অসমীয়া কবিতাৰ পাঠকক নীলমণি ফুকননো কোন সেই কথা পুনৰাই নক’লেও হ’ব৷ ২০২১ চনৰ সাহিত্যৰ ওখ খাপৰ স্বীকৃতি জ্ঞানপীঠ বঁটা লাভ কৰা কবিজনে অসমীয়া কবিতাৰ ক্ষেত্ৰখনলৈ নতুন আংগিক আৰু বিষয়বস্তুৰে আগবঢ়োৱা অৱদানে আধুনিক অসমীয়া কবিতাৰ ভেটি সুদৃঢ় কৰিলে৷ ১৯৩৩ চনত দেৰগাঁৱত জন্ম গ্ৰহণ কৰা কবিজনৰ কবিতাৰ মাজত অসমৰ গ্ৰাম্য লোকজীৱনৰ ছবি আৰু জীৱনত লাভ কৰা বিভিন্ন অভিজ্ঞতাৰ পুনৰ ৰূপায়ণ দেখা যায়৷ কবিৰ নিজৰ ভাষাত “দেশৰ সমাজ ভাষা শিল্পকলা সাহিত্য সংস্কৃতিৰ ঐতিহ্য আৰু মোৰ সময়ৰ পৰিৱেশ আৰু পাৰিপাশ্বিৰ্কতাতে মই পোত খাই আছোঁ৷” জ্ঞানপীঠ বঁটা গ্ৰহণৰ সময়ত দিয়া ভাষণত (ভাষণ পাঠ কৰিছিল কবিৰ পুত্ৰ অমিতাভ ফুকনে) নীলমণি ফুকনে কৈছে -“চকিয়াল নামৰ অখ্যাত গাঁওখনৰ এমূৰত থকা হাবিখনৰ পৰা হাতৰ মুঠিত জোনাকী এটা লৈ তাহানিতেই গুৱাহাটী ওলাইছিলোহি ৷ অন্তৰত বিষণ্ণ এক সেউজীয়া স্তব্ধতা সোণাৰুৰ অকণমান সোণহালধীয়া লৈ গেজেপনি হাবি এখনৰ পৰা ওলাই আহিছিলোঁ নেঘেৰেটিঙৰ শিৱদৌল, দেওপাহাৰৰ শিলামূৰ্তিবোৰ আৰু আমাৰ গাঁৱৰ কাষেৰে বৈ যোৱা গেলাবিল নামৰ ৰূপহী নৈখনে মোৰ মন-প্ৰাণ প্ৰবাহিত কৰি নৰখা হ’লে মই আজিৰ এই ঠাই ওলাব নোৱাৰিলোহেঁতেন,সি খাটাং৷”
নীলমণি ফুকনৰ প্ৰথমখন কবিতাপুথি ‘সূৰ্য হেনো নামি আহে এই
নদীয়েদি’ প্ৰকাশ পায় ১৯৬৩ চনত৷ এই কবিতাপুথিখনৰ জৰিয়তে নীলমণি ফুকনে অসমীয়া কাব্য
জগতত প্ৰতীক আৰু চিত্ৰকল্পৰ সুদূৰপ্ৰসাৰী প্ৰভাৱ পেলায়৷ পৰৱৰ্তী সময়ত প্ৰকাশ পোৱা
কবিতা পুথিসমূহ ক্ৰমে- ‘নিৰ্জনতাৰ শব্দ’ (১৯৬৫), ‘আৰু কি নৈশব্দ’ (১৯৬৮), ‘ফুলি
থকা সূৰ্য্যমুখী ফুলটোৰ ফালে’ (১৯৭২), ‘কাঁইট আৰু গোলাপ আৰু কাঁইট’ (১৯৭৫),‘ কবিতা’(১৯৮০), ‘নৃত্যৰতা পৃথিৱী’ (১৯৮৫) আৰু ‘অলপ আগতে আমি কি কথা পাতি
আছিলোঁ ’(২০০৩)]৷ ব্যক্তিগত নিৰ্বাচিত কবিতাৰ সংকলন ক্ৰমে ‘গোলাপী জামুৰ লগ্ন’
