বিশ্বজিৎ শইকীয়া
সাহিত্যৰ বিবিধ বিধাৰ ভিতৰত চুটিগল্পও অন্যতম এক বিধা। চুটিগল্পৰ মাজেদি সমাজ একোখনৰ স্বৰূপ কলাসন্মত ৰূপত প্রকাশ পায়। চুটিগল্পৰ জন্ম লগ্নৰেই পৰা মানুহৰ চিন্তা-চেতনা, প্রবৃত্তি, প্রেম-প্ৰতাৰণা, লৈংগিক আকর্ষণ, মানুহৰ সৈতে সমাজ, সংস্কৃতি, ৰাজনীতি, অর্থনীতি ইত্যাদি বিষয় প্রকাশ পাই আহিছে। মানুহৰ জীৱনধাৰণ শৈলীত ঘটা পৰিৱৰ্তন সাহিত্যত প্রতিফলিত হয়। ন ন তথ্য আবিষ্কাৰে যেনেকৈ মানুহক নতুন সূত্ৰৰ সন্ধান দিয়ে, সেই সূত্রই আকৌ সাহিত্যকো নতুনত্বৰ গতি প্রদান কৰে। আমাৰ তথাকথিত সমাজ ব্যৱস্থাই মানৱ প্রজাতিটোক মূলতঃ পুৰুষ আৰু নাৰী দুই শ্রেণীত ভাগ কৰিছে। যদিও অতীজৰে পৰা মানুহৰ পুৰুষ-নাৰীৰ বাহিৰেও আন এক সত্ত্বাক সমাজে অস্বীকাৰ কৰিব পৰা নাই। পুৰুষ-নাৰীৰ সংজ্ঞা সমাজে নির্ধাৰণ কৰি দিয়া ‘সামাজিক লৈংগিক’ ধাৰণাহে মাথোন। সমাজৰ আন দহজন ব্যক্তিৰ দৰে কুইয়ৰ ব্যক্তিসকলো একে আবেগ-অনুভূতি সিদ্ধ তেজ-মঙহৰ মানুহ। সাহিত্যই সমাজৰ আন লোকসকলক যেনেকৈ প্রতিনিধিত্ব কৰে তেনেকৈ সাহিত্যত কুইয়ৰ চেতনা প্রকাশো এক স্বাভাৱিক পৰিঘটনা। বিশ্বসাহিত্যত চর্চিত এই ধাৰা ‘কুইয়ৰ সাহিত্য’ বিষয়টো অসমীয়া সাহিত্যত চর্চা খুব পাতলীয়া।
আধুনিক অসমীয়া সাহিত্যলৈ কুইয়ৰ বিষয়টো চুটিগল্পৰ মাজেদিয়েই প্রৱেশ কৰে। ‘জোনাকী’ (১৮৮৯) ৰ পাততে অসমীয়া চুটিগল্পই জন্ম লাভ কৰিছিল যদিও সময়ৰ ক্রমবিবর্তনত চুটিগল্পৰ ৰূপবস্তু আৰু ভাৱবস্তুলৈ সময়ে সময়ে বিভিন্ন পৰিৱর্তন আহিব ধৰিলে। কুৰি শতিকাৰ শেষৰফালে অসমীয়া চুটিগল্পত কুইয়ৰ চিন্তা-চৰ্চাৰ বর্হিপ্রকাশ হ’বলৈ ধৰে। অসমীয়া চুটিগল্পলৈ পোনপ্রথমে গোৱিন্দপ্রসাদ শর্মাই কুইয়ৰ বিষয়টোক কঢ়িয়াই আনে। বহু সমালোচকে শর্মাৰ ‘ছোৱালী হোষ্টেলত এগৰাকী লেজবিয়ান’ গল্পটোকে প্রথম অসমীয়া কুইয়ৰ গল্প বুলি ক’ব খোজে। শৰ্মাৰ এই গল্পটো সমকামিতাৰ প্রতি থকা মানুহৰ সলনি হ’ব ধৰা দৃষ্টিভংগীৰ এক দাপোণ বুলিয়েই ধৰিব পাৰি। যদিও ইয়াৰ পূৰ্বতে স্নেহ দেৱীৰ ‘বিষক্রিয়া’ আৰু গোৱিন্দ প্রসাদ শর্মাৰে ‘দূষিত সুবাস’ (১৯৬৬) নামৰ গল্পকেইটাত প্রথম কুইয়ৰ প্রসঙ্গ চকুত পৰে। ‘বিষক্রিয়া’ গল্পটোত সমকামিতাৰ প্রতি গল্পকাৰৰ কোনো সহানুভূতি প্রকাশ হোৱা নাই, বৰঞ্চ সমকামিতাক এক প্রকাৰৰ সাপৰ বিষাক্ত দংশনৰ লগত হে তুলনা কৰিছে। ‘দূষিত সুবাস’ গল্পটোত সমকামিতা সামাজিক ব্যাধি হিচাপে প্রকাশ পাইছে। গল্পটোত সমকামী পুৰুষজনে দৰিদ্র অনাথ ল’ৰাটোক যৌন নির্যাতন চলাইছে। সেইছোৱা সময়ত সমকামিতাক সমাজৰ শুচিতা নষ্ট কৰা বিকৃত যৌনাচাৰ বুলিয়েই মানি অহা হৈছে। পৰৱৰ্তী সময়ত গোৱিন্দ প্রসাদ শর্মাৰ একেটা বিষয়ত দৃষ্টিভঙ্গীৰ পৰিৱর্তন ঘটা দেখিবলৈ পোৱা গ’ল ‘ছোৱালী হোষ্টেলত এগৰাকী লেজবিয়ান’ গল্পটোৰ যোগেদি। সমকামিতাৰ প্রতি শৰ্মাৰ ‘দূষিত সুবাস’ত সহমর্মীতাৰ অভাৱৰ বিপৰীতে অতি সংবেদনশীলৰূপত সমকামিতাক প্রকাশ কৰিছে ‘ছোৱালী হোষ্টেলত এগবাকী লেজবিয়ান’ গল্পটোত। গল্পটোত সমকামিতা বিষয়টোক সমস্যা হিচাপে নেদেখুৱাই, সমাজৰ ৰক্ষণশীল মানসিকতা হে সমাজৰ মূল সমস্যা হিচাপে প্রকাশ পাইছে। শর্মাৰ এই গল্পটো নাৰী মুক্তিৰ স্বাধীনতা আৰু পুৰুষবিহীন এখন নাৰীৰ সমাজ গঢ়াৰ কণ্ঠ হিচাপে ধ্বনিত হৈছে। ‘ছোৱালী হোষ্টেলত এগৰাকী লেজবিয়ান’ গল্পটোৱে সমকামিতাৰ প্রতি মানুহৰ দৃষ্টিভংগী লৈ আমোল পৰিৱর্তন আনিলে বুলি ক’ব পাৰি।
কুইয়ৰ বিষয়টোক গভীৰ সংবেদনশীলতাৰে উপলব্ধি কৰি অসমীয়া কুইয়ৰ গল্পৰ ধাৰাত গল্প ৰচনা কৰা গল্পকাৰসকলৰ ভিতৰত মৌচুমী কন্দলী অন্যতম। কন্দলীৰ ‘কলা-বীথিকাত এটা ফিনিক্স’ (১৯৯৭) নামৰ গল্পটোত এগৰাকী নাৰী মনৰ ৰহস্যময়তা আৰু মনত কঢ়িয়াই লৈ ফুৰা আন এটা গোপন সত্তা প্রকাশ পাইছে। লিংগ পৰিচয়ৰ বিশুদ্ধতাৰ ওপৰত প্রশ্ন তুলি কন্দলীয়ে ‘তৃতীয়ত্বৰ গল্প’ (২০০৫) নামৰ গল্পটোত সন্তান জন্ম দিব পৰা ক্ষমতাক ভিত্তি কৰি পুৰুষ আৰু নাৰী দুই শ্রেণীত ভাগ কৰাৰ ধাৰণাক প্রত্যাহ্বান জনাইছে। পুৰুষ হৈও মনেৰে মাতৃত্ববোধক উপলব্ধি কৰা এক সত্ত্বা কি দৰে পৰম্পৰাবাদী সমাজত উপেক্ষিত আৰু অবদমিত হৈ ৰৈ যোৱাৰ এখন ছবি প্রতিফলিত হৈছে। ব্যক্তিজনৰ সমকামী চেতনা প্রকাশ পোৱাৰ উপৰি তেওঁ পুৰুষ শৰীৰত ধাৰণ কৰা মাতৃত্বৰ বাসনা তেওঁৰ বোধৰ জৰায়ুত কঢ়িয়াই লৈ ফুৰা কথা অতি মৰ্মস্পৰ্শীৰূপত প্ৰকাশ পাইছে।
অসমীয়া কুইয়ৰ গল্পৰ ধাৰাটোক পৰৱৰ্তী সময়ত সমৃদ্ধ কৰা আন এগৰাকী গল্পকাৰ হিচাপে বন্তি শেনচোৱাৰ নাম ল’ব পাৰি। বন্তি শেনচোৱাৰ ‘অতনু যাৰ সীমা’ নামৰ গল্পটোত দুগৰাকী নাৰীৰ সমলিংগীয় সত্ত্বাৰ পাৰস্পৰিক সম্পৰ্ক এটাক তুলি ধৰিছে। তাৰে মাজনী এগৰাকী নাৰী বহুজাতিক কোম্পানীৰ ব্যস্ত আৰু সফল প্রতিনিধি। নিৰাপত্তাহীনতাত ভোগা মাজনীৰ মানসিক অৱস্থাৰ কেৱল উমান পাইছিল মামীদেৱে। বৈবাহিক জীৱনত নিসংগ হৈ একক ৰাজ্যত একাকিত্বৰ ৰাণী ঘোষণা কৰা মামীদেউৰ মাজনীৰ প্রতি এটা নিষিদ্ধ চেতনাৰ বীজ গজি উঠে। মাজনীয়ে কঢ়িয়াই লৈ ফুৰা তেনে এটা ভাৱ মামীদেউৰ তৎপৰতাতেই দীক্ষিত হৈছে। গল্পটোত সমকামিতা এক মানসিক সান্নিধ্য হিচাপে প্রকাশ পাইছে যদিও ই শেষলৈ শাৰীৰিক অন্তৰংগতাৰ ৰূপ লৈছে। দুগৰাকী নাৰীৰ মাজত মানসিক আৰু শাৰীৰিক সম্পর্ক গল্পকাৰৰ দৃষ্টিত নিষিদ্ধ চেতনাৰ উৰ্ধত প্রাপ্তি আৰু মুক্তিৰ চেতনালৈ উন্নীত হৈছে।
