জীৱন কিশোৰ
কবি নীলমণি ফুকনৰ
কাব্যিক বিৱৰ্তন সম্পৰ্কে আলোচনা যথেষ্টখিনি হৈছে। কোন উৎসৰ পৰা কি কি কাৰণত
প্ৰভাৱিত হ’ল, কিহে অভিভূত কৰিলে আৰু কোনখিনি
তেওঁ কি চিন্তা-চেতনাৰে সমৃদ্ধ হৈ পৰিমাৰ্জন কৰি সাৰভাগ পাঠক সমাজৰ বাবে
আটোম-টোকাৰিকৈ সজাই ৰাখিলে সেয়া আমি সকলোৱে কম-বেছি পৰিমাণে জানো। তেওঁৰ কাব্যিক
পৰিক্ৰমাৰ ভাবনাবিন্যাসৰ উত্তৰণৰ প্ৰক্ৰিয়া আমি তেওঁৰ প্ৰকাশিত কবিতাসমূহৰ ক্ৰমাগত
পঠনেৰে উমান পাব পাৰোঁ। যিবোৰ দুৰ্বলতা তেওঁৰ আলোচকসকলে আঙুলিয়াই দিলে সেইবোৰ তেওঁ
যে সহৃদয়তাৰে পৰিগ্ৰহণ কৰি গ’ল, সেয়াই
তেওঁৰ কাব্যিক বিকাশৰ মূলমন্ত্ৰ হৈ পৰিল আৰু কালক্ৰমত তেওঁৰ কবিতাই এটা নিটোল আয়তন অৰ্জন কৰিলে।
প্ৰথম দুখন কবিতা সংকলন সূৰ্য হেনো নামি আহে আহে এই নদীয়েদি আৰু নিৰ্জনতাৰ শব্দৰ সৰ্বমুঠ ৫৩ টা কবিতাৰপৰা শেহলৈ তেওঁ অত্যন্ত
কঠোৰভাৱে পৰিমাৰ্জনৰ যোগেদি মাত্ৰ ৯ টা কবিতাহে বাচনি কৰিলে, বাকীখিনি তেওঁ নিজেই
বৰ্জন কৰা বুলি কৈছে। এই সাহসৰ মূলাধাৰ কথাই হৈছে যে তেওঁ সমালোচনাক নিজৰ
অংগচ্ছেদী আত্মসমালোচনাৰে প্ৰত্যুত্তৰ দি গ’ল কাব্যকৰ্মৰেহে,
মৌখিকতাৰ জোৰত নহয়।
নীলমণি ফুকনৰ কবিতা সমৃদ্ধ হৈছিল
অধ্যয়নপুষ্ট সংবেদনশীল মনটোৰ সৈতে । অসমীয়া সংস্কৃতিৰ মূল ঐতিহ্যটোক তেওঁ যিদৰে
নিকট আৰু নিবিড়ভাৱে পাইছিল তেনেকৈয়ে সমকালীন বিশ্ববিশ্ৰুত চিত্ৰকলা আৰু
নন্দনতাত্ত্বিক আৱেশেৰেও তেওঁ আচ্ছন্ন হৈ আছিল। ফলস্বৰূপে তেওঁৰ এক ধৰণৰ নতুন সুৰ
সৃষ্টিত সেইবোৰ সহায়ক হৈ উঠিল বা সেইবোৰৰ সহায় তেওঁ নিজেই ল’লে। এক আদান-প্ৰদানৰ
যোগসূত্ৰই এইদৰে তেওঁৰ অনৰ্গল চিন্তাশীল মনটোত সজাগ আৰু সাকাৰ কৰি তুলিলে যে তাৰ
উমত কবিতাবোৰ স্বতন্তৰীয়া শক্তিৰেই যেন জন্ম পাবলৈ ধৰিলে। নব্য ধাৰাটোৰ বাবে শব্দৰ
নিৰ্বাচন, সৃষ্টি, গতি আৰু সৰ্বোপৰি
তাৰ প্ৰয়োগৰ প্ৰক্ৰিয়াটোতে তেওঁ এক প্ৰকাৰ নিমগ্ন হৈ থাকিল দীঘলীয়া সময়লৈকে,
ক্ৰমবৰ্ধমান আহৰণ-আৰোহণৰ চিত্ৰকল্পৰে। সেয়েহে পাছলৈ উভতি চাই কিছুমান বিকাশশীল অথবা অপৰিপক্ক ঝংকাৰময় শব্দনিক্ষেপ,
অতি প্ৰতীকী প্ৰয়োগ, অসংলগ্ন ভাবৰ সমাহাৰ
আদিৰে মোহাৱিষ্ট কবিতাক তেওঁ বৰ্জন কৰিবলৈ কুণ্ঠাবোধ নকৰিলে। কাৰণ তাৰ ঠাইত তেওঁ
ইংগিতময় প্ৰাচ্যমুখী সাংগীতিক লহৰত অৱগাহন কৰাৰ সুযোগ লাভ কৰিছিল। অতি সতৰ্ক
পদক্ষেপেৰে তেওঁ নিজৰ কবিতাত সেই সুৰ সংলগ্ন-সংৰোপণ কৰিলে।
আনহাতে বিষয়বস্তু নিৰ্বাচনত তেওঁ
নিৰ্মল মানৱ মনৰ অন্তৰাত্মাৰ শিলীভূত মৰ্মভাগৰ অৱস্থিতি উদ্ভাৱনত মনোনিৱেশ কৰিলে
আৰু ইংগিতময় সুৰটোৰে সংপৃক্ত হৈ তেওঁৰ কবিতাবোৰ সৃষ্টি হ’বলৈ ধৰিলে। সেই
আনন্দ-উপলব্ধিয়ে ইমান তীব্ৰভাৱে তেওঁক আলোড়িত কৰিলে যে সি এক তপস্যাসূলভ ৱৰ্ক
প্ৰিঞ্চিপল্ৰ সমকক্ষ হৈ উঠিল। সাধাৰণতে সকলোৰে ক্ষেত্ৰত সেই মাত্ৰাস্পৰ্শ অসম্ভৱ।
