জ্যোতি খাটনিয়াৰ
নীলমণি ফুকনৰ কবিতাত মহাজীৱনৰ খবৰ আছে৷
এই জীৱন নিৰ্জনতাত বুৰ যোৱা জীৱন নহয়; তাত মানুহৰ সুখ-দুখৰ বতৰা গভীৰভাৱে ৰৈছে৷ কবিয়ে যি
উপলব্ধিক একান্ত নিজৰ বুলি দাবী কৰিব পাৰে বা খোজে, তাতো কিন্তু আনৰেই খবৰ
বেছি :
ময়ো মৰাশবোৰৰ লগ লাগোঁ
মোৰ জীৱনৰ কোনো জীৱন নাই
যদিও নহয় নহয় বুলি
বাৰে বাৰে চিয়ঁৰো
মোৰ বুকুৰ হাড়বোৰত শুনো
কৰুণ কৰ্কশ এটা মৰ্মৰণি
এই মৰাশ কেৱল এতিয়া অতীত নহয়; ই কবিৰ বাবে বৰ্তমানৰেই এটা তাজা খবৰ; বৰ্তমানতেই এই মৰাশবোৰ আছে৷ কাৰণ :
দল বান্ধি মৰাশবোৰ বাটলৈ ওলাই আহি
চিৎকাৰ কৰি উঠে
ঘূৰি ঘূৰি নাচে কিৰিলিয়াই
দাঁত কৰচে
আৰু ইচ্ছা কৰিলেই য’তে ত’তে
যিকোনো সময়তে
মাতিব পাৰে হুদুৰ মাত
হাঁহিব পাৰে ভীষণ হাঁহি
কবিৰ মন আন দহজনৰ দৰে কেইবা তৰপৰ৷ বডলেয়াৰৰ দৰে জীৱনেই তেওঁৰ
কাব্যিক চেতনাৰ অংশীদাৰ৷ সেয়ে কবিয়ে গভীৰ নিৰ্জনতাক নিজৰ কৰি ল’ব পাৰে অনায়েসে :
ৰৈ ৰৈ শুনিছিলো সেই মাত
হাওলি পৰা কলাপাতৰ ওপৰেৰে
বাগৰি আহিছিল
হৃদয়ৰ মাজেৰে অসংখ্য লোৰ কাটি বৈ গৈছিল
সেই মাত
সন্মুখত জঁপিয়াই পৰিছিল বেং
বিজুলীৰ পোহৰত ছিৰাছিৰ হোৱা তাৰ পিঠিত
একুৰা জুই
এখন অন্তৰ্জগত; এখন বহিৰ্জগত৷ অন্তৰত এক মাতৰ অহা-যোৱা৷ বাহিৰত জুইৰ
উপস্থিতি৷ জুই কেইবাটাও ৰূপৰ প্ৰতীক৷ ভয়ংকৰ বাস্তৱৰ, শীতৰ পৰিৱেশত উমাল
সান্নিধ্যৰো এটা ৰূপ এই জুই৷ আনহাতে, সন্মুখত জঁপিয়াই পৰা বেং – সাধাৰণতে আধুনিক কবিৰ বাবে বিখ্যাত
জাপানী কবি বাছোৰ পৰাই আহৃত৷ বাছোৰ বেঙৰ ১০১ টা ইংৰাজী তৰ্জমা আছে৷ হিৰুয়াকি
ছাটোৱে এই হাইকু বিশেষ ১০১ টা তৰ্জমা সংগ্ৰহ কৰিছে; তাৰে এটা হ’ল :
The Old pond
A frog plunges in
(Sound of the water)
ইংৰাজী অনুবাদক এগৰাকীয়ে এই হাইকুৰ
প্ৰভাৱত তেওঁৰ মনৰ অৱচেতন পৰ্যায়ত কি হ’ল, তাৰ বৰ্ণনা আন এটা
হাইকুৰে এনেদৰে দিছে :
My mind was still
Till Basho’s frog
Made it ripple
