দেৱকৃষ্ণ বৰুৱা
“Painting is a form of poetry made to be seen.”
কবি নীলমণি ফুকনৰ শিল্প-সমালোচনাৰ বিষয়ে লিখিবলৈ লৈ বাৰে বাৰে লিঅ’ নাৰ্ড’দা ভিঞ্চিয়ে কৈ থৈ যোৱা সৰ্বকালৰ বাবে সত্য এই কথাষাৰেই মনলৈ আহি আছে৷ হয়তো এইবাবেই যে নীলমণি ফুকনে কোৱা সকলো কথাই মোৰ কবিতা কবিতা (সেইদিনা জ্ঞানপীঠ বঁটা গ্ৰহণ কৰি দিয়া ভাষণটোও আছিল যেন এটা দীঘল কবিতা) যেন লাগে৷ আকৌ তেওঁৰ কবিতাবোৰ পঢ়িলেও মনলৈ ছবি ছবি গোন্ধ এটা সোমাই আহে ৷ আনকি তেওঁ বহু কবিতা ছবি-ভাস্কৰ্যৰ প্ৰেৰণাতে ৰচনা কৰিছে ৷ তেওঁৰ ৰূপ বৰ্ণ বাক গ্ৰন্থত সন্নিৱিষ্ট কবিতাকেইটাই তাৰ উদাহৰণ ৷ প্ৰকৃতাৰ্থত কবি নীলমণি ফুকন আৰু এজন শিল্পী যেন এটা মুদ্ৰাৰ ইপিঠি সিপিঠি ৷ এনে লাগে যেন গভীৰ শিল্পবোধেহে তেওঁক ইমান ওপৰ খাপৰ কবি হিচাপে প্ৰতিষ্ঠা লাভ কৰাত সহায় কৰিছে; আনহাতে¸ এজন ধীমান কবি হোৱা হেতুহে তেওঁ শিল্পকলাৰ অন্তঃপুৰলৈকে দৃষ্টি পেলাব পেলাব পাৰে আৰু আমাক তাৰ ৰসাস্বাদন কৰাব পাৰে ৷
আমি যদি ইতিহাস, তত্ত্ব, জীৱনী আৰু সৃষ্টিশীল ছবি-ভাস্কৰ্যৰ আলোচনা-সমালোচনাক একাকাৰ নকৰোঁ,
তেন্তে আমাৰ বোধেৰে নীলমণি ফুকন প্ৰথম অসমীয়া শিল্প-সমালোচক ৷
অসমীয়া ভাষাত শিল্পকলাৰ বিষয়ে বিষ্ণুপ্ৰসাদ ৰাভা, মহেশ্বৰ
নেওগ, কপিলা বাৎসায়ন (অনুবাদৰ যোগেদি), নিৰোদ কুমাৰ বৰুৱা, প্ৰদীপ চলিহা, গৌৰী বৰ্মন, যুগল দাস, শোভা
ব্ৰহ্ম, পুষ্প গগৈ , নৰেন কলিতা আদিয়ে
লিখা-মেলা কৰি আহিছে ৷ কিন্তু এইসকল লেখকে শিল্পকলাৰ ইতিহাস, বিভিন্ন শৈলী তথা শিল্পকলাৰ থিয়’ৰী আদিৰ ক্ষেত্ৰতে
নিজক সীমাৱদ্ধ কৰা দেখা যায়৷ এনে ক্ষেত্ৰত কাৰোবাৰ লেখাত দুই-এজন শিল্পীৰ কামৰ
আলোচনাই ঠাই পাইছে যদিও প্ৰায়ে সেইসকল বিদেশী শিল্পী ৷ কিন্তু প্ৰায়োগিক তথা
সৃষ্টিশীল শিল্পৰ ক্ষেত্ৰত, বিশেষকৈ অসমৰ প্ৰেক্ষাপটত
