ৰাজীৱ বৰা
শিৰোনামটো দেখি ভাব হ’ব
পাৰে একোজন সাহিত্যিকৰ বাবে জ্ঞানপীঠৰ দৰে পুৰষ্কাৰ লাভ কৰাৰ বাটটো চাগৈ মসৃণ,
আয়াসসাধ্য আৰু সেন্দূৰীয়া আমটোৰ দৰে কেৱল দৃষ্টিনন্দনেই নহয়
তৃপ্তিদায়কো৷ পিছে সেয়া নহয়; ই কষ্টসাধ্য, সাধনালব্ধ আৰু বহু সময়ত এই পথ কণ্টকাকীৰ্ণ৷ আমাৰ ‘জাতীয়
কবি’ নীলমণি ফুকনৰ জ্ঞানপীঠলব্ধ কাব্য-যাত্ৰাত চকু থাপিলেই
এই কথা অনুধাৱন কৰিব পাৰোঁ৷ অৱশ্যে বিধৱাৰ উকা সেওঁতাৰ প্ৰতিৰূপে সেন্দূৰ
সীমন্তিনীৰ সেওঁতাৰ উজ্বল ৰংটোৰ দৰেই এই সমৃদ্ধি প্ৰত্যয়দীপ্ত আৰু আঁতৰৰ পৰা
জিলিকি উঠা৷
নিজে গৌৰৱী হ’ব
পৰাকৈ, যিটো জাতিত তেওঁ গজিছে-মজিছে সেই জাতিটোকো তেনে গৌৰৱৰ
অংশীদাৰ কৰিব পৰাকৈ ‘কবি শিৰোমণি’, ‘ঋষিকবি’
বা আজিৰ নীলমণি ফুকনজন গঢ় লোৱাত যিবোৰ কাৰকে ক্ৰিয়া কৰিছিল সেইবোৰৰ
উৎস সন্ধানে তেওঁৰ কাব্য-চৰ্চাৰ উত্তৰণৰ ঢাপবোৰ অনুধাৱন কৰাত সাহায় কৰে৷ তেওঁৰ
কাব্য-যাত্ৰাৰ ঢাপবোৰ অনুসৰণ কৰাৰ উপৰি ‘পাতি সোণাৰুৰ ফুল’,
‘পাহৰিব নোৱাৰিলো যি’, অথবা ‘অনুসৃষ্টি’ত যদি চকু ফুৰাওঁ, তেনেহ’লে এইজনা কবিৰ কাব্য-যাত্ৰাৰ মাজেদি তেওঁ প্ৰতিনিধিত্ব কৰা অসমীয়া কবিতাৰ
যুগ এটাৰ গতি-প্ৰকৃতিৰো উমান পাওঁ৷ এই যুগটো সমকালীন ভাৰতীয় কবিতাৰ প্ৰেক্ষাপটত
কিমান সমৃদ্ধিশালী সেয়া মূল্যায়ণ এটা বেলেগ বিষয় যদিও ভাৰতীয় সাহিত্যৰ ক্ষেত্ৰত সৰ্বোচ্চ
সন্মান জ্ঞানপীঠ পুৰস্কাৰ (৫৬ সংখ্যক) নীলমণি ফুকনক প্ৰদান কৰা কথাটোৱে আওপকীয়াকৈ
অসমীয়া কবিতাৰ শ্ৰেষ্ঠত্বকো ঘোষণা কৰে৷ অৱশ্যে এই প্ৰাপ্তিত কলা-সমালোচনা আৰু
লোক-সাংস্কৃতিৰ সমালোচক সাহিত্যিক ব্যক্তিত্বৰ নীলমণি ফুকনজনৰ প্ৰসংগও নিলগাই থোৱা
নাযায়৷
সাহিত্য
অকাডেমিৰ ফেল’শ্বিপ সন্মান গ্ৰহণ কৰি দিয়া ভাষণ (২০০০)-ত তেওঁ
লিখিছিল– ‘ভাৰতৰ বহু লেখকৰ দৰে অখ্যাত এখন গাঁৱত অতিবাহিত কৰা
শৈশৱ আৰু কৈশোৰেই মোৰ লেখক জীৱনৰ উহ, ভিত্তিভূমি৷ গাঁৱতেই
জ্ঞাতে-অজ্ঞাতে প্ৰকৃতি জীৱন আৰু বাস্তৱৰ লগত তেতিয়াই মোৰ এটা আনুভূতিক সম্পৰ্ক হয়
আৰু লাহে লাহে সি পাহি মেলি জীৱন-ভাবনা-বেদনা সঞ্চাৰী হৈ আহিবলৈ ধৰে৷’১
কবিৰ
আত্মকথনৰ বাটটোৰেই যদি আগবাঢ়োঁ এনে কথাও আমাৰ জ্ঞাত হয় যে আন বহুজনৰ দৰে সৰুতে
পোৱা বিজ্ঞজনৰ সান্নিধ্যই তেওঁৰ ব্যক্তিত্ব গঢ়াত বিশেষ ভূমিকা লৈছিল৷ বৰদেউতাক
লক্ষ্মীনাথ ফুকনৰ সান্নিধ্যৰ প্ৰায় সাতবছৰ কালৰ (১৯৫২-১৯৫৮) সুৰুঙাতে নীলমণি ফুকনে
তদানীন্তন অসমৰ ভালেকেইগৰাকী বৰেণ্য সাহিত্যিকৰ সংস্পৰ্শ লভাৰো সুযোগ পাইছিল৷
ৰত্নকান্ত বৰকাকতি, অম্বিকাগিৰি ৰায়চৌধুৰী, পাৰ্বতিপ্ৰসাদ
বৰুৱা, পদ্মধৰ চলিহা, হেম বৰুৱাৰ সৈতে
হোৱা পৰিচয়ে কবিৰ কবিতা-আগ্ৰহী মনটোক সেই ফালে ঢাল খুওৱা স্বাভাৱিক৷ পিছে মন
কৰিবলগীয়া যে তেওঁ সাহিত্যৰ পথাৰত হাল জোৰোঁতে প্ৰথম আঁওচটো প্ৰবন্ধৰেহে মাৰিছিল৷
সেইটো আছিল মহেশ্বৰ নেওগৰ সম্পাদনাত প্ৰকাশিত ‘ৰামধেনু’ত ওলোৱা এটা প্ৰবন্ধ– ‘দেৰগাঁৱৰ শিৱদ’ল’৷২ ‘জনমভূমি’ৰ সম্পাদক জগদীশ ফুকনৰ উৎসাহজনক পৰামৰ্শ, সৰু খুৰাক
বংশীধৰ ফুকনৰ সান্নিধ্যৰ কথা তেওঁ স্থানান্তৰত উল্লেখো কৰিছে৷
পিতৃ
কীৰ্তিনাথ ফুকনে বাগ্মীবৰ নীলমণি ফুকনৰ দৰে বিখ্যত মানুহ হওক বুলি আশা কৰিয়েই
জ্যেষ্ঠ পুতেকৰ নাম নীলমণি ফুকন ৰাখিছিল৷ আৰু পিতৃৰ সেই উদ্দেশ্যও যে এদিন পূৰণ
হৈছিল সেয়া কবিয়ে সাহিত্য অকাডেমী বঁটা পাওঁতে ককা নীলমণি ফুকনে তেওঁলৈ লিখা এখন
চিঠিৰ পৰাই জানিব পাৰোঁ৷ কবি নীলমণি ফুকনৰ কৃতিত্বত সুখী হৈ ককা নীলমণি ফুকনে
লিখিছিল–
‘...আৰু তুমি শুনিও সুখী হ’বা আমি নিজেও
তোমাৰ নামেৰে যোৱাৰ বাবে অনেকে আমাকেই ভুল কৰি সম্বৰ্ধনা জনাইছিল, গতিকে তোমাৰ জহত দেৱতাক যচা ফুলপাহিৰ লগত কীট এটায়ো যে দেৱতাৰ মূৰত বগাবলৈ
পাই আমিও যেন তেনেদৰে ঠাই পালোঁ বুলি ভাবিলোঁ৷’৩
‘পেৰিচ
ৰিভিউ’ৰ এটা সাক্ষাৎকাৰত পাবলো নেৰুদাই কৈছিল– ‘The
life of a poet must be reflected in his poetry. That is the law of the art .’৷৪ নীলমণি ফুকনৰ কবিতাৰ মাজতো আমি দেধাৰ আত্মিক
অনুষংগ-প্ৰসংগ পাওঁ৷ অৱশ্যে সিবোৰক তেওঁ একান্ত আত্মগত কথনৰ ঊৰ্ধ্বলৈ নি মানৱীয়
