ড° ভাৰত বৰুৱা
আমাৰ চাৰিওফালে আমাৰ জ্ঞাতে বা অজ্ঞাতে বিয়পি থকা মাইক্ৰ’ আৰু নেন’প্লাষ্টিকৰ ক্ষুদ্ৰ কণিকাবোৰ আমাৰ শৰীৰৰ ভিতৰত প্ৰৱেশ কৰি আমাৰ স্বাস্থ্যৰ কেনে ক্ষতি কৰিব পাৰে সেয়া এতিয়াও স্পষ্ট নহয় যদিও বিজ্ঞানীসকলে এতিয়ালৈকে যি বিচাৰি পাইছে তাক লৈ আতংকিত হোৱাৰ কাৰণ নথকা নহয়। আজিৰ পৰা বিশ বছৰৰ আগতে য়ুনিভাৰ্ছিটি অ’ফ প্লেমাউথৰ সাগৰীয় জীৱবিজ্ঞানী ৰিচাৰ্ড থম্পছন আৰু তেওঁৰ সহযোগীসকলে প্ৰথমে “মাইক্ৰ’প্লাষ্টিক” শব্দটো ব্যৱহাৰ কৰিছিল। এই দলটোৱে ইংলেণ্ডৰ প্লেমাউথৰ আশে-পাশে থকা সাগৰীয় পলসত বিচাৰি পাইছিল প্লাষ্টিকৰ আণুবীক্ষণিক কণা আৰু তেওঁলোকে কণাবোৰৰ পৰিমাণ নিৰ্ণয় কৰাৰ ওপৰত গৱেষণা আৰম্ভ কৰিছিল। ইয়াৰ চাৰি বছৰৰ পাছত আমেৰিকাৰ ৰাষ্ট্ৰীয় মহাসাগৰীয় আৰু বায়ুমণ্ডল প্ৰশাসনে (US National Oceanic and Atmospheric Administration) আয়োজন কৰা আন্তঃৰাষ্ট্ৰীয় কৰ্মশালাত অংশগ্ৰহণকাৰীসকলে “৫ মিলিমিটাৰতকৈ সৰু প্লাষ্টিকৰ কণা”ক মাইক্ৰ’প্লাষ্টিক বুলি সংজ্ঞা দিয়ে। তেতিয়াৰ পৰা বিশ্বৰ চাৰিওফালে চৰকাৰী নীতি নিৰ্ধাৰকসকলে এই “মাইক্ৰ’প্লাষ্টিক” শব্দটো ব্যৱহাৰ কৰিবলৈ লয়। আজিৰ যুগত আমি আমাৰ দৈনন্দিন জীৱনত ইমানেই প্লাষ্টিক ব্যৱহাৰ কৰোঁ যে সময়ৰ লগে লগে এইবোৰ ঘঁহনি খাই, উত্তাপত অথবা সূৰ্যৰ ৰশ্মিৰ প্ৰভাৱত ভাঙি-ছিগি যায় আৰু আমাৰ চাৰিওফালৰ বাতাৱৰণত বিয়পি পৰে। গতিকে মাইক্ৰ’প্লাষ্টিক সঁচাকৈয়ে সকলোতে আছে। ঠাইভেদে অৱশ্যে প্লাষ্টিকৰ উৎস বেলেগ বেলেগ হ’ব পাৰে। সঠিক নিৰীক্ষণৰ দ্বাৰা আমি সেই উৎসসমূহৰ ভিত্তিত প্লাষ্টিকৰ প্ৰয়োগ কমাই পৰিৱেশত মাইক্ৰ’প্লাষ্টিক প্ৰশমন ঘটাব পাৰোঁ।
এই প্লাষ্টিকৰ
কণাবোৰ—যাক ৫ মিলিমিটাৰতকৈ সৰু বুলি সংজ্ঞা দিয়া হৈছে— তেনে কণাক মাইক্ৰ’প্লাষ্টিক
