অন্যযুগ/


নিৰ্মলপ্ৰভা বৰদলৈৰ শিশুসাহিত্য: এটি আলোচনা

দীপাঞ্জলি দেৱী



শিশুক উদ্দেশ্য কৰি লিখা সাহিত্যই শিশু সাহিত্য। শিশুৰ উপযোগী বিষয়বস্তু আৰু ভাৱবস্তক কেন্দ্র কৰিয়েই শিশু সাহিত্য ৰচনা কৰা হয়। শিশু সাহিত্যই শিশুৰ কল্পনাপ্ৰৱণ মনত জীৱন আৰু জগত সম্পর্কে অনুসন্ধিৎসা জগাই তোলাৰ লগতে আনন্দৰ খোৰাকো যোগান ধৰিব লাগিব। শিশুৰ বয়স আৰু মানসিক বিকাশৰ মাজত এক সম্পৰ্ক বিদ্যমান। সেয়ে ৪ বছৰীয়া এটা শিশু আৰু ১৪ বছৰীয়া শিশুৰ বাবে লেখাৰ ভাৱ আৰু ভাষাৰ পাৰ্থক্য দেখা যায়। কম বয়সীয়া শিশুৰ কিতাপৰ বিষয়বস্তুৰ পৰিৱৰ্তে কিতাপৰ বেটুপাত, ভিতৰৰ পৃষ্ঠাৰ ছবিয়েহে বেছি আকৰ্ষণ কৰে বাবে সেই বয়সৰ শিশুক উদ্দেশ্য কৰি লিখা সাহিত্যত অলংকৰণৰ এটা বিশেষ ভূমিকা থাকে।



অসমীয়া শিশু সাহিত্যৰ ইতিহাস নিঃসন্দেহে অতি প্ৰাচীন। মৌখিক যুগতে সাধু কথা, নিচুকনি গীত, ওমলাগীত আদিৰ মাজত কিছু পৰিমাণে শিশু সাহিত্য ৰ লক্ষণ আৰু শিল্পগুণ দেখা যায়। বৈষ্ণৱ যুগৰ বিভিন্ন সাহিত্যতো যেনে মাধৱদেৱৰ ঝুমুৰাসমূহত, শংকৰদেৱৰ কীৰ্তনৰ “শিশুলীলা” ৰাম সৰস্বতীৰ “ভীমচৰিত”, শ্ৰীধৰ কন্দলীৰ “কাণখোৱা” আদিত শিশু মনস্তত্বৰ প্ৰতিফলন দেখা যায়। অৰুণোদই কাকততো বাইবেলৰ বিভিন্ন কাহিনী, সাধুকথা আদি শিশু কেন্দ্ৰিক ৰচনা প্ৰকাশ পাইছিল। জোনাকী যুগত লক্ষ্মীনাথ বেজবৰুৱা, পদ্মনাথ গোহাঞিবৰুৱা, অতুলচন্দ্ৰ হাজৰিকা, আনন্দচন্দ্র আগৰৱালা আদি কেইবাজনো সাহিত্যিকে শিশু সাহিত্য ৰচনাত গুৰুত্ব দিয়ে। ৰামায়ণ, মহাভাৰত, বিভিন্ন পুৰাণৰ আখ্যান, সাধুকথা, দেশী-বিদেশী বিবিধ কাহিনীৰ ভাঙনি, কবিতা আদি শিশু উপযোগীকৈ ৰচনা কৰিছিল।



অসমীয়া সাহিত্যত নিৰ্মলপ্ৰভা বৰদলৈ এগৰাকী কবি, গীতিকাৰ, ভাষা -সংস্কৃতিৰ গৱেষক হিচাপে পৰিচিত যদিও শিশু সাহিত্যৰ ক্ষেত্ৰতো তেখেতৰ বহুমূলীয়া অৱদান আছে। তেখেতে শিশুৰ বাবে গীত, নাট, কবিতা, সাধু আদি ৰচনা কৰিছিল। “নতুন অসমীয়া” কাকতৰ “অকণমান চ’ৰা”ৰ যোগেদি শিশু সাহিত্যিক হিচাপে আত্মপ্রকাশ কৰা নিৰ্মলপ্ৰভা বৰদলৈয়ে “নীলা বাইদেউ” ছদ্মনামতো শিশুৰ বাবে সাহিত্য ৰচনা কৰিছিল।



