প্ৰদীপ শইকীয়া
যোৱা চাৰিটা দশকজুৰি
যাৰ কবিতাই আমাক মোহগ্ৰস্ত কৰি ৰাখিছে আৰু সাগৰতলিত শঙ্খ বিচৰাৰ আনন্দত বুৰাই
ৰাখিছে সেইগৰাকী স্বনামধন্য কবি, শিল্পৰসিক শ্ৰদ্ধেয় নীলমণি ফুকনক প্ৰথম লগ
পাইছিলোঁ ১৯৮৮ চনত ।
তেতিয়াৰে পৰা
ক'ব নোৱাৰাকৈয়ে নীলকান্ত
মণিটি মোৰ বুকুৰ খাজত লিপিট খাই সোমাই আছে ।
আনন্দতে, কেতিয়াবা
বিষাদৰ মাজতো নীলমণি ফুকনৰ কবিতা আজিও বুকুতলৈ পঢ়োঁ । ভাবৰ
প্ৰশান্ত-অশান্ত-সীমাহীন সমুদ্ৰত বুৰ যাওঁ, ওপঙি উঠোঁ,
আকৌ তল যাওঁ ।
নীলমণি ফুকন
আচলতে নিজেই এটা নিটোল শিল্প ।
এটি মুকুতাক
জন্ম দিবলৈ স্বাতী নক্ষত্ৰৰ পৰা সৰি পৰা এটোপাল নিয়ৰৰ বাবে যেনেদৰে ৰৈ থাকে শামুকৰ
গৰ্ভ, পৃথিৱীয়েও মহাকালৰ অনন্ত বাটত বাট চাই থাকে এনে এজন ক্ষণজন্মা কবিৰ আগমনৰ
বাবে । যাৰ হাতৰ দীপশিখাই দশোদিশে পোহৰ বিয়পায়,যাৰ
অন্তৰ্দৃষ্টিয়ে পোহৰ-আন্ধাৰ-মাটি-পানী-বতাহক, স্থাৱৰ-জঙ্গম-তৰু-লতা-শিলাকো
অন্য এক মাত্ৰা প্ৰদান কৰি মহাবিশ্বৰ ঊষা-কীৰ্তন কৰে ।
আধুনিক
ভাৰতীয় কাব্য-আকাশৰ উজ্জ্বল জ্যোতিষ্ক, শ্ৰদ্ধা আৰু চেনেহৰ কবিজনা
কুশলে থাকক- এয়ে কামনা ।
তেখেতৰ
জীৱনজোৰা সাধনাৰ প্ৰতি সন্মান জনাই ভাৰত চৰকাৰে আগবঢ়োৱা সাহিত্যৰ সৰ্বোচ্চ সন্মান
জ্ঞানপীঠ বঁটা প্ৰদান অনুষ্ঠানটিত উপস্থিত থাকিবলৈ পাই গৌৰৱবোধ কৰিছোঁ ৷ ই মোৰ
জীৱনৰ এক অবিস্মৰণীয় অভিজ্ঞতা হৈ ৰ’ব ৷
এটা কথাই মনত
বৰকৈ আমনি কৰি আছে বাবে লিখিব খুজিছোঁ ৷ বঁটা প্ৰদান অনুষ্ঠানটিত নীলমণি ফুকনৰ
কবিতাৰ বিষয়েহে আলোচিত বা বিশেষভাৱে উল্লেখ কৰা হ’ল ৷ নীলমণি ফুকনৰ
কবিতাৰ বিশাল ৰহস্যময় নেপথ্যত থকা বিষয়সমূহৰ কথা প্ৰায় অনালোচিত হৈ ৰ’ল ৷ যিবোৰ আছিল তেখেতৰ কবিতাৰ প্ৰকৃত মৌচাক ৷
নীলমণি ফুকনে
অকল কবিতাহে ৰচিছিল নেকি ! কত অনন্য অসাধাৰণ শৈলীৰ, বিষয়বস্তুৰ গদ্য ৰচনা
কৰিছে তেখেতে ৷ কলাৰসিক বুলি উল্লেখ কৰিলেই কথাবোৰ সম্পূৰ্ণ নহয় ৷
চৰ-অচৰ এই
ব্ৰহ্মাণ্ডক ফুকনে দেখিছে অন্য দৃষ্টিৰে ৷ উপলব্ধি অনুভৱ কৰিছে একান্ত নিজা ধৰণে ৷
ফুকনৰ সমসাময়িক বহু প্ৰখ্যাত অসমীয়া কবিৰ ব্যক্তিত্ব আৰু সৃষ্টিৰাজি তেখেতৰ
সৃষ্টিৰাজিৰে লগত তুলনীয় নহয় ৷ ই অপ্ৰিয় কথা হ’ব পাৰে ৷ কিন্ত সত্য বুলি
অন্ততঃ প্ৰমাণিত হৈছে ৷
ফুকন ছাৰৰ
সৈতে বিভিন্ন সময়ত একেলগে ছবি চোৱাৰ অভিজ্ঞতা হৈছে ৷ যোৱা শতিকাৰ নৱম দশকৰে কথা ৷
ভেন গঘৰ প্ৰিণ্ট্ ছবিৰ এখন প্ৰদৰ্শনীত একেলগে এখন এখনকৈ ছবি চাই আছিলোঁ ৷ শেষত
ছাৰে মোক সুধিলে- তোমাৰ কোনখন ছবি বেছি ভাল লাগিছে ?