(১৯৭৭) আৰু ‘সাগৰ তলিৰ শঙ্খ’ (১৯৯৪)৷ তেওঁৰ কবিতাৱলীৰ সামগ্ৰিক সংকলনৰ নাম ‘সম্পূৰ্ণ কবিতা’ (২০০৬)৷ কবি ফুকনৰ কবিতাসমূহৰ মাজত নাৰী, প্ৰকৃতি, প্ৰেম, মৃতু্য চেতনা, ইতিহাস চেতনা, লোক সংস্কৃতিৰ উপাদান, মানৱ প্ৰেম ইত্যাদি সততে দেখা পোৱা
বিষয়বস্তু ৷ নীলমণি ফুকনৰ কবিতা যিদৰে সবৰ্জনস্বীকৃত; তেনেদৰে কিছু পাঠকে কবি ফুকনৰ কবিতাৰ
দুৰ্বোধ্যতাৰ কথাও উল্লেখ কৰে৷ দৰাচলতে আধুনিক কবিতাৰ ই এক বৈশিষ্ট্যও৷ পাঠকৰ
অধ্যয়নৰ সীমাৱদ্ধতাকে ইয়াৰ বাবে দোষাৰোপ কৰিব পাৰি৷
কবি সমালোচক এম কামালুদ্দিন আহমেদে
নীলমণি ফুকনৰ কবিতা সম্পৰ্কে আলোচনা কৰি কৈছে - “সাধনালব্ধ এইগৰাকী কবিক
জাপানী কবিতা, আমেৰিকান মানস চিত্ৰবাদ আৰু ইউৰোপ মহাদেশীয়
প্ৰতীকী কাব্যৰ আদৰ্শই গভীৰভাৱে প্ৰভাৱান্বিত কৰিছে৷” নিজকে প্ৰত্যক্ষ ৰাজনীতিৰ পৰা নিলগত
ৰাখিলেও দৰাচলতে কোনো মানুহেই ৰাজনীতিক নিজৰ পৰা আঁতৰাব নোৱাৰে৷ এৰিষ্ট’টলৰ ভাষাত -The
human being is a political animal ৷ অসমীয়া ভাষা-সংস্কৃতিৰ প্ৰতি অতি
সংবেদনশীল কবিজনাই জ্ঞানপীঠ বঁটা গ্ৰহণ অনুষ্ঠানত দিয়া ভাষণত সুধিছে- চাৰিওপিনে হিংসা, নিবিৰ্চাৰ নিৰ্মম নিযাৰ্তন৷
নিপীড়ন হত্যাৰ খবৰৰ লগত মিল নোখোৱা খবৰ এইটো৷ ধৰ্মান্ধৰ উন্মাদনা, ৰাজনীতিৰ দুবিৰ্ত্তায়ন,দিনে দিনে বাঢ়ি অহা পৰিৱেশ
প্ৰদূষণ, অনিশ্চয়তা, দৌৰাদৌৰি, ভয়ৰ মাজত মোলৈ অহা এই ভাল খবৰটিয়ে মুকলিকৈ উশাহ ল’ব পাৰিছেনে? ” প্ৰতীক আৰু চিত্ৰকল্পৰ কবি বুলি জনজাত
কবিজনে কবিতাৰ যোগেদিয়ে বিদ্ৰোহ কৰে৷ নৃত্যৰতা পৃথিৱী কাব্যগ্ৰন্থৰ অন্তৰ্গত ‘দুয়োখন দুৱাৰ মেলি থ’বি গৌৰীনাথ আহিব’, ‘ৰৈ আছিলোঁ আন্ধাৰু বালিত গাত
গজিছিল বন’, ‘আহক ওলাই যাওঁ সাংঘাতিক কথা’, ‘কোনো নাই ইয়াত- শিশু নাৰী বৃদ্ধ প্ৰত্যেকেই মৃত’ ইত্যাদি কবিতাৰ মাজেদি কবিৰ বিপ্লৱী মনৰ
উমান পোৱা যায়৷
আহক ওলাই যাওঁ
কবিতাটোৰ পৰ্যালোচনা :
‘আহক ওলাই যাওঁ’ বুলি আৰম্ভ হোৱা
