ড° অমৃত গোস্বামী
বৰ্তমান ৰাজ্য আৰু কেন্দ্ৰীয় দুয়োখন চৰকাৰৰ দুয়োজন মূৰব্বীৰ মনোভাৱ এনেকুৱা যেন তেখেতসকলেহে সকলো জানে, বাকীসকলে ভবা বা কোৱা কথাৰ কোনো গুৰুত্ব নাই৷ কেৱল তেখেতসকলে যি ভাবে বা চিন্তা কৰে, সেইটো কেতিয়াও ভুল হ’ব নোৱাৰে৷ তেখেতসকলৰ পাৰিষদবৰ্গয়ো তেখেতসকলৰ নিজৰ বিচাৰ-বুদ্ধিৰে গাদী যোৱাৰ ভয়ত ভুল আঙুলিয়াই দিয়াৰ সাহস নকৰে৷ কিয়নো- Boss is always right. হিন্দীত এটা ফকৰা যোজনা আছে - ‘এক নে কহা, দুছৰেনে শুনি, গুৰু গোবিন্দ কহে দোনো জ্ঞানী’৷ অৰ্থাৎ এজনে ক’লে, আনজনে শুনিলে আৰু গুৰুৱে ক’লে যে দু্যোজনেই জ্ঞানী৷ গতিকে ভুলেই হওক শুদ্ধই হওক গৰাকীৰ বাণী শিলৰ ৰেখা৷ বৰ্তমান সময়ত আমাৰ কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ দুয়োজন মুৰব্বীয়ে গ্ৰহণ কৰা যিকোনো সিদ্ধান্তৰ ক্ষেত্ৰত সমৰ্থন জনোৱাটোৱেই বাকী পাৰিষদবৰ্গৰ কাম৷ এনেহেন লগা হৈছে যে ৰাজ্য চৰকাৰখনৰ কিছুমান কামে যেন অসমীয়া ভাষাৰ সুৰক্ষাৰ বিপৰীতেহে কাম কৰিছে৷ বহু ক্ষেত্ৰত টোগলকী শাসনো উপলব্ধ হোৱা দেখা গৈছে৷
প্ৰথমে দেখা গ’ল অসম লোকসেৱা আয়োগৰ পৰা অসমীয়া ভাষা আঁতৰাই দিলে যাৰ বাবে বিষয়টো গৈ আদালত পালেগৈ আৰু ২০২০ চনৰ অসামৰিক পৰীক্ষাৰ ফল ওলমি ৰৈ প্ৰত্যাশীসকলৰ ভৱিষ্যত অন্ধকাৰত পৰি ৰ’ল৷ দ্বিতীয়তে ইউনিক’ডত অসমীয়াই স্বতন্ত্ৰ ভাষা হিচাপে স্বীকৃতি পাবলৈ চৰকাৰৰ ফালৰ পৰা কৰণীয়খিনি সময়মতে নকৰাৰ ফলত এই কামটো আজিলৈকে হৈ নুঠিল৷ শেহতীয়াকৈ ৰাজ্যখনত অসমৰ চৰকাৰী বিদ্যালয়সমূহত গণিত আৰু বিজ্ঞানৰ শিক্ষা তৃতীয় শ্ৰেণীৰ পৰা দশম শ্ৰেণীলৈকে অসমীয়াৰ সলনি ইৎৰাজীত দিয়াৰ যি ব্যৱস্থা কৰাৰ কেবিনেট সিদ্ধান্ত লোৱা হ’ল, তাকে লৈ ৰাজ্যখনৰ চাৰিওদিশে এক অস্থিৰ পৰিৱেশৰ সৃষ্টি হৈছে৷ অসমীয়া ভাষাৰ চৰকাৰী বিদ্যালয়সমূহত বোলে গণিত আৰু বিজ্ঞান বিষয় দুটা ইংৰাজীত শিক্ষা দিলে আমাৰ ল’ৰা-ছোৱালীয়ে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, দেশৰ অন্যান্য আগশাৰীৰ অভিযান্ত্ৰিক মহাবিদ্যালয়, সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান, অন্যান্য চিকিৎসা মহাবিদ্যালয় আদিত আসন পোৱাত সহজ হ’ব, ভাৰতীয় প্ৰশাসনিক সেৱাৰ পৰীক্ষাত