সমকামী ব্যক্তি জীৱনৰ গভীৰ অন্তৰ্দ্বন্দ্ব প্রকাশ পাইছে অৰূপ কুমাৰ নাথৰ গল্পত। নাথৰ ‘ভগ্নস্বপ্ন’ (২০০২), ‘নিষিদ্ধ শিলালিপিৰ পাঠ’ (২০০৪) আৰু ‘বাজীকৰ’ (২০০৭) শীর্ষক গল্পকেইটাৰ কেন্দ্রীয় পুৰুষ চৰিত্রকেইটায়ে নিজ ইচ্ছা অনুসৰি মনে বিচৰা মতে ব্যক্তি এগৰাকীক নিজৰ কৰি ল’ব পৰা নাই। পুৰুষ চৰিত্ৰ কেইটায়ে সমাজৰ ভয়ত সমকামী সম্পর্কক গোপনে ৰাখি সমকালীন সমাজৰ পৰম্পৰা অনুসৰি নাৰীৰ সৈতে বিবাহৰ বাবে আগবাঢ়িছে। যদিও মনৰ মাজত লুকাই থকা সমকামী সত্বাটোকো মাৰি পেলাব পৰা নাই। নাথৰ গল্পৰ চৰিত্ৰত উভয়-কামিতাৰ প্রকৃতিও বিদ্যমান।
শৰীৰ আৰু মনৰ বৈপৰীতাৰ প্রতিদ্বন্দ্বিতাত উভয়লিংগী সত্ত্বা এটাক কঢ়িয়াই লৈ ফুৰা তেজ মঙহৰ এগৰাকী মানুহৰ যন্ত্রণাখিনি প্রকাশ পাইছে অজন্তাৰ ‘কিন্নৰ’ নামৰ গল্পটোত। মানৱীয় সকলো আৱেদন থকাৰ পাছতো কেৱল এটা ব্যতিক্রমী শৰীৰ কঢ়িয়াই লৈ ফুৰাৰ বাবেই তেওঁৰ যোগ্যতা, কর্ম-পটুতা, আবেগ-অনুভূতি, প্রেম সমাজত উপেক্ষিত হ’বলগীয়া হৈছিল। উভয়লিংগী প্রাণীটো (সুমন) কিদৰে নিজৰ ঘৰখনৰ বাবে হৈ পৰিছিল অপদার্থ, মাক বাপেকৰ চিন্তাৰ কাৰণ আৰু বংশৰ কলংক। কথকৰ প্রশ্ন শৰীৰত স্ত্রী বা পুৰুষ কোনো এটাৰেই লিংগ পূর্ণ বিকাশত ৰৈ যোৱা খুঁটৰ বাবে দায়ী কোন? মনৰ মাজত পুৰুষত্ব আৰু নাৰীত্ব দুয়োটা সত্ত্বাকেই ধাৰণ কৰা কিন্নৰৰ প্রতি গল্পটোত গভীৰ সহমর্মীতা প্রকাশ পাইছে।
গীতালি বৰাৰ কিছুমান গল্পটো কুইয়ৰ চেতনাই ভূমুকি মৰা দেখা যায়। গীতালি বৰাৰ ‘জন্নত’ নামৰ গল্পটোত সমকামী ব্যক্তিৰ জীৱন অংকন কৰিছে। যদিও গল্পটোত চৰিত্ৰৰ মনস্তাত্বিক দিশৰ লগতে বিষয়বস্তুৰ অর্ন্তজগতলৈ প্রৱেশ নকৰি গল্পকাৰে সমকামী ব্যক্তি দুগৰাকীৰ জৈৱিক বাসনা বর্ণনাৰ পৰা আঁতৰি আহিব পৰা নাই। ছাহিলৰ বান্ধবী জন্নত আৰু অভিৰ মাজত গোপনে প্রেমৰ সম্পর্ক গঢ়ি উঠে। যি সম্পর্ক বহুবাৰ দৈহিক সম্পর্কলৈও উন্নীত হৈছে। কিন্তু বাস্তৱত সিহঁতৰ বিয়া সম্ভৱ হৈ নুঠিল। জন্নতৰ বিয়া হয় ছাহিলৰ লগত। আঠ বছৰৰ আগৰ ফটোত মাকক অন্য ৰূপত দেখি জীয়েক আহানাই চিনিব পৰা নাই। জীৱনৰ কোনোবা এটা চোৱাৰ ঘটনাত বন্দী হৈ আছিল অভিৰ অতীতৰ সত্ত্বাৰ এখন ছবি। গীতালি বৰাৰ ‘শীতৰ গঙাচিলনী’ নামৰ গল্পটোত শৰীৰ আৰু আত্মাৰ অন্তৰ্দ্বন্দ্বৰ প্রকাশ ঘটিছে। সমাজ ব্যৱস্থাই বান্ধি দিয়া পুৰুষ-নাৰীৰ আচৰণ প্রদর্শনত ব্যতিক্ৰম হোৱাত ৰাধেশ্যাম সমাজৰ ৰোষত পৰিবলগীয়া হৈছে। তথাপিও পুৰুষৰ পোছাক পিন্ধাই আন মানুহৰ সম্মুখত বাধেশ্যামে নিজৰ প্রকৃত পৰিচয়ক ঢাকি ৰখা নাই। অৱহেলিত ৰাধেশ্যামৰ বুকুত গজি উঠিছে যুৱৰাজৰ প্ৰতি প্ৰেমৰ বীজ। কিন্তু পূর্ণা নাৰী দেবাংগনাৰ সন্মুখত