অন্যযুগ/


পাহৰিব নোৱাৰিলো যি : বিষণ্ণ এক সেউজীয়াৰ স্তব্ধতা

  ড° মৃণাল কুমাৰ গগৈ



কবিয়ে  সূৰ্যোদয়ত  কৈছে - ‘‘কত  কথা  পাহৰি  লো,  কত  কথা  পাহৰি  থাকোঁ,  কেতিয়াবা  মনত  পেলাবলৈকো  কত  কথা  পাহৰি  যাওঁ,  আকৌ  কোনোবা  এটা  সময়ত  মনলৈ  আহিলেও,  ফটফটীয়া  বা  ছঁয়াময়াকৈ,  যেনেকৈয়ে  নাহক,  অহোপুৰুষাৰ্থ  কৰিও  ভাষাৰে,  আনকি  ঠাৰে-চিঁয়াৰেও  প্ৰকাশ  কৰিব  নোৱাৰোঁ ৷’’  তথাপি  তেওঁৰ  মনৰ  নিভৃত  কোণত  শিলৰ  ৰেখাৰ  দৰে  যিখিনি  কথা  ৰৈ  ,  সেইখিনিৰেও  এজন  মহৎ  কবিক  অনুসৰণ  কৰিব  পাৰি ৷  কুলাৰে  জাৰি,  চালনীৰে  চালি  যিকণ  মলখু  দৃশ্যমান  হৈ  থাকিল,  সেইকণেৰেও  অসমীয়া  আত্মজীৱনীমূলক  সাহিত্যত  নতুনত্ব  দাবী  কৰিব  পাৰি ৷  ভিন্ন  প্ৰসঙ্গত  অসমীয়া  সাহিত্যৰ  অন্যতম  প্ৰধান  বুৰঞ্জীপ্ৰণেতা  সত্যেন্দ্ৰনাথ  শৰ্মাই  কোৱা  ‘‘আমাৰ  সাহিত্যত  অৱশ্যে  এনে  শিল্পীসুলভ  দৃষ্টিৰে  ৰচনা  কৰা  আত্মচৰিত  বা  জীৱন-চৰিত  ৰচিত  হোৱা  নাই ৷’’  বোলা  কথাষাৰকো  আকৌ  এবাৰ  ন-কৈ  ভাবি  চাব  পাৰি৷

কবি  নীলমণি  ফুকনৰ  চাৰিকুৰি  পাঁচ  বছৰ  বয়সত  প্ৰকাশিত  একমাত্ৰ  আত্মজীৱনীমূলক  গ্ৰন্থ  ‘‘পাহৰিব  নোৱাৰিলো  যি’’৷ ৪২৭ পৃষ্ঠা  জোৰা  এই  গ্ৰন্থখনি  প্ৰকাশ  পায়  ২০১৮ চনত ৷  যদিও  প্ৰকাশকে  গ্ৰন্থখনিৰ  শীৰ্ষত  ইয়াক “A Memoir”  বুলি  অভিহিত  কৰিছে,  তথাপি  এইখন  কেৱল  কবিৰ  ব্যক্তিগত  জীৱনৰ  আধাৰত  ৰচিত  এখনি  স্মৃতিলেখা  নহয়৷  ইয়াত  সন্নিৱিষ্ট  হৈছে  কুৰি শতিকাৰ  দ্বিতীয়াৰ্ধৰ  নিৰ্বাচিত  কিছু  ঐতিহাসিক,  সামাজিক,  সাংস্কৃতিক,  বৌদ্ধিক  জীৱনৰ  অভিলেখ৷  সাধাৰণ  অৰ্থত  গ্ৰন্থখনিক  এই  কাৰণেই  আত্মজীৱনী  বোলা  হৈছে যে  পৰম্পৰাগত  আত্মজীৱনীৰ  ব্যাখ্যাত্মক  ভঙ্গীৰ  দৰেই  লেখকে  ইয়াৰ  কথনৰীতিত  প্ৰথম  পুৰুষৰ  বিভক্তি  প্ৰয়োগ  কৰিছে ৷  কিন্তু  এই  ভঙ্গীয়েই  গ্ৰন্থখনিৰ  প্ৰধান  চালিকাশক্তি  বা  প্ৰেৰণাশক্তি  নহয় ৷  সচৰাচৰ  অসমীয়া  ভাষা-সাহিত্যত  প্ৰায়  দুৰ্লভ  এই  গ্ৰন্থৰ  বিষয়-ৰূপ  আৰু  সামগ্ৰিক  আৱেদন-সৌন্দৰ্যত  প্ৰকাশি  উঠিছে  এক  অভিনৱ  বিশেষত্ব ৷  কেৱল  বিষয়বস্তু  অথবা  ভাষাশৈলীতেই  নহয়  গ্ৰন্থখনিৰ  সামগ্ৰিক  দৰ্শনতো  উদ্ভাসি  উঠিছে  অসম  তথা  ভাৰতবৰ্ষৰ  ঐতিহ্যশালী  সতামপুৰুষীয়া  ঐশ্বৰ্যৰ  গৌৰৱৰ  এছোৱা ৷  জন্মৰ  পৰা  সুদীৰ্ঘ  চৌৰাশী  বছৰৰ  পাছত  বৰেণ্য  কবি-কলাকাৰগৰাকীয়ে  জীৱনত  লাভ  কৰা  কিছুমান  বাচকবনীয়া  অভিজ্ঞতা,  যিবোৰ  অভিজ্ঞতাই  সমাজত  ইতিবাচক  চিন্তাৰ  খোৰাক  আৰু  ইন্ধন  যোগাব  পাৰে,  তেনেবোৰ  সুণীয়া  অভিজ্ঞতাক  ব্যক্তিগত  ৰচনা  বুলিয়ে  সংগ্ৰহ  কৰি  সৰস  পঢ়ুৱৈৰ  মাজলৈ  গ্ৰন্থকাৰে  আগবঢ়াই  দিছে ৷  গ্ৰন্থখনি  তথাকথিত  জীৱন-বুৰঞ্জীৰ  স্থান-কাল  সম্বলিত  আত্মজীৱনীৰ  দৰে  নহয়৷

 ‘‘পাহৰিব  নোৱাৰিলো যি’’  গ্ৰন্থখনিৰ  বিষয়-ক্ৰমণিকা  সজোৱা  হৈছে  চাৰিটা  অধ্যায়ৰ  সমষ্টিৰে ৷  ক্ৰম  অনুসৰি  চাৰিওটা  অধ্যায়ৰ  শিৰোনাম  নিৰ্দেশিত  হৈছে  এনেদৰে - (১)  পাতি-সোণাৰুৰ  ফুল  (২)  সূৰ্যোদয়, (৩)  সম্পূৰ্ণ-অসম্পূৰ্ণ  লেখা,  আৰু (৪)  সংযোজন ৷  ইয়াৰে  প্ৰথম  অধ্যায়টো  অৰ্থাৎ  ‘‘পাতি-সোণাৰুৰ  ফুল’’  শীৰ্ষক  অধ্যায়টো  চন্দ্ৰপ্ৰসাদ  শইকীয়া  সম্পাদিত  মাহেকীয়া  আলোচনী  ‘‘গৰীয়সীত ২০০৩ চনৰ  জুলাই  মাহৰ  পৰা  ছোৱা-ছোৱাকৈ  প্ৰকাশ  পাইছিল ৷  পৰৱৰ্তী  কালত  ইংৰাজী  ২০০৬ চনত  সেই  অধ্যায়টো  একে  নামেৰে  গ্ৰন্থাকাৰে  প্ৰকাশ  হয় ৷  সেই  গ্ৰন্থখনিও  ‘‘পাহৰিব  নোৱাৰিলোঁ  যি’’  গ্ৰন্থখনিৰ  প্ৰথম  অধ্যায়ত  সন্নিৱিষ্ট  হৈ  আছে ৷  কেৱল ‘‘পাতি  সোণাৰুৰ  ফুল’’  গ্ৰন্থৰ  অন্তিম  অংশত  সংযোজিত  হৈ  ৰোৱা  ‘‘শান্তিনিকেতন’’  বিষয়ক  লেখাটি  ‘‘পাহৰিব  নোৱাৰিলোঁ  যি’’  গ্ৰন্থৰ  দ্বিতীয়  অধ্যায়ত  সংযোজিত  হৈছে ৷  ৰবীন্দ্ৰনাথ  ঠাকুৰৰ  সৃজনশীল  যৌৱনৰ  ছত্ৰছায়াত  এক  বিশেষ  ৰূপ  লাভ  কৰা  শান্তিনিকেতনৰ  দৰ্শনে  কবি  ফুকনৰ  ব্যক্তিত্বক  সমগ্ৰ  জীৱন  জুৰি  কেনেদৰে  আলোড়িত-আলোকিত  কৰি  থৈছে  তাৰ  এক  দাৰ্শনিক  আভাস  উল্লিখিত  লেখাটোত  বিচাৰি  পোৱা  যায় ৷  তদুপৰি  স্বকীয়  শিল্পসৃষ্টিৰ  জৰিয়তে  শান্তিনিকেতনৰ  অবিচ্ছেদ্য  অংগ  হৈ  পৰা  ভাৰতবৰ্ষৰ  অগ্ৰণী  শিল্পী  নন্দলাল  বসু,  বিনোদ  বিহাৰী  মুখাৰ্জী  আৰু  ৰামকিংকৰ  বেইজৰ  শিল্পবোধ সম্পৰ্কে  কবি  ফুকনৰ  এক  শৈল্পিক  দৃষ্টি  লেখাটিত  বিৰিঙি  ওলাইছে ৷  ৰবীন্দ্ৰনাথ  ঠাকুৰৰ  অপৰাজেয়  ব্যক্তিত্বই  কবি-ফুকনক  কেনেদৰে  তন্ময়  কৰি  ৰাখিছিল, তাৰ উমান পোৱা যায় সেই  ৰচনাখনিৰ  অন্তিম  বাক্যটিত : ‘‘আগদিনাৰ  সন্ধিয়া  শান্তিদেব  ঘোষে  গোৱা  গানটো  ওৰে  বাটটো  মাজে  মাজে  মনৰ  মাজত  বাজি  আহিছিল ৷  ... নয়ন  সমুখে  তুমি  নাই,  নয়নেৰ  মাজখানে  নিয়েছ  যে  ঠাই,  আজি  তাই ... ৷’’ 

