অন্যযুগ/


নীলমণি ফুকনৰ কবিতাত সমাজ বাস্তৱতা আৰু নিম্নবৰ্গীয় মানুহৰ চিত্ৰণ

দীপমণি দাস

 

কবিৰত্ন নীলমণি ফুকন কবিতাৰ এজন আজীৱন সাধক যিজনক অসমীয়া কবিতাৰ জগতলৈ আগবঢ়োৱা অনুপম বৰঙণিৰ বাবে ভাৰতীয় সাহিত্যৰ সৰ্বোচ্চ সন্মান জ্ঞানপীঠবঁটাৰে সন্মানিত কৰা হৈছে। তেওঁৰ কাব্যিক মনন একক, অনন্য আৰু অভিনৱ। তেখেতৰ কাব্য সংকলন সমূহ হল-  সূৰ্য হেনো নামি আহে এই নদীয়েদি, নিৰ্জনতাৰ শব্দ, ‘আৰু কি নৈশব্দ, ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে, কাঁইট অৰু গোলাপ আৰু কাঁইট গোলাপী জামুৰ লগ্ন, কবিতা. নৃত্যৰতা পৃথিৱী আৰু অলপ আগতে কি কথা পাতি আছিলোঁ অনুবাদ কবিতালৈ তেখেতৰ অন্যতম  বৰঙণি তেওঁৰ জাপানী কবিতা, গাৰ্থিয়া লৰ্কাৰ কবিতা  অৰণ্যৰ গান  আৰু চীনা কবিতা জীৱন-জগত সম্পৰ্কে  সত্যৰ অন্বেষণ, নিৰ্জনতা, ৰহস্যময়তা,সমাজ বাস্তৱতা, প্ৰেম, মৃত্যুচেতনা, অস্তিত্ববাদ, মানৱতাবোধ, লোককলা ইত্যাদি বিভিন্ন উপকৰণেৰে সমৃদ্ধ তেখেতৰ কবিতাৰাজি। তেখেতৰ কবিতাসমূহ মূলত: চিত্ৰকল্প প্ৰধান আৰু প্ৰতীকবাদৰ লগতে ব্যঞ্জনাময়তাই চহকী কৰি ৰাখিছে তেখেতৰ কাব্যসম্ভাৰ।7

সমাজ আৰু সাহিত্যৰ সম্পৰ্ক  ওত:প্ৰোত। সমাজৰ বিভিন্ন স্তৰৰ সমল সাহিত্য নিৰ্মাণৰ অংশীদাৰ।সমাজৰ অস্থিৰতা, আৰ্থ-সামাজিক, ৰাজনৈতিক অৱস্থাৰ কাৰকসমূহে কবি-সাহিত্যিকসকলক প্ৰভাৱিত কৰি আহিছে। নীলমণি ফুকন সমাজমুখী ধাৰাৰ এজন অন্যতম প্ৰবক্তা। ইংগিতময়তা, ব্যক্তিগত প্ৰতীকৰ ব্যৱহাৰৰ লগতে অপূৰ্ব ব্যঞ্জনাৰ সমাহাৰত অৰ্থৱহ হৈ উঠে ফুকনৰ অভিনৱ আৰু চিত্তোকৰ্ষক চিত্ৰকল্পসমূহ। অসমীয়া কবিতাৰ জগতখনত সমাজ বাস্তৱতাৰ প্ৰতিফলনৰ ক্ষেত্ৰত বিভিন্ন কবিয়ে সুকীয়া সুকীয়া শৈলী অৱলম্বন কৰি আহিছে। কবি শোষিত, নিস্পেষিত জনগণৰ প্ৰতিনিধি। জ্ঞান পূজাৰী, অমূল্য বৰুৱা, হৰেকৃষ্ণ ডেকা, সনন্ত তাঁতী, সমীৰ তাঁতিকে আদি কৰি বিভিন্ন কবিয়ে সমাজ বাস্তৱতাৰ প্ৰতিফলন ঘটাই কবিতাক জনগণৰ ওচৰ চপাবলৈ অভিনৱ প্ৰয়াস অটুট ৰাখিছে। সমাজমুখী ধাৰাটো ফুকনৰ কবিতাত কিদৰে উদ্ভাসিত হৈছে, সেই উদ্দেশ্য আগত ৰাখি এই লেখা প্ৰস্তুত কৰা হৈছে। সমাজ বাস্তৱতাৰ আৰু মানৱতাবোধৰ চিত্ৰণে তেওঁৰ এই দিশটোক অনন্য মাত্ৰা প্ৰদান কৰিছে। সীমিত পৰিসৰৰ ভিতৰত এই আলোচনা আগবঢ়োৱা হৈছে আৰু নীলমণি ফুকনৰ কবিতাত এই প্ৰসংগৰ ওপৰত আলোকপাত কৰাৰ প্ৰয়াস কৰা হৈছে। আলোচনাটোত অৱশ্যে সমকালীন যশস্বী কবিসকলৰ লগত বিশেষ তুলনাত্মক দৃষ্টিভংগীৰ অধ্যয়ন কৰা হোৱা নাই।

