অন্যযুগ/


অন্য এক দৃষ্টিৰে হেমচন্দ্ৰ গোস্বামীৰ ' প্ৰিয়তমাৰ চিঠি' : এক বিশ্লেষণাত্মক অধ্যয়ন

কিশোৰ দাস কোঁৱৰ 

হেমচন্দ্ৰ গোস্বামী অসমীয়া কাব্য সাহিত্যৰ এটি উজ্জ্বল জ্যোতিষ্ক,  কেৱল এই বিশেষণটোতেই শেষ নে তেওঁৰ সাহিত্যিক মূল্যায়ন, ইমানতেই শেষ নে এই যুগস্ৰষ্টা আৰু যুগদ্ৰষ্টা সাহিত্যিক গৰাকীৰ যুগমীয়া সাধনাৰ? দৰাচলতে গোস্বামী দেৱৰ সৃষ্টিৰাজিৰ সাহিত্যিক মূল্যায়ন প্ৰকৃতপক্ষে আজি পৰ্যন্ত হোৱা নাই৷ আজি যদি ক্ষন্তেকৰ কাৰণে অসমীয়া কাব্য সাহিত্যৰ পৰা গোস্বামীদেৱৰ নামটো আঁতৰাই থোৱা হয়, তেনে সাধাৰণ পাঠকৰ মাজত থাকিবনে তেওঁৰ আন কিবা পৰিচয়? ইয়াৰ মূলতে হল গোস্বামী দেৱৰ কাব্যিক দিশটোৰ মূল্যায়ন, তাকো পূৰ্ণাংগ মূল্যায়ন বোলাৰ অৱকাশ নাই৷ কিয়নো গোস্বামী দেৱৰ কেৱল একেবোৰ আলোচনাৰ ওপৰতেই বিভিন্নজনে লেখা- মেলা কৰি আছে, তাত মৌলিকতা অথবা নতুনত্ব বুলিবলৈ একো নাই৷ সাধাৰণতে গোস্বামীদেৱ সাধাৰণ পাঠক (আনকি বিদ্বৎ মহলৰ মাজতো)-ৰ মাজত এগৰাকী কবি হিচাপে পৰিচিত৷ কিন্তু কাব্যিকতাতকৈয়ো যে তেওঁৰ আন এটা পৰিচয় আছে, ʼত সুমাই আছে তেওঁৰ গভীৰ জীৱনবোধ আৰু তেওঁৰ ভিতৰৰ সত্বাটো সেয়া আজিও পোহৰলৈ অহা নাই আৰু দুই এটা আলোচনা হৈছে যদিও সি এপাচি শাকত এটা জালুকৰ লেখীয়া৷ প্ৰায়েই এটা অভিযোগ শুনা যায় যে গোস্বামীদেৱৰ কবিতা সমূহত জীৱনবোধ নাই, ই তেওঁৰ চালুকীয়া বয়সৰ ৰচনা৷ সেয়েহে ভাৱ গভীৰতা সকলো কবিতাতে নাই আৰু জীৱনোপলব্ধিও বহু ক্ষেত্ৰত তৰাং৷ কিন্তু এই অভিযোগ কিমান দূৰ গ্ৰহণযোগ্য সেই বিষয়ে আজিও সন্দেহৰ অৱকাশ আছে৷

