জুৰি বৰুৱা
অসমীয়া উপন্যাসে
প্ৰতিনিধিত্ব কৰা প্ৰগতিশীল ধাৰাসমূহৰ ভিতৰত নাৰীবাদী চিন্তা বিশেষভাৱে
উল্লেখযোগ্য। কিন্তু অসমীয়া উপন্যাসেও মূলসুঁতিৰ নাৰীবাদক অতিক্ৰম কৰি প্ৰান্তীয়
চেতনাৰ নাৰীবাদক কিমান কঢ়িয়াব পাৰিছে সেয়া এক ডাঙৰ প্ৰশ্ন৷
নাৰীবাদে সমতা আৰু
সমান অধিকাৰৰ কথা কয়। অৱশ্যে সমতা আৰু সমান অধিকাৰৰ সংজ্ঞা সকলো শ্ৰেণীৰ আৰু সকলো
বৰ্ণৰ নাৰীৰ বাবে একেই নহয়৷ দলিত নাৰীবাদৰ
প্ৰসংগ সেই সূত্ৰেই আলোচনাৰ পটভূমিলৈ আনিবলগা বিষয়। দলিত নাৰীবাদ বুলি ক’লেই বেছিভাগৰে
হয়তো মনলৈ আহিব পাৰে ভীমৰাও আম্বেদকাৰৰ কথা। অৱশ্যে তাৰো আগতে দলিত নাৰীবাদী
চিন্তাক ৰোপণ কৰিছিল সাবিত্ৰীবাই ফুলেই।
ভাৰতীয় ইতিহাসত, মহিলা অধিকাৰ
আন্দোলনৰ উৎপত্তি বংগৰ নৱজাগৰণৰ পৰা আৰম্ভ হোৱা দেখা যায়। প্ৰথম অৱস্থাত এই
আন্দোলনসমূহৰ মুখ্য উদ্দেশ্য সামাজিক সংস্কাৰ হ’লেও এইবোৰে
একেবাৰতে ব্ৰাহ্মণীয় জাতপাতৰ দমন মোহাৰি পেলাব পৰা নাছিল। নাৰীবাদী আন্দোলনসমূহো
সেয়ে উচ্চবৰ্ণৰ প্ৰতিনিধিত্বকৰণতে সীমাবদ্ধ আছিল। ফলস্বৰূপে, দেখাত প্ৰগতিশীল এই বাগধাৰাৰ পৰা বাদ পৰিছিল সমাজৰ নিম্নবৰ্ণৰ নাৰীসকল।
তেওঁলোক আছিল দলিত আৰু অন্যান্য নিম্ন জাতৰ মহিলা। যিসকলে শিক্ষা আৰু সম অধিকাৰৰ
পৰিকাঠামোত সোমাবলৈ পাৰ কৰিব লগা হৈছিল এক দীঘলীয়া সংগ্ৰাম।
দলিত নাৰীবাদ
বেছিভাগ সংগ্ৰামকে
সংস্কাৰৰ বিৰুদ্ধে চলা বুলি অপপ্ৰচাৰ কৰা হয়। নাৰীবাদী সংগ্ৰাম, বিশেষকৈ দলিত
নাৰীবাদো এনে অপপ্ৰচাৰৰ পৰা বাদ পৰা নাছিল। ইতিহাসত অত্যাধিক দমন চলিলেই তাৰ
বিৰুদ্ধে আৰম্ভ হয় প্ৰতিৰোধৰ অধ্যায়ো৷ দলিত নাৰীবাদ এনেদৰেই পোখা মেলা এক চিন্তাধাৰা। ইয়ে পিছলৈ বৃহত্তৰ সামাজিক
গাঁথনিৰ প্ৰতিৰোধত এক আন্দোলন হিচাপে সুসংগঠিত হৈছিল। দলিত নাৰীবাদৰ আন্দোলন