নিৰ্মলপ্ৰভা বৰদলৈৰ শিশু মনস্তত্ব সম্পর্কে গভীৰ জ্ঞান আছিল। তেখেতে “শিশু সাহিত্য” শীৰ্ষক প্ৰৱন্ধ এটাত এনেদৰে কৈছে, “এযোৰ চকু, নিতে ন ন কৰি ওলোৱা সূৰ্যৰ একো চেৰেঙা পোহৰ দিনে লৈ সি অকণ অকণ কৈ মেল খায়। অভিজ্ঞতাৰ বতাহে নপৰশা মনৰ এধানি কলি, চাৰিওপিনে দেখা অজস্র বিস্ময়কৰ আৰু কৌতুহলৰ ৰশ্মিত যাৰ পাপৰি এপাহ এপাহ কৈ বিকশিত হয়। এখন আলফুল জগত য’ত কোনো যুক্তি নাই, য’ত অভিজ্ঞতাৰ আঘাত আৰু বোজা নাই। য’ত অসংলগ্ন কল্পনাই ৰূপ জিলমিল সোণ জিলমিল হৈ নাচে, য’ত ৰ’দ-বৰষুণ দেখিলেই হঠাতে খঁৰা শিয়ালে বিয়া পাতে, ঘনচিৰিকাজনী ক’ৰবাৰ পৰা উৰি আহি তামোল কাটি কাটি যাঁচে, য’ত জোনবাইক দেখি তৰা খুজি থাকোঁতেই হালধীয়া চৰায়ে বাওধান খোৱাৰ কথা মনত পৰে আৰু বাওধান খোৱাৰ কথা কওঁতে নকওঁতেই শহুৰৰ পুতেকে ক’ৰবাৰ পৰা নাওঁ মেলি ক’ৰবালৈ যায়গৈ, আকৌ নাৱে তুলুং-ভুটুং কৰোঁতেই ডু ডুম ডুম ডবা বজোৱাৰ কথা মনত পৰেহি। এইখন জগততে শিয়ালৰ মূৰত মৰুৱা ফুল ফুলে, শিয়ালীজনীয়ে চকুৰ পচাৰত কোনোবা এখন ৰতনপুৰ সদায় পায়গৈ, বগলীয়ে সবাহ খাবলৈ যাওঁতে বৰষুণত তিতে, কপৌয়ে বোকাত ভৰি পৰে বুলি বাঁহ গছত কাপোৰ আৰু বেঙেনা গছত ৰিহা থৈ দেও দি দি ফুৰে। এয়াই শিশু-মন আৰু শিশুৰ চিৰন্তন জগতখন, “A big blooming buzzing confusion”.



নিৰ্মলপ্ৰভা বৰদলৈয়ে শিশুৰ বাবে ৰচনা কৰা সাহিত্যক সাতোটা ভাগত ভগাব পাৰি - ক) লোক খেল বিষয়ক, খ) সাধু কথা, গ) অসমীয়া সংস্কৃতিৰ আভাষ, ঘ) গীত আৰু পদ্য, ঙ) শিশু গীতি নাট্য চ) নাটিকা, ছ) অন্যান্য।


ক)লোক খেল বিষয়ক গ্ৰন্থ:


খেল-ধেমালিয়ে শিশুসকলৰ মাজত মিলা-প্ৰীতিৰ ভাৱ জন্মোৱাৰ লগতে মনোৰঞ্জনৰ মাজেৰে শৰীৰ, মন আৰু বুদ্ধিকো সপ্ৰতিভ কৰি ৰাখিব পাৰি। সেয়ে নিৰ্মলপ্ৰভা বৰদলৈয়ে শিশুসকলক খেল-ধেমালিৰ প্ৰতি উৎসাহিত কৰিবলৈ বিচাৰিছিল। সেই উদ্দেশ্যেই ৰচনা কৰা “চিল্ চিল্ চিলা, বাগী চিল্ মিলা” গ্ৰন্থখনত শিশুৰ খেলৰ জগতখনৰ বিষয়ে উল্লেখ আছে। এই গ্ৰন্থখনেই অসমীয়া ভাষাত ৰচিত খেল-ধেমালি বিষয়ক প্ৰথম অসমীয়া পুথি। গ্ৰন্থখনি ১৯৬৭ চনত প্ৰকাশিত হৈছিল আৰু সেই বছৰতে ৰাষ্ট্ৰপতিয়ে প্ৰদান কৰা শিশু সাহিত্যৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল। পুথিখনত থলুৱা খেলৰ উপৰিও পৃথিবীৰ বিভিন্ন ঠাইত প্ৰচলিত খেলৰ বিষয়ে আৰু খেলবোৰ খেলাৰ প্ৰণালীৰ বিষয়ে বুজাই দিছে। হাত-ভৰি, অঙ্গ-প্ৰত্যঙ্গৰে ভংগী কৰি দেখুওৱা খেল, কাগজ-পেঞ্চিলৰ সহায়ত নানান প্ৰশ্ন কৰা আৰু সেই বোৰৰ বিপৰীতে উত্তৰ লিখা থকা কাগজৰ পৰা শুদ্ধ উত্তৰ বাচি লৈ মিলোৱাৰ খেল, সাঁথৰ সোধাৰ খেল আদি নানা ধৰণৰ খেলৰ বৰ্ণনা আছে। কিছুমান খেলত আকৌ গীত-মাতৰ ব্যৱহাৰো আছে। “য’ৰ পানী ত’লৈ যা, মোৰ চিলেট শুকাই যা”-বুলি গীত গাই গাই চালু শুকুৱাই চিলটতে কটাকটিৰ খেল শিকাইছে।

 