ফুকনে তেওঁৰ বেঙক সুপ্ত প্ৰতীক কৰি ৰখা
নাই৷ তাক তেওঁ সক্ৰিয় কৰি তুলিছে৷ আনটো মাতৰ ধূসৰ বাতাৱৰণক তেওঁ এই বেঙক আনি বহু
তৰপীয়া অৰ্থত সংযুক্ত কৰিছে৷ তেওঁৰ নিৰ্জনতাৰ পৃথিৱীত থকা শূন্যতা নিঃকিন
নহয়; ই বৰঞ্চ মানুহ-দুনুহৰ কথা-বতৰাৰে ভৰপূৰ৷
ফুকন মূলতঃ এজন অধ্যয়নপিপাসু লোক৷ তেওঁৰ
কবিতাই যদিহে তেওঁৰ অন্তৰ্মুখী জীৱনটোকে দাঙি ধৰে, তেনেহ’লে শিল্পকলা (পেইণ্টিং, চিত্ৰকলা, ভাস্কৰ্য, লোককথা)-ৰ সৈতে থকা তেওঁৰ
সান্নিধ্যই তেওঁক বহিৰ্মুখী কৰি তুলিছে৷ চিত্ৰকলা আৰু ভাস্কৰ্যৰ সৈতে তেওঁৰ
অন্তৰংগ আৰু বিশেষ সংলাপ মূলতঃ কেইখনমান বিশেষ গ্ৰন্থত সন্নিৱিষ্ট চিন্তাধাৰাৰ লগত
সংলগ্ন হৈ ৰৈছে৷ এই কেইখন হ’ল ক্লাইৱ বেলৰ (১৮৮১-১৯৬৪) আৰ্ট শীৰ্ষক গ্ৰন্থ (১৯৪৮), ৰ’জাৰ ফ্ৰাইৰ (১৮৬৬৬-১৯৩৪) ভিজন এণ্ড ডিজাইন, এৰিখ নিউটনৰ (১৮৯৩-১৯৬৫) দ্য মিনিং অব বিউটি (১৯৫০), ৰাডল্ফ অৰ্নয়েমৰ (১৯০৪-২০০৭) আৰ্ট এণ্ড ভিজুৱেল পাৰশ্যেপশ্বন : এ চাইক’ল’জি
অব দ্য ক্ৰিয়েটিভ আই (১৯৭৪), জন বাৰ্জাৰৰ (১৯২৬-২০১৭) ৱেইজ অব চিং (১৯৭২) আৰু হাৰ্বাৰ্ড ৰীডৰ (১৮৯৩-১৯৬৮) দ্য মিনিং অব আৰ্ট (১৯৬৮)৷ এই
গ্ৰন্থসমূহে ফুকনৰ শিল্প সম্বন্ধীয় দৃষ্টিকোণক অধিক গাঢ় কৰাৰ আগতে তেওঁৰ চেতনাকে
নানান ধৰণে সমৃদ্ধ কৰিছে৷ উল্লেখ্য যে এই প্ৰত্যেকখন কিতাপেই তেওঁৰ ব্যক্তিগত
সংগ্ৰহত আছে৷
শিল্প-সাহিত্যৰ জগতখনক ব্লুমছবেৰী গ্ৰুপৰ চিন্তাধাৰাই যিদৰে প্ৰভাৱিত কৰিছে, নীলমণি ফুকনৰ চিন্তাৰ জগতখনতো তাৰ ছিটিকনি পৰিছে৷ ৰ’জাৰ ফ্ৰায়ে প্লাষ্টিক ফৰ্ম (Plastic form) আৰু ব্যাখ্যামূলক উপাদান (Illustrative content)ৰ মাজত প্ৰাৰ্থক্য আৰোপ কৰি ক’ব খুজিলে যে ছবিৰ ৰসাস্বাদনত ৰূপ (form)-ৰ বিশেষ ভূমিকা আছে৷ ছবিৰ সৈতে জড়িত থকা এই দুয়োটা দিশ দৰ্শকে একে সময়তে গ্ৰহণ কৰিব নোৱাৰে৷ ছবিয়ে বহন কৰা ইংগিতধৰ্মিতাহে মূল, অৰ্থৰ নানান স্তৰ– এই সকলোবোৰ গৌণ কথা৷ কাৰণ সেইবোৰ বৰ্ণনা কৰিবলৈ শব্দৰ জগতখন, অৰ্থাৎ সাহিত্য আছে৷ ক্লাইৱ বেলে ইয়াৰ পূৰ্বে (১৯১৪ চনত) তাৎপৰ্যপূৰ্ণ ৰূপ (significant form)-ৰ ধাৰণা মানি ‘ৰূপবাদ’ (formation)-ক বিশেষ মাৰ্যাদাপূৰ্ণ স্থানত উপনীত কৰাইছিল৷ বেলে কৈছিল যে তাৎপৰ্যপূৰ্ণ ৰূপ হ’ল ৰং আৰু ৰেখাৰ সেই সমন্বয়, যাৰ জৰিয়তে ছবি এখন চালে দৰ্শকৰ মনত, নন্দনতাত্ত্বিক অনুভূতি (aesthetic emotion)-ৰ উদয় হয়৷ ইয়াৰ বাবে এই চিন্তাধাৰাই ‘প’ষ্ট ইম্প্ৰেছনিষ্ট’সকলৰ ছবিক সাধাৰণতে বাচি লয়৷ (যেনে- চেজান, মনেট, ভেনগ’গ আৰু গ’গাঁ)৷ দৰাচলতে ১৯১০ চনৰ নৱেম্বৰ মাহত লণ্ডনত এইসকল শিল্পীৰ ছবিৰ প্ৰদৰ্শনীৰ আয়োজন কৰি শিল্প ৰসস্বাদনৰ এই দিশটোক শক্তিশালী কৰি তোলা হয়৷ নীলমণি ফুকনৰ ‘প’ল চেজান’ সম্পৰ্কীয় শক্তিশালী ৰচনাখনত তেওঁৰ ক্লাইৱ বেল, ৰ’জাৰ ফ্ৰাই আৰু হাৰ্বাৰ্ট ৰীডৰ সংবেদনশীল অধ্যয়নৰ গভীৰ প্ৰভাৱ আছে৷ চেজানৰ নিসৰ্গ চিত্ৰসমূহৰ বিচাৰত ফুকনে ক্লাইব বেলৰ উপলব্ধিকেই গ্ৰহণ কৰিছে :
‘নিসৰ্গ চিত্ৰবোৰেই চেজানৰ সৰ্বশ্ৰেষ্ঠ কীৰ্তি, জনপ্ৰিয় আৰু জনাজাতো৷ তেওঁৰ আন বহু চিত্ৰৰ দৰে নিসৰ্গ চিত্ৰসমূহো– ফৰ্মৰ মাজেদি শিল্পীয়ে উপলব্ধি কৰা, ক্লাইৱ বেলৰ ভাষাত– ‘দৃশ্যগ্ৰাহ্য তুল্য বাস্তৱ’৷
চেজানৰ নিসৰ্গ চিত্ৰ
এই ৰচনাত নীলমণি ফুকনে চেজানৰ
চিত্ৰপদ্ধতিৰ বিষয়তো কিছু কথা কৈছে৷ ইয়াৰ বাবে তেওঁ সহায় লৈছে হাৰ্বাৰ্ট ৰীডৰ৷
বাস্তৱীকৰণ আৰু নিয়মিতকৰণৰ দিশ দুটা ফুকনৰ ৰচনাত ৰীডৰ পৰাই আহিছে৷ একেদৰে তেওঁ
ৰীডৰ এই মত যে চেজান মূলতঃ এজন ধ্ৰুপদী মনোবৃত্তিৰ শিল্পী, তাকো গ্ৰহণ কৰিছে৷ আকৌ, চেজানৰ শিল্পজগতৰ অপাৰ
অকৰ্ষণৰ কথা ক’বলৈ গৈ নিজে কবি কাৰণেই হয়তো এৰিখ নিউটনৰ কাব্যিক ভাষাকেই
অসমীয়া তৰ্জমাত তুলি দিছে : ‘কোনে মনত নেপেলায় চেজানৰ নিসৰ্গ
দৃশ্যৰ বতৰ, মেঘৰ খেল আৰু গছপাতৰ তিৰবিৰণি? উল্লেখ্য যে এৰিখ নিউটনে তেওঁৰ The Meaning of Beauty শীৰ্ষক গ্ৰন্থত মানুহৰ
