অন্যযুগ/


কবিৰ দৃষ্টিত কবিৰত্ন নীলমণি


(১)  কবিতাক কল্পতৰু কৰা তাপসজন

কবি নীলমণি ফুকন ছাৰক লগ পোৱাৰ পাছত কবিতাৰ প্ৰতি মোৰ ধাৰণা সলনি হৈছিল। ছাৰে এটা ৰাস্তা দেখুৱাই দিছিল। সেই ৰাস্তাৰে আজিও আহি আছোঁ। ছাৰ যে এজন খুব ভাল মানুহ সেয়া দুনাই নক'লেও হ'ব। ছাৰৰ প্ৰাজ্ঞ ব্যক্তিত্ব আৰু সংস্কৃতিবান মনটোৱে মোক সদায় ঋদ্ধ কৰি ৰাখিছে আৰু ৰাখিব। জীৱনত মই কোনোদিন তাপস লগ পোৱা নাই। কিন্তু ফুকন ছাৰক লগ পোৱাৰ পিছত অনুভৱ কৰিলো ছাৰেই সেই তাপস,যিয়ে তপস্যাৰে জীৱনক জাতিষ্কাৰ আৰু কবিতাক কল্পতৰু কৰিলে।

             -  জোনমণি দাস, গুৱাহাটী-২১


(২) উপজি পুৱাৰ দেৱতাজন 

বিতাৰ অনুৰাগী এজন মোৰ সত্তাৰ ভিতৰত প্ৰথম ঠোৰ মেলোতেই চকুৰ সমুখত প্ৰথম নীলমণি ফুকনকেই দেখিছিলোঁ। সাগৰতলিৰ শংখ, কি এক অদ্ভুত ৰহস্যময় আকৰ্ষণৰ মৌচাক। মোৰ জীৱনৰ উপজি পুৱাৰ এই দেৱতাজনক এসময়ত খুব ঘনাই লগ পোৱাৰ সুবিধা মিলিল, কাৰণ মোৰ কলেজীয়া শিক্ষা ফুকন ছাৰৰ ঘৰৰ তেনেই ওচৰতে থকা ললিত চন্দ্ৰ ভৰালী মহাবিদ্যালয়ত সম্পন্ন হৈছিল।  ছাৰৰ অনুপ্ৰেৰণাৰ গভীৰ নীলিম এখন সাগৰত তেতিয়াৰপৰাই আজি পৰ্যন্ত বুৰ গৈ আছোঁ।

মোৰ ধাৰণা হয় নীলমণি ফুকনে যদি কেতিয়াও কবিতা নিলিখিলেহেঁতেন, অসমৰ বৰ্তমানৰ বহু প্ৰতিষ্ঠিত কবিৰ মনত কবিতাৰ পত্ৰমুকুলেই ঠোৰ নেমেলিলেহেঁতেন। অথচ এই অনুপ্ৰেৰণাৰ বিস্তৰ প্ৰভাৱৰ স্বত্তেও নীলমণি 

কবি ফুকনক অতিক্ৰম কৰা অসম্ভৱ। নীলমণি ফুকনে অসমীয়া কবিতাত এটা যুগৰ জন্ম দিছে, প্ৰজন্মৰ পাছত প্ৰজন্মৰ উদীয়মান কবিক তেওঁৰ আঙুলিত ধৰিবলৈ অনুমতি দিছে। মোৰ কাব্যজীৱনত নীলমণি ফুকন ছাৰৰ উপস্থিতি দেৱতা সদৃশ।

