অভিজিত শৰ্মা বৰুৱা
প্রতি বছৰে অক্টোবৰ মাহ আহি পোৱাৰ লগে লগে সেইটো বছৰৰ নোবেল বঁটাৰ
প্রাপকৰ নাম ঘোষণা কৰা আৰম্ভ হৈ যায়। নোবেল পুৰস্কাৰৰ ঘোষণাই কম-বেছি পৰিমাণে বিতর্কৰো সৃষ্টি কৰেই। এইবাৰ পিছে তেনে কোনো গুৰুত্বপূর্ণ বিতর্ক সৃষ্টি হোৱা নাই। নোবেল পুৰস্কাৰৰ আন
শাখাবোৰতকৈ শান্তি আৰু সাহিত্য শাখাতে আটাইতকৈ বেছি বিতর্ক হোৱা পৰিলক্ষিত হয়। বিশেষকৈ শান্তিয়ে বহুবাৰ নোবেল কমিটিলৈ অশান্তিহে কঢ়িয়াই আনিছিল। সেইবাবেই বোধকৰোঁ বহুকেইটা এনে বছৰো গৈছে, যি
বছৰত শান্তিৰ নোবেল বঁটাৰ প্রাপকৰ নাম ঘোষণাই কৰা নহ’ল বা আৰু সেই বছৰৰ বাবে
সেই বঁটা স্থগিত ৰখা হ’ল।
আলফ্রেড নোবেলৰ নোবেল বঁটা
নোবেল বঁটাৰ জনক যে ছুইডেনৰ প্রখ্যাত বিজ্ঞানী আলফ্রেড নোবেল সেয়া সকলোৱে জানেই। ডিনামাইট আৱিষ্কাৰ কৰি তেওঁ বিখ্যাত হৈ উঠাৰ লগে লগে প্রচুৰ ধন-সম্পদৰো অধিকাৰী হৈছিল। কিন্তু তেনে মাৰাত্মক বিস্ফোৰক আৱিষ্কাৰ কৰি তেওঁ যথেষ্ট সমালোচনাৰ পাত্রও হৈছিল। এবাৰ আন এজন আলফ্রেড নোবেলৰ মৃত্যু হওঁতে বিজ্ঞানী আলফ্রেড নোবেলৰে মৃত্যু হোৱা বুলি ভুল কৰি এখন ফৰাচী আলোচনীয়েতো ‘মৃত্যুৰ সদাগৰৰ মৃত্যু’ (Death of Merchant of Death) বুলি শিৰোনাম দি বাতৰিয়েই প্রকাশ কৰিছিল। সেই বাতৰি পঢ়াৰ পাছতে বিজ্ঞানী আলফ্রেড নোবেলৰ উপলব্ধি হ’ল যে ভৱিষ্যত প্রজন্মই তেওঁক কিজানি সেই বুলিয়েই অভিহিত কৰিব।এনে কাৰণতেই বোধকৰোঁ তেওঁ জগতৰ বাবে কিবা এটা ভাল কাম কৰি যাবলৈ সংকল্পবদ্ধ হৈছিল আৰু ভাবি-চিন্তি নোবেল পুৰস্কাৰৰ সূচনা কৰিছিল।
১৮৯৫ চনত আলফ্রেড নোবেলে এখন উইল সম্পাদন কৰে আৰু সেই উইলত তেওঁ আয় কৰা প্রায় সকলো ধন তথা সম্পত্তি বিশ্বৰ বিভিন্ন ক্ষেত্রত বিশেষভাৱে উল্লেখযোগ্য কৃতিত্ব প্রদর্শন কৰা একোজন লোকক পুৰস্কাৰ দিবৰ বাবে আচুতীয়াকৈ ৰাখে। সেই উইল অনুসৰি সমগ্র বিশ্বতে পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, চিকিত্সা বিজ্ঞান, সাহিত্য আৰু শান্তি বিষয়ত উল্লেখযোগ্য অৱদান আগবঢ়োৱা ব্যক্তিসকলক একোটা আকর্ষণীয় পুৰস্কাৰ দিয়াৰ ব্যৱস্থা কৰা হয়। নোবেলৰ উইলৰ মতে এই পুৰস্কাৰ সেইসকললৈ আগবঢ়োৱা হ’ব, “যিসকলে নিজৰ নিজৰ ক্ষেত্রত আগৰ বছৰটোত মানৱ জাতিক আটাইতকৈ বেছি লাভান্বিত কৰিব পৰা অৱদান আগবঢ়াইছিল”। নোবেলে আগৰ বছৰটোৰ কথা ক’লেও পাছত অৱশ্যে বিভিন্ন কাৰণত কেৱল আগৰ বছৰৰ কথা চিন্তা নকৰি তাৰো আগৰ কথা বিবেচনা কৰিবলৈ লোৱা হ’ল।
নোবেলৰ মৃত্যুৰ পাছত নোবেলৰ জমা পুঁজি ব্যৱহাৰ কৰি তেওঁৰ উইলমতে কাম কৰিবলৈ ‘নোবেল ফাউণ্ডেছন’ প্রতিষ্ঠা কৰা হ’ল। নোবেলে লিখি থৈ যোৱা মতে তিনিটা ছুইডিছ আৰু এটা নৰৱে’য়ান প্রতিষ্ঠানে এই পুৰস্কাৰসমূহৰ প্রাপক নির্ধাৰণ কৰাৰ দায়িত্ব ল’লে। সেই ছুইডিছ প্রতিষ্ঠানকেইটা হ’ল - ষ্টকহ’মৰ ‘ৰয়েল ছুইডিছ একাডেমী অফ ছায়েঞ্চ (পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু পাছলৈ অর্থনীতি বিজ্ঞানো), কেৰ’লিনস্কা ইনষ্টিটিউট (চিকিত্সা বিজ্ঞান) আৰু ছুইডিছ একাডেমী (সাহিত্য)। নৰৱে’ৰ অ’ছল’ৰ ‘নৰৱে’য়ান নোবেল কমিটি’য়ে শান্তিৰ পুৰস্কাৰৰ প্রাপকৰ নাম ঘোষণা কৰাৰ দায়িত্ব ল’লে। মূল নোবেল ফাউণ্ডেছন হ’ল নোবেলৰ পুঁজিৰ আইনগত গৰাকী আৰু বিত্তীয় ব্যৱস্থাপক। এই ফাউণ্ডেছন পুৰস্কাৰ ঘোষণা কৰা প্রতিষ্ঠানকেইটাৰ যুটীয়া প্রশাসক গোটৰ দায়িত্বতো থাকে, কিন্তু পুৰস্কাৰ কোনে পাব তাৰ লগত এই ফাউণ্ডেছনৰ কোনো সম্পর্ক নাথাকে।
প্রথম নোবেল পুৰস্কাৰ প্রদানৰ অনুষ্ঠান অনুষ্ঠিত হৈছিল ১৯০১ চনৰ ১০ ডিচেম্বৰত। এই দিনটো আছিল আলফ্রেড নোবেলৰ পঞ্চম মৃত্যুবার্ষিকী। ১৯৬৯ চনৰ আগলৈকে নোবেল পুৰস্কাৰৰ সংখ্যা আছিল পাঁচটা। সেই বছৰতে আন এক নোবেল পুৰস্কাৰ (অর্থনীতি বিজ্ঞানৰ) প্রৱর্তন কৰা হয়। নোবেলে কৈ যোৱা নাছিল বাবে ই ‘টেকনিকেলি’ নোবেল পুৰস্কাৰ নহ’লেও ইয়াক সেই পুৰস্কাৰৰ শাৰীতে ধৰা হয়, আন নোবেল পুৰস্কাৰৰ প্রাপকসকলৰ লগত একেলগে এই পুৰস্কাৰৰ প্রাপকৰ নাম ঘোষণা কৰা হয় আৰু নোবেল পুৰস্কাৰ প্রদানৰ দিনাই এই পুৰস্কাৰো প্রদান কৰা হয়। শান্তিৰ নোবেল বটা প্রদানৰ অনুষ্ঠান হয় অ’ছল’ত, আৰু বাকী কেইটা পুৰস্কাৰ প্রদানৰ অনুষ্ঠান ষ্টকহ’মত অনুষ্ঠিত হয়।
