অন্যযুগ/


হাৰ্মান হেছে, নীল্‌ছ বঃৰ আৰু নৱকান্ত বৰুৱাৰ কথাৰে

   পৰমানন্দ মহন্ত

 

সৈন্যবাহিনীৰ চকীৰ পুথিভঁৰালৰ সুদৃশ্য বেটুপাত আৰু ধুনীয়াকৈ বন্ধোৱা এখন কিতাপ মোৰ ভাইটিয়ে হস্পিটেলৰ বিছনাত পঢ়ি আছিল৷ শেষৰ কেইটামান পৃষ্ঠা বাকী অছিল৷ সি মোক ক’লে, মোৰ পঢ়ি হ’লে তই পঢ়িবি, বৰ ভাল লাগিছে কিতাপখন– হাৰ্মান হেছেৰ ‘সিদ্ধাৰ্থ’৷ কিতাপখন অতদিনে নপঢ়াৰ কাৰণে বেয়া লাগি আছিল৷ এতিয়া হাততে পাই ধুনীয়া কিতাপখন দুদিনতে পঢ়ি অঁটালোঁ৷ মোৰ আফচোঁচ সঁচা– ইমান দিনৰপৰা নাম শুনি অহা কিতাপখন বহুত দিনৰ আগতেই পঢ়িব লাগিছিল৷ পিছে ‘গতস্য শোচনা নাস্তি’–অজিকালি অতি সহজেই নিজকে মনাব পৰা হৈছোঁ ‘বেটাৰ লেট ডেন নেভাৰ’৷ পঢ়িলোঁ যে গৈ থৈ, সেয়াই ভাল কথা৷ কিতাপখনৰ শেষৰ অধ্যায়ত এষাৰ বাক্য পাই থমকি ৰ’লোঁ–সিদ্ধাৰ্থই তেওঁৰ বন্ধুক কৈছে– ‘তুমি আৰু এটা কথা শুনি মই ধেমালি কৰা বুলি ভাবিবা–এইটো হৈছে যে প্ৰতিটো সত্যৰ বিপৰীতটোও সত্য’– ইন এভ্ৰি ট্ৰুথ দ্য অপজিট ইজ ইকুৱেলি ট্ৰু৷’ হেঃ! মই কি পঢ়িছোঁ৷ চাৎকৈ মনত পৰি গ’ল বিজ্ঞানী হাইজেনবাৰ্গে তেওঁৰ শিক্ষক নীল্‌ছ বঃৰে প্ৰায়ে কৈ থকা বুলি কোৱা কথাষাৰলৈ– এটা গভীৰ সত্য হ’ব পাৰে– If you have a deep truth then the opposite of a deep truth may again be a deep truth. বাঃ! চমৎকাৰ, মহান লোকে সঁচাকৈয়ে একেদৰেই ভাবে তেনেহ’লে! 

