ডO নন্দ সিং বৰকলা
The Voyage নামৰ
কবিতাৰ শেষ স্তৱকত প্ৰখ্যাত বিদেশী কবি শ্বাৰ্ল বোদলেয়াৰে লিখিছে- “O
Death, Old Captain, it is time! Set sail this land palls on us, Death! Let’s
palls on sea, if sky and ocean are black as coal, you knol are hearts are full
or brilliancy! Pour Four your poison, our deliverance this fire cousmes or
minds, Let’s bid adieu plump Hell or Heaven, what’s the difference? Plumb the
unknown, to find out something new.’
মৃত্যুৰ এই
শিহৰকাৰী শব্দৰ শেষ বিশ্ৰাম মৰিশালি। য’ত গছবোৰে আমাৰ দেহত জুইৰ শোভাযাত্ৰাৰে
আত্মহত্যাৰ পথত খোজ দিয়ে? কিয় প্ৰতিনিয়ত মানুহে মৃত্যুৰ বাবে
ইচ্ছাক ধাৱিত কৰে? সময়ৰ পৰিধি ভাঙি কাল-অবিশ্বাসৰ ভেটিত চলা
আলোচনা-গৱেষণাৰ বিশাল পৰিধিৰ ৰহস্য আজিও ভেদ হোৱা নাই। জীৱন জীৱনৰ বাবেহে, মৃত্যুৰ
বাবে নহয়। জীৱন প্ৰৱহমান নৈৰ দৰে গতি অনন্ত, জোৱাৰ প্ৰচণ্ড।
তথাপি আত্মহননত আছে নেকি সাংস্কৃতিক অথবা ঐতিহাসিক ঐতিহ্যৰ কাৰণ? প্ৰাচীন
গ্ৰীচৰ হিৰোডটাছে সেয়ে লিখিছেঃ “The bitterest sorrow that man can know is
to aspire to do much and to achieve nothing” আজিও এই বেদনাৰ ক্ৰুৰতা বিদ্যমান।
এনেবোৰ
ঘটনা-পৰিঘটনাৰ প্ৰৱাহত বিভিন্ন দাৰ্শনিক, লেখকক দিছে মৃত্যু বা আত্মহননে নতুন
নতুন চিন্তা-চেতনা আৰু সৃষ্টিৰে নতুন উপলব্ধি। উনামুনোৰ কাব্যিক ভাষাতঃ “Suffering
is the sense of the flesh of reality” আকৌ তেওঁ এক সিন্ধান্তৰ পিঠিত থিয়
হ’বলৈ যত্ন কৰি লিখিছে- “Suffering is the substance of life and the root
of personality for it is only suffering that makes us persons.”
এনেবোৰ ৱাইল্ডৰ
জীৱন আৰু মৃত্যু সম্বন্ধে অথবা পৃথিবী আৰু দিন-কালৰ প্ৰতি তেওঁৰ চেতনা সুকীয়া।
তেওঁ কৈছে- মৃত্যু আৰু কেনেকুৱা? মৃত্যু নিশ্চয়কৈ অতি সুন্দৰংগ কোমল
মাটিৰ তলত তুমি শুই আছা, নীৰৱতাক কাণপাতি শুনি তোমাৰ ওপৰত
সেউজীয়া কোমল ঘাঁহবোৰে মূৰ জোকাৰি দুলি আছে। কালি বুলি কোনোদিন নাই। নাই কাইলৈ
বুলি। সময়ক পাহৰিবলৈ, জীৱনক ক্ষমা কৰিবলৈ বুলি একো নাই। কেউফালে
মাথোঁ নীৰৱতা... কেৱল প্ৰশান্তি...। শান্তিৰ যেন এখন বিশাল চন্দ্ৰতাপ।
যন্ত্ৰণাই
মানুহৰ জীৱনক ঘেৰি আছে। যন্ত্ৰণাৰ বেৰ ভাঙি বিশাল সৌন্দৰ্য আৰু সৃষ্টিৰ নতুন
ব্যাকৰণৰ নিৰ্মল পৰিশীলিত ভাষাৰ ৰূপকথাৰ পৰিভাষা অগ্ৰগতিৰ তাপমানৰ বিদ্যুৎ গতি।
পৃথিবীৰ ন ন আকৰক মানুহ আৰু জগতৰ কামত খটুৱাবলৈ কৰা নিৰলস চেষ্টাৰ বাটত যন্ত্ৰণাই
দলিয়াই পেলাব পাৰিলেই মানুহে এনে ধূলি-মাটি, পানী, ছাই,
জুইৰ
শৰীৰক জয় কৰিব পাৰে আৰু এদিন যথাৰ্থতে সাংস্কৃতিক মৃত্যুৰ নিজে আৰু জগতক চহকী কৰি
এই দেহ মাটিৰ লগত মিলি যাব। “Dust thou are to dust returnest.”