ঋষিকবি নীলমণি ফুকনৰ কবিতাত ছেগাচেৰাকাকৈ চিত্ৰিত হৈছে সমাজৰ সাধাৰণ নিম্নবৰ্গীয় মানুহৰ প্ৰতি গভীৰ সহানুভূতি  আৰু সহমৰ্মিতা আৰু নি:সন্দেহে এই সহমৰ্মিতা অথবা একাত্মবোধ কবিৰ মানৱতাবোধৰ পৰা নি:সৰিত। সাগৰতলিৰ শংখৰ পাতনিত ড০ হীৰেন গোঁহায়ে নীলমণি ফুকনৰ কবিতা পঢ়ি ইংৰাজ মহাকবি ৱাৰ্ডছৱাৰ্থলৈ মনত পৰাৰ কথা উনুকিয়াইছে। এই প্ৰসংগতে আমাৰো মনলৈ আহিছে কিদৰে ৱাৰ্ডছৱাৰ্থে জোক সংগ্ৰহকাৰীৰ অথবা নি:সংগ দাৱনী এজনীৰ দৰে তেনেই সাধাৰণ মানুহৰ কথাক কবিতাৰে মহত্ত্ব প্ৰদান কৰিছে। একে ধৰণে চিত্ৰিত হৈছে নীলমণি ফুকনৰ কবিতাত ঢেঁকীয়া শাক বিক্ৰী কৰা এগৰাকী অসহায়া মহিলাৰ মৰ্মগাথা। কবিতাটো তেখেতৰ কবিতা সংকলনত সন্নিবিষ্ট। সংবেদনশীল কবিৰ সমাজৰ নিম্নবৰ্গৰ প্ৰতিনিধিস্বৰূপ মহিলাগৰাকীৰ প্ৰতি সহমৰ্মিতাৰ ছবি মূৰ্তিমান হৈছে কবিতাটোত। অকলশৰীয়া সেই মহিলাগৰাকীক কবিয়ে সুধিছে- মানুহটো বাৰু তোৰ আহিলনে ঘূৰি’, ‘পিন্ধনে জেতুকা তই ফাটি যোৱা কলিজাত’? এনে শাৰীবোৰে প্ৰতিজন মানুহৰ বুকুতে খুন্দা মাৰে। কবিৰ প্ৰখৰ সমাজ চেতনা ফুটি উঠিছে এই কবিতাটোত। আজাৰাৰ আন্ধাৰতঢেঁকীয়া বিক্ৰী কৰা মহিলাগৰাকীক কবিতাটোৰ বক্তাজনে কৰা প্ৰশ্নবোৰ সমাজৰ উত্তৰণৰ স্বাৰ্থত সমাজৰ প্ৰতিয়ে এক প্ৰশ্নবান বুলি বিবেচনা কৰিব পাৰি। গভীৰ পৰ্যবেক্ষণৰ ফলত সৃষ্টি হোৱা কবিতাটোৰ সহজ-সৰল ভাষাত যেন এখন আত্মিক ছবি আমি দেখিবলৈ পাওঁ। সেইদৰে হঠাৎ সেই আৰ্তনাদ আহি গোট মাৰিকবিতাটোৰ বিষয়বস্তু দুৰ্ঘটনাত মৃত্যু হোৱা কল বেচি ফুৰা এজন সাধাৰণ মানুহৰ।