কিন্তু যিহে সন্দিগ্ধ মন ভাবিবলৈ মন গ’ল কোনজনে কোনজনৰপৰা কথাখিনি বুটলিছে! ‘সিদ্ধাৰ্থ’ৰ প্ৰকাশ কাললৈ মন কৰিলোঁ, প্ৰকাশ কাল ১৯২২ চন৷ যুদ্ধবিধ্বস্ত য়ুৰোপত শান্তি স্থাপন হোৱাৰ তিনিবছৰৰ পাছত প্ৰকাশ পোৱা৷ হেছেই স্বাস্থ্যজনিত কাৰণত যুদ্ধক্ষেত্ৰলৈ নগ’লেও যুদ্ধবন্দীসকলৰ শুশ্ৰূষাৰ দায়িত্বত আছিল৷ কিন্তু যুদ্ধৰ মাজতে তেওঁৰ পাৰিবাৰিক অসুবিধা– দেউতাকৰ মৃত্যু, পত্নীৰ মনোৰোগ আদিৰ কাৰণে সামৰিক কামৰপৰা অব্যহতি লৈও নিজে নিজৰ কাৰণেও মনস্তত্ত্ববিদৰ পৰামৰ্শ ল’বলগীয়া অৱস্থাত আছিল৷ যুদ্ধ চলি থাকোঁতেই সতীৰ্থ বুদ্ধিজীৱিসকলক য়ুৰোপৰ সমূহীয়া ঐতিহ্য-সংস্কৃতিৰ কথা সুঁৱৰি জাতীয়তাবাদৰ পাগলামিত নুডুবিবলৈ গোহাঁৰি জনাই বাতৰি কাকতত প্ৰবন্ধ এটাত তেওঁ লিখা ‘প্ৰেম হিংসাতকৈ, বুজা-পৰা হিংসাতকৈ আৰু শান্তি যুদ্ধতকৈ মহান’ বুলি ‘এই অনাহক বিশ্বযুদ্ধখনে আমাৰ স্মৃতিতে আগতে অনুভৱ কৰাতকৈও দকৈ সুমুৱাই দিব– কথাষাৰে দেশজুৰি তোলপাৰ লগালে, আৰু তেওঁক গালি পাৰি, ভয় খুৱাই– আজিকালিৰ সামাজিক মাধ্যমৰ অতি চিনাকি ট্ৰ’লৰ দৰে অসংখ্য চিঠি আহিল৷ ভাগ্য ভাল, তেওঁক ফ্ৰাঞ্চৰ ৰ’মা ৰ’লাঁ আৰু এগৰাকী বন্ধু থিওডৰ হয়ছ-এ পূৰ্ণ সমৰ্থন জনালে৷ এনে ঘটনায়ো তেওঁক বাৰুকৈয়ে পীড়া দিছিল৷ যুদ্ধ শেষ হোৱাৰ এমাহমানৰ ভিতৰতে তেওঁ এমিলি চিনক্লেয়াৰ ছদ্মনাম লৈ ‘ডেমিয়েন’ নামৰ উপন্যাসখন লিখি উলিয়ালে৷ ‘সিদ্ধাৰ্থ’খন তাৰ পাছত লিখা৷  

অৰ্থাৎ হেছৰ কিতাপখনৰ ৰচনাকাল ১৯১৯ চনৰ পাছৰ৷ কিন্তু তেওঁ তাৰ আগতেই ১৯১০-১১ চনতে ভাৰত, শ্ৰীলংকা, থাইলেণ্ড আদি পূব আৰু দক্ষিণ এছিয়াৰ দেশলৈ গৈছিল আৰু প্ৰাচ্যৰ ৰহস্যবাদৰদ্বাৰা, আৰু বৌদ্ধধৰ্মৰদ্বাৰাও প্ৰভাৱিত হৈছিল৷ গতিকে তেওঁ লিখা বাক্যকেইটাৰ উৎস এইছোৱা সময়তেই আহৰণ কৰা হ’ব পাৰে৷