আমাৰ শ্ৰদ্ধাৰ
কবি হীৰেন ভট্টাচাৰ্যয়ো মৃত্যুক বৰ বিশাল বৰ্ণনা কৰি বৰ্ণিল কৰিছে তাৰ পৰিভাষা-
“মৃত্যুওতো এটা শিল্প জীৱনৰ কঠিন শিলত কটা নিৰ্লোভ ভাস্কৰ্য,” ইমান
প্ৰখৰ মানৱিক সাংস্কৃতিক চেতনাৰে সমৃদ্ধ হীৰুদাৰ মৃত্যু উপলব্ধি। য’ত যন্ত্ৰণাক
দলিয়াই পৃথিবীক চহকী কৰা শিল্পৰ গৰ্ভত অংকন কৰিছে মৃত্যুক। য’ৰ পৰা মানুহৰ সমাজ
চাব পাৰি, খুলিব পাৰি বন্ধ হৈ থকা হৃদয়ৰ সমস্ত বন্ধ দুৱাৰ খিৰিকী। এনে মৃত্যু
চেতনা অনেকৰ বাবে হৈ পৰে নতুন চিন্তা।
এই ক্ষেত্ৰত
প্ৰখ্যাত নাট্যকাৰ জগদীশ চন্দ্ৰ মাথুৰৰ প্ৰথম ৰাজা নাটকৰ এটি সংলাপঃ
সূত্ৰধাৰঃ
মৃত্যু কাৰিকৰ যাৰ হাতৰ পৰশত জীৱনৰ খনিৰ পৰা ওলোৱা খহটা শিলো চকু চমকোৱা হীৰা হয়।
মন কৰিবলগীয়া যে
হীৰুদাৰ “মৃত্যুওতো এটা শিল্প”, আনহাতে, স্বামী
বিবেকানন্দৰ আত্মাঃ তাহাৰ বন্ধন ও মুক্তি, মানুষেৰ আত্মা সংস্কাৰ অনুসাৰে নিম্ন
হইতেই উচ্চতৰ শৰীৰে ভ্ৰমণ কৰিতেছে। কিন্তু কেৱল উচ্চতম মনুষ্য শৰীৰেই তাহাৰ মুক্তি
লাভ হয়। এই মনুষ্য আকাৰ দেৱদূতেৰ আপেক্ষাও উচ্চতৰ সকল প্ৰকাৰ জীৱ হইতে উচ্চতৰ
মনুষই পৃথিবীৰ মহত্তম জীৱ, কাৰণ মানুষ মোক্ষ লাভ কৰে। এই চেতনাত
মানুহৰ মহত্ত্ব সজ কাম আৰু জীৱশ্ৰেষ্ঠ মানুহৰ বৰ্ণনা বিদ্যমান।
অসমীয়া
সাহিত্যিক নলিনীবালা দেৱীৰ ৰচনাত মৃত্যু চেতনাই ব্যাপক ৰূপত প্ৰকট হৈ মৃত্যু
সম্বন্ধে নানা দিশৰ চিন্তা উন্মেষেৰে মানুহক সকলোতকৈ বেছি ভাবিবলৈ বাধ্য কৰাইছে।
মৃত্যু এক শাশ্বত সুন্দৰৰ অন্বেষণ আছিল মূল বক্তব্যৰ বিষয় হৈ উঠিছে।
মৃত্যু এক
সুন্দৰৰ কলা। অতীৱ ৰং-ৰূপৰ কল্পনাৰে মৃত্যুক তেওঁ জীৱন আৰু জগতৰ সকলোতকৈ প্ৰিয়
মুহুৰ্ত বুলি কল্পনা কৰিছিল সেয়ে তেওঁৰ প্ৰতিটো কবিতাত মৃত্যুৰ শীতল কোলাত মূৰ