কাজেই তেওঁৰ সেই বিচৰণ-পৰিধি প্ৰত্যক্ষ কৰি থকাসকলে ঋষিতুল্য কথাষাৰ তেওঁৰে
সাঙুৰিবলৈ অসহজ বোধ নকৰিলে।
সাধনাৰ পৰা চকু খুলি নিজৰ উত্তৰণ
মাপ-জোখ লবলৈও তেওঁ পাহৰা নাই । লগতে আধুনিক বাস্তৱমুখী মানৱ মনৰ উপৰুৱা আৰু
বেপৰোৱা বিচাৰশৈলীৰ সৈতে সেই গহীন মননৰ তুলনামূলক বিশ্লেষণ কৰিবলৈও তেওঁ সাজু হৈ
থাকিল। এই দৃষ্টিভংগী তেওঁৰ শেষৰ কবিতাখিনিত পৰিস্ফূট হয়।
‘অবাকৰপৰা সবাক গমন’
বুলি যাক কোৱা হ’ব পাৰে; সেই পৰ্যায় এক সাঁথৰৰ উত্তৰ বিচাৰি পোৱাৰ সমমানৰ। তেওঁ পোনছাটেই আধুনিক
মানৱ মনক দোষাৰোপ কৰাৰ পৰিৱৰ্তে তাৰ গহন-মনৰ অন্তৰ্ভাগ পৰিভ্ৰমণ কৰিহে তাৰ উত্তৰ
বিচাৰি উলিয়াইছে। সি যি নহওক তেওঁৰ সামাজিক চেতনা প্ৰবল আৰু বলিষ্ঠভাৱেই উদ্ভাসিত
হৈছে আদিৰে পৰা। কেতিয়াবা নাৰীক লৈ, কেতিয়াবা শিল্পক লৈ,
কেতিয়াবা জীৱৰ অস্তিত্ব সম্পৰ্কীয় জিজ্ঞাসাক কেন্দ্ৰ কৰিয়ে সেই
যাত্ৰাই ৰূপ এটা পায়। আংগিক আৰু প্ৰতীকসমূহ প্ৰকৃতিসৰ্বস্ব হোৱা বাবে তেওঁক বহুবাৰ
প্ৰকৃতিৰ কবি বুলি ভুল কৰা হয় যি দৰাচলতে এটা আশ্ৰয়হে।
নীৰৱতাবাদী মানৱহীনতাৰ উদাহৰণ পোৱা যায়
‘বুৰঞ্জী’
কবিতাত এইদৰে--
“জুই জ্বলি থকা এখন
অৰণ্যৰ কাষেদি আমি দুয়ো/ নাৱেৰে গৈ আছিলো।/ কুঁৱলিৰ দৰে ধোঁৱাৰ সাগৰত/ সাঁতুৰি সাঁতুৰি চৰাইবোৰ জাকে জাকে উৰি গৈছিল,/ লানি নিছিগাকৈ সাপবোৰ
পানীত উটি অহা দেখিছিলো।
যদিওবা ইয়াত ‘দুয়ো’ সংগীৰ দৰে কিন্তু ‘আমি’টো
একবচন ভাবনাৰে ভাৰাক্ৰান্ত, ভাব-বিনিময়ৰ অনুপস্থিতিৰে জলন্ত
বুৰঞ্জীৰ অৱলোকন কৰিছে কবিয়ে একান্ত ব্যক্তিগত দৃষ্টিকোণেৰে; য’ত প্ৰতীকবোৰেই সভ্যতাৰ দ্বন্দ্ব-সংঘাতক উদ্ভাসিত
কৰি তুলিছে। সাধাৰণ মানুহৰ “সৰু ঘৰ” এচুকৰ পৰা উমি উমি জ্বলা আৰু তাত মানুহ নথকা
কথাই এক হিংসাত্মক অঘটনৰ ইংগিত দিয়ে। কবিয়ে নিঃসংগ হৈ সেই দৃশ্যৰ মৰ্ম বিশ্লেষণ
কৰিছে -- বুৰঞ্জীৰ পাতে পাতে হননৰ পৰিভাষাকে কিয় লিপিবব্ধ কৰি থাকিলগীয়া হৈছে
এতিয়ালৈকে? আকৌ তেওঁলোক অনিশ্চিত যাত্ৰাত “ধোঁৱা আৰু নিশাৰ
মাজেৰে ধীৰে ধীৰে নাও মেলি” আগ বাঢ়িব লগা হৈছে। অধিবাস্তৱ আংগিকৰ সহযোগত এই কবিতা
সামাজিক চেতনাৰেই সমৃদ্ধ, কেৱল এটা এনালাইটিকেল ৱে (analytical
way)-ৰে তাৰ ফলাফলৰ তীব্ৰতাক জুকিয়াই থকা হৈছে মনৰ ভিতৰত। আদি পৰ্বৰ
এই কবিতাত নীৰৱ চিন্তন প্ৰগাঢ়।
“নীলা নীলা শিৰাবোৰ”ৰ
কবিতাৰ জন্মসূত্ৰলৈ নোযোৱাকৈয়ে ক’ব পাৰি যে কোনো আদিবাসী
নাৰীৰ জীৱন্ত সংঘৰ্ষ- জৰ্জৰিত সত্তাটোৰ মৃত্যুদিনৰ স্মৃতিচাৰণ নিৰলে বহি কবিয়ে
কৰিছে। সেই ঘটনাই কবিক “নীলা নীলা শিৰবোৰৰ” প্ৰতীকী অৰ্থৰে প্ৰকাশৰ দাবী কৰিছে।
যিগৰাকী হ’ব লাগিব খাটিখোৱা মহিলা। সমাধিস্থল হয়তো বাঁহনিৰ
তলখনেই য’ত বতাহত পাতবোৰে শব্দ কৰাৰ আভাস বহুকালৰ পাছতো
শুনাৰ দৰে লাগিল। কিন্তু সেয়াও স্থান-কাল দুয়োটাৰে পৰা যথেষ্ট আঁতৰৰ পৰা।