ঠেলাৱালা, ৰিক্সাৱালাৰ ল’ৰা-ছোৱালীকে ধৰি অন্যান্য বহুতো ল’ৰা-ছোৱালীয়ে সফলতা লাভ কৰিব, ইত্যাদি ইত্যাদি৷ এয়া চৰকাৰী পক্ষৰ ফালৰ পৰা দিয়া ব্যাখ্যা৷ অথচ একে সময়তে একেখন চৰকাৰৰ স্বাস্থ্যমন্ত্ৰীয়ে ঘোষণা কৰে যে অসমীয়া ভাষাত বোলে চিকিৎসা বিজ্ঞানৰ শিক্ষা দিয়াবৰ বাবে উচ্চস্তৰীয় সমিতি ইতিমধ্যেই গঠন কৰা হৈছে৷ এইবোৰ চৰকাৰখনৰ পৰস্পৰবিৰোধী কথা নহয়নে? আনহাতে যোৱা ৫ ছেপ্টেম্বৰৰ শিক্ষক দিৱসৰ দিনা ৰাষ্ট্ৰীয় শিক্ষক বঁটা প্ৰদানৰ সভাত পৌৰোহিত্য কৰি দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু ডাঙৰীয়ানীয়ে কয় যে বিদ্যালয়ৰ বুনিয়াদী শিক্ষা অন্যান্য বিষয়ৰ লগতে বিজ্ঞান শিক্ষা মাতৃভাষাত দিয়াব পাৰিলেহে প্ৰকৃত প্ৰতিভা প্ৰকাশ পোৱাত সহায়ক হয়৷ চৰকাৰে যদি বৰ্তমান সময়লৈকে অসমীয়াত দশম বা দ্বাদশ শ্ৰেণীলৈকে পঢ়া আৰু তাৰ পাছৰ উচ্চশিক্ষা ইংৰাজীত কৰা ল’ৰা-ছোৱালীৰ বিপৰীতে একেবাৰে নিম্নস্তৰৰ পৰাই শেষলৈকে ইংৰাজীতে পঢ়া ল’ৰা-ছোৱালীৰ কিমান সংখ্যকে ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান বা অন্যান্য অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ পৰা অভিযন্তা হৈছে, সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠান বা অন্যান্য চিকিৎসা মহাবিদ্যালয়ৰ পৰা চিকিৎসক হৈছে আৰু ভাৰতীয় প্ৰশাসনীক সেৱাৰ পৰীক্ষাত কৃতকাৰ্য্য হৈছে তাৰ এটা সমীক্ষা উলিয়াই দেখুৱাব পাৰিলেহেঁতেন যে হয় কেৱল সৰুৰে পৰা ইংৰাজীত পঢ়া শুনা কৰা ল’ৰা-ছোৱালীয়েহে এই দিশত বেছি পাৰদৰ্শিতা দেখুৱাব পাৰিছে, তেতিয়া কথাবিলাক মানি ল’বলৈ সুবিধা হ’লহেঁতেন৷ আমি ভবাত ওলোটাটোহে শুদ্ধ৷
সৌ সিদিনা দেশৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই প্ৰকাশ কৰিছে যে ইংৰাজীৰ অহৈতুক প্ৰীতিয়ে দেশৰ ৯৮% শতাংশ মেধা নষ্ট কৰিছে৷ যিটো সময়ত নতুন শিক্ষানীতিয়ে মাতৃভাষাত এটা নিৰ্দিষ্ট স্তৰলৈকে শিক্ষা দিয়াত গুৰুত্ব দিছে, যিটো সময়ত ইমানবোৰ শিক্ষাবিদ, শিক্ষক, বিভিন্ন দল সংগঠনে বিভিন্ন যুক্তি-তৰ্কৰে অসমীয়া মাধ্যমৰ সকলো চৰকাৰী বিদ্যালয়ত দশম মানলৈকে সকলো বিষয় অসমীয়াত শিক্ষা দিওৱাৰ ব্যৱস্থা কৰাৰ কথা কৈছে, সেই সময়ত