভূত হৈ থকা অভিমান আৰু ক্ষোভ, জনগোষ্ঠীয়
উগ্ৰ জাতীয়তাবাদ, কেন্দ্ৰৰ কৌশলী ভূমিকা, স্বাধীনতা আন্দোলনৰ সময়ৰে পৰা পুঁজিপতি, মধ্যবিত্ত
আৰু জমিদাৰ শ্ৰেণীৰ মানুহে সৰ্বসাধাৰণ ৰাইজৰ আশা-আকংক্ষাক গুৰুত্ব নিদি নিজা
শ্ৰেণীস্বাৰ্থক দিয়া অগ্ৰাধিকাৰ, বিশ্বায়নৰ অৰ্থনীতি আৰু
ৰাজনীতি, শ্ৰমজীৱী জনজাতীয় লোকসকলৰ জনজাতীয় শিক্ষিত
মধ্যবিত্তৰ পৰা ক্ৰমাৎ বিচ্ছিন্নতা, ভূমি
ৰাজহৰ নতুন ব্যৱস্থা আদি৷ স্মৰ্তব্য যে, অসমৰ জাতীয় জনগোষ্ঠীয় সমস্যাৰ উপৰ্যুক্ত কাৰণসমূহ ফঁহিয়াই দেখুৱাইও
গোহাঁয়ে সঠিকভাৱে আঙুলিয়াই দিছে যে, ‘‘দেখাত যদিও অসমীয়া বা
অন্যান্য বৰ্ণহিন্দুৰ অন্যায়েই জনজাতীয়সকলৰ দুৰ্দশাৰ কাৰণ, প্ৰকৃততে
ঔপনিৱেশিক ব্যৱস্থাই আছিল তাৰ মূল কাৰণ৷... অসমৰ জনজাতীয় ৰাইজৰ অৱস্থা ঔপনিৱেশিক
ব্যৱস্থাৰ ফলত সাধাৰণ অসমীয়াতকৈও তললৈ নামি গৈছিল৷ ইফালে সাধাৰণ অসমীয়াৰো
অৰ্থনৈতিক সংকট হৈছিল৷ কিন্তু যিধৰণৰ আৰ্থ-ৰাজনৈতিক ব্যৱস্থাৰ ফলত বুনিয়াদি
শ্ৰমজীৱী ৰাইজৰ এনে দুৰ্দশা হৈছিল তাৰো বিশেষ মৌলিক পৰিৱৰ্তন স্বাধীনতাই আনিব
নোৱাৰিলে৷ সৰহভাগ জনজাতীয় ৰাইজ জীৱিকাৰ্জনৰ বাবে আনৰ তলতীয়া হৈ থাকিল৷ যি
শিক্ষিতচাম ওলাল তেওঁলোকৰ মনত ৰাজনৈতিক বঞ্চনা আৰু ক্ষমতাহীনতাই যি সন্তাপ আৰু
ক্ষোভৰ জন্ম দিলে, সি ব্যৱস্থাটোৰ পৰিৱৰ্তনৰ বাবে তেওঁলোকক
উৎসাহিত নকৰিলে৷ বৰং ৰাজনৈতিক স্বায়ত্তশাসন আৰু বিচ্ছিন্নতাৰ
লক্ষ্যতে তেওঁলোক আৱদ্ধ থাকিল৷’’ (অসমৰ ঔপনিৱেশিক
ভূমিব্যৱস্থা আৰু জনজাতীয় সমস্যা, জাতিসত্তা আৰু মানৱসত্তা,
পৃ-৮৭, ৯৫) গোহাঁয়ে তেওঁৰ ‘জাতিসমস্যা, ভূমি আৰু সাম্ৰাজ্যবাদ’, ‘ভীমবৰ দেউৰী আৰু অসমৰ জনগোষ্ঠীগত আন্দোলন : পটভূমিত
আলোকপাত’ আদি প্ৰবন্ধত সামন্তবাদে সম্পূৰ্ণ বশ কৰিব নোৱৰা
জাতি-জনগোষ্ঠীসমূহক ঔপনিৱেশিক প্ৰশাসনে অধিক শোষণেৰে সৰ্বশ্ৰান্ত কৰি বৰ্ণহিন্দুৰ ৰায়তত পৰিণত কৰাৰ ঐতিহাসিক পটভূমি বিশ্লেষণ কৰিছে৷
অৰ্থাৎ, গোহাঁইৰ মতাদৰ্শ অনুযায়ী, ইতিপূৰ্বে
