অন্যযুগ/


প্রথাগত ধর্ম আৰু মানৱতাবাদৰ যুঁজ

 

বাসুদেব দাস

           

            তুমি ধর্ম-টর্ম বিশ্বাস নকৰাঁ, ইয়াৰ বাবে মোৰ কোনো দুঃখ নাই।এটা সময়ত আছিল।মিছা কথা নকওঁ— কিন্তু এটা মানুহে সেইবোৰ নামানিও কিমান সৎ হব পাৰে এতিয়া বুজিব পাৰিছোঁ।’        —গণশত্রুঃ সত্যজিৎ ৰায়

            বহুদিন আগতে দূৰদর্শনত প্রচাৰিত সত্যজিৎ ৰায়ৰ ’গণশত্রু  চাইছিলোঁ।নৰৱে ৰ বিখ্যাত নাট্যকাৰ হেনৰিক ইবছেনৰ ‘এন এনিমি অফ দ পিপল’ নাটকৰ ভাৰতীয় ৰূপান্তৰ ‘গণশত্রু’। ওপৰত উল্লিখিত সংলাপটোৱে মোৰ মনত বেছ কিছুদিন ধৰি খলকনিৰ সৃষ্টি কৰিছিল। আমি মুখেৰে যিমানেই প্রগতিশীল কথা নকঁও কিয়জীৱনৰ বাটত আগ বাঢ়োঁতে যেতিয়া কোনো ধৰণৰ সমস্যাৰ সম্মুখীন হওঁ তেতিয়া মানৱিকতাক তল পেলাই প্রধান হৈ উঠে প্রথাগত ধর্ম।

            ৰামকৃ্ষ্ণদেৱে কৈছিল, ‘যত মত তত পথ।’ কিন্তু বাস্তৱত আমি আনৰ মতৰ প্রতি কোনো ধৰণৰ শ্রদ্ধা প্রদর্শন নকৰোঁ, নিজৰ মতকে একমাত্র সঠিক বুলি ভাবোঁ। অন্য মতাৱলম্বী মানুহবোৰক আমি তেতিয়া বিধর্মী কাফেৰ বুলি ভাবোঁ। বিভিন্ন যুগত দেশ- বিদেশত ধর্মক কেন্দ্র কৰি যিমান যুঁজ-বাগৰমৰামৰিসংঘর্ষ সংঘটিত হৈছে সেইবোৰেই প্রমাণ কৰে যে ব্যক্তিগত ধর্মীয় বিশ্বাস যেতিয়া সমষ্টিৰ উন্মাদনাত পৰিণত হয় তেতিয়া মানৱ সভ্যতাৰ ইতিহাসলৈ ৰাতিৰ আন্ধাৰ নামি আহে। আমি তেতিয়া আমাৰ প্রগতিযুক্তি সকলো পাহৰি গৈ প্রাগতৈহাসিক যুগলৈ উভতি যাওঁ।

            ৰুছ মনীষী টলষ্টয়ে তেঁওৰ ‘এছে জ এণ্ড লেটার্ছ’ গ্রন্থত ধর্মক তিনিটা ভাগত ভাগ কৰিছে। প্রথমত ‘এছেনছিয়াল অফ ৰিলিজন’ অর্থাৎ ধর্মৰ মূল কথা। যেনেসঁচা কথা কোৱাচুৰি নকৰাদুখীয়াৰ সেৱা কৰামানুহক ভালপোৱা ইত্যাদি। এই ক্ষেত্রত সকলো ধর্মই সমান। কিয়নো সকলো ধর্মতেই এই নীতিবোৰ বর্তমান।

            দ্বিতীয়ত, ‘ফিলজফি অফ ৰিলিজিয়ন’ অর্থাৎ জন্মমৃত্যুপুনর্জন্মবিশ্বসৃষ্টি ইত্যাদি সম্পর্কত দার্শনিক আলোচনা।

            তৃতীয়ত,‘ৰিছুৱেলস অফ ৰিলিজিয়ন’ অর্থাৎ ধর্মীয় সংস্কাৰধর্মীয় আচাৰ-আচৰণ ইত্যাদি। এই ক্ষেত্রতেই যতমানে গণ্ডগোল। ধর্মগ্রন্থত যিমানই প্রেমৰ কথা নাইবা বিশ্বমানৱ্তাৰ কথা নাথাকক কিয়প্রতিটি ধর্মৰ মানুহ আন ধর্মৰ মানুহক হীন চকুৰে চায়। সেইবাবে ক’ৰবাত কিবা প্রাকৃ্তিক দুর্যোগত মানুহৰ মৃত্যু হ লে প্রথমতেই আমাৰ মনত যি কথাৰ উদয় হয় সেয়া হ ল এই মৃত মানুহবোৰ কো্ন ধর্মৰএই প্রসঙ্গত আমি হোমেন বৰগোহাঞিৰ বিখ্যাত প্রবন্ধ ‘অশ্রুৰ উৎস যেতিয়া শুকাই যায়’ৰ কথা মনত পেলাব পাৰোঁ।

