লুইত কিৰণ দাস
কবি নীলমণি ফুকন বুলি ক’লেও আমাৰ মনলৈ ভাঁহি আহে নিঃসংগ অস্তিত্ববোধক আংগিকৰ জৰিয়তে সফলভাৱে প্ৰতিফলন ঘটোৱা এজন আধুনিক কবি৷ অসমীয়া কবিতাই ৰোমাণ্টিকতাৰ পৰা মুক্ত হৈয়েই যি আধুনিক ধাৰাত ভৰি থৈছিল ঠিক সেইখিনি সময়তেই হেম বৰুৱা, নৱকান্ত বৰুৱাৰ লগতেই অসমীয়া কবিতাক ভিন ভিন ধৰণেৰে সম্পৰীক্ষা কৰাসকলৰ ভিতৰত নীলমণি ফুকনো আছিল অন্যতম৷ ৰোমাণ্টিক কবিতাৰ ঘাই বৈশিষ্ট ছন্দসজ্জাৰ পৰা মুক্ত হৈয়েই নীলমণি ফুকনে আংগিকৰ স্বকীয়তাৰে অসমীয়া কবিতাক নতুন ধৰণেৰে চালি-জাৰি চোৱাৰ চেষ্টা চলাইছিল৷
গোলাপী জামুৰ লগ্নত ফুকনে যি ৬৫ টা কবিতা সন্নিৱিষ্ট কৰিছিল, তালৈ চকু
ফুৰালে দেখা যায় যে মেটাফ’ৰ নিৰ্ভৰ চিত্ৰকল্প তেখেতৰ বৈশিষ্ট
হৈছিল ৷ তদুপৰি শব্দৰ আভ্যন্তৰীণ সংগীতকহে লয়ৰ সলনি চিত্ৰকল্পৰ সহযোগী কৰা হৈছিল
(ডেকা, পৃ-২৫) ৷’ ১৯৭৭ চনত প্ৰকাশ পোৱা গোলাপী জামুৰ লগ্ন কবিৰ ষষ্ঠ কাব্যগ্ৰন্থ তথা প্ৰথমখন নিৰ্বাচিত কবিতাৰ সংকলন
৷ আলোচ্য ‘এজন নিঃসংগ মানুহ’ কবিতাটো কবিৰ দ্বিতীয়খন
কাব্যগ্ৰন্থ নিৰ্জনতাৰ
শব্দ (১৯৬৫)-ত
পূৰ্বে আছিল যদিও পৰৱৰ্তী সময়ত গোলাপী জামুৰ লগ্নত নিৰ্জনতাৰ শব্দৰ পৰা ক্ৰমে
ধোঁৱাৰ সময়, গধুলি লিখা, এজন নিঃসংগ মানুহ
আৰু ৰাতিৰ নৱম ঘণ্টাৰ অপেক্ষাত এই চাৰিটা কবিতাকহে স্থান দিছে ৷
এজন নিঃসংগ মানুহ :
গোলাপী জামুৰ লগ্ন প্ৰকাশ হোৱাৰ
কালছোৱাত অসমৰ সমাজ-ৰাজনৈতিক প্ৰেক্ষাপট আছিল কিছু পৃথক৷ সমাজ-অৰ্থনৈতিক কিছুমান
কাৰুকাৰ্যই অসমৰ সামাজিক পৰিস্থিতিটোক কিছু অশান্তিজৰ্জৰ কৰি তুলিছিল ৷ সেই প্ৰভাৱ
অসমীয়া সাহিত্যতো নপৰাকৈ থকা নাছিল ৷ ‘ৰোমাণ্টিক কবিসকলে যিদৰে এক
অন্তৰ-জগতক প্ৰক্ষেপ কৰিছিল বহিৰ্বিশ্বৰ ফালে, নীলমণি ফুকনেও
সেইদৰে গোলাপী জামুৰ
লগ্ন সংকলনৰ
কবিতাবোৰত এখন অন্তৰ-জগতক বহিৰ্বিশ্বৰ ফালে প্ৰক্ষেপ কৰিছে ৷ কিন্তু এই প্ৰক্ষেপৰ
ধৰণ বেলেগ আৰু তাৰ নিৰ্মিত ৰূপো বেলেগ (ডেকা, পৃ-২৫) ৷’ এজন নিঃসংগ মানুহ
কবিতাটোত পোনপটীয়াকৈ কবিৰ নিঃসংগতাবোধ ফুটি উঠিছে ৷ এজন নিঃসংগ মানুহ শিৰোনামটোতেই
সমসাময়িক অসম আৰু কবিৰ অন্তৰত প্ৰৱাহিত হৈ থকা চেতনাক উপলব্ধি কৰিব পাৰি ৷ এজন
নিঃসংগ মানুহ বুলি কওঁতে হয়তো তেওঁ কেৱল কোনোবা এজন বিশেষ মানুহক ধাৰণ কৰি লোৱা