“জিভা কেকুৰী”ত কথাবোৰ শুদ্ধকৈ গোৱা জন জিকিব বুলি গাবলৈ দিছে, - “লাই পুলি লৰাই ৰুলো” নাইবা “ৰঙত লৰি লৰত ৰ’লো” নাইবা ল’ৰাই লাওপুলি ৰুলে” খৰকৈ মাতিবলৈ যাওঁতে শব্দকেইটাই ৰূপ সলাই কিম্ভুত কিমাকাৰ ৰূপ লোৱাত সকলোৱে হাঁহিৰ খোৰাক পাইছে।
একেদৰে খেলৰ মাজত পৰস্পৰ জোকোৱা-জুকি, ঠেঁহ-পেঁচ আদিৰ পিছত পুণৰ সকলো পাহৰি একেলগে হাঁহি-মাতি ধেমালি কৰা শিশুৰ কথা গ্ৰন্থখনত দাঙি ধৰিছে। গ্ৰন্থখনত টেকেলী ভঙা, কুকুৰা যুঁজ, দীঘল জাঁপ, ৰছী টনা, চামচ কণী লৈ দৌৰ আদি নানা খেলৰ উল্লেখো আছে।


খ) সাধু কথা:

 

নিৰ্মলপ্ৰভা বৰদলৈয়ে শিশুৰ বাবে ৰচনা কৰা সাধু কথা পুথিখন হৈছে, “কথা সৰিৎ সাগৰ”। “কথা সৰিৎ সাগৰ” ১১ শতিকাত সংস্কৃত ভাষাত সোমদেৱ ভট্টই ৰচনা কৰা এখন জনপ্রিয় গ্ৰন্থ। সোমদেৱে ইয়াৰ সমল আহৰণ কৰিছিল গুণাঢ্যই পৈশাচী প্ৰাকৃতত ৰচনা কৰা “বৃহৎ কথা” নামৰ গ্ৰন্থৰ পৰা। নিৰ্মলপ্ৰভা বৰদলৈয়ে এই “কথা সৰিৎ সাগৰ”ৰ পৰাই আমাৰ শিশুসকলৰ বাবে কেতবোৰ সাধু কথা বাছি বাছি লৈ পুণৰ নিৰ্মাণ কৰিছে। “এদল মূৰ্খৰ কথা”ত সন্নিবিষ্ট সাধুকেইটাই নিৰ্মল হাস্যৰসৰ সোৱাদ দিয়াৰ লগতে একোটা সকিয়নীও গাঁঠি দিয়া হৈছে। “বেতাল পঞ্চবিংশতি” ৰ সাধুকেইটাইয়ো শিশু মনক আনন্দ দিয়ে।



“মন উৰণীয়া” নিৰ্মলপ্ৰভা বৰদলৈয়ে শিশুৰ বাবে ৰচনা কৰা আন এখন সাধুকথাৰ পুথি। পুথিখনৰ আৰম্ভণিতে “অকনমানিহঁতলৈ” লিখা এখন চিঠিত তেওঁ উল্লেখ কৰি হৈছে যে, - “মন উৰণীয়া” ত নীলা বাইদেউৰ উৰণীয়া মনৰ বতৰা আছে। জিকি-মিকি নামৰ দুটা মাইনাক দুপৰীয়া, গধূলি শুৱাবৰ পৰা নীলা বাইদেৱে “মন উৰণীয়া”ৰ সাধুবোৰ কৈছিল। “মাইনাৰ ৰসগোল্লা”, “সখী”, “ঊণৰ লাড়ু” , “ঘৰিয়াল মাছ আৰু বগলী”, “বগলী আৰু মাছ”, “মোৱা মাছৰ বিয়া”, “কঠালৰ মুচি”, “আতলচ আৰু হাতী”, “শিয়ালৰ অসুখ”, “আপেল”, “আঙুৰ আৰু পৰী”, “দৈত্যৰ মৰম” আদি দহোটি সাধু আছে। সাধুকেইটাত শিশু মনক আকৰ্ষিত কৰা জীব-জন্তু, পশু-পক্ষী,গছ-লতা, আদিয়ে স্থান পাইছে। আনন্দৰ লগতে শিশুক চাৰিওফালৰ পৰিৱেশৰ জ্ঞান দিয়াৰ প্ৰয়াস গ্ৰন্থখনত দেখা যায়।

জিকি-মিকিৰ কথা:



জিকি আৰু মিকি নামৰ দুটা যমজ ল’ৰাৰ ল’ৰালিকালৰ সৰু সৰু কথাবোৰ আইমনিয়ে ডায়েৰীত টুকি থৈছিল। তাৰেই কিছুমান কথা “জিকি-মিকিৰ কথা” নামেৰে প্ৰকাশ কৰিছে৷ লগতে সিহঁতে আবৃত্তি কৰা এটা দীঘল কবিতাও গাঁঠি দিছে যাতে অন্যান্য শিশুয়েও সেয়া আবৃত্তি কৰিব পাৰে। জিকি-মিকিৰ কথাবোৰ শিশুৰ সৰল চিন্তা, কল্পনাৰ অকপট প্ৰকাশ, শিশুৰ প্ৰখৰ স্মৃতি শক্তি, তীক্ষ্ণ বুদ্ধিত ডাঙৰ মানুহো আশ্বৰ্যচকিত হোৱা আদি কথাই পুথিখন শিশুৰ উপযোগী কৰি তুলিছে।