থ’বলৈ আগ্ৰহী আৰু সদিচ্ছা আছিল অতি তীব্ৰ। কাকুতি কিৰিছিল মৃত্যুৰ সু-স্পৰ্শত নিজক
বিলীন কৰি স্বৰ্গীয় সুখৰ বুকুত বিশ্ৰাম লোৱাৰ চেতনাই ক্ৰিয়া কৰি আছিল। তেওঁৰ
“সন্ধিয়াৰ সুৰ”ৰ কবিতাসমূহৰ প্ৰায় প্ৰতিটোতে তেনে সত্যভাৱৰ উন্মেখ বিৰাজমান।
ধূলিময় পৃথিবীৰ পৰা
নল’বানে, নল’বানে,
তুমি?
তোমাৰ অমৃত স্পৰ্শ শীতলাই তনু মন প্ৰাণ
নিদিবানে শেষবাৰ শোক দুঃখ সন্তাপ পাহৰা
শান্তিময় চৰণত স্থান? (অনাহুত)
বিচিত্ৰ,
বিমূৰ্ত,
বৈচিত্ৰ্যময়
সুকীয়া দৃষ্টিভংগীৰে বাংময় হোৱা তেওঁৰ “শেষ অৰ্ঘ্য” কবিতাত মৃত্যুক জীৱনৰ গতিপথৰ
যাত্ৰাৰ লগত তুলনা কৰি চিতাজুঁইক পবিত্ৰ হোমাগ্নিৰ স’তে তুলনা কৰিছে। বিবাহ
হোমাগ্নিৰ পবিত্ৰ তাপ আৰু বিৰল বিবাহৰ অনুভৱ মন্ত্ৰোচাৰণৰ আধ্যাত্মিক তত্ত্ব আৰু
মহত্ত্বই অনন্য ৰূপকথাৰ ছবি তুলি ধৰিছে।
“চিতাগ্নি
হোমাগ্নি হ’ব
সমীৰণ মলয় চন্দন
সিদিনা সাৰ্থক
হ’ব
পূৰ্ণ্য অৰ্ঘ্য
পূৰ্ণ ই জীৱন।”
আনহাতে তেখেতৰ কবিতাসমূহৰ নিৰ্মোহ
মৃত্যু চেতনাৰ পৰিপূৰ্ণ প্ৰকাশ অন্য এক সকলোৰে প্ৰিয় কবিতা “পৰমতৃষ্ণা”ত ফুটি
উঠিছে। ইয়াত মৃত্যুৰ প্ৰতি তেখেতৰ ভিন্ন আৰু অনন্য ইচ্ছাৰ দৃষ্টিভংগীয়ে সদায়ে এই
কবিতাক মৃত্যুচৰ্চিত ৰূপত তুলি ধৰিছে।
“মোৰ এই পিজঁৰাৰ অশান্ত পখীটি দেখো
মিলি যাব খোজে অনন্তত
অসীমৰ অচিন বাটত”।
সমাধি কবিতাত
মৃত্যুত লীন হোৱাৰ প্ৰৱল হেঁপাহ আৰু হেঁপাহৰ গৰ্ভত মৃত্যুৰ স’তে হোৱা মিলনক এক
সূক্ষ্ম অনুভূতি বুলি কৈ এই অনুভূতিয়েই লৈ যাব তেওঁক বিশ্বৰ বুকুলৈ সকলোতে নিজক
বিয়পাই। তুমি জ্যোতি, মই ৰেণু হে অৰূপংগ ৰূপৰ আলয় অনুৰূপে তোমাতেই
লীন হ’মগৈ বুলি কৰা আশাৰ গৰ্ভত মৃত্যুৰ
প্ৰৱল ইচ্ছাৰ সুন্দৰৰ পথ কেনেকৈ বুকুত চিত্ৰিত হৈছে তাক বৰ্ণনা কৰিছে।
হিন্দী সাহিত্যৰ