তেনেকৈ “শ্যাম বৰণীয়া নাৱিকবোৰ”ৰ
আন্ধাৰ জীৱনৰ উভতি নহা টোপাল টোপাল কাহিনীৰ অনুসংগ কবিয়ে একবচন মেলৰ যোগেদি
উচ্চাৰণ কৰিছে। এই ক্ষেত্ৰত কবি অকলশৰীয়া অথচ সমাজসংগৰ বাবে কাতৰ আৰু আগ্ৰহী। সেই
নাৱিকবোৰ আমাৰ পৰা যে বিচ্ছিন্ন আৰু এৰাব নোৱৰা দুখস্মৃতিয়ে তেওঁৰ সামাজিক
চেতনাটোৰ শক্তিশালী দিশটোকেই উন্মোচন কৰে।
বহুল পঠিত “তুমি যে তিলফুল হৈ”
কবিতাটোত মৃত্যু চেতনা প্ৰবল হৈছে সহযাত্ৰীৰ অনুপস্থিতিৰে। স্বামী-স্ত্ৰীৰ কোনোবা
এজন নোহোৱা হৈছে আৰু আনজনে সেই স্থিতিক মানি ল’ব পৰা নাই।
“এখনি মুখ” কবিতাত হেৰাই
যোৱা কিবা পোৱাৰ আশা খুবেই আকুলতাৰে প্ৰকাশ কৰিছে কবিয়ে। বিচ্ছেদৰ আনুভূতিক দিশটো
প্ৰথম অৱস্থাটোত খুবেই প্ৰাকৃতিক, সেউজ-গ্ৰাম্য পৰিৱেশেৰে
সজীৱ। এতিয়াৰ কোনোবা এখনি
সাইলাখ মুখ দেখা পাই তুলনাত আনখন মুখ অৱচেতনাৰ পৰা উন্মুক্ত হৈ ওলাই আহিছে। এটা
অপেক্ষা আছিল পানীপিয়া চৰাইৰ মাতত, গাঁৱৰ মূৰৰ শাৰী শাৰী
চেগুণ গছ আছিল সাক্ষী, ক’ৰবাত সৰি পৰা
অকণমানিৰ ডিঙিৰ মণিৰ লেখীয়া হেৰাই যোৱাৰ আভাস আদিয়ে দুঃখবোধ তীব্ৰতৰ কৰিছে। খেজুৰী
পাতৰ নিয়ৰ, বিজুলীৰ পোহৰ, ৰাতিৰ হ্ৰদত
ফুল পাহিৰ কঁপনিৰ ৰিজনিত কথাবোৰৰ ৰসাস্বাদন হৈ থাকোঁতেই এক কাৰুকাৰ্যখচিত আধুনিক
ভাবৰ কৃত্ৰিমতাত তাৰ পৰিসমাপ্তিয়ে সেই প্ৰাপ্তিক নাকচ কৰিছে; জাপানী পামৰ গাম্লাত কোমল পাতৰ বন্দিত্বৰে। পানীপিয়াৰ পিয়াহ পিয়াহ হৈ
ৰওঁতেই তাৰ শেষ ফলো নিৰ্ধাৰিত হৈছে এক ট্ৰেজিডিৰ ছাঁত।
নীলমণি ফুকনৰ “নিৰ্জনতাৰ শব্দ”বোৰে
তেওঁৰ একাণপতীয়া আটাইতকৈ ভিন্ন সাধনাৰ প্ৰতীকী ভিত্তি হৈ উঠিল “বাঁহৰ আগত/ ধোঁৱাই
আৰে নিৰ্জনতা” বা “দীঘল দীঘল নদীত/ ধোঁৱাৰ সময়” আদিত। হ’লেও সেই নিৰ্জনতাত আগৰ
ভাবুকতা বালকসুলভতাৰ পৰিৱৰ্তে
তেওঁৰ সামাজিক বিৰূপ চিত্ৰৰ প্ৰতিবাদী কণ্ঠ, যাক ছ’চিয়েল এম্পেথীৰ (social empathy) ফল বুলিব পাৰি,
সেইটো বিচাৰি পোৱা যায় কিছুমান ঋণাত্মকতাৰ জৰিয়তে “মৰা জিলিৰ খোলাত/
ৰ’দৰ ৰং”, “মঙহত মেৰ খালে মৰা গছৰ শিপা”,
“গছবোৰ যেন পানীত উবুৰি খাই পৰিব”, “অসংখ্য
কঠিন জৰিৰে বান্ধ খাই থকা/ এডাল মাস্তুল”, “বুকুৰ হাড়বোৰৰ
মাজত মৰ্ মৰ্ শব্দ”, “অন্ধকাৰ মঞ্চ” আদি প্ৰয়োগত। কবি
সেইখিনিতে নিৰৱ-নিৰ্জন সৃষ্টিপৰ্বৰ বেদীৰ পৰা জনতাৰ যাতনাত একীভূত হ’বলৈ বহিৰ্মুখী ওভতনি আৰু আদিলৈ পুনৰ্গমন প্ৰক্ৰিয়াটোত নিৱিষ্ট হৈছিল।
যেনিবা এটা দোলকঘড়ীৰ স্থিতি, য’ত সময়
আগুৱায় মাত্ৰ দোলনত।
“গ্ৰীষ্মৰ কেইটামান
ক্ষুদ্ৰকায় দৃশ্য”ত বাস্তৱৰ কাঠিন্য যদি ভাসমান “দৃশ্য” কবিতাত আকৌ মৃত্যুচেতনা “মোৰ
ভৰিৰ আঙুলিত এটা শীতল স্পৰ্শ--/ এটা সাপ”। “ব্ৰহ্মপুত্ৰত সূৰ্যাস্ত” কবিতাত “দিনৰ
হিৰন্ময় হৃদয়-পাত্ৰ”ৰ নিঃশব্দ বুৰ যোৱা যদি হয় “মানুহৰ অন্তিম লালসাৰ/ কি প্ৰজ্বলন!”