গ) অসমীয়া সংস্কৃতিৰ আভাস:



লোক-সংস্কৃতিৰ গৱেষক নিৰ্মলপ্ৰভা বৰদলৈয়ে অসমৰ লোককথা, গীত-মাত আদি প্ৰসংগেৰে অসমৰ প্ৰকৃতি, অসমীয়া জাতিৰ কৃষ্টি-সংস্কৃতিৰ কথা শিশু উপযোগী কৈ লিখি উলিয়াইছিল। তেখেতে নিজে কৈ গৈছে, “এনেখন মৰমৰ দেশ” সেই সকলৰ কাৰণে যিসকল ন-শিকাৰু তেনেই কোমল বয়সীয়া,কেৱল যুটীয়া অথবা যুক্ত আখৰ পঢ়িবলৈ শিকিছেহে। তেওঁবিলাকৰ কাৰণে দেশখননো মোৰ কিয় মৰমৰ এই কথা জনাৰ লগতে দেশখনৰ প্ৰতি অনুৰাগ বেছিকৈ বাঢ়িবৰ কাৰণে কৌতূহলী শিশুৰ মানসিকতাৰ লগত ৰজিতা খুৱাই পুথিখন লিখিত চেষ্টা কৰা হৈছে”। চৰ অঞ্চল আৰু চাহ বাগিছাৰ অসমীয়া ন-শিকাৰু সকলৰ মনতো প্ৰভাৱ পেলাব বুলি তেওঁ বিশ্বাস কৰে। “অ’ ফুল অ’ ফুল নুফুলনো কিয়”, কমলাকুঁৱৰীৰ গীত, বাগিছাৰ বনুৱা ছোৱালীয়ে ঝুমুৰ নাচোতে গোৱা গীত, কৰম পূজাৰ গীত আদিৰ প্ৰয়োগে পুথিখন আকৰ্ষণীয় কৰি তুলিছে৷ লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা “অ’ মোৰ আপোনাৰ দেশ” গীতটো সম্পূর্ণ কৈ তুলি দিয়া হৈছে।


ঘ) গীত আৰু পদ্য:



অকণি অকণি শিশুয়েও যাতে গীত গাই গাই উমলিব পাৰে, সেই বাবে নিৰ্মলপ্ৰভা বৰদলৈয়ে “অসমীয়া ওমলা গীত” ৰচনা কৰে। এই খনৰ প্ৰথম প্ৰকাশ কাল ১৯৭৮। পুথিখনৰ বহুকেইটা সংস্কৰণ ছপা হৈ প্ৰকাশিত হোৱাৰ পৰাই পুথিখনৰ জনপ্ৰিয়তাৰ উমান পাব পাৰি। অসমীয়া ভাষাত ওমলা গীতৰ অভাৱৰ প্ৰতি সজাগ হৈ লেখিকাই অসমীয়া ওমলা গীতৰ ৰচনা কৰিছে। শিশুমনৰ কল্পনা মধুৰতা আৰু সৰলতাৰে ভৰা এই গীতবোৰ অসমীয়া সাহিত্যৰ অনন্য সম্পদ। “এদিন এটা বগলীয়ে মিছা কথা ক’লে, ঠেং এটা ছুটি হ’ল মিছা মাছে খালে” অথবা “কোমোৰা এটাৰ পাখি গজিল/ভোমোৰা এটা হ’ল/ গুণ গুণ গুণ গুণ কৰি উৰি গুছি গ’ল” শীৰ্ষক বৰ্ণনাই শিশু মনক পুলকিত কৰে। সেইদৰে শিশুৰ অতি মৰমৰ জোনবাইক লৈ কল্পনাকে নানা চিত্র অংকন কৰিছে

“ন জোনে ধান কাটে কাঁচিখন লৈ

 মাজু জোনে নাওঁ বায় আকাশতে ৰৈ

বৰ জোন ঘূৰণীয়া পায়সৰ থাল

খাই দিম একেবাৰে লাগি যাব ভাল৷”

 

শিশুসকলে গীত গাই উমলিবলৈ ৰচনা কৰা অসমীয়া ওমলা গীত শিশুসকলে আদৰি লোৱাৰ পিছত নিৰ্মলপ্ৰভা বৰদলৈয়ে “নতুন ওমলা গীত “ৰচনা কৰে। এই গীতবোৰ গাই শিশুয়ে ওমলাৰ লগতে নাচি-বাগি চৌপাশ নতুন ধৰণে চাবলৈ শিকিব পাৰে।


 

“বেলি পৰিল বেলি পৰিল

পিছল খালে নেকি?

গছৰ আগৰ ৰঙা ৰ’দে

কৰে জুমা জুমি।”


একেদৰে,

 

“জোনাকবোৰ ক’ত থাকে

সদায় চোন নোলায়?

হমৱৰ্ক কৰে ছাগে

দুৱাৰ মাৰি সোমাই?”