মহাদেৱী বাৰ্মাৰ কবিতাতো “মৃত্যু চেতনা” দেখা যায়। সেয়া নলিনীবালা দেৱীৰ দ’ৰে
তীব্ৰ নহ’লেও তাৰ প্ৰকাশেও জীৱনক জোকাৰি যায়।
“বিশ্ব ক্যা
অভিশাপ ক্যায়া চিৰনিন্দ বনকৰ প্যাছ অ্যায়া,
অমৰতা সুত ছাটা
কিউ মৃত্যু কি অৰ মে বাছনা”
বাংলা সাহিত্যৰ ৰবীন্দ্ৰনাথ আৰু জীৱনানন্দ দাসৰ
কবিতাৰ গৰ্ভত মৃত্যু তীব্ৰ ৰূপত ভাস্বতঃ।
জীৱনানন্দ দাসে তেওঁৰ ‘মৃত্যুৰ আগে’, ‘মানুষেৰ মৃত্যু হ’লে’ আদি কবিতাত
মৃত্যুক সত্য আৰু চিৰ শাশ্বত ৰূপত উপস্থাপন কৰি প্ৰতিষ্ঠিত কৰিছে।
“সব ৰাঙা কামনাৰ
শিয়ৰে যে
দেৱালেৰ মতো এসে
জাগে। ধূসৰ মৃত্যুৰ মুখ,
একদিন পৃথিবীতে
স্বপ্নছিলো। সোনা ছিলো যাহা, নিৰুত্তৰ
শান্তি পায়,
যেন
কোন মায়াবীৰ প্ৰয়োজন লাগে”।
নাইবা
“আমৰা বুঝেছি
যাৰা বহুদিন মাস ঋতু শেষ হ’ল পৰ
পৃথিবীৰ সেই
কন্যা কাছে এসে অন্ধকাৰ নদীদেৰ কথা কয়ে গেছে,
আমৰা বুঝেছি
যাৰা পথ ঘাট মাঠেৰ ভিতৰ আৰো এক
আলো আছে,
দেহে
তাৰ বিকাল বেলাৰ ধূসৰতা, চোখেৰ
দেখাৰ হাত ছেড়ে
দিয়ে সেই আলো হয়ে আছে স্থিৰ,
পৃথিবীৰ কংকাৱতী
ভেসে গিয়ে সেই খানে পায় ম্লান ধূপেৰ শৰীৰ”।
এনে জটিল
সন্ধিক্ষণ আৰু মৃত্যুৰ পথ, ৰং-সোন্দৰ্য ইচ্ছা-প্ৰত্যাশাৰ বুকুত
কবিৰ জীৱনৰ ৰঙে হাত মেলা চেতনাত আহি আসন গ্ৰহণ কৰা শান্তিৰ বাবে কবি ব্যাকুল।
অন্ধকাৰ পৃথিবীৰ নদীৰ বুকুৰে বৈ অহা মৃত্যুৰ ৰঙে নতুন মাত্ৰা প্ৰদান কৰিছে।
আনহাতে
ৰবীন্দ্ৰনাথৰ শেষৰ ফালৰ কবিতাসমূহতো মৃত্যু চেতনা ইমান তীব্ৰভাবে আত্মপ্ৰকাশ
কৰিছে যে পৰিবৰ্তন আৱৰ্তনৰ মৃত্যুৰ বুকুলৈ তেওঁ নিজক নিব খোজা নাছিল। ৰবীন্দ্ৰনাথৰ
কবিতাত তাৰ গুঞ্জন তীব্ৰ ৰূপত প্ৰকট হৈছে এনেদৰেঃ-
মৰিতে চাহিনা
আমি সুন্দৰ ভূৱনে
মানুষেৰ মাঝে
বাঢ়ি বাৰ চাই,
অথচ এই
ৰবীন্দ্ৰনাথেই জীয়াই থকাৰ তীব্ৰ বাসনাৰ বাবে ব্যাকুল হৈও মৃত্যুৰ চিৰন্তন সত্যক