আৰু সেইবোৰ যদি একেবাৰে মনিব নোৱাৰা হয়, তেন্তে
সেইবোৰক নেন’মিটাৰৰ গণ্ডিত ধৰা হয়, আৰু নেন’প্লাষ্টিক
বুলি কোৱা হয়। বৈজ্ঞানিক জোখৰ সংজ্ঞাৰ ফালৰ পৰা মিটাৰৰ এক লাখ ভাগৰ এভাগক মাইক্ৰ’মিটাৰ
(১ মাইক্ৰ’মিটাৰ ০.০০০০০১ মিটাৰ) আৰু মিটাৰৰ হাজাৰ নিযুতাংশ হ’ল এক নেন’মিটাৰ (১ নেন’মিটাৰ= ০.০০০০০০০০১ মিটাৰ)। পিছে এই মাইক্ৰ’ আৰু নেন’প্লাষ্টিকৰ পৰা আমাৰ স্বাস্থ্যৰ ক্ষতি হয় নেকি আৰু কেনেকৈ হয় সেয়া এতিয়াও
স্পষ্ট নহয়। এই সংক্ৰান্তত পিছে বহু সূত্ৰ ওলাইছে। পৰীক্ষাগাৰত বিজ্ঞানীসকলে এন্দুৰক
মাইক্ৰ’প্লাষ্টিক খুৱাই এই কণিকাবোৰে জীৱ-জন্তুৰ স্বাস্থ্যৰ প্ৰতি বিপদৰ সৃষ্টি কৰে
নেকি সেই কথা বুজিবলৈ সক্ষম হৈছে। গৱেষকসকলে মানুহৰ শৰীৰত পোৱা মাইক্ৰ’প্লাষ্টিকসমূহৰ
সম্পৰ্কত স্বাস্থ্যৰ ফলাফলো অনুসৰণ কৰি আহিছে। যদিও
মাইক্ৰ’ আৰু নেন’প্লাষ্টিকৰ গৱেষণা একেবাৰেই নতুন ক্ষেত্ৰ, এইবোৰৰ
মানুহৰ শৰীৰ আৰু পৰিৱেশত ব্যাপকতা চিন্তাৰ বিষয়। য়ুনিভাৰ্ছিটি অ’ফ নিউ মেক্সিকোৰ বিষবিজ্ঞানী
মেথিউ কেম্প’নে মানুহৰ কোষত মাইক্ৰ’ আৰু নেন’প্লাষ্টিক অধ্যয়ন কৰে আৰু তেওঁৰ মতে পৰিৱেশ
আৰু মানৱ শৰীৰত মাইক্ৰ’ আৰু নেন’প্লাষ্টিকৰ উপস্থিতি এক গুৰুতৰ বিষয়।
কাৰ্ডিঅ’ভাস্কুলাৰ
মেডিচিনৰ ক্ষেত্ৰত ইন্ষ্টিটিউট’ ডি ৰিকুৱেৰ’ ই কুৰা এ কেৰাটেৰ চাইণ্টিফিকো (আই আৰ
চি চি এছ) চেষ্টো ছান জিওভানি, মিলান ইটালীত অৱস্থিত প্ৰতিষ্ঠানটো বিশ্ববিখ্যাত। আই আৰ
চি চি এছ মাল্টিমেডিকাৰ ডায়েবেটিছ ইউনিটৰ মুৰব্বী এণ্টনিঅ’ চেৰিল’ আৰু তেওঁৰ দলটোৱে
২৫৭ জন লোকৰ ওপৰত প্লাষ্টিকৰ কণাৰ প্ৰভাৱক লৈ গৱেষণা কৰে। এই গোটৰ লোকসকলৰ কেৰটিড ধমনী
ষ্টেনোচিছ নামৰ ৰোগ হৈছিল আৰু ২৫৭ জনৰ ভিতৰত ১৫০ জনৰেই অস্ত্ৰোপচাৰ কৰিব লগাত পৰিছিল।
অস্ত্ৰোপচাৰত দেখা গ’ল যে তেওঁলোকৰ ধমনী প্লেকত প্লাষ্টিকৰ কণা- বেছিভাগেই নেন’প্লাষ্টিক।