ৰাধেশ্যামৰ ভালপোৱা পৰাজিত হয়। পুৰুষ আৰু নাৰী দুয়োটা পৰিচয়কে অস্বীকাৰ কৰা তৃতীয় পৃথিৱীৰ বাসিন্দা হৈ পৰে ৰাধেশ্যাম। য’ত তাৰ নিচিনা কিন্নৰবোৰে পুৰুষ নাৰীৰ পৃথিৱীখনক ক্ষোভৰ দৃষ্টিৰে চায়। সিহঁতৰ জীৱনৰ প্রতি কোনো মোহ নাই। মৃত্যুয়েই সিহঁতৰ বাবে মুক্তি। মুনিহ-তিৰোতাৰ পৃথিৱীখনত তেওঁলোকৰ বাবে অৱহেলা, শোষণ, ঘৃণা, ককৰ্থনাৰ বাদে যেন একো নাই। এইখন সমাজৰ ৰোষত পৰি ৰাধেশ্যাম এটা সময়ত দেহ বিক্রেতা পর্যন্ত হৈ পৰিছে। গল্পটোত কিন্নৰসকলৰ মনত জমা হোৱা পৰম্পৰাবাদী সমাজ ব্যৱস্থাৰ প্রতি ক্ষোভ আৰু জীৱনৰ মোহভঙ্গতাৰ বর্হিপ্রকাশ ঘটিছে।
এটা হোষ্টেলৰ দুজনী ছোৱালীৰ মাজত গঢ়ি উঠা সমকামী আকর্ষণৰ আধাৰত গঢ় লৈছে মণিকা দেৱীৰ ‘খোদাই’ নামৰ গল্পটো। গল্পকাৰে চৰিত্ৰ দুটাৰ অৰ্ন্তভাগত প্রৱেশ কৰাৰ চেষ্টা কৰিছে আৰু চৰিত্র দুটাৰ মনৰ অৱস্থাক টুকুৰিয়াই চাইছে। ৰুমাই উঁয়ে খোৱা ফোপোলা বুলি পেলাই দিয়া কাঠডাল কথক ছোৱালীজনীয়ে পছন্দ কৰে। কাঠত খোদাই কৰাৰ দৰেই ৰুমাৰ অর্ন্তভাগত বটালি মেলেটৰ কোবৰ সহিষ্ণুতাৰ উমান লৈ এটা সম্পৰ্কৰ অবয়বৰ ৰূপ দিব বিচাৰিছে। ৰুমাই আধা খাই দলিয়াই দিয়া চিগাৰেটৰ টুকুৰা বুটলি লোৱা, ৰুমাৰ ওঠত কামুৰা মৌ মাখিটো হ’বলৈ তীব্র ইচ্ছা প্রকাশ কৰে। য’ত ছোৱালী দুজনীৰ সমকামী আকর্ষণ পোহৰলৈ আহিছে। কথক ছোৱালীজনীও ৰুমাৰ প্রতি অসহযোগী হৈ উঠা নাই।
হিমাংশু ভাগৱতীৰ ‘অফলাইন’ গল্পটো ব্যক্তিৰ অন্তর্জগতত চলি থকা এখন অহৰহ সংগ্ৰামৰ ছবি অতি সংবেদনশীল ৰূপত প্রকাশ পাইছে। গল্পটোত দুই ধৰণৰ সম্পৰ্কৰ অৱতৰণা কৰি বিপৰীত লিংগকামিতাৰ ওপৰত ভিত্তি কৰি সমাজে পিন্ধাই দিয়া বিয়া নামৰ শিকলিৰ বান্ধোনৰ প্রসঙ্গ টানি আনিছে। প্রথমবিধ সম্পর্ক ঘৰ, স্বজনক সুখী কৰিবলৈ, সমাজৰ ৰোষৰ পৰা হাত সাৰিবলৈ কৰা দুজন ব্যক্তিৰ মাজত বুজাবুজিৰ চুক্তি। য’ত কোনো ভালপোৱা, পৰস্পৰৰ প্রতি আকর্ষণ নাই। ৰূপ আৰু বৈশালীও তেনে এটা সম্পর্কত হে বান্ধ খাইছিল। বিয়াৰ বহু বছৰ পাৰ হৈ যোৱাৰ পাছতো তেওঁলোকৰ মাজত কোনো শাৰীৰিক অথবা মনৰ দুয়োটাৰে সম্পর্ক গঢ়ি নুঠিল। তাৰ বিপৰীতে সমাজৰ আঁৰত গঢ়ি উঠা বে-নামি সম্পর্ক কিছুমানৰ ছবি স্পষ্ট হৈছে। বৈশালীৰ আন পুৰুষৰ সৈতে গঢ়ি উঠা সম্পৰ্কৰ চিন স্বৰূপে চিনুৰ জন্ম হয়। ৰূপে মাত্র বৈশালীক তাৰ নাম দি আশ্রয় প্রদান কৰিছিল। সিহঁতৰ মাজত বিয়া এক প্রকাৰৰ চুক্তিলৈহে পর্যবসিত হৈছে। আনহাতে ৰূপৰ গঢ়ি উঠিছে আন এজন পুৰুষৰ সৈতে এটা বেনামী সমকামী সম্পর্ক।