আনহাতে নীল্‌ছ বঃৰে ১৯১২-১৩ চনৰ পৰাই নতুন পদাৰ্থবিদ্যাৰ– পাছলৈ কোৱাণ্টাম পদাৰ্থবিদ্যা বুলি নামাংকৃত কৰা– আচহুৱা প্ৰকৃতি বুজিবলৈ নেৰানেপেৰা চেষ্টা চলাই আহিছিল৷ গাণিতিক আৰ্হি নহয়, এক ভৌতিক আৰ্হিৰ সহায় লৈ জগতৰ আচৰণ বুজিবলৈ তেওঁ অহৰহ চেষ্টা কৰি আহিছিল৷ এটা সংকট অৱস্থাত কোৱাণ্টাম সমষ্টিৰ আচৰণ ধ্ৰুপদী আচৰণৰ দৰে হ’ব লাগিব বুলি ধৰি লৈ তেওঁ কোৱাণ্টাম আচৰণৰ ধৰ্ম নিৰ্ণয় কৰি কেতবোৰ পৰীক্ষাৰ পৰ্যবেক্ষণৰ সুন্দৰ– মানে পতিয়নযোগ্য– ব্যাখ্যা দিব পাৰিছিল৷ এই প্ৰক্ৰিয়াটোৰ নাম দিছিল সামঞ্জস্য বিধি বা ‘Correspondence Principle’– য’ত কোনো ভৌতিক প্ৰক্ৰিয়াই কৰা ধ্ৰুপদী বলবিদ্যাৰ আচৰণৰ সহায় লৈ কোৱাণ্টাম সমষ্টিৰ আচৰণ অনুমান বা নিৰ্মাণ কৰা হয়৷ এইটো যে কোৱাণ্টাম আচৰণৰ আচল আৰ্হি নহয় সেই বিষয়ে বঃৰ নিশ্চিত আছিল আৰু কোৱাণ্টামৰ সঠিক, নিখুঁত আৰ্হিৰ সাধাৰণ গুণবোৰ কেনে হ’ব সেই বিষয়ে গভীৰভাৱে চিন্তা কৰিছিল আৰু সতীৰ্থসকলকো সেই বিষয়ক আলোচনাত জড়িত কৰিছিল৷ তেওঁৰ ছাত্ৰ ৱেৰ্ণাৰ হাইজেনবাৰ্গে যেনিবা পোনতে এনে এটা আৰ্হি বিচাৰি পালে গাণিতিক আৰ্হিৰ স্বৰূপত৷ সেইটোক বোলা হ’ল বলবিজ্ঞান৷ তাৰ পাছতে আহিল এৰৱিন শ্ৰ’ডিনঞ্জাৰ (Erwin Schrodinger)-ৰ তৰংগ সমীকৰণৰ ৰূপত দ্বিতীয়টো আৰ্হি– ৱেভ মেকানিক্স বা তৰংগ বলবিজ্ঞান৷ অৱশ্যে প্ৰায় লগে লগেই দেখুৱাব পৰা গ’ল যে দুয়োটা আৰ্হিয়ে আচলতে কোৱাণ্টাম গোটৰ আচৰণৰ বৰ্ণনাৰ ক্ষেত্ৰত একেদৰেই প্ৰযোজ্য৷ অৰ্থাৎ দুটা বিভিন্ন ভাষাত কোৱা একেটা তত্ত্বই– কোৱাণ্টাম তত্ত্ব বা কোৱাণ্টাম বলবিদ্যা৷ এই দুই আৰ্হিৰ যোগেদি আচলতে কোৱাণ্টাম গোটৰ বিশেষ আচৰণসমূহ কেনেকৈ বৰ্ণনা কৰে সেই কথা কিন্তু বোধগম্য হোৱা নাছিল৷ এই ক্ষেত্ৰত হাইজেনবাৰ্গে আকৌ দেখুৱালে যে আমি ভৌতিক ৰাশিবোৰৰ– যেনে ভৰবেগ (momentum), বেগ (velocity), অৱস্থান (position) আদিৰ জোখ-মাখত যাদৃচ্ছিকভাৱে সম্পূৰ্ণ শুদ্ধতাৰে উত্তৰ নাপাওঁ– এবিধ ৰাশি সম্পূৰ্ণ শুদ্ধতাৰে জুখিলে আন এবিধৰ জোখ একেবাৰেই পাব নোৱাৰি৷ ইয়াক হাইজেনবাৰ্গৰ অনিৰ্ণেয়তা বিধি বোলা হয়৷ বঃৰেও এই দিশত বিৱেচনা কৰি আৱিষ্কাৰ কৰিলে পৰিপূৰকতা নীতি Complementarity৷ এই নীতি অনুসৰি কোৱাণ্টাম গোটসমূহ একে সময়তে গোটা কণাৰ ৰূপত আৰু তৰংগৰ ৰূপত থাকে, কিন্তু আমি ইয়াৰ যি কোনো এটা ৰূপহে এটা জোখত পাব পাৰো৷ কাৰণ দুই বিধৰ আচৰণৰ জোখ লোৱা পদ্ধতি বেলেগ বেলেগ৷ অথচ এই বিধৰ আচৰণৰ সম্পূৰ্ণ জ্ঞানেহে আমাক কোৱাণ্টাম গোটটোৰ আচৰণ সম্পূৰ্ণকৈ নিৰ্দিষ্ট কৰি দিব পাৰিব৷ সেয়েহে বঃৰে হয়তো কৈছিল– ‘এটা সত্যৰ বিপৰীতটোও সমানে সত্য৷’ এই আৱিষ্কাৰটো সম্পন্ন হৈছিল ১৯২৭ চনত৷ তেনেহ’লে নীল্‌ছ বঃৰে হাৰ্মা হেছেৰ ‘সিদ্ধাৰ্থ’খন পঢ়িছিল নেকি?