আজি যদি মহাবিদ্যালয় অথবা বিশ্ববিদ্যালয়ৰ ছাত্ৰ এজনকো সোধা যায় তেন্তে হয়তো তেওঁ এইকথা একেষাৰে কব নোৱাৰিব যে কবিৰ বাহিৰেও গোস্বামীদেৱৰ আন এক সুকীয়া পৰিচয় আছে৷ হয়তো তেওঁৰ কাব্যিক দিশটোৱে মানুহক অধিক আকৰ্ষণ কৰিব পাৰে,  কিন্তু সেইবুলিয়ে এই মহীৰূহৰ গৰাকীৰ আন দিশবোৰ লুপ্ত হৈ যাবনে, কেৱল সীমিত পৰিসৰৰ মাজতেই সুপ্ত হৈ থাকিবনে তেওঁৰ আজীৱন সাধনাৰ ফল৷ অৱশ্যে এইকথা আমি স্বীকাৰ কৰিবই লাগিব যে গোস্বামীদেৱক কবি হিচাপে অৰ্থাৎ এগৰাকী সাৰ্থক কবি হিচাপে মূল্যায়ন কৰাত আমাৰ সমালোচকসকল যিমান দূৰ সফল হৈছে, সিমানেই কিন্তু ব্যৰ্থ হৈছে তেওঁৰ আনবোৰ দিশ মূল্যায়নৰ ক্ষেত্ৰত৷ তেওঁলোকে কিন্তু যৎপৰোনাস্তি চেষ্টা কেৱল গোস্বামীদেৱৰ কবিতাৰ মূল্য নিৰ্ণয়ৰ ক্ষেত্ৰখনত কৰাহে আমাৰ চকুত পৰে, তদ্ৰুপ যদি আন দিশবোৰৰ মূল্যায়ণৰ ক্ষেত্ৰতো তেওঁলোকে গুৰুত্ব দিলেহেঁতেন তেন্তে কবিতাৰ দৰে আনবোৰ দিশো আজি সৰ্বজনবিদিত হলহেঁতেন৷এই দায়িত্ব কিন্তু আমাৰ নতুন চামৰ হাতত৷ পুৰণিৰ ভেঁটিতেই থাকি আমি নতুনত্বৰ সন্ধান কৰিব লাগিব৷

 

গোস্বামীয়ে শেষৰফালে কবিতাৰ জগতৰ পৰা আঁতৰি আহি সাহিত্যৰ অমৃত মন্থনৰ গুৰুত্ব দিছিল৷ কল্পনা ৰাজ্যৰ পৰা উভতি আহিছিল অসমৰ হেৰাই যাব ধৰা পুৰণি সম্পদৰ সন্ধানত দেহে-কেহে খাটিছিল৷ চৰকাৰী চাকৰি লাভৰ পিছত গোস্বামীয়ে কবিতাৰ কল্পনাময় ক্ষেত্ৰখন এৰি প্ৰত্নতত্ত্ব আৰু বুৰঞ্জীৰ অনুসন্ধানত মনোনিবেশ কৰে৷ তেওঁ অসম চৰকাৰৰ দ্বাৰা নিযুক্ত হৈ ১৯১২-১৩ চনত পুৰণি পুথি অনুসন্ধান আৰু উদ্ধাৰৰ কাৰ্যত লিপ্ত থাকে আৰু বহুতো পুৰণি অসমীয়া আৰু সংস্কৃত পুথি তথা সাঁচিপতীয়া পুথি, লিপি সংগ্ৰহ কৰি আনে৷ কামৰূপ অনুসন্ধান সমিতিৰ তেওঁ অন্যতম প্ৰতিষ্ঠাতা আৰু সংগৃহীত পুথিসমূহ সমিতিয়ে সংৰক্ষণৰ দিহা কৰে৷ অনুসন্ধান সমিতিৰ যোগদি তেওঁ বিভিন্ন পুৰণি পুথি পুনৰ মুদ্ৰণ কৰিছিল৷ তাৰোপৰি ঊষা, বাঁহী, আদি আলোচনী, কাকততো তেওঁৰ ভালেখিনি বুৰঞ্জীমূলক আৰু প্ৰত্নতত্ত্বমূলক প্ৰৱন্ধ আৰু চমু জীৱনী প্ৰকাশ হোৱাৰ উপৰিও বহুতো ৰজাদিনীয়া পুৰণি ফলি উদ্ধাৰ কৰি সেই সমূহৰ পাঠোদ্ধাৰ কৰি প্ৰকাশ কৰিছিল৷ আমাৰ আলোচনাৰ মূল বিষয়ৰ লগত এইকথা অপ্ৰাসংগিক যেন লাগিলেও প্ৰসংগৰ এক বিশেষ সামঞ্জস্য আগত ৰাখিহে এই আলোচনাৰ আশ্ৰয় লোৱা হৈছে আৰু নহলে আমাৰ মূল আলোচনাও সম্ভৱ নহব৷

