ধীমান বৰ্মন
পৃথিৱীত নতুনকৈ ক’বলৈ জানো কিবা আছে? সাম্প্ৰতিক জগতখনক সম্মুখত লৈ কবিয়ে যেতিয়া কাব্যৰ সন্ধান কৰে কবিৰ সমুখত দোলা দিয়া আটাইতকৈ জটিল প্ৰশ্নটোৱেই হ’ল উক্ত প্ৰশ্নটো৷ সহজ উত্তৰ এটি থাকে, নতুন বটলত পুৰণি মদ ভৰোৱাৰ দৰে নতুন উপস্থাপনশৈলীৰ সন্ধান৷ কিন্তু কিছু কবি থাকে, নতুন উপস্থাপনশৈলীৰ উপৰি যি নতুন সত্যৰ সন্ধান কৰে পুৰণি পৃথিৱীত আৰু কবিতাৰ শিল্পত্বক যিয়ে অভিভূত কৰি তোলে৷ তেনে প্ৰকৃতিৰে এগৰাকী কবি অনুভৱ তুলসী৷ শ্ৰীমন্তমনপৰুৱাত কবিয়ে সন্ধান কৰিছে পুৰণি পৃথিৱীৰ অনুষংগত নতুন সত্য-- ‘এই যে থিয়কৈ পাহাৰ, নীলা ধোঁৱাই ঢাকি থোৱা, আচলতে চেঁচা হ’ব নোখোজা ধূলিশিখা/ শিলে শিলে ঘঁহি চালেই কথাটো বুজিবা’৷ কবিৰ বহুমাত্ৰিক দৃষ্টিত শ্লেষৰ মাজতো যেতিয়া ভালপোৱা জিলিকে কবি হৈ পৰে নতুন দিনৰ কথক-- ‘প্ৰেয়সীৰ বুকুত তৰা চৰা ঠাইখিনিৰ নতুন নাম থোৱা/ গোলাপ ইচ্ছাৰ ববচা বেলিকা মনাইক পৰুৱাই পোৱা’৷ সময়ে কবিৰ ওপৰত ক্ৰিয়া কৰে আৰু সেই ক্ৰিয়াৰ প্ৰতিক্ৰিয়া কবিৰ বাবে হৈ পৰে কবিতা-সিদিনাৰ সেইটো গাহৰি কোনোপধ্যেই বোধহয় গাহৰি নাছিল/ চহৰৰ চেপাত পেলাই গাঁৱৰ মুনিহৰ জীৱ কঢ়া যমহে আছিল৷ সাধাৰণৰ মাজতেই অসাধাৰণৰ সন্ধান কবি অনুভৱ তুলসীৰ কবিতাৰ এক বিশেষ বৈশিষ্ট্য-- ওচৰলৈ গ’লে চৰাইটো উৰি গুচি যাম/ জীঞাটো, পখিলাটো, আনকি মহটোও/ তই জন্তু নে জীৱলগা আন কিবা... চিত্ৰকল্পৰ পুনৰাবৃত্তিয়ে ভাৰাক্ৰান্ত কৰি তোলা অসমীয়া কবিতাত অনুভৱ তুলসীৰ নতুন দৰ্শন চিত্ৰকল্পবোৰ বসন্তৰ কুঁহিৰ দৰে সতেজ-- গধুৰ নাও নেপায়গৈ সিপাৰ/ সেই কথা জানো বাবেই/ লাহী হ’লোঁ মই/ পানীমলয়তাকৈও লাহী৷ কবিত কি অকল চিত্ৰভাৱনা? সেয়েহে অনুভৱ তুলসীৰ তীক্ষ্ণ কল্পনাই পাঠকক মূৰ্ত পৃথিৱীৰ চিত্ৰভাবনাৰ পৰা বোধৰ নিজস্ব পৃথিৱীখনলৈ লৈ যায়-সাঁজলগাৰ ধোঁৱা-চাকি জ্বলিছিল ঢিমিকি/ সেতুৰ নাভি দুফাল কৰি যোৱা বাটৰ দাঁতিত/ সাঁজলগা উৰণীয়া সৰু ফুল৷ সমাজ সচেতনতা বৈপ্লৱিক পংক্তি আৰু সৰ্বহাৰাৰ স্পষ্ট অৱতাৰণাতে সীমাৱদ্ধ কৰি থ’ব খোজা শ্লোগানধৰ্মী কাব্যধাৰাক নস্যাৎ পাঠকৰ বাবে অনুভৱ তুলসীয়ে অন্তৰ্মুখিতা আৰু বহিৰ্মুখিতাৰ যুগলবন্দীৰে নিৰ্মাণ কৰে সমাজ সচেতনাৰ নান্দনিক দ্বন্দ্ব-- ডিঙিলৈকে ঋণত পোত যোৱা পুতলা বাঘক/ কিয় কৰিম ভয় ডেশ্ববৰ্ডত উঠি সি তেনেকুৱাই কৰে৷