সুৰ লগাই মাতিব পৰা কেইটামান সাধু সংকলন “শালিকি ৰটৌ টৌ”। সাধুৰ মাজে মাজে অকণ অকণ সাঁথৰো দুই এটা আছে। “শিয়ালী এ নাহিবি ৰাতি”, “পণ্ডিত”, “পেহীৰ পিঠা”, “বেবেৰিবাং”, “অদ্ভুত অদ্ভুত”, “জোঁৱাইৰ বিহু”, “সোণমনিৰ ফাকুৱা”, “ৰ’দালি এ ৰ’দ দে”, “বৰষুণৰ বুধি” আদি মুঠ এঘাৰটা সাধু পদ্য ৰূপত লিখা হৈছে। ছন্দোময় ধ্বনিয়ে শিশুমনক আনন্দৰ যোগান ধৰে। চিত্ৰধৰ্মী বৰ্ণনা আৰু ছন্দ ধ্বনিয়ে শিশু মনক আকৰ্ষণ কৰে বাবেই নিৰ্মলপ্ৰভা বৰদলৈয়ে ছন্দোময় ৰূপত শিশুক আনন্দৰ লগতে ভাষা জ্ঞানো দিবলৈ চেষ্টা কৰিছে।



“ফুটুক ফাচাক কথা এটাই

চুচুক চামাক কৈ

জুপুক জাপাক বুঢ়াৰ পেটত

আছিল কথমপি ৰৈ।”


 

পোলোক পালাক, গুজুক গাজাক, ঘোটোক ঘাটাক, মটক মাটাক, জুনুক জানাক আদি অনুকাৰ শব্দই শিশুমনক আনন্দ দিয়াৰ লগতে অসমীয়া ভাষাৰ শব্দ সম্ভাৰৰ বিষয়েও এটা ধাৰণা দিব পাৰে।
“সোণমনিৰ ফাঁকুৱা” ত ৰঙৰ উৎসৱ ফাঁকুৱাত সকলোৰে সৈতে মিলি-জুলি আনন্দ কৰাৰ কথা উল্লেখ কৰিছে।



“ৰমেন, নেকিব, লিলিৰ লগত

দন মোৰ বহুত দিন

কাইলৈ মাতিম সিহঁতক

সানি মৰমৰ চিন

ডিঙিত সাৱতি মুখত সানিম

ৰঙা ৰঙা ফাকুগুৰি

মৰম চেনেহৰ দোলেৰে বান্ধবী

যাউতিযুগীয়া কৰি৷”



“সুৱদি মাত” শিশুসকলে যাতে গীত গাই অসমীয়া আখৰবোৰ শিকিব পাৰে সেই উদ্দেশ্যে ৰচনা কৰা হৈছে। সুৰেৰে ছন্দে কথাবোৰ শিকিবলৈ উজু বাবেই নিৰ্মলপ্ৰভাই শিশুমনৰ উপযোগীকৈ এই পুথিখন ৰচনা কৰিছে।



শিশু উপযোগী বিবিধ বিষয়ক সুন্দৰ উপস্থাপনেৰে “সুৰীয়া মাত” সমৃদ্ধ। ইয়াৰে বহুকেইটা গীত হিচাপে গাব পাৰি। শিশু মনৰ আশা-সপোন, কল্পনাই ভিৰ কৰা এই কবিতা আৰু গীতবোৰত শিশু মনস্তত্ব ফুটি উঠিছে।



তিয়ঁহ, নাচপতিৰ পুলিত পানী দি দি শিশুটিয়ে আশাৰে সপোন দেখে, এদিন পুলিবোৰ ডাঙৰ হৈ ফলে-ফুলে জাতিষ্কাৰ হৈ পৰিব-


“বৰ এটা বৰ এটা


তিয়ঁহবোৰ হ’ব


ঢোল বুলি ভাবি


মানুহে কিনিব৷”



“অ’ মা, ময়ো যাওঁ স্কুললৈ” ত শিশুয়ে পঢ়ি শুনি ডাঙৰ মানুহ হোৱাৰ কল্পনা কৰিছে। “দেউতা দেউতা ঐ” ত এগৰাকী কন্যা শিশুয়ে পঢ়া-শুনাৰ প্ৰতি থকা আগ্ৰহেৰে জীৱনত প্ৰতিষ্ঠা লাভ কৰাৰ আশাৰ কথা আছে। “মোৰ ৰিহাখন” ত মাকৰ মেখেলা চাদৰেৰে নিজকে সজাই ভালপোৱা কণমাণি ছোৱালীজনী আমাৰ প্ৰত্যেকৰে ঘৰে ঘৰে আছে।

 

“মাৰ ৰিহাখন

মেৰিয়াই লওঁ গাত

দেখিছেনে ভাল?

বাইদেউৰ লিপস্টিক

ওঁঠতেই সানি লওঁ

লাগিছেনে ভাল?”