চাক্ষুস অভিজ্ঞতাৰ জগতখনৰ ঐশ্বৰ্যক বৰ্ণনা কৰিবলৈ গৈ কেইটামান বিশেষ উদাহৰণৰ জেৰ
টানিছে :
1) Memorable gestures of Michaelangelo’s athletes
2) The glowing distance of Claude’s
landscape
3) The gradient of light on which
Rembrondt dwells
সন্দেহ নাই যে এৰিখ নিউটনৰ শিল্প
সম্পৰ্কীয় আলোচনা, বিশেষকৈ সৌন্দৰ্য সম্পৰ্কীয় তেওঁৰ চিন্তাধাৰাই ফুকনক গভীৰভাৱে চুইছিল৷
নিউটনে শিল্পীৰ ব্যক্তিগত পছন্দ, আকৰ্ষণ (personal preference) আদিক দৰ্শকৰ পছন্দ-অপছন্দতকৈ পৃথক বুলি
কৈছে৷ তেওঁ জীৱনৰ অভিজ্ঞতাৰ ক্ষেত্ৰত শিল্পীক দৰ্শকতকৈ পৃথক আৰু চহকী বুলি অভিহিত
কৰিছে৷ এৰিখ নিউটনৰ শিল্পীৰ প্ৰসংগত এটা প্ৰসিদ্ধ উক্তি হ’ল:
The inner life is the by product of the outer world. ফুকনৰ বিখ্যাত কবিতা ‘ইয়াৰ পৰাই পানী’; এৰিখ নিউটনৰ উক্ত গ্ৰন্থত সন্নিৱিষ্ট চিন্তাৰ আলোকত
পঢ়িব পাৰি৷ যেনে,
ইয়াৰ পৰাই পানী
ইপাৰ সিপাৰ নমনি
…
…
ইয়াৰ পৰাই বেলি
বুৰ যোৱা দেখি
ইয়াৰ পৰাই জোন ওলোৱা দেখি
দুৱাৰ মেলিলেই দেখি
নিত্য আৱৰ্তিত
এখন প্ৰেমৰ পৃথিৱী
দ পৰ্বতীয়াৰ সেই ছোৱালী দুজনী
হাতৰ মুদ্ৰা আৱাহনী
ইয়াৰ পৰাই পানী
তোমাৰ ভৰিৰ পতাৰ পৰাই পানী
ইপাৰ সিপাৰ নমনি
ফুকনে ইয়াত প্ৰয়োগ কৰা চাক্ষুস
শব্দভাণ্ডাৰ (Visual Vocabulary) বিস্ময়কৰ ধৰণেৰে শক্তিশালী আৰু পৰিচিত জগতখনক আৰোপ
কৰা নানান অৰ্থৰ শক্তিশালী শোভাযাত্ৰা৷ চেজানৰ শিল্প আলোচনাত ফুকনে ফ্ৰেংকএলগাৰ
নামৰ শিল্প আলোচক এজনাৰে দুটা ধাৰণা ব্যৱহাৰ কৰিছে –
(১) আলোড়িত ফৰ্ম আৰু (২) গীতিময় ভাব-নিৰ্ভৰ’৷ ফুকনৰ এই কবিতাটোত এক আলোড়িত মাত্ৰাক আমি পাওঁ। আৰু নিৰ্জনতাৰ এটা সুৰ
শুনো যি মূলতঃ মানুহৰ মনৰ ভিতৰত ৰৈ ৰৈ বজা এক সুৰ – বহিৰ্জগতৰ পৰা অন্তৰ্জগতলৈ বৈ পৰা৷
ব্ৰাঁকুছিৰ এক শিল্পকৰ্ম |
ফুকনৰ আন দুখন শিল্প-শিল্পীকেন্দ্ৰিক