             -  অলকেশ কলিতা, পিয়লি ফুকন নগৰ, গুৱাহাটী-২১


                          (৩) প্ৰাণৰ কবি নীলমণি ফুকন : অনুভৱৰ এটি টোকা

অন্তৰকে দাহন কৰে যেই আগুন প্ৰজ্জ্বলিত হয় সেই আগুনেৰ নাম কবি- বংগৰ কবি জয় গোস্বামীয়ে কবিতাৰ প্ৰসংগত এক কথোপকথনত ঋতুপৰ্ণ ঘোষৰ এই কথাষাৰ উদ্ধৃত কৰিছিল। কবি শিৰোমণি নীলমণি ফুকনছাৰৰ কবিতাৰ কথা মনলৈ আনিলেএই কথাষাৰৰ যথাৰ্থতা ষোল অনাই অনুভূত হয়। হৃদয়ক দহন কৰি যি জুই জ্বলি উঠে- সেই জুইকুৰাৰ নামেই কবি। স্বৰূপাৰ্থত কবি নীলমণি ফুকনছাৰৰ কবিতাই হৃদয়ক দহন কৰে। সেই  ক্ৰিয়াৰ মাজেৰে পাঠকৰ মন-মগজুত প্ৰজ্বলিত হোৱা বোধৰ জুই কিন্তু এক অনিৰ্বাপিত সুখানুভূতি। সেই বাবেই বহু বছৰৰ আগেয়েই কবিতাৰ কাপ সামৰি থোৱাৰ পাছতো কবিজনাৰ অনুপম কাব্যসম্ভাৰ আজিও অদ্বিতীয়ভাৱে আৱেগসঞ্চাৰী আৰু আকৰ্ষক সৃষ্টিকৰ্ম হৈ আছে।

মনত পৰিছে, কবিৰ গোলাপী জামুৰ লগ্ন শীৰ্ষক কাব্যগ্ৰন্থখন কিনি অনাৰ সময়ত আমি মহাবিদ্যালয়ৰ ছাত্ৰ। গোলাপী জামু এই শব্দদুটাৰ আৱেদন সেই সময়ত আমাৰ বাবে আছিল বিশেষভাৱে সুকীয়া। কাৰণ শৈশৱৰ এছোৱা দীঘল সময় অধিকাৰ কৰি ফলে-ফুলে জাতিষ্কাৰ হৈ উঠা এজোপা গোলাপী জামু আমাৰো আছিল। জামুজোপাৰ ডালতে হওক বা তলতে হওক পাৰ হৈছিল বহু নিজান দুপৰীয়া। কিতাপখন কিনিবৰ সময়তো গোলাপী জামুৰ সেই গুলপীয়া ৰং আৰু গোন্ধৰ স্পৰ্শ আমাৰ মন আৰু আত্মাৰ পৰা গুচাই নাছিল। আগযৌৱনৰ সেই সময়খিনিতে আকৌ অলপ অচৰপকৈ কবিতা পঢ়া আৰু কবিতাক ভাল পাবলৈ আৰম্ভ কৰাৰ পৰ্বটোও আৰম্ভ হৈ গৈছিল। কাজেই গোলাপী জামুৰ লগ্নখন মেলি দুটা-এটাকৈ তাত থকা কবিতাবোৰ পঢ়িবলৈ ধৰিলোঁ। সেই কুমলীয়া বয়সত নীলমণি ফুকনছাৰৰ দৰে এগৰাকী ধীমান কবিৰ,গৰিমামণ্ডিত সৃষ্টিৰ কিমান গভীৰলৈ নো সোমাব পাৰিছিলোঁ সেই কথা এতিয়া আৰু মনত নাই। কিন্তু এই কথা হলে মনত আছে বুজা-নুবুজাছাঁ-পোহৰশব্দ-নৈ:শব্দৰে ধোঁৱাময় দৃশ্যাৱলীৰ এখন বিমূৰ্ত বিস্ময়কৰ জগতলৈ লাহে লাহে যেন মোক আঙুলিত ধৰি লৈ গৈ থকা হৈছিল। কিহৰ জগত আছিল সেইখনকোন আছিল সেইখন জগতৰ স্ৰষ্টা! সেই স্ৰষ্টা কি এজন সাধাৰণ মানুহ হব পাৰেএজন কবি হব পাৰেকথাবোৰ বৰ কঠিন আছিল।