শিল্প-সমালোচনাৰ বাটকটীয়া লেখকজন হ’ল নীলমণি ফুকন ৷ দুটা
কাৰণত তেওঁৰ এইখিনি কাম গুৰুত্বপূৰ্ণ আৰু সৰ্বজন স্বীকাৰ্য বুলি আমি ভাবোঁ : প্ৰথম,
তেওঁ শিল্প সমালোচনাৰ যোগেদি আমাৰ দৰে বহুতক শিল্পকলাৰ ৰুচিবোধ গঢ়ি
তোলাৰ লগতে ইবোৰ চাবলৈ, উপলব্ধি কৰিবলৈ ‘গাইড’ৰ দৰে কাম কৰিছে ৷ দ্বিতীয়তে, আমাৰ সমাজত আজিও প্ৰায় অৱহেলিত হৈ থকা এই ক্ষেত্ৰখনত কাম কৰি থকা
শিল্পীসকলৰ কামৰ মূল্যায়ন কৰি তেওঁলোকক এক সামাজিক অৱস্থিতি দান কৰাৰ লগতে
অনুপ্ৰাণিত কৰিছে ৷
আমি জনাত নীলমণি ফুকনে শিল্পকলা
বিষয়ত কোনো শাস্ত্ৰীয় (theoretical)
বা ব্যৱহাৰিক (practical) আনুষ্ঠানিক শিক্ষা
গ্ৰহণ কৰা নাই ৷ কিন্তু তেওঁৰ শিল্পকলাৰ ইতিহাসজ্ঞান, তত্ত্বজ্ঞান
আৰু নন্দনতাত্ত্বিক বোধ দেখিলে আচৰিত নহৈ নোৱাৰি ৷ শিল্পবোধ আৰু উপলব্ধিৰ ক্ষেত্ৰত
অভিজ্ঞতা আৰু কল্পনাশক্তিক গুৰুত্ব দিয়া দেখা যায়৷ হয়তো তেওঁৰ সামাজিক, সাংস্কৃতিক, বৌদ্ধিক অভিজ্ঞতা, বিষয়ৰ প্ৰতি আন্তৰিকতা, গভীৰ অধ্যয়ন আৰু এজন কবিৰ
কল্পনাই তেওঁক সেই দৃষ্টি দান কৰিছে ৷ এই দৃষ্টিৰেই কেৱল ইতিহাস, তত্ত্ব আৰু শিল্পীৰ পৰিচয়সূচক লেখাৰ বিপৰীতে তেওঁ অসমীয়া ভাষাত ঐতিহাসিক,
জৈৱনিক অনুষংগৰ লগতে শিল্পী একোজনৰ সৃষ্টিৰ পোনপটীয়া সমালোচনাৰ ধাৰা
এটা প্ৰতিষ্ঠা কৰিলে ৷ বৰ্তমান শিল্প-সমালোচনাক বিষয় হিচাপে লৈ বহুতে উচ্চ স্তৰৰ
বিদ্যায়তনিক ডিগ্ৰী লাভ কৰিছে ৷ তাৰ ভিতৰত দুই-একে শিল্প-সমালোচনা কৰাও আৰম্ভ
কৰিছে ৷ কিন্তু সেইসকলৰ লেখা প্ৰায়ে তত্ত্ব আৰু কঠিন পৰিভাষাই হেঁচা মাৰি ধৰা বিধৰ;
আমাৰ দৰে শিল্পকলাৰ ক্ষেত্ৰত অনগ্ৰসৰ ঠাইত সিবোৰ জীণ যোৱা বিধৰ যেন
নালাগে ৷ কিন্তু নীলমণি ফুকনৰ সমালোচনাত তত্ত্বকথা আৰু কঠিন পৰিভাষাৰ পয়োভৰ দেখা