জ্যোতিবা ফুলেৰ লিখনিৰ পৰা পোৱা যায়, যি প্ৰত্যক্ষভাৱে
ব্ৰাহ্মণীয় পিতৃতান্ত্ৰিকতাৰ বিৰোধিতা কৰিছিল। সকলো মহিলায়েই পুৰুষতান্ত্ৰিক
সমাজৰ ফলৰ সন্মুখীন হয়৷ কিন্তু নিম্নবৰ্ণৰ মহিলাসকলৰ ক্ষেত্ৰত এই গাঁথনিগত হিংসা
চৰম পৰ্যায়ৰ। নিম্নবৰ্ণৰ নাৰী কেৱল
তেওঁলোকৰ নিজৰ জাতিৰ পুৰুষৰ শোষণ, দমনৰ বলি নহয়। বৰঞ্চ তেওঁলোক উচ্চবৰ্ণৰ পুৰুষ আৰু
নাৰী উভয়ৰে তলত থাকিব লগা হয় ।
হিন্দু ধৰ্মত হোৱা
মহিলাৰ শোষণ, উৎপীড়নৰ ঘোৰ বিৰোধী আছিল জ্যোতিবা ফুলে। তেওঁ কৈছিল “মহিলাসকলক
শিক্ষিত কৰা, তেওঁলোকৰ বুদ্ধিমত্তা বিকাশ কৰা, তেওঁলোকক সন্মান
দিয়া আৰু তেওঁলোকৰ সুস্থতাৰ দায়িত্ব লোৱাটো হিন্দুসকলৰ বিশ্বাসৰ বিৰুদ্ধে” আৰু
এইটোৱে সামাজিক বিকাশৰ দিশত মহিলা পিছপৰি থকাৰ মূল কাৰণ । সামাজিকভাৱে পিছপৰা মালি
সম্প্ৰদায়ৰ জী আছিল সাবিত্ৰীবাই। ন বছৰ বয়সতে জ্যোতিবাৰ সৈতে বৈবাহিক সম্বন্ধত
বান্ধ খাইছিল। সাবিত্ৰীবাইৰ দৰেই নিৰক্ষৰ বহুতো কিশোৰী কম বয়সতে কাৰোবাৰ পত্নী
হৈছিল। কিছু বছৰ নহওঁতেই বিধৱাও হৈছিল। সৌভাগ্যক্ৰমে, জ্যোতিবাই সামাজিক
অসমতা দূৰ কৰাৰ ক্ষেত্ৰত শিক্ষাৰ শক্তিত দৃঢ়ভাৱে বিশ্বাস কৰিছিল। সেয়ে পত্নীক
পঢ়িবলৈ আৰু লিখিবলৈ শিকোৱাত তেওঁ অলপো কুণ্ঠাবোধ কৰা নাছিল। প্ৰথমে এই কাম আৰম্ভ
হৈছিল ঘৰতে। পাছত পৰিয়ালৰ মানুহৰ ঘোৰ আপত্তিত পথাৰেই হৈ পৰিছিল পঢ়াশালি। পথাৰত
কৰ্মৰত জ্যোতিবাৰ বাবে দুপৰীয়াৰ আহাৰ দিবলৈ গৈ সাবিত্ৰীবাই শিকিছিল আখৰ। দেশ
স্বাধীন হোৱাৰ বহু বছৰৰ আগৰ কথা এয়া ৷
সাবিত্ৰীবাইও লাহে
লাহে স্বামী জ্যোতিবাৰ কথাত বিশ্বাস কৰিবলৈ লৈছিল যে জাতপাতৰ চাৰিসীমা মোহাৰিবলৈ
মহিলাক শিক্ষিত কৰাটো প্ৰথম চৰ্ত। সাবিত্ৰীবাইৰ আগ্ৰহ দেখি জ্যোতিবাই তেওঁক পুনেৰ