উল্লেখ কৰাৰ দৰে ঔপনিৱেশিকশোষণযন্ত্ৰইহে জনজাতীয়সকলক বিশেষভাৱে কোঙা কৰিছিল৷
অন্যান্য উপাদানসমূহৰ গুৰুত্ব স্বীকাৰ কৰিও অসমৰ ভিন্ন জনগোষ্ঠীয় লোকসকলে এই
ঐতিহাসিক সত্যটোৰ সন্দৰ্ভত উপযুক্ত বিচাৰ-বিবেচনা কৰাৰ নিশ্চয়কৈ
প্ৰয়োজন আছে৷
সন্নিকট সামাজিক সমস্যাৰ যথোপযুক্ত উৎস
সন্ধানৰ বিশেষ প্ৰাসংগিকতা থাকে৷ অসমৰ জনজাতীয়সকলৰ মনত বৰ্ণহিন্দুবিৰোধী মনোভাৱ
গঢ় লৈ উঠাৰ কাৰণ ব্যাখ্যা কৰি গোহাঁয়ে কৈছে যে, পূৰ্বে ভিন্ন ক্ষেত্ৰত
স্বতন্ত্ৰভাৱে থকা জনগোষ্ঠীসমূহক ক্ৰমে বৰ্ণহিন্দুৰ সংস্পৰ্শলৈ আহিবলৈ বাধ্য কৰোৱা
হৈছিল৷ সমান্তৰালভাৱে জনজাতীয়সকলৰ প্ৰতি পোষণ কৰা অৱজ্ঞা, বৰ্ণহিন্দুৰ
জাত্যাভিমান তথা ৰক্ষণশীলতা আদিয়ে জনজাতীয়সকলক বিদ্ৰোহী কৰি তুলিলে৷ গোহাঁয়ে তেওঁৰ
‘ভীমবৰ দেউৰী আৰু অসমৰ জনগোষ্ঠীগত আন্দোলন : পটভূমিত আলোকপাত’ শীৰ্ষক প্ৰবন্ধটিত বৰ্ণহিন্দুসকলে
প্ৰতিপত্তি কৰা ঔপনিৱেশিক ভাৰতীয় সমাজত জনজাতীয় জনগোষ্ঠীয়সকলে সন্মুখীন হোৱা দুটা
বিশেষ সমস্যাৰ কথা উল্লেখ কৰিছে - অৰ্থনৈতিক শোষণ তথা দাৰিদ্ৰ আৰু সামাজিক
নিষ্পেষণ তথা বৈষম্য৷ (জাতিসত্তা আৰু মানৱসত্তা, পৃ-৩৯)
উল্লেখ্য যে, জনজাতি অধ্যুষিত অঞ্চলবোৰক অজনজাতিসকলৰ প্ৰব্ৰজনৰ
পৰা সংৰক্ষণ আৰু নিৰাপত্তা প্ৰদানৰ উদ্দেশ্যে গঠন কৰা ট্ৰাইবেল বে’ল্ট আৰু ব্লকৰ ব্যৱস্থাও সঠিকভাৱে ৰূপায়ণ কৰা পৰিলক্ষিত নহ’ল৷ গোহাঁইৰ মতে, ‘‘এইবোৰ অঞ্চলতে জনজাতীয় লোকসকলে
পৰম্পৰাগতভাৱে বাস কৰিলেও আমি পূৰ্বে কৈ অহা মতে তেওঁলোকৰ ওচৰে-পাঁজৰে বহুকাল ধৰি
অজনজাতিপ্ৰধান গাৱোঁ আছিল৷ সেইসকল অজনজাতীয় লোকৰ ভূমিস্বত্বও
কোনো মতেই নাকচ কৰিব নোৱাৰি, সংশ্লিষ্ট আইনত কৰা হোৱাও
নাছিল৷ কিন্তু এনে সংৰক্ষিত অঞ্চলৰ ধাৰণাৰ ভিত্তিতে পৰৱৰ্তী
কালত জনজাতিৰ বাবে সংৰক্ষিত নিৰ্দিষ্ট ভূখণ্ডৰ স্বায়ত্তশাসিত পৰিষদ গঠনৰ কল্পনা
কৰা হৈছিল আৰু সেইবোৰ ভূখণ্ডৰ ওপৰত কেৱল জনজাতীয়সকলৰ একচেটিয়া অধিকাৰৰ ধাৰণা এটা