শাশ্বত মূল্যবোধেৰে তুলি ধৰিব পাৰিছে৷ তেওঁৰ জীৱনত মাতৃৰ প্ৰভাৱক ভিন্ন সময়ত তুলি
ধৰাই নহয়, ভালেকেইটা কবিতাৰো উহত থাপিছে– ‘মাটি যেন মানুহ আছিল মা৷ পোন, মিতভাষী, মিঠামুখীয়া৷ দেউতাৰ কেটেৰা-জেঙেৰা বকনি-বলকনি নিমাতে চকুপানী টুকি সহ্য
কৰিছিল৷’৫ সেইগৰাকী মাকেই দুৰাৰোগ্য কৰ্কট ৰোগত আক্ৰান্ত
হৈ মৃত্যু মুখত পৰোঁতে কবিৰ পাৰভঙা বিষাদ যন্ত্ৰণাই মৃত্যু-চেতনাৰে লৈছে সাৰ্বজনীন
ৰূপ৷ ‘কাঁইট আৰু গোলাপ আৰু কাঁইট’ কাব্যগ্ৰন্থৰ ‘আকাশখনে ধপধপায়’ শীৰ্ষক ২৭ সংখ্যক কবিতাটো লিখিছিল৷
এইটো তেওঁৰ মৃত্যু বিষয়ক কবিতাবোৰৰো অন্যতম৷
ফুকনৰ কবিতাত
লোক-জীৱনৰ খুন্দখাই থকা উপকৰণবোৰে জন-জীৱনৰ বিভিন্ন উপকৰণবোৰৰ জ্ঞান আৰু অভিজ্ঞতাকে
সূচিত কৰে৷ মাকৰ উপৰি তেওঁৰ কণ আইটি পেহীয়ে সৰুকালতে কোৱা নানা সাধুকথাই কোমল
মনটোক পূৰঠ কৰাই নহয়; সময়ত সেই অভিজ্ঞতাক কামত লগাই অসমীয়া আধুনিক কবিতাৰ
ধাৰাটোক লোক-কথা নিৰ্ভৰ সুঁতি এটাৰে বোৱাই নিবলৈ সমৰ্থ হৈছিল৷ অৱশ্যে প্ৰথমৰ ফালে
তেওঁৰ কবিতাৰ মাজত ইংগ-ফৰাচী প্ৰতীকবাদৰ অনুশীল আৰু কবি হিচাপে এলিয়ট, ভেলাৰী, মালাৰ্মেৰ কাব্যশৈলীৰ প্ৰতি আকৰ্ষণ আছিল৷
কবিৰ প্ৰথম পৰ্বৰ কবিতাসমূহৰ প্ৰসংগত সমালোচক হীৰেন গোঁহায়ে ১৩-০৫-৬৫-
ক্ৰেম্ব্ৰিজৰ পৰা লিখা এখন ব্যক্তিগত চিঠিত উল্লেখ কৰিছিল– ‘আত্মনিমগ্ন
মনৰ শংকা, বিহ্বলতা আৰু হতাশা আপুনি ভালদৰে ফুটাই তুলিছে৷
কিন্তু পৰাজয়ৰ সন্মুখত অটল সংগ্ৰামী মানুহৰ স্বৰূপ, উদ্দেশ্যত
ব্ৰতী মানুহৰ আশা-আকাংক্ষা আৰু জয়-পৰাজয়, আৰু মানৱ জীৱনৰ
নানা স্বৰূপ, নানান আৱেগ আপোনৰ কবিতাত ফুটি উঠা নাই৷
...একালত অসমীয়া অয়-অলংকাৰ, সাজ-পাৰ তাৰ দস্তুৰ আৰু জতুৱা
ঠাঁচ সম্পৰ্কে আপোনাৰ উছাহ আছিল৷ সেইবোৰ আপোনাৰ কবিতাৰ সমল নহয় কেলেই?’৬ কবিতাত
সামাজিক encounter
আৰু চহৰৰ নতুন চেহেৰাৰ প্ৰতি ঔদাসীন্য নিৰিখি আন এখন চিঠিত তেওঁ
লিখিছিল– ‘সচৰাচৰ আপুনি আপোনৰ চিনাকী জাগাতে সোমাই থাকে৷
স্বীকাৰ কৰোঁ সেইবোৰ ভাল কবিতা৷ কিন্তু সি যথেষ্ট নহয়৷ উক্ত প্ৰয়াসত কেৱল
ঐকান্তিকতা হ’লেই নচলিব– ‘প্ৰয়োজন হ’ব alertnessৰ সজীৱ সচেতন উপলব্ধিৰ৷ ৭ এনে
নিৰ্দেশনা বা জাপানী আৰু চীনা কবিতাৰ প্ৰচুৰ অধ্যয়ন অনুবাদে তেওঁক কবিতাৰ আপোন
মাৰ্গটো লোক-জীৱন নিৰ্ভৰ কৰিবলৈ হয়তো অনুপ্ৰাণিত কৰিছিল৷ যাৰ ফলত তেওঁৰ প্ৰথম দুখন
সংকলনৰ পাছৰ কবিতাবোৰত এই বিশেষত্ববোৰৰ চমৎকাৰ প্ৰয়োগ দেখিবলৈ পাওঁ৷ সেই একেগৰাকী
সমালোচকেই ‘সাগৰ তলিৰ শঙ্খ’(১৯৯৪)-ৰ পাতনিত
সমসাময়িক কবিসকলৰ ভিতৰত নীলমণি ফুকনৰ কবিতাই এক অনন্য মহিমা আহৰণ কৰাৰ কথা উল্লেখ
কৰি ড॰ হীৰেন গোহাঁয়ে
লিখিছিল–
‘ফুকনৰ কাব্যত সাগৰৰ দৰে দৃশ্য আৰু ভাবৰ অপাৰ বৈচিত্ৰ্য, কল্পনাৰ বিস্ময়কৰ বিস্তাৰ, দূৰ দিগন্তৰ লগত এক
নিবিড় অন্তৰংগতা আৰু তাৰ অটল গৰ্ভত লুকাই থকা এক অনিৰ্বচনীয় ৰহস্য অনুভৱ কৰোঁ৷
সাগৰৰ দৰেই নৈসৰ্গিক, অথচ কালাতিক্ৰান্ত তাৰ সত্তা৷ সকলো
মিলি তাৰ এক ‘গম্ভীৰ বিস্তাৰ’ পৰিচয়৷’
এনেকৈয়ে লিখিব পৰাকৈ ফুকনৰ কবিতাই যে সমৃদ্ধি আহৰণ কৰিব সেই বিশ্বাস
সমালোচকেও ৰাখিছিল৷ কাৰণ নীলমণি ফুকনে কৰা ‘জাপানী কবিতা’(১৯৭১)-ৰ পাতনিত তেওঁ লিখিছিল–‘তাহানিয়েই আমি ভৰসা
কৰিছিলোঁ যে নিৰ্জনতাৰ মৰিচিকাত প্ৰাণ বিষৰ্জন নিদি ফুকনৰ ঐকান্তিক সন্ধানে সমাজ
আৰু বাস্তৱৰ বাটলৈ উভটি আহিব৷’৮ একোজন
সৃষ্টিশীল লেখকৰ ক্ষেত্ৰত এজন সমালোচকৰ সান্নিধ্য-পৰামৰ্শ আৰু দিগদৰ্শনৰ গুৰুত্ব
অনুধাৱন কৰিবৰ বাবে নীলমণি ফুকনে কোৱা কথাকে ধাৰ কৰি ক’ব
পাৰি– কোনো সমালোচকে কাকো কবি কৰিব নোৱাৰে৷ কিন্তু লেখক এজনৰ
আত্মআৱিষ্কাৰ, আত্মসমালোচনা আৰু সৃষ্টিশীল মনৰ পুষ্টি সাধন
কৰিবলৈ মাৰ্গ দৰ্শাব পাৰে৷ লেখকজনৰ কল্পনা, চিন্তা, মনন আৰু জিজ্ঞাসাৰ নতুন দিগন্ত কেনেকৈ প্ৰসাৰিত কৰিব পাৰি তাৰো দিক
নিৰ্দেশনা দিব পাৰে৷ হীৰেন গোহঁাইৰ দৰে কৃতবিদ্য আলোচকৰ পৰা এনে পথনিৰ্দেশনা কবি
নীলমণি ফুকনে কেনেকৈ লাভ কৰিছিল সেয়া ‘পাহৰিব নোৱাৰিলো যি’ত কবিয়ে কৃতজ্ঞচিত্তে উল্লেখ কৰিছে৷ ৯ তদুপৰি ভবেন