উল্লিখিত  যি  চাৰিটা  অধ্যায়ত  ‘‘পাহৰিব  নোৱাৰিলোঁ  যি’’ গ্ৰন্থখনিৰ  বিষয়বস্তুক  ভাগ-বটোৱাৰা  কৰি  দিয়া  ,  সি  কিন্তু  ফুকনৰ  ব্যক্তিত্ব  গঠনৰ  বোধশক্তিক  ভাগ  ভাগকৈ  নিৰ্দেশ  কৰিবৰ  বাবে যথেষ্ট  নহল ৷  শৈশৱৰ  পৰা  যুগ্ম-জীৱনৰ  পাতনিলৈকে  যিছোৱা  সময়ৰ  ভিতৰত  ফুকনৰ  কবি-ব্যক্তিত্বই  গঢ়  বলৈ  আৰম্ভ  কৰিছিল,  সেইছোৱা  সময়ক কেৱল  প্ৰথম  অধ্যায়  ‘‘পাতি  সোণাৰুৰ  ফুল’’ -  সামৰি  ৰাখিব  পৰা  নাই ৷  বৰং,  দ্বিতীয়  অধ্যায়ৰ  ‘‘বৰঠাকুৰ  ছাৰ’’,  তৃতীয়  অধ্যায়ৰ  ‘‘মনেশ্বৰ  দদাইক  সুঁৱৰি’’  আৰু  ‘‘আজিৰ  পৰা  পঞ্চাশ  বছৰৰ  আগৰ  কথা’’  শীৰ্ষক  ৰচনা  তিনিখনো  প্ৰথম  অধ্যায়টোতেই  সন্নিৱিষ্ট  হৈ  থকাটো  উচিত  আছিল ৷  আচলতে  লেখকৰ  এই  স্ব-বিভাজনৰ  দেওনা  অতিক্ৰমিহে  গ্ৰন্থখনিৰ  সামগ্ৰিক  ৰস  অনুধাৱন  কৰিব  পাৰি  যেন  লাগে ৷    পাৰি,  ফুকনে  আওপকীয়াকৈ  লেও  প্ৰতিটো  লেখাতে  কোনো  স্থাৱৰ-অস্থাৱৰ  চৰিত্ৰৰ  দ্বাৰা  অনুপ্ৰাণিত  হোৱাৰ  কথা  স্বীকাৰ  কৰিলেও  কিন্তু  তেওঁৰ  সুদূৰপ্ৰসাৰী  ধীমান  ব্যক্তিত্ব  গঠনৰ  ক্ষেত্ৰত  সংগৃহীত  এই  লিখনিৰ  থূপটোৱেই  যথেষ্ট  নহয় ৷  অভিজ্ঞতাৰে  পুৰঠ  ফুকনৰ  সমৃদ্ধ  জীৱনবোধ  গঠনত  যে  ইয়াতকৈও  আৰু  অনেক  অলিখিত  স্মৃতিয়ে  ক্ৰিয়া  কৰি  আছে,  সেইকথা  গ্ৰন্থখনিৰ  সম্পূৰ্ণ-অসম্পূৰ্ণ  লেখাবোৰ  পঢ়িলেই  সহজে  অনুমান  কৰিব  পাৰি ৷  এই  লেখাবোৰৰ  অধিকাংশই  অনুলিখিত  বুলি  গ্ৰন্থৰ নিৱেদন  লেখকে  নিজেই  কৈছে ৷

‘‘পাহৰিব  নোৱাৰিলোঁ  যি’’  গ্ৰন্থখনিৰ  বিষয়বস্তুক  গৱেষণামূলক  দৃষ্টিভংগীৰে  এনেদৰেও  বিভাজন  কৰিব  পাৰি --

       (ক)  আত্মজীৱন  সোঁৱৰণ-বিষয়ক  ৰচনা :  পাতি  সোণাৰুৰ  ফুল,  জেতুকাবুলীয়া  দিনবোৰ,  দিগ্‌বলয়ত  ইন্দ্ৰধনু,  কটন  কলেজত  চাৰিটা  ঋতু,  জালুকবাৰী,  আৰ্য  বিদ্যাপীঠ,  আজিৰ  পৰা  পঞ্চাশ  বছৰৰ  আগৰ  কথা,  আৰু  গুহাহাটী  গুআহাটী  গুৱাহাটী ৷

       (খ)  ব্যক্তিত্ব-বিষয়ক  ৰচনা :  লক্ষ্মীনাথ  ফুকন,  নৱকান্ত  বৰুৱা,  চন্দ্ৰপ্ৰসাদ  শইকীয়া,  বৰঠাকুৰ  ছাৰ (ঈশেশ্বৰ  বৰঠাকুৰ),  মহেশ্বৰ  নেওগ,  পদ্ম  হাজৰিকা,  ললিত  কুমাৰ  বৰুৱা,  শিল্পী  যুগল  দাস,  আলোকচিত্ৰ  শিল্পী  মনোজ  কুমাৰ  দত্ত,  কবি  দেৱকান্ত  বৰুৱা,  অজিৎ  বৰুৱা,  সৌৰভ  কুমাৰ  চলিহা,  হীৰেন্দ্ৰ  নাথ  দত্ত,  চাৰিজন  সংস্কৃত  পণ্ডিত (তীৰ্থনাথ  শৰ্মা,  ৰজনীকান্ত  দেৱশৰ্মা,  মনোৰঞ্জন  শাস্ত্ৰী  আৰু  মুকুন্দ  মাধৱ  শৰ্মা),  নলিনীধৰ  ভট্টাচাৰ্য,  উবেদুল  লটিফ  বৰুৱা,  অধ্যাপক  অমৃত  বৰুৱা,  ডাঃ  যতীন্দ্ৰৰাম  খাউণ্ড,  পুলিন  বিহাৰী  বৰঠাকুৰ,  ৰাধিকামোহন  ভাগৱতী,    হীৰেন  গোহাঁই,  ভবেন  বৰুৱা,  হৰেকৃষ্ণ  ডেকা,  নগেন  শইকীয়া,  অধ্যাপক  ৰামচৰণ  দাস,  শোভা  ব্ৰহ্ম,  ৰবীন্দ্ৰ  দেৱচৌধুৰী,  অধ্যাপক  তাৰক  চন্দ্ৰ  গোস্বামী,  ৰবীন্দ্ৰ  সৰকাৰ  আৰু  ছামছিং  হাঞ্চে ৷

(গ)  আশীৰ্বাদ  আৰু  কৃতজ্ঞতাসূচক  ৰচনা :  শৈলেন  মেধি,  আনিছ  উজ  জামান,  গদা  আৰু  দামোদৰৰ  ৰসগোল্লা,  অসম  প্ৰকাশনী  আৰু  জনমভূমিৰ  স্মৃতি ৷

       (ঘ)  নিসৰ্গ-বিষয়ক  ৰচনা :  বাৰিষাৰ  সেই  অলৌকিক  দুপৰীয়াটো,  সূৰ্যোদয়,  আৰৱ  সাগৰত  দিনৰ  এবেলা  এটা  ৰাতি,  দলহৰিণৰ  জাক,  চিকাৰীঘাট  বিচাৰি  গৈছিলোঁ,  উমৰাংছু  আৰু  এটা  পুৰণি  চীনা  কাহিনী ৷

       (ঙ)  স্থাপত্য-ভাস্কৰ্য-কলাবিষয়ক  ৰচনা :  উৰন্ত  অপ্সৰাৰ  হাঁহি,  বাৰাণসী : সাৰনাথত  এটা  দুপৰীয়া  আৰু  ইলোৰা-অজন্তা ৷

       (চ)  চিত্ৰ, সংগীত আৰু কাব্যবিষয়ক  ৰচনা :  শান্তিনিকেতন,  চিত্ৰায়িত  জীৱন,  তই  কি  বাঁহী  বজালি,  কবি  আৰু  কবিতাৰ  কথা,  কবিতা  মাটিৰ  চাকি,  ষ্ট্ৰুগা  কবিতা-গধূলিৰ  পোহৰ,  দিচাংপানী  বৌদ্ধবিহাৰৰ  নন্দবংশ  মহাস্থবিৰৰ  অসমীয়া  ধম্মপদ  আৰু  নৱযুগ-মণিদীপ ৷

       (ছ]) ব্যক্তিগত  পত্ৰবিষয়ক  ৰচনা :  হীৰেন  গোহাঁই,  হৰেকৃষ্ণ  ডেকা,  জয়ন্ত  মহাপাত্ৰ  আৰু  দিলীপ  বসুৱে  ফুকনলৈ  প্ৰেৰণ  কৰা  কেইখনমান  নিৰ্বাচিত  পত্ৰৰ  সংগ্ৰহ ৷