            ধর্ম সদায় কিছুমান মানুহৰ বাবে এটা লাভজনক ব্যবসায় হিচাপে প্রতীয়মান হৈ আহিছে। সাধাৰণ মানুহৰ বিশ্বাস এনে ব্যৱসায়ৰ মূল। এই তথাকথিত ধর্মগুৰুবোৰৰ কোনো ধৰণৰ শাৰীৰিক পৰিশ্রম কৰাৰ প্রয়োজন নহয়। এনে গুৰুসকলক সকলো ধৰণৰ আৰাম আয়াস যোগান দি ভক্তসকলে কৃ্তার্থ বোধ কৰে।

            ধর্মীয় আৱেগে মানুহৰ মাজত নানা ধৰণৰ মিথ্যা কুসংস্কাৰৰ জন্ম দিয়ে। বহু তথাকথিত উচ্চশিক্ষিত ব্যক্তিও তাৰ পৰা মুক্ত নহয়। আমেৰিকান টিভিত এজন উচ্চশিক্ষিত পাদ্রীয়ে বাইবেলৰ সমর্থনত দৃপ্তকণ্ঠে ক বলৈ শুনা গৈছিলপৃ্থিৱীৰ সৃষ্টি হৈছিল মাত্র ছয় হেজাৰ চাৰি বছৰ আগতে। বাইবেলৰ বিৰুদ্ধে কথা কোৱাৰ বাবে বিজ্ঞান সাধক গেলিলিওৰ ওপৰত হোৱা গীৰ্জাৰ অকথ্য শাৰীৰিক আৰু মানসিক নির্যাতনৰ কথা আজি আৰু কাৰো বাবে নজনা কথা নহয়। আমাৰ দেশত সৌ সিদিনালৈকে ধর্মৰ নামত সতীদাহ প্রথা প্রচলিত আছিল। কমল মজুমদাৰৰ ‘অন্তর্জলি যাত্রা  উপন্যাস আৰু চলচ্চিত্রত আমি দেখিবলৈ পাঁও কেনেকৈ স্নেহশীল দেউতাক মৃত্যুৰ পাছত পৰকালত পুণ্য লাভৰ আশাত একমাত্র জীয়ৰীক এক আশী বছৰীয়া মৃত্যুপথযাত্রী পাত্রৰ হাতত সমর্পণ কৰিবলৈও দ্বিধাবোধ নকৰে। ধর্মীয় আচৰণ বিধিৰ এনে মর্মান্তিক ৰূপ চকুৰ আগতে দেখি আমাৰ অন্তৰাত্মা শিয়ৰি উঠে।

             গণশত্রু’ৰ কাহিনীটো এনে ধৰণৰ।গণশত্রু ডঃ অশোক গুপ্ত চণ্ডীপুৰৰ এজন বিশেষ ডাক্তৰ। যথেষ্ট যোগ্যতা থকা সত্তেও ডঃ গুপ্ত চহৰৰ অজস্র প্রলোভনক এৰাই চণ্ডীপুৰক ভালপাই কাৰণে ইয়াৰ হাস্পতালতে চাকৰি লৈছে।

            চণ্ডীপুৰৰ মূল আকর্ষণ ত্রিপুৰেশ্বৰী মন্দিৰ দর্শনৰ বাবে প্রতিদিন অজস্র মানুহ আহে। তাৰ মাজত হেজাৰ হেজাৰ মানুহ সদায় মন্দিৰত চৰণামৃত পান কৰে। তেওঁলোকৰ দৃঢ় বিশ্বাসযে চৰণামৃত বহুতো জটিল ৰোগৰ উপশম কৰিবলৈ সক্ষম।আনকি পৌৰসভাৰ চেয়াৰমেনডঃ অশোক গুপ্তৰ ভায়েক নিশীথ গুপ্তৰো বিশ্বাস যে মন্দিৰলৈ যোৱা-অহাৰ বাবে তেঁওৰ স্পণ্ডিলাইটিছ ভাল হৈ গৈছে।