মোৰ আলোচনাটো ইমানতে সামৰিব লাগিছিল৷ পিছে কথাখিনি গোটাই থোৱাৰ আগেয়ে পঢ়িবলৈ ল’লোঁ নৱকান্ত বৰুৱাৰ সৰু কবিতা পুথি এখন, তেখেতৰ জীৱনৰ শেষৰ ফাললৈ লিখা, আৰু শতিকাটোৰ শেষৰটো বছৰত প্ৰকাশ কৰা ‘দলঙৰ তামিঘৰা৷ আমাৰ ছাৰ নৱকান্তই বঃৰৰ বাক্যশাৰী ক’ৰবাত পঢ়িছিলনে, ‘সিদ্ধাৰ্থ’খন নিশ্চয় তেখেতে পঢ়িছিল, কিন্তু ‘সিদ্ধাৰ্থ’ৰ পৰা নহ’লেও তেখেতে নিশ্চয় বৌদ্ধদৰ্শনৰ পৰাই লিখিছিল৷ ডাণ্টেৰ পিছ লোৱা কবিয়ে কোৱা দৰ্শনৰ টুকুৰা টুকুৰবোৰ দি গৈছে নৱকান্ত বৰুৱাৰ ‘ইনফাৰ্ণোত দুবছৰ’ নামৰ কবিতাটোত– সিহঁতৰ হেনো / প্ৰফেতা এজন আছিল, তেওঁ সিহঁতৰ / শুদ্ধ ... একো কথা কোৱা নাই, গাৱঁলীয়া / অশুদ্ধ ভাষাৰে হেনো সত্য কথা ক’ব খোজে / ... সেই প্ৰফেতাই হেনো ঈশ্বৰৰ কথা একোকে নকয়, / মাথোঁ কয়, তুমি কৰ্মফল পাবা; আৰু  একো নাই৷/ স্বৰ্গীয় কৰুণা নাই, দয়া ক্ষমা ব্যক্তিগত গুণ, পূণ্যকৰ্ম /  ধৰ্ম একমাত্ৰ কৰ্ম আৰু ফল! মূৰ্খ! / ঈশ্বৰৰ কৰুণাৰ বাহিৰেনো কোনে কিটো পাব পাৰে? / কৰ্ম মানুহৰ, তাৰ ৰীতি আছে, পদ্ধতিও আছে/ কিন্তু ঈশ্বৰৰ কৰুণাত মানুহৰ নিয়ম নচলে৷/ এই প্ৰফেতাজনৰ কথা ভালকৈ নুবুজিলোঁ মই, / এই হিন্দুটোৰো কথাবোৰো খেলিমেলি! / তেওঁ হেনো কয়, সত্য হেনো এটাই নহয় / চাৰিটাকৈ সত্য! অচৰিত! / ... তেওঁ (সেই প্ৰফেতাই) হেনো কয়, সংসাৰত যন্ত্ৰণা আছে,/ (নেথাকিব কিয়? জন্মই দেখোন পাপ, প্ৰথম পাপৰ সন্তান মানুহ!) / আৰু তেওঁ ক’ব খোজে ‘আছে’ যদি আছে ‘নাইও’ আছে৷/ (ভাল কথা, আৰিম্ভৰ কথা মতে মানি ল’লোঁ, বিপৰীতো আছে৷) ...