গৱেষকসকলে অস্ত্ৰোপচাৰৰ পাছত ৩৪ মাহ ধৰি এই গোটটোৰ স্বাস্থ্যৰ তথ্য অনুসৰণ কৰিছিল আৰু
তেওঁলোকে দেখিছিল যে প্লাষ্টিকৰ কণা নথকাতকৈ মাইক্ৰ’ আৰু নেন’প্লাষ্টিক থকা লোকৰ ক্ষেত্ৰত
ষ্ট্ৰোক, হাৰ্ট
এটেক আৰু মৃত্যুৰ সম্ভাৱনা প্ৰায় পাঁচগুণ বেছি। বিজ্ঞানীসকলে এতিয়াও বুজিবলৈ চেষ্টা
কৰি আছে যে মাইক্ৰ’প্লাষ্টিক আৰু ইয়াৰ ভিতৰৰ বিষাক্ত ৰাসায়নিক পদাৰ্থৰ সংস্পৰ্শ মানুহৰ
ক্ষেত্ৰত কেনেদৰে প্ৰকাশ পায়, প্ৰমাণসমূহ
বিচলিত কৰা ধৰণৰ যদিও অস্পষ্ট।
ৰ’ড আইলেণ্ড
বিশ্ববিদ্যালয়ৰ স্নায়ুবিজ্ঞানী জেইমী ৰ’ছে এন্দুৰৰ ওপৰত এক অধ্যয়ন চলাইছিল য’ত
এন্দুৰক তিনি সপ্তাহ ধৰি পলিইথিলিন মাইক্ৰ’প্লাষ্টিকৰ সংস্পৰ্শলৈ অনা হৈছিল। তেওঁলোকে
লক্ষ্য কৰিলে যে এই সংস্পৰ্শই সিহঁতৰ আচৰণলৈ পৰিৱৰ্তন আনিছে। হয় এন্দুৰবোৰ অতিমাত্ৰা
সক্ৰিয় হৈ পৰিছে আৰু আনহাতে বয়সস্থ এন্দুৰবোৰে বেছিভাগ সময় পিঞ্জৰাৰ মাজভাগত অৱস্থান
কৰিবলৈ ধৰিছে। তেওঁলোকে লক্ষ্য কৰিছিল যে এন্দুৰৰ মগজুত অক্ষমতা থাকিলে এনে আচৰণ দেখা
দিয়ে। গৱেষকসকলে এন্দুৰৰ মগজুত গ্লিয়াল ফাইব্ৰিলাৰী এচিডিক প্ৰটিন (GFAP)-ৰ উৎপাদন
হ্ৰাস পোৱাও লক্ষ্য কৰিলে। ৰ’ছে
কয় যে এনে জি. এফ. এ. পি. হ্ৰাস পোৱা ঘটনাই এলঝাইমাৰ ৰোগ বা
বিষাদগ্ৰস্ততা ৰোগৰ প্ৰাৰম্ভিক পৰ্যায়ৰ ইংগিত দিয়ে। তেওঁলোকৰ অধ্যয়নত দেখা গৈছে যে
মাইক্ৰ’প্লাষ্টিক এন্দুৰৰ তেজ-মগজুৰ বাধা অতিক্ৰম কৰি যকৃত, বৃক্ক, প্লীহা, হাওঁফাওঁ, হৃদযন্ত্ৰ
আৰু অন্ত্ৰত জমা হয়গৈ।যোৱা
৫ বছৰমানৰ পৰা বিজ্ঞানীসকলে কৰা গৱেষণাৰ পৰা দেখা গৈছে যে মাইক্ৰ’প্লাষ্টিক আৰু নেন’প্লাষ্টিক
প্ৰায় সকলোতে আছে— আনকি মানুহৰ শৰীৰতো। তেজ, মগজু, হৃদযন্ত্ৰ, বৃক্ক, যকৃত, হাওঁফাওঁ, মানুহৰ
গাখীৰ, প্লেচেণ্টা, অণ্ডকোষ
আৰু বীৰ্যতো এইবোৰ বিচাৰি পোৱা গৈছে।