নাই৷ ৰাজনৈতিক আৰু সামাজিকভাৱে প্ৰচুৰ দায়ৱদ্ধ কবি ফুকনে সেই নিঃসংগতা এজন মানুহৰ
পৰিৱৰ্তে যে এটা জাতি, এখন সমাজৰ সেই কথা প্ৰতীকৰ জৰিয়তে উপস্থাপন কৰিছে
বুলিও আমি ভাবিব পৰাৰ থল আছে ৷
‘তেওঁলোকৰ প্ৰত্যেকেই চাগৈ
একোটা চিঞৰ মাৰিছিল,
হয়তো পানীৰ তলৰ পৰাই
মোক
হাত বাউল দি মাতিছিল’
প্ৰথম স্তৱকতেই কবিৰ
অসহায়বোধ আৰু বিষণ্ণতা ফুটি উঠিছে ৷ এই সম্পৰ্কে এম. কামালুদ্দিন আহমেদে তেওঁৰ
আধুনিক অসমীয়া কবিতা গ্ৰন্থত উল্লেখ কৰিছে এইদৰে– ‘এক প্ৰকাৰ
আত্মিক বিষণ্ণতাই নীলমণি ফুকনৰ কবিতা সিক্ত কৰিছে : কবিৰ বিষণ্ণ চৰিত্ৰ (nature)-ই জাপানী কবিতা, জাৰ্মান কবি পল ছেলান (১৯২০-১৯৭০)-ৰ
কবিতাৰ সৈতে আত্মীয়তা বিচাৰি পাইছে ৷ ‘হয়তো পানীৰ তলৰ পৰাই
মোক, হাত বাউল দি মাতিছিল’, এই
কবিতাশাৰীত মূৰ্ত হৈ উঠিছে কবিৰ ট্ৰেজিক সম্ভাৱনা আৰু মৃত্যু চেতনা ৷
উত্তৰ-স্বাধীনতা কালৰ অসমৰ প্ৰেক্ষাপটলৈ যদি আমি মন কৰোঁ তেতিয়াহ’লে দেখিম যে অসমীয়া সাহিত্যত সমাজ-ৰাজনৈতিক চেতনাই প্ৰচুৰ পৰিমাণে ঠাই দখল
কৰিছিল ৷ সেই প্ৰভাৱ কবি নীলমণি ফুকনৰ কবিতাতো নপৰা নহয় ৷ ‘টোপনিতো
তেওঁ মোক খেদি ফুৰিছিল’ শীৰ্ষক কবিতাটোৰ কেইটামান শাৰী আমি
এই প্ৰংসগত মনত পেলাব পাৰোঁ –
‘আছেনে বাৰু তেওঁৰ দুচকুত
সেই দুটা ক’লা
ঘোঁৰা
আজিও মোৰ নিতৌ নিশা
কলিজা গচকি ৰয়৷’
সমসাময়িক অসমৰ জনসমাজৰ
নিঃসংগতা আৰু জাতীয়তাবাদ তথা সংগ্ৰামৰ ছাঁ ‘পানী ৰঙা হোৱা
দুখন নৈ’ আৰু দুচকুত সেই দুটা ক’লা
ঘোঁৰা’ত আমি দেখিবলৈ পাওঁ ৷ ঠিক সেইদৰে এজন নিঃসংগ মানুহ
শীৰ্ষক কবিতাটোতো আমি সমসাময়িক অসমৰ প্ৰতিখন ছবি উপলব্ধি কৰিব পাৰোঁ –
‘গছবোৰ যেন পানীত উবুৰি খাই
পৰিব
বতাহত তেনেকৈ
হাওলি গৈছিল’
চিত্ৰকল্পৰ সাৰ্থক প্ৰয়োগ
নীলমণি ফুকনৰ কবিতাৰ অন্যতম এক বৈশিষ্ট্য ৷ চুটি কাব্যপংক্তিৰ মাজেদি সমাজৰ নিৰ্মম
সত্য আৰু দ্বন্দ্বক প্ৰতিষ্ঠা কৰাত ফুকন এগৰাকী পাৰ্গত কবি ৷ গভীৰ দুখ আৰু
নিঃসংগতাই মানুহক যেনেকৈ আগুৰি ধৰিছিল সেই কথা দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়লৈ
লক্ষ্য কৰিলেই আমি উমান পাব পাৰোঁ ৷ তদুপৰি অসমৰ প্ৰেক্ষাপটলৈ লক্ষ্য কৰিলেও
দেখিবলৈ পাম যে কেইবাটাও ঘটনাই জোকাৰি যোৱাৰ পাছত অসমৰ চিত্ৰপট ভালেখিনি সলনি হৈ
পৰিছিল ৷ যাৰ ফলত অসমীয়া সমাজখন হৈ পৰিছিল নিঃসহায় ৷ সেই নিঃসহায় অৱস্থা হোৱাৰ