 

এতিয়া আহিছোঁ আমি মূল আলোচনাৰ মাজলৈ৷ আমাৰ আলোচনাৰ মূল বিষয় অন্য এক দৃষ্টিৰে হেমচন্দ্ৰ গোস্বামীৰ প্ৰিয়তমাৰ চিঠি৷ আমি পাই আহিছোঁ যে গোস্বামীয়ে কবিতাৰ মাজেৰে কেৱল প্ৰেমৰ বাৰ্তাকে দি আহিছে৷ তেওঁ প্ৰিয়তমাৰ চিঠিখনক প্ৰকৃতিৰ বিভিন্ন বস্তুৰ লগত তুলনা কৰিছে৷ বিভিন্নজন কবি, সমালোচকে আকৌ প্ৰিয়তমাৰ চিঠি কবিতাটোৰ মাজেৰে স্বামী-স্ত্ৰীৰ সম্পৰ্কও ৰক্ষিত হোৱা দেখা পাইছে৷ সমালোচক দিলীপ বৰুৱাই “যোৱা শতিকাৰ কবিতা, অসমীয়া ৰমন্যাসী সাহিত্যৰ পৰম্পৰা” নামৰ গ্ৰন্থখনত আধুনিক যুগৰ আৰম্ভণিতে স্বামী- স্ত্ৰীৰ মাজৰ গতানুগতিক সম্পৰ্কক লৈ যি পৰিৱৰ্তন আহিছিল তাৰ এক নিদৰ্শন এই ছনেটতো বুলি অভিমত আগবঢ়াইছে৷ আকৌ কোনো কোনো সমালোচকৰ মতে “প্ৰিয়তমাৰ চিঠিছনেটোত দাম্পত্য জীৱনৰ প্ৰণয়ৰ ছবি ৰূপায়িত হৈছে৷ কিয়নো অসমীয়া ৰমন্যাসবাদৰ ক্ষেত্ৰত প্ৰেমক নৈতিকতাৰ লগত যুক্ত কৰা দেখা যায়৷ সেয়েহে পুৰুষ-নাৰীৰ বিবাহ অনুমোদিত সম্পৰ্কই এই ছনেটটোৰ ৰমন্যাসবাদী চৰিত্ৰটোক সমল যোগাইছে৷ ডেকা-গাভৰুৰ প্ৰণয়ৰ সম্পৰ্কৰ ক্ষেত্ৰত চিঠি-প্ৰত্ৰৰ আদান-প্ৰদানৰ কথাটো ৰমন্যাসবাদৰ বহু পূৰ্বে সাহিত্যত ৰূপায়িত হৈ আহিছে৷ এনেবোৰ নিয়ম চৰিত্ৰৰ প্ৰতি লক্ষ্য ৰাখিয়েই সমালোচকসকলে এই কবিতাটোক এটা গণ্ডীৰ মাজতেই ৰাখি তাৰ আলোচনা কৰি আহিছে,  কিন্তু গোস্বামীদেৱৰ “প্ৰিয়তমাৰ চিঠি” কবিতাটোৰ মূল উদ্দেশ্য কি আছিল অথবা তাৰ মাজেৰে তেওঁ কি কব বিছাৰিছিল সেই দিশটোৰ প্ৰতি সম্পূৰ্ণৰূপে পিঠি দিছে৷ আনহাতে “প্ৰিয়তমাৰ চিঠি” অসমীয়া সাহিত্যৰ প্ৰথম ছনেট, তাৰ আলোচনা ইমানেই হৈছে যে আৰু নতুনকৈ ইয়াৰ মাজলৈ অনাৰ আমি প্ৰয়োজনীয়তা দেখা নাই৷