পদ্ধতিগত  অধ্যয়নৰ  তাগিদাত  উল্লিখিত  গ্ৰন্থখনিৰ  বিষয়বস্তুক  এই  সাতোটা  অধ্যায়ত  বিভাজন  কৰা    যদিও  কোনোটো  অধ্যায়েই  বিষয়গত-ৰূপগত ভাৱে  ইটোৰ  পৰা  সিটো  সম্পূৰ্ণ  ৰূপত  বিচ্ছিন্ন  নহয় ৷  নহবৰ  কথাও ৷  জন্মৰ  পৰা  চৌৰাশী  বছৰ  বয়স  পৰ্যন্ত  সামৰি  লোৱা  ফুকনৰ  এই  স্মৃতিলেখাত  ৰুচিবোধসম্পন্ন  ফুকনৰ  এক  বিৰল  শিকনৰ  মনোভাব,  জীৱন  আৰু  জগতক  গভীৰভাৱে  চোৱাৰ  মানসিকতা  এটি  শিশুৰ  দৃষ্টিৰ  দৰেই  ভাসমান  হৈ  উঠিছে ৷  প্ৰতিটো  খণ্ড  খণ্ড  সম্পূৰ্ণ-অসম্পূৰ্ণ  ৰচনাতে  ফুকনৰ  অখণ্ড  কাব্যিক  আৰু  কলাৰসিক  চেতনাৰ  উমান  পোৱা  যায় ৷  উমান  পোৱা  যায়  জীৱনক  গ্ৰহণ  কৰাৰ  এক  বলিষ্ঠ  মানসিকতাৰো ৷  কোনো  ৰচনাতে  লেখকে  আত্মশ্লাঘা প্ৰকাশ কৰা  নাই,  অথবা  বৈষয়িক  জীৱনৰ  পোৱা-নোপোৱাৰ  বিচাৰ  কৰা  নাই;  কেতিয়াবা  কোনো  প্ৰাসঙ্গিক  তথ্যৰ  খাতিৰত  ব্যক্তিগত  ৰুচি-অভিৰুচিৰ  উল্লেখ  কৰিব  লগা  লেও  তো  অতিৰঞ্জন  কৰা  নাই;  পুনৰ্কথনেৰে  বিষয়বস্তু  ফেনিল  হৈ  উঠা  নাই;  অনুজপ্ৰতিম  কাকো  পৰামৰ্শ  দি  স্বকীয়  জ্ঞান-গৰিমাৰ  পৰিধিৰ  বিস্তৃতি  জাহিৰ  কৰিবও  খোজা  নাই ৷  অগ্ৰজ  অসাধাৰণজনৰ  ব্যক্তিত্বৰ  ছায়াত  তেওঁ  যেনেকৈ  এধানমাণি  ছাঁ  লৈ  তৃপ্ত  হৈছে,  তেনেকৈয়ে  সমকালীন  বিদ্বান  আৰু  ৰসিক  বন্ধুসমাজকো  তেওঁ  অতি  শ্ৰদ্ধাৰে  ভাতৃত্ববোধৰ  দুখনি  হাতেৰে  আঁকোৱালি  ধৰিছে,  আৰু  তেনেই  সাধাৰণজনকো  স্বকীয়  মনুষ্যত্বৰ  পোহৰেৰে  পোহৰাই  কৃপাধন্য  কৰি  তুলিছে ৷

  আত্মসোঁৱৰণ-বিষয়ক  প্ৰথম  অধ্যায়টোত  জীৱনীকাৰ  ফুকনে  জন্মস্থান  চকিয়াল গাঁও,  দেৰগাঁৱৰ  পৰা  গুৱাহাটী  মহানগৰীৰ  এজন  নাগৰিক  হোৱালৈকে  বিষয়বস্তুক  সামৰি    খুজিছে ৷  প্ৰথম  পুৰুষত  আৰম্ভ  কৰা  গ্ৰন্থখনিৰ  প্ৰথমটি  ৰচনা  ‘‘পাতি  সোণাৰুৰ  ফুল’’  ওপজা  গাঁওখনৰ  পৰা  আৰম্ভ  কৰি  মাতৃ,  পিতৃ,  বংশপৰম্পৰা  আৰু  সেই  সময়ৰ  দেৰগাঁৱৰ  সামাজিক-সাংস্কৃতিক-নৈসৰ্গিক  পৰিৱেশক  সামৰি  লৈছে ৷  দ্বিতীয়টো  অধ্যায়  ‘‘জেতুকাবুলীয়া  দিনবোৰ’’  ফুকনে  শৈশৱ  অতিক্ৰমি  কৈশোৰত  পদাৰ্পণ  কৰাৰ  জীৱনৰ  সেই  বিশেষ  সময়ছোৱাৰ  কিছু  মৌলিক  সত্য  পোহৰলৈ  আনিছে ৷  উল্লেখযোগ্য  যে  স্বাধীনতা  আন্দোলন  আৰু  দ্বিতীয়  বিশ্বযুদ্ধৰ  সময়ত  এটি  সাধাৰণ  কিশোৰ  হৈও  ফুকনে  বৃহত্তৰ  দেৰগাঁৱৰ  সাংস্কৃতিক  চোতালত খোজ  পেলাইছিল ৷  সেই  সময়তে  তেওঁ  ভালে কেইগৰাকী  অসমৰ  আগশাৰীৰ  জাতীয়তাবাদী  নেতা  আৰু  সাহিত্যিকৰ  সান্নিধ্য  লাভ  কৰে ৷  কৈশোৰ  অতিক্ৰমি  যৌৱনত  ভৰি  থোৱাৰ  এক  বিশেষ  দুৰ্লভ  মুহূৰ্তক  তেওঁ  ধৰি  বলৈ  প্ৰয়াস  কৰিছে ‘‘বাৰিষাৰ  সেই  অলৌকিক  দুপৰীয়াটো’’  ৰূপকৰ  যোগেদি ৷   ‘‘দিগবলয়ত  ইন্দ্ৰধনু’’  ৰচনাখনিত  যৌৱনৰ  দোকমোকালিত  বৃহত্তৰ  দেৰগাঁও  অঞ্চলত  লগ পোৱা  সেই  অঞ্চলৰ  তথা  অসমৰ  ভালেকেইগৰাকী  বিশিষ্ট  অসমীয়াৰ  সাহচৰ্যৰ  কথাই  গুৰুত্ব  লাভ  কৰা বুলি;  লগতে  সেই  সময়তেই  যে  অসমীয়া  সাহিত্য-সংস্কৃতিৰ  প্ৰতি  তেওঁ  আকৰ্ষিত  হৈ  পৰিছিল  তাৰো  বিশেষ  উমান  পোৱা  যায় ৷  তেওঁ  দেখা  পোৱা  আৰু  দেখি  তেওঁলোকৰ  ব্যক্তিত্বৰ  দ্বাৰা  আকৰ্ষিত  হোৱা  সেই সময়ৰ  বিশেষ  ব্যক্তিকেইজন  ল-  বাগ্মীবৰ  নীলমণি  ফুকন,  গড়মূৰীয়  সত্ৰাধিকাৰ  পীতাম্বৰ  দেৱগোস্বামী,  মিত্ৰদেৱ  মহন্ত,  ডিম্বেশ্বৰ  নেওগ,  বেণুধৰ  শৰ্মা,  অম্বিকাগিৰী  ৰায়চৌধুৰী,  চৈয়দ  আব্দুল  মালিক,  ৰাজমোহন  নাথ,  প্ৰদীপ  চলিহা,  শিল্পী  ইন্দ্ৰেশ্বৰ  বৰঠাকুৰ,  নৃত্যশিল্পী  সুৰেশ  গোস্বামী  আৰু  অন্যান্য ৷

আত্মসোঁৱৰণ বিষয়ক  ৰচনাসমগ্ৰৰ  যোগেদিয়ে  নীলমণি  ফুকনৰ  জীৱনৰ  অন্য  এটা  স্তৰৰ  আভাস  পোৱা  যায়,  যিটো  স্তৰক  তেওঁৰ  জীৱনৰ  দ্বিতীয়  স্তৰ  বুলি  অভিহিত  কৰিব  পাৰি ৷  সেই  স্তৰটোক  প্ৰতিনিধিত্ব  কৰিব  পৰা  প্ৰথম  ৰচনাখন  হৈছে -  ‘‘কটন  কলেজত  চাৰিটা  ঋতু’’ ৷ ১৯৫০-ত  তেওঁ  কটন  কলেজত  নাম  ভৰ্তি  কৰি  চাৰিবছৰ  পঢ়ি  বুৰঞ্জী  বিষয়ত  সন্মান  লৈ  স্নাতক পৰীক্ষাত উত্তীৰ্ণ  হৈছিল ৷  যৌৱনৰ  আৰম্ভণিতে  দেৰগাঁৱক  এৰি  থৈ  আহি  কটন  কলেজত  ছাত্ৰৰূপে  পদাৰ্পণ  কৰাটো  ফুকনৰ  কাৰণে  এক  প্ৰত্যাহ্বানস্বৰূপ  আছিল,  আৰু  সেই  প্ৰত্যাহ্বানক  তেওঁ  এক  বিশেষ  গ্ৰহণৰ  ৰূপ  দিবলৈ  সমৰ্থ  হৈছিল ৷  ফুকনে  সেই  ৰচনাত  নিজেই  উল্লেখ  কৰিছে -  ‘‘কটনলৈ  অহাৰ  পিছতে  লাহে  লাহে  মোৰ  জীৱনে  আগৰ  সুঁতি  সলাই  এটা  নতুন  সুঁতি  বলৈ  আৰম্ভ  কৰিলে ৷  মোৰো  যে  এটা  সৃজনশীল  মন  আৰু  কল্পনাশক্তি  আছে -  এই  কথাটোৰো  লাহে  লাহে  উমান  পালোঁ;  সন্ধান  পালোঁ  মানুহৰ  জ্ঞান  আৰু  জিজ্ঞাসাৰ  দিশ-দিগন্তৰ ৷  জ্ঞানৰ  বিভিন্ন  বিষয়ৰ  প্ৰতি  মোৰ  ঔৎসুক্য    আৰু  বিভিন্ন  বিষয়ৰ  দুই-এখন  কিতাপৰ  পাত  লুটিয়াবলৈ  ধৰিলোঁ,  কি  বুজিছিলোঁ,  কি  নুবুজিছিলোঁ,  কি  মনত  ল-নৰল -  সেই  কথা  আওকাণ  কৰি ৷  নিজৰ  সীমিত  সামৰ্থ্য  অনুসৰি  কি  উৎসাহেৰে  বিচাৰিবলৈ  লাগিলোঁ,  পোৱা-নোপোৱাৰ  কথাটো  পিছলৈ  থলোঁ ৷’’   কটন  কলেজত  পঢ়িবলৈ  গৈ  ফুকনে  গুৱাহাটীখন  হাতৰ  মুঠিতে  পালে;  আৰু  পালে  গুৱাহাটীৰ  বৌদ্ধিক-সাংস্কৃতিক  সমাজখন ৷  প্ৰথম  অৱস্থাত  কলেজৰ  মজিয়াত  ভৰি  থৈ  নীলমণি  ফুকন  হৈ  পৰিছিল  এজন  কবি,  কবিতাৰ  অনুবাদক  আৰু  এজন  চিত্ৰকৰ ৷  পৰবৰ্তী  কালত  চিত্ৰ  আঁকিবলৈ  এৰি  তেওঁ  কাব্যচৰ্চাৰ  লগতে  অনুবাদ  আৰু  চিত্ৰকলাৰ  আলোচনাত  নিজকে  সমৰ্পণ  কৰিলে৷