বুলি আশ্চৰ্যচকিত হয় পাছ মুহূৰ্ততে। “মৈথুন সংগীত”ত একাকিত্বক একাষৰীয়া কৰি দৃষ্টি
নিবদ্ধ হয় “তোমাৰ দেহৰ ভিতৰত/ এতিয়া এপাহ ৰঙা ফুল” আৰু “তোমাৰ স্তনৰ ৰক্ত তোমাৰ
ওঁঠত” বোলা কথাষাৰত যি “পাহাৰত মেঘৰ গৰ্জন”-এৰে ৰতিক্ৰিয়া সম্পন্নৰ ইংগিত দিয়ে।
বহু ক্ষেত্ৰত ধৰিবলৈ কঠিন হৈ পৰে উত্থান-পতনবোৰ স্বতঃস্ফূৰ্ত নে অতি পৰিমাৰ্জনত
অজানিত।
কামনাৰ ৰঞ্জিত উন্মাদনাৰ পুনৰ প্ৰকাশ
ঘটে “সেই একেটা জোনেই নে” কবিতাৰ প্ৰশ্নটোত বেলেগ অচিনাকী জোনৰ সম্ভাৱনাত এক
প্ৰগলভসুলভতা বৈ গৈছে মাজৰ শাৰীলৈকে “তোমাৰ দৰে সকলো ৰমণীৰ ওঁঠত ওঁঠ থৈ”লৈকে। সেই
অচিন-চিনাকী জোনে মচি গৈছে “চকুৰ প্ৰতি টোপাল টোপনি”- নিদ্ৰাহীন বাসনাৰ ৰাতিত।
এইবোৰত লাহে লাহে একাকিত্ব নাইকিয়া হৈছে কিন্তু তাৰ after effect-অৰ চাপ ৰৈ
ৰৈ আঁতৰি থাকে বা আঁতৰি গৈ গৈ ৰৈ দিয়ে।
তাৰ পাছত “এটা নীল উপলব্ধি”ত জনতামুখী
ভাবটোৱে স্থান গ্ৰহণ কৰিছে “আটাইতকৈ কোমল গান গোৱা মানুহজন” আমাক সহায় নকৰাৰ কথাই
অস্তিত্বৰ সংকটক উপলব্ধি কৰায়। লগে লগে “জনকীৰ্ণ নগৰ আৰু চহৰলৈ” বোলা প্ৰপঞ্চটোৱে
সেই হেৰাই যোৱা মৃদুস্বৰৰ গায়কজনৰ ধাৰাটোৰ এটা দিশে বিৰুদ্ধাচৰণ কৰে। পৰিৱৰ্তনৰ এই
বিষময় প্ৰভাৱ, ঘাট মাউৰা স্থিতি বা loss of gardian-অৰ বিপত্তিৰ দৰেই ভয়াৱহ। কবিতাটোত সেই সতৰ্কীকৰণ প্ৰতিপাদিত হৈছে।
একেই বিষময়তা পুনৰ জীৱন্ত হৈছে “আচ্ছাদিত
দুখ” কবিতাত “চৰাইৰ গান/ তেজৰ টোপাল” আৰু “এজাক কাউৰী/ তোমাৰ কপাল” বুলি কোৱা শাৰী
কেইটাত সবাক স্থিতি পৰিগ্ৰহণৰ প্ৰয়াস পৰিস্ফূট হৈছে।
আকৌ “আৰ্তস্বৰ” কবিতাত নিৰ্জনতা আৰু
শব্দময়তাৰ সংঘাত (conflict) এটা আহি পৰে। “ৰাতিৰ দূৰত্বলৈ নামি গ’ল/ প্ৰতিটো
তৰা” আৰু “ফেউৰাটোৰ চিয়ঁৰৰ দূৰত্বত/ শূন্যতাৰ আৰ্তস্বৰ”ৰ মাজত সেয়া দৃশ্যমান।
“ওলমি থকা গোলাপী জামুৰ
লগ্ন”-ত উদাত্ত হৈ আছে “অন্তৰৰো অন্তৰ খহাই বৈ যোৱা তপত
লাভাৰ আন্ধাৰ পাগ্লাদিয়া” আনহাতে স্থবিৰতা মূৰ্তমান হৈছে “নিনাদিত হৈ নুঠা
কিছুমান শব্দৰ হাতৰ প্ৰাচীন শীতলতা”ত। এনে বৈপৰীত্য বাৰংবাং দেখা গৈছে যেনেকৈ আমি
কাৰোবাক কিবা কথা বুজাবলৈ গৈ ৰৈ গৈছোঁ- হ’ব থাকক দিয়া বুলি
কৈ। এনেবোৰ ঘটন-অঘটন নীলমণি ফুকনৰ চেতনা জগততহে সম্ভৱ । যেন জুই আৰু পানীৰ মিলন “এজাক
বলিয়া ঘোঁৰাৰ ফানত ওলমি/ এথোপা তুষাৰ” ৰ মাজত অন্তৰ্নিহিত তাপ বনাম শীতৰ
প্ৰতিস্পৰ্ধা।
নীলমণি ফুকনৰ কবিতাত বিশেষ আন কথা মন
কৰিবলগীয়া। সেয়া হ’ল যে তেওঁ পদে পদে অনিশ্চয়তা নিশ্চিত কৰি গৈছে । জীৱনৰ
অনিশ্চিত ধাৰাটোক তেওঁ কবিতাৰে সন্তৰ্পণে জুখি চাইছে। বহুবাৰ মৃত্যু-চেতনাৰেও সেই
কথা জুকিয়াই চোৱা হৈছে। সেই অনিশ্চয়তা, আখৰা বা
প্ৰস্তুতিকালীন সময়ৰ অলপ দ্বিধা, অকণ আশংকাৰ মাজতে