এটা শিক্ষক প্ৰশিক্ষণ প্ৰতিষ্ঠানত ভৰ্তি কৰে। প্ৰশিক্ষণ লৈ সাবিত্ৰীবাই পুনেৰ
মহাৰৱাড়াত ছোৱালী শিক্ষাৰ আৰম্ভণি কৰে। ১৯৪৮ চনৰ কথা এয়া। উল্লেখযোগ্য যে
সাবিত্ৰীবাইক আনুষ্ঠানিকভাৱে ভাৰতৰ প্ৰথম মহিলা শিক্ষয়িত্ৰী হিচাপে স্বীকৃতি
দিয়া হয়।
এই যাত্ৰা ইমানো
সহজ নাছিল। পৰিয়ালৰ সকলো বান্ধোন ছিঙি এই দম্পতীহালে ছোৱালী শিক্ষাৰ এক জোৱাৰ
সৃষ্টি কৰিবলৈ অহোপুৰুষাৰ্থ কৰিছিল। ভিদে ৱাডাত তেওঁলোকে নিজা বিদ্যালয় আৰম্ভ কৰে
যিখন ভাৰতীয়সকলৰ দ্বাৰা পৰিচালিত দেশৰ প্ৰথমখন ছোৱালী বিদ্যালয় হিচাপে পৰিগণিত
হয়। প্ৰথম অৱস্থাত বিদ্যালয়খন আৰম্ভ হৈছিল ৯ জনী ছোৱালীৰে । লাহে লাহে এই সংখ্যা
২৫ লৈ বৃদ্ধি পায়৷ ৰাইজৰ কিছু সমৰ্থন আৰু নিজৰ
বিশ্বাসত পুনেত এনেকৈয়ে ছোৱালীৰ বাবে আৰু তিনিখন বিদ্যালয় খোলা হয়। এই তিনিওখন
বিদ্যালয়ৰ মুঠ শিক্ষাৰ্থী আছিল ১৫০ জন৷
এই বিদ্যালয়সমূহত
অস্পৃশ্য সম্প্ৰদায়ৰ শিক্ষাৰ্থীসকলৰ নামভৰ্তিৰ ফলত গোড়া উচ্চবৰ্ণৰ হিন্দুসকল
ক্ষুব্ধ হৈছিল। তেওঁলোকে এই বিদ্যালয়বোৰ বন্ধ কৰিবলৈ প্ৰথমতে সাবিত্ৰীবাইৰ বিষয়ে
উৰাবাতৰি বিয়পাইছিল। শিক্ষিত নাৰীৰ স্বামী অকালতে মৃত্যু হয়, শিক্ষিত নাৰীয়ে
অজ্ঞাত পুৰুষলৈ চিঠি লিখিবলৈ আৰম্ভ কৰে ইত্যাদি ইত্যাদি। ঘৰৰ পৰা বিদ্যালয়লৈ
যোৱাৰ বাটত সাবিত্ৰীবাইক হাজাৰ গালি, গোবৰ আৰু শিল নিক্ষেপ কৰি
নিৰুৎসাহিত কৰিবলৈ নানা প্ৰচেষ্টা চলিছিল। এই ঘটনাবোৰৰ পাছতো জ্যোতিবাই তেওঁক বেগত
এখন অতিৰিক্ত শাৰী ভৰাই নিবলৈ পৰামৰ্শ দিছিল যাতে
বিদ্যালয়ত শিক্ষকতা কৰোঁতে পৰিষ্কাৰ শাৰী পিন্ধিব পাৰে।
সকলো ৰাজহুৱা
ভণ্ডামিৰ বিৰুদ্ধে যুঁজি সাবিত্ৰীবাই ফুলে ৰক্ষণশীল সমাজ ব্যৱস্থাৰ সমুখত কিছু
নতুন প্ৰশ্ন মুকলি কৰিছিল। পৰিয়ালৰ দ্বাৰা অপমানিত হোৱাৰ পাছত এই দম্পতীহালক ঠাই