দিব্যজ্যোতি বৰাৰ গল্প ‘সাগৰ তীৰত মিচেজ মিলাৰ’ত পুৰুষত্বৰ ভেমে নাৰীক সৌকাৰে কোবাই নাৰীক ভোগ-বিলাসীতাৰ বস্তু, সন্তান জন্ম দি বংশ-দেশ-সাম্রাজ্যৰ উত্তৰাধিকাৰ গঢ়াৰ আহিলা হিচাপে ভাবি অহা এক শ্রেনী পুৰুষৰ মানসিকতাৰ বিপৰীতে নাৰীৰ আত্মজিজ্ঞাসা প্রকাশ পাইছে। ক্ষোভ আৰু ইর্ষাৰ উত্তাপত ৰাউণ্টিৰ মিচেজে মতা মানুহৰ পৃথিৱীক প্রত্যাখ্যান কৰিছে। নিসংগ, একাকিত্বত ভোগা ৰাউণ্টিৰ মিচেজৰ সঙ্গী হয় মতা মানুহলৈ ভয় কৰা চনিয়া, আৰু সিহঁত দুগৰাকীৰ মাজত গঢ়ি উঠে সমলিংগিনী সম্পর্ক।
পুৰুষ-নাৰীৰ ধাৰণাক মাত্র এটা শাৰীৰিক অৱয়বতেই সীমাবদ্ধ কৰিব খুজিছে অপু ভৰদ্বাজৰ ‘মাইকীমুৱা’ গল্পটোত। পুৰুষ প্রভুত্বৰ সমাজখনত নিজ পৈত্রিক সম্পত্তি ৰক্ষাৰ অর্থে এগৰাকী কন্যা সন্তানে পিন্ধি লৈছে পুৰুষৰ আৱৰণ। যদিও নাৰী শৰীৰত পুৰুষ মন তাই ধাৰণ কৰিব পৰা নাছিল। নিজকে পুৰুষ হিচাপে চিনাকি দিয়াৰ পিছতো যৌনাকাংক্ষা পুৰুষৰ, জৈৱিক আকর্ষণও পুৰুষৰ প্ৰতি। সমাজে ঠিক কৰি দিয়া পুৰুষ নাৰীৰ আচৰণ অলপ হেৰ-ফেৰ হ’লেই সমাজে তাক অস্বাভাৱিক ঘোষণা কৰে। নৱজিৎ চেলেঙৰ ‘প্রাকৃতিক’ নামৰ গল্পটো এটা সমকামী পৰিচয়ৰ সাহস হিচাপে মাত মাতিছে। বংশৰ গৰিমা ৰক্ষাৰ চেপাত কোনোবা খিনিত মৰহি যোৱা ভানুপেহীৰ ভালপোৱা সমাজৰ লিংগ ভিত্তিক খেলখনত হেৰাই গৈছিল। যদিও পিছলৈ এইগৰাকী ভানুপেহীয়েই জয়জিতৰ সমকামী সম্পর্কটোক আগুৱাই লৈ যোৱাৰ ক্ষেত্ৰত সাহস হিচাপে থিয় দিছে। সময় পৰিৱৰ্তনৰ লগে লগে সলনি হোৱা মানসিকতাৰ পৰিৱর্তন গল্পটোত প্রকাশ পাইছে। ভানুপেহীয়ে তেওঁৰ সময়ত নিজক মুকলি কৰিব নোৱাৰিলে যদিও জয়জিতৰ সমকামী সম্পৰ্কটোৰ পক্ষত তেওঁ থিয় দিছে। গল্পটোত জয়জিতৰ মুখেৰে লিংগ বৈপৰীত্যকেই প্রাকৃতিক বুলি মানি লোৱা তথাকথিত সম্ভ্রান্ত সমাজখনক প্রশ্ন কৰা হৈছে। -“এয়া জানো ভুল? প্রেম জানো ভুল? প্রেম জানো কেৱল তথাকথিত সভ্য সমাজে বান্ধি দিয়া এখন পৌৰাণিক লিংগভিত্তিক খেল? নে সমাজৰ ভয়ত, বংশ মর্যাদাৰ নামত লগোৱা অভিজাত কাঠৰ, সৌষ্ঠৱ দুৱাৰৰ চেপাত মৰি যোৱা এটা সাধাৰণ সৰীসৃপ এই ভালপোৱা? শান্তনু কিয় জয়জিতৰ প্ৰেম হ’ব নোৱাৰে? পুৰুষ বাবে? নে এই সমাজে পিন্ধি থকা পুৰুষতান্ত্রিক কবচৰ বাবে?” (নির্বাচিত অসমীয়া কুইয়ৰ গল্প, ২০২২ : ১৪৩)
সাম্প্ৰতিক সময়ৰ এগৰাকী সক্রিয় গল্পকাৰ পঞ্চানন হাজৰিকাৰ গল্পটো কুইয়ৰ চেতনাৰ উপস্থিতি পোৱা যায়। হাজৰিকাৰ ‘আন্ধাৰতকৈ উদাস বতাহতকৈ স্বাধীন’ নামৰ গল্পটোত কুইয়ৰ ধাৰণাক লৈ সমাজৰ দৃষ্টি পোহৰলৈ আহিছে। চন্দ্রবালাৰ সৰু পুতেক উজ্জীৱনৰ জীৱনলৈ অহা পৰিৱৰ্তন, সি নিজকে স্বাধীনভাৱে আত্মপ্রকাশ কৰাক লৈ সিহঁতৰ ঘৰখন উদ্বিগ্ন হৈ পৰিছে। নিসঙ্গতাই কোঙা কৰা উজ্জীৱনক উদ্ধাৰ কৰা মানুহজনেই হ’ল দেৱপ্রসাদ। দেৱপ্রসাদৰ সৈতে বাঢ়ি অহা পুতেকৰ সম্পর্কটোক