মাইক্ৰ’ আৰু নেন’প্লাষ্টিকৰ পৰা হ’ব পৰা সম্ভাৱ্য ক্ষতিৰ বিষয়ে জানিবলৈ বিজ্ঞানীসকলে এতিয়াও
বহু কাৰিকৰী প্ৰত্যাহ্বান অতিক্ৰম কৰিব লগা আছে। ইয়াৰ ভিতৰত আটাইতকৈ মৌলিক কথাটো হৈছে আমাৰ কোষ আৰু তেজৰ সোঁতত এক মাইক্ৰ’মিটাৰতকৈ কম আকাৰৰ নেন’প্লাষ্টিক সঠিকভাৱে ধৰা
পেলোৱাটো। অধ্যয়নৰ পৰা এইটোও দেখা গৈছে যে নেন’প্লাষ্টিক মাইক্ৰ’প্লাষ্টিকতকৈ অধিক ক্ষতিকাৰক
হ’ব পাৰে কাৰণ ই অতিকে ক্ষুদ্ৰ আৰু সহজে
কোষত প্ৰৱেশ কৰিব পাৰে। যিহেতু নেন’প্লাষ্টিকৰ পৃষ্ঠভাগৰ ক্ষেত্ৰফলৰ তুলনাত আয়তনৰ
অনুপাত বেছি, ফলত এনে
কণাবোৰ অধিক বিক্ৰিয়াশীল হৈ পৰে। ৰাটগাৰ্ছ
বিশ্ববিদ্যালয়ৰ বিষবিজ্ঞানী অধ্যাপিকা ফি’বি ষ্টেপলেটনে গৰ্ভত থকা শিশুৰ ওপৰত মাইক্ৰ’
আৰু নেন’প্লাষ্টিকৰ সংস্পৰ্শৰ প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰে। তেওঁৰ গৱেষণাৰ মতে এই মুহূৰ্তত
আটাইতকৈ ডাঙৰ বাধা হ’ল সেই প্লাষ্টিকৰ কণাবোৰ চিনাক্ত কৰাৰ কোনো নিৰ্দিষ্ট
প্ৰযুক্তি নাই। মথোঁ কেইটামানহে বিকল্প আছে, আৰু সেইবোৰ
ব্যয়বহুল, সময়সাপেক্ষ
আৰু নিৰ্দিষ্ট প্ৰকাৰৰ নেন’কণাহে চিনাক্ত কৰিব
পাৰে।
মাইক্ৰ’প্লাষ্টিক
আমাৰ শৰীৰত কেনেকৈ প্ৰৱেশ কৰে?
মাইক্ৰ’ আৰু নেন’প্লাষ্টিকে আমাৰ স্বাস্থ্যৰ ওপৰত কি ধৰণৰ প্ৰভাৱ পেলায় সেইটো জনাৰ প্ৰথম পদক্ষেপটো
হ’ল ই আমাৰ শৰীৰত কেনেকৈ প্ৰৱেশ কৰে সেই কথা জনা।আমি মূলত
খাদ্য, টেপৰ পানী বা বটলত
ভৰোৱা পানীয়ৰ লগত থকা মাইক্ৰ’প্লাষ্টিক আৰু নেন’প্লাষ্টিক কণাবোৰ আমাৰ অজানিতে গ্ৰাস
কৰোঁ। ২০২০ চনত ৫০টা অধ্যয়নৰ পৰ্যালোচনাত দেখা গৈছে যে খোলাযুক্ত সাগৰীয় খাদ্য যেনে
মাছল, অ’য়ষ্টাৰ, আৰু ক্লেম
আদিত মাইক্ৰ’প্লাষ্টিকৰ মাত্ৰা সৰ্বাধিক। বিজ্ঞানীসকলৰ মতে বাণিজ্যিকভাৱে বিক্ৰী হোৱা