তাৰ পাছততাৰ পাছত যোৱা ডেৰকুৰি বছৰে নীলমণি ফুকনছাৰৰ কবিতাখিনি মাজে সময়ে পঢ়িয়েই আছোঁসেই কবিতাতে মূৰ থৈ শুইছোঁ। বুৰ গৈছোঁ অপাৰ ভাবময়তাত। কিছুমান কবিতাক হয়তো একাধিক বাৰ নতুনকৈ আবিস্কাৰ কৰিছোঁ। আকৌ কিছুমান কবিতাৰ প্ৰজ্ঞান দ্যুতিৰে সুন্দৰ গৰ্ভত প্ৰৱেশৰ অন্তহীন নিস্ফল চেষ্টা আজি পৰ্যন্ত চলায়েই আছোঁ। কবিতা এটা পঢ়ি যোৱাৰ সময়তেতো টোকৰ এটাও নেপেলোৱাকৈ ইমেজ একোটা নিজে নিজে আহি বুকুৰ ভিতৰত ঘৰ একোখন পাতি সোমাই পৰিছেহি! বিয়পাই দিছে বিভোৰ মৌন মগ্নতা। গেলাবিলৰ পাৰৰ নিসৰ্গ আৰু দেওপাহাৰৰ বুকুত শুই থকা শিলৰ দেৱতাৰ ফুচফুচনিখিনিৰ পৰা গজি উঠা কবিতাৰ দুখনি হাতেমানুহ-পৃথিৱী-আকাশ একাকাৰ কৰি কি ঝংকাৰ গুজি দিয়াহি নাই আমাৰ প্ৰাণত!

বয়স বঢ়াৰ লগে লগে তেখেতৰ কবিতাক যিমানে হৃদয়ংগম কৰাৰ প্ৰয়াস চলাই থাকিলোঁসিমানে আবিষ্কাৰ কৰি গৈ থাকিলোঁ প্ৰতিটো কবিতাৰপ্ৰতিটো শাৰীৰপ্ৰতিটো শব্দৰ নেপথ্যৰ এজন সৎপৰিশ্ৰমীধৈৰ্যশীলঅপাৰ অধ্যয়নপুষ্টঅনুসন্ধিৎসু আৰু সৃষ্টিশীল ৰপকাৰক- যাৰ অবিৰাম  নান্দনিক বিচৰণ বস্তুজগতৰ পৰা মানুহৰ নিভৃততম অন্ত:জগতখনলৈকে। মন কৰিলোঁকাব্যকথনৰ বেলিকা কবিৰ আৱেগ নিয়ন্ত্ৰণ আৰু শব্দৰ মিতব্যয়িতাৰ দুৰ্বাৰ সচেষ্ট প্ৰয়াস।‌ উদ্দাম ৰোমান্তিকতাৰ পয়োভৰ তেখেতৰ কবিতাত বিচাৰিয়েই নাপাওঁ। কাব্যসৃজনৰ সমগ্ৰ প্ৰক্ৰিয়াটোতেই প্ৰতীকচিত্ৰকল্প আৰু ভাবৰ তীব্ৰতাই গ্ৰাস কৰি পেলাব নোৱৰাকৈ কবি যেন এজন ঋষিৰ দৰে এক নিৰ্মোহ অৱস্থানত ধ্যানস্থ হৈ থাকে। সেই কাৰণেই হয়তো এজন তীক্ষ্ণধী সমালোচকৰ দৰে নিজৰ কবিতাক বাৰম্বাৰ পৰিমাৰ্জন আৰু পৰিশোধন কৰি এক সাৰ্থক কাব্যৰূপ প্ৰদানত কবি মগ্ন হৈ থাকিব পাৰে নিৰলস। তেখেতৰ কবিতাৰাজি সাধ্যানুসাৰ পাঠ কৰি যাওঁতে সদায় অনুভৱ কৰোঁ- সাৰ্থক কবিতাৰ কাৰণে ইতিহাসশিল্পকলালোককৃষ্টিবিজ্ঞানদৰ্শনৰাজনীতিঅৰ্থনীতি আদিকে ধৰি বিভিন্ন বিষয়ক অধ্যয়ন আৰু গৱেষণা কিমান প্ৰয়োজনীয় সেই বাবেই তেনে বিচিত্ৰ আৰু সুগভীৰ অধ্যয়নলব্ধ তেখেতৰ জ্ঞানভাণ্ডাৰৰ বহু উপাদান আৰু অনুষংগ সুক্ষ্ম কাব্যিক ব্যঞ্জনাৰে তেখেতৰ কবিতাত ভুমূকি মৰা সততে দেখা পাওঁ। হয়তো এনে কিছু কাব্য চৰিত্ৰৰ সুসংহত সমাৱেশেই তেখেতৰ কবিতাক ভিৰৰ মাজতো একক আৰু অনন্য কৰি ৰাখিছে।