তপৰাই ক’লোঁ-
ছ’ৰ’ (Sorrow) ছবিখন ৷ ছাৰক
সুধিলোঁ-আপোনাৰ ? ছাৰে ক’লে- কোনখনৰ
কথানো ক’ম ৷ প্ৰতিখনেই ৷
ছাৰে কৈ গ’ল
ক্ৰমে ক্ৰমে আলু খোৱা, সূৰ্য্যমূখী ফুল, হালধীয়াত কাউৰী, বিশেষ জোতাপাটৰ বিষয়ে আৰু এইবোৰৰ
নেপথ্যৰ কথাবোৰ ,আনন্দ বিষাদ, বৰ্ণময়
অবৰ্ণনীয় জীৱন যন্ত্ৰণা, ৰহস্যময়তাৰ কথা ৷
পৰৱৰ্তী কালত
ছ’ৰ’ ছবিখনিক লৈ “১৪ নং ছবি ছ’ৰ’ “ নামেৰে পষেক আলোচনীক কবিতা এটা প্ৰকাশ হৈছিল ৷ কবিতাটো উৎসৰ্গা
কৰিছিলোঁ ছাৰৰ নামত ৷
ৰামকিংকৰ
বেইজৰ The
Santhal Family ভাস্কৰ্যটিক লৈ ৰচনা কৰা মোৰ বানপ্ৰস্থ নামৰ
কবিতাটিও ছাৰলৈ উৎসৰ্গা কৰিছিলোঁ ৷
সেইজনেই
নীলমণি ফুকন ৷
এবাৰ তেখেতৰ
ঘৰত ৷ পাতি আছিলোঁ প্ৰাচীন ভাস্কৰ্যৰ কথা ৷ আমি দেখা আৰু নেদেখাবোৰৰ কথা ৷ বহুত
কথা ৷ আমি সাধাৰণতেই কবিতাৰ কথা নাপাতিছিলোঁ ৷ শিল্প শিল ভাস্কৰ্য নীৰৱতাৰ কথাই
পাতিছিলোঁ ৷ মোক কৈছিল- সাঁচীৰ স্তূপলৈ যাবা ৷ অনুভৱ কৰিবা নিৰ্জনতাৰ ভাষা ৷ কি
সাংঘাতিক ৷ কি সাংঘাতিক ৷
সাগৰতলিৰ
শঙ্খ প্ৰকাশ হোৱাৰ
পাছত অৱশ্যে এদিন তেখেতৰ কবিতা, চীনা জাপানী কবিতাৰ বিষয়ে বহু কথা
পাতিছিলোঁ ৷ অনেক মই নজনা নতুন কথা কৈছিল ছাৰে ৷
ভাস্কো পপাই
আঁকি দিয়া তেখেতৰ হাতখন, উপহাৰ দিয়া কিতাপখন দেখুৱাইছিল- You have given me your hand .
এদিন ছাৰক
সুধিলোঁ চ’ৰাঘৰৰ বেৰত আঁৰি থোৱা ক’লীয়া কাঠৰ পুৰণি মুখাখনৰ কথা
৷ ছাৰে ক’লে, 'এই কথা তুমিয়েই মোক
প্ৰথম সুধিলা ৷ প্ৰায় সকলোৱেই কবিতাৰ কথাহে পাতিব খোজে ৷’ ছাৰে
মুখাখনৰ কথাবোৰ ক’লে ৷
মোক ক’লে- 'এই কথাবোৰ পাতি থাকিলে মোৰ আমনি নালাগে ৷ তুমি আহি থাকিবা ৷ আমি অন্য কথাবোৰ
পাতিম ৷' কেতিয়াবা সংগীতৰ কথাও পাতিছিলোঁ ৷
এদিন ক’লে- 'তোমাৰ কবিতাত স্ফটিক শব্দটোৰ ব্যৱহাৰ বেছি নেকি ? এদিন
অলপ অভিমান কৰিয়েই ক’লে- তেজ বঁতিওৱা পাতমাদৈ ক’ত দেখিছা ? পাটমাদৈ ধুনীয়া চৰাই ৷'
এদিন ক’লে- 'কোনো সমালোচকে কবিক ওপৰলৈ নিব নোৱাৰে ৷ কবিয়ে নিজেই নিজৰ উত্তৰণ ঘটাব
লাগিব ৷'
অনেক কথা আছে
৷ অনেক কথা থাকিল পাতিবলৈ ৷
বিজ্ঞসকলে
নীলমণি ফুকনৰ সৃষ্টিৰ বিষয়ে লিখি গৈছে, লিখি আছে ৷ লিখি থাকিব ৷ লিখি
শেষ কৰিব পাৰিবনে !
ছাৰ ছাৰেই ৷
দৃশ্যমান অথচ
অদৃ্শ্য যিখন জগতৰ তেওঁ বাসিন্দা , সেইবোৰ চুব পৰাটো বৰ সহজ কথা
নহয় ৷
ইলোৰাৰ
ইন্দ্ৰসভাত আমিনো কোন কূটা !
(লেখক
সদৌ অসম কবি সন্মিলনৰ সভাপতি।)
ভ্ৰাম্যভাষ : ৯৪৩৫৩১৯৯৩৬