অভিজিত শর্মা বৰুৱা
বিশ্ব ব্রহ্মাণ্ডৰ প্রতিটো
একক দ্রব্য আচলতে একোটা ৰাসায়নিক পদার্থই। আমি যে আধুনিক খাদ্যৰ পৰা ঔষধলৈকে, প্লাষ্টিকৰ
পৰা কম্পিউটাৰলৈকে, কাগজৰ পৰা কৃত্রিম সূতালৈকে বিভিন্ন ধৰণৰ সামগ্রী তৈয়াৰ কৰিব
পাৰিছোঁ, তাৰ মূলতে আছে ৰসায়ন। আমি কেতিয়াবা আমাৰ নিজা শিক্ষা,
বুদ্ধি-বৃত্তি-কৌশল, উদ্ভাৱনী সামর্থ্য খটুৱাই কিবা এটা নতুন সামগ্রী নির্মাণ বা প্রস্তুত কৰিছোঁ বুলি গৌৰৱ কৰিব পাৰোঁ, পিছে প্রকৃততে সেই বস্তুটো গঠন কৰা ৰাসায়নিক পদার্থবোৰৰ
এটা অণুওতো আমি সৃষ্টি কৰিব পৰা নাই! তেন্তে আমি কিনো কৰিলোঁ? আমি মাত্র প্রকৃতিত
উপলব্ধ ৰাসায়নিক দ্রব্যবোৰ, অধিক শুদ্ধকৈ ক’বলৈ গ’লে সেই দ্রব্যবোৰৰ
অণুবোৰক অলপ ‘ইফাল-সিফাল’ কৰিলোঁ। ৰসায়ন বিজ্ঞানৰ জ্ঞান নথকা হ’লে আমাৰ বাবে
পৃথিৱীখন অধিক দুর্বোধ্য হৈ পৰিলেহেঁতেন আৰু এতিয়া আমি যিমান উন্নত হৈ উঠিছোঁ, সিমান
কেতিয়াও হ’ব নোৱাৰিলোহেঁতেন।
প্রকৃততে কোনো বিজ্ঞানেই
অর্থাৎ বিজ্ঞানৰ কোনো শাখাই কেৱল সেইবিধ বিজ্ঞানৰ বিশুদ্ধ চর্চা নহয়। বিজ্ঞানৰ ইটো
শাখাৰ লগত সিটো শাখাৰ বেছ ওচৰ সম্পর্ক আছে আৰু লগতে সম্পর্ক আছে আধুনিক প্রযুক্তিৰো।
এই গাড়ী এখন যে ৰাস্তাৰে চলি গৈ আছে, বা কোনো কম্পিউটাৰে জটিল গণনা আৰু মানুহে
নিজা বল-বুদ্ধিৰে কৰিব নোৱৰা অজস্র কাম কৰি আছে, তাৰ লগত জানো যান্ত্রিক-আভিযান্ত্রিক আৰু
ইলেকট্রনিক্সৰ লগতে ৰসায়ন বিজ্ঞানো জড়িত হৈ থকা নাই? নিশ্চয় আছে। সেয়ে এতিয়া
আধুনিক প্রযুক্তিৰে কোনো এটা প্রকল্প আৰম্ভ কৰাৰ সময়ত সেই প্রকল্পৰ দলটোত
পদার্থবিজ্ঞানী, ৰসায়নবিজ্ঞানী, জীৱবিজ্ঞানী আদি লোককো অন্তর্ভুক্ত কৰি লোৱা হয়,
যাতে তেনে বিষয়ৰ সমস্যা হ’লে সেইসকলে তেনে সমস্যাৰ সমাধান কৰিব পাৰে। ধৰা হওক,
মহাকাশলৈ এটা ৰকেট বা মহাকাশযান এখন পঠিয়াব লাগে। সেই কাম কি ৰসায়নবিজ্ঞানী
নোহোৱাকৈ কেৱল মহাকাশ বিজ্ঞানীৰে সম্ভৱ হ’ব। আন নহ’লেও সঠিক ইন্ধন নির্বাচন কৰাৰ
ক্ষেত্রত একা?