তেখেতৰ সক্ৰিয় কাব্যপৰিক্ৰমাৰ পৰৱৰ্তী কালছোৱাত অসমীয়া কাব্যজগতৰ যিসকলে নিষ্ঠা আৰু সততাৰে এতিয়ালৈকে কবিতাৰ চৰ্চা কৰি আহিছে তেখেতসকলৰ কাব্যজীৱনৰ আটাইতকৈ বৃহৎ প্ৰত্যাহ্বান নীলমণি ফুকনছাৰৰ কবিতাৰ প্ৰভাৱৰ পৰা নিজৰ কবিতাক মুক্ত কৰি এটা স্বসৃষ্ট পথ নিৰ্মাণ কৰাৰ কঠিন কামটো। আমি গভীৰভাৱে বিশ্বাস কৰোঁ যে এই কবিকূলৰ চেতন-অৱচেতন কাব্যসত্বাক নীলমণি ফুকনছাৰৰ কবিতাই এনেকৈ মোহাৱিষ্ট আৰু অনুৰক্ত কৰি ৰাখিছে যে নিজ সৃষ্টিকৰ্মৰ কোনোবা নহয় কোনোবা ক্ষণত কোনো এক ৰূপত সেই প্ৰভাৱৰ প্ৰচ্ছায়া এধানিমান হলেও প্ৰকাশিত হোৱাৰ সম্ভাবনাই সৰহ। ইয়াক অতিক্ৰম কৰা যেএক সহজসাধ্য কাম নহয় সেই সত্যক নস্যাৎ কৰা নাযায়। নীলমণি ফুকন নামৰ কাব্যসূৰ্যৰ আলোত স্নান কৰিবলৈ পোৱাটোৱেই আমাৰ বাবে পৰম প্ৰাপ্তি। সুকীয়া এক পথৰ সন্ধান চলি থকাটোৱেই সাহিত্য আৰু সংস্কৃতিৰ যুগসিদ্ধ অৱধাৰিত নিয়ম। তথাপি কবি নীলমণি ফুকনছাৰৰ ব্যক্তিত্ব তথা কাব্যকৃতিৰ দীপ্তি আৰু ব্যাপ্তিয়ে যে বহু কাললৈ অসমীয়া কবিতা আৰু কবিতা চৰ্চাক সমৃদ্ধ আৰু উজ্জীৱিত কৰি ৰাখিব সেয়া নিশ্চিত।