       আনুষ্ঠানিক  জীৱনৰ  স্বাভাৱিক  পৰিক্ৰমা  অনুসৰিয়ে  পৰবৰ্তী  কালত  অৰ্থাৎ যোৱা শতিকাৰ  পঞ্চাছৰ দশকৰ  শেষৰ  ফালে  ফুকন  গুচি  গৈছে  স্নাতকোত্তৰ  পৰ্যায়ৰ  শিক্ষাগ্ৰহণ  কৰিবলৈ  গুৱাহাটী  বিশ্ববিদ্যালয়লৈ  অৰ্থাৎ  ‘‘জালুকবাৰী’’লৈ ৷  জালুকবাৰীৰ  ছাত্ৰাবাসত  থাকি  আনুষ্ঠানিক  শিক্ষা  গ্ৰহণ  কৰা  ফুকনে  বিশ্ববিদ্যালয়ৰ  পূৰ্বৰ  বৌদ্ধিক  বাতাৱৰণ  লাভ  কৰা  নাছিল  যদিও  সেই  সময়ৰ  বৃহত্তৰ  জালুকবাৰীৰ  নিস্তব্ধ  শ্যামল  প্ৰাকৃতিক  পৰিৱেশে  তেওঁৰ  কবিসত্তাক  আৰু  অধিক  জীপাল তথা  গতিময়  কৰি  তুলিছিল ৷  অৱশ্যে  তেওঁ হাত  মেলিলেই  চুব  পৰাতেই  পাইছিল  বিশ্ববিদ্যালয়ৰ  পুথিভঁৰালটোৰ  শত-সহস্ৰ  গ্ৰন্থসম্ভাৰৰ  পোহৰমালা -  ‘‘পাহৰি  গৈয়ো  পাহৰিব  নোৱৰা  জালুকবাৰীৰ  এনে  কত  কথা,  কত  স্মৃতি  আজিও  গোপনে-অগোপনে,  মোৰ  মনৰ  মাজেৰে  গৈ  থাকে ৷  তৃপ্ত-অতৃপ্ত,  পূৰ্ণ-অপূৰ্ণ,  আৱিষ্কাৰ-উন্মোচনৰ  সেইবোৰ  মুহূৰ্ত -  এটা  কবিতাৰ  মুহূৰ্তৰ  দৰেই  সত্য  আৰু  সুন্দৰ ৷’’ 

বিশ্ববিদ্যালয়ৰ  আনুষ্ঠানিক  শিক্ষা  সাং  কৰি  ফুকনে  গুৱাহাটীস্থিত  ‘‘আৰ্য  বিদ্যাপীঠ’’  কলেজত  স্থায়ী কৰ্মময়  জীৱনৰ  পাতনি  মেলে ৷  সেই  সময়ছোৱাতে  তেওঁ  কাব্যচৰ্চাৰ  তুঙ্গত  বিচৰণ  কৰিছিল  আৰু  জাপানী,  চীনা  আৰু  স্পেনিছ  কবিতা  অনুবাদ  কৰিবলৈ  লৈছিল ৷  শিক্ষকতাক  জীৱনৰ  এটা  অন্যতম  প্ৰধান  ব্ৰত  বুলি  গ্ৰহণ  কৰা  ফুকনে  সেইখন  মহাবিদ্যালয়ৰ  মজিয়াৰ  পৰা  নিজেই  এনেদৰে  কৈছে - ‘‘আৰ্য  বিদ্যাপীঠ  মোৰ  লেখক-জীৱনৰ,  কৰ্ম-জীৱনৰ  প্ৰধান  আৰু  আটাইতকৈ  গুৰুত্বপূৰ্ণ  ক্ষেত্ৰ  আছিল ৷  এই  দীঘলীয়া  সময়ছোৱাতে  মোৰ  জিজ্ঞাসা  আৰু  কৌতূহলৰ  দিগন্ত  ক্ৰমাৎ  প্ৰসাৰিত  হৈছিল ৷’’ 

দেৰগাঁৱৰ  পৰা  গুৱাহাটীলৈ  আনুষ্ঠানিক  শিক্ষা  লাভ  কৰিবলৈ  আহি  সময়ত  গুৱাহাটীৰে  এখন  কলেজত  কৰ্মজীৱন  আৰম্ভ  কৰি  নিজৰ  নিৰলস  সাধনাৰ  বলত  লাহে  লাহে  কেৱল  গুৱাহাটীৰে  নহয়  সমগ্ৰ  অসমৰ  সামাজিক-সাংস্কৃতিক  বৌদ্ধিক  জীৱনৰ  সমুদ্ৰ  এখনত  ফুকনে  ক্ৰমে  বুৰ  যাবলৈ  আৰম্ভ  কৰে ৷  এটা  স্থায়ী  ঠিকনাৰ  সন্ধানত  এটা  সময়ত  তেওঁ  গুৱাহাটীৰ  যাযাবৰী  জীৱন  এৰি  গুৱাহাটীৰে  মালিগাঁওস্থিত  বেজবৰুৱা  নগৰত  নাগাজিকৈ  থাকিবলৈ  আৰম্ভ  কৰিলে ৷  ‘‘আজিৰ  পৰা  পঞ্চাশ  বছৰৰ  আগৰ  কথা’’  স্মৃতিলেখাটিত  ফুকনে  তাৰেই  আভাস  দিবলৈ  চেষ্টা  কৰিছে  এনেদৰে - ‘‘আজিৰ  পৰা  পঞ্চাশ  বছৰৰ  আগত  আমি  সৰু  ৰা-ছোৱালী  দুটাক  লৈ  ফাগুনৰ  এটা  আবেলি খেৰ-বাঁহেৰে সজা কেঁচা মাটি-দুকোঠলীয়া  ঘৰ  এটাত  নিগাজিকৈ  থাকিম  বুলি  সোমাইছিলোঁহি৷’’  আপোন ভেটিটোৰ  পাৰিপাৰ্শ্বিক পৰিৱেশৰ  বৰ্ণনা  কৰোঁতে  ফুকনৰ অনুভূতিপ্ৰৱণ  সৃজনশীল  মনটি  বাৰুকৈয়ে  সাৰ  পাই  উঠিছে ৷  আপোনসৃষ্ট  কৃত্ৰিম  নৈঃশব্দৰ  মাজত  থাকিও  তেওঁ  সুখী ৷  তদুপৰি  মানুহ  যে  প্ৰকৃততে  সমষ্টিগত  সমাজৰ  এক  এৰাব  নোৱৰা  অংগ  সেই  সত্যটোকে  যেন  ফুকনে  এই  লেখাটিত  বুজাবলৈ  প্ৰয়াস  কৰিছে ৷  মহানাগৰিক  কোলাহলৰ  মাজত  থাকিও  এজন  আদৰ্শ  অসমীয়া  ৰূপে  ফুকনে  তাতেই  সন্ধান  কৰিছে  জীৱনৰ  অৰ্থ৷ৎ  প্ৰাত্যহিকতাতে  থাকিও  তাৰ  সীমাৰেখাৰ  পৰা  ওলাই  আহিব  খুজিছে  তেওঁ ৷  তেওঁ  কৈছে -  ‘‘মই  কেতেকী  চৰাইৰ  মাতটোৰ  লগত  কেতেকী  ফুলৰ  গোন্ধটো  মিহলাই  লৈ  শুনো-’’   গোটেই  গ্ৰন্থখনিৰ  ভিতৰতে  এই  লেখাটি  এটা  অন্যতম  উৎকৃষ্টমানৰ  ৰচনা ৷