বিখ্যাত ঔপনিৱেশিক সমালোচক গায়ত্ৰী স্পিভাকে প্ৰশ্ন কৰিছিল- ‘Can the subaltern  speak?’ নিম্নবৰ্গীয় উপেক্ষিত জনতাই ব্যক্ত কৰিব পাৰেনে নিজৰ বাগধাৰা? তেওঁলোকে তেওঁলোকৰ আশা-আকাংক্ষাৰ কথা, অভিজ্ঞতাৰ কিষয়ে ব্যক্ত কৰিবলৈ কোনো মঞ্চ বিচাৰি নাপায়। এই উপেক্ষিত জনতাৰ প্ৰতিনিধি বুলি সাহিত্যিকসকলক ধৰিব পাৰি যদিহে তেওঁলোকৰ ৰচনাৰাজিত ফুটি উঠে নিম্নবৰ্গীয় মানুহৰ মৰ্মস্পৰ্শী জীৱন গাথা আৰু তেওঁলোকৰ উত্তৰণৰ স্বাৰ্থত লেখকে গ্ৰহণ কৰা দৃষ্টিকোণ যদি সংবেদনশীল হয় তেন্তে সি এক গুৰুত্বপূৰ্ণ বাগধাৰালৈ উন্নীত হয়। কবি হিচাপে প্ৰতিজন স্ৰষ্টাৰ দৃষ্টিকোণ ভিন্ন ভিন্ন হব পাৰে। মাৰ্ক্সীয় ধাৰণাৰ পৰা উদ্ভূত শ্ৰেণী বিভাজনৰ প্ৰসংগও আহিব পাৰে। প্ৰতিবাদী দৃষ্টিভংগীৰ প্ৰসঙ্গটোও আছে।

 আমি অলপ শিথিলতাৰে স্পিভাকৰ সমালোচনা-বীক্ষাক নীলমণি ফুকনৰ কবিতাত ৰজিতা খুৱাই কব বিচাৰোঁ, কবি নীলমণি ফুকনে সমাজৰ এই নিম্নবৰ্গীয় চৰিত্ৰসমূহক তেওঁৰ কাব্যৰ বিষয়বস্তু হিচাপে নিৰ্বাচন কৰিছে। এই কথাটোৱে সমাজৰ বাবে নিতান্তই শুভ বাৰ্তা কঢ়িয়াই আনিছে। কিন্তু ফুকনৰ কবিতাত আছে চৰিত্ৰসমূহৰ সতে কবিসত্তাৰ একাত্মবোধ। সমাজৰ উপেক্ষিত নিম্নবৰ্গীয় মানুহৰ সৈতে কবি ফুকনৰ সহমৰ্মিতা আৰু আত্মনিয়োগ আমি লক্ষ্য কৰোঁ । কবিয়ে নিষ্পেষিত সমাজৰ দুখ-দুৰ্দশা বৰ্ণনা কৰিছে সঁচা, কিন্তু শ্ৰেণী বিভাজন বিষয়ক তেওঁৰ বিশেষ প্ৰতিষ্ঠানবিৰোধী অনুকম্পা  কম।

সাগৰতলিৰ শংখৰ পাতনিত সমালোচক ড০ হীৰেন গোঁহায়ে উল্লেখ কৰিছে নৃত্যৰতা পৃথিৱীদুয়োখন দুৱাৰ খুলি থবিশাৰীটোৰে আৰম্ভ হোৱা কবিতাটোত শোষক শ্ৰেণীৰ অমানুষিক ৰক্তলোলুপ অত্যাচাৰৰ বিৰুদ্ধে অৱশেষত লাঞ্ছিতা, নিৰ্যাতিতা, কৃষক ৰমণী প্ৰতিশোধপৰায়ণা দেৱীৰ দৰে জাগি উঠিছে