গজগজীয়া হৈ উঠিছিল৷ তাৰ শেষ পৰিণাম হৈছে প্ৰথমতে সীমা নিৰ্ধাৰণৰ অসুবিধা, দ্বিতীয়তে অগণতান্ত্ৰিক জনগোষ্ঠী-আধিপত্য আৰু জনগোষ্ঠীৰ পৰিষ্কৰণৰ (Ethnic
cleansing)ৰ বিপজ্জনক ফেছীবাদী মনোভাৱ৷’’ (অসমৰ
জনগোষ্ঠীগত সমস্যা, প্ৰগতিৰ সংগ্ৰাম আৰু অস্তিত্বৰ ছন্দ,
পৃ-১০৬-১০৭) আকৌ গুৰুত্বপূৰ্ণ কথাটো হৈছে, অসমক
শিল্পায়ন কৰাৰ নামত চৰকাৰে যথেষ্টসংখ্যক মাটি ট্ৰাইবেল বে’ল্টৰ
পৰাহে সংগ্ৰহ কৰিছিল৷ গোহাঁয়ে আঙুলিয়াই দিছে যে, অসম ভূমিৰাজহ বিধি-নিয়মত (The Assam Land and Revenue Regulation) যুক্ত হোৱা দশম অধ্যায়ত বহুবোৰ সুৰুঙা ৰাখি থোৱা গ’ল৷
পৰৱৰ্তী সময়ত অসমত যিসমূহ জনজাতীয় আন্দোলন সংঘটিত হ’ল, সেই আন্দোলনসমূহেও জনজাতীয় জনগোষ্ঠীসমূহৰ
ভূমিহীনতাৰ উপশম ঘটোৱাত সফল হ’ব নোৱাৰিলে৷ গোহাঁইৰ দৃষ্টিত
ইয়াৰ কাৰণ হৈছে - ‘‘ঔপনিৱেশিক মধ্যবিত্তৰ পৰজীৱী চৰিত্ৰ,
যিটো স্বাধীনতাৰ পিছতো বৰ্তি থাকিল৷’’ (জাতিসমস্যা,
ভূমি আৰু সাম্ৰাজ্যবাদ, স্থবিৰতা বনাম প্ৰগতি,
পৃ-১৯৫)
গোহাঁয়ে তেওঁৰ ‘জনজাতীয়
আন্দোলনৰ বিশ্লেষণ’ শীৰ্ষক প্ৰবন্ধটিত অসমৰ ৰাজ্যিক চৰকাৰৰ
দায়িত্ব গ্ৰহণ কৰা অসমীয়া নেতৃত্বক সমালোচনা কৰি কৈছে যে, অসমৰ
কৃষি শিল্পক আধুনিক ৰূপ দিয়াত, অসমৰ অনুন্নত জাতি-জনগোষ্ঠীক
আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত তেওঁলোকে কোনো গঠনমূলক ভূমিকা পালন কৰিব নোৱাৰিলে৷ ফলত
অসমৰ ভিন্ন জনগোষ্ঠীৰ মাজত উগ্ৰ প্ৰতিক্ৰিয়াৰ জন্ম হ’ল৷
একেটা প্ৰবন্ধতে গোহাঁয়ে বড়োসকলৰ জাগৰণৰ প্ৰসংগ উল্লেখ কৰি কৈছে যে, বড়ো জাগৰণে বিচ্ছিন্নতাবাদ বা সুকীয়া ৰাজ্যৰ
লক্ষ্যৰ প্ৰতি আকৃষ্ট হোৱাটো প্ৰকৃততে অনিবাৰ্য নাছিল৷ অসমীয়া মধ্যবিত্ত নেতাই
স্বাধীনতাৰ পৰৱৰ্তী সময়ত কৰা প্ৰতাৰণা-প্ৰবঞ্চনাৰ কথা
উপযুক্তভাৱে উল্লেখ কৰিও তেওঁ বড়োসকলৰ অনগ্ৰসৰতাৰ বাবে প্ৰধানকৈ বিদেশী
সাম্ৰাজ্যবাদী নীতিক দোষাৰোপ কৰিছে৷ গোহাঁয়ে বড়ো আৰু অসমীয়া নেতৃত্বক সমন্বয়ৰ
