কিশোৰ দাস কোঁৱৰ
মাটিৰ মানুহ মাটিতেই এদিন মিলি যাব, এই
কথাষাৰেই প্ৰমাণ কৰে যে মাটি আৰু মানুহৰ এক অংগাংগী সম্পৰ্ক আছে৷ সৃষ্টিৰ আদিম সভ্যতাৰে পৰা মানুহ আৰু মাটিৰ
সম্পৰ্ক অতি নিবিড়৷ প্ৰাচীন অসমৰ মৃৎ শিল্পৰ পৰম্পৰা কিমান প্ৰাচীন অথবা
কেতিয়াৰে পৰা এই শিল্পৰ প্ৰচলন আছিল তাক সঠিককৈ নিৰ্ণয় কৰিব নোৱাৰি৷ গতিকে সেয়েহে ভাবিবৰ থল আছে যে মানৱ সভ্যতাই
পাতনি মেলাৰে পৰাই মৃৎ শিল্পৰো ইতিহাস আৰম্ভ হৈছে৷ আনহাতে ৰামায়ণ, মহাভাৰত,কালিকাপূৰাণ ইত্যাদিত
এই মৃৎ শিল্পৰ উল্লেখ থকালৈ চাই ভবাৰ যথেষ্ট অৱকাশ আছে যে অসমৰ মৃৎ শিল্পৰ পৰম্পৰা
তেনেই প্ৰাচীন৷ আমি যদি প্ৰাচীন মিছৰীয় সভ্যতা,বেবিলন সভ্যতা,পামিৰ সভ্যতা, নতুবা
ভাৰতৰ হৰপ্পা আৰু মহেঞ্জোদাৰোৰ সভ্যতালৈ চাওঁ তেতিয়া এইকথা আৰু অধিক প্ৰমাণ
সহকাৰে দেখাৰ বাট এটা ওলাই৷ প্ৰাচীন
পুথিবোৰত মৃৎ শিল্পৰ উল্লেখ আছে সঁচা, কিন্তু বিশেষকৈ হৰপ্পা আৰু মহেঞ্জোদাৰোৰ
সভ্যতাত আৱিষ্কাৰ হোৱা মৃৎ শিল্পৰ বিভিন্ন ভগ্নাৱশেষে মৃৎ শিল্পৰ একোটা যুগৰ
পৰম্পৰা দাঙি ধৰে৷ মৃৎ শিল্পৰ প্ৰাচীনতা সম্পৰ্কত ড. নাৰায়ণ দাসদেৱে কৰা মন্তব্য
এইক্ষেত্ৰত বিশেষভাৱে প্ৰণিধানযোগ্য হ’ব -” অসমৰ মাটিৰ শিল্পৰ ইতিহাস দীৰ্ঘদিনীয়া৷
ধাতৱ শিল্পই গা কৰি উঠাৰ পূৰ্বে মৃৎ শিল্পই বিকাশ লাভ কৰাটো ঐতিহাসিক সত্য৷ এটা কালত নিত্য - নৈমিত্তিক কৰ্মত ব্যৱহাৰ কৰা
সমস্ত সম্ভাৰকে মাটিৰে সাজি উলিওৱা হৈছিল৷ হীৰা আৰু কুমাৰ সম্প্ৰদায়ৰ লোকে মৃৎ
শিল্পৰ সম্প্ৰসাৰণত এক গুৰুত্বপূৰ্ণ ভূমিকা লোৱাটো উল্লেখযোগ্য৷ ”( নাৰায়ণ দাস-
সংস্কৃতিৰ কণিকা) ৷ আনহাতে কথা গুৰুচৰিতত
উল্লেখ থকা মতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে ১৯ বছৰ বয়সতে ‘চিহ্নযাত্ৰা’ ভাওনা কৰিবৰ