আমাৰ প্ৰাণৰ কবিজনালৈ শ্ৰদ্ধাসেৱা আৰু শুভকামনা।

                                                                                                                            প্ৰাঞ্জলজ্যোতি দত্ত

আকাশ মেডিকেল

পূৰণা আৱৰ্ত ভৱন পথ, যোৰহাট-১


(৪) পোহৰৰ বাট এটা 

নীলমণি ফুকন আধুনিক অসমীয়া কবিতাৰ স্তম্ভ কবি। ২০২১ বৰ্ষৰ জ্ঞানপীঠ বঁটা প্ৰদানে নীলমণি ফুকনক কবি হিচাপে সমগ্র দেশতে প্ৰতিষ্ঠা কৰাৰ লগতে অসমীয়া কবিতা আৰু অসমীয়া কবিতাৰ পৰম্পৰাকো ৰাষ্ট্ৰীয় পৰ্যায়ৰ মৰ্যাদা আৰু স্বীকৃতি দিলে। ই অসমীয়া কাব্য সাহিত্যৰ বাবে অতিকৈ উৎসাহজনক আৰু প্ৰেৰণাদায়ক প্ৰাপ্তি। যোৱা শতিকাৰ ষষ্ঠ দশকতে কবি হিচাপে পৰিচিতি লাভ কৰা নীলমণি ফুকন বোধহয় আধুনিক অসমীয়া কবিতাৰ আটাইতকৈ প্ৰভাৱশালী আৰু শক্তিশালী কবি। সাম্প্রতিক সময়ৰ প্ৰায় সংখ্যক কবিৰ কবিতাতে নীলমণি ফুকনৰ কবিতাৰ এটা তলসুঁতীয়া প্ৰভাৱ অথবা নীলমণিসুৰীয়া কণ্ঠ এটাৰ জান-নেজান ধ্বনি শুনিবলৈ পোৱা যায়। অসমীয়া ভাষাৰ কালিকা শক্তিক কবি নীলমণি ফুকনে স্বমহিমা আৰু স্বকীয় চিন্তা অনুভূতিৰে অসমীয়া কবিতাত প্ৰতিষ্ঠা কৰিছে। সমাজবোধ আৰু ইতিহাসবোধৰ মাজেৰে কবি নীলমণি ফুকনে জীৱনৰ মমাৰ্থৰ সন্ধান কৰিছে। অসম আৰু অসমীয়াৰ লোকমন আৰু লোকজীৱনৰ বিভিন্ন অনুষংগ আৰু প্ৰসংগ নীলমণি ফুকনৰ কবিতাত আহি ধৰা দিছে। ক্ৰমশঃ হেৰাই যাবলৈ ধৰা মানৱতাবোধ, জীৱন আৰু জগতৰ জাগতিক উপলব্ধি, প্ৰকৃতিৰ লগত মানুহৰ সম্পর্ক আৰু আত্মীয়তাবোধ, মানৱ জীৱনৰ মৃত্যুৰ অৰ্থ আৰু অনৰ্থৰ ৰহস্য, আধুনিক মানুহৰ জীৱনৰ নিসংগতা আৰু কাৰুণ্যতা, মানৱ মনৰ পীড়া যন্ত্রণাৰ লগতে আনুভূতিক প্ৰাপ্তি আকাংক্ষাই অনা হতাশা-নিৰাশা-দ্বন্দ্বৰ মাজৰ মানসিক স্থিৰ অস্থিৰ অৱস্থা আদিবোৰ  নীলমণি ফুকনৰ কবিতাৰ মাজত অন্তৰ্নিহিত হৈ থকা ব্যক্তিক/নৈৰ্ব্যক্তিক বিষয় বিশেষ। কবিতাৰ মাজত চিত্র ভাস্কর্যৰ অনুষংগক সুনিপুণ শিল্পময় কাব্যিক প্ৰকাশভংগীৰে নীলমণি ফুকনে অসমীয়া কবিতালৈ ভালেমান দিশত নতুনত্বৰ স্বাদ কঢ়িয়াই আনিলে। আমাৰ বাবে নীলমণি ফুকনৰ কবিতা পাঠৰ অভিজ্ঞতা কেৱল উচ্চ খাপৰ নান্দনিক অভিজ্ঞতাতে সীমাৱদ্ধ নহয়, মানৱতাবোধৰ নিৰন্তৰ উত্তৰণৰ বাবে এটা পোহৰৰ বাট তেওঁৰ কবিতাই আমাক দিয়ে। সেই পোহৰৰ বাটেৰে দূৰলৈ, বহু দূৰলৈ চাই থাকিব পাৰি শান্তিৰে, প্ৰশান্তিৰে, উপলব্ধিৰে, অনুভৱেৰে, আনন্দেৰে, উৎসাহেৰে আৰু সমাহিত সৌন্দর্যৰ অম্লান আশাৰে.... 