নোবেল বঁটাৰ প্রাপকৰ নির্বাচন প্রক্রিয়া
নোবেল পুৰস্কাৰ যে ইমান সন্মানজনক আৰু সমগ্র বিশ্বৰ এক নম্বৰ স্থানত থকা পুৰস্কাৰ, তাৰ মূল কাৰণ ইয়াৰ প্রাপকসকলৰ নির্বাচন প্রক্রিয়াতে নিহিত হৈ আছে। প্রতি বছৰৰ অক্টোবৰ মাহত ইয়াৰ প্রাপকসকলৰ নাম ঘোষণা কৰা হ’লেও এই কাম আগৰ বছৰৰ শৰত কালৰ সময়তে আৰম্ভ কৰা হয়। সেই সময়তে পুৰস্কাৰ ঘোষণা কৰা প্রতিষ্ঠানসমূহে সম্ভাব্য প্রাপকৰ নাম প্রস্তাৱ বা অনুমোদন কৰিবলৈ ৬০০০-অতকৈও বেছি সংখ্যক নির্বাচিত লোক তথা প্রতিষ্ঠানৰ ওচৰলৈ পত্র প্রেৰণ কৰে। প্রতিটো পুৰস্কাৰৰ বাবে প্রায় ১০০০ ব্যক্তি-প্রতিষ্ঠানে বিভিন্ন নাম প্রেৰণ কৰে। সাধাৰণতে এনে নামৰ সংখ্যা ১০০-ৰ পৰা ২৫০-টামান হয়। যিসকল ব্যক্তি আৰু প্রতিষ্ঠানে এই নামবোৰ প্রেৰণ কৰে তাৰ ভিতৰত থাকে আগতে নোবেল পুৰস্কাৰ পোৱা ব্যক্তি, পুৰস্কাৰ ঘোষণা কৰা প্রতিষ্ঠানৰ লোক, পদার্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আদি বিভিন্ন শাখাৰ পণ্ডিতসকল, বিশ্বৰ বিভিন্ন বিশ্ববিদ্যালয় আৰু শিক্ষায়তনিক প্রতিষ্ঠানসমূহ আৰু অভিজ্ঞ শিক্ষাবিদ। তেওঁলোকে কেৱল লিখিত প্রস্তাৱ দিলেই নহ’ব, কি কি কাৰণত সেই লোকজনে নোবেল পুৰস্কাৰ পোৱা উচিত সেয়াও উল্লেখ কৰিব লাগিব। ৩১ জানুৱাৰিৰ ভিতৰতে মনোনয়ন-প্রস্তাৱ গ্রহণৰ এই কাম সম্পন্ন কৰা হয়।
১ ফেব্রুৱাৰিত, প্রতিটো নোবেল বঁটাৰ বাবে একোখনকৈ, মুঠতে ছখন নোবেল কমিটিয়ে
সেই নামবোৰ সম্পর্কত তেওঁলোকৰ কাম আৰম্ভ কৰি দিয়ে। সম্ভাৱ্য প্রাপকসকলৰ অৱদানৰ
মৌলিকতা, যথার্থতা আৰু গুৰুত্ব অনুধাৱন কৰাত তেওঁলোকক সহায়
কৰিবৰ বাবে প্রায়ে বাহিৰৰ বিশেষজ্ঞসকলক আমন্ত্রণ কৰি অনা হয় আৰু তেওঁলোকৰ লগত
বিস্তৃতভাৱে আলোচনা কৰা হয়। ছেপ্টেম্বৰৰ শেষ ভাগ বা অতি বেছি পলম হ’লে অক্টোবৰৰ প্রথমভাগত কমিটিসমূহে তেওঁলোকে নির্বাচন কৰা নামৰ তালিকা ৰয়েল
ছুইডিছ একাডেমী অফ ছায়েঞ্চ বা পুৰস্কাৰৰ দায়িত্বত থকা প্রতিষ্ঠানসমূহক অর্পণ কৰে।
সাধাৰণতে কমিটিৰ অনুমোদিত তালিকাকে গ্রহণ কৰা হয় যদিও সদায় তেনে কৰা নহ’বও পাৰে বা সেয়াই যে হ’বই লাগিব তাৰ কোনো বাধ্যবাধকতা
নাই। এইবাৰ এই প্রতিষ্ঠানসমূহে গোপন আলোচনা আৰু ভোটৰ দ্বাৰা প্রাপকৰ নাম চূড়ান্ত
কৰে। এই সম্পর্কত ১৫ অক্টোবৰৰ ভিতৰত এক সিদ্ধান্তত উপনীত হোৱাটো ধৰা-বন্ধা কথা।
শান্তিৰ বাহিৰে বাকী সকলো পুৰস্কাৰ ব্যক্তিগত পর্যায়ত দিয়া যায় বা সেই
পুৰস্কাৰবোৰ কোনো প্রতিষ্ঠানক দিয়া নাযায়। অর্থাৎ একাধিক হ’লেও
এনে পুৰস্কাৰ কোনো ব্যক্তিকে দিব লাগিব।
নোবেল পুৰস্কাৰৰ বিষয়ে আৰু কিছু কথা
নোবেল পুৰস্কাৰ মৰণোত্তৰভাৱে দিয়াৰ নিয়ম নাই। কিন্তু কোনো ব্যক্তি যদি এই বঁটাৰ বাবে মনোনীত হওঁতে জীয়াই আছিল, আৰু তাৰ পাছত পুৰস্কাৰ গ্রহণ কৰাৰ আগতেই দুর্ভাগ্যক্রমে মৃত্যুৰ মুখত পৰিল, তেন্তে তেওঁক অৱশ্যে এই পুৰস্কাৰ দিব পৰা যায়। ১৯৩১ চনত এৰিক আক্সেল কার্লফেল্ট (সাহিত্য) আৰু ১৯৬১ চনত ডাগ হেমাৰশ্বিল্ডক (শান্তি) এনেকৈ মৰণোত্তৰভাৱে নোবেল পুৰস্কাৰ দিয়া হৈছিল। নোবেল পুৰস্কাৰ পোৱা বা নোপোৱাক লৈ কোনো আপত্তি দাখিল কৰিব পৰা নাযায়। অর্থাৎ মহাত্মা গান্ধী বা টলষ্টয়ে কিয় শান্তিৰ নোবেল পুৰস্কাৰ নাপালে তাক লৈ ‘গোচৰ’ তৰিব পৰা নাযায়। কোনো ব্যক্তি যদি কোনো উচ্চ প্রশাসনিক, সামৰিক বা আন পদবীতো থাকে, সেই পদবী এই পুৰস্কাৰৰ ক্ষেত্রত উল্লেখ কৰা নাযাব। অর্থাৎ এজন ব্যক্তি হিচাপেহে তেওঁ এই পুৰস্কাৰ লাভ কৰিব।
নোবেল পুৰস্কাৰত থাকে এটা সোণৰ মেডেল, এখন প্রশস্তিপত্র আৰু
যথেষ্ট নগদ ধন। এই ধনৰ পৰিমাণ নোবেল ফাউণ্ডেছনৰ আয়ৰ
ওপৰত নির্ভৰ কৰে। সেই বাবে প্রতি বছৰে এই ধনৰ পৰিমাণ বাঢ়ি যাব পাৰে। একাধিক লোকে এই পুৰস্কাৰ পালে পুৰস্কাৰৰ ধন সমানে বা
উপযুক্ত অনুপাতত ভগাই দিয়া হয়। কোনো এটা বছৰত যদি পুৰস্কাৰ প্রদান স্থগিত ৰখা হয়, তেন্তে পাছৰ বছৰ এই