চ) শিশু গীতি নাট:



শিশুৰ মনোজগত, শিশুৰ বোধশক্তি, ৰুচিবোধৰ প্ৰতি বিশেষ ভাৱে দৃষ্টি ৰাখি শিশু নাটকসমূহ ৰচনা কৰা আৱশ্যক। নিৰ্মলপ্ৰভা বৰদলৈয়ে শিশুৰ বাবে “ৰজা” আৰু “বন্ধু” নামৰ দুখন গীতি-নাট্য ৰচনা কৰে। “তেলীয়া সাৰেং সাজি কাচি থাকোতেই ফেঁচু ৰজা হ’ল”- এই অসমীয়া প্ৰবচনটোৰ গাত আউজি “ৰজা” নাটখন ৰচনা কৰা হৈছে। নাটক চৰিত্ৰসমূহো হৈছে অৰণ্যৰ বিবিধ জীৱ-জন্তু, কীট-পতংগ আদি। “ৰজা” নাটকখনৰ পৰা শিক্ষণীয় দিশ হৈছে- সময়ৰ মূল্য দিব নজনাজনক সময়েও মূল্য নিদিয়ে। নাটক খনিত চৰাইৰ সভাৰ সভাপতি বগলী ডাঙৰীয়াই কোৱা, “সময়ৰ জ্ঞান যিজনৰ নাই, ধূন-পেচ মাৰিয়েই সময় নিয়েই তেওঁ ৰজা হ’লে দেশ তললৈ যাব। বিলাসিতা মাথো জানে, জ্ঞান একো নাই, সেই জনক মই হ’লে ৰজা পতাত নাই”, “ৰূপে কি কৰে, গুণেহে সংসাৰ কৰে” আদি কথা নাটখনিৰ মাজেৰে শিশুসকলক শিকিবলৈ যত্ন কৰিছে। সময়জ্ঞান থকা বুধিয়ক ফেঁচু দেখিবলৈ ধুনীয়া নহ’লেও ৰজা হ’বৰ উপযোগী-এইকথাষাৰ নাটকখনত সুন্দৰকৈ দাঙি ধৰিছে।

 

“তজবজীয়া বুধিয়ক ফেঁচু ৰজা হওঁক

গুণৰ আগত ৰূপ ৰসাতলে যাওঁক

ফেচুঁৰ ৰং ক’লা, তাত দোষ নাই

ৰূপে কৰিব কি গুণেহে সংসাৰ তৰায়৷”



“বন্ধু” নাটকৰ চৰিত্ৰবোৰ বিহুৰ আখলৰ,ডাইনিং আৰু ড্ৰেচিং টেবুলৰ পৰা লোৱা হৈছে। বিহু উৎসৱত যোগাৰ কৰা চিৰা, পিঠা, সান্দহ, আখৈ, নাৰিকলৰ লাড়ু, তিলৰ লাড়ু, পকামিঠৈ আদিৰ লগতে মিটচেফৰ ভিতৰত নানা ৰকমৰ কেক, নানখাতা, চিঙাৰা, ভূজিয়া, ৰসগোল্লা আদিৰ উল্লেখ আছে। মজিয়াত কাঁহী-বাতিৰ বিপৰীতে মিটচেফৰ ওপৰত কাপ-প্লেট, টি-পট, চামোচ। গামোচা আৰু জেতুকাৰ বিপৰীতে টাৱেল আৰু কিউটেক্স। চিৰা-পিঠা, গামোচা-জেতুকাৰ মুখত অসমীয়া,চিঙৰা, ভূজিয়াৰ মুখত হিন্দী, কাপ-প্লেট, কেক টাৱেল, কিউটেক্সৰ মুখত ইংৰাজী, হিন্দী মিহলি ভাষা দিয়া হৈছে। প্ৰত্যেকেই নিজৰ গুণ-গৰিমা বখানি নিজৰ নিজৰ শ্ৰেষ্ঠতাক লৈ হাই-কাজিয়াত লিপ্ত হৈছে আৰু শেষত বুজা-বুজিৰে বন্ধুত্ব গঢ় লৈ উঠিছে।


চ) শিশু নাটিকা



নিৰ্মলপ্ৰভা বৰদলৈয়ে শিশুৰ বাবে আঠোখনকৈ নাটিকা ৰচনা কৰি থৈ গৈছে। “হায়, নাৰিকল পিঠা”, “গান শুনা ভূত”, “সেউজী সেউজী”, “ধুনীয়া হাত”, “কাণ”, “নাক”, “হাত” আৰু “ভৰি “এই নাটিকা কেইখনৰ মাজেৰে শিশুক আনন্দৰ লগতে জ্ঞান প্ৰদানৰ চেষ্টা কৰিছে। “হায়, নাৰিকল পিঠা” নাটিকা খনি বাৰ্মিজ কাহিনী এটাৰ আধাৰত ৰচিত বুলি লেখিকাই উল্লেখ কৰি গৈছে। এটা আপোনপেটীয়া ল’ৰাই ফাঁকি কথাৰে লগৰীয়া সকলক ঠগাই নিজলৈ সাঁচি থোৱা নাৰিকল পিঠা শেষত নিজেও খাবলৈ নোপোৱাৰ কথা নাটিকাখনত আছে। “গান শুনা ভূত” ৰ কাহিনীভাগো এটা বিদেশী সাধুৰ আধাৰত ৰচনা কৰা হৈছে বুলি উল্লেখ কৰা হৈছে। এই নাটিকাখনত এটা লুভীয়া বুঢ়াৰ লোভৰ পৰিণাম দেখুওৱা হৈছে।