দিছিল এজন ঘনিষ্ঠ বন্ধু উছমান শ্বেখ আৰু তেওঁৰ পৰিয়ালে৷ তেওঁৰ ভগ্নী ফাতিমা বেগম
শ্বেখো সাবিত্ৰীবাইৰ আন্দোলনৰ অংশ হৈ পৰিছিল। পাছলৈ ফাতিমা ভাৰতৰ প্ৰথম মুছলমান
মহিলা শিক্ষক হিচাপে পৰিচিত হয়।
১৯৯৫ চনত নতুন
দিল্লীত ‘নেশ্বনেল ফেডাৰেচন অফ দলিত ৱমেন’ গঠন হয় । ইয়াৰ লগে লগে আন্দোলনটোৱে প্ৰথমবাৰলৈ এক ৰাষ্ট্ৰীয় স্বীকৃতি লাভ
কৰে৷ আম্বেদকাৰে দলিত নাৰীবাদক মহিলাৰ আত্মসন্মান আৰু স্বাভিমানৰ সৈতে জড়িত
কৰিছিল। নাৰীয়ে নিজৰ সন্মান আৰু মৰ্যাদা বুজি উঠাটো জৰুৰী। তেতিয়াহে তেওঁ নিজৰ
অধিকাৰৰ প্ৰতি সচেতন হোৱাৰ সাহস কৰিব পাৰে৷
দুৰ্গী ভূমিজ
দুৰ্গী ভূমিজৰ
কাহিনীও অসমীয়া উপন্যাসৰ ক্ষেত্ৰত প্ৰান্তীয় চেতনাৰ নাৰীবাদক বুজি পোৱাৰ
শক্তিশালী মাধ্যম। সাহিত্যই কাৰ কথা ক’ব বিচাৰে ? কোনটো সামাজিক শ্ৰেণীক প্ৰতিনিধিত্ব কৰিব খোজে ? আৰু কিয় সমসাময়িক ৰাষ্ট্ৰ ব্যৱস্থাত এই দুয়োটা
প্ৰশ্নৰ প্ৰাসংগিকতা গুৰুত্বপূৰ্ণ? আজিৰ তাৰিখত ইয়াৰ উত্তৰ পাবলৈ
দলিত নাৰীবাদৰ ভিতৰলৈ সোমোৱাটো জৰুৰী। অৰূপা পতঙ্গীয়া কলিতাৰ ‘জছনাৰ ঝিটাছ’-ত বৰ্ণনা কৰা শ্রমিক দুৰ্গীৰ
ঘটনাবহুল জীৱন অসমৰ অভিজাত চাহ ইতিহাসৰ কোনোপধ্যেই অংশ নহ’লহেঁতেন। যদিহে
দুৰ্গীক উপন্যাসিকে পত্নী আৰু মাতৃৰ উপৰিও নিজৰ অধিকাৰ আৰু সমতাৰ প্ৰশ্নৰে সাহসী
নাৰী নকৰিলেহেঁতেন৷
দুৰ্গীৰ স্বামী
দচাৰু লাইনৰ পৰা পলাই ধৰা পৰাত চাবুকেৰে কোবাওঁতে দুৰ্গী দৌৰি পাইছিলগৈ বৰা বাংলো।
দুৰ্গীৰ চকুত সেইদিনা ঝুমুৰত তাল মিলাই নচা আলোড়ন নাছিল। আছিল চাহাবৰ প্ৰতি তীব্ৰ
ক্ষোভ আৰু খং। বগা চাহাবলৈকো ভয় নকৰা খং। তেজী মানুহ হোৱা বাবেই ফ্ৰেজাৰে দুৰ্গীক
বিছনালৈ আনিছিল নেকি ? নে ফ্ৰেজাৰৰ বাবে দুৰ্গী সাধাৰণ
কুলী মাইকী নাছিল?