বৰুৱা, হৰেকৃষ্ণ ডেকাৰ আদিৰ দৰে সমালোচকৰ মাৰ্গ দৰ্শনকাৰী সমালোচনাই তেওঁৰ কাব্যৰ
পুষ্টি আৰু বিস্তৃতিত কেনে অৰিহণা আগবঢ়াইছিল সেয়া তেওঁ না না প্ৰসংগত উল্লেখ
কৰিছে৷
কবিয়ে
গঠনমূলক সমালোচনা লাভ কৰাৰ উপৰি বিৰূপ আৰু কটু সমালোচনাও পাইছিল৷ সেই সম্পৰ্কে
কবিয়ে কৈছে– ‘...মোৰ কবিতাৰ তিনিটামান সংকলন ওলাইছিল ঠিক সেই
সময়ৰ পৰাই মোৰ কবিতাৰ বিষয়ে কাকতে-পত্ৰই আলোচনা-সমালোচনা ওলাবলৈ ধৰিছিল৷ সৰহৰভাগ
আলোচনাই মোক উৎসাহিত কৰাতকৈ নিৰুৎসাহ কৰিছিল৷ এই সমালোচনাবোৰৰ প্ৰধান সুৰটোৱেই
আছিল Negative চৰিত্ৰৰ৷’ ১০ কাব্য-সৃজনত
কুম্ভীলক বৃত্তি গ্ৰহণ কৰা বুলি সাময়িক ভাবে তেওঁৰ ওপৰত কৌশলী ভাবে আৰোপিত অভিযোগ
আৰু সেয়া মিছা প্ৰমাণিত হোৱাৰ কাহিনী আজি কাৰো অবিদিত হৈ থকা নাই৷ কিন্তু
তাৎপৰ্যপূৰ্ণ কথা এয়ে যে এনে আলোচনাই কবিক সাময়িক ভাবে নিৰুৎসাহ কৰিলেও তেওঁ এই
সকলোবোৰকে যোগাত্মক ভাবে গ্ৰহণ কৰিবলৈ মন বান্ধিছিল৷ নিজৰ লেখাৰ দোষ-ত্ৰুটি
সম্পৰ্কত ক্ৰমাৎ সজাগ-সচেতন, সময়ত নিষ্ঠুৰ হৈ আত্মসমালোচনা
কৰিবলৈ ইবোৰ সমালোচনাই তেওঁক উৎসাহিতহে কৰিছিল৷ হীৰেন গোহাঁইৰ সৈতে হোৱা কথোপকথনত
তেওঁ কৈছিল– ‘সমালোচনাই সুদীৰ্ঘ কাল ধৰি মোক
বাট দেখুৱাই আহিছে, নিজৰ সীমাৱদ্ধতাৰ বিষয়ে মোক অৱহিত কৰিছে
আৰু সেই সীমাৱদ্ধতা ভাঙিবলৈ মোক প্ৰেৰণা দিছে, মিছা অহংকাৰ
চূৰ্ণ কৰিছে, আত্মবিস্বাস দৃঢ় কৰিছে৷’ ১১
অগ্ৰজজনৰ
প্ৰতিও তেওঁ শ্ৰদ্ধাশীল হ’বলৈ পাহৰা নাই৷ উপকাৰীৰ উপকাৰ স্বীকাৰ কৰিবলৈ তেওঁ
সদা প্ৰস্তুত৷ ব্যক্তিত্বসম্পন্ন বিজ্ঞজনৰ ছত্ৰছায়া লাভৰ প্ৰতি তেওঁ কৃতজ্ঞ হৈছে
আৰু সাধাৰণজনৰ অনুকম্পাকো সাধুবাদ দিবলৈ পাহৰা নাই৷ তথাপি তেওঁ অজাতশত্ৰু নহ’ল৷ তেওঁৰ কাব্য-ব্যক্তিত্বতো কলংকৰ দাগ সানিবলৈ যত্ন কৰা হ’ল৷ তেতিয়াও তেওঁ স্থিৰ হৈ থাকিল– তেনে সড়যন্ত্ৰৰ
সময়তো আৰু সেয়া মিছা বুলি প্ৰমাণ হোৱাৰ পাছতো৷ পিছে শত্ৰুতা শলাৰ প্ৰতিও তেওঁ
কটুক্তি কৰা নাই৷ ঋষিকল্প ব্যক্তিত্বৰে স্থিতপ্ৰজ্ঞ হৈ ৰ’ব
পৰাটো তেওঁৰ ব্যক্তিত্বৰ অন্যতম দিশ৷ সেয়ে তেওঁৰ কবিতাৰ মাজতো মানৱীয় অধঃপতনৰ যি
ছবি ফুটি উঠিছে তাত শংসয় আৰু দুখবোধে ক্ৰিয়া কৰিলেও তীব্ৰ প্ৰতিবাদ বা অভিসম্পাত
নাই৷ মানৱীয় শুভবোধৰ প্ৰতি আহ্বান আৰু সেয়া সম্ভৱ হ’ব বুলি
তেওঁ আশাবাদী হৈ ৰৈছে৷
কবিতাৰ
দুটা-এটা ক-ক ম-ম লিখা অনুশীলকাৰী হিচাপেই নহয়, নীলমণি ফুকন বিষয়ক দুখন
কিতাপৰ কাম সম্পাদন (‘সাত সমুদ্ৰত শংখ বাজিছেনে নাই’ আৰু ‘পত্ৰগুচ্ছ’) কৰোঁতে
তেখেতৰ সান্নিধ্যত ভালেমান কথা শিকিছিলোঁ৷ কবিতাৰ ভাষাৰ প্ৰসংগত দেৰগাঁও, যোৰহাট, মাজুলীকে ধৰি– এই
অঞ্চলটোৰ বিশেষ ভাষিক বৈশিষ্ট্যৰ কথা কৈছিল৷ সুৰধৰ্মিতা আৰু উচ্চাৰণৰ বাবে ইয়াৰ
বিশিষ্টতাৰ কথা উনুকিয়াইছিল৷ নীলমণি ফুকনৰ কবিতাত ভাষাৰ যিটো আৱিষ্কাৰধৰ্মী
চৰিত্ৰৰ কথা কোৱা হয়, সেয়া তেওঁৰ কাব্য-ভাষা নিৰ্মাণৰ কুশলতা
যদিও এই আঞ্চলিক ৰূপটোৰ প্ৰভাৱৰ কথাও উলাই কৰা নাযায়৷ কবিতাৰ ভাষাৰ ক্ষেত্ৰত কৰা
অনুশীলনৰ প্ৰসংগত তেওঁ হীৰেন গোহাঁইক দিয়া সাক্ষাৎকাৰত (সাগৰতলিৰ শঙ্খ)
চন্দ্ৰকুমাৰ আগৰৱালা আৰু নৱকান্ত বৰুৱাৰ জেৰ টানি কৈছে– ‘দুয়োজনে
ভাষাটো নতুন কৰিছে, ভালেমান উপাদন ঐতিহ্যৰ পৰা লৈছে৷ মইও
কৰিছোঁ, মইও লৈছোঁ৷ ঐতিহ্যৰ পৰা পোৱাখিনিক তেওঁলোকে
ভাঙিছে-ছিঙিছে, নতুন এটা সুৰ দিছে, নতুন
অৰ্থ, অভিব্যঞ্জনা ধ্বনি-সুষমাৰে সজাইছে-পৰাইছে, সমৃদ্ধ কৰিছে৷ মইও কৰিবলৈ চেষ্টা কৰিছোঁ৷
কৈশোৰত
স্কুলীয়া দিনতে ভিন্ন বিষয়ৰ অধ্যয়নৰ সুৰুঙাতে¸ সাহিত্য কলাৰ প্ৰতি তেওঁৰ
ধাউতি হৈছিল৷ ১৯৪৬ চনতে কেইজনমান স্কুলীয়া সমনীয়াৰে লগ হৈ সাহায্য সংগ্ৰহ কৰি ‘আজাদ পুস্তকালয়’ পাতিছিল৷ তাৰ পৰাই ডেৰগাঁৱৰ প্ৰথমখন
ছপা আলোচনী ‘জ্যাতি’ প্ৰকাশ হৈছিল৷ ‘জনসংস্কৃতি সংঘ’ আৰু ‘পৰাগ
সাংস্কৃতিক সংঘ’ৰো প্ৰতিষ্ঠাতাসকলৰ তেওঁ আছিল আগৰণুৱা৷
তেওঁৰ শৈশৱ কাল চাহ বাগিচাত অতিবাহিত হৈছিল৷ সেয়ে বাগিচাৰ জীৱন আধাৰিত কেইবাটাও
কবিতা লিখিাৰ উপৰি ভাৰতীয় জনজাতীয় লোক কবিতাৰ অনুবাদ কৰি ‘অৰণ্যৰ
গান’ প্ৰকাশ কৰিবলৈ হয়তো অনুপ্ৰেৰণা পাইছিল৷
১৯৫৩ চনত আই.