বিভিন্ন কাৰণৰ ভিতৰত সমাজ-ৰাজনৈতিক, অৰ্থনৈতিক কাৰণ
উল্লেখনীয় ৷
‘এতিয়া নৈৰ তলিৰ পৰা
ওপৰলৈ উঠি আহিল
এখন বুৰ যোৱা নাৱৰ
মাস্তুল৷
মোৰ সমুখত এতিয়া
অসংখ্য কঠিন জৰীৰে
বান্ধ খাই থকা
এডাল মাস্তুল’
নীলমণি ফুকনৰ কবিতাত আমি
আশাবাদৰ ছবিও দেখা পাওঁ ৷ অৱশ্যে আমি ইয়াক কবিতা এটাৰ ‘হেপ্পি
এণ্ডিং’ হিচাপে প্ৰতিষ্ঠা কৰিব নোৱাৰোঁ ৷ উক্ত স্তৱকটোৱে
আমাক আশাৰ ছাঁ এটাকে নিৰ্দেশ কৰিছে ৷ ওপৰলৈ উঠি অহা এখন নাৱৰ এডাল মাস্তুল আৰু
কবিৰ সমুখত অসংখ্য কঠিন জৰীৰে বান্ধ খোৱা এডাল মাস্তুলৰ মাজত পাৰ্থক্য আছে যদিও এই
দুয়োটা অনুষগই এখন সমাজৰ হতাশা আৰু মুক্তিৰ একাকিত্বক স্বীকাৰ কৰিছে –
‘ওপৰলৈ মুখ কৰি
থিয় দি আছে
যেন এজন নিঃসংগ মানুহ’
চিত্ৰকলাৰ লগত ওতঃপ্ৰোত
সম্পৰ্ক থকা কবি ফুকনে তেওঁৰ প্ৰায়সমূহ কবিতাতেই ৰং-ছবিৰ তথা চিত্ৰকল্পৰ অদ্ভুত
সমাহাৰ ঘটাইছে ৷ ওপৰলৈ মুখ কৰা মানেই আকাশলৈ চাই থকা৷ আপাততঃ আকাশৰ ৰং নীলা আৰু
নীলা হৈছে বিষাদৰ প্ৰতীক ৷ লগতে নিঃসংগতাৰো ৷ অস্থিৰতা আৰু যন্ত্ৰণাই কোঙা কৰা এজন
মানুহে বুকুত আশা বান্ধি যেন আকাশলৈ চাই ৰৈছে ৷
নীলমণি ফুকনৰ কবিতাত ‘বহু সময়ত কেৱল এটা বা দুটা শব্দত, কোনোবা একোটা
প্ৰতীকৰ মাজত গোটেই কবিতাটোৰ ঐক্যসূত্ৰ নিহিত হৈ থাকে (বৰুৱা, পৃষ্ঠা- ১১৫) ৷’ এজন নিঃসংগ মানুহ কবিতাটোতো প্ৰতীক
আৰু ব্যঞ্জনাৰ জৰিয়তে মানুহৰ অন্তৰতম জগতখনৰ শোক, সমসাময়িক
অসমীয়া সমাজৰ সমাজ-ৰাজনৈতিক প্ৰেক্ষাপট আৰু কবিৰ ব্যক্তিগত উপলব্ধিক সুন্দৰভাৱে
প্ৰতিফলন ঘটাইছে ৷ সমালোচক আনন্দ বৰমুদৈৰ ভাষাত, ‘নীলমণি
ফুকনৰ কবিতাত কালসাপেক্ষ আৰু মৃত্যুহীন দুখন জগত থাকে ৷ এই জগত দুখন সময়ত এখনৰ
মাজলৈ আনখন সোমাই আহে ৷ ইন্দ্ৰিয় সানমিহলিৰ সহায়ত এখনৰ মাজত আনখন সোমায় ৷
চিত্ৰকল্পৰ প্ৰতীকী ব্যঞ্জনাই সপোন, বাস্তৱ, অবাস্তৱৰ মাজত সীমাৰেখা অস্পষ্ট কৰি জগত দুখনৰ দ্বন্দ্ব-বিৰোধ আৰু
অহা-যোৱা ইংগিত কৰে (বৰমুদৈ, পৃষ্ঠা- ১৭৪) ৷’
গ্ৰন্থপঞ্জী :
১) ডেকা, হৰেকৃষ্ণ। নীলমণি ফুকনৰ কবিতা
সমগ্ৰ,
আঁক-বাক, গুৱাহাটী- ০৩
২) বৰুৱা, লোপা। আধুনিক অসমীয়া কবিতাত
প্ৰতীক আৰু চিত্ৰকল্প, পূৰ্বাঞ্চল প্ৰকাশ, গুৱাহাটী-
০৬
৩) বৰমুদৈ, আনন্দ। নিৰ্বাচিত অসমীয়া
কবিতাৰ সমালোচনা, অসম পাব্লিচিং কোম্পানী, গুৱাহাটী-
১