আত্মসোঁৱৰণ  বিষয়ক  ব্যক্তিনিষ্ঠ  ৰচনাসমূহৰ  ভিতৰৰ  অন্তিম  লেখাটিয়েই  হৈছে - গুহাহাটী  গুআহাটী  গুৱাহাটী’’   জীৱনীকাৰে  দুখন  গুৱাহাটীৰ  কথা  উল্লেখ  কৰিছে -  এখন,  উত্তৰ-পূৰ্বাঞ্চলৰ  নিসৰ্গৰ  মাজত  লালিত-পালিত  হোৱা  ক্ষুদ্ৰ  গুৱাহাটী ;  আনখন  বিশ্বায়নে  গ্ৰাস  কৰা  বৃহৎ  গুৱাহাটী ৷  গুৱাহাটীত  অতিৱাহিত  কৰা  পাঁচটা  দশকৰ  পাছতহে  ফুকনে  এই  ৰচনাখনি  লিখিছে৷  উল্লিখিত  দুয়োখন  গুৱাহাটীয়ে  ফুকনৰ  হৃদয়-মগজুত  ছটিয়াই  দিছে  পুৱাৰ  কিৰণৰ  অপাৰ  বৈভৱ ৷  তেওঁৰ  পৰিপক্ক  কাব্যিক  সত্ত্বাত  গুৱাহাটী  হৈ  পৰিছে  এটি  মুখ্য  নিৰ্বাক  চৰিত্ৰ ৷  গুৱাহাটীয়ে  কি  দিলে  কি  নিদিলে  সেই  বিষয়ে  তেওঁ  কৈছে - ‘‘গুৱাহাটীলৈ  আহিয়েই  অনুভৱ  কৰিছিলোঁ -  মানুহৰ  পৃথিৱীৰ  মাজতে ৰূপ,  বৰ্ণ,  দৃশ্য,  শব্দ,  গন্ধ,  স্পৰ্শৰ  আন্ধাৰ-পোহৰৰ  এখন  মনোময়  জগত ৷ ...  গুৱাহাটীয়ে  মোৰ  সমুখত  জ্ঞান  আৰু  জিজ্ঞাসাৰ      দিগন্ত  উন্মোচিত  কৰিলে;  বহুমাত্ৰিক  জীৱনটোক,  পৃথিৱীখনক  চাবলৈ  উদ্বুদ্ধ  কৰিলে,  নতুন  ৰুচি  আৰু  ৰসনাৰ  সৃষ্টি  কৰিলে ৷’’ 

উল্লিখিত  প্ৰথম  অধ্যায়ে  সামৰি  লোৱা  বিষয়সমূহেৰেই  নীলমণি  ফুকনক  এজন  ঊৰ্ধ্বমুখী  মানুহৰ  ৰূপত  চিনি  পাব  পাৰি৷  এই  ৰচনামালা  ফুকনৰ  সাধাৰণ  পৰিচয়ৰ  বাবে  যথেষ্ট ৷  কিন্তু  তেনে  পৰিচয়ৰ  দেওনা  অতিক্ৰমি  তেওঁ  বৰ্তমান  অসমৰ  বৌদ্ধিক  আৰু  সাংস্কৃতিক  সমাজত  এজন  অসাধাৰণ  ব্যক্তিৰূপে  ইতিমধ্যে  পৰিচিতি  লাভ  কৰিছে ৷  বিশেষকৈ তেওঁৰ কবি-ব্যক্তিত্ব আৰু  কলাৰসিক  ব্যক্তিত্বৰ  একীকৰণৰ  ফলত  মানুহজনে  এটা  ৰূপ  লাভ  কৰিছে ৷  আৰু  সেই  ৰূপান্তৰে  সম্পূৰ্ণতা  লভিছে  ‘‘পাহৰিব  নোৱাৰিলোঁ  যি’’  গ্ৰন্থত  উল্লিখিত  অন্যান্য  চৰিত্ৰসমূহৰ  দৰে  চৰিত্ৰৰ  সন্মিলনৰ  যোগেদিহে ৷

অনেক  গুণী-জ্ঞানী-ৰসিক-অসাধাৰণ-সাধাৰণ  ব্যক্তিত্বৰ  দ্বাৰা  ফুকন  প্ৰভাৱিত  হৈছিল ৷ গ্ৰন্থখনৰ  দ্বিতীয়  অধ্যায় ‘‘ব্যক্তিত্ব-বিষয়ক  ৰচনা’’  সামৰি  লোৱা  হৈছে  ফুকনৰ  পূৰ্বজ  আৰু  সমকালীন  ব্যক্তিসকলৰ  ব্যক্তিত্বৰ  ছাঁৰ  কথা;  তেওঁ  অকপটে  পঢ়ুৱৈৰ  আগত  মেলি  দিছে  সেইবোৰ  সোণসেৰীয়া  কথাৰ  ভাণ্ডাৰ ৷  স্বীকাৰ  কৰিছে  সেই  বৰেণ্য  ব্যক্তিসকলৰ  পৰা  আঁজলি  পাতি  লোৱা  জীৱনৰ  অমূল্য  সম্পদখিনিৰ  কথা ৷  বিশেষকৈ  তেওঁৰ  কাব্যচৰ্চাত  প্ৰেৰণা  যোগোৱা  ক্ৰমে  অগ্ৰজ  কবি  নৱকান্ত  বৰুৱা, সহকৰ্মী নলিনীধৰ  ভট্টাচাৰ্য, বন্ধুসম হীৰেন্দ্ৰনাথ দত্ত, সমালোচক  হীৰেন  গোহাঁই,  ভবেন  বৰুৱা আৰু হৰেকৃষ্ণ ডেকাৰ শলাগ লৈছে৷  তদুপৰি লক্ষ্মীনাথ ফুকন, দেৱকান্ত বৰুৱা,  মহেশ্বৰ  নেওগ, চন্দ্ৰপ্ৰসাদ  শইকীয়া আদিৰ  দৰে  বিদ্বান  আৰু  সমাজকৰ্মীৰ লগতে ফুকনে আন্তৰিকতাৰে  বলৈ  পাহৰা  নাই  গুৰুতুল্য  দেৰগাঁৱৰ  ঈশেশ্বৰ  বৰঠাকুৰ,  কৈশোৰত  লগ  পোৱা  দেৰগাঁৱৰ  এজন  প্ৰকৃতিবিদ পদ্ম হাজৰিকা, আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সঞ্চালক  উবেদুল  লটিফ বৰুৱা, আমেৰিকাৰ  কোনোবা  বিশ্ববিদ্যালয়ৰ  অধ্যাপক  অমৃত  বৰুৱা, একালৰ  আসাম  ট্ৰিবিউন  কাকতৰ সহসম্পাদক পুলিন বিহাৰী বৰঠাকুৰ,  ডুমডুমাৰ  সদাশিৱ  চাহ বাগিচাৰ  চিকিৎসক  ডাঃ যতীন্দ্ৰৰাম  খাউণ্ড, সহকৰ্মী  অধ্যাপক  ৰামচৰণ  দাস,  গুৱাহাটী  ৰাজ্যিক  সংগ্ৰহালয়ৰ  সঞ্চালক  ৰবীন্দ্ৰ  দেৱচৌধুৰী, কাৰবি লোককবিতাৰ  অনুবাদক  ছামছিং  হাঞ্চে,  ওচৰ-চুবুৰীয়া  অধ্যাপক  তাৰক  চন্দ্ৰ  গোস্বামী  আদি  তেওঁ  জীৱনত  লগ  পোৱা  বিশেষ-অবিশেষ  ব্যক্তিৰ  কথাও ৷  যিসকল  ব্যক্তিৰ  সান্নিধ্যই  তেওঁৰ  অনুসন্ধিৎসু  মনটোক  সমৃদ্ধ  আৰু  ধন্য  কৰি  তুলিছিল৷  অধ্যায়টোৱে  সামৰি  লোৱা  প্ৰতিজন  ব্যক্তিৰ  প্ৰতিয়েই  ফুকন  কিবা  নহয়  কিবা  প্ৰকাৰে  কৃতজ্ঞ  হৈ  আছে ৷

পৰবৰ্তী  তৃতীয়  অধ্যায়টোতো  বিভিন্ন ব্যক্তিৰ  সান্নিধ্যৰ  কথাই  বৰ্ণিত  হৈছে ৷  কিন্তু  এই  অধ্যায়ত  ব্যক্তিত্বৰ  পৰা  লাভ  কৰা আশীৰ্ৱাদতকৈ  বিভিন্ন  বিচিত্ৰ  ব্যক্তিত্বলৈ  ফুকনে  আঁজলি  ভৰাই  আগবঢ়াই  দিয়া  শুভেচ্ছাৰ  কথাহে  বৰ্ণনা কৰিছে ৷  দেখাত  সাধাৰণ  হৈও  একো-একোজন  ব্যক্তিৰ  অন্তৰালত  কেনেকৈ একোটা  অসাধাৰণ  চৰিত্ৰ  লুকাই  থাকিব  পাৰে  তাৰ  আভাস  লেখকে  ইয়াত দিবলৈ  চেষ্টা  কৰিছে ৷ একেখন  বেঞ্চতে  বহা  কলেজৰ  জিজ্ঞাসু  সহপাঠী  শৈলেন  মেধিৰ  প্ৰতিভাৰ সম্ভাৱনাৰ  কথা  ফুকনে যেনেকৈ স্বীকাৰ কৰিছে, সেইদৰেই স্বীকাৰ কৰিছে অনুজ কবি আনিছ উজ্‌ জামানৰ  কাব্যসত্তাৰ মৌলিকতাৰ কথাও, একালৰ পাণবজাৰৰ কিতাপ বিক্ৰেতা অসম  প্ৰকাশনীৰ স্বত্ত্বাধিকাৰী  প্ৰমোদ শৰ্মাৰ সহৃদয়তাৰ কথা, জনমভূমি কাকতৰ লগত জড়িত ‘‘শ্ৰীময়ী’’  সম্পাদক ৰসিক  হেমন্ত  বৰ্মনৰ  লগত  গঢ়ি  উঠা  হৃদ্যতাৰ  কথা;  তেনেকৈ  মিঠাই  বিক্ৰেতা  যোৰহাটৰ  গদা  আৰু  মালিগাঁৱৰ  দামোদৰৰ  ৰসগোল্লাৰ সোৱাদৰ কথাও ফুকনে  বিনম্ৰ আন্তৰিকতাৰে স্বীকাৰ কৰিছে ৷ মালিগাঁৱৰ  অৰুণা চিনেমাৰ উত্তৰ ফালে বৰগছৰ তলিত অৱস্থিত দামোদৰৰ অকণমান মুক্ত মিঠাইৰ দোকানখনক  সাহিত্য-সংস্কৃতিৰ কেন্দ্ৰবিন্দুৰূপে গঢ়ি  তুলিছিল ফুকনৰ  পদাৰ্পণে -- ‘‘এজন-দুজনকৈ  আমি  মাজে  মাজে সন্ধ্যা দামোদৰৰ দোকানত গোট  খাইছিলোঁ; উৎপল দেৱ, ৰবীন্দ্ৰ সৰকাৰ, অজিৎ দত্ত, অনুভৱ  তুলসী, কনক কলিতা, ৰাণা গগৈ, সমৰ দাস, নীলিম কুমাৰ, ৰঞ্জিত ৰাজবংশী আৰু একা এবং  কয়েকজন’’ ১০