নাযায় ৷ তাৰ মানে এইটোও নহয় যে তেওঁৰ তত্ত্বজ্ঞান আৰু গভীৰ অধ্যয়ন নাই ৷ বৰং
লেখাবোৰ পঢ়ি যাওঁতে তেওঁৰ তত্ত্বজ্ঞান আৰু ইতিহাসজ্ঞান দেখি আচৰিত হ’বলগীয়া হয় ৷ বিষয়জ্ঞানসমৃদ্ধ হৈও পাঠকৰ মনস্তত্ত্বলৈ লক্ষ্য ৰাখি সকলো
শ্ৰেণী পাঠকৰ মনত জীণ যোৱা ভাষাৰে বিশ্লেষণ আগবঢ়াব পৰাটো এজন সমালোচকৰ কম ডাঙৰ
গুণ নহয় ৷ তেওঁৰ বৈশ্লেষণিক ভাষা সাধাৰণ পাঠকৰ মনৰ ভিতৰলৈ সোমাই যাব পৰাকৈ
প্ৰাঞ্জল আৰু কোমল ৷ তেওঁ আমাৰ দৰে সাধাৰণ মানুহকো ছবি পঢ়ুৱাব পাৰে; তেওঁৰ লেখাবোৰ পঢ়ি থাকিলে তেওঁৰ চিন্তা আৰু বিশ্লেষণৰ লগত পাঠকৰ দৃষ্টি
একাকাৰ হৈ ছবি-ভাস্কৰ্য একোটাৰ অৰ্থ আৰু ব্যঞ্জনাই মনটো শিহৰিত কৰি তোলে ৷ এয়ে
নীলমণি ফুকনৰ কলা সমালোচনাৰ মৌলিকত্ব ৷
নীলমণি ফুকনৰ শিল্পকলা সম্পৰ্কীয়
লেখাসমূহ নানা বিষয়-বৈচিত্ৰ্যৰে ভৰপূৰ ৷ শিল্পকলাৰ ইতিহাস সম্পৰ্কীয় দীঘল লেখা
তেওঁৰ নাই যদিও বিভিন্ন লেখাৰ আলোচনা প্ৰসংগত দেখিবলৈ পোৱা শিল্প ইতিহাসৰ অনেক
খণ্ডচিত্ৰই এই কথা প্ৰতীয়মান কৰে যে তেওঁ এখন নিখুঁত, বিশ্লেষণাত্মক
শিল্প-ইতিহাস প্ৰণয়ন কৰিব পাৰিলেহেঁতেন ৷ হয়তো ইতিহাস প্ৰণয়ন তেওঁৰ উদ্দেশ্যও নহয়;
তেওঁৰ উদ্দেশ্য আছিল, অসমৰ সৰ্বসাধাৰণ লোকৰ
মাজত শিল্পকলাৰ এক ৰুচিবোধ গঢ়ি তোলা আৰু নবীন প্ৰবীণ শিল্পীসকলক জনসমাজত পৰিচয়
কৰাই দিয়া; যাতে অসমত শিল্পকলাৰ এটা সামগ্ৰিক পৰিৱেশ গঢ় লৈ
উঠে ৷ এই ক্ষেত্ৰত তেওঁৰ আগ্ৰহ, আন্তৰিকতা আৰু দায়ৱদ্ধতা মন
কৰিবলগীয়া ৷ একোটা শিল্পকৰ্ম চাবলৈ, একোজন শিল্পীক সাক্ষাৎ
কৰিবলৈ তেওঁ বহুবাৰ একেখন ঠাইলৈকে গৈছে, তাৰ বাবে অনেক অৰ্থ
আৰু সময় খৰচ কৰিছে ৷ তদুপৰি এইক্ষেত্ৰত, বিশেষকৈ লোককলাৰ
ক্ষেত্ৰত তেওঁ গৱেষণা কৰাৰ লগতে দেশ-বিদেশৰ বিভিন্ন সমালোচক, ঐতিহাসিকৰ গ্ৰন্থ অধ্যয়ন কৰিছে ৷ এনে লাগে যেন কবিতাৰ সৈতে তেওঁৰ যি