উচ্চ শিক্ষিতা চন্দ্রবালাই ঘৃণাৰ দৃষ্টিৰে চাইছে। আকৌ একেটা সময়তে মাতৃত্বৰ মমতাত ডুব গৈ তেওঁ আত্ম উপলব্ধি কৰিছে এইদৰে- “তাই এয়া ভুল কৰিছে। সকলো সম্পর্কক কল্পনাৰ চকুৰে কাপোৰ খুলি চোৱাটো অন্ততঃ ভুল। মাৰাত্মক ভুল৷”(হাজৰিকা, ২০২০ : ৯২) আকৌ হাজৰিকাৰ ‘গোট মৰা ঘৃণা, গলি যোৱা প্রেম’ নামৰ গল্পটোত পুৰুষতান্ত্রিক ধাৰণাটোক কঠোৰ সমালোচনা কৰাৰ লগতে লিংগশূণ্য প্রেমৰ সংজ্ঞা দাঙি ধৰিছে। দেউতাকৰ বাধ্য হৈ আজাদে এগৰাকী নাৰীৰ সৈতে বিয়াত বহিছে যদিও সি কোনো দিনে সুখী হ’ব পৰা নাই। তাৰ মনৰ উদ্বিগ্নতা, শাৰীৰিক বেমেজালি, বিফল দাম্পত্যৰ বাবে দেউতাকক সদায় জগৰীয়া কৰি আহিছে। দেউতাকৰ প্রতি আজাদৰ মনত যি ঘৃণা স্তূপ খাইছিল সেই ঘৃণা যেন সি সমাজ ব্যৱস্থাৰ প্রতি হে উগাৰি পেলাইছে। দেউতাক জন পুৰুষতান্ত্রিক মানসিকতাক ধাৰণ কৰা এগৰাকী প্রতিনিধিমূলক চৰিত্ৰহে। গল্পটোত প্রেমত শৰীৰক অস্বীকাৰ কৰি প্ৰেমত শৰীৰৰ প্রয়োজনীয়তাক প্রশ্ন কৰা হৈছে। পঞ্চানন হাজৰিকাৰ ‘নিচা’, ‘বতাহজাক’, ‘স্বাগতম বৰুৱা’, ‘চিৰন্তন’, ‘ৰৈ যোৱা গানত বাজি থকা ভালপোৱা’ আদি গল্পসমূহটো কুইয়ৰ চেতনা প্রকাশ পোৱা দেখা যায়।
কুইয়ৰ চেতনাক উপজীব্য হিচাপে লৈ গল্প ৰচনা কৰা আন গল্পকাৰ সকলৰ গল্পৰ ভিতৰত জিন্তু গীতাৰ্থৰ ‘ছবিৰ ভ্ৰম, ভ্ৰমৰ ছবি’ৰ নাম ল’ব পাৰি। গল্পটোত দুই বান্ধৱী ক্রমে নিলুজা আৰু মিৰাণ্ডাৰ লেজবিয়ান সম্পর্ক আৰু নিলুজাৰ বইফ্রেণ্ড অমিতৰ উপস্থিতিয়ে এটা তিনি কোণীয়া প্রেম কাহিনীৰ সৃষ্টি কৰিছে। মিৰাণ্ডা চাৰু-কাৰুকলা কলেজৰ ছাত্রী। তাই ছবি আঁকে। কিন্তু মিৰাণ্ডাই এটা কথাত আচৰিত হয় যে তাই যিগৰাকী বাক্তিৰেই প’ৰ্ট্রেইট আঁকে, সেই গৰাকী ব্যক্তিৰে কাকতালিয়ভাৱে কিবা নহয় কিবা দুর্ঘটনাপতিত হৈ তাৎক্ষণিক মৃত্যু হয়। গল্পটোত মিৰাণ্ডাক এগৰাকী সমকামী নাৰী হিচাপে চিনাক্ত কৰিব পাৰি। অৱশ্যে মিৰাণ্ডাৰ জীৱনলৈ এসময়ত এগৰাকী বয়ফ্রেণ্ডৰো আগমন ঘটিছিল। নিলুজাৰ সৈতে মিৰাণ্ডাৰ গঢ়ি উঠা সম্পর্কটোৰ আগতেও তাই খুৰাকৰ ছোৱালী মানুলৈ আকর্ষণ অনুভৱ কৰিছিল। মিৰাণ্ডাৰ মাকে সিহঁতক অন্তৰংগ অৱস্থাত ধৰাও পেলাইছিল। আনহাতে নিলুজা উভয়কামী প্রকৃতিৰ। দুয়োজনী বান্ধৱীয়ে অন্তর্দ্বন্দ্বৰ মাজেৰে জীৱন পাৰ কৰিছে। নিলুজাৰ ক্ষেত্ৰত এই দ্বন্দ্বৰ হাৰ আৰু অধিক। তাই অমিত আৰু মিৰাণ্ডাৰ মাজত কোনো এগৰাকীক বাছি ল’ব পৰা নাই। এক দোদুল্যমান পৰিস্থিতিৰ মাজেদি নিলুজাই ব্যগ্ৰ হৈ মিৰাণ্ডাক এইদৰে কৈ উঠে- “মই এতিয়াও নাজানো। অমিতৰ কাৰণে মই যি ফিল কৰোঁ, তোৰ কাৰণেও কৰোঁ৷” (গীতার্থ, ২০২১: ১১৭) নিলুজাৰ পৰা জোৰ কৰি মিৰাণ্ডাই আঁতৰি থাকিবলৈ চেষ্টা কৰিও ব্যর্থ হৈছে। নিলুজাৰ প্রতি থকা মিৰাণ্ডাৰ আকৰ্ষণৰ বাবেই তাই অমিতৰ অনুপস্থিতিৰ কামনাৰে তাৰ প্ৰ’ট্রেইট এখন অঁকাৰ কথা ভাবে। কুইয়ৰ চেতনা প্রকাশ পোৱা জিন্তু গীতাৰ্থৰ আন গল্পবোৰৰ ভিতৰত ‘ডাকিনী অথবা যোগিনী’, ‘বিলয়’ আদি গল্পৰ নাম ল’ব পাৰি।