“সেউজী সেউজী” ত পৰিৱেশ সচেতনতাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। নাটিকাখনিয়ে শিশুক চৌপাশৰ গছ-গছনিৰ প্ৰতি মৰমিয়াল হ’বলৈ প্ৰেৰণা যোগোৱা উপৰিও “গছ থাকিলেহে যে মানুহ থাকিব” -এই কথা উপলব্ধি কৰাত সহায় কৰিব। “ধুনীয়া হাত” নাটিকাত কৈছে যে, চিকুনাই-যতনাই ৰাখিলেই হাত দুখন ধুনীয়া নহ’বও পাৰে, হাতেৰে কৰা কৰ্ম অনুযায়ীহে হাত ধুনীয়া হয়। দুখীয়াক দান কৰা, বিপদত পৰা জনক সহায় কৰা, বেমাৰ হ’লে প্ৰতিপালন কৰা আদিবোৰ যে ভাল কাম নাটিকাখনৰ মাজেৰে শিশুসকলক বুজাই দিছে। “নাক”, “কাণ”, “হাত” আৰু “ভৰি” শীর্ষক নাটিকা কেইখন মানুহৰ অঙ্গ-প্ৰত্যঙ্গকলৈ ৰচিত।


ছ) অন্যান্য:



এই শিতানত নিৰ্মলপ্ৰভা বৰদলৈয়ে “মোৰ সৰু কালৰ দিনবোৰ” শীৰ্ষক লেখা এটা সন্নিৱিষ্ট কৰিছে। ইয়াত লেখিকাই তেওঁ শিৱসাগৰত কটোৱা ল’ৰালি কালছোৱাৰ সুন্দৰ বৰ্ণনা দাঙি ধৰিছে। প্ৰকাণ্ড বাৰী, গছ-গছনিৰে ভৰা ঘৰৰ বৰ্ণনা, বিহুত সামাজিক ৰং-ৰহইচ, দেউতাকৰ পৰা শুনা সাধু আদিৰ কথা উল্লেখ কৰিছে। “জগন্নাথ দৰ্শন”(কবিতা), সৰু ল’ৰা-ছোৱালীৰ বাবে এটা ওমলা গীত আৰু চাৰিটা নিচুকনি গীত এই শিতানৰ অন্তর্ভুক্ত হৈছে।



নিৰ্মলপ্ৰভা বৰদলৈৰ শিশু সাহিত্যত প্ৰতিফলিত শিশু সাহিত্যৰ বৈশিষ্ট্য:



শিশুক উদ্দেশ্য কৰি লিখা সাহিত্য শিশুমন আকৰ্ষণ কৰিব পৰাকৈ সহজ-সৰল ৰূপত উপস্থাপিত কৰিব লাগে। শিশুৰ বৌদ্ধিক প্ৰতিভাৰ বিকাশৰ ক্ষেত্রতো লেখকে চকু ৰাখিব লাগে। সেয়ে শিশু সাহিত্য ৰচনা কৰোঁতে কিছুমান সূক্ষ্ম সূক্ষ্ম দিশৰ প্ৰতিও লেখক সচেতন হোৱা উচিত। নিৰ্মলপ্ৰভা বৰদলৈৰ শিশু উপযোগী ৰচনাসমূহতো শিশু সাহিত্যৰ বিভিন্ন লক্ষণসমূহ প্ৰতিফলিত হোৱা দেখা যায়।

শিশু সাহিত্যৰ এটা প্ৰধান বৈশিষ্ট্য হ’ল মনোৰঞ্জনধৰ্মীতা। নিৰ্মলপ্ৰভা বৰদলৈৰ শিশু সাহিত্যসমূহ শিশুক মনোৰঞ্জন দিব পৰাকৈ উপস্থাপন কৰা হৈছে। শিশুৰ বাবে ৰচিত গীত, নাট সকলোতে শিশুৰ মনৰ কল্পনা, কৌতূহল, আদিৰ প্ৰকাশ ঘটিছে। শিশুৰ সপোন, আশা সকলো তেখেতৰ লেখাত জীপ পাই উঠিছে।

 

“এধানী পখীটি হৈ

মন যায় উৰিবলৈ

ওখ আকাশত

এধানি তৰাটি হৈ

জিলমিল কৰি ৰ’ম সন্ধিয়া পৰত৷”

 

চিল্ চিল্ চিলা বাগী চিল মিলা গ্ৰন্থত বিভিন্ন খেল-ধেমালিক কথা উল্লেখ কৰা হৈছে। নাটকেইখনত প্ৰাধান্য পোৱা জীৱ-জন্তুৰ চৰিত্ৰ, পিঠা-পনা, কেক-বিস্কুটৰ কথোপকথন আদিয়ে শিশু মনক আমোদ দিয়াত সহায় কৰিছে।



কাহিনীধৰ্মীতাই শিশু সাহিত্যক আনন্দদায়ক হোৱাত সহায় কৰে। নিৰ্মলপ্ৰভা বৰদলৈৰ শিশুৰ বাবে ৰচিত সাধু, গীত, নাটক আদিত একোটা কাহিনী দেখা যায়। এইবোৰে শিশুমনক আনন্দ দিয়ে।