স্বাৰ্থত এই দিশবোৰ সঠিকভাৱে বিবেচনা কৰি চাবলৈ অনুৰোধ জনাইছে৷ জনগোষ্ঠীয় সমস্যাক
কেন্দ্ৰ কৰি প্ৰণয়ন কৰা গোহাঁইৰ আন এটা গুৰুত্বপূৰ্ণ প্ৰবন্ধ হৈছে - ‘উগ্ৰ জনগোষ্ঠীগত ভাবাবেগৰ বিৰুদ্ধে’৷ গোহাঁয়ে এই
প্ৰবন্ধটিত দাঙি ধৰা দৃষ্টিকোণ এনেধৰণৰ যে, অসমীয়া উগ্ৰ
জাতীয়তাবাদৰ পৰা পৰিত্ৰাণৰ উপায় পুনৰ উগ্ৰ জনগোষ্ঠীগত ভাবাবেগ কেতিয়াও নহয়৷ অসমৰ
সকলো জনগোষ্ঠীৰে সমান অধিকাৰ ইতিহাসৰ দাবী৷ গতিকে, সকলোৱে
গণতান্ত্ৰিক সহযোগিতাৰে আগবাঢ়ি যোৱাৰহে প্ৰয়োজন আছে; বিচ্ছিন্নতা বা অসহযোগিতাৰ শেষ পৰিণাম ভয়াবহ হৈ উঠিব৷ গোহাঁইৰ মতে, ভিন্ন জনগোষ্ঠীৰ নেতৃত্বই যিদৰে অসমীয়া এচাম নেতাৰ তলত থাকিবলৈ নিবিচাৰে;
ঠিক একেদৰে আন জনগোষ্ঠীয়েও অন্যৰ তলতীয়া হ’বলৈ
ভাল নাপায়৷ গোহাঁয়ে নব্বৈ দশকৰ অসমৰ গোষ্ঠী বিবাদৰ ভয়ংকৰ পৰিস্থিতিৰ কথা উত্থাপন
কৰি কৈছে যে, প্ৰতিটো গোষ্ঠীৰে শিক্ষিত মধ্যবিত্ত
নেতৃত্বই অন্য গোষ্ঠীৰ প্ৰতি সন্দেহৰ ভাৱ
পোষণ কৰি আহিছে৷ সেয়ে মধ্যবিত্ত ৰাজনীতিক অন্য কোনো শক্তিয়ে শাসন নকৰিলে
গোষ্ঠীবাদী বিবাদত সকলো পাকঘূৰণি খাই থাকিব লগা হ’ব৷ (সন্ধিক্ষণ,
পৃ-১৪৬)
অম্বিকাগিৰী ৰায়চৌধুৰী, বিষ্ণুপ্ৰসাদ
ৰাভাই সেই তাহানিতেই জাতীয় জনগোষ্ঠীগত সংহতিৰ প্ৰসংগ সবলভাৱে উত্থাপন কৰিছিল৷
ৰায়চৌধুৰীয়ে গভীৰ একাত্মবোধেৰে পৰ্বতবাসী
জনগোষ্ঠীসমূহক আঁকোৱালী লোৱাৰ পৰামৰ্শ আগবঢ়াইছিল৷ বিষ্ণু ৰাভাই সঠিকভাৱেই
আঙুলিয়াই দেখুৱাইছিল যে, অসমৰ জনজাতিসকলৰ বিষয়ে তাত্ত্বিক
আৰু তাথ্যিকভাৱে বিশেষ আলোচনা, সমালোচনা আৰু গূঢ় গৱেষণা
নোহোৱাৰ বাবে বুজা-পৰাত ত্ৰুটি থকাত আজিও ভিন্ন সমস্যা আৰু বেমেজালিয়ে দেখা দিছে৷
ইন্দিবৰ দেউৰীয়ে তেওঁৰ ‘জনগোষ্ঠীগত সমস্যা : অতীত বৰ্তমান ভৱিষ্যত’ শীৰ্ষক গ্ৰন্থখনত অসমৰ
জনগোষ্ঠীগত দ্বন্দ্ব সম্পৰ্কে যুক্তিপূৰ্ণ ব্যাখ্যা দাঙি ধৰিছে৷ দেউৰীৰ মতাদৰ্শ
অনুযায়ী, অসমীয়া মধ্যবিত্তৰ অভিভাৱকত্ববাদী মানসিকতা,
সীমিত পৰিসৰত লাভ কৰা ভিন্ন সুযোগ-সুবিধাসমূহো আত্মসাৎ কৰাৰ