             লোপা বৰুৱাৰ বিচাৰত এই কবিতাটোত কবি নীলমণি ফুকনে ৰাজনৈতিক শোষণৰ বলি হোৱা সাধাৰণ মানুহৰ জীৱনৰ ৰূপ ইংগিতেৰে দিবলৈ বিচাৰিছে।ফুকনৰ কবিতাত কেন্দ্ৰীয় সত্তা হিচাপে অমূল্য বৰুৱাৰ কয়লানতুবা বেশ্যাশীৰ্ষক কবিতাৰ মেজাজ আমি নাপাওঁ ।

                অৱশ্যে সমাজ বাস্তৱতা মূৰ্ত হোৱা কবি ফুকনৰ কিছুমান কবিতাত প্ৰতিবাদী সুৰ দেখা যায়। উদাহৰণ হিচাপে -

    জুই একুৰা যেতিয়া

    তোমালোকৰ বুকুত আছে

    তোমালোকৰ যেতিয়া হাতত আছে

    ভাঙা

    ভাবা

    সাজা

    কোৱা

    ভাঙা

    সাজা   

এই জুই সামাজিক ৰাজনৈতিক সমস্যাৰ জুই। এই আহ্বান বৈপ্লৱিক, তেজোদ্দীপ্ত আৰু লৌহ। প্ৰগতিশীল কবিৰ ষ্টাম্প নালাগিলেও তেখেতৰ সমাজ সচেতনতা আৰু কবিতাৰ লগত জন জীৱনৰ সংযোগ মনকৰিবলগীয়া।

একে সংকলনৰে ফুকনৰ আন এটা কবিতাত  সমাজ বাস্তৱতা মূৰ্তমান প্ৰতিবাদী কণ্ঠস্বৰৰ পৰশত-

কোনেও নেজানিলে টেক্সিখনত কোন আছিল

পৰিকল্পিত হত্যা বহুত পৰলৈ আকাশখন

ধোঁৱাই আছিল জজ খেলপথাৰত যুধিষ্ঠিৰৰ

বক্তৃতা লৰাহঁতৰ মূৰত বেণ্ডজ কাতিৰ

চুটি দিন হাতীৰে গছকাইছিল বৰুৱাই

বাঘটোৱে অৰ্দ্ধাহাৰী তিৰোতাবোৰৰ পিয়াহ কামুৰি

খাই পানী বিচাৰিছিল পানী পেট্ৰল পাম্পত/ জুই 

এই কবিতাবোৰে আমাক দিয়ে সমকালীন সমাজৰ তেজৰ চেঁকুৰাৰ ছবি। কবি নিষ্পেষিত জনতাৰ প্ৰতিনিধি। সামাজিক, ৰাজনৈতিক অস্থিৰতাৰ অমানৱীয় দিশটোৱে কবিকো অস্থিৰ কৰি ৰাখে আৰু এই অস্থিৰতাত  নিৰ্মিত হয় তেওঁৰ কাব্যবীক্ষা যি পাঠকৰ হৃদয় জুৰ পৰি যায়। 