আত্মিক সম্পৰ্ক, শিল্পকলাৰ সৈতে থকা সম্পৰ্কও কোনো গুণে কম
নহয় ৷
সি যি কি নহওক, শিল্পকলা
সম্পৰ্কীয় তেওঁৰ চাৰিখন প্ৰকাশিত হ’ল, লোক কল্পদৃষ্টি, ৰূপ বৰ্ণ বাক, শিল্পকলাৰ উপলব্ধি আৰু আনন্দ (এই সৰু পুথিখনি
প্ৰথমে আৰ্য বিদ্যাপীঠ কলেজৰ শিক্ষক গোটে প্ৰকাশ কৰিছিল। পাছত ‘শিল্পকলা দৰ্শন’ গ্ৰন্থত সংযুক্ত কৰি দিয়া হয় ৷ তাৰো
পাছত একেটা নামেৰেই (শিল্পকলাৰ উপলব্ধি আৰু আনন্দ ) তেওঁৰ শিল্পকলা
সম্পৰ্কীয় সকলো লেখা সংকলিত কৰি গ্ৰন্থৰূপত প্ৰকাশ কৰে অন্বেষাই।) আৰু শিল্পকলা
দৰ্শন৷ ইয়াৰ ভিতৰত লোক কল্পদৃষ্টি গ্ৰন্থখনক অসমীয়া লোককলাৰ ক্ষেত্ৰত এক অমূল্য
গ্ৰন্থ বুলিব পাৰি ৷ গ্ৰন্থখনৰ পাতনিত অসমৰ ঐশ্বৰ্যমণ্ডিত লোককলাৰ ক্ষেত্ৰত
এতিয়ালৈকে প্ৰকৃত গৱেষণা নোহোৱা বাবে, ইবোৰ কালৰ বুকুত হেৰাই যাবলৈ ধৰা বাবে আৰু
নিজেও এইক্ষেত্ৰত কৰিম বুলি ভবা ধৰণে কাম কৰিব নোৱৰা বাবে তেওঁ খেদ প্ৰকাশ কৰিছে ৷
ইয়াত তেওঁ লোককলাৰ সংজ্ঞা আৰু বৈশিষ্ট্যৰ বিষয়ে বিশদভাৱে আলোচনা কৰাৰ লগতে অসমৰ
প্ৰায়বোৰ লোককলাৰ পৰিচয়সূচক টোকা আৰু ভালেমান লোকশিল্পীৰ পৰিচয় তথা তেওঁলোকৰ লগত
পতা কথা-বতৰাও তুলি ধৰিছে ৷ গ্ৰন্থখনত সন্নিৱিষ্ট বিষয়ৰ পৰিচয়সূচক বহুতো ফটোগ্ৰাফ
আৰু চিত্ৰ ভৱিষ্যতৰ গৱেষকসকলৰ বাবে বিশেষ সমল হ’ব বুলি ক’ব পাৰি ।
ৰূপ বৰ্ণ বাক, শিল্পকলাৰ উপলব্ধি আৰু আনন্দ আৰু শিল্পকলা দৰ্শন পুথিকেইখন শিল্পকলাৰ
প্ৰতি আগ্ৰহ থকা, শিল্পকলাৰ বোধ গঢ়ি তুলি শিল্পকলা চাবলৈ, শিকিবলৈ
ইচ্ছা কৰাসকলৰ বাবে হাতপুথি বুলি ক’ব পাৰি ৷ আধুনিক
শিল্পকলাৰ প্ৰতি বহু লোকৰ আগ্ৰহহীনতাৰ প্ৰধান কাৰণ হৈছে, ই
দুবোৰ্ধ্য বুলি তেওঁলোকৰ এটা পূৰ্বধাৰণা আছে ৷ দৰাচলতে আধুনিক অসমীয়া শিল্পকলা
পৰম্পৰাগত অসমীয়া শিল্পকলাৰ ধাৰাবাহিক পৰিৱৰ্তনৰ ৰূপ নহয় ৷ ই ব্ৰিটিছ ৰমন্যাসবাদে