            মন্দিৰৰ দৈনিক আয়ৰ কথা শুনিলে সাধাৰণ মানুহৰ আচৰিত হোৱাৰ কথা।দূৰদর্শী আৰু প্রচণ্ড বাস্তৱবুদ্ধি থকা নিশীথবাবুৰ পৰিকল্পনাত মন্দিৰটো গঢ় লৈ উঠিছে।

            চণ্ডীপুৰৰ ভালেমান মানুহ মাৰাত্মক ধৰণৰ জণ্ডিচ আৰু আন কিছুমান জটিল ৰোগত আক্রান্ত হৈ মৃত্যুবৰণ কৰাৰ বাবে ডঃ অশোক গুপ্ত অঞ্চলটোৰ পানী বৈজ্ঞানিক বিশ্লেষণৰ বাবে পঠায়। পানীত মাৰাত্মক ধৰণৰ জীৱাণুৰ সন্ধান পাই ডঃ গুপ্তই ‘জনবার্তা’ কাকতৰ জৰিয়তে জনসাধাৰণক সতর্ক কৰি দিয়ে। লাহে লাহে পৌৰসভাৰ চেয়াৰমেনৰ লগত ডঃ গুপ্তৰ সংঘাত অনিবার্য হৈ উঠে। পৌৰসভাৰ মতে মতে মন্দিৰৰ চৰণামৃতত কোনো ধৰণৰ জীৱাণু থাকিবই নোৱাৰে। তেওঁলোকে আৰু কয় যে ডঃ অশোক গুপ্তৰ নিচিনা অধার্মিক মানুহৰ বাবে চৰণামৃতৰ মাহাত্ম্য বুজি উঠা কোনোদিনেই সম্ভৱ নহয়।

            মানৱপ্রেমিক ডঃ অশোক গুপ্ত অকলে এটা বিৰাট প্রতিপক্ষৰ বিৰু্দ্ধে যুঁজিবলৈ আৰম্ভ কৰে। ব্যক্তিগতভাৱে কোনো ধর্মীয় আচৰণত বিশ্বাসী নহলেও ডঃ গুপ্তই মানুহৰ ধর্মীয় বিশ্বাসক সদায় সম্মান কৰে। ডঃ গুপ্তৰ বক্তব্য ধর্মীয় সংস্কাৰ অনুসৰি মন্দিৰৰ পানীক চৰণামৃত হিচাপে ব্যবহাৰ কৰি্লে কঠিন ব্যাধিৰ পৰা কোনোৱে বচাব নোৱাৰিব।দুর্ভাগ্যৰ কথা যে ডঃ গুপ্তৰ এই সতর্কীকৰণক কোনো গুৰত্ব দিয়া নহয়। সিহঁতৰ বাবে মানুহতকৈ ধর্মীয় আচাৰ-আচৰণ বেছি প্রয়োজনীয়। গতিকে উচ্চশিক্ষিত মানুহবোৰ নির্বিকাৰভাৱে বিজ্ঞানৰ সত্যক আওকাণ কৰে। আচলতে মন্দিৰত দর্শনার্থীৰ সংখ্যা কমি গলে বহুতৰ স্থায়ী আয়ৰ নাটনি হব।

            এই যুদ্ধৰ বাবে ডঃ গুপ্তৰ ছোৱালী ইন্দ্রানীৰ চাকৰি নোহোৱা হয়। শেষত ডঃ গুপ্তয়ো হস্পিটেলৰ চাকৰি এৰিব লগীয়া হয়। সেয়া তেওঁৰ বাবে মানুহক ভাল পোৱাৰ পুৰস্কাৰ। সমাজত তেঁও গণশত্রু হিচাপে পৰিচিতি লাভ কৰে।

            আমাৰ জাতীয় নেতা মহাত্মা গান্ধীৰ জীৱন আছিল ধর্মাশ্রয়ী। গান্ধীজীৰ চিন্তাধাৰাত ঈশ্বৰৰ সর্বগ্রাসী প্রভাৱ বিশেষকৈ লক্ষ্য কৰিলগীয়া। এনে প্রভাব মাজে মাজে জাতীয় নেতাক যুক্তিৰ পথ পৰিহাৰ কৰি আবেগৰ জৰিয়তে পৰিচালিত কৰিছে।