পুৰস্কাৰ একেলগে দিয়া হ’ব পাৰে। প্রথম আৰু দ্বিতীয় মহাযুদ্ধৰ
সময়ত এইদৰে নোবেল বঁটা প্রদান স্থগিত ৰখা হৈছিল। আনহাতে কোনোবাই যদি পুৰস্কাৰ
গ্রহণ কৰিবলৈ অস্বীকাৰ কৰে তেন্তে সেই ধন কিছু নির্দিষ্ট সময়ৰ পাছত নোবেল
ফাউণ্ডেছনৰ পুঁজিলৈ ঘূৰি যায়। বিভিন্ন কাৰণত এনে প্রত্যাখ্যান হ’ব পাৰে। কেতিয়াবা প্রাপকজনহে নিজেই গ্রহণ নকৰিব পাৰে আৰু কেতিয়াবা
ৰাজনৈতিকভাৱেও তেওঁক গ্রহণ নকৰিবলৈ কোৱা হ’ব পাৰে। উদাহৰণস্বৰূপে ১৯৩৫ চনৰ শান্তিৰ নোবেল বঁটা নাজী বিৰোধী সাংবাদিক
কার্ল ভন অছিয়েটজকিক দিয়াত জার্মানীৰ স্বেচ্ছাচাৰী একচ্ছত্ৰী শাসক এডলফ্ হিটলাৰ্ ইমান অসন্তুষ্ট হৈছিল যে
তেওঁ সকলো জার্মান ব্যক্তিক ভৱিষ্যতে এই পুৰস্কাৰ গ্রহণ কৰাৰ বাবে বাৰণ কৰিছিল।
কোনো প্রাপকে যদি প্রথমে বাধ্যত পৰি এই বঁটা গ্রহণ নকৰে, কিন্তু
পাছত কেতিয়াবা সেই বঁটা প্রত্যাখিত হোৱাৰ প্রকৃত কাৰণ উন্মোচন কৰি বঁটা গ্রহণ
কৰিবলৈ নিজৰ ইচ্ছাৰ কথা জনায়, তেন্তে তেওঁক সেই বটাঁৰ মেডেল
আৰু প্রশস্তিপত্র দিয়া হ’ব পাৰে, কিন্তু
ধনখিনি দিয়া নহয়। কাৰণ সেয়া ইতিমধ্যেই মূল পুঁজিত জমা হৈ যায়।
নোবেল পুৰস্কাৰ, ২০২২
পদার্থ বিজ্ঞান
২০২২ চনৰ
পদার্থবিজ্ঞানৰ নোবেল পুৰস্কাৰ লাভ কৰিছে ফ্রান্সৰ এলেন এছপেক্ট (Alain Aspect), আমেৰিকা যুক্তৰাষ্ট্রৰ
জন এফ ক্ল’জাৰ (John F. Clauser)
আৰু অষ্ট্রিয়াৰ এণ্টন জেলিংগাৰে (Anton Zeilinger)। ‘আটক হৈ থকা’ (entangled) ফ’টন সম্পর্কত
পৰীক্ষা-নিৰীক্ষা, বে’ল অসমীকৰণৰ ব্যতিক্রমৰ ব্যাখ্যা আৰু কোৱাণ্টাম তথ্য
বিজ্ঞানৰ ক্ষেত্রত দিকদর্শী আৱিষ্কাৰৰ বাবে (“for experiments with
entangled photons, establishing the violation of Bell inequalities and
pioneering quantum information science”) তেওঁলোকলৈ এই পুৰস্কাৰ আগবঢ়োৱা হৈছে।
এলেন এছপেক্ট, জন এফ ক্ল’জাৰ আৰু এণ্টন জেলিংগাৰ |
‘আটক হৈ থকা’ (entangled) ফ’টন হ’ল ফ’টনৰ এনে এক অৱস্থা, যি অৱস্থাত দুটা বা ততোধিক ফ’টন কণাই পৃথক হৈ থকা অৱস্থাতো একেটা কণাৰ দৰে আচৰণ কৰে। কোৱাণ্টাম বলবিদ্যাৰ এই নতুন জ্ঞান ইতিমধ্যে বিভিন্ন ক্ষেত্রত ব্যৱহাৰ কৰা হৈছে। বিশেষকৈ কোৱাণ্টাম কম্পিউটাৰ, কোৱাণ্টাম নেটৱর্ক, আৰু কোৱাণ্টাম সংকেতৰ ওপৰত নির্ভৰশীল বিশ্বাসযোগ্য যোগাযোগ ব্যৱস্থাত ইয়াৰ যথেষ্ট ব্যৱহাৰ আছে। বিজ্ঞানীত্রয়ৰ গৱেষণাৰ সফলতাই কোৱাণ্টাম তথ্যৰ ওপৰত নির্ভৰ কৰি নতুন প্রযুক্তিৰ বাটো মুকলি কৰি দিলে। ইণ্টাৰনেট, ম’বাইল ফোনেৰে যোগাযোগ ব্যৱস্থা আৰম্ভ হোৱাৰে পৰা হেকাৰে বিভিন্ন উপায়েৰে গুৰুত্বপূর্ণ তথ্য চুৰি, বেংকৰ টকা আত্মসাৎ, ফোন টেপিং আদি অনৈতিক কামেৰে এইবোৰ পদ্ধতি ব্যৱহাৰকাৰী লোকসকলক ব্যতিব্যস্ত কৰি আহিছে। বিজ্ঞানী কেইজনৰ আৱিষ্কাৰৰ সহায়ত হেকাৰৰ পৰা সম্পূর্ণ মুক্ত টেলি-যোগাযোগ ব্যৱস্থা স্থাপন কৰিব পৰাও যাব।
কোৱাণ্টাম বলবিদ্যাৰ কি তত্ত্বই বাৰু কেনেকৈ দুটা বা ততোধিক কণাক ‘আটক’ (entangled) হৈ থকাটো সমর্থন কৰে? সেই অৱস্থাত কণাসমূহ পৃথক হৈ থাকিলেও এটা কণাৰ প্রকৃতিয়ে আনটো কণাকো একে প্রকৃতিত থাকিবলৈ বাধ্য কৰে। এই প্রশ্নৰ উত্তৰ বহুত বছৰ ধৰি বিজ্ঞানীসকলে পোৱা নাছিল। বহুতে ভাবিছিল যে কিছুমান লুক্কায়িত চলকে হয়তো সেয়া নিয়ন্ত্রণ কৰে। ১৯৬০ ৰ দশকত জন ষ্টুৱার্ট বে’লে এক গাণিতিক অসমীকৰণৰ (যাক ‘বে’ল অসমীকৰণ’ বুলি জনা যায়) দ্বাৰা দেখুৱাইছিল যে যদি তেনে কোনো লুক্কায়িত চলক থাকেও, তেতিয়াও সিহঁতৰ মাজৰ সম্পর্ক এক নির্দিষ্ট মানতকৈ বেছি হ’ব নোৱাৰে। কিন্তু কোৱাণ্টাম বলবিদ্যাৰ কিছুমান পৰীক্ষাই বে’লৰ এই অসমীকৰণ উলংঘা কৰিছিল।
জন ক্ল’জাৰে বে’লৰ সেই ধাৰণাৰ সংশোধন ঘটালে। তেওঁ পৰীক্ষাৰ দ্বাৰা প্রমাণ কৰি দেখুৱালে যে লুক্কায়িত চলকৰ ধাৰণাটোৱেই ভুল। পিছে সেই পৰীক্ষাৰ ভিত্তিত ক্ল’জাৰে যি মতামত পোষণ কৰিছিল, তাতো কিছুমান অশুদ্ধি থাকি গৈছিল। এলেন এছপেক্টে ক্ল’জাৰৰ পৰীক্ষাটোকেই অধিক আগবঢ়াই নি সেই অশুদ্ধিবোৰ দূৰ কৰি ক্ল’জাৰৰ তত্ত্বক এক গ্রহণযোগ্য ৰূপ দিবলৈ সমর্থ হ’ল।