কবিতাটোত প্ৰতিফলিত হৈছে অসম আন্দোলনৰ ছবি ৷ অৱশ্যে ইয়াক কবিতাটোৰ পটভূমি বুলিব
নোৱাৰি৷ কবিতাটি ৰচনাকালৰ সমসাময়িক ছবিহে অৰ্থাৎ বাস্তৱৰ প্ৰতিফলন৷ কবিতাটোত এনে
কিছুমান ঘটনাৰ আভাস পোৱা যায় যাৰ সহায়ত সেই সমসাময়িক অসমৰ সমাজ-জীৱন কবি ফুকনৰ
কাব্যদৃষ্টিৰে পাঠকে উপলব্ধি কৰিব পাৰে৷ কবিৰ সৈতে হোৱা ব্যক্তিগত সাক্ষাৎকাৰত
নীলমণি ফুকনে জনায় যে- এই কবিতাটো তেখেতে অসম আন্দোলনৰ সময়ত লিখিছিল৷ সেই সময়ৰ
সামাজিক-সাংস্কৃতিক পৰিবেশটো ইয়াৰ নিমিত্তহে; সেইবোৰৰ ব্যাখ্যা আগ বঢ়োৱাৰ উদ্দেশ্যে কবিয়ে
কবিতাটো লিখা নাই ৷ সেইবাবে কবিতাটোত থকা ইমে’জবোৰ ইয়াত খণ্ড-খণ্ড, টুকুৰা-টুকুৰ৷” কবিতাটোৰ প্ৰথম স্তৱকত আছে -
‘আহক ওলাই যাওঁ সাংঘাতিক কথা কোনেও বিশ্বাস
কৰা নাছিল যিকোনো
মুহূৰ্ততে উশাহ বন্ধ হৈ যাব পাৰে
বৰষুণ পৰাদি তেজ মৃত্যুৰ আগলৈকে কোনেও
ক’ব নোৱাৰে
কাৰ্তবীৰ্যৰ এহেজাৰ
হাত তেওঁ তেওঁৰ আইনাত দেখা
মানুহটো এটা কন্ধ মৃত দেউতাই মোক মাজে
মাজে বিচাৰে
ননী আছ নে ”
‘যিকোনো মুহূৰ্ততে উশাহ
বন্ধ হৈ যাব পাৰে’ এই শাৰীটোৱে সেই সময়ছোৱাত জীৱনৰ অনিশ্চয়তাত ভুগি থকা অসমবাসীৰ মনৰ ভাব
দাঙি ধৰিছে ৷ ‘কাৰ্তবীৰ্য’ হ’ল মহাভাৰতৰ এক পৌৰাণিক চৰিত্ৰ; যাৰ এহেজাৰখন হাত আছিল
বুলি বৰ্ণনা পোৱা যায়৷ একেটা চৰিত্ৰকে পুৰাণত সহস্ৰবাহু বিষ্ণুৰ সুদৰ্শন চক্ৰৰ
অৱতাৰ বুলিও কোৱা হৈছে৷ কবিতাটোত কাৰ্তবীৰ্যই যিকোনো দিশৰ পৰা আহিব পৰা সন্ত্ৰাসৰ
আশঙ্কা দাঙি ধৰিছে৷ কবিয়ে নিজৰ আইনাত দেখা মানুহটোক এটা কন্ধ বুলি উল্লেখ কৰিছে৷ ‘কন্ধ’ হ’ল মুণ্ডহীন এটা ভূত বা
অপদেৱতা৷ কবিতাটোত মৃত দেউতাকৰ মুখত দিয়া কথাষাৰে প্ৰতীকী অৰ্থ বহন কৰিছে,
‘ননী আছ নে’ বাক্যশাৰীয়ে। পৰিস্থিতৰ ভয়াৱহতাৰ ইঙ্গিত
দি প্ৰশ্নটোৰ যোগেদি ঘৰৰ বাহিৰত থকাটো যে নিৰাপদ নহয় তাৰেই আভাস দিছে৷ এইখিনিতে
কবি নলিনীধৰ ভট্টাচাৰ্যৰ “ননী আছনে ঘৰত” কবিতাটোৰ কথাও মনলৈ আহে৷
দ্বিতীয় স্তৱকত কবিয়ে