            ১৯৩৪ চনৰ ১৫ জানুৱাৰী উত্তৰ ভাৰতত ভীষণ ভূইকঁপ হৈছিল। এই প্রাকৃ্তিক দুর্যোগৰ বাবে বিহাৰত বহু মানুহৰ মৃত্যু হয়। গান্ধীজী তেতিয়া দক্ষিণ ভাৰতত। তাৰ এটা জনসভাত গান্ধীজীয়ে বিহাৰৰ ভূইকঁপক ঈশ্বৰপ্রেৰিত শাস্তি বুলি বর্ণনা কৰে। শাস্তিৰ কাৰণস্বৰূপ তেঁও বিহাৰত প্রচলিত অস্পৃশ্যতাক দায়ী কৰে। ফেব্রুৱাৰি মাহৰ হৰিজন পত্রিকাত গান্ধীজী বিহাৰৰ ভূইকঁপ আৰু অস্পৃশ্যতাৰ মাজত এটা ৰহস্যময় সম্পর্ক আবিষ্কাৰ কৰি লিখে—‘I share the belief with the whole world-civilized and uncivilized –that calamities (such as the Bihar earthquake of 1934) come to mankind as a chastisement for their sins.’

            প্রাকৃ্তিক দুর্যোগৰ এনে ধৰণৰ ব্যাখ্যাত তেতিয়াৰ সমাজৰ বহু বিখ্যাত চিন্তাবিদক গান্ধীজীৰ প্রতি বিৰূপ মনোভাবাপন্ন কৰি তুলিছিল।

            ৰবীন্দ্রনাথ ঠাকুৰো নিৰীশ্বৰবাদী নাছিল। আধ্যাত্মিকতা তেওঁৰ সাহিত্য সাধনাৰ এটা প্রধান দিশ আছিল। এনেজন ৰবীন্দ্রনাথকো আনকি গান্ধীজীৰ এনে অদ্ভুত আৰু অবৈজ্ঞানিক ব্যখ্যাই ক্ষুব্ধ কৰি তুলিছিল।তেঁও সুস্পষ্ট আৰু সুসংযত ভাষাত গান্ধীজীৰ ব্যাখ্যাৰ সমালোচনা কৰি প্রকাশ্য জনসভাত কৈছিল—‘It has caused me a painful surprise to find Mahatma Gandhi accusing those special custom of untouchability of having brought down God’s vengeance upon certain parts of Bihar, evidently specially for his desolating displeasure because this kind of unscientific view of phenomenon is too readily accepted by a large section of our countrymen.’

          আমাৰ দেশৰ মহাপুৰুষসকলৰ মাজত ঈশ্বৰচন্দ্র বিদ্যাসাগৰ ধর্মৰ বাহ্যিক আচাৰ-আচৰণত বিশ্বাসী নাছিল। মানৱতাবাদৰ পূজাৰী বিদ্যাসাগৰৰ জীৱনত পৰকালৰ স্বর্গলাভৰ পৰা ইহলোকত মানুহৰ মঙ্গল কামনাৰে নানা ধৰণৰ জনহিতকৰ কামত লিপ্ত থকা বহু বেছি প্রার্থনীয় আছিল। বিদ্যাসাগৰৰ জীৱন ধর্ম আৰু আধ্যাত্মিকতাক বাদ দি প্রগতিমুখী সমাজ জীৱনৰ প্রায় প্রতিটি ক্ষেত্রত জ্বলন্ত শিখাৰ নিচিনা উজ্জ্বল আৰু দীপ্যমাণ।গতিকে বেনাৰসৰ পাণ্ডাসকলৰ মুখৰ ওপৰত তেঁও কৈ দিব পাৰিছিল, ‘মই তোমালোকৰ বিশ্বেশ্বৰক নামানোঁ।’

            ৰামকৃ্ষ্ণ পৰমহংসৰ অনুৰোধও বিদ্যাসাগৰক দক্ষিণেশ্বৰ দর্শন কৰিবলৈ আগ্রহী কৰিবলৈ নোৱাৰিলে।সেই সময়ৰ বহু পণ্ডিত,বিখ্যাত ব্যক্তিক ৰামকৃ্ষ্ণ পৰমহংসই প্রভাৱান্বিত কৰিছিল।আনকি নৰে্ন্দ্রনাথৰ নিচিনা যুক্তিবাদী যুৱকো ৰামকৃষ্ণৰ সংস্পর্শত আহি সৰস ভক্তিবাদীত পৰিণত হৈছিল।ইয়াৰ মাজত এক উজ্জ্বল ব্যতিক্রম আছিল বিদ্যাসাগৰ।বৰং বিদ্যাসাগৰৰ এটা মাৰাত্মক প্রশ্নত পৰমপুৰুষ ৰামকৃষ্ণ যথেষ্ট অস্বস্তিকৰ অবস্থাত পঢ়িছিল বুলি আমি ভাবোঁ।গভীৰজ্বলন্তজীৱন্ত এটা প্রশ্ন। এজন আদর্শবাদী মানৱতাবাদীৰ উপযুক্ত প্রশ্ন।