স্বীকাৰ কৰিছে তেওঁৰ শেষৰ কবিতাত।
কালেৰ যাত্ৰাৰ
ধ্বনি শুনিতে কি পাওঁ?
তাৰি ৰথ নিত্যই
উধাও
জাগাইছে
অন্তৰীক্ষে হৃদয় স্পন্দন চক্ৰে আঁধাৰৰ বক্ষ ফাটা তাৰাৰ ক্ৰন্দন।
ওগো বন্ধু
সেই ধাৱমান কাল।
জড়ায়ে ধৰিল মোৰে ফেলি তাৰ জাল তুলে নিল দ্ৰুতৰথে
দুঃসাহসী ভ্ৰমণৰ
পথে তোমা হাতে বহু দূৰ।
ইমান বাংময়
মৃত্যু চেতনা, ৰহস্য আৰু সকলো ধূসৰ জগতৰ বেৰ ফালি অনন্ত
অন্তৰীক্ষৰ হৃদয়স্পন্দন শুনা ৰবীন্দ্ৰনাথৰ মৃত্যু বাৰে বাৰে ধৰা দিছে। দুঃসাহসী
ভ্ৰমণৰ পথে পথে গৈও যেন তেওঁ বহুদূৰলৈ
আঁতৰি যাব খুজিছে এক ঢাৱমান কালৰ দৰে। ই এক শাশ্বত চক্ৰ। বিমূৰ্ত জগতত পৰিব্যাপ্তি
গৈ থকা মৃত্যু উপত্যকাৰ চিৰ সুন্দৰৰ মূৰ্তিমান দ্ৰুতপথ। ৰহস্যবাদী ৰবীন্দ্ৰনাথ আৰু
তেওঁৰ লেখাত মৃত্যু চেতনাৰ স্থান,কাল, দৃষ্টিভংগী
ভিন্নৰূপত ভাস্বতঃ কিন্তু মৃত্যু যে চিৰসত্য তাৰ বুকুলৈ তেওঁৰ দুহাত প্ৰসাৰিত
কৰিছে।
অসমীয়া কবি
যতীন্দ্ৰ নাথ দুৱাৰৰ কবিতাতো সংসাৰৰ কাঁইটনিৰ মাজৰ পৰা অসীমলৈ যাব বিচৰাৰ তৃষ্ণা
এটা অনুভূত হয়। কাৰণ তেওঁৰ জীৱনৰ এৰাব নোৱাৰা অংগ আৰু কাৰুণ্যৰ বাবেই অকলশৰীয়া
নাৱৰীয়াৰ দৰে সংসাৰ সমুদ্ৰত নাও মেলি পাৰ পাব বিচাৰে।
আনহাতে,
“Emily Dickenson” ৰ মৃত্যু ভাৱনা প্ৰকাশ হৈছে এনেদৰেঃ- Death
is one of the foremost themes in dickinson’s poetry. In her poems, death is
sometimes, gentle, sometime menacing sometimes simply inevitable. In “I heard a
fly buzz when I died” “Dickinson investigates the physical process of dying is
simply the realization that there is eternal life. In “Behind me dips
eternity,” Death referred to as the normal state and life is but an