প্ৰশ্ন কৰিছে -
‘তেওঁলোকৰ চকুলৈ চাওক কি
দেখিছে আপুনি কাক
ভাল পায় জীৱনৰ লগত
হেতালি সপোন দেখেনে
আপুনি৷’
কবিয়ে অসম আন্দোলনৰ
সময়ত সংঘটিত হোৱা হত্যাকাণ্ডৰ আঁৰত থকা কাৰণ বিচাৰিবলৈ প্ৰয়াস কৰিছে৷ পাঠকৰ
দৃষ্টিৰেও চাব খুজিছে হত্যাকাৰীৰ মনোবাঞ্ছা৷ কবিৰ ভাষাত, সপোন দেখা মানুহে বা এই পৃথিৱীক ভালপোৱা মানুহে আনৰ
জীৱনৰ সৈতে হেতালি খেলা মানুহৰ আদৰ্শক উৎসাহিত নকৰে বা সমৰ্থন কৰিব নোৱাৰে
৷জ্ঞানপীঠ বঁটা গ্ৰহণৰ সময়ত দিয়া অভিভাষণতো কবি ফুকনে উল্লেখ কৰিছে মানুহক মানুহ কৰাই সকলো কলাৰ লক্ষ্য৷
কবিতাৰো৷ পৃথিৱীৰ সকলো কবিয়েই বাঞ্ছা কৰে -সবৰ্ত্ৰ শোষণ-পীড়ণৰ অন্ত হওক,ভাতৃঘাতী,আত্মঘাতী সংঘাত, সংঘৰ্ষ, যুদ্ধ-বিগ্ৰহ, ৰক্তপাতৰ অন্ত হওক, মানুহৰ মানুহলৈ ভয় নোহোৱা হওক৷
‘এইখিনিতে ৰাস্তাটো পূবলৈ
ঘূৰিছে ইয়াৰ পৰা
বেলিটো বলিকটা ছাগলীৰ
জিভাখনৰ দৰে দেখি’
কবিয়ে অসম আন্দোলনৰ চিত্ৰপট অধিক স্পষ্ট
কৰি তুলিবলৈ ৰজাদিনীয়া বুঢ়ীগোসাঁনী দেৱালয়ত (দেৰগাঁৱৰ কবি ফুকনৰ পৈত্ৰিক গৃহৰ
কাষতো এখন বুঢ়ীগোসাঁনী থান আছে।) হোৱা বলিৰ দৃশ্যটো সংযোজন কৰিছে৷ যোৰহাট নগৰৰ
মাজমজিয়াত অৱস্থিত এই শাক্ত দেৱালয়খনৰ প্ৰসংগ আনি কবিয়ে কৈছে যে এফালে গাটো, আন ফালে মূৰটো, মুখেদি জিভাখন বাহিৰ হৈ থাকে৷ প্ৰায়
পাহাৰ আকৃতি ধাৰণ কৰা বলি দিয়া ছাগলীৰ দৃশ্যটো অতীতৰ সেই ঘটনাৰ দৰেই ভয়ানক৷ কবি
নীলমণি ফুকনে হীৰেন গোহাঁইৰ সৈতে হোৱা কথোপকথনত উল্লেখ কৰিছে এনেকৈ-“ৰজাদিনীয়া
বুঢ়ীগোসাঁনী দেৱালয়খন আমাৰ ঘৰৰ গাতে লগা আছিল৷ ...শ-শ বলি হৈছিল, হাঁহ-পাৰ ছাগলী ম’হ কোমোৰা
কুঁহিয়াৰ৷.....হাতীখুজীয়া বাটিত চপ্চপীয়াকৈ দেৱীলৈ উৎসৰ্গা কৰা বলি কটা ছাগলীৰ
তেজ, ফুলবছা তামৰ থালত সজাই থোৱা বলি কটা ছাগলীৰ মূৰ আৰু সেই বলিকটীয়া মোৰ
খুৰাদেউৰ সেন্দূৰীয়া মুখখন, ৰঙা চকু দুটা মনত পৰিলে আজিও গাটো শিয়ৰি, জিকাৰ খাই উঠে৷
উত্তৰ গুৱাহাটীত অৱস্থিত কানাই বৰশী বোৱা