অলপ আগতে আমি কি কথা পাতি আছিলোঁকবিতাটোত কবিয়ে আমাক সোঁৱৰাই দিছে ভালপোৱাৰ কথা। কবিতাটোত লুকাই আছে গভীৰ মানৱতাবোধ। কবিয়ে সুঁৱৰিছে নিৰন্ন শিশুবোৰৰ কথাও। এই কথা নকলেও হব যে আজিৰ সমাজখনত মানৱতাবোধৰ বাৰুকৈয়ে অভাৱ পৰিলক্ষিত হয়। যোৱা কিছু দশক জুৰি অসমৰ আৰ্থসামাজিক, ৰাজনৈতিক পৰিৱেশত ঘটি থকা বিভিন্ন ঘটনা দুৰ্ঘটনাই এই কথাৰ উমান দিছে । অন্ততঃ স্বাধীনতা লাভৰ পৰৱৰ্তী সৰহখিনি সময় অসমৰ সমাজখন ৰক্তাক্ত ঘটন-সংঘটনৰ সাক্ষী। অসম আন্দোলন, বিভিন্ন হত্যাকাণ্ড, চৰকাৰী যন্ত্ৰৰ ফালৰ সন্ত্ৰাস আৰু সশস্ত্ৰ বিদ্ৰোহীৰ স্বাধীনতা দাবী আদিৰ পৰিপেক্ষিতত কঁপি উঠিছে আমাৰ সমাজ জীৱন। কবিৰ মনত প্ৰশ্ন জাগি উঠে- কেনেকৈ পাৰ কৰোঁ মই ৰক্তাক্ত  সময়কত বাৰ তেজেৰে ৰাঙলি হৈ উলটিল তেওঁলোক। এই ছবি আমাৰ সন্ত্ৰাস জৰ্জৰিত অস্থিৰ সময়ৰ ছবি। মানৱতাবোধৰ আলোকত দীপ্তিমান তেওঁৰ কবিতাৰাজি অৱশ্যে সামাজিক সচেতনাৰে পৰিপূৰ্ণ, এইবোৰ কোনো কল্পিত ইমেজ নহয়। সমালোচক ৰাজেন কলিতাই তেওঁৰ কবিতাৰ আদৰ্শ আৰু আদৰ্শশীৰ্ষক প্ৰবন্ধটোত উল্লেখ কৰিছে, ‘ফুকনৰ বাস্তৱৰ প্ৰতি এক সক্ৰিয় মনোভঙ্গী আছে। তেওঁৰ জীৱন আৰু জগত সম্পৰ্কীয় জিজ্ঞাসা- মানৱ সম্পৰ্কীয় উৎকণ্ঠাৰ পৰাও উত্থিত।’(কলিতা :মুক্তচিন্তা)

কবিৰ সতে হোৱা বিভিন্ন সাক্ষাৎকাৰবোৰেও তেওঁৰ সমাজ বাস্তৱতাৰ চানেকি দাঙি ধৰে। ড০ হীৰেন গোঁহাইৰ সৈতে সাক্ষাৎকাৰত তেওঁ উল্লেখ কৰিছে কিদৰে তেওঁ টেলিগ্ৰাফকাকতত নেলীৰ ভয়ংকৰ হত্যাকাণ্ডৰ ফটোগ্ৰাফ দেখি সেই ৰাতিয়েই লিখি উলিয়াইছিল নৃত্যৰতা পৃথিৱীৰ উনৈছ নম্বৰ কবিতাটো- 