চতুৰ্থ অধ্যায়টো নিসৰ্গ-বিষয়ক  অধ্যায় যদিও  লেখাসমূহৰ সাৰবস্তুৰ  যোগেদি বাংময় হৈ উঠিছে  ফুকনৰ জগত-প্ৰপঞ্চ  আৰু  নৈসৰ্গিক প্ৰকৃতিৰ  প্ৰতি গভীৰতম  উপলব্ধি ৷ প্ৰতিটো  লেখাতেই  যেন  ফুকনে  প্ৰকৃতি  আৰু  মানৱ-জীৱনক  একাকাৰ  কৰি  বিশ্বপ্ৰকৃতিৰ  চিৰন্তন  সৌন্দৰ্যক  পান  কৰিবলৈহে  চেষ্টা  কৰিছে ৷ উল্লিখিত ‘‘বাৰিষাৰ সেই অলৌকিক দুপৰীয়াটো’’ সেইলানি ৰচনাৰ  ভিতৰতে  এটি  অন্যতম  অসাধাৰণ  লেখা ৷  কৈশোৰৰ  দেওনা ডেই যৌৱনৰ সমুখত থিয় দিয়াৰ  বিৰল  লৌকিক  মুহূৰ্তটোৰ  স্মৃতিক  খুব  সংক্ষিপ্ত  বৰ্ণনাৰে  ফুকনে মূৰ্ত-বিমূৰ্ত ৰূপত পঢ়ুৱৈৰ সমুখত তুলি  ধৰিছে- ‘‘আচম্বিতে এছাটি  বেগী  বতাহে উৰুৱাই  আনি মোৰ মূৰৰ  ওপৰত পেলালেহি এটা  সৰু ছাতি ৷ উচাপ খাই উঠিলোঁ৷ ছাতিটোৰ নালত, দাণ্ডিবোৰত, কাপোৰত কেতেকী  ফুলৰ  গোন্ধ ৷ গোন্ধটো আহি মোৰ নোমৰ গুৰিৰে শৰীৰত সোমাল ৷ ... ছাতিটো  আছিল এটা মায়াবী ছাতি, যিটো সৰু ছাতিৰ তলত  কোনোবা এটা আহাৰৰ প্ৰথমজাক বৰষুণত মই সোমাইছিলোঁ ৷ ওঁঠত, জিভাত লগাইছিলোঁ হালধীয়া,  যিমান পাৰোঁ সিমান চকুৰে শুহি লৈছিলোঁ হালধীয়া, আঙুলিত  দি  শুঙি  চাইছিলোঁ হালধীয়া কেতেকী  ফুলৰ কেশৰৰ ধূলি ৷ ময়ো যে তেজ-মঙহৰ মানুহ,- সৃষ্টিৰ  আদিৰে পৰা সকলোৱে জনা এই  কথাটো,  মই  যেন  সেইদিনাহে  প্ৰথম  জানিলোঁ ৷’’ ১১

এইটো  অধ্যায়ৰ  আন  এটি  ৰচনাত  দাৰ্জিলিংস্থিত  টাইগাৰ  হিললৈ  ‘‘সূৰ্যোদয়’’  দৃশ্য  উপভোগ  কৰিবলৈ যোৱাৰ কথা বৰ্ণনা কৰিছে  লেখকে ৷ তেওঁৰ দৃষ্টিত সেই ছবি অছিল ‘‘ইন্দ্ৰিয়গ্ৰাহ্য পৃথিৱীৰ অতিন্দ্ৰীয় অভিজ্ঞতা, অবিস্মৰণীয় বাস্তৱ-পৰাবাস্তৱৰ  অভিজ্ঞান, বিচিত্ৰ মানৱীয় ভাৱানুভুতিৰ সূচক ৷’’ ১২  ফুকনৰ সেই  দৃশ্যগত অভিজ্ঞতাৰ  বৰ্ণনাই  তেওঁৰ অসাধাৰণ আনুভূতিক  মনটোৰ  লগতে  পঢ়ুৱৈৰ  সমুখত তুলি  ধৰে  সৌন্দৰ্যৰে পৰিপূৰ্ণ এখন সতেজ  আৰু চলমান পৃথিৱীৰ চিত্ৰ ৷ সাহিত্য  অকাডেমিৰ  বঁটা গ্ৰহণ কৰি গোৱাৰ পানাজীৰ পৰা বম্বেলৈ ওভোতোঁতে ফুকনে জাহাজত উঠি আৰব সাগৰেৰে  যাত্ৰা  কৰিছিল৷ ‘‘আৰব সাগৰত দিনৰ এবেলা, এটা ৰাতি’’ ৰচনাত তাৰেই এক নান্দনিক ঐতিহাসিক  অৱলোকন চকুত  পৰে ৷ কাৰ্নিভেল উৎসৱ, পৰ্টুগীজ আমোলৰ বাজিলিকা, সন্ত ফ্ৰাঞ্চিছৰ অস্থি,  কেথৰইন কেথেড্ৰেল, সতীশিল, মান্দবীৰ দলং আদি  ঐতিহাসিক  কীৰ্তিচিহ্নৰ কিঞ্চিৎ উল্লেখৰ  লগতে  ৰচনাখনে বিশেষভাৱে সামৰি  লৈছে নিশাৰ  সমুদ্ৰ  যাত্ৰাৰ  বিৰল  অভিজ্ঞতাৰ  ছবি ৷  সূৰ্যাস্তৰ  পৰা  সূৰ্যোদয়লৈকে  সামৰি  লোৱা  লেখকৰ বৰ্ণনাত  ভাসমান  হৈ  উঠিছে  ভাৰতৰ  দক্ষিণ-পশ্চিমৰ  নিশাৰ  সমুদ্ৰৰ কল্লোল; সেই  তৰংগমালাৰ  অসীম ছন্দৰ  সমুখত  তুচ্ছ মানৱ-জীৱনৰ  ছন্দ  জিলিকি  উঠিছে ৷  যি  যাত্ৰাত  লেখক ওৰেৰাতি  উজাগৰে  থাকি অনুভৱ  কৰিছে  মহাসাগৰৰ  গম্ভীৰ  গৰ্জনক ৷

তদুপৰি  হৰিণ  চাবলৈ  কাজিৰঙালৈ  গৈ  ফুকনে হৰিণ  দেখা  নাপাই  কাজিৰঙাৰ  আত্মাৰ  স্পন্দন  শুনিছে ‘‘দলহৰিণৰ  জাক’’ sখাটিৰ  জৰিয়তে ৷ অসমৰ  মানচিত্ৰত অৱস্থিত কাজিৰঙাৰ  ভৌগোলিক-প্ৰাকৃতিক স্থিতি সম্পৰ্কে তেওঁৰ দৃষ্টি অগতানুগতিক আৰু স্বকীয়; প্ৰসঙ্গক্ৰমে কবি ৰফিকুল  হোছেইন  আৰু প্ৰয়াত মৃদুল বৰুৱাৰদ্বাৰা সম্পাদিত সেই বৃহত্তৰ অঞ্চলৰ কবিকুলৰ কবিতাৰে পূৰ্ণ ‘‘দলহৰিণৰ  চিঞৰ’’ শীৰ্ষক কবিতা-সংকলনখনৰ কথাও লেখকে আন্তৰিকতাৰে উনুকিয়াইছে৷ দেৰগাঁও অঞ্চলৰ  ব্ৰহ্মপুত্ৰৰ ঘাটটো আৰু ঘাটৰ চৌপাশৰ নৈসৰ্গিক পৰিৱেশৰ বৰ্ণনা কৰিছে ‘‘চিকাৰী ঘাট বিচাৰি  গৈছিলোঁ’’ নামৰ চমু লেখাটিৰ  জৰিয়তে ৷ কাৰবি আংলঙৰ ‘‘উমৰাংছু’’ ভ্ৰমণৰ অভিজ্ঞতাও  প্ৰধানতঃ  নিসৰ্গকেন্দ্ৰিক ৷ আনকি নিসৰ্গৰ অনুপম অৱদান কেৱল ফুলৰ মহিমা বুজাবলৈকে যেন ফুকনে ‘‘এটা  পুৰণি চীনা  কাহিনী’’ শীৰ্ষক পুষ্প-বিষয়ক লেখাটি গ্ৰন্থখনিত সন্নিৱিষ্ট কৰি তেওঁৰ ৰুচিশীল ব্যক্তিত্বৰ  অন্য এটা দিশ মুকলিকৈ প্ৰকাশ  কৰি  দিলে ৷

 ‘‘পাহৰিব  নোৱাৰিলো  যি’’  গ্ৰন্থখনিত  বিশুদ্ধ  স্থাপত্য-ভাস্কৰ্যকলা  বিষয়ক  উল্লেখযোগ্য  এটাই  ৰচনা  সন্নিৱিষ্ট  হৈছে ৷  সেয়া  ল -  ‘‘উৰন্ত  অপ্সৰাৰ  হাঁহি’’   আনহাতে  ‘‘ইলোৰা-অজন্তা’’  আৰু  ‘‘বাৰণসী :  সাৰনাথৰ  এটা  দুপৰীয়া’’  ৰচনা দুখনিতো  এনেকুৱা  উপাদান  কিছু  পৰিমাণে  দেখা  যায় ৷  বাৰাণসী  আৰু  সাৰনাথৰ  বিচিত্ৰ  শিল্পসম্ভাৰৰ  সমুখত  থিয়  হৈ  ফুকনে  উপলব্ধি  কৰে  এক  ধৰণৰ  মহাজাগতিক  বুদ্ধময়তা,  আৰু  সেই  প্ৰাচীন  নগৰখনৰ  চৌদিশে  তেওঁ  দেখা  পায়  এক  সাংস্কৃতিক  ঐতিহ্যময়  আনন্দৰ  আলোক ৷