 

এতিয়া কথা হল যে সাধাৰণতে কবিতাত থকা তুমি’,  তোমাৰ’,  প্ৰিয়তমা’,  প্ৰিয়ে এই শব্দবোৰ আমি কবিৰ কোনো এগৰাকী নাৰী অথবা কবিৰ অতীতৰ প্ৰেমিকাৰ স্মৃতিচাৰণ বুলিয়েই ধৰি লওঁ৷ এই প্ৰসংগত অৱশ্যে এইকথাও দোহাৰিব লাগিব যে কবি সকলতকৈ আমি পাঠক অথবা সমালোচকসকল বেছি সন্দেহবাদী৷ কোনো এটা কবিতা বিভিন্ন জনৰ মনত, বিভিন্ন জনৰ দৃষ্টিত বেলেগ বেলেগ ধৰণে ভাৱ সঞ্চাৰ কৰাৰ কাৰণো যথাসম্ভৱ এয়াই৷ আনহাতে মনকৰিবলগীয়া কথা এয়ে যে কোনো এজন স্বভাৱ কবিক তেওঁৰ কোনো এটি কবিতা সম্পৰ্কে যদি প্ৰশ্ন কৰা যায় যে তেওঁ কবিতাটোৰ মাজেৰে কি কব বিচাৰিছে তেতিয়া তেওঁৰ উত্তৰ – পাঠকে যি ধৰণে লয়” এয়াই মন্তব্য৷

 

গতিকে সেই দৃষ্টিকোণৰ পৰাও প্ৰিয়তমাৰ চিঠিকবিতাটোক অন্য ধৰণে চোৱাৰ যথেষ্ট অৱকাশ আছে৷ তাতোতকৈয়ো উল্লেখযোগ্য কথা এইটোৱে যে হেমচন্দ্ৰ গোস্বামীয়ে ব্যক্তিগতভাৱে কোনো গ্ৰন্থত এইকথা কৈ যোৱা নাই যে তেওঁ আলোচ্য কবিতাটোৰ মাজেৰে প্ৰেমৰ বাৰ্তাই দি গৈছে নাইবা প্ৰেয়সীৰ কথা কৈছে৷ এইখিনিতে কিন্তু গোস্বামীদেৱে এক কৌতুহলৰ ৰহস্যৰ আবিৰ সানি গৈছে৷ সেই দিশৰ পৰা চাবলৈ গলে ভাবিব পাৰি যে গোস্বামীয়ে প্ৰিয়তমাৰ চিঠিকবিতাটোৰ মাজেৰে এক তত্ত্বগধুৰ দিশহে উন্মোচন কৰি যোৱা যেন অনুমান হয়, এই বিষয়ে যথেষ্ট গৱেষণাৰ থল আছে৷

 