শিলালিপিয়ে ঘোষণা কৰি থকা ‘অতীতৰ গৌৰৱ আহি ক্ষয় প্ৰাপ্ত হ’ল’ বুলি কবিয়ে শোক প্ৰকাশ
কৰিছে৷ নিজান ৰাতিৰ ভয়লগা চিত্ৰ দাঙি ধৰিছে যমডাকিনীৰ মাতে, শিয়ালৰ হোৱা হোৱা শব্দই৷ যমডাকিনী হ’ল ফেঁচাৰ অন্য এটা নাম৷
প্ৰাকৃতিক ঘটনাৰ কাব্যিক ব্যঞ্জনাৰে কবিতাটোত ভয় আৰু নিৰৱতাৰ দৃশ্যপট অধিক ঘনীভূত
ৰূপত প্ৰকাশ পাইছে৷
‘কোনেও নেজানিলে টেক্সিখনত
কোন আছিল পৰিকল্পিত
হত্যা বহুত পৰলৈ
আকাশখন ধোঁৱাই আছিল৷’
কবিতাটোৰ তৃতীয় স্তৱকত সেই সময়ত সংঘটিত
হোৱা হত্যা, বোমা বিস্ফোৰণৰ চিত্ৰ অধিক স্পষ্ট হৈ পৰিছে৷ ‘জজ খেলপথাৰত যুধিষ্ঠিৰৰ
বক্তৃতা’ চিত্ৰকল্পটোৰ দ্বাৰা কবিয়ে নেতা হ’বলৈ কছৰৎ কৰা লোকসকলক নিৰ্দেশ কৰিছে৷
ইয়াত ‘যুধিষ্ঠিৰ’ নামে প্ৰতীকী অৰ্থ বহন কৰে কাৰণ
যুধিষ্ঠিৰ হ’ল সত্যবাদী, জ্ঞানী আৰু ন্যায়ত বিশ্বাসী৷ ‘ল’ৰাহঁতৰ
মূৰত বেণ্ডেজ’ - ই ৰাষ্ট্ৰৰ সন্ত্ৰাস, পুলিচৰ অত্যাচাৰক নিৰ্দেশ কৰিছে৷
শেষৰ স্তৱকত কবিয়ে পুনৰ ওলাই যাবলৈ লগ
ধৰিছে - ‘আহক গৈ থাকোঁ সাংঘাতিক কথা ঘাঁহ গজিছে চাৰিওপিনে ঘাঁহ গজিছে৷’ এই স্তৱকটোত ভৱিষ্যতৰ প্ৰতি আশাবাদী
সুৰৰ ধ্বনি ব্যঞ্জিত হৈ আছে৷ কবিয়ে ইমান বিপৰ্যয়ৰ পাছতো সৃষ্টি দেখিছে৷ ‘কালিয়নীয়েদি উটি আহে
পানীতোলা সবাহৰ চাকিৰ পোহৰ’ - ইয়াত ব্যৱহাৰ হোৱা অনুষংগটো কবিয়ে বুটলি
আনিছে অসমীয়া লোক সংস্কৃতিৰ পৰা৷ লোক বিশ্বাস মতে পানীতোলা সবাহ পাতিলে বৰষুণ হয়৷
বৰষুণ হ’ল
জীৱনৰ সম্ভাৱনাৰ প্ৰতীক৷ কবিয়ে চৌপাশৰ ইমানবোৰ অমঙ্গল-অনিশ্চয়তাৰ পাছতো সমাজখন
আকৌ নতুন সম্ভাৱনাৰে, নতুন আলোকেৰে আলোকিত হোৱা দেখিবলৈ পাইছে৷ এইখিনিতে
সমাজখনক লৈ কবিৰ আশাবাদী দৃষ্টিভংগী প্ৰকট হৈ উঠিছে৷ কবিয়ে হীৰেন গোহাঁইৰ সৈতে
হোৱা কথোপকথনত কৈছে- গোলাঘাট অঞ্চলৰ পানীতোলা সবাহৰ চাকিৰ পোহৰে মন পোহৰাই থৈ যায়৷ এই সকলো কথাৰ পৰিণতি