বেলিকা “কপিলীমুখৰ কলংখাৰ” গাঁৱৰ কুমাৰৰ হতুৱাই খোল প্ৰস্তুত কৰিছিল৷ ৰহাৰ বুকুত
হাৰিয়ামুখৰ এথুপি কুমাৰক লগ পায় পঞ্চদশ শতিকাৰ মাজভাগতে গুৰুজনাৰ চিহ্নযাত্ৰাৰ
খোল সজা বংশধৰ সকল যে হাৰিয়া মুখৰ কোনোবা কুমাৰেই হ’ব তাক উলাই কৰিব নোৱাৰি৷ ইয়াৰ লগে লগে মৃৎ শিল্পৰ প্ৰাচীনতাৰ কথাটোও
ঠাৱৰ কৰিব পাৰি যে গুৰুজনাই কপিলীমুখত বিছাৰি পোৱা সেই কুমাৰৰ গাওঁখন বহুত আগৰ
পৰাই তাত আছিল৷
সি যি নহওঁক মানৱ
সভ্যতাৰ পাতনিৰেপৰাই যে আমাৰ মৃৎ শিল্পৰো ইতিহাস আৰম্ভ হৈছে তাত সন্দেহৰ অৱকাশ নাই৷
মানুহে যেতিয়াই প্ৰথমে প্ৰকৃতিৰ সংস্পৰ্শলৈ
আহিছিল তেতিয়া মানুহৰ একেবাৰে সংস্পৰ্শলৈ অহা উপাদানবোৰৰ ভিতৰত মাটিয়েই আছিল
প্ৰথম অন্তহীন উপাদান৷ সেই সময়ত মানুহে
দৈনন্দিন জীৱনৰ বাবে প্ৰয়োজনীয় বিভিন্ন উপাদান মাটিৰেই প্ৰস্তুত কৰি উলিয়াইছিল৷
কেঁচা মাটি হাতেৰে পিটিকি দৈনন্দিন জীৱনত ব্যৱহাৰ্য্য বিভিন্ন পাত্ৰ মাটিৰে সজাই
লৈছিল৷ কেঁচা মাটিয়েই আছিল সেই সময়ত তেওঁলোকৰ বাবে বিবিধ শিল্প উৎপাদন কৰাৰ মূল
প্ৰাথমিক আহিলা৷ নতুনৰ সৃষ্টিৰ আহ্লাদত
উৎফুল্লিত হৈ সেই মানৱে কেঁচা মাটিৰে কেৱল পাত্ৰ সজাই নহয়, বিবিধ আ-অলংকাৰো
মাটিৰেই সাজি উলিয়াইছিল৷ যেতিয়াই জুইৰ আৱিষ্কাৰ হ’ল তেতিয়াই যেন মৃৎ শিল্পৰ
বুকুত খোদিত হ’ল আন এক ইতিহাস৷ মাটিৰে নিৰ্মিত পাত্ৰ সমূহ জুইত পুৰিলে টান হোৱাৰ
প্ৰথম উমান পালে তেওঁলোকে, অজ্ঞাতেই সৃষ্টি হোৱা এই শিল্পই মানৱ মন আলোড়িত কৰি
তুলিলে আৰু অনুসন্ধিৎসু মানৱে মনৰ আপাহতে আন আন বিবিধ শিল্প মাটিৰেই সাজিবলৈ আৰম্ভ
কৰিলে, সৃষ্টিৰ আদিম পাতত সন্নিবিষ্ট হ’ল এটি নাম মৃৎ শিল্প৷