প্ৰতিপালিত হয়, যিটো আকৌ কাব্যিক সৌন্দৰ্যবোধৰ আধাৰ হিচাপেও
পৰিগণিত হয়। আশ্চৰ্যবোধৰ সমাপণ, কেতিয়াবা অস্থিৰতাই পোৱা
সাম্যাৱস্থাই বহু ক্ষেত্ৰত কাব্যিকতাক হানি কৰাৰ দৰে ফুকনৰ কবিতাতো সেয়া এটা
অবিচ্ছেদ্য অংশস্বৰূপ হৈ পৰে অনেকবাৰ।
ধৰা হওক “পৰ্বতৰ ধূমায়িত গহ্বৰ আমাৰ
মুখ”, “সাঁজৰ
পৃথিৱীখন গৈ থাকে/ দুটা লোৰ ছিৰিৰ ওপৰেৰে”, “এজাক সোণালী
ফিচাৰ মাছ”, “বতাহত ভাহি গ’ল এটা
শুকুলা গোন্ধ”, “সেই উভলি পৰা এজোপা গছ”, “বান্ধ ছিঙি উটি যোৱা নাৱৰ পাল”, “কোনোবাই চিয়ঁৰিছে”,
“সাত সমুদ্ৰত শঙ্খ/ বাজিছেনে নাই”, “এই চাকিটি
জ্বলোৱা/ এই চাকিটি নুমুৱা” আদিবোৰত বাস্তৱকে প্ৰতীকী চিত্ৰণেৰে পৰিৱেশ
আশ্চৰ্য-অনিশ্চিত কৰি তুলিছে।
নীলমণি ফুকনৰ পৰৱৰ্তী পৰ্যায়ৰ যথেষ্ট
কবিতাত নিৰ্জনতাক লুপ্ত কৰা হৈছে আৰু ভোতা (blunt) তন্দ্ৰালু চেতনা তীক্ষ্ণ (sharp)
উচ্চস্বৰ হৈ বিস্ফোৰকৰূপে প্ৰক্ষেপিত হৈছে। “দুয়োখন
দুৱাৰ মেলি থ’বি” কবিতাত নিৰ্মম ৰক্তাক্ত সন্ত্ৰাসৰ বাস্তৱক
চিত্ৰায়িত কৰিছে এইদৰে – “দুয়োটা বাটিত সজাই থ’বি/ দুবাটি মঙহ হালধি সানি.... তোৰ তেজলৈ তাক তাৰ/ হাত সুমুৱাই দিবলৈ ক’বি/ তেজ তাৰ তিতা নে লুণীয়া/ তয়ে তাক চাকি চাবলৈ ক’বি”।
ইয়াত দুয়োটা চৰিত্ৰৰে একেই তেজ। সেয়েহে ইজনৰ তেজত হাত দিয়াটোৱে সিজনে নিজৰ তেজ বা
চৰিত্ৰৰ উমান পোৱাৰ ইংগিত, ভাতৃঘাতী সংঘৰ্ষৰ ৰাজনৈতিক domination
টোকে সূচায়। আকৌ আইক উলংগ হৈ ৰহঢলা পথাৰত নাচিব ক’ব লগা হোৱাৰ যোগেদি নিৰ্বিকাৰ ডেকাশক্তিকে ইতিকিং কৰা হৈছে যে সিহঁতে
অন্তঃসাৰশূন্য হৈ স্বৰ্গদেউ (the powerful)-ৰ বাবে সেইবোৰৰ
আয়োজন কৰি দুয়োখন দুৱাৰ খুলিহে ৰাখিছে। শাসনতন্ত্ৰৰ পদলেহনত মত্ত যুৱসমাজৰ এই
সামাজিক অৱক্ষয়ৰ ছবিখন ফুকনে ভয়ানকভাৱে অংকন কৰিছে। ই তেনেকৈয়ে এটা ৰাজনৈতিক
সমালোচনাৰ কবিতাৰূপে স্বীকৃতি লাভ কৰিছে।
“ৰৈ আছিলোঁ আন্ধাৰু
বালিত” কবিতাত কবিৰ প্ৰকাশ অইন এক মাত্ৰাত ধৰা দিয়ে। কঠোৰতা প্ৰকাশ পায় তেওঁৰ
কণ্ঠস্বৰত, য’ত ঋষিত্বৰ উগ্ৰতা সাকাৰ
ৰূপত দণ্ডায়মান হয়। “বৰতোপৰ মুখত উঠিল ফুটি/ বৰফুকনৰ নিৰ্দেশ/ জুয়ে পোৰা মানুহ হৈও
মই/ জীৱনৰ ভয় নে মৰণৰ/ কেইঘড়ী মৰণ” সেই তেজাল আৱেদন ফুকনৰ উচ্চাংগ স্তৰৰ প্ৰাপ্তি,
সৰলতাক হনাসকলক প্ৰত্যাঘাতী প্ৰত্যুত্তৰ। এই চেতনাও তেওঁৰ বাবে
জৰুৰী হৈ পৰিছিল অগ্নিদগ্ধ সময়ৰ তাড়নাক মন্থন কৰিবলৈ। আগ বাঢ়ি গৈ তেওঁ সৰৱ হৈ
পৰিছে “কেইশ বছৰ হ’ল/ কেইশ বছৰৰ পাছত/ বৰফুকনৰ নিৰ্দেশ/ বৰতোপৰ মুখত উঠিল জ্বলি/
বাতি-পহৰীয়াৰ সময়...বুঢ়া লুইতৰ হাওঁৰণি/ সোণৰ মৈৰাজৰা ভাঙি/ গাৰ গুচাওঁ বন”
বিভিন্ন সময়ত ফুকনে মানৱ-মনৰ বৰ্তমান
বিক্ষিপ্ত আৰু ৰক্তাক্ত ভাবনাক স্বভাৱজাত নীৰৱতা ভাঙি অৱলোকন কৰিছে। “ওঁঠত ফাটিল
বাঁহী”, “খেতিয়কসকলৰ