টেবুল ছল্ট আৰু সাগৰীয় নিমখতো মাইক্ৰ’প্লাষ্টিক পোৱা গৈছে। আন এটা অধ্যয়নত উল্লেখ
কৰা হৈছে যে ইটালীৰ কেটানিয়াৰ স্থানীয় বজাৰত বিক্ৰী হোৱা ফল-মূল আৰু শাক-পাচলিও এই
ক্ষুদ্ৰ ক্ষুদ্ৰ প্লাষ্টিকৰ কণাবোৰৰ দ্বাৰা দূষিত হৈছে। গৱেষকসকলে অনুমান কৰিছে যে
উদ্ভিদৰ শিপাই হয়তো পানী বা মাটিৰ পৰা প্লাষ্টিকৰ টুকুৰাবোৰ শোষণ কৰি লৈছে আৰু সেইবোৰ
গৈ শেষত উদ্ভিদৰ পাত আৰু ফল-মূলত জমা হৈছেগৈ। এই ঘটনাৰ বিষয়ে আৰু তথ্য আহৰণ কৰাটো অতি জৰুৰী
হৈ পৰিছে।
প্লাষ্টিকৰ
খাদ্যৰ পাত্ৰ, পানীয়ৰ
কাপ আৰু শিশুৰ বটল যেতিয়া গৰম খাদ্য আৰু পানীয়ৰ সংস্পৰ্শলৈ আহে তেতিয়া তাৰ পৰা মাইক্ৰ’প্লাষ্টিক
দ্ৰাৱণ বা লিচিং হৈ বস্তুবোৰ দূষিত কৰাৰ প্ৰমাণো বিজ্ঞানীসকলে পাইছে। শেহতীয়াকৈ কৰা
এক অধ্যয়নত তিনিটা জনপ্ৰিয় ব্ৰেণ্ডৰ বটলৰ পানী বিশ্লেষণ কৰা হৈছে আৰু অনুমান কৰা
হৈছে যে প্ৰতি লিটাৰত গড়ে ২ লাখ ৪০ হাজাৰ অণুবীক্ষণিক প্লাষ্টিকৰ কণাৰ উপস্থিতি আছে। উষ্ণ পৰিৱেশ, সূৰ্যৰ
পোহৰৰ সংস্পৰ্শ, পলিইথিলিন
টেৰিথেলেট বটলৰ পুনৰ ব্যৱহাৰ আদিয়ে মাইক্ৰ’ আৰু নেন’প্লাষ্টিক কণা গঠনৰ সহায়ক হয়।
প্লাষ্টিকৰ
কণাবোৰ বায়ুত ভাহি থাকিব পাৰে বা ধূলিৰ অংশও হ’ব পাৰে। আকাৰৰ ওপৰত নিৰ্ভৰ কৰি মাইক্ৰ’
আৰু নেন’প্লাষ্টিকবোৰ উশাহত শ্বাস নলীৰে প্ৰৱেশ কৰি হাওঁফাওঁৰ গভীৰ ভাগ পোৱাৰ আশংকা নুই কৰিব নোৱাৰি। বতাহত ভাহি থকা বা শৰীৰৰ সংস্পৰ্শলৈ অহা ক্ষুদ্ৰ প্লাষ্টিক কণাবোৰ
মুকলি ঘা, ঘামগ্ৰন্থি, চুলিৰ
গুৰিৰ জৰিয়তেও শৰীৰত প্ৰৱেশ কৰিব পাৰে। ইউনিভাৰ্ছিটি
অ’ফ কেলিফৰ্ণিয়া ছান ফ্ৰান্সিস্কোৰ পৰিৱেশ স্বাস্থ্য বিজ্ঞানী ট্ৰেচি উড্ৰাফৰ মতে
মানৱ শৰীৰত প্ৰৱেশ কৰা মাইক্ৰ’প্লাষ্টিকৰ
প্ৰথম উৎস সম্ভৱতঃ খাদ্য আৰু তাৰ পাছত হয়তো খোৱাপানী।
মাইক্ৰ’প্লাষ্টিক ধৰা পেলোৱাৰ প্ৰত্যাহ্বান
মানৱ