    কোনো নাই ইয়াত- শিশু নাৰী বৃদ্ধ

    প্ৰত্যেকেই মৃত

    আকৌ সিঁহত আপোনঘাতী হ

সমালোচক হৰেকৃষ্ণ ডেকাই নীলমণি ফুকনৰ সম্পূৰ্ণ কবিতাৰ পাতনিত উল্লেখ কৰিছে- মানুহক মানৱতাবোধৰ কথা সোঁৱৰাই তীব্ৰ ভৰ্ৎসনা কৰাৰ উদাহৰণ ফুকনৰ কবিতাত বেছি নাই। নেলীৰ ঘটনাই তেখেতক তীব্ৰভাৱে আলোড়িত কৰাৰ কাৰণেহে তেওঁ সতীৰ্থ  মানুহক পোনপটীয়াকৈ সম্বোধন কৰিছে- মোৰ সপোনৰ সূৰ্যৰ মানুহ। ঠিক তেনেদৰে ফুকনে ড০ হীৰেন গোঁহাইৰ সৈতে সাক্ষাৎকাৰত উল্লেখ কৰিছে কবিতা সংকলনৰ চল্লিছ নম্বৰ কবিতাটোৰ কথা, কবিবন্ধু হৰেকৃষ্ণ ডেকাৰ মুখত ঘৰবোৰত জুই লগাই দি ভয়াৱহ অগ্নিকাণ্ডটোৰ কথা। সেই সাক্ষাৎকাৰটোত তেওঁ উল্লেখ কৰিছে আন আন বহুতো কবিতাৰ কথাও। সমালোচক অৰিন্দম বৰকটকীয়ে লোৱা আন এটা সাক্ষাৎকাৰত ফুকনে কৈছিল  অসম আন্দোলনৰ সময়ত অসমৰ ৰাষ্ট্ৰসন্ত্ৰাসৰ বলি হোৱা পাঁচজন লৰাক একেখন চিতাতে নিৰ্মমভাৱে জ্বলাই দিয়া ঘটনাৰ আলমত লিখা কবিতাৰ কথা। তেওঁ নেলী, গহপুৰ, পংকা আদি ঠাইত হোৱা গণহত্যাৰ ঘটনাবোৰক লৈ লিখা কবিতাৰ প্ৰসংগৰ উল্লেখ কৰিছে এই সাক্ষাৎকাৰত । সামাজিক বাস্তৱতা  চিত্ৰণৰ সম্পৰ্কত ফুকনে উল্লেখ কৰিছে তেওঁৰ সকলো চিত্ৰকল্পই বাস্তৱ নিৰ্ভৰ আৰু তেওঁৰ কবিতা, নৃত্যৰতা পৃথিৱী আৰু  অলপ আগতে আমি কি কথা পাতি আছিলোঁ  সংকলনৰ কবিতাসমূহতে সেই কথা স্পষ্ট হৈছে । কবিতা সংকলনত সন্নিবিষ্ট কেনে আছোঁ মোক নুসুধিবা...কলঙেদি উটি আহে মুণ্ডহীন/ এজনী ছোৱালীকবিতাটোৰ ৰচনাৰ উৎসৰ কথাও তেওঁ সাক্ষাৎ প্ৰসঙ্গত বৰ্ণনা কৰিছে। (বৰকটকী : অনুবন্ধ) এটা কথা স্পষ্ট যে তেওঁৰ সাক্ষাৎকাৰসমূহে আমাক সমকালীন সমাজৰ ওচৰত তেওঁৰ কবিতাৰ দায়বদ্ধতাৰ কথাকে প্ৰতীয়মান কৰিছে। আমি এই প্ৰসংগতে  নিউহিষ্টৰিচিজমৰ সমালোচনা-বীক্ষাত কোৱা পাঠ আৰু সহপাঠৰ (Text and cotext) ধাৰণাৰ গুৰুত্ব আৰু প্ৰাসংগিকতাৰ উমান পাওঁ।  সমকালীন সমাজখনে পাঠকৰ মানস পটত লেখকৰ পাঠৰ অৰ্থৰ বিশ্লেষণত এটা সহপাঠ হিচাপে ক্ৰিয়া কৰি থাকে ।

অসমৰ লোকজীৱন আৰু সংস্কৃতিৰ সম্পদেৰে তেওঁৰ কবিতা মূৰ্ত আৰু পৰিপুষ্ট। সেয়াও সমাজ বাস্তৱতাৰ এক উপকৰণ। লোকসাংস্কৃতিক উপাদানসমূহক গভীৰভাৱে লোকভাষা-আশ্ৰিত কাব্যভাষাত জীণ নিয়াই তেওঁ নিজৰ সমাজ চেতনাক অনন্য মাত্ৰা প্ৰদান কৰিছে। লোকজীৱনৰ সমলৰ আধুনিক ট্ৰিটমেণ্ট তেওঁৰ সমাজ চেতনাৰ অংশীদাৰ।