প্লাষ্টিক, এলুমিনিয়াম,
ষ্টীল, কাঁচ, ভলকেনাইজড ৰবৰ, পেইণ্ট, কেৰাচিন, ডিজেল আদিৰ ব্যৱহাৰ নোহোৱাকৈ এতিয়াৰ
আধুনিক বিশ্বৰ প্রায়ভাগ সামগ্রীৰে
নির্মাণ সম্ভৱ নহয়। পিছে এই বস্তুবোৰৰ যোগান ধৰিব পাৰে ৰাসায়নিক
উদ্যোগসমূহেহে। এতিয়া প্রযুক্তিবিদসকলে তেওঁলোকৰ কাম-কাজৰ বাবে ৰসায়নবিজ্ঞানীৰ ওপৰত
যথেষ্ট নির্ভৰ কৰে। তেওঁলোকে হোটেলত আহাৰ অর্ডাৰ দিয়াৰ দৰে অর্ডাৰ দিয়ে – ‘আমাক
উচ্চ উষ্ণতা সহ্য কৰিব পৰা দ্রব্য লাগে’ বা ‘উচ্চ চাপতো একো খতি-খুন নোহোৱা পদার্থ
লাগে’ অথবা ‘ইলেকট্রনিক আৰু আলোকীয় যোগাযোগ ক্ষেত্রত ব্যৱহাৰ কৰিব পৰাবিধৰ দ্রব্য
লাগে’। এতিয়া এই ধৰণৰ দ্রব্য প্রস্তুত কৰি দিব ৰসায়ন বিজ্ঞানীয়ে। উৰাজাহাজ বা
মহাকাশযান নির্মাণৰ লগত জড়িত প্রযুক্তিবিদসকলে হয়তো হিচাপ-নিকাচ কৰি ক’ব যে
তেওঁলোকক দৃঢ়, শক্তিশালী, অনমনীয়, তাপ প্রতিৰোধী; কিন্তু যথেষ্ট পাতল দ্রব্য লাগে।
সেই দ্রব্য প্রস্তুত কৰিবলৈওতো ৰসায়ন বিজ্ঞানৰ জ্ঞানেই দৰকাৰ হ’ব। ৰসায়ন
বিজ্ঞানীসকলৰ নিৰলস প্রচেষ্টাত যোৱা তিনিশমান বছৰত এনে কিছুমান চমকপ্রদ দ্রব্য
ওলাইছে, যিবোৰে প্রযুক্তিবিদসকলৰ লগতে সাধাৰণ মানুহকো যথেষ্ট উপকৃত কৰিব পাৰিছে।
আচলতে মৌলিক ৰাসায়নিক পদার্থসমূহৰ
তালিকাসম্বলিত পর্যাবৃত্ত তালিকাৰ আৱিষ্কাৰৰ পাছতে দ্রব্য বিজ্ঞানত এক বৈপ্লৱিক
পৰিবর্তন দেখা গ’ল। কাৰণ সেই তালিকাৰ পৰা কোন মৌলিক পদার্থৰ ৰাসায়নিক আৰু ভৌতিক
ধর্ম কেনে হ’ব পাৰে, তাৰ এক প্রণালীবদ্ধ ধাৰণা কৰিব পৰা গ’ল আৰু ই নতুন প্রযুক্তিৰ
প্রয়োজনীয়তা পূৰণ কৰিব পৰাকৈ উপযুক্ত দ্রব্য নির্বাচন কৰাত বিজ্ঞানীসকলক প্রভূত
সহায় কৰিলে। এতিয়া মূলতঃ নতুন তথা উপযুক্ত দ্রব্য নির্বাচনত ৰসায়ন বিজ্ঞানে প্রায়
অসাধ্য সাধন কৰি দেখুৱাইছে। তদুপৰি অৱক্ষয়ৰ (Corrosion) দৰে বিদ্যুৎ ৰাসায়নিক
প্রক্রিয়াসমূহ ৰোধ কৰা, একে ধর্মীয় দ্রব্য উৎপাদন কৰিবলৈ কম খৰচী উপায় উদ্ভাৱন কৰা
আদিতো ৰসায়ন বিজ্ঞানৰ অৱদান গুৰুত্বপূর্ণ। সেই প্রাগৈতিহাসিক যুগৰেপৰা এতিয়ালৈকে
মানুহে প্রতিটো বস্তু নিজাকৈ তৈয়াৰ কৰোঁতে জানি বা নাজানি ৰসায়ন বিজ্ঞানৰ ব্যৱহাৰকে কৰি
আহিছে।
সেউজীয়া উদ্ভিদে যে নিজৰ লগতে আমাৰ বাবেও খাদ্য প্রস্তুত
কৰে, সেয়া তো ৰাসায়নিক বিক্রিয়াৰ জৰিয়তেই! আমাৰ মস্তিষ্কত যে বিভিন্ন ভাবৰ সৃষ্টি
হয়, তাৰ কাৰণো কোষীয় পর্যায়ত সংঘটিত কিছুমান জটিল ৰাসায়নিক বিক্রিয়া। আমি আকাশত যিবোৰ
নক্ষত্র দেখি থাকোঁ সেইবোৰত ৰাসায়নিক পদার্থসমূহৰ ৰাসায়নিক বিক্রিয়াই সংঘটিত হৈ
থাকে। প্রতিটো ধূলিকণা আচলতে বেলেগ বেলেগ সংযুক্তিৰ ৰাসায়নিক দ্রব্য। আমাৰ বাবে প্রস্তুত