তাৰ আগতে দুৰ্গীয়ে
গা ধুইছিল আৰ্মি এণ্ড নেভি ষ্টৰচৰ উইণ্ডচ চাবোনেৰে। দাঁত মাজিছিল কলগেট
টুথপেষ্টেৰে। শৰীৰত সেই গোন্ধ লৈয়ে দুৰ্গীয়ে চাইছিল খিৰিকীৰে সোমাই অহা ‘জছনা’ - জোনাক। ফ্ৰেজাৰৰ শুভ্ৰ শৰীৰ আৰু
জছনাৰ মাজত একো পাৰ্থক্য দেখা নাছিল দুৰ্গীয়ে৷ নিজৰ দেশ হেৰুৱাই, স্বামীক হেৰুৱাই ফ্ৰেজাৰৰ বুকুতে দুৰ্গীয়ে বিচাৰিবলৈ
আৰম্ভ কৰিছিল অলপ নিৰাপত্তা। পৃথিৱীৰ প্ৰতিজনী অসহায় নাৰীয়ে বিচাৰি থকাৰ দৰেই।
পাৰ্থক্য ইমানেই আছিল যে দুৰ্গীৰ প্ৰিয় আছিল শ্ৰমৰ গোন্ধ। ফ্ৰেজাৰৰ উইণ্ডচ চাবোনৰ
গেোন্ধ।
ড০ আম্বেদকাৰে শৰীৰৰ ওপৰত মহিলাৰ একমাত্ৰ মালিকীস্বত্বৰ
ওপৰত জোৰ দিছিল। আম্বেদকাৰ সেয়ে বিবাহৰ আভ্যন্তৰীণ পদানুক্ৰমৰ সম্পূৰ্ণ বিৰোধী
আছিল। তেওঁ হিন্দু যৌন নৈতিকতাৰ চাৰ্টিফিকেটক সমালোচনা কৰিছিল আৰু ইয়াক এক মৌলিক
মানৱীয় প্ৰয়োজনীয়তা হিচাপে গণ্য কৰিছিল। হিন্দু সংহিতা বিধেয়কত আম্বেদকাৰে
সেয়ে বিবাহক এক চুক্তি হিচাপে উল্লেখ কৰিছিল। ১৯২৮ চনত তেওঁ বোম্বে প্ৰেচিডেন্সিত
মাতৃত্বকালীন লাভালাভ বিধেয়ক উত্থাপন কৰে। তাৰ লগতে তেওঁ মাতৃত্বকালীন ছুটিৰ বাবে
ক্ষতিপূৰণৰ দাবী কৰে। কোনো সন্দেহ নাই এই দাবীসমূহে কেৱল দলিত নাৰীকে সামৰি লোৱা
নাছিল। বৰঞ্চ সকলো জাত তথা শ্ৰেণীৰ নাৰীৰ বাবে মুকলি কৰিছিল নতুন একোটা বাট।
আম্বেদকাৰে স্পষ্টভাৱে মজুৰিৰ ক্ষেত্ৰত দেখা দিয়া লিংগ ব্যৱধানৰ বিৰোধিতা কৰিছিল
আৰু মহিলা শ্রমিকসকলৰ বাবে সমান দৰমহাৰ পোষকতা কৰিছিল।
দুৰ্গীৰ কাহিনী ক’বলৈ গৈ উপন্যাসিকে
অসমৰ চাহ ইতিহাসৰ কিছু জলন্ত সমস্যা দেখুৱাইছে যিবোৰ আজিও বহুতো বাগানৰ দৈনন্দিন
সমস্যা। কিন্তু এই কাহিনী কেৱল দুৰ্গীৰে কাহিনী নে ? অধিকাৰ আৰু সমতাৰ
প্ৰশ্ন সকলো empire অৰ্থাৎ সাম্রাজ্য গঢ়াৰ প্ৰধান অন্তৰায়। ফ্ৰেজাৰ চাহাবে বাগানৰ স্বাস্থ্যৰ
খবৰ ৰাখিছিল সেই সাম্ৰাজ্যৰ স্বাৰ্থতে। উপন্যাসখনৰ ভিতৰলৈ সোমালে দেখা যায়
দুৰ্গীৰ প্ৰতি ফ্ৰেজাৰৰ শাৰীৰিক আকৰ্ষণ আছিল। নাছিল কোনো পত্নী সন্মান। অথবা নিজ