আমি আগতেই কৈ আহিছোঁ যে হেমচন্দ্ৰ গোস্বামী আছিল সাঁচিপতীয়া পুথি উদ্ধাৰৰ বাটকটীয়া স্বৰূপ৷ সেই গতিকে পুৰণি পুথি তথা সাঁচিপতীয়া পুথিসমূহৰ প্ৰতি এক  আজন্ম প্ৰেম তেওঁৰ বুকুত স্বাভাৱিকতে আছিল৷ তাৰোপৰি গোস্বামী ডাঙৰ হোৱা পৰিয়ালত বিভিন্ন ধৰণৰ সাঁচিপতীয়া পুথি সংৰক্ষণ কৰা আছিল বুলি তেওঁ নিজে বিভিন্ন ঠাইত উল্লেখ কৰি গৈছে৷ সৰুৰে পৰা এইবোৰ দেখাৰ তেওঁৰ সৌভাগ্য হৈছিল আৰু তাৰপিছত যেতিয়া অসম চৰকাৰৰ পিছত পৰা পুৰণি পুথি উদ্ধাৰৰ কাৰ্যভাৰ তথা দায়িত্ব হাতত লৈছিল তেতিয়া তেওঁৰ পূৰ্বৰ অভিব্যক্তি জাগ্ৰত হৈছিল৷ সাঁচিপাতৰ পুথি সমূহৰ তথা বিভিন্ন লিপি সমূহৰ যি একা-বেকা, অকোৱা-পকোৱা আখৰ সেইবোৰৰ লগত সাধাৰণ মানুহৰ সম্পৰ্ক বোবা গুৰু আৰু কলাশিষ্যৰ লেখীয়া আছিল৷ গোস্বামীয়ে যে কেৱল পুৰণি পুথিসমূহৰ উদ্ধাৰ কৰিয়েই শান্ত আছিল তেনে নহয়, এই পুথিসমূহৰ পাঠোদ্ধাৰ কাৰ্য্যত তেওঁ একাণপতীয়া হৈ লাগিছিল৷ সাঁচিপাতৰ অশৃংখল আখৰবোৰৰ মাজত গোস্বামীয়ে নতুনত্বৰ সন্ধান কৰিছিল, অশেষ কষ্ট, একান্ত সাধনাৰ ফলতহে এই লিপিসমূহৰ পাঠোদ্ধাৰ কৰা সম্ভৱ আৰু তাৰ পাঠোদ্ধাৰ কৰাৰ পিছত পোৱা যি স্বৰ্গীয় আনন্দ সেই আনন্দই গোস্বামীক লৈ গৈছিল অন্য এখন জগতলৈ৷ সেই জ্ঞাত-অজ্ঞাত লেখকসকলে অতি কষ্টেৰে সাঁচি থৈ যোৱা পুথিবোৰৰ বিকৃত আখৰবোৰৰ মাজত থকা অপৰূপ সৌন্দৰ্য্য আৰু তত্ত্ব গোস্বামীদেৱে ঠিকেই উপলব্ধি কৰিছিল আৰু তাৰ আকণ্ঠ প্ৰেমত তেওঁ ডুব গৈছিল৷ সেইফালৰ পৰাও ভবাৰ যথেষ্ট অৱকাশ আছে যে প্ৰিয়তমাৰ চিঠিকবিতাটোৰ মাজেৰে প্ৰকাশিত প্ৰেম গোস্বামীৰ সাঁচিপতীয়া পুথিৰ প্ৰতি থকা অকৃত্ৰিম প্ৰেম৷ গতিকে এই কবিতাটোৰ প্ৰকৃত চৰিত্ৰটো কিন্তু পৰম্পৰাগতভাৱে চলি অহা সমালোচনাই নহয়, কবিতাটিৰ লগত কবিৰ জড়িত হৈ থকা ঐতিহাসিক যি গাঁথা তাৰ ভিতৰলৈ সোমাই গলে কেতবোৰ নতুন নতুন চিন্তাধাৰাৰ উন্মেষ হয়৷ সেয়েহে আলোচ্য কবিতাটোৰ মাজেৰে ৰোমান্থিত হোৱা যি প্ৰেম তাক সাঁচিপতীয়া পুথিৰ মাজত কবিয়ে বিছাৰি পোৱা ইতিহাস বিজড়িত যে প্ৰেম সেই কথাষাৰো কিন্তু নুই কৰিব নোৱাৰি৷ এতিয়া কবিতাটোৰ মাজলৈ যোৱা যাওঁক-

 

     সৌন্দৰ্য্যৰ বুকুৰ কাঁচলি উদঙাই

       প্ৰকৃতিৰ চোঁ - ঘৰ চালো পিত্ পিত্

        কুকুৰ ঠেঙীয়া এই আখৰ কিটিত

        যি অমিয়া ঘঁহা আছে, ʼতো আৰু নাই৷”