হঠাতে আনি দিয়া ধাৰাৰ ওপৰতহে প্ৰতিষ্ঠিত ৷ সেয়ে ই আমাৰ সমাজত আজিকোপতি জীণ যোৱা
বুলি ক’ব নোৱাৰি ৷ পৰম্পৰাগত বা ৰিয়েলিষ্টিক ছবি এখনত নতুনকৈ
চাবলৈ, ভাবিলৈ একো নাথাকে; ইবোৰৰ
ৰূপসজ্জা আৰু বৰ্ণবিন্যাসে বহুমাত্ৰিক ইলিউশ্যন বা ব্যঞ্জনা সৃষ্টি নকৰে ৷ ইয়াৰ
অৰ্থ পোনপটীয়া ৷ কিন্তু আধুনিক শিল্পৰ ক্ষেত্ৰত ইয়াৰ অৰ্থ গৌণ; ফৰ্ম আৰু বৰ্ণচয়নে জগাই তোলা আৱেগ, কাব্যিক ব্যঞ্জনা
ইবোৰৰ প্ৰধান বৈশিষ্ট্য ৷ শিল্প দৰ্শনৰ এনে প্ৰাৰম্ভিক কথাবোৰ লেখকে এইকেইখন পুথিত
নিৰহ-নিপানীকৈ আলোচনা কৰিছে ৷ লেখকে কৈছে-
ক) ‘‘...ছবি-ভাস্কৰ্য চাই থকাটোৱেই,
চাই ভাল লগাটোৱেই, আনন্দ পোৱাটোৱেই প্ৰথম আৰু
প্ৰধান কথা ৷ ছবি চাই থাকিলেই- ছবিয়েই কথা ক’ব, কেনেকৈ চাব, উপলব্ধি কৰিব লাগে তাকো শিকাব৷’’
খ) ‘‘চোৱাটোও এটা সৃষ্টিশীল কৰ্ম বুলি
কোৱা হয় ৷’’
গ) ‘‘...অভিজ্ঞতা, বুদ্ধি আৰু বিশেষকৈ কল্পনাৰেহে ছবি এখন, ভাস্কৰ্য
এটাক অনুভৱ, উপলব্ধি কৰিব পাৰি৷’’
উল্লেখযোগ্য যে সকলো মানুহৰে
কল্পনাশক্তি একে নহয় ৷ আচলতে প্ৰত্যেকে নিজৰ অভিজ্ঞতা আৰু কল্পনাৰেহে ছবি একোখন
লক্ষ্য কৰে ৷ সেয়ে একেখন ছবিৰে ভিন্নজনৰ দৃষ্টিত ভিন্ন অৰ্থ ওলায় ৷ দৰ্শকৰ এনে
দৃষ্টি-বৈচিত্ৰ্যৰ বাবেই আধুনিক ছবি-ভাস্কৰ্যই বহুমাত্ৰা লাভ কৰে, সি সসীমৰপৰা অসীম
ভাবস্তৰলৈ ৰূপান্তৰ হয় ৷ ই কেৱল শিল্পীৰ কল্পনা বা সংৰচনাৰ মাজতে সীমাৱদ্ধ হৈ
নাথাকে ৷ এইটো আধুনিক শিল্পকলাৰ প্ৰধান বৈশিষ্ট্য ৷
পুথিকেইখনত শিল্প দৰ্শন আৰু
উপলব্ধিৰ ক্ষেত্ৰত কোনবোৰ কাৰকে ক্ৰিয়া কৰে, কোনবোৰ কথাৰ অনুশীলনে শিল্প একোটা বোধগম্য
হোৱাত সহায় কৰে ইত্যাদি কথাবোৰৰ বিশদ বিশ্লেষণ দাঙি ধৰা হৈছে ৷ প্ৰসংগক্ৰমে
বিভিন্ন সময়ৰ শিল্পকলাৰ আভাস দিয়াৰ উপৰি বিভিন্ন ধাৰাসমূহৰ বিষয়ে উল্লেখ কৰি ইবোৰৰ