সন্তানৰ মাতৃ হিচাপে দিয়া মৰ্যাদা। প্ৰতিজন পুৰুষে এখন সাম্ৰাজ্য আৰু এগৰাকী
নাৰীক সমানে বশ কৰি পোৱা সোৱাদৰ দৰেই আছিল সেই সন্তুষ্টি। বৰা বাংলো আৰু মেম বাৰীৰ
মাজত থকা ব্যৱধানৰ দৰেই আছিল দুৰ্গী আৰু ফ্ৰেজাৰৰ সম্পৰ্কৰ দূৰত্ব।
তথাপি জীয়েক
বেবীয়ে মাকৰ ভাষাই শিকিছিল। মাকৰ সুৰে সুৰে গাইছিল-
ঢাক বাজে ঢ’ল বাজে
ধামচা বাজায় ৰাণী
মৰা গাংগে ঢেও উঠে
সাত সাগৰৰ পানী
হেলকা পানী ঝৰে
পানী
ধাচনা ভাংগে যায়
খালেৰ মাঝে খলি
ভৰাবা
তখন পানী পায়।
কিন্তু ফ্ৰেজাৰৰ
সমুখত শিশু বেবীয়েও জানিছিল কোন ভাষাত কথা পাতিব লাগে। ভাষাও কেনেকৈ
সাম্রাজ্যবাদৰ, জাত, শ্ৰেণী, লিংগ বৈষম্যৰ অংশ হৈ পৰে সেয়া
আনে নুবুজিলেও, দুৰ্গীয়ে বুজিছিল। ফ্ৰেজাৰৰ মুখৰ ব্লাডি কাণ্ট্ৰি, ফাকিং কাণ্ট্ৰি
শব্দবোৰ একোটা বুলেট হৈ দুৰ্গীৰ বুকুত সোমাওঁতে তায়ো ধৰিব পাৰিছিল নিজৰ দেশতে
ব্ৰিটিছৰ গোলাম হৈ পৰাটো কিমান অসহ্যকৰ। দুৰ্গীয়ে জানিছিল তাইৰ সন্তানৰ পিতৃৰ
গৌৰৱৰ পৰিৱৰ্তে ফ্ৰেজাৰ এই বিশাল ব্ৰিটিছ সাম্ৰাজ্যৰ প্ৰতিহে ৰক্ষণশীল। সেয়ে
ফ্ৰেজাৰৰ মাকৰ হুবহু চেহেৰাৰে, ঢৌ খেলা ৰূপালী চুলিৰে, বাৰ্মিংহামৰ পৰা
আমদানি কৰা চাইকেল চলাই মেমবাৰীৰ পৰা বৰা বাংলো যোৱা বেবীকহে ফ্ৰেজাৰে নিজ দেশলৈ
লৈ যোৱাৰ সিদ্ধান্ত লৈছিল। তাৰ আগতে দিছিল বাইবেল পঢ়াৰ আৰু বৰদিনৰ গীতবোৰ গোৱাৰ
প্ৰশিক্ষণ। কঠোৰ নিয়মানুৱৰ্তিতাৰ শিক্ষা। খোৱা টেবুলৰ মেনাৰ্চ। অথচ নিজৰে সন্তান
কুশ হাইজাত মৰোতে বেমাৰ বিয়পাৰ ভয়ত এবাৰো চাবলৈ অহা নাছিল ফ্ৰেজাৰ। কুশৰ মৃত্যুৰ
পাছত কোৱাৰেণ্টাইনত ৰাখিছিল বৰপুত্ৰ লব আৰু দুৰ্গীক।
উল্লেখযোগ্য যে দেশ
স্বাধীন হোৱাৰ আগে আগে দলিত মহিলা আন্দোলনেও জনসমৰ্থন লাভ কৰিছিল। সমগ্ৰ
মহাৰাষ্ট্ৰত মহিলাৰ অধিকাৰক লৈ বিভিন্ন সভা অনুষ্ঠিত হৈছিল। ১৯৪২ চনত অনুষ্ঠিত
দলিত মহিলা ফেডাৰেচনৰ সন্মিলনখনত কীৰ্তিবাই ডংগ্ৰে, ইন্দিৰাবাই পাটিল
আৰু শান্তাবাই দানিকে ধৰি বিশিষ্ট ব্যক্তিসকলে ভাষণ আগবঢ়ায়। যিয়ে প্ৰান্তীয়