কবিয়ে এখন চিত্ৰৰ সহায়ত ব্যাখ্যা কৰিছে ‘ক্ৰুছ কাটি ভাঙি থিয় হ’ল দুৰন্ত যীশু৷ কবিৰ ভাষাত “যীচু হ’ল পৰম কৰুণা, পৰম প্ৰেমৰ প্ৰতীক৷
তলৰ ছবিখন অংকন কৰিছে ১৯৪৩ চনত সমাজ বাস্তৱবাদী মেক্সিকান শিল্পী Jose Clemente Orozco -ৱে৷ ব্যক্তিগত সাক্ষাৎকাৰত কবিয়ে কৈছিল যে Christ Destroys his Cross নামৰ বিখ্যাত ছবিখনত যীচুৱে তেওঁ যি ক্ৰুছত ওলমি ৰক্তাক্ত বিদায় লৈছিল আমাৰ পৰা; সেই ক্ৰুছডালকে কুঠাৰেৰে কাটি পেলাইছে৷ যি সপোনৰো অগোচৰ৷ কবিতাটোত এই চিত্ৰখনক মই প্ৰতীকৰূপে ব্যৱহাৰ কৰাৰ বাবে মোৰ আৰু দহটা শাৰী লিখাৰ প্ৰয়োজন হোৱা নাই৷”
নীলমণি ফুকন এজন সমাজ সচেতন কবি ৷ ‘আহক ওলাই যাওঁ’ কবিতাটোত সমসাময়িক সমাজৰ জটিল পৰিস্থিতি, অতীত গৌৰৱৰ অৱক্ষয়, মানৱতাৰ অৱক্ষয় দেখি কবি চিন্তান্বিত হৈছে৷ ইতিহাস চেতনা, বাস্তৱৱাদী দৃষ্টিভংগী, আশাবাদ, প্ৰতীক-চিত্ৰকল্পৰ সফল প্ৰয়োগ,মানৱতাৰ অপমৃত্যু, লোক-কৃষ্টিৰ সমলৰ সাৰ্থক প্ৰয়োগ আদি বিশেষত্বৰে সমৃদ্ধ নীলমণি ফুকনৰ ‘আহক ওলাই যাওঁ’ কবিতাটো এক চিন্তা উদ্ৰেককাৰী কবিতা৷
সহায়ক গ্ৰন্থপঞ্জী :
ক) আহমেদ, এম. কামালুদ্দিন : আধুনিক অসমীয়া কবিতা, বনলতা, গুৱাহাটী, ২০০৫
খ) ডেকা, নমিতা : কবি আৰু কবিতা : মধ্যযুগৰ পৰা
সাম্প্ৰতিকলৈ, বাণী মন্দিৰ, গুৱাহাটী, ২০০৭
গ) তালুকদাৰ, নন্দ : কবি আৰু কবিতা, বনলতা,গুৱাহাটী, ২০০৬
ঘ) ফুকন, নীলমণি : নীলমণি ফুকনৰ ৰচনাৱলী, কথা প্ৰকাশন, গুৱাহাটী, ২০১২
ঙ) শইকীয়া, নগেন : অসমীয়া কবিতা আৰু অন্যান্য বিষয়, চন্দ্ৰ প্ৰকাশ, গুৱাহাটী, ১৯৯৬
চ) হাজৰিকা, কৰবী ডেকা : অসমীয়া কবিতা, বনলতা, গুৱাহাটী, ২০০৬
ছ) ৰাজখোৱা, অৰবিন্দ [সম্পাদনা) : অসমীয়া কাব্য
পৰিক্ৰমা, দত্ত পািব্লকেশ্যন, লক্ষিমপুৰ, ২০০৮৷
ব্যক্তিগত সাক্ষাৎকাৰৰ সবিশেষ -
১৩ মাৰ্চ ২০২০, সময় - ০৩ঃ০০ অপৰাহ্ন, স্থান - কবিৰ নিজা বাসগৃহ [গুৱাহাটী)
লেখিকাৰ ঠিকনা :
গৱেষক ছাত্ৰী
গুৱাহাটী বিশ্ববিদ্যালয়
ভ্ৰাম্যভাষ: ৭০৩৫৭৩৪৮৭১