এ. পঢ়িবলৈ গুৱাহাটীলৈ যোৱাৱ পাছৰ পৰা নীলমণি ফুকনৰ বোধ-বুধিৰ ক্ষেত্ৰখন বিস্তৃত
হৈ পৰে৷ কটন কলেজৰ লাইব্ৰেৰীত থকা গ্ৰন্থসম্ভাৰে তেওঁৰ সন্মুখত কেনেকৈ এখন অপাৰ
জ্ঞান-সমুদ্ৰৰ দুৱাৰ মুকলি কৰিছিল সেই কথা তেওঁ আত্মকথনত উল্লেখ কৰিছে৷ তদুপৰি
তাতে লগ পোৱা অসমীয়া সাহিত্যৰ কেইবাজনো দিগ্গজ সাহিত্যিকৰ সান্নিধ্যয়ো যে তেওঁক
এই ক্ষেত্ৰখনৰ প্ৰতি আগ্ৰহী কৰাই নহয়; বিভিন্ন ধৰণেৰে উপকৃত কৰিছিল
সেয়াও আমি জানিছোঁ৷ শিক্ষক হিচাপে পোৱা নৱকান্ত বৰুৱা, মহেন্দ্ৰ
বৰাৰ উপৰি পাছলৈ প্ৰতিষ্ঠিত অনেক কবি-সাহিত্যিকক তাতে তেওঁ অগ্ৰজ-অনুজ হিচাপে লগ
পাইছিল৷
১৯৬০ চনত
গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়নৰত অৱস্থাতে তেওঁ ৰচনা কৰিছিল ‘সূৰ্য
হেনো নামি আহে এই নদীয়েদি’ শীৰ্ষক কবিতাটি৷ মিছৰীয় পুৰাকথা
সম্বলিত এই কবিতাটি ৰচনাৰ অন্তৰালতো ভাৰতীয় তথা¸ বিশ্ব
ইতিহাস অধ্যয়ন, পৃথিৱীৰ বিভিন্ন দেশৰ পুৰা-কথা অধ্যয়নৰ প্ৰভাৱ
আছে সেয়া তেওঁ উল্লেখ কৰি গৈছে৷ কেৱল বিদ্যায়তনিক পাৰিপাশ্বিৰ্কতাই নহয় তেতিয়ালৈ
গুৱাহাটীৰ জীৱনে দেৰগঞা নীলমণিক নতুনকৈ গঢ়িলৈ লৈছিল– ‘গুৱাহাটীয়ে
মোক নতুন জিজ্ঞাসা, স্বপ্ন, ৰুচি,
নতুন দৃষ্টি দিলে৷ ...ক’ত কি আছে ক’ত কি কেনেকৈ বিচাৰিব লাগে তাকো শিকালে৷ গুৱাহাটীৰ সাংস্কৃতিক জীৱনৰ মাজতে
মোৰ সাংস্কৃতিক জীৱনৰ গছজোপা বাঢ়িল, ঠাল-ঠেঙুলি মেলিলে,
পকা পাত সৰিল, নতুন পাত ওলাল, ফুল ফল ধৰিলে৷’১২ ‘...গুৱাহাটীয়ে
মোৰ সন্মুখত জ্ঞান আৰু জিজ্ঞাসাৰ ন ন দিগন্ত উন্মোচিত কৰিলে; বহুমাত্ৰিক জীৱনটোক, পৃথিৱীখনক চাবলৈ উদ্বুদ্ধ কৰিলে,
নতুন ৰুচি আৰু ৰসনাৰ সৃষ্টি কৰিলে৷’১৩
অৱশ্যে তাৰ
মাজতো তেওঁৰ জীৱনৰ কাব্য আৰু সাহিত্য প্ৰতিভাৰ পৃষ্ঠভূমি নিৰ্মাণ কৰা গাঁওখন তেওঁৰ
বুকুতে থাকিল৷ অদ্যাৱধি চহৰতেই জীৱন নিৰ্বাহ কৰা কবিজনক নগৰীয়া চাঞ্চল্যই শিহৰিত
কৰিলেও তেওঁৰ কাব্য-চেতনাৰ ঘাই শিপাডাল প্ৰেত্থিত হৈ ৰ’ল
গ্ৰাম্য জীৱন-জীৱিকা কৃষ্টি-সংস্কৃতিৰ মাটিত৷ সেই কথা কবিয়েও স্বীকাৰ কৰিছে–
‘চহৰত সুদীৰ্ঘ পঞ্চাছ বছৰ কটোৱাৰ পিছটো
স্মৃতি-ল্বপ্ন-বিষাদ-আনন্দ হৈ সেই গাঁওখনেই অজস্ৰ কথা সুৰ-গন্ধ-বৰ্ণ, দিন আৰু ৰাতিৰ ৰহস্যময় দৃশ্য হৈ আজিও প্ৰতিনিয়ত মোৰ মন হূদয় আৰু কল্পনাক
আলোড়ি কৰি ৰাখিছে৷’১৪
তেওঁৰ কবিতাৰ
মাজতো মন কৰিবলগীয়া কথা এয়ে যে নগৰীয়া জীৱনৰ ভিন্ন প্ৰসংগতকৈ গ্ৰাম্য আকূতিৰ প্ৰতি
যেন টান বেছি৷ আধুনিকতাবাদী অসমীয়া কবিতাৰ নৱকান্তীয় পৰিমণ্ডলত নগৰীয়া বিপৰ্যয় বা
ভীতিয়ে টগবগাই থকাৰ সময়ত নীলমণি ফুকনে লোক-জীৱনৰ প্ৰতিহে বেছিকৈ আগ্ৰহ দেখুৱাইছিল৷
দুয়োজনৰ কবিতা পঢ়িলে এনে লাগে যেন আধুনিকতাবাদী অসমীয়া কবিতাৰ বাটটোৰে নৱকান্ত
বৰুৱাই পাশ্চাত্য আধুনিকতাবাদৰ যতমানে শিহৰণ আছে সিবোৰক সুৱাগুৰি তুলি আনি অসমীয়া
কবিতাক নোৱাই-ধুৱাই সমৃদ্ধ কৰিছিল৷ আনহাতে নালমণি ফুকনে আধুনীকতাবাদী চেতনাক
আত্মস্থ কৰি আমাৰ জাতীয় আৰু সাংস্কৃতিক সমৃদ্ধিকো জগতৰ চোতালত তুলি ধৰিবলৈ যত্ন
কৰিছিল৷ তাকে কৰোঁতে সেয়া বিশেষ নহৈ নিৰ্বিশেষ মানৱতাৰ কণ্ঠস্বৰ যেন হৈ উঠিছিল৷
অৱশ্যে এনে প্ৰচেষ্টাৰ বাবে তেওঁক প্ৰচুৰ অধ্যয়নেও উৎসাহিত কৰিছিল৷
নীলমণি ফুকনে
লৰ্কাৰ কবিতা অনুবাদ কৰাটোক তেওঁৰ কবিতাৰ বাবেই নহয়, অসমীয়া কবিতাৰ বাবেই
এটা টাৰ্নিং পইণ্ট বুলি সমালোচক প্ৰভাত বৰাই ‘যথাৰীতি’ত সন্নিৱিষ্ট এটা প্ৰবন্ধত উল্লেখ কৰিছে৷ ১৫ কাৰণ এনে
প্ৰচেষ্টাই অসমীয়া আধুনিকতাবাদী কবিতাক ইংগ-ফৰাচী বলয়ৰ পৰা কিছু আঁতৰি