মাজত কিবা এটা হুলস্থুল”, “বৰকাঁহত কোবায়”, “ইস্পাত হোৱা”, “আঘাত হানা আঘাত হানা কপালত”, “দগ্ধ সেই সন্ধ্যাৰ নিৰ্বেদ”, “তেজলগা এটা গুলীৰ শব্দ”,
“কাৰোবাৰ তেজে ধোঁৱা/ বেদীৰ তলত”, “তেওঁলোক
ৰণাংগনৰ গান”, “তুমি সৈনিক, তোমাৰেই
উন্মোচনৰ ক্ষমতা” আদি বাক্যাংশবোৰত নীৰৱতাক উহ্য কৰি ধ্বনিক প্ৰাধান্য দিয়া হৈছে।
“বাটৰ কাষতে পেলাই থৈ
যায়” কবিতাতো মন কৰিবলগীয়া একেই তীব্ৰতা বৰ্তমানৰ হত্যা-হিংসাৰ ছবিখন আঁকিবলৈ তেওঁ
লিখিছে “বাটৰ কাষতে পেলাই থৈ যায়/ উৱলি যোৱা শটো/ জীয়া মৰাৰ তফাৎ কি ইয়াত/ জীয়া
মানুহৰো গাৰ পচে মঙহ/ ... জোনৰ দৰে চেঁচা মুখৰ ৰাতিটোৱে/ কাৰ পানী-পতাত/ কৰ্কৰকৈ
চোবাই হাড়... চকুতে হেৰাল ফুলকোঁৱৰৰ ঘোঁৰা/ আৰু কবিতাত ভৰসা/ বাৰে বাৰে নিজকে দিওঁ
ধিক্কাৰ”।
ভাব হয় এইটো সেই একেটা জোনেই নে, একেজনেই নে নীলমণি
স্নিগ্ধ নীলা পোহৰৰ নে অসিত নীলমণি গাঢ়তকৈও গাঢ়তৰ হৈ প্ৰায় নীলকণ্ঠ তাণ্ডৱ
নৃত্যৰত।
সেই কোমলতা সনা কবিতাবোৰৰ বাবেই তেওঁ
নিজকে ধিক্কাৰ দিছে, সমাজক সেইবোৰে বিশেষ লাভবান কৰিব পাৰিছেনে নাই বুলি তেওঁ
সন্দিহান । এই উপলব্ধি খুবেই বিষম, কিমান উপেক্ষিত- অৱহেলিত
হ’লে অন্তৰাত্মাত এই জোকাৰণি উঠে। যাৰ বাবে তেওঁ এই তীৰ্যক
স্তৰৰ বাক্যবাণ প্ৰক্ষেপ কৰিবলৈ বাধ্য হ’ব লগা হয়। তেওঁ
সেইখিনি যন্ত্ৰণাকে একো নুলুকুওৱাকৈ প্ৰকাশ্যে কৈও পেলাইছে “বুকুৰ মাজতে মোৰ কিবা/
গুটি এটা গজে/ মানুহে খাই পাহৰি পেলোৱা/ নোখোৱা এটা গুটি”
তেওঁ প্ৰায় পূৰ্বকৰ্মক পাহৰাৰ দৰেই
কৰিছে- অলপ আগতে আমি কি কথা পাতি আছিলোত। ইয়াতে তেওঁ যুগ
বা পৰ্ব এটাৰ আৰম্ভণিৰ কথা কৈছে- “ঠিক ৰাতি বাৰটালৈ/ চাৰি মিনিট থাকোঁতে/ পকা
আঙঠাৰৰ দৰে/ আকাশখন জ্বলি উঠা”। কিন্তু সেয়া হৈ উঠে মাটিৰ সজীৱতা হানি কৰা, বাঁহ গছৰ অস্তিত্ব
সংহাৰ কৰা বিজতৰীয়া কিবা নতুনত্বইনে কি? তেওঁ নিজাকৈ জীৱন বা
মৃত্যু এটা বিচাৰি নোপোৱাৰ কথাটোৱে প্ৰৱল অৱহেলাৰ সন্মুখীন হোৱাটোকে সূচায়। এই
যুগসন্ধিৰ প্ৰাপ্যৰ পৰা বঞ্চিত যেন কবি। যি সময় ঢোলৰ চেওৰ স্বাচ্ছন্দ্য লয়ৰ হোৱা
উচিত আছিল অথচ গৰুৰ ছালে বেবোৱা শব্দৰ অনুভূতিহে হয়গৈ সেই মাতত, একেদৰেই ৰাঙলী হাতৰ সন্ত্ৰস্ত অৱস্থাটোহে ইয়াত উজ্জীৱিত। এই ক্ষয়িষ্ণু
সময়ৰ চেকা কবিসত্তাত পৰিছে। চূড়ান্ত পৰ্যায়টো আৰু মৰ্মস্তুদ হৈ দেখা দিয়ে যেতিয়া
অনুচ্চ কণ্ঠৰ কবিৰ মৃত্যুৰে তেওঁ নিজৰ পূৰ্বৰাগটোকেই নাকচ (deny) কৰিছে লগতে সমগ্ৰ তেনে সুৰধাৰীকো (going with the same tune) উঁইচিৰিঙাৰ চী-চিয়নিৰ সামান্য এক কীটৰূপতাৰে মৃত্যু ঘোষণা কৰিছে, যাৰ সকাম-পৰ্বত কোনো নিশ্চিত নহয় যে কেইজন লোক আহিব।
সমাজতাত্ত্বিক দৃষ্টিভংগীৰে এয়া এক