ৰাজ্যৰ মুখ্যমন্ত্ৰীজন নিজৰ সিদ্ধান্তত আঁকোৰগোজ৷ এইখিনিতে দুটামান উদাহৰণ দিব বিচাৰিছোঁ৷ ভাৰতৰ বৈজ্ঞানিক ক্ষেত্ৰত আগবঢ়োৱা সৰ্বোচ্চ পুৰস্কাৰ ‘শান্তিস্বৰূপ ভাটনগৰ বটা’ পোৱা চাৰিজন অসমীয়া বিজ্ঞানী ক্ৰমে ড০ জিতেন্দ্ৰ নাথ গোস্বামী, ড০ ভূপেন্দ্ৰ নাথ গোস্বামী, ড০ প্ৰশান্ত গোস্বামী আৰু শেহতীয়াকৈ য়োৱা ২০২১ চনত পোৱা ড০ বিনয় কুমাৰ শইকীয়াকে ধৰি আটাইকেইজনেই বিদ্যালয় পৰ্য়ায়ত অসমীয়া মাধ্যমত পঢ়া৷ ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ প্ৰতিষ্ঠাপক সঞ্চালক অধ্যাপক ধীৰেন্দ্ৰ নাথ বুঢ়াগোহাঁই, দিল্লীৰ সৰ্বভাৰতীয় আয়ুৰ্বিজ্ঞান প্ৰতিষ্ঠানৰ প্ৰাক্তন সঞ্চালক ড০ ৰমেশ চন্দ্ৰ ডেকা, ভাৰতীয় প্ৰশাসনিক সেৱাৰ অসমৰ প্ৰাক্তনৰ পৰা বৰ্তমানৰ মুখ্যসচিব তথা আৰক্ষী সঞ্চালক প্ৰধান, টাইৱানত শেহতীয়াকৈ ভাৰতীয় ৰাষ্ট্ৰদূত হিচাপে নিযুক্তি পোৱা গৌৰাঙ্গলাল দাস আদি অনেক অসমীয়া বিষয়াই বিদ্যালয় পৰ্যায়ত অসমীয়া মাধ্যমত পঢ়া৷ আনকি মুখ্যমন্ত্ৰী নিজেই অসমীয়া মাধ্যমৰ বিদ্যালয়তে পঢ়ি আজি সমগ্ৰ ভাৰতৰ ভিতৰতে লেখত লবলগীয়া উচ্চখাপৰ এজন ৰাজনীতিক৷ আজি কিছুদিনৰ আগতে ভাৰতৰ সৰ্ববৃহৎ বৈজ্ঞানিক সংস্থা ‘বৈজ্ঞানিক আৰু ঔদ্যোগিক গৱেষণা পৰিষদ’ত প্ৰথমবাৰলৈ এগৰাকী মহিলা বিজ্ঞানী ড০ নাল্লাথাম্বী কালাইসেলভীক সঞ্চালকপ্ৰধান হিচাপে নিযুক্তি দিয়া হৈছে৷ ড০ কালাইসেলভীক এজন সাংবাদিকে এক সাক্ষাৎকাৰত সোধোঁতে তেখেতে কয় যে তেখেতে দ্বাদশ শ্ৰেণীলৈকে তামিল ভাষাতেই শিক্ষা গ্ৰহণ কৰিছিল, যাৰ বাবে আজি সকলো কথা বুজি-বাজি লৈ এই স্থানত উপনীত হবলৈ সক্ষম হৈছে৷ এইবোৰ কেৱল কেইটামান উদাহৰণহে৷ দেশত এনেকুৱা লক্ষ লক্ষ উদাহৰণ ওলাব৷ চৰকাৰে বিদ্যালয়সমূহত শিকন আৰু শিক্ষন পদ্ধতিৰ আমূল পৰিবৰ্তন আনি বিদ্যালয়সমূহৰ পৰিকাঠামো উন্নত কৰাত গুৰুত্ব দিয়ক৷
যোৱা শিক্ষক দিৱসৰ দিনা প্ৰধান মন্ত্ৰীয়ে ঘোষণা কৰে যে দেশত নতুন শিক্ষানীতিৰ আধাৰত ২৭৩৬০ কোটি টকা খৰচ কৰি প্ৰধানমন্ত্ৰী- শ্ৰী অথবা পি. এম. শ্ৰী (PM-Shri) নামেৰে ১৪৫০০ খন চৰকাৰী আদৰ্শ বিদ্যালয় স্থাপন কৰিব, য’ত কেন্দ্ৰীয় চৰকাৰৰ অংশ থাকিব ১৮,১২৮ কোটি টকা৷ যিহেতু শিক্ষাটো ৰাজ্য চৰকাৰৰ অধীনৰ বিষয়, সেয়ে