স্পেনীয়-ইটালীয় সুৰটোৰ অভিমুখী হোৱাত উৎসাহিত কৰিছিল৷ সেয়ে তেওঁৰ কবিতাৰ
ক্ষেত্ৰখনে সেই তেতিয়াই এটা সুকীয়া বাট লৈছিল৷ যি বাটেৰে আগ বাঢ়ি তেওঁ একক আৰু
অনন্য হৈ উঠাটো সম্ভৱ হ’ল৷ ভাব প্ৰকাশত তেওঁ যিটো কাব্য ভাষা আয়ত্ত কৰিলে তাৰ
উহটো গ্ৰাম্যজ মাত-কথাত থাকিলেও তাক নিজাববীয়া কৰাৰ কৌশল কবিয়ে আয়ত্ত কৰিলে৷ বিষয় আৰু
ভাব প্ৰকাশৰ বেলিকাও ঐতিহ্যৰ বাটতে আঞ্চলিকৰ বেওটো পাৰ হৈ বিশ্বমুখী হ’ব পৰাকৈ সমৃদ্ধ হৈ উঠিল৷
কাব্যত মাথোঁ
বিদেশী আদৰ্শকে খামুচি থকা হ’লে আজি তেওঁক আমি জাতীয় কবি হিচাপে হয়তো
নাপালোহেঁতেন৷ প্ৰচুৰ অধ্যয়ন আৰু অধ্যৱসায়েৰে তেওঁ আধুনিকতাবাদী অসমীয়া কাব্য প্ৰৱাহতে
এনে এটা নিজা বলয়ৰ সৃষ্টি কৰিবলৈ সক্ষম হ’ল যাৰ বাবে তেওঁ
একক আৰু অনন্য হৈ উঠিল৷ এই অভিনৱত্বত আমি নিৰ্বিশেষ মানুহৰ হিয়াৰ স্পন্দন উপলব্ধি
কৰিব পাৰিলোঁ যদিও আমাৰ জাতীয় সত্তা আৰু তাৰ মাজত পোত গৈ থকা আমাৰ লোকজীৱন,
সাংস্কৃতিক জীৱন আৰু সপোনৰ শিহৰণবোৰো উপলব্ধি কৰিব পাৰিলোঁ৷ আন
সকলোবোৰ থকাৰ উপৰি তেওঁৰ মাজেদি ধ্বনিত আধুনিকতাৰ কণ্ঠস্বৰত থকা অসমীয়াত্বই আমাক
আমাৰ নিজৰ মুখবোৰ চাবলৈকো অনুপ্ৰাণিত কৰি থাকিল৷ সেয়ে কবিতাবোৰে অতিক্ৰান্ত সময়তো
তৰুণচাম কবি, পাঠক, আলোচকক আকৰ্ষণ কৰি
থাকিল৷ হয়তো এনেবোৰ কাৰণতে সাম্প্ৰতিকে নৱকান্ত আৰু হীৰেন ভট্টাচাৰ্যৰ কবিতাৰ
সমাদৰ যথেষ্ট যদিও তৰুণ প্ৰজন্মৰ মাজত নীলমণি ফুকনৰ অনুৰাগীৰ সংখ্যা অধিক৷ আনকি
নীলমণি ফুকনৰ অব্যৱহিত সময় বা আজিৰ বহু তৰুণ কবিয়েও কাব্য যাত্ৰাৰ বাট বিচৰা সময়ত
তেওঁকে আদৰ্শ হিচাপে লৈ অভিব্যক্তি ঘটোৱা দেখোঁ৷ কবিতাৰ অভ্যন্তৰত প্ৰসংগ-অনুষংগ
বিচৰাতো বাদেই; বহু কবিয়ে তেওঁলোকৰ প্ৰকাশিত সংকলনবোৰ নীলমণি
ফুকনৰ নামত উছৰ্গা কৰা কথাটোৱেও এই ধাৰণা দৃঢ় হোৱাৰ বাট
চিকুণায়৷ সেয়ে অত্যুক্তি যেন লাগিলেও ক’ব পাৰি এতিয়াৰ অসমীয়া
কবিতাৰ যুগটো যেন নীলমণি ফুকনৰে যুগ৷
আত্মকথন
থাকিলেও নীলমণি ফুকনৰ ৰচনাত আত্মশ্লাঘা নাই৷ নাই ব্যক্তিগত আৱেগৰ ভৰুণ পেনপেননি৷
দুখ-যাতনাকো নৈব্যৰ্ক্তিকভাৱে চাবলৈ তেওঁ যত্ন কৰিছে৷ অনুজক পৰামৰ্শ দি পাণ্ডিত্য
জাহিৰ কৰাৰ যত্নও তেওঁ কৰা নাই৷ অসমত সম্ভৱতঃ এনে এজন তৰুণ কবি নোলাব যি নীলমণি
ফুকনক লগ ধৰি নিজৰ কবিতাটো শুনোৱাৰ পাছত সেইটো বেয়া হৈছে বুলি তেওঁ কৈছে৷ কেঁচা
কবিতা পৈণত কৰিবলৈ তেওঁ নিজা প্ৰসংগ বা দেশ-বিদেশৰ কবিতাৰ প্ৰসংগৰে কৌশলী পৰামৰ্শ
দিব৷ কিন্তু কবিতাৰ সীৰলু ফুটি ওলাব বিচৰা কোঁহটোক মষিমূৰ কৰাৰ পৰা সযত্নে দূৰৈত
থাকিব৷ অৱশ্যে ‘প্ৰান্তিক’ত কবিতা চোৱাৰ কালত
কবিৰ অজ্ঞাতে প্ৰকাশিত কবিতা পোনাই-পজৰাই আওপকীয়াকৈ তৰুণ কবিৰ কাব্য-চৰ্চাৰ প্ৰকৃত
পথৰ উমান দিছিল৷ আনৰটো বাদ, আমি নিজৰ ক্ষেত্ৰত লভা অভিজ্ঞতাৰ
ভিত্তিত এই কথাষাৰ উল্লেখ কৰিছোঁ৷ অৱশ্যে এনে উদাৰতাৰে সুযোগ লৈ বহুতো তৰুণে নিজৰ
কেঁচা কবিতাকো ভাল বুলি জহাই ফুৰাৰ প্ৰৱণতা এটাও বহুতৰ মাজত গঢ় লৈ উঠা দেখা যায়৷
কাৰণ ফুকনদেৱে কোৱা মানেই এটা মান্যতা পোৱা বুলি ধৰি লোৱা হয়৷ তাৎপৰ্যপূৰ্ণ কথা
এয়ে যে কোনোকালে তেওঁ কাব্য সমালোচক বুলি ক’ব পৰাকৈ নিজকে
প্ৰক্ষেপ কৰা নাই৷
আধুনিকতাবাদী
অসমীয়া কবিতাৰ প্ৰথম পৰ্বটোতে নীলমণি ফুকনৰ কাব্য-যাত্ৰাৰ উকমুকনি ঘটাত সেইটো পৰিমণ্ডলৰ
অৱহাৱাৰে তেওঁৰ কবিতা পুষ্ট হোৱাটো তেনেই স্বাভাৱিক৷ যোৱা শতিকাৰ পঞ্চম দশকৰ জয়ন্তীত
ৰোমান্তিকতাৰ পৰা কিছুদূৰ বিচ্যুৎ ভাব-অনুষংগৰে অসমীয়া কবিতাই এটা নতুন ৰূপ
পৰিগ্ৰহ কৰিবলৈ কুৰংকাৰাং কৰিছিল৷ এনে প্ৰচেষ্টা পৰিলক্ষিত হৈছিল অমূল্য বৰুৱা