interruption. In “some work for immortality”. Death is themoment where the
speaker can cash their of good behavior for their eternal rewards. Death is the
ultimate unknowable & so Dickenson circles around it, painting portraits of
each এনে গভীৰ মৃত্যু জীৱনৰ পৰিক্ৰমাক নিখুঁত ৰূপত প্ৰকাশ কৰা Emily
Dickenson ৰ চেতনা বহুলভাৱে চৰ্চিত। ব্ৰহ্মপুত্ৰত সূৰ্যাস্তত নীলমণি ফুকনৰ
চেতনাই চিঞৰিছে এনেদৰে-
“বুৰবুৰণিত
বিৰিঙি উঠিল
পাত্ৰৰ ৰক্তিম
আধেয়
মৰ্মন্তুতাৰ
উজ্জ্বলতা
মানুহৰ অন্তিম
লালসাৰ
কি প্ৰজ্বলন।”
জীৱনৰ শেষ
লালসাৰ জুই ব্ৰহ্মপুত্ৰত সূৰ্য অস্ত যোৱাৰ ৰঙীন শোভাক একুঁৰা জুইৰ লগত তুলনা কৰিছে
আৰু মানুহৰ অন্তিম লালসাৰ চিন্তাই মৰ্মন্তুদ ৰূপত তালৈ ঢপলিয়াব লাগিছে।
ৰহস্যবাদী কবি
দেৱকান্ত বৰুৱাৰ “অসাৰ্থক” কবিতাত নিজে নিঃশেষ হোৱাৰ বাসনা জিলিকিছে। প্ৰেম,
ভালপোৱা,
প্ৰীতি
সকলো অসাৰ্থক বুলি কবিয়ে ক’ব খুজিছে। কাৰোবাক নোপোৱাৰ বেদনাক তেওঁ পাপ বুলি কৈ
বৰ্ণনা কৰিছে এনেদৰেঃ-
‘আমিও মৰহি যাম?
অসাৰ্থক
প্ৰেম মোৰ? পাপ মাথোঁ মই চুমাচুমি?
কি কৰিম?
হ’ক
পাপ ক্ষতি নাই, মই পাম স্বৰ্গ তাতে তুমি ৰ’বা তুমি।’
অন্যহাতে তেওঁৰ
প্ৰয়সীৰ স’তে অথবা পৃথিবীৰ স’তে কৰা প্ৰেম ৰ’বগৈ মৃত্যু নামৰ সীমা হৈ। তাৰ অনুসৰন
ঘটিছে এই কবিতাত-
“তুমি আৰু মই
সজা প্ৰেমৰ পৃথিৱীখিনি
মৃত্যু তাৰ
সীমা” (পৃথিৱী)
শ্ৰীমদ্ভাগৱত
গীতাত মৃত্যুৰ চেতনা প্ৰকাশ হৈছে এনেদৰেঃ-
নৈনং ছিন্দন্তি
শাস্ত্ৰানি, নৈনং দহতি পাৱদ।
ন ছৈনং
ক্লেদয়ন্তপো নশোশয়তি মাৰুতঃ।।”
আকৌ,
ন জায়তে বা
ভবিতা ন ম্ৰিয়তে বা কদাচিত
নায়ং ভূত্বা বা
ভূয়ঃ
আজো নিত্য
শাশ্বত হয়ং পুৰাণো
ন হন্যতে হন্যমানে
শৰীৰে।’
লেখকৰ ভ্ৰাম্যভাষ – ৯৪৩৫১-৬৯০৩৮