            কথামৃত’ৰ পৰা আমি গম পাঁও বিদ্যাসাগৰে অভিমান কৰি ৰামকৃ্ষ্ণক কলে— ‘ঈশ্বৰক মতাৰ কোনো প্রয়োজন আছে নে আৰুচেঙ্গিজ খাঁই যেতিয়া লুটপাট আৰম্ভ কৰি্লে তেতিয়া বহু মানুহক বন্দী কৰিলে। লাহেলাহে বন্দীৰ সংখ্যা বাঢ়ি গৈ এক লক্ষ অতিক্রম কৰি গল। তেতিয়া সেনাপতিয়ে আহি কলেমহাশয় সিহঁতক কোনে খুৱাব?লগত ৰাখিলে আমাৰ বিপদ। কি কৰিম সিহঁতৰ? এৰি দিলেও বিপদ দেখোন। তেতিয়া চেঙ্গিজ খাঁই কলেসিহঁতক বধ কৰাঁ। লগে লগে ইমানবোৰ মানুহক হত্যা কৰাৰ হুকুম হৈ গল। সেই হত্যাকাণ্ডকো তো ঈশ্বৰে চাইছিলকিয় সেইখিনি বন্ধ কৰাৰ চেষ্টা নকৰিলে? গতিকে ঈশ্বৰক থাকিবলৈ দিয়ক। মোৰ দৰকাৰ নহয়। মোৰ তো কোনো ৰকম উপকাৰ নহল।’

            বিব্রত ৰামকৃ্ষ্ণই বিদ্যাসাগৰৰ এনে ব্যাখ্যা শুনি সেই মুহূর্তত কোনো কথা বিচাৰি নাপালে।তেঁও কলে– ঈশ্বৰেৰ কার্য কী বোঝা যায়তিনি কী উদ্দেশ্যে কী কৰেনতিনি সৃষ্টি পালন-সংহাৰ সবই কৰছেন।…আমি আম খাই ,গাছ পাতাৰ হিসাবে আমাৰ দৰকাৰ নেই।’

            কোৱা বাহুল্য মাথোন যে ভক্তিবাদীসকলে এনে উত্তৰত আনন্দিত হ’লেও প্রবল যুক্তিবাদী ঈশ্বৰচন্দ্রক সন্তুষ্ট কৰিবলৈ সম্ভৱ হোৱা নাছিল। অধ্যাপকৰ বংশত জন্মগ্রহণ কৰিৰক্ষণশীল ব্রাহ্মণ পণ্ডিতৰ সন্তান হোৱা সত্ত্বেও তেজস্বী বিদ্যাসাগৰে বেদান্তক ভ্রান্ত দর্শন বুলি কবলৈ দ্বিধা কৰা নাছিল। শেষ জীৱনত নানা ধৰণৰ মানসিক আঘাতত বিপর্যস্ত বিদ্যাসাগৰ কার্মাটাৰত সহজ সৰল জীৱন যাপন কৰা সাঁওতালসকলৰ মাজত দিন কটাইছিল। আমি লক্ষ্য কৰোঁ, চৰমতম মানসিক বিপর্যয়ৰ দিনবোৰতো বিদ্যাসাগৰে ঈশ্বৰৰ সান্নিধ্য লাভৰ বাবে কোনো ধৰণৰ আগ্রহ নাইবা ব্যাকুলতা প্রকাশ কৰা নাই।জীৱনৰ শেষ দিনলৈকে  মানুহেই আছিল তেঁওৰ চৰম আৰাধ্য আৰু সাধনাৰ ধন।

***

(প্রবন্ধটো লিখাৰ আঁৰত গোলাঘাটৰ শ্রদ্ধেয় পৰমানন্দ গোস্বামী মহোদয়ৰ  অনুপ্ৰেৰণা আছিল। তেখেতৰ ওচৰত মই কৃতজ্ঞ। – লেখক)

         ফোন 

 

 

  

 

 

   

       

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