ওপৰত আলোচনা কৰা গল্পবোৰৰ বাহিৰেও অসমীয়া কুইয়ৰ গল্পৰ ধাৰাক আন বহুতো গল্পকাৰৰ গল্পই সমৃদ্ধ কৰিছে। তাৰে ভিতৰত লেখত ল’বলগীয়া কেইগৰাকীমান গল্পকাৰৰ গল্প হ’ল- অপূর্ব কুমাৰ শৰ্মাৰ ‘অসামাজিক’, অনুৰাধা শর্মা পূজাৰীৰ ‘যাত্রাসংগী, মনোজ কুমাৰ গোস্বামীৰ ‘প্রতিবিম্বৰ জীবন’, বিপুল খাটনিয়াৰৰ ‘হিজিৰা’, নন্দিতা দেৱীৰ ‘বৃহন্নলা’, মাইনী মহন্তৰ ‘একোঠালী সেউজীয়া আন্ধাৰ’, জ্যোতিপ্রসাদ শইকীয়াৰ ‘সৰাপাত’, প্রণৱ কুমাৰ বৰ্মনৰ ‘ভেটিকানৰ গধূলি’, সঞ্জীব পল ডেকাৰ ‘নোকোৱা কাহিনী’, জয়ন্ত শইকীয়াৰ ‘সাগৰৰ গোন্ধ থাপিত সঞ্চিত যাতনা’, ‘ছাঁ’, প্রার্থনা শইকীয়াৰ ‘অসুখ’, পার্থ বিজয় দত্তৰ ‘ৰঙীন বতাহী চকৰি’, মৃত্যুঞ্জয় দত্তৰ ‘ছাঁ আৰু ছাঁ’, মেঘনা চৌধুৰীৰ ‘স্নেহগচ্ছিত’, সপোন জ্যোতি ঠাকুৰৰ ‘জ্যামিতিক প্রগ্রেছ’, নীলাক্ষী চাংকাকতিৰ ‘ঈশ্বৰৰ ভুল’, অচনা বৰঠাকুৰৰ ‘পুৰুষ’, অভিজিত বৰাৰ ‘প্রাককথন’, প্রাঞ্জল দলৈৰ ‘গভীৰ সপোন’, বিপাশা বৰাৰ ‘মৌ-মাখি সাম্রাজ্য’, জুৰি বৰুৱাৰ ‘গুগলী’, সুপ্রকাশ ভূঞাৰ ‘বহুবর্ণী আস্তৰণ’, কৌশিক ৰঞ্জন বৰাৰ ‘এটা অপ্রেমৰ গল্প’ আদিৰ নাম ল’ব পাৰি। অসমীয়া কুইয়ৰ গল্পৰ দুখন সম্পাদিত সংকলনো প্ৰকাশ পাইছে। জুৰি দত্ত আৰু জিন্তু গীতাৰ্থই যুটীয়া ভাবে নিৰ্বাচিত অসমীয়া কুইয়ৰ গল্প নামেৰে সংকলন এখন সম্পাদনা কৰি উলিয়ায়। য’ত বিশটা কুইয়ৰ গল্প সন্নিৱিষ্ট হৈছে। একত্ৰিশটা কুইয়ৰ গল্পৰ একত্ৰ সংকলন কৰি প্ৰাপ্তি ঠাকুৰে তৃতীয় আকাশ নামে আন এখন গল্প সংকলন প্ৰকাশ কৰে। যদিও আটাইবোৰ গল্পকে ‘ইনচাইদাৰ’ৰ শাৰীত ৰাখিব নোৱাৰি। যদিও বহুকেইটা গল্পত কুইয়ৰ বিষয়টোক কেৱল মাত্র লিংগসংলগ্ন বিষয় হিচাপে বিচাৰ নকৰি গল্পকাৰে মনো-সামাজিক, সাংস্কৃতিক, ৰাজনৈতিক, অর্থনৈতিক, প্রেক্ষাপটতলৈ টানি আনি কুইয়ৰ বিষয়টোক সমস্যা হিচাপে গণ্য নকৰি তাৰ জটিলতাক হৃদয়ঙ্গম কৰিবলৈ যত্ন কৰিছে।
অসমীয়া কুইয়ৰ গল্পৰ বিকশিত ধাৰালৈ লক্ষ্য কৰিলে দেখা যায় যে, এই ধাৰাত গল্প ৰচনা হ’বলৈ ধৰা আৰম্ভণিৰ সময়ত লোকসমাজত কুইয়ৰ বিষয়ক লৈ যি ধাৰণা আছিল সেই ধাৰণা এতিয়াও সমাজৰ পৰা সম্পূর্ণৰূপে আঁতৰ হোৱা নাই। সমকালীন সমাজখনে এতিয়াও সমকামিতাক সহজে মানি ল’ব পৰা নাই। গোৱিন্দ প্রসাদ শৰ্মাৰ ‘ছোৱালী হোষ্টেলত এগৰাকী লেজবিয়ান’ গল্পটোত পুৰুষবিহীন লেজবিয়ান