আমি চৰকাৰক আহ্বান জনাব বিচাৰিছোঁ যে আমাৰ চৰকাৰেও পি. এম. শ্ৰীয়েই হওক নতুবা চি. এম. শ্ৰী (CM-Shri) নামেৰেই হওক অসমীয়া মাধ্যমৰ চৰকাৰী বিদ্যালয় বন্ধ কৰাৰ পৰিৱৰ্তে এনে কিছুমান বিদ্যালয়ক আদৰ্শ বিদ্যালয় হিচাপে গঢ়ি তুলিবলৈ যত্ন লওক, য’ত নতুন শিক্ষানীতি অনুযায়ী ছাত্ৰ-ছাত্ৰীসকলে ইংৰাজীকে ধৰি তিনিটা ভাষা শিকাৰ অধিকাৰ পাব, যিকেইটাৰ ভিতৰত যিকোনো দুটা ভাষা ভাৰতীয় প্ৰান্তীয় ভাষা হ’ব লাগিব৷ ইংৰাজী ভাষাটো সুকীয়া বিষয় হিচাপে ভালকৈ শিকোৱাৰ ব্যৱস্থা কৰাওক৷ বিজ্ঞান শিক্ষাৰ ক্ষেত্ৰত অসমীয়াৰ লগতে বিজ্ঞানৰ বিভিন্ন শব্দৰাজিক ইংৰাজীত কি কয় সেইটোও লগতে বুজাই দিয়াৰ ব্যৱস্থা কৰাওক৷ কেৱল কম্পিউটাৰটো ‘প্ৰাক্কলন যন্ত্ৰ’ বুলিলে কি বুজিব বুলি যুক্তি দি ইংৰাজী প্ৰীতি দেখুউৱা উচিত নহয়৷ কম্পিউটাৰক অসমীয়াত কম্পিউটাৰ বুলিয়েই ল’ৰাৰ পৰা বুঢ়ালৈকে সকলোৱে বুজে আৰু ই অসমীয়া ভাষাত সোমাই পৰিছে৷ চৰকাৰে যিবোৰ বিষয়ত অধিক মনোনিৱেশ কৰা উচিত সেইবোৰৰ প্ৰতি সম্পূৰ্ণ উদাসীন৷ এটা সাধাৰণ উদাহৰণ দিওঁ৷ অসমীয়া ভাষাটো শুদ্ধকৈ লিখা আৰু কোৱাটোত ঘটি থকা ভুলবোৰৰ বিষয়ে শ্ৰদ্ধাৰ দেৱেন দত্ত ছাৰে বিভিন্ন সভা-সমিতিৰ বক্তৃতা আৰু দৃশ্য-শ্ৰব্য মাধ্যমত হোৱা আলোচনাচক্ৰত কৈ অহাৰ উপৰি দুখন কাকতত ধাৰাৱাহিকভাবে লিখি থকা আমি সকলোৱে দেখি আহিছোঁ৷ তেখেতৰ লেখাবিলাকৰ প্ৰভাৱ ঠাই বিশেষত কিছু হ’লেও পৰা বুলি আমি অনুভৱ কৰোঁ৷ কিন্তু চৰকাৰী পক্ষই কেতিয়াবা কেতিয়াবা এই কথাবোৰত বিশেষ গুৰুত্ব নিদিয়া যেন লাগে৷ কিয়নো চৰকাৰৰ বিভিন্ন কাৰ্যালয় আৰু চৰকাৰী প্ৰতিষ্ঠানসমূহত ব্যৱহাৰ কৰা নামফলক, পৰিচয় লিপিবোৰ তৈয়াৰ কৰোঁতে বানানৰ এনে কিছুমান অক্ষমণীয় ভুল কৰে, যিবিলাকে ভাষাটোৰ প্ৰতি অন্যায় কৰাৰ উপৰি কিছুমান ভুল বাৰ্তা প্ৰেৰণ কৰে৷ অলপতে দেৱেন দত্তছাৰে যোৰহাটলৈ কোনো এটা অনুষ্ঠানত যোগ দিবলৈ যাওঁতে নতুনকৈ সাজি উলিওৱা কিন্তু পানী পৰা চুকাফা সমন্বয় ক্ষেত্ৰত প্ৰৱেশ কৰোঁতে তাত আহোম ৰাজত্বকালৰ অনেক সামগ্ৰীৰ পৰিচয় লিপিবোৰত থকা অজস্ৰ ভুল বানান আৰু ভুল অৰ্থ বহনকাৰী শব্দ চকুত পৰাত সেই বিষয়ে ‘নিয়মীয়া বাৰ্তা’-কাকতৰ ‘অকুতোভয়’ শিতানত সবিস্তাৰে লিখিছিল৷ তাৰে দুটা উদাহৰণ দিওঁ৷ ধনুৰ কাঁড় ৰাখিবলৈ ব্যৱহাৰ কৰা যতনটোৰ পৰিচয় লিপিত লিখিছে ‘কাড়ৰ টুন’৷ টুন হ’ল এবিধ সাগৰীয় মাছ৷ হ’ব লাগিছিল টোণ বা তোন৷ তদুপৰি কাড়ৰ ‘ক’-ৰ ওপৰত চন্দ্ৰবিন্দু নাই৷ এঠাইত আছে ৰজাই ব্যৱহাৰ কৰা ‘কাক ফণী’৷ ফণী হ’ল যাৰ ফণা আছে অৰ্থাৎ সাপ৷ অসমীয়া ভাষাত মূৰৰ চুলি আঁচোৰিবলৈ ব্যৱহাৰ কৰা সামগ্ৰীবিধক বুজাবলৈ এটা স্বতন্ত্ৰ সম্ভ্ৰান্ত শব্দ আছে যাক কোৱা হয় ‘কাঁকৈ’৷ গতিকে ইয়াক বিকৃত কৰি ‘কাক’-(মানে এবিধ বাঁহ) আৰু ‘ফণি’-ৰ ঠাইত ফণী কৰিলে কি অৰ্থ বহন কৰিব ভাবি চাওক৷ এনে অজস্ৰ ভুলেৰে অনেক পৰিচয় লিপি লিখা আছে৷ এই লিপিবোৰ তৈয়াৰ কৰাৰ সময়ত চৰকাৰী বিষয়াবৰ্গই অলপ টকা-পইচা খৰচ কৰি হ’লেও কোনো ভাষা বিশেষজ্ঞৰ দ্বাৰা পৰীক্ষা কৰোৱাই শুদ্ধ ৰূপত বহুৱাব নোৱাৰেনে?
চৰকাৰৰ মন্ত্ৰী-বিধায়কসকলৰ এই কথাবোৰ চকুত নপৰেনে, যিবোৰে ভাষাটোৰ ক্ষেত্ৰত একো একোটা ডাঙৰ ভুল কৰি ৰাখিছে৷ নতুনকৈ ইমান টকা খৰচ কৰি উলিওৱা চুকাফা সমন্বয় ক্ষেত্ৰৰ ঘৰবিলাকৰ ভিতৰত ইমান সোনকালে পানী পৰিব লগা অৱস্থা কেনেকৈ হ’ল আৰু ঠিকাদাৰক কিয় এই বিষয়ত জবাবদিহি কৰিব পৰা হোৱা নাই, সেই বিষয়ে সংশ্লিষ্ট মহলৰ ওচৰত কোনো উত্তৰ নাই৷ এনেবোৰ কথাত চকু দিবলৈ চৰকাৰ বা চৰকাৰী বিষয়াবৰ্গৰ আহৰি নাই৷ কিছুদিনৰ আগতে কৰবী ডেকা হাজৰিকাই ‘অসমীয়া প্ৰতিদিন’ কাকতত অসমীয়া ভাষাৰ ক্ষেত্ৰত আমাৰ নিজৰ মানুহেই কৰি অহা অপৰাধসমূহৰ বাবে ৰাজ্যখনক মাতৃহন্তা পৰশুৰামৰ দেশ বুলি ঠিকেই মূল্যায়ন কৰিছিল৷ বিভিন্ন মহলে দিয়া যুক্তিপূৰ্ণ কথাবিলাকক আওকাণ কৰি নিজৰ মতত অচল থকা কথাবিলাক দাম্ভিকতাৰ পৰিচয়৷ দম্ভই মানুহৰ পতন ঘটায়৷ ৰাৱণক বধি সীতাক উদ্ধাৰ কৰি যেতিয়া ৰামচন্দ্ৰই অযোধ্যালৈ ঘূৰি আহিছিল, তেতিয়া মাতৃ কৌশল্যাই ৰামচন্দ্ৰক সুধিছিল- ‘তুমি ৰাৱণক বধ কৰিলা’?তাৰ উত্তৰত ৰামচন্দ্ৰই কৈছিল যে মহা প্ৰতাপী, মহা শক্তিশালী, পৰম জ্ঞানী, চাৰিশাস্ত্ৰত পাৰ্গত, শিৱভক্ত ৰাৱণক তেওঁ বধ কৰা নাই, কেৱল ৰাৱণৰ অহঙ্কাৰেহে তেওঁক বধ কৰিলে৷ এইবোৰ শিক্ষা আমি আমাৰ মহাকাব্যবোৰৰ পৰা পাওঁ৷ কিমাধিকম্!
ঠিকনা :
প্ৰাক্তন মুখ্য বিজ্ঞানী,
(নেইষ্ট-যোৰহাট) জয়ানগৰ,
গুৱাহাটী - ২২ ফোন : ৯৪৩৫০৫২০৯৩