অনুভৱ তুলসীৰ বহুমাত্ৰিক স্বৰত যি কবিতাৰ আত্মা লুকাই আছে সেই একেটি আত্মা সোমাই আছে লুটফা হানুম ছেলিমা বেগমৰ ‘বতাহত তৰাৰ আখৈ ফুটিছে’ কাব্যগ্ৰন্থত৷ অৱশ্যে স্বৰৰ ভিন্নতা স্বাভাৱিকভাৱেই আছে৷ লুটফা হানুম চেলিমা বেগমৰ প্ৰকাশভংগী সৰল, পাঠকৰ ওচৰ চপা, কিন্তু অৰ্থঘন৷ সোঁৱৰণিয়ে জীৱনক মহীয়ান কৰাৰ কথা ক’বলৈ গৈ কবিয়ে অৱতাৰণা কৰা কল্পনাই যিকোনো স্তৰৰ পাঠককে সচকিত কৰি তোলে-/ বুকুৰ থাপনাত থ’লে মৌন মণিকূট/ সুখৰ সিংহাসনত খলপা খলপে উৰুলি/ পৱিত্ৰতাৰ মজিয়াত সময়ৰ নান্দনিক স্থিতি/ কবি সামাজিক প্ৰাণী, সামাজিক ৰাজনৈতিক ঘটনাৰাজিক লৈ সচেতন হোৱাটো এজন সঁচা কবিৰ দায়িত্ব৷ আৰু সেই দায়িত্ববোধৰ প্ৰতি সঁহাৰি দিওঁতে কবিৰ উপস্থাপনশৈলী মন কৰিবলগীয়া-- সকলোৰে চকুত হেনো ওলমি আছিল/ একোখনকৈ প’ষ্টাৰ/ প’ষ্টাৰবোৰত ওলমি আছিল/ কিছুমান দাবী/ যেন ঢিমিক-ঢামাককৈ জ্বলি থকা/ একোটা টিপ্-চাকি৷ শংকৰদেৱৰ শৰত বন্দনাকে ধৰি শৰতক লৈ ইমানেই লিখা-মেলা হৈছে যে শৰত ভাগৰুৱা হৈছে কবিৰ কলমত, দিনে দিনে মানৱীয় প্ৰমূল্যৰ অৱক্ষয় ঘটা পৃথিৱীত শৰতো সলনি হৈছে, এই কথাখিনিকে মৃদু ব্যংগৰ মাজেৰে যেন কবিয়ে কৈছে ‘শৰতৰ হাতৰ আখৰ’ কবিতাত- নিয়ৰৰ গোট গোট আখৰ/ স্পৰ্শ কৰে বেলিৰ আঙুলিয়ে/ শৰতৰ আৰু লিখিবৰ মন নাযায়৷ লুটফা হানুম চেলিমা বেগম চোকা দৃষ্টিসম্পন্ন কবি৷ নিজৰ চকু খোলা ৰাখি কবিয়ে বাস্তৱ জগতৰ বিভিন্ন আপাত দৃষ্টিত অকাব্যিক যেন লগা অনুষংগৰ মাজতে কবিতাৰ সন্ধান কৰি পাঠকক আলোড়িত কৰি তোলে-- ফুটাবোৰ ফুটা হোৱাৰ আগতে/ এৰি থৈ আহে কিজানি ছিদ্ৰহীন/ জাল এখন অথবা চালনী এখন/ কিন্তু কবিয়ে উল্লেখ কৰা এই ‘ফুটা’ৰ প্ৰতীকত যেন লাহে লাহে গোটেই জগত সোমাই গৈ আছে-- কিন্তু এটা বৃহৎ ফুটাৰ নাম শূন্যতা/ বিশ্বাস কৰক/ এই বৃহৎ ফুটাটোৰ মাজেৰে/ অবিৰাম ওলোৱা-সোমোৱা কৰি থাকে/ মৃত-অৰ্দ্ধমৃত আৰু জীৱিত সকলো মানুহ৷ তেনে এই ক্ষয়িষ্ণু পৃথিৱীত কবিতা ক’ত! ক’ত মানুহৰ লগত মানুহৰ সম্পৰ্ক! উত্তৰত তীব্ৰ সংবেদনশীল কবিগৰাকীয়ে কয়-- গছজোপাৰ বয়স হৈছে/ চকু জলক্-তবক/ পৃথিৱী এৰি যাবলৈ অসন্মত/ ডাল-পাত সকলো কম্পিত/ স্মৃতিৰ পাহিৰে সাজিছে/ চিতা৷
পূৰ্বায়ন প্ৰকাশনে প্ৰকাশ কৰা এই দুয়োখন গ্ৰন্থতে পাঠকে বিচাৰি পাব কবিতাৰ পৃথিৱীত সন্ধান কৰিব খোজা নিজৰেই পৃথিৱী, যেন হেৰুওৱা