- বৈদ্য ব্ৰাইট বুঢ়াগোহাঁই, ডিব্ৰুগড়


 (৫) সংখ্যাই নাজানে, সংখ্যাই নাটানে

কবিতা লিখা এজাক নতুন কবি, অসমৰ ইমূৰৰ পৰা সিমূৰলৈ,ফোনেৰে যোগাযোগ, আগষ্ট মাহৰ ১৪ তাৰিখ, ২০১৯ চনৰ দুপৰীয়া, লগ হ'ম গুৱাহাটীত। ফাৰহান জাৱেদ, প্ৰাঞ্জল হাজৰিকা, কোকিল শইকীয়া, মিণ্টুল হাজৰিকা,আলি জিন্না দা আৰু মই, উদ্দেশ্য নীলমণি ফুকন ছাৰক ল'গ কৰিম , ছাৰৰ স'তে কথা পাতিম । কোকিল আগে আগে, আমি পিছে পিছে ,ঘৰ নং ২৬ পাই গ'লোঁ । ভিতৰি কঁপিছোঁ, ভাল লগা আৰু ভয় দুয়োটা মিলিছে, ছাৰৰ বাইদেউ প্ৰথমে ওলাই আহি আমাক বহিবলৈ দিছে, কিছু পৰৰ পাছত আমাৰ প্ৰাণৰ কবি নীলমণি । কাষতে আমাক বহুৱাই লৈছে, ফাৰহানে অঁকা ছাৰৰ প'ৰ্টেইটখন ছাৰলৈ আগ বঢ়াইছে, ছাৰে লিৰিকি বিদিৰি চাই আছে আৰু আমাক ছবিৰ বিষয়ে ক'বলৈ আৰম্ভ কৰিলে, এক্ৰিলিকৰ পৰা ৱাটাৰ কালাৰলৈকে, পিকাছোৰ পৰা ডালিলৈকে, মুংখৰ চিঞৰটোলৈকে আৰু গ'ঘৰ বেলিফুলৰ ৰঙলৈকে। তেখেতে আৰু কৈছিল যে ছবি আঁকিলে কবিতাত সহায় হয় (মোৰ ক'বলৈ মন গৈছিল মই ছবি অঁকাৰ কথা, পিছে নকলো লাজ আৰু সংকোচত) । বিভিন্ন কথাৰ মাজতে ছাৰে কবিতা মাতিবলৈ দিলে আৰু মই ভয়ে ভয়ে মোৰ কবিতা ৩৩ শিৰোনামৰটো মাতি দিলোঁ, এই কবিতাটোৰ এটা স্তৱক আছিল এই ধৰণৰ "কঁকাল পোনাব নোৱাৰা কবিতাৰ মৰসাহটো চা, শীৰ্ণ শৰীৰে বগাব খোজে জখলা" এই স্তৱকটো ছাৰে মোক তিনিবাৰমান মাতিবলৈ দিছিল আৰু ছাৰে নিজেও আওৰাইছিল। তাৰ পাছত অলপ সময় ৰৈ কৈছিল "Beautiful Poem"সেইদিন ধৰি কবিতাক মই নতুনকৈ গভীৰভাবে চাবলৈ শিকিলোঁ । ছাৰে সুধিছিল কবিতাবোৰ প্ৰকাশৰ বাবে ক'ৰবালৈ পঠিয়াইছানে? মই কৈছিলোঁ - নাই পঠিওৱা ছাৰ। ছাৰে কৈছিল পঠিয়াবা । মোক আৰু সুধিছিল আৰু কবিতা আছে নেকি মাতিব পৰাকৈ, মই কৈছিলোঁ ছাৰ মই খুব কম কবিতা লিখিছোঁ তেতিয়াই ছাৰে কৈছিল- "সংখ্যাই নাজানে, সংখ্যাই নাটানে"। কৈছিল মই এইটো বয়সতো কবিতা লিখিব পাৰিলোহেঁতেন, কিন্তু মই কবিতাৰ আত্মাক খুন কৰিব নোখোজোঁ,অৱশ্যে বহু কবিয়ে এই কামটোকে কৰি থাকে। সেয়েতো নীলমণি ফুকন ছাৰ একক। ছাৰৰ আশিস লৈ কবিতাৰ চৰ্চা কৰি আছোঁ আৰু কৰি থাকিম। এই চেগতে ছাৰৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ।

 - ভাস্কৰ জে নাথ, মঙ্গলদৈ

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