তাৰ পাছত অধিক উন্নত সঁজুলি আৰু এক
দীঘলীয়া শ্রেণীৰ পৰীক্ষা-নিৰীক্ষা চলাই এণ্টন জেলিংগাৰে ‘এই আটক হৈ থকা’
(entangled) কোৱাণ্টাম অৱস্থাক ব্যৱহাৰিক ক্ষেত্রত প্রয়োগ কৰিবলৈ ল’লে। তেনে এক পৰীক্ষাৰ
যোগেদি জেলিংগাৰৰ নেতৃত্বাধীন এক দলে ‘কোৱাণ্টাম টেলিপর্টেছন’
(Quantum Teleportation) নামেৰে এক পৰিঘটনা প্রদর্শন কৰি দেখুৱালে যে দূৰৰ পৰাই এটা কণাৰ কোৱাণ্টাম
পর্যায় আন এক পর্যায়লৈ সলনি কৰিব পাৰি।
পদার্থবিজ্ঞানৰ বাবে নোবেল কমিটিৰ
অধ্যক্ষ আন্দ্রেছে নোবেল বঁটাপ্রাপকসকলৰ এই কৃতিত্ব সম্পর্কত কৈছে – “এই কথা এতিয়া
সন্দেহাতীতভাৱে স্পষ্ট হৈ পৰিল যে কোৱাণ্টাম
প্রযুক্তিবিদ্যাৰ এক নতুন প্রকাৰ সৃষ্টি হৈছে। আমি লক্ষ্য কৰিছোঁ যে তেওঁলোকে ‘আটক অৱস্থাত থকা’ (entangled) কণাবোৰৰ সম্পর্কত যিবোৰ অভিনৱ
কথা জানিবলৈ দিছে, সেইবোৰ কিছুমান গুৰুত্বপূর্ণ কামত ব্যৱহাৰ কৰিব পৰা যাব৷”
ৰসায়ন বিজ্ঞান
২০২২ চনৰ ৰসায়ন বিজ্ঞানৰ নোবেল বঁটা লাভ
কৰিছে আমেৰিকা
যুক্তৰাষ্ট্রৰ দুগৰাকী বিজ্ঞানী কেৰ’লিন আৰ বার্ট’জি (Carolyn R. Bertozzi) আৰু কার্ল বেৰী
ছার্পলেছৰ (Karl Barry Sharpless) লগতে ডেনমার্কৰ
বিজ্ঞানী মর্টেন মেলডালে (Morten Meldal)। ‘ক্লিক্ ৰসায়ন আৰু বায়’অর্থগ’নেল ৰসায়নৰ বিকাশ’ৰ (“for the development of click chemistry and bioorthogonal chemistry”) বাবে তেওঁলোকলৈ এই বঁটা আগবঢ়োৱা হৈছে। অণুৰ ৰাসায়নিক প্রক্রিয়া অর্থাৎ অণুৰ
গঠন আৰু সংযুক্তিসম্পর্কিত এই আৱিষ্কাৰ নিঃসন্দেহে যুগান্তকাৰী।
কেৰ’লিন আৰ বার্ট’জি,
কার্ল বেৰী ছার্পলেছ আৰু মর্টেন মেলডাল |
বার্ট’জি আমেৰিকা যুক্তৰাষ্ট্রৰ ষ্টানফ’র্ড বিশ্ববিদ্যালয়ত কর্মৰত আৰু ছার্পলেছে আমেৰিকা যুক্তৰাষ্ট্রৰ লা জোলাৰ ‘স্ক্রিপছ ৰিছার্ছ’ত গৱেষণাৰ কাম কৰে। আনহাতে মেলডাল ডেনমার্কৰ ক’পেনহাগেন বিশ্ববিদ্যালয়ৰ অধ্যাপক। কার্ল বেৰী ছার্পলেছে ইয়াৰ আগতে ২০০১ চনতো নোবেল পুৰস্কাৰ লাভ কৰিছিল। একেটা বিষয়ত নোবেল বঁটা পোৱা তেওঁ দ্বিতীয় বিজ্ঞানী। ক্লিক ৰসায়ন সম্পর্কত তেওঁলোকৰ সফল গৱেষণাই ভৱিষ্যতে ফার্মাচিউটিকেল ক্ষেত্রক প্রভূত সহায় কৰিব।
ক্লিক ৰসায়ন হ’ল ৰসায়ন বিজ্ঞানৰে এক শাখা। এই শাখাত ৰাসায়নিক পদার্থসমূহক আয়নীয় বিল্ডিং ব্লকৰ ৰূপত ক্ষিপ্র গতিত আৰু সুদক্ষভাৱে সংযোগ কৰি নতুন ৰাসায়নিক দ্রব্য তৈয়াৰ কৰা হয়। বেৰী ছার্পলেছ আৰু মর্টেন মেলডালে এই ক্লিক ৰসায়নৰ ভেঁটি নির্মাণ কৰিছিল। কেৰ’লিন বার্ট’জিয়ে এই ক্লিক ৰসায়নক জীৱিত কণাৰ দেহত ব্যৱহাৰ কৰি ইয়াক এক নতুন মাত্রা প্রদান কৰিছিল।
বিশেষ গুণসম্পন্ন হোৱাকৈ জটিল ৰাসায়নিক
দ্রব্য তৈয়াৰ কৰাটো ৰসায়ন বিজ্ঞানীসকলৰ এক সপোন। সেই পৰিকল্পনাকে বাস্তৱায়িত কৰি
ফার্মাচিউটিকেল ক্ষেত্রত কিছুমান প্রাকৃতিক অণুক পুনৰ সৃষ্টি কৰা হৈছিল আৰু সেই
অণুবোৰত কিছুমান গুণ আৰোপ কৰা হৈছিল। সেইবোৰে খুব ভালেই কাম কৰিছিল, সেই উৎপাদন পদ্ধতি বেছ
খৰচী আছিল। ক্লিক ৰসায়নৰ যোগেদি সেই কাম সৰল পদ্ধতিত, কম খৰচত কৰিব পৰা গ’ল।
বেৰী ছার্পলেছে ২০০০ চনৰ আশেপাশে ক্লিক ৰসায়নৰ ধাৰণাৰ সৃষ্টি কৰিছিল। এই প্রকাৰ ৰাসায়নিক পদ্ধতি আছিল বেছ সৰল আৰু বিশ্বাসযোগ্য, অথচ এই পদ্ধতিত ৰাসায়নিক বিক্রিয়াবোৰ দ্রুত গতিত সংঘটিত হৈছিল আৰু অবাঞ্ছনীয় উপজাত সামগ্রী দূৰ কৰিব পৰা গৈছিল। তাৰ পাছতে মৰটেন মেলডেল আৰু বেৰী ছার্পলেছে – এজনে আনজনৰ কামৰ কথা নজনাকৈ স্বতন্ত্রভাবে আন এক আৱিষ্কাৰ কৰিলে। তেওঁলোকে ক্লিক ৰসায়নৰ ক্ষেত্রত প্রথম গুৰুত্বপূর্ণ পদ্ধতি, কম সময়তে সংঘটিত কৰিব পৰা ‘ক’পাৰ কেটেলাইজড্ এজাইড-এলকাইন চাইক্ল’এডিছন’ৰ বিকাশ কৰিলে। ইয়াক আন ব্যৱহাৰৰ লগতে ফার্মাচিউটিকেলৰ বিকাশত, ডি এন এ’ মেপিং আৰু অধিক উপযুক্ত দ্রব্যৰ সৃষ্টি আদি কামত ব্যৱহাৰ কৰিব পৰা গ’ল।
কেৰ’লিন বার্ট’জিয়ে
ক্লিক ৰসায়নক এক নতুন পর্যায়লৈ উত্তীৰ্ণ কৰিলে। কোষৰ পৃষ্ঠৰ বিশেষ
জৈৱিক অণু – গ্লাইকন ‘মেপ’