বৈশিষ্ট্য দাঙি ধৰা হৈছে ৷ শিল্পকলাৰ উপলব্ধি আৰু আনন্দ লেখাটোৰ
আৰম্ভণিতে লেখকে কৈছে-
‘‘ছবি-ভাস্কৰ্য চোৱাৰ, উপলব্ধি কৰাৰ কোনো নিৰ্দিষ্ট সূত্ৰ, বিধি-বিধান নাই
আৰু ছবি-ভাস্কৰ্য চাই থকাটোৱেই প্ৰধান কথা বুলি আমি কৈছোঁ যদিও বৰেণ্য শিল্পী আৰু
বিদ্বান বিদগ্ধ ৰসিকসকলে, বিভিন্ন সময়ত বিভিন্ন ধৰণে বিষয়টো
সম্পৰ্কে চিন্তা-ভাবনা, আলোচনা কৰিছে ৷ আৰু সেইসকলৰ অভিজ্ঞতা,
আলোচনাই বহু শিল্পানুৰাগীক ছবি-ভাস্কৰ্য চোৱাত, উপলব্ধি কৰাত কিছু নহয় কিছু সহায়ো কৰিছে ৷’’
আমি ভাবোঁ ফুকনদেৱৰ এই দীঘল
লেখাটোৱেও ছবি-ভাস্কৰ্য দুবোধ্য বুলি নিজকে সংকুচিত কৰি ৰখা বহুতকে ছবি-ভাস্কৰ্য
চাবৰ বাবে অনুপ্ৰাণিত কৰিব আৰু এটা পথৰ সন্ধান দিব ৷ কাৰণ ইয়াত ছবি-ভাস্কৰ্যৰ
ভাববস্তু আৰু ৰূপবস্তুৰ ইমান সূক্ষ্ম আৰু সৰল বিশ্লেষণ কৰা হৈছে যে সি সকলো স্তৰৰ
পাঠকৰে বোধগম্য হ’ব ৷ কাৰণ আলোচনা প্ৰসঙ্গত ইতিপূৰ্বে কৈ অহা হৈছে যে ফুকনদেৱৰ আলোচনা গধুৰ
তত্ত্ব-আধাৰিত নহয় ৷ আমি বিশ্বাস কৰোঁ যে তেওঁতকৈ প্ৰাঞ্জল আৰু কোমল ভাষাত
শিল্পকলাৰ আলোচনা কৰাটো অসম্ভৱপ্ৰায় কথা ৷
লেখকে যিসকল শিল্পীৰ বিষয়ে
পুথিকেইখনত আলোচনা আগ বঢ়াইছে, সেইসকলৰ গতানুগতিক জীৱনী কোৱাতকৈ তেওঁলোকৰ কামৰ
ক্ষেত্ৰত অধিক গুৰুত্ব দি সিবোৰৰ আলোচনা আগবঢ়োৱাৰ ক্ষেত্ৰতহে গুৰুত্ব দিয়া দেখা
গৈছে ৷ এনে ৰচনাসমূহৰ ভিতৰত ৰূপ বৰ্ণ বাক গ্ৰন্থত সন্নিৱিষ্ট
ৰামকিংকৰ বেইজলৈ শ্ৰদ্ধাঞ্জলি, পল চেজান, আধুনিকতাৰ বাতাৰ্বাহী
কেইগৰাকীমান অসমীয়া চিত্ৰকৰ, জ্যোতিপ্ৰসাদৰ শিল্পচিন্তা,
পাবলো ৰুইথ ঈ পিকাছো; শিল্পকলা দৰ্শন পুথিৰ ব্ৰাঁকুছি, প্ৰতাপ বৰুৱা
সম্পৰ্কে আৰু যৎকিঞ্চিত, দিলীপ তামুলীৰ ছবি আৰু ড্ৰয়িং,
হালধীয়া আনন্দ, অন্তৰ্হিত প্ৰতিশ্ৰুতি,
এটা গানৰ প্ৰতিধবনি, পুলক গগৈৰ কাৰ্টুন আদি