 

কবিতাটোৰ এই চাৰিটা পংক্তিতেই বিশেষকৈ নিৰ্ভৰ কৰিছে আমাৰ আলোচনাৰ বিষয়৷ পৰম্পৰাগত আলোচনাৰ পৰা আঁতৰি আহি যদি আমি চাওঁ তেতিয়া দেখিম যে প্ৰকৃতিৰ যি সৌন্দৰ্য তাৰ সমান সৌন্দৰ্য আৰু এই জগতত নাই, কিন্তু সাঁচিপতীয়া পুথিৰ অশৃংখল আখৰবোৰৰ সৌন্দৰ্য যেন তাতকৈ বহুত বেছি ওপৰত৷ প্ৰকৃতিৰ সকলো বস্তুৱেই কবিয়ে এফালৰ পৰা সূক্ষ্মাতিসূক্ষ্মভাৱে পিত-পিতাই এফালৰ পৰা চাইছে কিন্তু “কুকুৰ ঠেঙীয়া” অৰ্থাৎ লিপি সমূহৰ অবুজ আৰু অশৃংখল আখৰবোৰৰ মাজত যি ইতিহাস বিজড়িত হৈ আছে, জাতীয় চেতনা নিৰ্লিপ্ত হৈ আছে, সেইবোৰৰ পাঠোদ্ধাৰৰ পিছত তাৰ মাজৰ পৰা যি এক দুৰ্লভ সৌন্দৰ্য আৱিষ্কাৰ হয় সেই সৌন্দৰ্য প্ৰকৃতিৰ কোনো বস্তুৰ লগতেই তুলনীয় নহয়৷ যিহেতু গোস্বামীয়ে সুদীৰ্ঘকাল আমাৰ পুৰণি পুথি তথা লিপিসমূহৰ পাঠোদ্ধাৰৰ লগত একান্তভাৱে লাগি আছিল সেয়েহে ইয়াৰ মাজত থকা ৰহস্যৰ তেওঁ উমান পাইছিল আৰু তাৰ প্ৰকৃত সৌন্দৰ্য উপলব্ধি কৰিব পাৰিছিল৷

 

     কবি - নিকুঞ্জত ফুলি কত কবিতাই 

         মলয়াত উটি উটি ফুৰে পৃথিৱীত

         তোমাৰ চিঠিয়ে কিন্তু জানে যিটি গীত

        কবিতাৰ কাব্যে তাৰ গোন্ধকে নাপায়৷”

 

এখোজ আগুৱাই গৈ গোস্বামীয়ে এইবাৰ সাঁচিপতীয়া পুথিসমূহক এটি অমৰ কবিতাৰ লগত তুলনা কৰিছে, সাধাৰণতে ৰচিত কবিতাসমূহ কালৰ বুকুত হেৰাই যায়, কিন্তু আমাৰ প্ৰাচীন লিপিসমূহ যেন একো একোটা মৃত্যুঞ্জয়ী কবিতা৷ যাৰ কোনোকালে ক্ষয় নাই, বৰং সময়ৰ লগে লগে সি অগ্নিদগ্ধা সোণৰ দৰে উজ্বলি উঠিব৷ তেওঁৰ দৃষ্টিত আমাৰ পুৰণি এই সম্পদসমূহ যেন একো একোটা মৃতসঞ্জীৱনী গীত স্বৰূপ৷ গোস্বামীয়ে পুৰণি লিপিসমূহৰ ভাষা, শব্দক ইমানেই উচ্চ আসন দিছে যে সি সাধাৰণ বিষয়ৰ পৰা অসাধাৰণ হৈ পৰিছে৷ এই ফালৰ পৰাও দেখা যায় যে এই কবিতাটোৰ মাজেৰে প্ৰতিফলিত প্ৰেম সাঁচিপতীয়া প্ৰেম৷