শক্তিশালী ৰচনা হ’ল : ব্ৰাঁকুছি আৰু পাব্লো ৰুইথ ঈ পিকাছো৷
দুয়োখনৰ ৰচনাৰ পৰিসৰ ব্যাপক আৰু গভীৰ৷ ভাস্কৰ্যৰ বিষয়ে ৰচনা লিখা বেছ কঠিন৷ ফুকনৰ ‘ব্ৰাঁকছি’ ৰচনাখন সেইফালৰ পৰা
সফল৷ তেওঁৰ শিল্পৰ আলোচনাৰ নঙলামুখতে ফুকনে আঁৰি দিছে এইকেইটা বাক্য, গভীৰ অৰ্থৰে সংপৃক্ত: “অতি আধুনিক ভাস্কৰ্য
ধাৰাটোৰ তেঁৱেই ভগীৰথ৷ ৰূপৰ অভাৱিতপূৰ্ব সৰলীকৰণ, সংক্ষিপ্তকৰণ ক্ষমতাৰ
অধিকাৰী আছিল এইগৰাকী মৰ্মজ্ঞ ধ্যানী শিল্পী৷ জীৱন-দৃষ্টি, নন্দন-দৃষ্টি, অভিনৱ ৰূপকল্পনাৰ ক্ষেত্ৰত, নিত্যতা অনন্তৰ উপলব্ধিত বোধহয় একমাত্ৰ
চিত্ৰকৰ প’ল
চেজানৰ মতেহে তেওঁৰ তুলনা হয়৷” আকৌ চেজান! প’ল চেজানৰ এই উল্লেখে নিঃসন্দেহে এই চিত্ৰকৰজনে ফুকনৰ
অন্তৰ্প্ৰদেশত পেলোৱা গভীৰ প্ৰভাৱকেই আঙুলিয়াইছে৷ আকৌ আদম আৰু ইভ্ প্ৰসংগত ফুকনে
ব্ৰাঁকুছিৰ ব্যৱহাৰ কৰা উদ্ধৃতি তেওঁৰ কবিতাৰ ৰসোপলব্ধিত বেছ তাৎপৰ্যপূৰ্ণ: “(ইভ) লাৱণ্যময়ী, নিৰ্জু, ঋজু৷ তাই উৰ্বৰা শক্তি, মেল খাবলৈ ধৰা এটা কলি, গজালি মেলা এটা ফুলৰ গুটি৷” একে … পঢ়িব পাৰি ফুকনৰ ‘ইয়াৰ পৰাই পানী’ কবিতাৰ এইকেইটা শাৰী :
বুকুৰ মাজতে মোৰ কিবা
গুটি এটা গজে
মানুহে খাই পাহৰি পেলোৱা
নোখোৱা এটা গুটি
চৰাই এটা উৰি আহে
ঠোঁটত লৈ এডাল দুবৰি
নে গুটিমালিৰ এডাল মালা
পিকাছোৰ শিল্পকৰ্ম |
পিকাছো সম্পৰ্কীয় ৰচনাখনতো ফুকনে পুনৰ
এৰিখ নিউটনৰ প্ৰসংগ টানিছে৷ নিউটনে আধুনিক চিত্ৰকলাৰ তিনিটা বৈচিত্ৰ্যৰ কথা কৈছিল : স্থাপত্যসুলভতা, গাঁথনিৰ বিশ্লেষণ আৰু মনৰ একোটা বিশেষ
অৱস্থাৰ অভিব্যক্তি৷ পিকাছোৰ নিজৰ শিল্পকৰ্ম প্ৰসংগত কৰা এটা মন্তব্য ফুকনে সযতনে
উদ্ধৃত কৰিছে : “মই নিবিচাৰোঁ৷ মই পাওঁ৷” নীলমণি ফুকনৰ নিজৰ
সৃষ্টিৰ বিষয়েও পঢ়ুৱৈ হিচাপে আমি এই কথাকেই ক’ব পাৰোঁ দ্ব্যৰ্থহীনভাৱে: ‘তেওঁ নিবিচাৰে, তেওঁ পায়” –
“জুই সানি ৰঙা কৰা মোৰ হাতৰ তলুৱাত চেকুৰা-চেকুৰে মোৰ মুখৰেই তেজ৷”
...
ভ্ৰাম্যভাষ : ৮৪৭২০৫১৩৩৯