গুৰুত্বপূৰ্ণ আলোকপাত। ফুকনৰ এই শেষ পৰ্যায়ৰ আৱিষ্কাৰ অতি নিৰ্মম কিন্তু ভ্ৰান্ত নহয়। তেওঁ তাত মেছেজ (message)ৰ পৰিৱৰ্তে পৰিণতি ঘোষণা কৰিছে স্বভাৱৰ বিপৰীতধৰ্মী উচ্চাৰণত। শেষোক্তি
হয়তো এইটোৱে যে- অনুচ্চ স্বৰ পৰিত্যাজ্য। অনথ্যা নিৰীহৰ স্থান সময়ৰ বুকুত ছাইৰ
সমতুল্য।
নীলমণি ফুকনৰ সৰলতা আছিল বা আছে আনে
আঙুলিয়াই দিলে বতাহৰ দৰেই সেয়া পাতল পাতল লাগে, সহজ নহয় কিন্তু তেওঁৰ কাব্য-মহিমা,
বিড়ম্বনা। তেওঁৰ নীৰৱতা ভীতিগ্ৰস্ত হ’ব
নোৱাৰে। তেওঁ বহুৱালিও পৰাপক্ষত নকৰে। হাস্যৰস তেওঁৰ ন্যূনতম, গোটেই নৱৰসৰ সমাহাৰ তেওঁৰ কবিতাত বিচাৰি সতকাই নাপায়। সেয়া দোষ-দুৰ্বলতা
হোৱাতকৈ তেওঁ যেন ইচ্ছাকৃতভাৱে কিছুমান আদৱ-কায়দা প্ৰয়োগ নকৰে। সমকালীন কবিসমাজৰ
যিবোৰ প্ৰিয়, সেয়া পৰিহাৰ কৰে স্বেচ্ছায়। তেওঁ sense
of humour-ৰে গহীন কথা নুবুজায়। এটা serious pattern তেওঁ অনুসৰণ কৰে। সেয়া নিগূঢ়, কেতিয়াবা শ্লেষময়,
কেতিয়াবা উগ্ৰ কিন্তু হাস্যমধুৰ নহয়। তেওঁ নিজকে অন্যত বহুৱাই চাই
নিজৰ মাজতে কথা কয়, সমজুৱা আলোচনাধৰ্মী চৰ্চা-অপচৰ্চাৰ কলৰৱৰ
আঁতৰত তেওঁৰ অৱস্থান, তেওঁৰ স্বনামধন্য খোৰোঙত কেতিয়াবা
উমনিৰ নীৰৱতা আন কেতিয়াবা পৰভক্ষীৰ তৰ্জন-গৰ্জনত জীয়াই থকাৰ সংঘৰ্ষ।
তেওঁ প্ৰায় পূৰ্বকৰ্মক পাহৰাৰ দৰেই
কৰিছে এই বুলি যে “অলপ আগতে আমি কি কথা পাতি আছিলো”
কিন্তু এই পাহৰণি স্মৃতিক্ষয়ৰ ফল নহয়।
ই এক পাহৰাৰ অভিনয় সদৃশ ক্ৰিয়া, যিবোৰ হৈ যোৱা বা কৰি উঠাৰ পাছত আমি
মনত ৰাখিব নিবিচাৰো। এক যন্ত্ৰসম জীৱনৰ ই যেন এক উৎপাদিত শোকৰে বৈশিষ্ট্য।
সেয়ে তেওঁ “আজি ৰাতিয়েই দুৰ্ঘটনাটো
ঘটিব পাৰে” কবিতাত লিখিছে “ সকলো শ্ৰম
পণ্ডশ্ৰম বুলি বাৰে বাৰে/ প্ৰমাণিত হোৱাৰ পাছতো/ কথাবোৰ মনত ৰাখিব নোৱাৰো/ অথচ
সৰ্বস্ব তাগৰ বিনিময়ত অৰ্জন কৰোঁ/ প্ৰতিদিনেই একোটা অন্তৰ্দাহী দিন”
আচলতে তেওঁ একো পাহৰি পেলোৱা নাই
সেইবাবেই তেওঁৰ শ্ৰমে ফল ধাৰণ কৰিছে। নহ’লে আগৰ দৰেই তেওঁ সৰলতাৰে সকলোবোৰ
অৱলোকন কৰিলেহেঁতেন, তুলনাত্মক বিশ্লেষণ সম্ভৱ হৈ
নুঠিলেহেঁতেন।
“ঠিক
ৰাতি বাৰটালৈ/ চাৰি মিনিট থাকোঁতে/ পকা আঙঠাৰৰ দৰে/ আকাশখন জ্বলি উঠা”ৰ যন্ত্ৰণাটো অত্যাধুনিক মানুহৰ উত্যুৎসাহী অৱদমনৰ স্পৃহাত সাৰ পোৱা এক
বিস্ফোৰণৰ বিজ্ঞপ্তিহে যেন। সেয়া হৈ উঠে মাটিৰ সজীৱতা হানি কৰা, বাঁহ গছৰ অস্তিত্ব সংহাৰ কৰা বিজতৰীয়া কিবা নতুনত্ব, যি কবিৰ গ্ৰাহ্যতাৰ
নতুনত্ব নহয়। সেয়া সময়ক গ্ৰাস কৰাব অভিনৱ কাৰচাজি ক্ষমতাশালীৰ। এই যান্ত্ৰিক ছবিৰ
নিৰ্মাণে এক সকীয়নি, যুগদ্ৰষ্টাসকললৈ।
নিজাকৈ জীৱন বা মৃত্যু এটা বিচাৰি
নোপোৱাৰ আক্ষেপে তেওঁ যে প্ৰৱল অৱহেলাৰ সন্মুখীন হৈছে সেইটোকে সূচায়। এই যুগসন্ধিৰ
পৰা প্ৰাপ্ত অসাৰ সম্ভাৰ কবিৰ কাম্য নাছিল। যাৰ বাবে তেওঁ ৰুক্ষ বাস্তৱৰ মৃতপ্ৰায়