(Map) কৰিবৰ বাবে তেওঁ এনে এক ক্লিক বিক্রিয়াৰ বিকাশ ঘটালে, যি বিক্রিয়া জীৱদেহৰ ভিতৰতো সংঘটিত হ’ব পাৰে। আনহাতে
এই বিক্রিয়াত কোষৰ নিজা ৰসায়নৰো একো পৰিৱর্তন নঘটে। কোষৰ প্রকৃতিৰ বিষয়ে অধিক
জানিবলৈ আৰু জৈৱিক পদ্ধতিবোৰ অনুসৰণ কৰিবলৈ এই পদ্ধতি এতিয়া সমগ্র বিজ্ঞান বিশ্বই
ব্যৱহাৰ কৰে।
ৰসায়ন বিজ্ঞানৰ নোবেল কমিটিৰ অধ্যক্ষ যোহান একভিষ্টে বঁটাপ্রাপকসকলৰ সম্পর্কত কৈছে – “এই বছৰৰ ৰসায়ন বিজ্ঞানৰ পুৰস্কাৰত অতি জটিল ৰাসায়নিক দ্রব্য সৃষ্টিৰ পদ্ধতিতকৈ সহজ-সৰল, অথচ কার্যকৰী পদ্ধতিত গুৰুত্ব দিয়া হৈছে। এই পদ্ধতিৰে কিছুমান অভিনৱ অণুক পোনপটীয়া পথেৰে তৈয়াৰ কৰিব পৰা যাব।”
চিকিৎসা বিজ্ঞান
২০২২ চনৰ চিকিৎসা
বিজ্ঞানৰ নোবেল পুৰস্কাৰ লাভ কৰিছে ছাণ্টে পাব’ই (Svante Paabo)। ‘বিলুপ্ত মানৱসদৃশ
প্রজাতিৰ জিনম আৰু মানৱ বিৱর্তনৰ ক্ষেত্রত তেওঁৰ আৱিষ্কাৰ’ৰ
(for
his discoveries concerning the genomes of extinct hominins and human evolution) বাবে পাব’লৈ এই বঁটা আগবঢ়োৱা হৈছে। নোবেল কমিটিয়ে উল্লেখ কৰিছে যে
পাব’ই তেওঁৰ গৱেষণাৰ জৰিয়তে মানৱ প্রজাতিৰ বিবর্তনত জিন’মৰ ভূমিকাৰ লগতে মানৱ প্রজাতিৰ লগত সম্পর্কিত বিলুপ্ত হৈ যোৱা
প্রজাতিসমূহৰ বিষয়ে ব্যাখ্যা আগবঢ়াইছে।
ছাণ্টে পাব’ |
মানুহৰ আদিম ৰূপ কি
আছিল, তাৰ
ৰহস্য এতিয়াও সম্পূর্ণৰূপে খোল খোৱা নাই। আমি ক’ৰ পৰা আহিলোঁ,
আমাৰ আগতে থকা প্রজাতিসমূহৰ লগত আমাৰ সম্পর্ক কি, আমি আন সকলো মানৱসদৃশ প্রজাতিৰ পৰা পৃথক এক প্রজাতি ‘হ’ম’
ছেপিয়েন’ (Homo Sapiens) হিচাপে কেনেকৈ সৃষ্টি হ’লোঁ – এইবোৰ প্রশ্নৰ সন্দেহাতীত উত্তৰ কোনেও দিবলৈ সক্ষম হোৱা নাই। পাব’ই তেওঁৰ দিকসৃষ্টিকাৰী গৱেষণাৰ যোগেদি কিছুমান অসম্ভৱপ্রায় ঘটনা সম্ভৱ কৰি তুলিছিল। তেওঁ বর্তমানৰ মানৱ-প্রজাতিৰ এক
নিকট সম্পর্কীয় প্রজাতি নিয়েণ্ডাৰথালৰ জিন’ম শ্রেণীৱদ্ধকৰণ (Sequencing) কৰিবলৈ সক্ষম হৈছিল।
আমি আগতে নজনা আন এক মানৱসদৃশ প্রজাতি ‘ডেনিছ’ভা’
(Denisova) সম্পর্কত কিছু চমকপ্রদ তথ্য আৱিষ্কাৰ কৰিবলৈও তেওঁ সক্ষম হৈছিল। পাব’য়ে এই গুৰুত্বপূর্ণ
আৱিষ্কাৰ কৰিছিল যে সেইবোৰ বিলুপ্ত মানৱসদৃশ প্রজাতিৰ পৰা হ’ম’
ছেপিয়েনলৈ (বর্তমানৰ মানৱ প্রজাতি) কিছুমান জিন স্থানান্তৰিত হৈছিল
আৰু প্রায় ৭০,০০০ বছৰ আগতে হ’ম’
ছেপিয়েনসকলে আফ্রিকাৰ পৰা পৰিব্রজন কৰাৰ সময়ত সেয়া সংঘটিত হৈছিল।
জিনৰ এই প্রাচীন স্থানান্তৰণে বর্তমানৰ মানৱ প্রজাতিৰ শাৰীৰিক আৰু
দৈহিক তন্ত্রসমূহৰ পৰিৱর্তনৰ ক্ষেত্রতো সহায় কৰিছিল। উদাহৰণস্বৰূপে আমাৰ
প্রতিৰক্ষা তন্ত্রই কোনো জীৱাণুৰ সংক্রমণৰ সময়ত কেনেদৰে প্রতিক্রিয়া কৰিব লাগে, সেয়া তেতিয়াই নিৰূপিত
হৈছিল।
পাব’ৰ এই মৌলিক আৱিষ্কাৰসমূহে এক সম্পূর্ণভাৱে নতুন বৈজ্ঞানিক ক্ষেত্রৰ সৃষ্টি কৰিছে। এই নতুন শাখাটোৰ নাম দিয়া হৈছে ‘পালিঅ’জিন’মিক্স’ (Paleogenomics)। এই শাখাত বিলুপ্ত প্রজাতিৰ জিনীয় তথ্যৰ পুনর্গঠন আৰু বিশ্লেষণ কৰা হয়। সংগ্রহালয়সমূহত সংৰক্ষিত কংকালসমূহ, বৰফৰ গভীৰতাত বা প্রত্নতাত্ত্বিক স্থানসমূহত থকা প্রাচীন জীৱাশ্মৰ ডি এন এ’-বোৰৰ (ancient DNA – aDNA) নিষ্কাষণ পদ্ধতি উন্নত হৈ উঠাৰ পৰিপ্রেক্ষিতত এতিয়া এনে বিশ্লেষণ সম্ভৱ হৈ উঠিছে। আনকি এতিয়া পৰৱর্তী প্রজন্মসমূহত ডি এন এ’-সমূহৰ কি ৰূপান্তৰণ হ’ব পাৰে, তাকো ধাৰণা কৰিব পৰা গৈছে।
বিলুপ্তপ্রায় মানৱসদৃশ প্রজাতিৰ লগত বর্তমানৰ মানৱ প্রজাতিৰ জিনীয় পার্থক্যৰ আৱিষ্কাৰে এতিয়া আমাক এই
কথা জনাতো সহায় কৰিব যে আমি কেনেকৈ এই অনন্য মানৱ জীৱন লাভ কৰিলো।
অর্থনীতি বিজ্ঞান