ফুকনৰ কবিতাসমূহ অসমীয়া সমাজ জীৱনৰ অৱক্ষয়ৰো চিত্ৰ। বিষয়বস্তুৰ বিচিত্ৰতাই তেওঁৰ কবিতাৰ আয়তন বৃদ্ধি কৰিছে। তেওঁৰ সমাজ চেতনা বাস্তৱভিত্তিক আৰু সেয়ে তেওঁৰ কবিতা মানৱতাবোধৰ আলোকত দীপ্তিমান। কিন্তু কেৱল শ্ৰেণীসংগ্ৰাম তেওঁৰ কবিতাৰ অৱচেছন নহয়। তেওঁৰ কবিতাতো প্ৰতিবাদ আছে, নিম্নবৰ্গৰ মানুহৰ প্ৰতি আত্মীয়তা, সহৃদয়তা তেওঁৰ সৃষ্টিৰ মাজত সততে  বিৰাজমান। তথাপি তেওঁক প্ৰগতিশীল কবি বুলি কব নোৱাৰি। ড০ হীৰেন গোঁহাইৰ সতে হোৱা সাক্ষাৎকাৰত ফুকনে উল্লেখ কৰিছে জীবনানন্দৰ কবিতা সম্পৰ্ক তথাকথিত প্ৰগতিশীল দৃষ্টিভংগীৰে লিখা প্ৰবন্ধ পঢ়ি তেওঁৰ স্বপ্নভংগ হোৱাৰ কথা। লগতে উল্লেখ কৰিছিল প্ৰগতিশীল সাহিত্য-দৰ্শন সম্পৰ্কত মনৰ মাজত নানান প্ৰশ্ন উদয় হোৱাৰ কথা। তেওঁৰ কবিতাত সততে দেখা পোৱা নিঃস্বজনৰ প্ৰতি সহৃদয়তা মানৱতাবোধৰ পৰা উদ্ভূত আৰু ই চিত্ৰকল্পৰে সমৃদ্ধ আৰু ইংগিতময়তা আৰু ব্যঞ্জনাময় ভাষাৰে পৰিশীলিত তথা পৰিমাজিত। সেই সহৃদয়তা মূলত: ৱাৰ্ডছৱাৰ্ডিয়ান। অনবৰতে আশাবাদী সুৰ এটা অনুৰণিত হৈ থাকে তেওঁৰ কবিতাত। তেওঁৰ অৱচেতন মনো আশাবাদেৰে চহকী। সমাজ বাস্তৱতা বিচাৰি সাক্ষাৎকাৰসমূহ নপঢ়াকৈও এজন অধ্যয়নপুষ্ট আৰু সমাজ সক্ৰিয় পাঠকে তেওঁৰ কবিতাৰ ৰসাস্বাদন কৰিব পৰাকৈ তেওঁৰ কবিতাসমূহ স্বতন্ত্ৰ আৰু আৱেদনময়। সূক্ষ্ম পৰ্যবেক্ষণ হৈছে তেওঁৰ কবিতাৰ যোগেদি সমাজ বাস্তৱতা তুলি ধৰাৰ আহিলা। 

সামৰণিত কব পাৰি যে তেওঁৰ কবিসত্তাত নিৰন্তৰে সমাজবাদী দৰ্শন এটাই ক্ৰিয়া কৰি থাকে যিয়ে তেওঁৰ কবিতাৰাজিক গতিশীলতা প্ৰদান কৰিছে। সাহিত্য হৈছে সমাজৰ সমালোচনা- এই ধাৰণা তেওঁৰ কবিতাত মূৰ্ত হৈছে ব্যঞ্জনা আৰু ইংগিতৰ জৰিয়তে। তেওঁৰ এই সমাজমুখী ধাৰাটোৰে তেওঁ পাঠকৰ মনত খোপনি পুতিছে। তেওঁৰ কবিতাৰ আলোচনা হওক বহল পৰিসৰত। এয়াই আমাৰ কামনা। আলোচনাটোৰ সীমিত পৰিসৰে আলোচনাটোক স্বয়ংসম্পূৰ্ণ বুলি দাবী নকৰে আৰু এই দিশত যথেষ্ট গৱেষণা, অন্বেষণ আৰু অনুসন্ধানৰ থল আছে। 

...

ভ্ৰাম্যভাষ : ৮১৩৩০৫৯৫৬১

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