(১৯২২-১৯৪৬), হেম বৰুৱা (১৯১৫-১৯৭৭)-ৰ নিচিনা কবিৰ কাব্য-চৰ্চাৰ
মাজেদি৷ প্ৰকৃতাৰ্থত আধুনিক অসমীয়া কবিতাক সকলোফালৰ পৰা সমৃদ্ধিৰ বৰঘৰত স্থাপন
কৰিব বিচৰা কবিজনেই হৈছে নৱকান্ত বৰুৱা (১৯২৬-২০০০)৷ তেওঁৰ লগতে ল’ব পাৰি অজিৎ বৰুৱা (১৯২৮-২০১৫)-ৰো নাম৷ এইসকলৰ উপৰি বীৰেশ্বৰ বৰুৱা,
হৰি বৰকাকতি (১৯২৯-২০০৬), মহিম বৰা
(২৯২৯-২০১৬), হোমেন বৰগোহাঞি (১৯৩১-২০২১), বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য (১৯২৪-১৯৯৭), কেশৱ মহন্ত
(১৯২৬-২০০৬), নিৰ্মলপ্ৰভা বৰদলৈ (১৯৩৩-২০০৪), হীৰেন ভট্টাচাৰ্য (১৯৩২-২০১২) আদিৰ হাতত অসমীয়া আধুনিকতাবাদী কবিতাই এটা
সুগঢ়িত ৰূপ লাভ কৰিবলৈ সমৰ্থ হয়৷
স্মৰ্তব্য যে
নীলমণি ফুকনৰো কাব্যচৰ্চাৰ ব্যাপ্তি এইসকল কবিৰ মাজতে৷ ১৯৩৩ চনত জন্ম লভা কবিজনে
সত্তৰৰ দশকৰ পৰা আৰম্ভ কৰি ২০০৩ চনত তেওঁৰ শেষৰখন কবিতাৰ পুথি ৰচনালৈকে এইসকল কবিৰ
সামীপ্য-সান্নিধ্য লাভ কৰি আহিছিল৷ কিন্তু লক্ষ্যণীয় কথাটো হ’ল,
এইটো পৰিমণ্ডলত থকিলেও তেওঁ যে সামূহিকতাৰ বাট লোৱাতকৈ নিজাববীয়া
পথসন্ধানতহে আত্মনিয়োগ কৰিছিল সেই কথা আমি আয়েয়ে উল্লেখ কৰি আহিছোঁ৷
১৯৬৫ চনত ‘সূৰ্য
হেনো নামি আহে এই নদীয়েদি’ প্ৰকাশৰ সময়ত তেওঁৰ বয়স আছিল ৩২
বছৰ৷ বয়সেৰে কবিতাৰ গুণাগুণ নিৰ্ণীত নহয় যদিও নীলমণি ফুকনে তেতিয়ালৈ
অধ্যয়ন-অভিজ্ঞতাৰ পূৰঠ চেতনা লৈয়েই কাপ ধৰিছিল৷ অৱশ্যে তেওঁৰ প্ৰথমৰ ফালৰ কবিতাত
অৱশ্যে তেতিয়ালৈ পৃথিৱীৰ বিভিন্ন ভাষাৰ কবিক অনুপ্ৰাণিত কৰা ফৰাচী প্ৰতীক আৰু
চিত্ৰকল্পবাদৰ প্ৰতি মনোযোগ নিদিয়াকৈ থকাও নাছিল৷ মহেন্দ্ৰ বৰাই ‘নতুন কবিতা’ৰ পাতনিত ‘স্বপ্ন
বাসৱদত্তা’ক আধাৰ কৰি ফুকনৰ কবিতাৰ নিৰ্মাণত আন কবিক কৰা
অনুকৰণৰ কথাও উল্লেখ কৰিছে৷ অৱশ্যে ‘শ্যামবৰণীয়া নাৱিকবোৰ’,
‘তুমি যে তিলফুল হৈ’ৰ নিচিনা কবিতাত আমি সৰল
কথকতাৰ মাজেদি গভীৰ ব্যঞ্জনাক্ষম, ইংগিতধমী অভিব্যক্তিৰ এটা
নতুন সোৱাদ পাওঁ৷ সূৰ্য হেনো নামি আহে এই নদীয়েদি কাব্যগ্ৰন্থৰ
শিৰোনাম সম্বলিত কবিতাটি গ্ৰীক পুৰাকথা (myth)আধাৰিত হ’লেও সিও প্ৰতীকধৰ্মিতাৰ মাজেদিয়ে কাব্য-ভাবনাৰ ওৰা ধৰিছে৷ পাছলৈকো তেওঁৰ
কবিতাত প্ৰতীক আৰু চিত্ৰকল্প অন্তৰ্হিত হোৱা নাই; কিন্তু
সিবোৰৰ নিৰ্মাণ বা ব্যৱহাৰ আধুনিকতাবাদীৰ তথাকথিত শৈলীত হোৱাৰ ব্যতীত কবিৰ নিজা
প্ৰয়োজনতহে আপোন সাজোনেৰে মুখ দেখা দিছে৷ সেয়ে এইটো পৰিমণ্ডলত থাকিও ফুকনৰ
কাব্য-ব্যক্তিত্ব যে একক সেয়া ভিন্ন সময়ত ভিন্ন সমালোচকৰ আলোচনাৰ দ্বাৰা প্ৰতীয়মান
হৈছে৷
সম্ভৱতঃ ‘নিৰ্জনতাৰ
শব্দ’ (১৯৬৫) প্ৰকাশৰ পাছতেই বহুতে নীলমণি ফুকনক নিৰ্জনতাৰ
কবি বা তেওঁৰ কবিতাত নিৰ্জনাতীত সুৰ শুনা যায় বুলি অভিহিত কৰিবলৈ ধৰা দেখা যায়৷
এখন অপৰিচিত ৰসহ্যময় জগতৰ উপলব্ধি, নিঃসংগতা আৰু সিয়েই আনি
দিয়া অস্তিত্বৰ শংকা আদিয়ে ইয়াৰ কবিতাবোৰৰ ভাবনাত ওৰা ধৰিছে৷ সেই অনুসন্ধানেই
তেওঁক যেন কোলাহলৰ পৰা নিলগাই প্ৰকৃতিক উপলব্ধি কৰিবলৈ অৱকাশ দিছে৷ অৱশ্যে তাতো
জীৱনৰ গূঢ় ৰহস্ৰয সন্ধান অপাংক্তেয় হৈ ৰোৱা নাই৷ অৱশ্যে সেয়া তেতিয়ালৈ জোৰদাৰো
হোৱা নাই৷ এই সচেতনতা থকা বাবেই তেওঁ পাছলৈ ‘সাগৰতলিৰ সঙ্খ’ত নিৰ্জনতাৰ শব্দৰ প্ৰায়বোৰ কবিতাকে নাকচ কৰি কেৱল ‘ধোঁৱাৰ
সময়’ কবিতাটোহে ৰাখিছে৷
১৯৬৮ চনত
প্ৰকাশ পোৱা আৰু কি নৈশব্দ৷ এইখন সংকলনত ‘মৈথুন
সংগীত’ৰ নিচিনা কবিতাত নাৰী-পুৰুষৰ দৈহিক মিলন ৰহস্য বাংময়
কৰাৰ মাজেৰে জীৱনবিলাসী উপলব্ধিয়ে প্ৰকাশৰ বাট বিচাৰি লৈছে৷ তাৰ মাজেদিয়ে মহাজীৱনৰ