লেখাত শিল্পীতকৈ শিল্পীৰ সৃষ্টিত অধিক গুৰুত্ব প্ৰদান কৰি আলোচনা আগ বঢ়াইছে ৷ এনে
বহু লেখাত তেওঁ পৃথিৱীৰ বিভিন্ন চিত্ৰশৈলী, বাদ-মতবাদৰ
প্ৰসংগ টানি আনি, শিল্পীৰ সৃষ্টিত সিবোৰৰ প্ৰতিফলন, সমাজ আৰু শিল্পৰ ক্ষেত্ৰত তেওঁলোকৰ অৱদান, তেওঁলোকৰ
কামৰ ইতিবাচক-নেতিবাচক দিশ আদিৰ পুংখানুপুংখ বিশ্লেষণ আগ বঢ়াইছে ৷ এইলানি লেখাৰ
ভিতৰত আধুনিকতাৰ বাতাৰ্বাহী কেইগৰাকীমান অসমীয়া চিত্ৰকৰ, ব্ৰাঁকুছি,
পল চেজান, পাবলো ৰুইথ ঈ পিকাছো লেখাকেইটাৰ
একোটা বিশেষ গুৰুত্ব আছে ৷ এই চাৰিটা লেখাৰ প্ৰথমটোত সততে তথ্য পাবলৈ নোহোৱা
আধুনিক অসমীয়া চিত্ৰকলাৰ প্ৰথম ঢাপৰ শিল্পীসকলক পৰিচয় কৰাই দিয়াৰ লগতে তেওঁলোকৰ
অৱদানৰ বিষয়ে আলোচনা কৰা হৈছে ৷ ব্ৰাঁকুছি শীৰ্ষক লেখাটোত ৰোমানিয়াৰ শিল্পী
কনষ্টাণ্টিন ব্ৰাঁকুছিৰ জীৱন, শিল্পধাৰণা, নন্দনতাত্ত্বিক বোধ আৰু কৃতি সম্পৰ্কে আলোচনা কৰাৰ লগতে আধুনিক ভাস্কৰ্যৰ
বিমূৰ্ততা, ৰূপ-ৰস আৰু বৈশিষ্ট্য সম্পৰ্কে এক বিশ্লেষণাত্মক
আলোচনা আগবঢ়োৱা হৈছে ৷ তৃতীয়টো লেখাত ফৰাচী মনচ্ছায়াবাদী শিল্পী তথা কিউবিজমৰ
পিতৃপুৰুষ পল চেজানৰ জীৱন আৰু কৰ্মৰ এক অন্তস্পৰ্শী আলোচনা আগ বঢ়োৱা হৈছে৷ এই
আলোচনাই মনচ্ছায়াবাদৰ বিশেষ দিশবোৰ সামৰি লোৱাৰ লগতে প্ৰকাশবাদ আৰু কিউবিজমকো চুই
গৈছে ৷ সেইদৰে পিকাছোৰ বিষয়ে লিখা লেখাটোত পিকাছোৰ জীৱন আৰু কৰ্মৰ বিশ্লেষণৰ লগতে
কিউবিজমৰ বিষয়ে গুৰুত্বপূৰ্ণ আলোচনা আগবঢ়োৱা হৈছে ৷ ফুকনদেৱৰ শিল্প-অসমালোচনাৰ এই
বহুমাত্ৰিকতা এক প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ দিশ ৷ কাৰণ, কোনো
এজন শিল্পীয়ে কাম কৰি থকা ধাৰাটোৰ প্ৰাথমিক জ্ঞানখিনি নাথাকিলে তেওঁৰ কামৰ
বিশ্লেষণ বা সামালোচনাই পাঠকৰ মনত প্ৰৱেশ কৰিব নোৱাৰিবও পাৰে ৷ তেতিয়া শিল্পীজন বা