ইতিপূৰ্বে  প্ৰকাশিত ‘‘পাতি  সোণাৰুৰ  ফুল’’  আত্মজীৱনীমূলক  গ্ৰন্থখনিয়ে  সামৰি  ৰখা  ‘‘উৰন্ত অপ্সৰাৰ হাঁহি’’ শীৰ্ষক ৰচনাখনি এই  সংকলনতো  একে  শিৰোনামেৰে  প্ৰথম  অধ্যায়ৰ  আওতাতে  থকাটোত  এক  বিশেষত্ব  পৰিলক্ষিত  হয় ৷  নীলমণি  ফুকনৰ  প্ৰকৃত  পৰিচয়  যে  কেৱল  কাব্যচৰ্চাতে  সীমাবদ্ধ নহয় -  শিল্পকলা  দৰ্শনো  যে  তেওঁৰ  ব্যক্তিত্বৰ এক সবল পৰিচয়  সেই  মৌলিক  সত্যটো  উপলব্ধি কৰিবলৈ এইখন ৰচনাই পঢ়ুৱৈক বিশেষভাৱে সহায়  কৰিব ৷  ৰালিৰ  পৰাই  শিল্পকলা সাধনাৰ  পৰিৱেশ এটা  ফুকনে  লাভ  কৰিছিল  বা  তেনে  পৰিৱেশৰ মাজত  সোমাই  থাকি  তেওঁ  বিমল  আনন্দ  অনুভৱ  কৰিছিল - ‘‘আমাৰ  গাঁৱৰ  গাতে  লাগি  থকা  কুমাৰ  গাঁওখনৰ  লগত  মোৰ  আশৈশৱ  সম্পৰ্ক ৷  ... মাৰি  থোৱা  মাটি  অকণমান  হাতত  লৈ,  আঙুলিৰে  লাড়ু,  লেজু  কৰি  পিটিকি  পিটিকি,  মাটিৰ কামত  আঙুলিৰ  স্বচ্ছন্দ  গতি,  সঞ্চালনৰ  কি  আনন্দ,  জনা-নজনাকৈ  তেতিয়াই  কিছু  অনুভৱ  কৰিব  পাৰিছিলোঁ ৷’’ ১৩

সেই  কলাবোধৰ  বীজে  কৈশোৰ-যৌৱনত  পোখা  মেলিবলৈ  আৰম্ভ  কৰিলে  বৃহত্তৰ  শিৱসাগৰ  জিলাৰ  বায়ু-পানী-বতাহৰ  পৰশত ৷  নেঘেৰিটিঙৰ  শিৱদ  আৰু  নুমলীগড়ৰ  দেওপাহাৰৰ  শৈল  স্তূপসমূহে  বিশেষ  সাৰ  যোগাই  সেই  বীজক  গছলৈ  ৰূপান্তৰ  কৰিলে ৷  বিশেষকৈ  দেওপাহাৰৰ  প্ৰাগ্‌ঐতিহাসিক  বিচিত্ৰ  ৰূপৰ  শিলবোৰে  ফুকনৰ  ঊৰ্ধমুখী  মনবৃক্ষতে  আনি  দিলে  এক  গাঢ়  সেউজীয়া  আৱৰণ --  ‘‘ছবি  অঁকা  মোৰ  বৃথা  চেষ্টা,  কথাটো  বুজি  পাই  ছবি  অঁকা  সিমানতে  সামৰি,  ছবি  মূৰ্তি  তেই  যি  পাওঁ  তাকেই  চাবলৈ  ধৰিছিলোঁ ৷  ...  কেৱল  মূৰ্তি,  ছবিৰ  বিষয়ে  পঢ়ি  ছবি,  মূৰ্তি  চাবলৈ  শিকিব  নোৱাৰি৷  ছবি  মূৰ্তি  চোৱাটোহে  কথা;  ছবি  মূৰ্তি  চোৱা  বস্তু,  মূৰ্তি  হাতেৰে  চুই  চোৱা  বস্তুও ৷’’ ১৪

বহুবছৰৰ  মূৰত  এক  পৈণত  সমৃদ্ধ  মন  লৈ  ফুকন  যেতিয়া  ঔৰাংগবাদলৈ  ,  তেতিয়াহে  তেওঁ  অনুভৱ  কৰিবলৈ  লে  শিল্পকলাৰ  স্বকীয়  মহিমা,  বুজি  উঠিল  মানৱ-জীৱনক  শিল্পদৰ্শনেও দিব  পাৰে  জীয়াই  থকাৰ  মন্ত্ৰ - সেই  চিৰন্তন  সত্যটোকে  নিজৰ সৃষ্টিৰ  যোগেদি  অইনক  বুজাই  দিবও  পৰা  ল - ‘‘অজন্তা-ইলোৰা  চাবলৈ আহিছিলোঁ; জীয়াই থকাৰ, জীৱনৰ অৰ্থ  বিচাৰি, অতীতত  বৰ্তমান  বিচাৰি ৷’’ ১৫

চিত্ৰ, সংগীত আৰু কাব্যবিষয়ক আৰু এটা অধ্যায়  গ্ৰন্থখনিত  সংকলিত হৈছে ৷  ফুকনৰ  হাতত  ভ্ৰমণ-বৃত্তান্তই বুৰঞ্জী-সমাজ-সংস্কৃতিক মেৰিয়াই ৰখাটো  নতুন  কথা  নহয় ৷  ইয়াৰ  উপৰি  ভ্ৰমণ  কাহিনীবোৰত  নিহিত  হৈ  থাকে  চৰ্মচক্ষুৰে  দেখা  পোৱা  চিত্ৰৰ  বিচিত্ৰ  কাহিনী, কাণেৰে  শুনা  আৰু  নশুনা সংগীতৰ অপূৰ্ব  মূৰ্ছনা  আৰু  কাব্যসত্যৰ  সৰগীয়  মুহূৰ্তবোৰ ৷ ‘‘শান্তিনিকেতন’’  যেনেকৈ  উৎসৰ লগতে  ছবি  আৰু  সংগীতৰ  প্ৰতিধ্বনি  ধ্বনিত  হৈ  আছে,  তেনেকৈ  ‘‘ষ্ট্ৰুগা  ভ্ৰমণ’’  বাংময়  হৈ  উঠিছে  মাটি  আৰু  মানুহৰ,  মানুহ  আৰু  কবিতাৰ  সম্পৰ্কৰ  অজেয়  বাণী ৷ অন্যহাতে  ফেষ্টিভেল  অৱ্‌  ল্ডৰ্  চিনেমাৰ  উদ্বোধনী  অনুষ্ঠানত  প্ৰদান  কৰা  ভাষণটোৰ  গূঢ়াৰ্থ  কাব্যৰূপত  সাকাৰ  হৈ  উঠিছে  ‘‘চিত্ৰায়িত  জীৱন’’ত৷  পাণবজাৰৰ  এজন  অন্ধ  খোজনীয়াৰৰ  বাঁহীৰ  মাতত  মুগ্ধ  হৈ  ফুকনে  লিখিছে  ‘‘তই  কি  বাঁহী  বজালি’’  শীৰ্ষক  চমু  ৰচনাখনি৷  বলৈ  লে  এইখনি  ৰচনা  নহয়,  এটি  ৰূপকহে-  দুৰ্ভগাৰ  প্ৰতি  এজন  কবিয়ে  আগ বঢ়াই  দিয়া  এখন  কোমল  হাতৰ  স্পৰ্শৰ  কাব্যিক  প্ৰকাশ ৷ ‘‘ধম্মপদ’’ ৰচনাত  ফুকনে  ইয়াৰ কাব্যিক  গুৰুত্ব  আৰু  অসমীয়া  অনুবাদত  বৌদ্ধ  গ্ৰন্থখনিৰ  কাব্যিক  আবেদন  সম্পৰ্কে  নিজা  দৃষ্টিভংগী  আগবঢ়াইছে ৷  কবিতাৰ  তে  মানৱতাবাদৰ  সম্পৰ্ক  কেনে,  কবিৰ  দায়িত্ব  কি  হোৱা  উচিত - এই  প্ৰশ্নৰ  মৌলিক  উত্তৰ  পোৱা  যায়  ‘‘কবিতা  মাটিৰ  চাকি’’  শীৰ্ষক  টোকাত;  প্ৰকৃততে  ই-কবি  ফুকনৰ  সমগ্ৰ  জীৱনেৰে  চাকি  লাভ  কৰা  অভিজ্ঞতাৰ  এক  উপলব্ধি  মাথোন ৷  চাৰিগৰাকী  কবিতাপ্ৰেমীয়ে বিভিন্ন  সময়ত  সুকীয়া সুকীয়াকৈ  ফুকনৰ  জীৱন  আৰু  কবিতা  সম্পৰ্কে  কৰা  কিছু  প্ৰশ্নৰ  উত্তৰ  দিছে ‘‘কবি  আৰু  কবিতাৰ  কথা’’  শীৰ্ষক  প্ৰশ্নোত্তৰ  শিতানত ৷  উত্তৰবোৰৰ  দ্বাৰা  ফুকনৰ  ব্যক্তিত্ব,  জীৱন-জিজ্ঞাসা  প্ৰকাশ  পোৱাৰ  উপৰিও  সমসাময়িক  কাব্যচৰ্চা  আৰু  কলা  সম্পৰ্কে  কিছু  মৌলিক  তথ্য  প্ৰকাশি  উঠিছে ৷  অন্তিম  অধ্যায়টোত  চাৰিজন  বিদ্বানে  ফুকনলৈ  বিভিন্ন  সময়ত  প্ৰেৰণ  কৰা  সৰ্বমুঠ  পোন্ধৰখন  ব্যক্তিগত  পত্ৰ  সংগৃহীত  হৈছে ৷  পত্ৰ  কেইখনৰ  জৰিয়তে  ফুকনৰ  তে  তেওঁলোকৰ  মানৱিক  সম্পৰ্ক  আৰু  তদানীন্তন  সাহিত্য-কলা-সমাজ-সংস্কৃতি  সম্পৰ্কে  কিছু  নতুন  তথ্য  পোৱা  যায় ৷