লোকসকলৰ শিক্ষা আৰু হিন্দু পিতৃতান্ত্ৰিকতাই জাপি দিয়া নীতি নিয়মৰ ঘোৰ বিৰোধিতা
কৰে। আৰু এনেকৈয়ে আত্ম-দাবী আৰু শৰীৰৰ প্ৰতিনিধিত্বৰ অধিকাৰ দলিত নাৰীবাদী
আন্দোলনৰ গুৰুত্বপূৰ্ণ নীতি হিচাপে বিবেচিত হয়। এইবোৰে পেৰিয়াৰৰ দৰে সামাজিক সংস্কাৰ আন্দোলন তথা নাৰীবাদী আন্দোলনৰ
ইতিহাসে নাৰীৰ মুক্তি আৰু উন্নতিৰ কথা কৈ আহিছে। এই আন্দোলনবোৰৰ কেন্দ্ৰ বিন্দুলৈ
দলিত মহিলাৰ বিষয়বস্তু বহু পলমকৈ আহে। কিন্তু মূলসুঁতিৰ নাৰীবাদীসকলে উত্থাপন
নকৰা বহুতো প্ৰাসংগিক প্ৰশ্ন দলিত নাৰীবাদে সুধিবলৈ সাহস কৰিলে।
আম্বেদকাৰৰ লগতে
পেৰিয়াৰেও দলিত মহিলাৰ সৈতে সম্পৰ্কিত বিষয়বোৰ বিশ্লেষণ কৰাত আৰু তেওঁলোকৰ
মুক্তিৰ বাবে ওকালতি কৰাত আগভাগ লৈছিল। এই চিন্তাবিদসকলৰ প্ৰচেষ্টাত দলিত
মহিলাসকলৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক মৰ্যাদা আদৰ্শগতভাৱে উন্নত হোৱাৰ
দিশত বহুদূৰ আগুৱাই যায়।
অসমীয়া উপন্যাসৰ
ধাৰাতো পিছপৰা, জনগোষ্ঠীয়, অথবা নিম্নবৰ্ণৰ মহিলাৰ হা-হুমুনিয়াহ থাকিলেও
তেনে নাৰী চৰিত্ৰক প্ৰগতিশীল কৰাত বহু কাহিনী আগবাঢ়িব নোৱাৰে। দুৰ্গী ভূমিজৰ
কাহিনীয়ে সেয়ে দলিত নাৰীবাদৰ মাধ্যমত অসমীয়া উপন্যাসৰ কেইবাটাও নতুন দিশ জাৰি
জোকাৰি চোৱাত সহায় কৰিলে |
সাবিত্ৰীবাই ফুলে, পেৰিয়াৰ আৰু
আম্বেদকাৰৰ আদৰ্শই দলিত মহিলাসকলক একত্ৰিত কৰাত যি ভূমিকা লৈছে, তাত সাহিত্যৰো ডাঙৰ
অনুদান আছে। ১৯৯০ ৰ দশকটো ভাৰতত নাৰীবাদী ৰাজনীতিৰ বাবে এক গুৰুত্বপূৰ্ণ দশক। সমাজত নাৰীবাদী চিন্তাক কেন্দ্ৰ কৰি
এই সময়তে এক ৰেডিকেল পৰিৱৰ্তন আৰম্ভ হৈছিল। উচ্চ বৰ্ণ তথা মধ্যবিত্ত মহিলাৰ
বিষয়সমূহত দলিত নাৰীবাদীসকলে তীব্ৰভাৱে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছিল। শান্তাবাই
কাম্বলে, উৰ্মিলা পাৱাৰ, বেবিটাই কাম্বলে, কুমুদ পাৱাদে, ভিজিলা চিৰাপ, মীনা কান্দাসামি
আদিয়ে এই বাট মুকলি কৰিছিল নিজৰ কলমেৰে |
জছনাৰ ঝিটাছ
বেবীক দুৰ্গীৰ