২০২২ চনত অর্থনীতি বিজ্ঞানৰ নোবেল পুৰস্কাৰ লাভ কৰিছে তিনিজন আমেৰিকান অর্থনীতিবিদ ক্রমে বেন এছ বাৰ্নানকে (Ben S. Bernanke), ডগলাছ ডব্লিউ ডায়মণ্ড (Douglas W. Diamond) আৰু ফিলিপ এইচ ডিবভিগে (Philip H. Dybvig)। বার্ণানকে বাছিংটন ডি চিৰ ব্রুকলিন ইন্সটিটিউটত কর্মৰত, ডায়মণ্ড চিকাগ’ বিশ্ববিদ্যালয়ৰ অধ্যাপক আৰু ডিবভিগ বাছিংটন বিশ্ববিদ্যালয়ৰ অধ্যাপক। ‘বেংক আৰু বিত্তীয় সংকটৰ সম্পর্কত কৰা গৱেষণা’ৰ (“for research on banks and financial crises”) বাবে তেওঁলোকক এই বঁটাৰ বাবে নির্বাচিত কৰা হৈছে। নোবেল কমিটিয়ে জনাইছে যে তেওঁলোকৰ গৱেষণাই অর্থনীতিত বিত্তীয় সংকটৰ সময়ত বেংকসমূহৰ ভূমিকা আৰু কিদৰে বিত্তীয় বজাৰক নিয়ন্ত্রণ কৰিব পৰা যায়, সেই সম্পর্কে বুজাত সহায় কৰিছে আৰু লগতে সেই সমস্যাসমূহ কেনেকৈ সমাধান কৰিব পাৰি তাৰো পথ-নির্দেশনা দিছে।
বেন এছ বার্ণানকে, ডগলাছ ডব্লিউ ডায়মণ্ড আৰু ফিলিপ এইচ ডিবভিগে |
অর্থনীতিবিদ ডায়মণ্ড আৰু ডিবভিগে উদ্ভাৱন
কৰা তাত্ত্বিক মডেলে বেংকসমূহৰ অৱস্থান, সমাজত বেংকসমূহৰ ভূমিকা, বেংকসমূহৰ অবস্থা শোচনীয় হৈ পৰা আৰু এনে দুৰৱস্থা
সমাজে কিদৰে হ্রাস কৰিব পৰা যায়, সেই সম্পর্কে ব্যাখ্যা কৰে।
শোচনীয় হৈ পৰা বেংকক উদ্ধাৰ কৰিবৰ বাবে ডায়মণ্ড আৰু ডিবভিগে চৰকাৰৰ ধন ‘ডিপ’জিট ইঞ্চিঅ’ৰেঞ্চ’ ৰূপত ৰাখি সমাধানৰ সূত্র আগ বঢ়াইছিল। যেতিয়া গ্রাহকসকলে বেংকত জমা থকা ধনৰ
চৰকাৰে গেৰাণ্টি দিয়া বুলি জানিব পাৰে, তেতিয়া বেংক দেউলীয়া হ’ব বুলি উৰাবাতৰি ওলালেও
গ্রাহকসকলে সেয়া বিশ্বাস নকৰে আৰু নিজৰ টকা-পইচা উলিয়াই নিনিয়ে।
বেংকসমূহে কেনেকৈ সামাজিকভাৱে গুৰুত্বপূর্ণ আন
কামসমূহো কৰিব পাৰে, ডায়মণ্ডে সেয়াও দেখুৱাইছে। বেংক হ’ল জমা ৰাখোঁতা আৰু ঋণ লওঁতাসকলৰ
মধ্যৱর্তী এক প্রতিষ্ঠান। বেংকসমূহে কেনেকৈ ধাৰ লওঁতাসকলক
সুদক্ষভাৱে নির্বাচন কৰিব পাৰে আৰু লগতে ধন জমা ৰাখোঁতাসকলৰ মনতো এনে ভাব সৃষ্টি কৰিব পাৰে যে তেওঁলোকৰ ধন উচিত স্থানতে
বিনিয়োগ কৰা হৈছে, তেওঁ তাৰ বিশ্লেষণ আগ বঢ়াইছে।
বেন বাৰনাকেই আধুনিক যুগৰ আটাইতকৈ বৃহৎ
অর্থনৈতিক সংকট ‘১৯৩০-অৰ দশকৰ দুৰৱস্থা’ সম্পর্কত গভীৰ
বিশ্লেষণ কৰিছিল। সেই সংকটৰ আন কিছুমান কাৰণ থাকিলেও তেওঁ দেখুৱাইছে যে সেই সময়ত
বেংকসমূহ যিভাৱে পৰিচালনা কৰা হৈছিল, সেয়া
ভুল আছিল আৰু সেই ভুলৰ বাবেই অর্থনৈতিক সংকট অধিক গুৰুতৰ আৰু দীঘলীয়া হৈছিল।
বেংকসমূহ যেতিয়া দেউলীয়া হৈ বন্ধ হৈ গৈছিল, তেতিয়া তাৰ লগে
লগে ঋণ লওঁতাসকলৰ সম্পর্কীয় তথ্য-পাতিও নাইকিয়া হৈ গৈছিল।
অর্থনীতি বিজ্ঞানৰ নোবেল পুৰস্কাৰ কমিটিৰ
অধ্যক্ষ টৰে এলিংছেনে কৈছে যে বঁটাপ্রাপকসকলৰ অন্তর্দৃষ্টিয়ে আমাক বৃহৎ অর্থনৈতিক
সমস্যা আৰু ব্যয়বহুল সমাধান সম্পর্কত অধিক সচেতন কৰি তুলিব।
শান্তি
২০২২ চনৰ শান্তিৰ নোবেল পুৰস্কাৰ আগ বঢ়োৱা হৈছে এগৰাকী ব্যক্তি আৰু দুটা সংগঠনলৈ। বেলাৰুছৰ মানৱ অধিকাৰ কর্মী আলেছ বিয়ালিয়াটস্কি (Ales Bialiatski), ৰাছিয়াৰ মানৱ অধিকাৰ সংগঠন ‘মেম’ৰিয়েল’ (Memorial) আৰু ইউক্রেইনৰ মানৱ অধিকাৰ সংগঠন ‘চেণ্টাৰ ফৰ চিভিল লিবার্টিজ’লৈ (Centre for Civil Libarties) এই বঁটা আগবঢ়োৱা হৈছে।
আলেছ বিয়ালিয়াটস্কি, মেমৰিয়েল আৰু চেণ্টাৰ ফৰ চিভিল লিবার্টিজ |
১৯৮০ দশকৰ মাজভাগত বেলাৰুছত গণতন্ত্র প্রতিষ্ঠাৰ বাবে হোৱা আন্দোলনত আলেছ বিয়ালিয়াটস্কিয়ে নেতৃস্থানীয় ভূমিকা গ্রহণ কৰিছিল। নিজৰ দেশৰ শান্তিপূর্ণ উন্নয়ন আৰু গণতন্ত্র ৰক্ষাৰ বাবে বিয়ালিয়াটস্কিয়ে আজীৱন সংগ্রাম কৰিছিল। ১৯৯৬ চনত তেওঁ ৰাষ্ট্রপতিৰ একনায়কত্ববাদী ক্ষমতা বৃদ্ধি কৰিবলৈ বিতর্কিত সংবিধান সংশোধনৰ বিৰুদ্ধে জোৰ প্রতিবাদ কৰিবলৈ ‘Viasna’ (অর্থ– বসন্ত) নামৰ এক সংগঠন প্রতিষ্ঠা কৰে। এই আন্দোলনত জড়িত যিসকল লোক নিৰ্যাতিত হৈছিল বা কাৰাবাস খাটিছিল, Viasna-ই সেইসকলক সমর্থন কৰিছিল আৰু লগতে তেওঁলোকৰ পৰিয়ালবর্গলৈ অন্ন-বস্ত্র আৰু অন্যান্য সহায় আগ বঢ়াইছিল। চৰকাৰে তেওঁৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ যথেষ্ট চেষ্টা কৰিছিল। তেওঁক ২০১১ চনৰ পৰা ২০১৪ চনলৈ কাৰাৰুদ্ধ কৰি ৰখা হৈছিল। ২০২০ চনত শাসক পক্ষৰ বিৰুদ্ধে সজোৰ প্রতিবাদ কৰাৰ পাছত তেওঁক আকৌ আটক কৰা হৈছিল। তেওঁ এতিয়াও কাৰাবন্দী হৈয়েই আছে, কিন্তু কঠিন সমস্যাৰ মাজতো তেওঁ নিজৰ লক্ষ্য আৰু আদর্শৰ পৰা এক বিন্দুও লৰচৰ কৰা নাই।