প্ৰাচীনতম ভাৰতৰ সিন্ধু সভ্যতাৰ যুগটো
মৃৎ শিল্পৰ বাবে এক সোণালী যুগ হিচাপে অভিহিত কৰিব পাৰি৷ কিয়নো এই সময়তেই মৃৎ শিল্পই এক বিস্তাৰিত ৰূপ
লাভ কৰিছিল, মাটিৰ বিভিন্ন শিল্প এই সময়খিনিত উৎপন্ন হোৱাৰ বিভিন্ন প্ৰমাণ পোৱা
যায়৷ মাটিৰ পাত্ৰ ব্যৱহাৰৰ ক্ষেত্ৰত
সিন্ধু সভ্যতাৰ এক বিশেষ খ্যাতি আছিল৷ আনকি সিন্ধু সভ্যতাৰ পৰা আৱিষ্কাৰ হোৱা
বিভিন্ন পাত্ৰৰ ভিতৰত প্ৰায় নিৰানব্বৈটা পাত্ৰই আছিল মাটিৰে নিৰ্মিত৷ সিন্ধু সভ্যতাৰ পিছতেই বৈদিক যুগটো মৃৎ শিল্পৰ
বাবে অতিকৈ গুৰুত্বপূৰ্ণ৷ সিন্ধু সভ্যতাৰ
যুগত বিস্তাৰ লাভ কৰা মৃৎ শিল্পই এই বৈদিক যুগত এটা নিদিষ্ট ৰূপ পাইছিল৷ বৈদিক যুগত মাটিৰ ইটা নিৰ্মাণ কৰাটো বিশেষভাৱে
মনকৰিবলগীয়া দিশ৷ আনকি এই সময়ত যজ্ঞৰ বেদীও এই মাটিৰ ইটাৰেই নিৰ্মাণ কৰা হৈছিল৷ প্ৰাচীন কালৰ যিবোৰ মন্দিৰ, দুৰ্গৰ ভগ্নাৱশেষ
আৱিষ্কৃত হৈছে সেইবোৰ ইটাৰে নিৰ্মাণ কৰা কথাটোও কিন্তু বিশেষভাৱে মনকৰিবলগীয়া দিশ৷
উল্লেখযোগ্য বিষয় যে আহোম যুগত আহোম আৰু
কছাৰী ৰাজ্যত ইটা নিৰ্মাণ কৰা মৃৎ শিল্পই প্ৰতিপত্তি লাভ কৰিছিল৷ ইয়াৰে কিছুমান
উকা ইটা আছিল আৰু প্ৰায়বিলাক আছিল বিভিন্ন দেৱ দেৱীৰ মূৰ্তিৰে অলংকৃত৷ প্ৰাচীন অসমৰ তামৰ লিপিতো আনকি ‘ইষ্টকেন্দ্ৰ’ বা
ইটাৰ ভাটাৰ কথা পোৱা যায়৷
সময়ৰ লগে লগে যেন আমাৰ এই প্ৰাচীন
ঐতিহ্যপূৰ্ণ মৃৎ শিল্পৰো আদৰ হেৰাই যোৱাৰ উপক্ৰম হৈছে৷ বিশ্বায়নৰ ধাম- খুমীয়াত
যেন বিশ্বৰ আটাইতকৈ প্ৰাচীন আৰু প্ৰথম এই মৃৎ শিল্প এলাগী হৈ পৰিছে৷ সম্প্ৰতি এক
ভয়াৱহ সমস্যাৰ সন্মুখীন হৈছে এই মৃৎ শিল্পই৷ বিশ্বৰ সবাতোকৈ প্ৰথম শিল্প হ’লেও
মানুহৰ সমানে কৌটিকলীয়া বুলি শিল্পক প্ৰাশ্চাত্যত স্বীকৃতি দিব নোখোজে৷ যদিও তেওঁলোকৰ মৃৎ শিল্পৰ প্ৰাক্ ঐতিহাসিক