গূঢ়াৰ্থ আৰু সত্যৰো সন্ধান কৰিছে৷ অৱশ্যে প্ৰতীকবাদৰ পোহৰত লিখা ‘ওলমি থকা গোলাপী জামুৰ লগ্ন’ৰ নিচিনা কবিতায়ো ইয়াত
মহাজীৱনৰ উপলব্ধি গভীৰতৰ কৰিছে৷
১৯৭১ চনত
প্ৰকাশ পায় ফুলি থকা সূৰ্যমুখী ফুলটোৰ ফালে নামৰ
সংকলনখন৷ হীৰেন গোহাঁয়ে আঙুলিয়াই দিয়াৰ দৰে এইখন ‘সংকলনতে আমি পিতৃ-মাতৃ,
শৈশৱৰ গাঁও, গঞা জীৱনৰ ৰীতি-নীতি লোক-সাহিত্য,
প্ৰবাদ-কিংবদন্তীৰ প্ৰতি ফুকনে প্ৰথম মুগ্ধ অথচ জিজ্ঞাসু দৃষ্টিৰে
উভতি চোৱা দেখোঁ৷ ইয়াতে নিজা কথনভংগী এটাই ওৰা ধৰিছে৷ যিটো উদাস আৰু বিষাদ দুয়োটো
প্ৰকাশতে বিগলিত নোহোৱাকৈ স্থৈৰ্যশীল অথচ আত্মসমাহিত৷ তাৎপৰ্যপূৰ্ণ ভাবে এই সংকলনৰ
পৰা নীলমণি ফুকনে কবিতা একোটাৰ শিৰোনাম দিয়াটো বন্ধ কৰে৷ গাইগুটীয়া বিষয়তকৈ একোটা ‘থীম’ক গুৰুত্ব দিয়াৰ বাবেও এই চিন্তা যেন লাগে৷
লোক-সাহিত্যৰ প্ৰতি থাকা আকৰ্ষণকো ফুকনে সদৰ্থক ভাবে কামত লগাবলৈ ধৰিলে৷
লোক-জীৱনৰ
অনুষংগ আৰু বাকভংগীয়ে বিশেষ এটা ৰূপ পৰিগ্ৰহণ কৰিলেগৈ তেওঁৰ আন এখন কবিতা পুথি কাঁইট আৰু
গোলাপ আৰু কাঁইট (১৯৭৫)-ত৷ আংগীকৰ সম্পৰীক্ষাৰ উপৰি আমাৰ
কাব্য-কথকতাৰ ট্ৰেডিচনটো উলাই কৰাৰ প্ৰৱণতাও আমি তেওঁৰ কবিতাত দেখিবলৈ পালোঁ৷
ইন্দ্ৰিয়জ বিভ্ৰান্তিকৰ অৱস্থা এটা বা synesthesia-ৰ প্ৰয়োগৰ
মাজেদি অভিজ্ঞতাক ব্যঞ্জনাক্ষম কৰা প্ৰযত্নও ইবোৰ কবিতাৰ মাজত দেখোঁ৷ তদুপৰি
অসমীয়া জাতীয় জীৱনৰ সত্তৰৰ দশকৰ যাতনাকাতৰ উপলব্ধিও মৃত্যু-ভাবনাৰ মাজেদি এইখিনি
কবিতাত প্ৰকট হ’লহি৷ সমাজ-সচেতনতায়ো তেওঁৰ চেতনাক জোঁকাৰি
থকা হ’ল৷
১৯৮০ চনত
প্ৰকাশিত কবিতাৰ বাবে তেওঁ সাহিত্য অকাডেমি বঁটা লাভ কৰিবলৈ
সমৰ্থ হ’ল৷ ইতিমধ্যে তেওঁ ‘জাপানী কবিতা’(১৯৭১) ‘লৰ্কাৰ কবিতাৰ অনুবাদ’ কৰিছে৷
(যদিও ১৯৮১ ত প্ৰকাশ হৈছে তথাপি¸ প্ৰস্তুতি পূৰ্বৰ) ইয়াৰ
ভালেমান কবিতাত সমকাল উম্মোচিত হ’লেও ঐতিহ্যৰ স্মৰণ আৰু তাৰ
অভিজ্ঞতাৰ পৰা আহৰিত বোধে তেওঁৰ কবিতাক নতুন আয়তন দিলে৷ ইয়াতে তেওঁৰ ভাষাই নাটকীয়
ভংগীমাত নতুনত্ব আহৰণ কৰাৰ কথা বহু আলোচকে উনুকিয়াইছে৷
১৯৮৫ চনত
প্ৰকাশিত নৃত্যৰতা পৃথিৱীক কবি ফুকনৰ অন্যতম
শ্ৰেষ্ঠ কাব্য-কৃতি বুলি অভিহিত কৰা হয়৷ এইখন তেওঁৰ কাব্য পৰিক্ৰমাৰ পৰিপক্ব বোধৰ
কবিতা৷ উপলত খুন্দা-খান্দলি খোৱা তৰংগায়িত নদীয়ে সমুদ্ৰ গৰ্ভত লীন গৈ সমাহিত হোৱাৰ
নিচিনাকৈ ধ্বংস-সৃষ্টিৰ জটিল উপলব্ধি, জীৱন-যাতনা,
মৃত্যু-বিভীষিকাৰ ধামখুমীয়াৰ অন্তত জীৱন-সত্যৰ এনে এক বোধত উপনীত
কবি উপনীত হৈছেগৈ য’ত তেওঁ অনুভৱ কৰিছে– ‘মানুহ মুক্ত, জীৱন সুন্দৰ,য
জুই সুন্দৰ, পানী সুন্দৰ, উঁইচিৰিঙাৰ
মাতটো সুন্দৰ, টিপচি চৰাইটো সুন্দৰ। সুন্দৰ মানুহৰ মৃত্যু৷৷’১৬ জনম-মৰণৰ
চিৰন্তন ৰহস্যৰ সিপাৰৰ মহাজীৱনৰ উপলব্ধিয়ে তেওঁৰ মনসৈ স্থৈৰ্য আনিছে৷ নৈৰাশ্যবোধ
অন্তৰ্হিত হৈ মানুহৰ ওপৰত আস্থা সজীৱ হৈছে৷
২০০৩ চনত
প্ৰকাশিত অলপ আগতে আমি কি কথা পাতি আছিলোঁৰ ‘একাষাৰ’ত কৌশলগত ভাবে নীলমণি ফুকনে ঘোষণা কৰিলে যে সেইখনেই তেওঁৰ শেষ পুথি৷
অৱশ্যে তৎপৰৱৰ্তী কালত তেওঁৰ পাঁচটামান নতুন কবিতা বিভিন্ন ঠাইত প্ৰকাশ পালেও নতুন
সংকলন প্ৰকাশ পোৱা নাই৷ ইয়াতো নৃত্যৰতা পৃথিৱী প্ৰকাশৰ
অব্যৱহিত তেৰটা বছৰত ৰচিত অনেক কবিতাৰ মাজত কিছুসংখ্যক কবিতাহে তেওঁ সন্নিৱিষ্ট
কৰিছে৷ কবি হৈও এগৰাকী সমালোচকৰ মানস আহৰণ কৰাৰ বাবেই আৰম্ভণিৰ ফালৰপৰা
কাব্যিক-মোহগ্ৰস্ততাৰ পৰা আঁতৰি নীলমণি ফুকনে নিজৰে বহু কবিতাক নাকচ কৰি আহিছে, য’ত কোনো কোনো পাঠকৰ বাবে প্ৰিয় কবিতাও বাদ পৰিছে৷ তেওঁ জনপ্ৰিয় হোৱাতকৈ
কবিতাক মানুহমুখী কৰা বা মানুহৰ বাবে কবিতা লিখাত বিশ্বাস কৰিছিল৷ একে সময়তে কলাৰ