তেওঁৰ কামৰ বিষয়ে জানিবলগীয়া কথাখিনিও আধৰুৱা হৈ ৰয় ৷ লেখকৰ এনে লেখাবোৰে পাঠকৰ এই
দুয়ো ধৰণৰ অভীপ্সা পূৰণ কৰিব পাৰে ৷ তদুপৰি বহু সময়ত লেখকে শিল্পীসকলৰ সৃষ্টিৰ
ক্ষেত্ৰত তুলনামূলক আলোচনাৰ যোগেদি বক্তব্য বিষয়ক স্পষ্ট কৰি তোলাৰ ফলত পাঠকে অধিক
প্ৰসংগ-সূত্ৰ লাভ কৰে; যাৰ ফলত পাঠকৰ চিন্তাই এক বহল পৰিসৰলৈ
গতি কৰাৰ সুবিধা লাভ কৰে ৷
সুকুমাৰ কলাৰ বিভিন্ন ভাগসমূহৰ
ইটোৰ লগত সিটোৰ এক অন্তৰ্লীন সম্পৰ্ক বিৰাজমান, বিশেষকৈ কবিতাৰ লগত ছবি-ভাস্কৰ্যৰ সম্পৰ্ক
অতি ঘনিষ্ঠ ৷ এই সম্পৰ্কে ফুকনদেৱৰ কবিতা চিত্ৰ কবি চিত্ৰকৰ শীৰ্ষক লেখাটো অতি তথ্যসমৃদ্ধ
আৰু গুৰুত্বপূৰ্ণ ৷ লেখকে লেখাটোত বিস্তৃতভাৱে প্ৰাচীন কালৰেপৰা এই দুই কলা আৰু
কলাকাৰৰ সম্পৰ্ক আৰু ইবোৰৰ তুলনামূলক আলোচনা আগ বঢ়াইছে ৷ ফুকনদেৱ নিজে এজন
শ্ৰেষ্ঠ অসমীয়া কবি আৰু চিত্ৰৰসিক ৷ সেইদৰে কলাৰ ইতিহাস লক্ষ্য কৰিলে দেখা যায় যে
মাইকেল এঞ্জেল’, ৰ’ছেটি, ডাণ্টে আদি অনেক শিল্পী-লেখক একাধাৰে একোজন কবি আৰু চিত্ৰকৰ ৷ আনহাতে বহু
চিত্ৰকৰৰ ছবিৰ উৎস কবিতা আৰু বহু কবিয়ে ছবিৰদ্বাৰা প্ৰেৰণা লাভ কৰি ছবি আঁকি আহিছে
৷ নীলমণি ফুকনে নিজেও ছবি-ভাস্কৰ্যৰদ্বাৰা অনুপ্ৰাণিত হৈ বহু কবিতা লিখিছে ৷ ছবি
আৰু কবিতাৰ এই সুসম্পৰ্কৰ বিষয়ে লেখকে এক অন্তস্পৰ্শী আলোচনা আগ বঢ়াইছে ৷
মুঠৰ ওপৰত নীলমণি ফুকনৰ
শিল্প-সমালোচনা বিষয়ক লেখাসমূহত কলাৰ ইতিহাস, তত্ত্ব আৰু নন্দনতাত্ত্বিক বোধৰ এক
সুসমাহাৰ ঘটিছে ৷ ফুকনৰ ছবি বা ভাস্কৰ্যৰ কোনো এটা বিশ্লেষণ পঢ়াৰ পিছত
সৃষ্টিকৰ্মটোৱে আমাৰ মনক আলোড়িত কৰি তোলাৰ লগতে এনে ভাব আহে যে ‘‘এই কথাখিনি দেখোন ময়ো তেনেদৰে ভাবিব পাৰিলোঁহেঁতেন, এতিয়া
দেখোন সকলো কথা ফটফটীয়া হৈ ধৰা দিছে ৷’’ এইবাবেই শিল্পকলাৰ
ক্ষেত্ৰত নীলমণি ফুকন আমাৰ পাথেয়, দিক্দৰ্শক৷