বৰুৱা ছাৰৰ কবিতাত কিতাপৰ এই শাৰীটো পাই পুনৰ স্তম্ভিত হ’লোঁ৷ ছাৰে বৌদ্ধধৰ্মৰ বিষয়ে ভালদৰে জানিছিল, আৰু বিজ্ঞানৰ বহুত কথাত মন দিছিল৷ কোৱাণ্টাম তত্ত্বৰ অন্তৰ্নিহিত দৰ্শন বুজিবলৈ তেখেতে যে চেষ্টা নকৰিব বিশ্বাস নহয়৷ পৰিপূৰকতা নীতিৰ কথা আৰু নীল্‌ছ বঃৰে বিজ্ঞানৰ বাহিৰৰ ক্ষেত্ৰতো এই নীতিৰ প্ৰয়োগৰ উদাহৰণ দিয়া ভালেমান আলোচনাৰ বিষয়েও ছাৰে হয়তো জানিছিল৷ কুৰি শতিকাৰ ইংৰাজী সাহিত্যৰ অধ্যাপকগৰাকীয়ে অন্ততঃ বঃৰ, আইনষ্টাইন আৰু ৰাদাৰফ’ৰ্ডৰ বিষয়ে নজনাকৈ থকা নাছিল৷ ক্ৰমে ১৯৬২, ১৯৫৫ আৰু ১৯৩৭ চনত এই কেইগৰাকী বিজ্ঞানীৰ দেহাৱসান ঘটিছিল৷ সেয়েহে নৱকান্তই বঃৰৰ বিষয়ে ভালদৰেই জানিছিল বুলি ধৰি ল’ব পাৰোঁ৷ গুগল য়ুনিভাৰ্ছিটিৰ জ্ঞান তেতিয়া উপলব্ধ নহ’লেও কিতাপ, আলোচনীৰ পয়োভৰ আছিল তেতিয়া, আৰু চখ কৰা মানুহে নিজৰ চখৰ কিতাপ-পত্ৰ বিচাৰি ল’বও জানিছিল৷ যা হওক, কুৰি শতিকাৰ শেষৰ আঠোটা দশকৰ ভিতৰত একেটা বাক্যই, ‘গভীৰ সত্যৰ বিপৰীতটোও গভীৰ সত্য’ –বিজ্ঞান, দৰ্শন আৰু কবিতাৰ কিতাপত (তাকো অসমীয়া কবিৰ কবিতাত) পাই মই আপ্লুত হ’লোঁ৷ সত্যৰ মৰণ নাই –সত্যমেৱ জয়তে৷

***

চমুটোকা :

প্ৰয়াত ড প্ৰণৱজ্যোতি ডেকাই তেখেতৰ ‘জ্যোতি দ্বিভাষিকৰ বুৰঞ্জী’ লিখিছিল৷ এই মিনি ৰচনাখন লিখাৰো এটা আমোদজনক ইতিহাস আছে৷ সেয়েহে ড ডেকাক অনুসৰণ কৰিয়েই মই ৰচনাখনৰ ‘ইতিহাস’ লিখিবলৈ প্ৰয়াস কৰিলোঁ৷ ‘সিদ্ধাৰ্থ’খন পঢ়ি থাকোঁতেই সিদ্ধাৰ্থ আৰু নীল্‌ছ বঃৰৰ বাক্য কেইশাৰীৰ অদ্ভুত মিল দেখি কথাটো টং কৰি থৈছিলোঁ৷ কোনোবা এটা দিনত নৱকান্ত বৰুৱা ছাৰৰ কবিতাটোত বাক্যশাৰী পাই মই পুলকিত হ’লোঁ আৰু লগে লগেই এইখন লিখি পেলালোঁ৷ কিন্তু পৰিপূৰকতা নীতিৰ বিষয়ে আৰু অলপ লিখিম বুলি ভাবি সময় নাপাই পেলাই থৈছিলোঁ৷ হঠাতে ৩ ডিচেম্বৰত সামাজিক মাধ্যমত হাইজেনবাৰ্গৰ নাম লৈ তোলপাৰ হোৱা দেখি সম্পূৰ্ণ বেলেগ দৃষ্টিকোণৰ পৰা লিখা এইখন ৰচনালৈ মনত পৰি আজি পুৱা ৰচনাখন পুনৰ লিখি উলিয়ালোঁ৷ তাৰ মানে বাদানুবাদ সদায় বেয়া কথা নহয়, তাৰ পৰোক্ষ প্ৰভাৱো থাকিব পাৰে৷ কিন্তু পদাৰ্থবিজ্ঞানৰ ছাত্ৰ হিচাপে কৈছোঁ– অনিৰ্ণেয়তা বিধি প্ৰকৃতিৰ মৌলিক বিধিবোৰৰ অন্যতম– ইয়াক এৰি পদাৰ্থ জগতৰ অলোচনা অসম্ভৱ৷

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