১৯৮৭ চনত পূর্বৰ ছোভিয়েট ইউনিয়নৰ কিছু সংখ্যক মানৱ অধিকাৰ কর্মীয়ে ‘মেম’ৰিয়েল’ নামৰ সংগঠনটো প্রতিষ্ঠা কৰে। তেওঁলোকৰ লক্ষ্য আছিল- কমিউনিষ্ট শাসনৰ সময়ত যিসকল লোক অন্যায়-অবিচাৰ-অত্যাচাৰৰ সমুখীন হৈছিল, সেইসকল লোকৰ কথা যাতে মানুহে পাহৰি নাযায়। নোবেল বঁটা বিজয়ী আন্দ্রেই ছাখাৰভ আৰু মানৱ অধিকাৰ কর্মী শ্বেটলানা গানুছকিনা এই সংগঠনৰ প্রতিষ্ঠাতা আছিল। এই মতবাদৰ ভিত্তিত ‘মেম’ৰিয়েল’ প্রতিষ্ঠা কৰা হৈছিল য নতুন অপৰাধবোৰ প্রতিৰোধ কৰাৰ ক্ষেত্রত পুৰণি অপৰাধবোৰৰ বিষয়ে বিশদভাৱে জানি সেইবোৰৰ প্রতিবাদ কৰাটো বেছ জৰুৰী। ছোভিয়েট ইউনিয়নৰ বিভংগনৰ পাছত ‘মেম’ৰিয়েল’ ৰাছিয়াৰ সর্ববৃহৎ মানৱ অধিকাৰ সংগঠনত পৰিণত হয়। ৰাছিয়াত ষ্টেলিনৰ শাসনৰ সময়ৰ অত্যাচাৰসমূহৰ ফটো, বর্ণনা আদি সংগ্রহ কৰাৰ উপৰি তেওঁলোকে ৰাছিয়াৰ পাছৰ পৰ্যায়ৰো ৰাজনৈতিক নিষ্পেষণ আৰু মানৱ অধিকাৰ ভংগৰ ঘটনাবোৰৰ বিষয়ে তথ্য সংগ্রহ কৰি সেইবোৰক পদ্ধতিগতভাৱে সংৰক্ষণ কৰি ৰাখিছে। তদুপৰি এই সংগঠনে সামৰিক আগ্রাসন আৰু মানৱ অধিকাৰ ভংগৰ বিৰুদ্ধে নিৰন্তৰে কাম কৰি আছে। ২০২১ চনৰ ডিচেম্বৰত কর্তৃপক্ষই ‘মেম’ৰিয়েল’ৰ তথ্য কেন্দ্রটোক বন্ধ কৰি দিয়ে। অৱশ্যে ‘মেম’ৰিয়েল’ৰ আঁৰৰ মানুহবোৰে তাক মানি ল’বলৈ অস্বীকাৰ কৰিছে।
ইউক্রেইনত মানৱ অধিকাৰ আৰু গণতন্ত্রক
আগ বঢ়াই লৈ যাবৰ বাবে ২০০৭ চনত কিয়েভত ‘চেণ্টাৰ ফৰ চিভিল লিবার্টিজ’ প্রতিষ্ঠা কৰা হয়। ইউক্রেইনৰ অসামৰিক লোকসকলক শক্তিশালী কৰিবলৈ আৰু লগতে
ইউক্রেইনত পূর্ণাংগ গণতন্ত্র প্রতিষ্ঠা কৰিবৰ বাবে এই সংগঠনটোৱে চেষ্টা চলাই আহিছে।
ইউক্রেইনত যাতে আইনৰ শাসন চলে, তাক সুনিশ্চিত কৰিবলৈ এই
সংগঠনে ইউক্রেইনক ‘আন্তর্জাতিক ক্রিমিনেল ক’র্ট’ৰ অন্তর্ভুক্ত কৰিবলৈও দাবী জনাই আহিছে। ২০২২ চনৰ
ফেব্রুৱাৰিত ৰাছিয়াই ইউক্রেইন আক্রমণ কৰাৰ পাছত এই সংগঠনে ৰাছিয়াই যুদ্ধৰ সময়ত
কিবোৰ নীতিবিৰুদ্ধ কাম কৰিছিল, সেই বিষয়ে তথ্য সংগ্রহ কৰি
ৰাখিছে। যুদ্ধ অপৰাধীসকলক তেওঁলোকৰ অপৰাধৰ বাবে দোষী সাব্যস্ত কৰিবৰ বাবে এই
সংগঠনে চেষ্টা চলাই আহিছে।
সাহিত্য
২০২২ চনৰ সাহিত্যৰ নোবেল পুৰস্কাৰ লাভ
কৰিছে ফৰাচী সাহিত্যিক এনি আৰণেঁ (Annie Ernaux)। সাহিত্য বিভাগত নোবেল
পুৰস্কাৰ আগ বঢ়োৱা ছুইডিছ একাডেমীয়ে উল্লেখ কৰিছে যে এনি আৰণঁৰ লেখাত সদায় এক পৃথক
দৃষ্টিকোণ পৰিলক্ষিত হয়। সাহিত্য ৰচনাত ক্ষেত্রত তেওঁ এক সুদীর্ঘ আৰু কঠিন পথ
অতিক্রম কৰি আহিছে আৰু সফল সাহিত্যিক হিচাপে নিজকে প্রতিষ্ঠিত কৰিবলৈ সক্ষম হৈছে।
তেওঁৰ ৰচনাত লিংগ বৈষম্য, শ্রেণী বিভাজন, ভাষা আদিয়ে যথেষ্ট
গুৰুত্ব লাভ কৰিছে।
এনি আৰণঁ |
ফ্রাঞ্চৰ নর্মাণ্ডিৰ এটা শ্রমিক পৰিয়ালত
১৯৪০ চনত আৰণঁৰ জন্ম হৈছিল। তেওঁ ৰুয়েঁ আৰু ব’র্ড’ বিশ্ববিদ্যালয়ত সাহিত্য বিষয়ত অধ্যয়ন কৰিছিল। বিশ্ববিদ্যালয়ত পঢ়ি থকা সময়ৰে পৰা আৰণেঁ লিখি
আহিছে। ৮২ বছৰীয়া আৰণেঁ তেওঁৰ সাহিত্য জীৱনত বিছখনৰো অধিক গ্রন্থ ৰচনা কৰিছে। এনি
আৰণঁৰ সাহিত্যকর্মত আধুনিক ফ্রাঞ্চৰ সমাজ জীৱনৰ এক নিখুঁত ৰূপ প্রতিফলিত হৈছে।
তেওঁৰ দ্বাৰা ৰচিত বেছি সংখ্যক উপন্যাসেই আত্মজীৱনীমূলক। তেওঁৰ ব্যক্তিগত স্মৃতি
ৰোমন্থনত শিপাৰ সন্ধানৰ প্রচণ্ড স্পৃহা প্রকাশ পাইছে। যৌনতা, গর্ভপাত, অসুস্থতা, মৃত্যু আদি
সকলো ক্ষেত্রৰ অভিজ্ঞতাই তেওঁৰ ৰচনাত স্থান পাইছে। এনি আৰণঁৰ এখন বিখ্যাত উপন্যাস ‘লা প্লেচ’ত তেওঁ পিতৃৰ সৈতে নিজৰ সম্পর্ক ব্যক্ত
কৰিছে। আন এখন উপন্যাস ‘লে আনিছ’ত তেওঁ
দ্বিতীয় বিশ্বযুদ্ধৰপৰা এতিয়ালৈকে তেওঁৰ জীৱন-স্মৃতি ৰোমন্থন কৰিছে। তেওঁৰ দ্বাৰা
ৰচিত আন কেইখনমান গ্রন্থ হ’ল – ‘এ
ৱমেনছ ষ্টৰি’, ‘ছিম্পল প্লেচ’, ‘আই
ৰিমেইন ইন ডার্কনেছ’, ‘পেছন ছিম্পল’ আদি।
এই বঁটা প্রাপ্তিৰ খবৰ পোৱাৰ পাছতে
স্বাভাৱিকতে আনন্দিত আৰণেঁ প্রচাৰ মাধ্যমক কয় যে তেওঁ এই সন্মান লাভ কৰি অভিভূত
হৈছে আৰু তেওঁৰ দায়িত্ব অধিক বাঢ়িল যেন অনুভৱ কৰিছে। অহা ১০ ডিচেম্বৰত আৰণেঁ এই
বঁটা গ্রহণ কৰিব আৰু ভাৰতীয় মুদ্রাৰ হিচাপত প্রায় ৭ কোটি ৫০ লাখ টকা লাভ কৰিব।