   পাৰি, ‘‘পাহৰিব  নোৱাৰিলো যি’’  প্ৰধানতঃ  নীলমণি  ফুকনৰ  এখনি  আত্মজীৱনীমূলক  গ্ৰন্থ  যদিও গ্ৰন্থখনিত  লেখকৰ ব্যক্তিনিষ্ঠ  চিন্তাতকৈ নৈব্যক্তিক  চিন্তাৰ  আলোকহে  উজ্বল  ৰূপত  বিচ্ছুৰিত  হৈ  পৰা  চকুত  পৰে ৷  সামূহিক  চেতনাৰ  তে  জড়িত  এই  সত্যসমূহ কতো  ব্যাখ্যাত্মক  ৰূপত  চিত্ৰিত  হোৱা  নাই ৷  বোধানুভূতিৰ  তে  গাখীৰ-পানীৰ  দৰে  সি  মিহলি  হৈ  লেখকৰ  সমস্ত  চিন্তাতে  এক একীকৰণৰ  প্ৰক্ৰিয়া  সম্ভৱ  হৈ  উঠিছে ৷  যিটো ৰূপ  তথাকথিত পৰম্পৰাগত  আত্মজীৱনীৰ  ৰূপত  দেখা  নাযায়।    অনেক  সমাজ-সংস্কৃতি-কলা আৰু বুৰঞ্জীৰ সমল  থূপ খাই আছে- অথচ    কোনো  বিষয়ৰে  বুৰঞ্জীও  নহয় ৷  চেতনাৰ  আওতাত  সামৰি লোৱা  সমস্ততে  লেখকজন জলপৃষ্ঠৰ  ওপৰৰ  পদুম  এপাহৰ  দৰে  ভাসমান  হৈ  আছে৷  অৱশ্যে  ব্যক্তিত্বৰ  বৰ্ণনাতকৈ  শিল্পকলা  আৰু ভ্ৰমণ-বিষয়ক  বৰ্ণনাত  সেই  পদ্মদৰ্শন দূৰৈৰ পৰাই অনুভূত হৈ পৰে ৷  যেন  চলমান  নাও  এখনেৰে  বঠা  বাই  এটা  লিখক-জীৱনে  উল্লিখিত  সমলবোৰ  নাওখনৰ  চৌপাশে  ছটিয়াই  ছটিয়াই  উজ্জ্বলৰ  পৰা  উজ্জ্বলতম  পোহৰৰ  দিশে  গৈ  আছে ৷

জীৱন-পৰিক্ৰমা  ব্যাখ্যা  কৰোঁতেও  লেখক  তো  ব্যক্তিগত  ভাবনাত  বুৰ  যোৱা  নাই ৷ ব্যক্তি-চেতনাৰ  দেওনা  চেৰাই  তেওঁ বাৰে বাৰে  ওলাই আহিছে  নিৰ্বিশেষ  মানুহৰ  জগতলৈ ৷ সেয়েহে  লিখকৰ  পাৰিবাৰিক  জীৱনৰ সমল  ইয়াত  বিচাৰি  পাবলৈ  নাই ৷  নাই  জীৱন-বুৰঞ্জীৰ  ঘটনাক্ৰম  আৰু  তাৰিখ-সম্বলিত  আত্মজীৱনীৰ  সমল ৷ অবশ্যে বুৰঞ্জীৰ  অনেক তথ্য  উপলব্ধ  লেও  কোনো  তথ্য-প্ৰকাশতে লেখকজন বুৰঞ্জীকাৰৰ দৰে হৈ নপৰি হৈ পৰিছে এজন ৰুচিবান সংস্কৃতিবিদ আৰু  কলাকাৰৰ  দৰে ৷ ভ্ৰমণৰ অভিজ্ঞতা লেখকৰ  জীৱন-পৰিক্ৰমাৰ  এক  প্ৰধান  প্ৰেৰণা-শক্তি - কাব্যসৃষ্টিৰ  অনেক উৎসথলত  তেনে  অভিজ্ঞতাই  সাকাৰ  ৰূপ  লৈছে ৷  ভাৰতৰ  অনেক  প্ৰখ্যাত-অখ্যাত  চিত্ৰকৰ  আৰু  ভাস্কৰৰ  মৌলিকতা  সম্পৰ্কে  কিছু  কিছু  আভাস  গ্ৰন্থখনিৰ  ভাৰত-ভ্ৰমণ  সম্পকীৰ্য়  লিখাবোৰত  বিচাৰি  পোৱা  যায় ৷  বিচাৰি  পোৱা  যায়  বিনন্দীয়া  অসমৰ  নৈসৰ্গিক  শোভাৰ  অপৰূপ  ৰূপৰ  আন  এক  মোহনীয়  চিত্ৰ ৷  অন্যহাতে  আত্মলঘিমাও  লিখকৰ  থীম (theme)-ৰ এক  উল্লেখযোগ্য  বিশেষত্ব ৷

 আন  এক  প্ৰধান  বিশেষত্ব  ফুটি  উঠিছে  গ্ৰন্থখনিৰ  ভাষা  আৰু  প্ৰকাশশৈলীত ৷  বিৰল  অসমীয়া  জতুৱা ঠাঁচেৰে তেওঁৰ গদ্যভাষা গধুৰ হৈ  আছে ৷  সম্পূৰ্ণ-অসম্পূৰ্ণ প্ৰতিখনি  ৰচনাত কেন্দ্ৰীয়  বিষয়বস্তু  উত্থাপিত  হোৱাৰ  প্ৰাক্‌মুহূৰ্তত  এক  ধৰণৰ  অৱতৰণিকামূলক  কাব্যভংগীৰ  প্ৰয়োগ  লক্ষ্য  কৰা  যায় ৷  তেনে  ভংগীতো  বাৰুকৈয়ে  উপলব্ধি  হৈ  পৰে  অসমীয়া  জাতীয়  মানসসমৃদ্ধ লেখকৰ স্বকীয়  ভাষা  এটা -  যি  মানস  যেন  প্ৰকাশগতভাৱে  বিষয়বস্তুৰ  লগত  সম্পৃক্ত  হৈ  আছে ৷  অৰ্থাৎ  কোনো  কথা  বা  বৰ্ণনা বা বক্তব্য লেখকে পোনপটীয়াকৈ উত্থাপন নকৰি ৰুচিবান অসমীয়া  মনৰ পৰিচয়ক ব্যঞ্জনাময়  গদ্যভাষাৰে উপস্থাপন কৰিবলৈ যত্ন কৰিছে ৷ গতিকে এজন কবিৰ ভাবৰ গতিবেগ অনুসৰি গদ্যভাষাই  কাব্যভাষাৰ সীমাক স্পৰ্শ কৰাটো কোনো অগতানুগতিক ব্যাপাৰ হৈ পৰা নাই ৷ ঘটনাৰ পৰা  ঘটনান্তৰলৈ  কাহিনী-কথনে  গতি  কৰিলেও  বাৰে  বাৰে  পঢ়ুৱৈক  মূল  বক্তব্যলৈ  টানি  আনিব  পৰাটো  লেখকৰ  প্ৰকাশশৈলীৰে  বৈশিষ্ট্য ৷  ব্যক্তিত্ব-বিষয়ক  কেইখনমান  ৰচনাক  বাদ  দি  বাকী  সকলোতে  অনন্ত বিশ্ব-প্ৰকৃতিৰ  আবহমান ছন্দায়িত তালে  লেখক-সত্তাক নুৰিয়াই থৈছে ৷ সেয়েহে  লেখকে  প্ৰয়োগ কৰা অধিকাংশ বাক্যৰে দ্ব্যৰ্থক বোধ অনুভৱ কৰিব পাৰি৷ ইও লেখক-ব্যক্তিত্বৰ  আবিষ্কাৰধৰ্মিতাৰে  বিশেষত্ব ৷

 

পাদটীকা :

১.     শৰ্মা,  সত্যেন্দ্ৰনাথ : অসমীয়া  সাহিত্যৰ  সমীক্ষাত্মক  ইতিবৃত্ত,  তৃতীয়  সংস্কৰণ,  পৃ. ৪২৬

২.     ফুকন,  নীলমণি :      পাহৰিব  নোৱাৰিলোঁ  যি,  দ্বিতীয়  সংশোধিত  সংস্কৰণ,  নৱেম্বৰ,          ২০১৮   বনলতা,  পাণবজাৰ, গুৱাহাটী-১,  পৃ. ১৪৬

৩.     উল্লিখিত       :       পৰবিবৃত

৪.     উল্লিখিত       :       পৃ. ৮৩

৫.     উল্লিখিত :     পৃ. ১২৩

৬.     উল্লিখিত :     পৃ. ২৬১

৭.     উল্লিখিত       :       পৃ. ৩৩০

৮.     উল্লিখিত       :       পৃ. ৩৩২

৯.     উল্লিখিত       :       পৃ. ৬৬

১০.    উল্লিখিত :     পৃ. ২৮১

১১.    উল্লিখিত :     পৃ. ৩৬

১২.    উল্লিখিত       পৃ. ১৩২

১৩.    উল্লিখিত       :       পৃ. ৫২

১৪.    উল্লিখিত       :       পৃ. ৫৯

১৫.    উল্লিখিত       :       পৃ. ৩৬১

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