সৌকৰ্যৰ প্ৰতি সৃজকৰ দায়বদ্ধতাকো গুৰুত্ব দিয়াৰ বাবেই চাগৈ আপোন সৃষ্টিৰ প্ৰতি
নিমোৰ্হ হ’ব পাৰিছিল৷ নিৰন্তৰ সৃষ্টিৰে লাইম লাইটত থাকিব
বিচৰা প্ৰৱণতাৰ পৰা বহু দূৰৈত অৱগাহন কৰাৰ বাবে তেওঁৰ সৃষ্টিৰ অৱনমন বৰকৈ দেখা
নাযায়৷ প্ৰতিভাৰ এনে এক পৰিক্ৰমাতে তেওঁ কবিতাৰ নামত কাপ-কাঠি সামৰিলে য’ত সৃষ্টি-কৰ্ম অৱনমিত হৈ সিবোৰৰ কাব্য-গুণ নষ্ট হ’ল
বুলি আলচিবলৈ অৱকাশো নাথাকিল৷
অলপ আগতে আমি
কি কথা পাতি আছিলোঁ সংকলনৰ কবিতামুঠিৰ বিষয়বস্তুও জীৱন আধাৰিত৷
তাতে এবাৰ উলটি চোৱা প্ৰৱণতাৰ সুৰুঙাতে তেওঁৰ এতিয়াৰ পূৰঠ জীৱনটোৰ উহ– যৌৱন,
কৈশোৰ আৰু শৈশৱৰ অনুষংগয়ো ধৰা দিছেহি৷ সমকালৰ শিহৰণ ইয়াতো উপেক্ষিত
নহয়৷ অৱশ্যে সিবোৰক নিৰ্বিশেষ কালাতীত চৰিত্ৰ প্ৰদানত তেওঁ সমৰ্থৱান৷ যোৱা শতিকাৰ
নৱম বা শেষ দশকৰ আমাৰ জীৱনৰ বিপৰ্যয়ৰ কথা লিখিলেও সেয়া অসম মুলুকৰ মানৱীয় বিপৰ্যয়
হিচাপে সীমাবদ্ধ নহৈ সাৰ্বজনীন বোধলৈ উন্নীত হৈছে৷ কাৰণ কবিয়ে নিজেও কবিতাক ‘মানৱতাৰ কণ্ঠস্বৰ’ বুলি অভিহিত কৰিছে৷
পূৰ্বৰ
কাব্যভংগীৰ অনুৰূপ নাটকীয়তাৰ সন্নিৱেশ ঘটিলেও ইয়াৰ ভাষা অতি সৰল অথচ সৱলীল৷ ‘বাদীয়’
(ism) প্ৰতীক-চিত্ৰকল্পৰ বেওটোৰ পৰা ওলাই অহা কবিজনাই ইয়াত
চিত্ৰকল্প নিমাৰ্ণতো নিজাববীয়া সংযোজন ঘটাইছে আৰু তাৰ আধাৰতে জীৱন-সত্য তুলি ধৰাত
যত্মশীল হৈছে৷ ইয়াৰ কবিতাবোৰৰ ভাষাও সৰল৷ কোনো পঢ়ুৱৈয়ে যদি তেওঁৰ প্ৰথমখন কবিতাৰ
পুথি সূৰ্য হেনো নামি আহে এই নদীয়েদি আৰু শেষৰখন
পুথি অলপ আগতে আমি কি কথা পাতি আছিলোঁ একে সমতলতে
থাপি পঢ়ি চাই তেনে ভাষিক তফাতেই যে ভালকৈ ধৰিব পাৰিব এনে নহয় কবিৰ কাব্য-যাত্ৰাৰ
পৈণত পৰিমণ্ডলটোত অৱগাহনৰ আনন্দও লাভ কৰিব৷ এনে এটা কাব্য ভাষা আয়ত্ব কৰিবলৈ কবিয়ে
কৰা নিৰন্তৰ অনুশীলনৰ উমান পাবলৈ অৱশ্যেই মাজৰ সংকলনবোৰটো চকু দিব লাগিব৷
আন যিমানেই
বৈবিধ্য নাথাকক নীলমণি ফুকনৰ কবিতাৰ অন্যতম বিষয় হৈছে মানুহ৷ এই মানুহ সকলোবোৰ
দুৰ্বিপাকৰ পিছতো মূৰ তুলি ঠিয় হ’ব পৰা মনুহ৷ পাপৰ পিটনিৰ পৰা পুন্য ভূমিলৈ বগাব
পৰা মানুহ, তেওঁৰ বাবে সপোনৰ সূৰ্যৰ মানুহ৷ ৫৬ সংখ্যক
জ্ঞানপীঠ বঁটা গ্ৰহণ কৰি দিয়া ভাষণ[১১ -০৪-২০২২, গুৱাহাটী)ত
তেওঁ কৈছে– ‘হে মোৰ সপোনৰ সূৰ্যৰ মানুহ!
মানুহতকৈ আৰু কোন আছে!ক’ৰবাত যদি দেৱতা আছে, তেৱোঁ মানুহ! তেৱোঁ মানুহ। তেৱোঁ মানুহ। তেৱোঁ মানুহ৷’ সাধাৰণতে
মানুহহে দেৱতাৰ পৰ্যায়লৈ উধাবলৈ যত্নশীল হয়৷ তাৰ প্ৰতিকূলে দেৱতাক মানুহ হ’বৰ
বাবে কৰাৰ আহ্বান অতি তাৎপৰ্যপূৰ্ণ৷ এনেয়েও আমাৰ বৈদিক দেৱতাসকলতো ধোৱা তুলসীৰ পাত
নহয়৷ কোনো কোনো ক্ষেত্ৰত মনুহতকৈয়ো অধঃপতিতহে৷
প্ৰসঙ্গ সূত্ৰ :
১. নীলমণি ফুকন সম্পূৰ্ণ কবিতা, অৰ্থাৎ, ২০০৬, পৃষ্ঠা-৪১৪৷
২. ৰামধেনু, ৩য়, নৱম সংখ্যা৷
৩. পত্ৰগুচ্ছ, পৃষ্ঠা-৩২৷
৪. Latin American Writers ট্টব্ধ Work, Modern
Library, New York, ২০০৩, Page-৬৫৷
৫. সাগৰ তলিৰ শঙ্খ, পৃ-১৭১৷
৬. পত্ৰগুচ্চ, পৃষ্ঠা-১৩৪৷
৭. পত্ৰগুচ্ছ, পৃষ্ঠা-১৩৭৷
৮. নীলমণি ফুকন ৰচনাৱলী, পৃষ্ঠা-৭৩৯৷
৯. পাহৰিব নোৱাৰিলো যি, পৃষ্ঠা-২৯০-৯১৷
১০. পাহৰিব নোৱাৰিলো যি, পৃষ্ঠা-২৯৮৷
১১. নীলমণি ফুকন ৰচনাৱলী, পৃষ্ঠা-৬২০৷
১২. সাক্ষাৎ প্ৰসংগ, সাগৰ তলিৰ শঙ্খ, পৃষ্ঠা-১৮৭৷
১৩. পাহৰিব নোৱাৰিলো যি, পৃষ্ঠা-৬৬৷
১৪. ২০০০ চনত সাহিত্য অকাডেমিৰ ফেল’শ্বিপ সন্মান গ্ৰহণ কৰি
দিয়া ভাষণ, নীলমণি ফুকন, সম্পূৰ্ণ
কবিতা, পৃষ্ঠা-৪১৫৷
১৫. যথাৰীতি, প্ৰভাত বৰা, পৃষ্ঠা-১৪৫৷
১৬. কমল কুমাৰী বঁটা লওঁতে দিয়া ভাষণৰ একাংশ, নীলমণি
ফুকনৰ সম্পূৰ্ণ কবিতা, পৃষ্ঠা-৪১৩৷