গতিকে ক’ব পাৰি যে নিৰ্মলপ্ৰভা বৰদলৈয়ে শিশু সাহিত্যসমূহত ধ্বনি মাধুৰ্য্যতা, গীত-মাত আনন্দদায়ক ঘটনা, চিত্ৰধৰ্মী বৰ্ণনা, কাহিনী আদিৰ জৰিয়তে শিশুক মনোৰঞ্জন দিয়াত সফল হৈছে।
শিশুসাহিত্যিকে শিশুৰ বাবে সাহিত্য ৰচনা কৰোঁতে শৈক্ষিক দিশটোৰ প্ৰতিও লক্ষ্য কৰিব লাগে। বৰদলৈ এই দিশৰ প্ৰতিও যথেষ্ট সচেতন আছিল। তেওঁ গল্পৰ চলেৰে শিশুক নৈতিক শিক্ষা প্ৰদানৰ প্ৰয়াস কৰিছিল। গীত-মাতৰ যোগেদি বৰ্ণ, শব্দ জ্ঞান দিয়াৰ চেষ্টা কৰিছিল। “সেউজী সেউজী” নাটিকাৰ মাধ্যমেৰে পৰিৱেশ সচেতনতাৰ শিক্ষা দিছে। নিজৰ দেশৰ প্ৰতি ভালপোৱা ভাল, নিজৰ ভাষা-সংস্কৃতিৰ প্ৰতি শিশুসকলক আকৰ্ষিত কৰাৰ চেষ্টাও বৰদলৈৰ লেখাত দেখা পোৱা যায়।
শিশু সাহিত্যৰ আন এটা বিশেষত্ব শিশু-কেন্দ্ৰিকতা।



বিষয়বস্তু, ৰচনাৰীতি সকলোবোৰ শিশুক আকৰ্ষিত কৰিব পৰা ধৰণৰ হ’ব লাগে। স্বভাৱতেই কৌতূহলী শিশু মনক জোন বেলি তৰা, জীৱ-জন্তু আদিয়ে চিৰদিন মোহিত কৰি ৰাখিছে। নিৰ্মলপ্ৰভা বৰদলৈয়ে এই জীৱ-জন্তু, চৰাই-চিৰিকতিক চৰিত্ৰ হিচাপে গ্ৰহণ কৰাত শিশুৰ বাবে আকৰ্ষণীয় হৈছে। শিশুয়ে খেলিব পৰা, আমোদ পাব পৰা খেল, বেজীত সূতা সুমুওৱা, ৰচি টনা, কুকুৰা যুঁজ, বেচ জনপ্রিয় প্ৰতিযোগিতা আদি খেলৰ বৰ্ণনা কৰিছে। শিশুৰ ঠেহ-পেচ, মান-অভিমান, বন্ধুত্বপ্ৰৱণ মন আদি স্বাভাৱিক প্ৰবৃত্তিসমূহো বৰদলৈৰ লেখাসমূহত প্ৰকাশ পাইছে। “ঈশ্বৰ ক’তনো থাকে” কবিতাত শিশুৰ কৌতূহলী মনৰ প্ৰকাশ ঘটিছে।



শিশু সাহিত্যৰ ভাষা সহজবোধ্য হ’ব লাগে। সহজ সৰল ভাষা আৰু সৰল উপস্থাপনে শিশুমনক আকৰ্ষণ কৰে। ছুটি ছুটি বাক্যৰে সহজ-সৰল ৰূপত উপস্থাপন কৰাত নিৰ্মলপ্ৰভা বৰদলৈ সফল হৈছে।



লোক-সংস্কৃতিৰ গৱেষক বৰদলৈৰ শিশুসাহিত্যত অসমীয়া সংস্কৃতিৰ বাৰেৰহনীয়া চিত্ৰৰ প্ৰতিফলন ঘটিছে। বিভিন্ন লোকগীত, লোককথা, লোকদের, খাদ্য পৰম্পৰাই অসমীয়া সমাজৰ এখন সুন্দৰ ছবি দাঙি ধৰিছে।



শিশু মনৰ কল্পনাপ্ৰৱণতা, অনুসন্ধিৎসাক প্ৰশমিত কৰিব পৰাকৈ সাহিত্য ৰচনা কৰাটো স্বাভাবিকতেই অতি প্ৰত্যাহ্বানমূলক। নিৰ্মলপ্ৰভা বৰদলৈয়ে এনে কঠিন বিষয়তো নিজৰ সৃজনীপ্ৰতিভাৰে অৱদান আগবঢ়াই থৈ শিশু সাহিত্যিক হিচাপে আত্মপ্ৰতিষ্ঠা কৰি থৈ গৈছে। সাম্প্রতিক সময়ত কম্পিউটাৰ, মোবাইলত ব্যস্ত হৈ পৰা শিশুসকলৰ মাজত নিৰ্মলপ্ৰভা বৰদলৈয়ে লিখি থৈ যোৱা গীত-মাত, খেল-ধেমালিৰ চৰ্চা কৰিলে নিশ্চয়কৈ তেওঁলোকে ব্যতিক্রমী সোৱাদ লাভ কৰিব।

 

সহকাৰী অধ্যাপক

আমগুৰি মহাবিদ্যালয়




 

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