প্ৰচেষ্টা, উগ্ৰ জাতীয়তাবাদী তথা অনন্যতাৰ (Exclusiveness)
মনোভাৱ আদিয়ে অসমত জনগোষ্ঠীয় সংঘাত আৰু আন্দোলনৰ সূচনা কৰিলে৷
সম্প্ৰতি মিশ্ৰিত জনগাঁথনিযুক্ত অসমৰ বাস্তৱ পৰিস্থিতিত দেউৰীয়ে সকলো
জনজাতি-জনগোষ্ঠীকে অনন্যতাৰ নীতি (Policy of exclusiveness)ৰ
পৰিৱৰ্তে পাৰস্পৰিক সহযোগিতাৰে সৰ্বাংগীন বিকাশৰ পৰামৰ্শ আগবঢ়াইছে৷ হীৰেন
গোহাঁয়েও তেওঁৰ কেইবাটাও প্ৰবন্ধত বিভিন্ন জনগোষ্ঠীৰ মাজত সমন্বয়ৰ মনোভাৱ গঢ়ি
উঠাৰ প্ৰাসংগিকতা সম্পৰ্কে বিস্তাৰিতভাৱে আলোচনা কৰিছে৷ গোহাঁয়ে স্কুলীয়া পাঠ্যপুথিত উত্তৰ-পূবৰ জনগোষ্ঠীয় জীৱনৰ বৈচিত্ৰ্য আৰু সংহতি
সম্পৰ্কে ইতিবাচক তথা যোগাত্মক অনুভূতি গঢ়িব পৰা গল্প, কবিতা
আদি অন্তৰ্ভুক্তকৰণ আৰু ভিন্ন জনগোষ্ঠীৰ অতীতৰ বন্ধুত্বৰ বিষয়ে বুৰঞ্জীমূলক গৱেষণা
হোৱাৰ পোষকতা কৰিছে৷ সমান্তৰালভাৱে গভীৰ ইতিহাসবোধ আৰু সূক্ষ্ম সমাজ পৰ্যবেক্ষণৰ
দ্বাৰা গোহাঁই এটা সিদ্ধান্তত উপনীত হৈছে যে, অসমীয়া উগ্ৰ
জাতীয়তাবাদৰ প্ৰতিক্ৰিয়াত বৰ্তমান একধৰণৰ জনজাতীয় উগ্ৰ জাতীয়তাবাদ গঢ় লৈ উঠিছে৷
ইন্দিবৰদেউৰীয়েও তেওঁৰ উল্লিখিত গ্ৰন্থখনত অনুৰূপ মন্তব্য আগবঢ়োৱা পৰিলক্ষিত
হৈছে৷ এয়া নিশ্চয়কৈ শুভ লক্ষণ নহয়৷ এই প্ৰত্যাহ্বানপূৰ্ণ
সময়ত গণতান্ত্ৰিক সহনশীলতা আৰু সহযোগিতাৰ একান্তই প্ৰয়োজন হৈছে৷ অসমৰ জনগোষ্ঠীগত
দ্বন্দ্ব তথা সমস্যা সম্পৰ্কীয় হীৰেন গোহাঁইৰ চিন্তাসমূহে
নতুন চিন্তাৰ খোৰাক যোগোৱাৰ লগতে সংশ্লিষ্ট ক্ষেত্ৰত কেইবাটাও দিশৰপৰা
পথ-নিৰ্দেশনাও কৰিছে৷ অসমত দিনকদিনে বাঢ়ি অহা উগ্ৰ জাতীয়তাবাদী চিন্তা তথা
কাৰ্যকলাপ মষিমূৰৰৰ বাবে আৰু জনগোষ্ঠীয় সংহতি স্থাপনৰ উদ্দেশ্যে গোহাঁয়ে উত্থাপন
কৰা প্ৰসংগসমূহ প্ৰতিজন অসমীয়াই মজ্জাগত কৰি লোৱাৰ প্ৰয়োজন আহি পৰিছে৷
ঠিকনা :
সহকাৰী অধ্যাপক,
দমদমা মহাবিদ্যালয়, কুলহাটী,
কামৰূপ -৭৮১১০৪
ইমেইল- cjyotichutia@gmail.com
ভ্ৰাম্যভাষ - ৬০০০৯-২৭৩৭৪