বুকুৰ পৰা আজুৰি নি লণ্ডন পোৱাইছিলগৈ ফ্ৰেজাৰে। ৰৈ গৈছিল ক্ষত বিক্ষত, ঘটনাৰ পাছত
দুৰ্ঘটনা হৈ, মেমৰ পৰা ৰক্ষিতা হৈ ৰৈ যোৱা দুৰ্গী। পাগলী, মদাহী দুৰ্গীক এদিন
কংগ্ৰেছী ভলণ্টিয়াৰে মাতিছিল মা বুলি।
দুৰ্গী উভতি
আহিছিল।
তেতিয়ালৈ জংঘলে
সামৰি লৈছিল সমস্ত মেমবাৰী। দুৰ্গীৰ মনত পৰিছিল আধামৰা দচাৰুলৈ। নিজৰ মাটি, নিজৰ জংঘলবোৰলৈ
ঘূৰি যোৱাৰ বাবেই পলাইছিল তীৰন্দাজ দচাৰু। যাৰ কাঁড়ৰ গতি দেখি এসময়ত প্ৰেমত
পৰিছিল দুৰ্গী। পলাই ধৰাও পৰিছিল দচাৰু। চাবুকৰ কোব খাইছিল। তীৰন্দাজ ডেকাৰ ওলমি
থকা ছবি দেখি দুৰ্গীয়ে বুজিছিল শিপা ছিঙা মানুহ এনেও মৰি যায়। তাৰবাবে গুলী, বুট জোতাৰ কোব অথবা
চাবুকৰ দৰকাৰেইবা ক’ত !
আকাশৰ জছনা, শুভ্ৰ শৰীৰৰ
ফ্ৰেজাৰ দুৰ্গীৰ বাবে অভিশাপ হৈ আহিল। বগাৰ প্ৰতি এই ঘিণ, তীব্ৰ বিদ্বেষ
দুৰ্গীৰ মুখত ঝুমুৰৰ সলনি বন্দেমাতৰম বুলি উচ্চাৰণ হওঁতে বগা চাহাবে লিখি থৈ যোৱা
সেই কথাই মনত পৰে- ‘কুলী শব্দটোৱে হ’ল সমস্যা।’ কিয় চাবুকৰ কোব
খাইও, হাইজাত মৰিও, নিজৰ সকলো হেৰুৱাইও বগা চাহাবৰ বাবে কাম কৰা কুলী
কেৱল আছিল এক সমস্যা? কোম্পানীৰ স্বত্বাধকাৰীসকলে আইনগত বৈধতা দিয়া
মিনিবোৰক কিয় ইতিহাসে লিখি নাৰাখিলে ? এই প্ৰশ্নবোৰ
অতদিনে কোনো সাহিত্যৰ তেজ মঙহ হৈ নুঠিল কিয় ?
এনে প্ৰশ্নবোৰৰ
উত্তৰ বিচৰাত ‘জছনাৰ ঝিটাছে’ বহু সময়লৈ আপোনাক
সংগ দিব।
References:
Moghe, Nanda. ““We
fight!” Dalit Feminist Writing.”
Rege, Sharmila. (2003).
Dalit Feminist Stand Point. In A. Rao (Ed.).Gender and Caste,
Delhi: Kali for Women
Rege, Sharmila. (1988) “Dalit
Women Talk Differently: A Critique of ‘Difference’ and Towards a Dalit
Feminist Standpoint
Position”. Economic and Political Weekly 33.44: WS39-WS46.
T. Sowjanya. ‘Understanding
Dalit Feminism’.
Guru, Gopal. “Dalit
women talk differently.” Economic and Political Weekly (1995): 2548-2550