ছবি এখন আঁকিবলৈ বাধ্য হৈছে। যি সময় ঢোলৰ চেওৰ স্বাচ্ছন্দ্য লয়ৰ হোৱা উচিত আছিল
তাৰ ঠাইত গৰুৰ ছালে বেবোৱা শব্দৰ অনুভূতিহে হৈছেগৈ। ৰাঙলী হাতৰ সন্ত্ৰস্ত
অৱস্থাটোহে ইয়াত উজ্জীৱিত যি সমগ্ৰ কলা-কৃষ্টিৰ স্থায়িত্বৰ ওপৰতে প্ৰশ্ন উত্থাপন
কৰিছে। এই পৰিস্থিতি ভীষণ আৰু খুবেই চিন্তনীয়।
ক্ষয়িষ্ণু সময়ৰ চেকা কবিসত্ত্বাত
বাৰুকৈয়ে পৰিছে। চূড়ান্ত পৰ্যায়টো আৰু মৰ্মস্তুদ হৈ দেখা দিয়ে যেতিয়া অনুচ্চ কণ্ঠৰ
কবিৰ মৃত্যুৰে তেওঁ নিজৰ পূৰ্বৰাগটোকেই নাকচ (deny) কৰিছে লগতে সমগ্ৰ
তেনে সুৰধাৰীকো (going with the same tune) উঁইচিৰিঙাৰ
চী-চিয়নিৰ সামান্য এক কীটৰূপতাৰে মৃত্যু ঘোষণা কৰিছে, যাৰ সকাম-পৰ্বত কোনো
নিশ্চিত নহয় যে কেইজন লোক আহিব।
সমাজতাত্ত্বিক দৃষ্টিভংগীৰে এয়া এক
গুৰুত্বপূৰ্ণ আলোকপাত। ফুকনৰ এই শেষ পৰ্যায়ৰ আৱিষ্কাৰ অতি নিৰ্মম কিন্তু ভ্ৰান্ত নহয়। তেওঁ তাত মেছেজ (message)ৰ পৰিৱৰ্তে
পৰিণতি ঘোষণা কৰিছে স্বভাৱৰ বিপৰীতধৰ্মী উচ্চাৰণত।
তেওঁ পুনৰ কয় “ৰাতি পুৱাই আহে/ পোৰা
টায়াৰৰ দৰে গোন্ধাই বতাহ/ চকুৱে চকুৱে উৰি অহা পখিলাবোৰ/ আহি মোৰ চকুত হয়হি/
কিছুমান মৰা মকৰা”। কিমান মানৱীয়তাৰ বিকৃতি হ’লে এই পৰ্যায়ৰ দৃশ্যাৱলী আমি সমুখত দেখা পাব পাৰো তাৰ ইংগিত তেওঁ প্ৰকাশ
কৰিছে কৰুণ চিত্ৰকল্পৰে।
এইদৰে অনেক প্ৰয়োগ তেওঁৰ কবিতাত
শেহতীয়াকৈ পোৱা যায়। শেষোক্তি হয়তো এইটোৱে যে যি অনুচ্চ স্বৰে নিৰীহৰ স্থান সময়ৰ
বুকুত ছাইৰ সমতুল্য হোৱাৰ পৰ্যায়লৈ ঠেলি নিব পাৰে তাক তেওঁ আৰু গৃহীত নকৰে।
নীলমণি ফুকনৰ সৰলতা আছিল মানুহক জুখি
চোৱাৰ এক পৰীক্ষামূলক চেষ্টা। সেয়ে তেওঁৰ নীৰৱতা কেতিয়াও ভীতিগ্ৰস্ত অথবা
দিগভ্ৰান্ত হোৱা নাই। তেওঁক যিমান প্ৰহাৰ কৰা হৈছে তেওঁ বেছি তীক্ষ্ণতা আয়ত্ব কৰি
গৈছে। মানুহৰ সংহাৰী সামাজিক আচৰণত অতিষ্ঠ হৈ তেওঁৰ মাজত উগ্ৰতাৰ সূত্ৰপাত হৈছে ।
তেওঁ ইচ্ছাকৃতভাৱেই কিছুমান আদৱ-কায়দা
প্ৰয়োগ নকৰে। সমকালীন কবিসমাজৰ যিবোৰ প্ৰিয়, সেয়া পৰিহাৰ কৰে স্বেচ্ছায়। সেইটোৱে
আদিৰে পৰা তেওঁৰ মৌলিকতাক বিশুদ্ধ আৰু বিশেষ কৰি ৰাখিছে।
লিখনশৈলীত তেওঁ এটা serious pattern অনুসৰণ কৰে। সেয়া নিগূঢ়-ব্যঞ্জনাময়, কেতিয়াবা শ্লেষপূৰ্ণ, কেতিয়াবা
সমাজ-ব্যৱস্থা আৰু ৰাজনৈতিক অৱস্থানৰ ওপৰত খৰ্গহস্ত হৈ উঠা উত্তপ্ত অধীৰ।
তেওঁ নিজকে অন্যত বহুৱাই চাই নিজৰ
মাজতে কথা কয়, বিশ্লেষণ কৰে কথাবোৰ, চলাথ কৰে যত্ৰ-তত্ৰ
সমস্ত ক্ষেত্ৰ অৰ্থৰ উহ বিচাৰি। সমজুৱাৰ আলোচনাধৰ্মী চৰ্চা-অপচৰ্চাৰ কলৰৱৰ আঁতৰত
তেওঁৰ অৱস্থান। তেওঁৰ স্বনামধন্য বিৰিখৰ খোৰোঙত ভিন্ন পৰিৱেশৰ উপস্থিতি। কেতিয়াবা
শান্ত ধীৰ পক্ষীৰ উমনিৰ নীৰৱতা আন কেতিয়াবা পৰভক্ষীৰ তৰ্জন-গৰ্জনৰ মাজত জীয়াই থকাৰ
সংঘৰ্ষ, জয়-পৰাজয়ৰ অভিব্যক্তি।