সুস্বাদু আহাৰ প্রকৃততে বিশেষ ৰাসায়নিক দ্রব্য; চর্বিৰ অণুৰপৰা কেণ্টাকি চিকেনলৈকে
সকলো ৰাসায়নিক দ্রব্য। মুঠতে সকলো বস্তুৱেই ৰাসায়নিক দ্রব্য। সেই হিচাপত আমাৰ
পৃথিৱীও এক ৰাসায়নিক বিশ্ব।
আধুনিক প্রযুক্তিৰ অজস্র ক্ষেত্রত ৰসায়ন বিজ্ঞানৰ
গুৰুত্বপূর্ণ প্রয়োগ আছে। সেইবোৰৰ কেইটামান হ’ল – আধুনিক দৰৱ তৈয়াৰ, নতুন কাগজ
তৈয়াৰ কৰা প্রযুক্তিত বিশেষ ৰাসায়নিক দ্রব্য, পেকেজিং সামগ্রী উৎপাদনৰ বাবে চেলুল’জ
তন্তু, ৰিচাইকল (Recycle) কৰা সামগ্রীৰ বৰণ গুচাবলৈ বিশেষ ৰাসায়নিক
দ্রব্য, প্রদূষক দ্রব্যক আন উপকাৰী
দ্রব্যলৈ ৰূপান্তৰিত কৰা, উৰাজাহাজ-মটৰ গাড়ী আদিৰ অংশ নির্মাণ, প্রস্তুত খাদ্যৰ
পেকেজিং, বাল্টি, মগ, ঘৰৰ চাল আদি বিভিন্ন ধৰণৰ প্লাষ্টিকৰ সামগ্রীৰ উৎপাদন,
টেলিভিছন-কম্পিউটাৰ নির্মাণ, সাৰ প্রস্তুতকৰণ আদি।
আমি যদি ধৰি লওঁ যে আমাৰ ওচৰত
সকলো বিজ্ঞানৰে জ্ঞান আছে, কেৱল ৰসায়ন বিজ্ঞানৰহে জ্ঞান নাই, তেতিয়া বাৰু আমি কি
কি নাপালোহেঁতেন?
· প্লাষ্টিক নাই। মানে প্লাষ্টিকৰ মোনা নাই, চি ডি – পে’ন ড্রাইভ নাই, প্লাষ্টিকৰ কাপ-প্লেট নাই, চেল’টেপ নাই, নাইলন-ৰেয়ন আদি কাপোৰ নাই, গাড়ী বা মটৰ চাইকেলৰো বেছি অংশ নাই।
· গাড়ী চলোৱাৰ উপায় নাই। উৰাজাহাজতো ক’ৰবালৈ যাবলৈ উপায় নাই। কাৰণ পেট্র’ল, গেছ’লিন নাই!
· কোনো ফার্মাচিউটিকেল সামগ্রী নাই। আধুনিক দৰৱ নাই, এছপিৰিন
নাই, পেইন কিলাৰ নাই।
· ইফালে পানীৰপৰা উৎপত্তি হোৱা বেমাৰৰ ৰোগীৰে হস্পিটেল-নার্ছিং হ’ম ভর্তি। কাৰণ ‘ৱাটাৰ পিউৰিফায়াৰ’ নাই।
·
সাংশ্লেষিক সাৰ নাই। কীটনাশক দ্রব্য নাই। উৎপাদন বৃদ্ধি কৰাত
সমস্যা, বহু ঠাইত আকাল আৰু দুর্ভিক্ষ।
· কোনো পেইণ্ট নাই, প্রসাধনৰ সামগ্রী নাই, প্রচেছ কৰা খাদ্য
নাই, উৎপাদিত শস্য আৰু খাদ্য বহুদিনলৈকে ভাল কৰি ৰখাৰ উপায় নাই।
·
এয়াৰ কণ্ডিছনাৰ (Air Conditioner – AC) নাই, ৰেফ্রিজাৰেটৰ
নাই।
· চাবোন নাই, চাফা কৰা সামগ্রী নাই, ফ’টোগ্রাফি নাই, টেলিভিছন, ৰেডিঅ’ – একো নাই।
·
কম্পিউটাৰ নাই, আঠা নাই, বেটাৰী নাই, ঘৰত বিদ্যুৎ নাই।
·
নাই মানে একোৱেই নাই। পুনৰ গুহা যুগলৈ উভতি গৈ গুহাত বাস কৰি
শিল দলিয়াই জন্তু চিকাৰ কৰাৰ বিকল্প নাই।
আমি যদি গভীৰভাৱে ভাবি
চাওঁ, তেন্তে এটা সত্য উপলব্ধি কৰিম যে আচলতে ৰসায়নেহে আমাক জীয়াই ৰাখিছে। আমাৰ
দেহত প্রায় প্রতি মুহূর্ততে ঘটি থকা ৰাসায়নিক বিক্রিয়াবোৰ যদি নঘটিলেহেঁতেন,
খাদ্যবস্তুৰ দহন, অর্থাৎ ৰাসায়নিক বিক্রিয়া হৈ যদি শক্তি উৎপন্ন নহ’লহেঁতেন,
তেন্তে আমি কেনেকৈ জীয়াই থাকিলোহেঁতেন?
ৰসায়নে যে আমাৰ জীৱন সহজ কৰি
তুলিছে, কেৱল সেয়ে নহয়, পৰম সত্যটো হ’ল যে আমি এই বিশ্বত জীয়াই থকাটো ৰসায়নৰ
বাবেহে সম্ভৱ হৈছে।
***