***
কোনে কোনে নোবেল বঁটা প্রত্যাখ্যান কৰিলে : ১। লি ডুক থো – ১৯৭৩ চনত পেৰিছ শান্তি চুক্তি যোগে ভিয়েটনামত যুদ্ধবিৰতি সম্ভৱ কৰি তোলাৰ ক্ষেত্ৰত আগ বঢ়োৱা অৱদানৰ বাবে হেনৰী কিছিঞ্জাৰৰ লগত তেওঁকো শান্তিৰ নোবেল পুৰস্কাৰ দিয়া
হৈছিল, কিন্তু ভিয়েটনামত প্রকৃততে শান্তি ঘূৰি নহা বুলি কৈ
তেওঁ সেই পুৰস্কাৰ গ্রহণ নকৰিলে। ২। জাঁ পল ছার্ত্রে – ১৯৬৪ চনত তেওঁক সাহিত্যৰ নোবেল পুৰস্কাৰ দিয়া হৈছিল, কিন্তু তেওঁ গ্রহণ নকৰিলে। তেওঁৰ
যুক্তি আছিল – “মই ‘নোবেল বটা বিজয়ী জাঁ পল ছার্ত্রে’ বুলি লিখাতকৈ কেৱল জাঁ পল ছার্ত্রে বুলি লিখিবলৈহে
ভাল পাম। ... এজন লেখকক কোনোবাই এটা প্রতিষ্ঠান কৰি তুলিব খুজিলে তেওঁ তাত সন্মতি
জনাব নালাগে।“ ৩। ব’ৰিছ পেষ্টাৰনাক – ১৯৫৮ চনত তেওঁক সাহিত্যৰ নোবেল পুৰস্কাৰ দিয়া হৈছিল। ছোভিয়েট চৰকাৰে প্রতিশোধ ল’ব পাৰে বুলি তেওঁ সেয়া গ্রহণ কৰিবলৈ অস্বীকাৰ কৰিছিল। ৪। এৰিক আক্সেল কার্লফেল্ট – ১৯১৮ চনত তেওঁক সাহিত্যৰ নোবেল বঁটা দিয়া হৈছিল, কিন্তু তেওঁ নিজে ছুইডিছ একাডেমীৰ
ছেক্রেটাৰী হৈ আছিল বাবে তেওঁ এই পুৰস্কাৰ গ্রহণ নকৰিলে। পাছত ১৯৩১ চনত তেওঁক
পুনৰ এই পুৰস্কাৰ দিয়া হ’ল। কিন্তু বঁটা প্রদানৰ কিছুদিনৰ
আগতে তেওঁৰ মৃত্যু হ’ল আৰু তেওঁ সেই
পুৰস্কাৰ নিজে গ্রহণ কৰিব নোৱাৰিলে। |
নোবেল পুৰস্কাৰত যিসকলে চেকা লগালে ! ১. ডেনিয়েল কার্লেটন গাজডুছেক – ১৯৭৬ চনত তেওঁ নোবেল পুৰস্কাৰ লাভ কৰিছিল। ১৯৯৭ চনত শিশুক যৌন নিৰ্যাতন চলোৱাৰ অভিযোগত তেওঁ দোষী সাব্যস্ত হৈ ১৫ মাহ জে’লত আছিল। ২. যোহানেছ ফিবিগেৰ – পৰজীৱী জীৱই কেঞ্চাৰ সৃষ্টি কৰে বুলি আৱিষ্কাৰ কৰা বাবে
তেওঁ ১৯২৬ চনত নোবেল বঁটা লাভ কৰিছিল। কিন্তু পাছত এই আৱিষ্কাৰ ভুৱা বুলি
প্রমাণিত হয়। ৩. য়াছেৰ আৰাফট – ১৯৯৪ চনত যুটীয়াভাৱে তেওঁ শান্তিৰ নোবেল বটা লাভ কৰিছিল। এই ঘোষণাৰ পাছত
নোবেল কমিটিৰ সদস্য কাৰে ক্রিষ্টিয়ানছেনে পদত্যাগ কৰি প্রশ্ন তুলিছিল, “এনেকুৱা পশ্চাদপটৰ এজন
সন্ত্রাসবাদীয়ে যদি এই সন্মানজনক পুৰস্কাৰ লাভ কৰে, তেন্তে
তাৰ ফলাফল কেনেকৈ ভাল হ’ব?” |
নোবেল পুৰস্কাৰৰ কেইটামান আমোদজনক কথা - আলফ্রেড নোবেলে নোবেল পুৰস্কাৰ সম্পর্কীয় চূড়ান্ত ড্রাফটটো পেৰিছৰ
ছুইডিছ ক্লাবত এটুকুৰা ফটা কাগজত চাৰিজন সাক্ষীৰ সমুখত লিখিছিল। কাৰণ তেওঁ
উকীলক মুঠেই বিশ্বাস কৰা নাছিল। - পাৰমাণৱিক বিভংগন পৰিঘটনা আৱিষ্কাৰৰ লগত জড়িত লিছে মেইটনাৰ নামৰ এগৰাকী
পদার্থবিজ্ঞানীৰ নাম ১৩ বাৰ বাচনিত উঠিছিল, কিন্তু তেওঁ এবাৰো এই পুৰস্কাৰ নাপালে। সেই বাবে তেওঁক “নোবেল বটাৰ ‘ডাইনেষ্টি’” বুলিও জনা যায়। ‘ডাইনেষ্টি’ নামৰ টি ভি শ্ব’টোৱে সন্মানজনক এমি বঁটাৰ বাবে ২৪ বাৰ মনোনয়ন পাইছিল, কিন্তু এবাৰো সেই বঁটা নাপালে। - যিসকল বিখ্যাত ব্যক্তিয়ে নোবেল পুৰস্কাৰ নাপালে, সেইসকল হ’ল
- – লিঅ’ টলষ্টয়, ভার্জিনিয়া ৱলফ, জেমছ জয়েচ,
মার্চেল প্রাউষ্ট, মার্ক টোৱেইন, হেনৰিক ইবছেন, টমাছ আলভা এডিছন, নিকোলা টেছলা, মহাত্মা গান্ধী আদি। - ২০০৭ চনত দুজন বৃদ্ধই নোবেল পুৰস্কাৰ লাভ কৰিছিল। তেওঁলোক হ’ল ৯০ বছৰীয়া লিওনিড হাৰউইজ
(অর্থনীতি বিজ্ঞান) আৰু ৮৭ বছৰীয়া ডৰিছ লেছিং (সাহিত্য)। হাৰউইজ হ’ল নোবেল বঁটা পোৱা আটাইতকৈ বয়সীয়া ব্যক্তি। - মেৰী কুৰীৰ পৰিয়ালৰ পাঁচজনে নোবেল পুৰস্কাৰ পাই এক ৰেক’র্ডৰ সৃষ্টি কৰিছিল। মেৰীয়ে নিজেও দুটা বিভিন্ন শাখাত দুবাৰ নোবেল পুৰস্কাৰ পাইছিল (পদার্থ বিজ্ঞান, ১৯০৩ আৰু ৰসায়ন বিজ্ঞান, ১৯১১) । - দুবাৰ নোবেল পুৰস্কাৰ পোৱা আন চাৰিজন ব্যক্তি হ’ল - লিনাছ পাউলিং (ৰসায়ন বিজ্ঞান ১৯৫৪, আৰু শান্তি
১৯৬৩), জন বার্দীন (পদার্থ বিজ্ঞান, ১৯৫৬
আৰু ১৯৭২), ফ্রেডেৰিক ছাংগাৰ (ৰসায়ন বিজ্ঞান, ১৯৫৮ আৰু ১৯৮০) আৰু কার্ল বেৰী ছার্পলেছ (ৰসায়ন বিজ্ঞান, ২০০১ আৰু ২০২২)। - হেমিংৱেই হেনো নোবেল পুৰস্কাৰৰ বিষয়ে কৈছিল, “শেষত তুমি কেনেবাকৈ চুঁচৰি-বাগৰি আহি যেনিবা পাৰ পালাহি
আৰু তেতিয়াহে কেইটামান জাৰজে তোমাক লাইফ্ বেল্টেৰে মূৰত কোবালে!” |