বিষয়বস্তুও বিৰল৷ তাৰোপৰি তেওঁলোকৰ মৃৎ শিল্পৰ প্ৰতি দৰদ নথকাৰ আন এটা
উল্লেখযোগ্য কাৰণ এয়ে যে প্ৰাশ্চাত্যৰ যিমানবোৰ মৃৎ শিল্পৰ কলা- কৃষ্টি, স্থাপত্য-ভাস্কৰ্য
আছিল সেইবোৰৰ প্ৰায়বোৰেই গ্ৰীচ আৰু ৰোমৰ দস্যু বৰ্বৰৰ বাৰম্বাৰ আক্ৰমণত নিঃচিহ্ন
হৈ গৈছে৷ প্ৰাচীন মৃৎ শিল্পৰ মাটিৰ বাছনৰ
চিন-চাব বিচাৰি নাপাই আজি য়ুৰোপ-আমেৰিকাই আধুনিক আহিলা-পাতিক সাৱটি লোৱাৰ বাহিৰে
আন গত্যন্তৰ নাই, কিন্তু আমাৰটো সেই দুৰাৱস্থা হোৱা নাই? তেনে আমি কিয় এই মৃৎ
শিল্পক লৈ গৌৰৱান্বিত হ’ব নোৱাৰোঁ? বহুত যুগৰ আগতেই প্ৰাচীনতম যুগৰ ভাৰতীয়
শাস্ত্ৰ-মহাশাস্ত্ৰই কুম্ভ আৰু কুম্ভাকাৰৰ যি পৰিচয় দি গ’ল,সি অজৰ-অমৰ৷ গতিকে
বৰ্তমান বিজ্ঞানৰ এই যি জয়যাত্ৰা তাৰ লগত খোজ মিলাই এই মৃৎ শিল্পক আৰু অধিক বেছি
উন্নত কৰাৰ যথেষ্ট অৱকাশ আছে, উচিত প্ৰশিক্ষণ, শিক্ষা, প্ৰেৰণা,সাহস,জ্ঞান-বিজ্ঞানৰ
বিকাশ আৰু অনুসন্ধিৎসু মনটোৰ বাবে কুমাৰ সকলৰ ডেকা-গাভৰুৱে উচিত সুবিধা আৰু
ব্যৱহাৰিক জ্ঞান পালে কুমাৰৰ হাতৰ শিল্পই বিশ্বৰ বুকুত বুকু থবলৈ কিমানপৰ? এসময়ত
গছৰ ধোন্দত বাস কৰা নিৰক্ষৰ,অজলা কুমাৰৰ সন্তানৰ হাততে যদি এনে এক শিল্পৰ সৃষ্টি হ’ব
পাৰে,তেনে সেই কুমাৰৰ সন্তানে আজি এই বিজ্ঞানৰ জয়জয় ময়ময় অৱস্থাত উপযুক্ত
সুবিধা পালে, বৈজ্ঞানিক চিন্তা-চৰ্চাৰে কুমাৰ মাটিত কেমিকেলৰ সংমিশ্ৰণ কৰি চনকা
মাটিৰ শিল্পক কিয় শিলৰ দৰে কঠিন ৰূপ দিব নোৱাৰিব, কিয় আধুনিক আন আন সামগ্ৰীৰ
আৰ্হি লৈ নতুন নতুন সামগ্ৰী সৃষ্টি কৰিব নোৱাৰিব! আল্ কাতৰাৰ পৰা পৃথিৱীৰ অতি মিঠা
পদাৰ্থ ছেকাৰিণ যদি ওলায়, তেনে কুমাৰৰ মাটিৰে শিলৰ কঠিনতা কিয় উলিয়াব নোৱাৰিব?