 

         ফুল ফুলে সৰি যায়, শুকাই বননি,

          বসন্তৰ কুঁহিপাত ৰʼদত লেৰেলে;

          তোমাৰ চিঠিয়ে প্ৰিয়ে জানে কি মোহিনী,

          নিতৌ নোহোৱা বাহী ন ন ফুল মেলে৷

         যত শুঙো চুমা খাওঁ নালাগে আমনি,

         হৃদয়ত হেঁপাহৰ ভোতা তৰা জ্বলে৷৷”

          

 

প্ৰকৃতিৰ সকলোতকৈ সৌন্দৰ্য  বস্তুৱেই হল ফুল,  কিন্তু সেই ফুলৰ সৌন্দৰ্য্যও ক্ষন্তেকীয়া কিয়নো সিও এদিন সৰি যায়,  বসন্তৰ আগমনত ডালত কুঁহিপাত মেলে আৰু সিও দুদিন পাছত লেৰেলি মাটিৰ লগত মিলি যায়, কিন্তু গোস্বামীয়ে প্ৰিয়তমাৰ চিঠি স্বৰূপ সেই সাঁচিপাতৰ লিপিসমূহৰ মাজত যি ইতিহাস বিজড়িত অমোঘ সৌন্দৰ্যৰ উমান পাইছে, সেই সৌন্দৰ্যৰ কোনো মৃত্যু নাই৷ কবিয়ে যিমানেই সাঁচিপাতৰ লিপিসমূহৰ ভিতৰলৈ সোমাই গৈছে, সিমানেই বাঢ়ি গৈছে তেওঁৰ অনুসন্ধিৎসু মনৰ দ্যোতনা৷ তাত আমনিৰ কোনো কথাই আহি নপৰে৷ সেয়েহে গোস্বামীয়ে শেষত সাঁচিপাতৰ পুথিসমূহক আকাশত উজ্বলি ৰোৱা চিৰন্তন সেই ভোতা তৰাটোৰ লগত তুলনা কৰি আমাৰ প্ৰাচীন লিপি সমূহক অমৰত্ব প্ৰদান কৰিছে৷

 

গতিকে এনেদৰে আলোচনাৰ শেষত দেখা যায় যে “প্ৰিয়তমাৰ চিঠি” কবিতাটোত প্ৰতিফলিত প্ৰেম গোস্বামীৰ সাঁচিপতীয়া প্ৰেম,  কবিতাটোৰ লগত জড়িত হৈ আছে এক ঐতিহাসিক বাৰ্তা৷ অৱশ্যে এইক্ষেত্ৰত আৰু বহুত বেছি বিস্তৰ অধ্যয়ন আৰু গৱেষণাৰ প্ৰয়োজন আছে৷ এয়া আমাৰ এটি সামান্য প্ৰয়াসহে৷ এনেদৰে শতিকাৰ কোলাত আমি এক নতুন ইতিহাসৰ সূচনা কৰিব লাগিব৷ কিয়নো সাহিত্য গতিশীল, গতিকে সময়ৰ প্ৰত্যাহ্বান প্ৰত্যাখ্যান কৰি আমি সাহিত্যৰ বুকুত নতুন দৃষ্টিভংগী অৰ্থাৎ পুৰণিৰ মাজতেই নতুনত্বৰ সন্ধান কৰি তাৰ প্ৰকৃত সত্যানুসন্ধান কৰাটোও আমাৰেই দায়িত্ব৷

            ঠিকনা:

জিলা- তামুলপুৰ

ডাকঘৰ- সুৱাগপুৰ

থানা- গোৰেশ্বৰ

ডাক সূচাংক -৭৮১৩৬৪ 

ভ্ৰাম্যভাষ - ৯৩৯৫১৬৪৪২৪

https://www.facebook.com/profile.php?id=100063944853568

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