সমাজ গঠন কৰিবলৈ একপ্ৰকাৰৰ জাগৰণ গঢ়ি তুলিছে। শাৰীৰিক সংজ্ঞাৰ ভিত্তিত সমাজে নির্ধাৰণ কৰি দিয়া পুৰুষ-নাৰীৰ ধাৰণাৰ বাহিৰত অৱস্থান কৰা লোকসকল সদায় সমাজত উপেক্ষিত হৈ আহিব লগা হৈছে। মৌচুমী কন্দলীৰ ‘কলা-বীথিকাত এটা ফিনিক্স’, গীতালি বৰাৰ ‘জন্নত’, বিপাশা বৰাৰ ‘মৌ মাখি সাম্রাজ্য’, জয়ন্ত শইকীয়াৰ সাগৰৰ গোন্ধঃ থাপিত সঞ্চিত যাতনা’, জিন্তু গীতাৰ্থৰ ‘ছবিৰ ভ্ৰম, ভ্ৰমৰ ছবি’ এই গল্পকেইটাত সমকামী নাৰীৰ দুখ যন্ত্রণা, সামাজিক নিন্দা, ঘৃণা, আৰু অৱহেলাৰে উপেক্ষিত জর্জৰিত জীৱনৰ প্রতিচ্ছবি প্রকাশ পাইছে। পুৰুষতান্ত্রিক সমাজব্যৱস্থাৰ ৰক্ষণশীল পৰম্পৰাৰ বাবেই অনিচ্ছাস্বত্ত্বেও এগৰাকী সমকামী পুৰুষে নাৰীৰ সৈতে বিবাহৰ বাবে বাধ্য হ’বলগীয়া হৈছে অৰূপ কুমাৰ নাথৰ ‘ভগ্ন স্বপ্ন’, ‘বাজীকৰ’ আৰু ‘নিষিদ্ধ শিলা লিপিৰ পাঠ’ আদি গল্পত। হিমাংশু ভাগৱতীৰ ‘অফলাইন’ গল্পটোতো দুই প্রেমিকে তেওঁলোকৰ সমকামী সম্পর্কটোক সাহসিকতাৰে সমাজৰ আগত মুকলি কৰিব পৰা নাই। পুৰুষ প্রভুত্ব সমাজখনত নাৰীক ভোগৰ সামগ্রী হিচাপে মানি অহা পুৰুষত্বৰ ভেমক ভেঙচালি কৰি গঢ়ি উঠিছে দিব্যজ্যোতি বৰাৰ ‘সাগৰৰ তীৰত মিচেজ মিলাৰ’ গল্পটোত দুগৰাকী নাৰীৰ মাজত সমকামী সম্পর্ক। এইদৰে সামগ্রিকভাৱে গল্পবোৰ বিচাৰ কৰিলে দেখা যায় প্রায়বোৰ গল্পৰ চৰিত্ৰই গতানুগতিক সমাজৰ নিৰন্তৰ প্রত্যাহ্বানৰ সন্মুখীন হৈছে আৰু নিজ সত্ত্বাৰ পৰিচয়ৰ বাবে কিছু চৰিত্ৰ প্রতিবাদী হৈ উঠিছে, আনহাতে আন একাংশ চৰিত্ৰই দুখ-যন্ত্রণা বুকুত বান্ধি সময়ৰ সোঁতত হেৰাই গৈছে। আলোচ্য প্রায়বোৰ গল্পতেই গল্পকাৰৰ দৃষ্টিত সমকামী কুইয়ৰ ব্যক্তিসকলৰ প্রতি সমতা ৰক্ষাৰ বাবে এক সংবেদনশীল মনোভাৱ ফুটি উটা দেখা গৈছে।।
সহায়ক গ্ৰন্থ :
কন্দলী, মৌচুমী। লামবাদা নাচৰ শেষত। সৰস্বতী প্রকাশন, প্রথম প্রকাশ, ১৯৯৮।
কন্দলী, মৌচুমী। তৃতীয়ত্বৰ গল্প। লয়াৰ্ছ বুক ষ্টল, প্ৰথম প্ৰকাশ, ২০০৭।
গীতার্থ, জিন্তু। ছবিৰ ভ্ৰম, ভ্রমৰ ছবি। পাঞ্চজন্য, দ্বিতীয় সংস্কৰণ, ২০২১।
ঠাকুৰ, প্রাপ্তি, সম্পাদক। তৃতীয় আকাশ। সৰুপথাৰ কলেজ, প্রথম প্রকাশ, ২০২২।
দত্ত, জুৰি আৰু জিন্তু গীতার্থ, সম্পাদক। নির্বাচিত অসমীয়া কুইয়ৰ গল্প। ষ্টুডেন্ট হাউচ, প্রথম সংস্কৰণ, ২০২২।
নাথ, অৰূপ কুমাৰ। নষ্ট এপিটাফ। চন্দ্ৰ প্ৰকাশ, প্ৰথম প্ৰকাশ, ২০০২।
শৰ্মা, গোৱিন্দ প্ৰসাদ। গোৱিন্দ প্ৰসাদ শৰ্মা গল্প সমগ্ৰ। বনলতা, ২০১৫।
হাজৰিকা, পঞ্চানন। আন্ধাৰতকৈ উদাস বতাহতকৈ স্বাধীন। বি আৰ বুক ষ্টল, প্রথম সংস্কৰণ, ২০২০।
লেখকৰ ঠিকনা:
বিশ্বজিৎ শইকীয়া
বকলীয়া ঘাট, কাৰ্বি আংলং
৬০০১৫২৬৮২৫
biswajitsaikia110@gmail.com