এইখিনিতে শ্ৰীমতী যচলীন ধমিজাই কুমাৰক ‘প্ৰজাপতি’ বুলি অভিহিত কৰি কোৱা কথাখিনি
এইক্ষেত্ৰত বিশেষ প্ৰণিধানযোগ্য হ’ব
আজি অসমৰ যুৱকসকলে শিক্ষা- দীক্ষা লৈ
চাকৰি চাকৰিকৈ হামৰাও কাঢ়ি ফুৰি নিবনুৱা সমস্যাৰ সৃষ্টি কৰিছে! এই নিবনুৱা সমস্যা
দূৰীকৰণৰ একমাত্ৰ উপায় হ’ব পাৰে কৰ্ম সংস্কৃতি আৰু এই কৰ্ম সংস্কৃতিৰ ক্ষেত্ৰখনত
এই মৃৎ শিল্পও হ’ব পাৰে অন্য এক পথ নিৰ্দেশক৷ এই মৃৎ শিল্পক যদি এক বৃহৎ উদ্যোগ হিচাপে চৰকাৰে
গঢ় দিয়ে তেনে দেখিব অসমতেই নহয় দেশৰ আন আন ঠাইতো অসমৰ মৃৎ শিল্পই এক বৃহৎ বজাৰ
দখল কৰিছে৷ মৃৎ শিল্পৰ এনে সংকটময় কালতো কিন্তু হাৰিয়া মুখৰ কুমাৰে আজিও মাটিকে
সাৱটি আছে, তৎসত্বেও মানুহে মৃৎ শিল্প বৃত্তিটোক মাহী আইৰ দৃষ্টিৰে চাবলৈ ধৰাৰ লগে
লগে, বিভিন্ন প্লাষ্টিক,চেলুলয়দ,গিলাছৰ ব্যৱহাৰে চৌপাশে ৰঘুমলাৰ দৰে আগুৰি ধৰাৰ
ফলত তেওঁলোকে অনিচ্ছা সত্বেও নিজ বৃত্তিক বিসৰ্জন দিব লগীয়া হৈছে একমাত্ৰ পেটৰ
ভাঁত মুঠিৰ কাৰণে৷ যদিহে চৰকাৰে এইক্ষেত্ৰত পদক্ষেপ লয়,কেতবোৰ আঁচনি গ্ৰহণ কৰি
বৈজ্ঞানিক চিন্তা-চৰ্চাৰে এই কুমাৰ সকলক হাত উজান দিয়ে তেনে পৃথিৱী থাকে মানে চাক
থাকিব আৰু এই মৃৎ শিল্পও থাকিব৷ তাৰ
অন্যথা এদিন গ্ৰীচ আৰু ৰোমানিয়াৰ সকলৰ ওপৰত দুৰ্বৃত্ত শত্ৰুৰ অত্যাচাৰ চলাৰ পিছত
পটাৰি ( Pottery) হেৰাই যোৱাৰ দৰে অসমৰ মৃৎ শিল্পও চিৰদিনলৈ বিলীন হৈ যাব
কালগহ্বৰত৷ এইক্ষেত্ৰত বিশেষকৈ যুৱচামে
আগভাগ ল’ব লাগিব৷ পূৰ্বৰ মৃৎ শিল্পৰ
পদ্ধতিৰ উত্তৰণ ঘটাব লাগিব, বিভিন্ন আধুনিক প্ৰযুক্তিৰ সহায়েৰে সাম্প্ৰতিক সময়ৰ
সামগ্ৰীৰ লগত ফেৰ মাৰিব পৰাকৈ মৃৎ শিল্পৰ মাজত এক জাগৰণ আনিব পাৰিব লাগিব আৰু লগতে
চৰাকৰী কৰ্তৃপক্ষক এইক্ষেত্ৰত বিভিন্ন আঁচনি প্ৰস্তুত কৰাৰ বাবে পতিয়ন নিয়াব
পাৰিব লাগিব৷ এইক্ষেত্ৰত লাগিব যুৱচামৰ
আগ্ৰহ আৰু আন্তৰিকতা, জ্যোষ্ঠ সকলৰ প্ৰেৰণাদায়ক মন্তব্য, উচিত শিক্ষা আৰু সমাজ, দেশ
আৰু চৰকাৰে এক হৈ এই বিপদমুখী শিল্পটোক উদ্ধাৰ কৰাৰ চেষ্টা কৰিব লাগে৷ নহ’লে ইয়াৰ ভৱিষ্যত সম্ভাৱনীয়তা অতি ভয়াৱহ
দিশে আগবাঢ়ি আছে৷
ঠিকনা :
গাওঁ - ঔবাৰী
ডাক সূচাংক - ৭৮১৩৬৪
জিলা- বাক্সা, অসম
ভ্ৰাম্যভাষ – ৮০১১৪৮৬২৬৫