শৰীৰৰ ভিতৰত প্ৰৱেশ কৰি শৰীৰ ভিতৰত থিতাপি লোৱা মাইক্ৰ’ আৰু নেন’প্লাষ্টিক ধৰা পেলোৱা
সহজ কথা নহয়। প্লাষ্টিকৰ কণাবোৰৰ ক্ষুদ্ৰ আকাৰৰ বাবে পোহৰ মাইক্ৰ’স্কোপি
আনকি ইলেক্ট্ৰ’ন মাইক্ৰ’স্কোপি
ব্যৱহাৰ কৰিও কোষৰ নমুনাত এইবোৰ ধৰা পেলোৱাটো বিজ্ঞানীসকলৰ বাবে প্ৰত্যাহ্বানজনক। যিহেতু
এই প্লাষ্টিকৰ কণাবোৰ ইলেক্ট্ৰন ঘন নহয়, গতিকে
এইবোৰ ধৰা পেলাবলৈ ইলেক্ট্ৰ’ন মাইক্ৰ’স্কোপি
ব্যৱহাৰ কৰাটো কঠিন হৈ পৰে।
মানৱ
কোষৰ নমুনাত মাইক্ৰ’ আৰু নেন’প্লাষ্টিকৰ মাত্ৰা চিনাক্ত আৰু পৰিমাণ নিৰ্ণয় কৰিবলৈ
বিজ্ঞানীসকলে পাইৰ’লাইছিছ গেছ ক্ৰ’মাট’গ্ৰাফী / মাছ বৰ্ণালীবিজ্ঞান (Py-GC/MS)-ৰ ওপৰত
বহুলাংশে নিৰ্ভৰ কৰে। এই পদ্ধতিত প্ৰথমে পটাছিয়াম হাইড্ৰ’ক্সাইড ব্যৱহাৰ কৰি জৈৱিক
কোষবোৰ “হজম” বা দ্ৰৱীভূত কৰা হয় আৰু তাৰ পাছত আল্ট্ৰাচেণ্ট্ৰিফিউজৰ সহায়ত দ্ৰৱীভূত
কোষবোৰৰ পৰা প্লাষ্টিকৰ কণাবোৰ পৃথক কৰা হয়। ইয়াৰ পৰৱৰ্তী পদক্ষেপত সংগ্ৰহ কৰা প্লাষ্টিকত
উত্তাপ দি গেছ বৰ্ণালীমাপকৰ সহায়ত গেছ নিৰ্গমন বিশ্লেষণ কৰা হয়। বিভিন্ন পলিমাৰৰ পৰা
নিৰ্গত হোৱা গেছৰ স্বাক্ষৰৰ ভিত্তিত চিনাক্ত কৰা হয় আৰু পৰিমাণো নিৰ্ণয় কৰা হয়। শেহতীয়াকৈ কৰা
এক অধ্যয়নত বিজ্ঞানীসকলে এই কৌশল ব্যৱহাৰ কৰি ২০১১ চনৰ পৰা ২০১৫ চনৰ ভিতৰত সংগ্ৰহ
কৰা ৬২টা মানুহৰ প্লেচেণ্টাৰ নমুনা বিশ্লেষণ কৰি সকলোবোৰতে পলিইথিলিন মাইক্ৰ’প্লাষ্টিক চিনাক্ত কৰিছে।
উপৰোক্ত
পদ্ধতিটোৰ সমস্যাটো হ’ল এই হজম বা পাচন প্ৰক্ৰিয়া, এই প্ৰক্ৰিয়াত
উদ্ভৱ হোৱা বহুতো ৰাসায়নিক পদাৰ্থ অজ্ঞাত। পটাছিয়াম হাইড্ৰ’ক্সাইডে জৈৱিক প্ৰ’টিন, কাৰ্বহাইড্ৰেট, আৰু লিপিডৰ
সৈতে সকলো ধৰণৰ বিধ্বংসী প্ৰক্ৰিয়া কৰে, আৰু ইয়াৰ
কিছু অৱশিষ্ট সদায় থাকি যায়। এই অৱশিষ্টবোৰ আঁতৰাবলৈ অৱলম্বন কৰা অতিৰিক্ত নিষ্কাশন পদক্ষেপে
প্লাষ্টিকৰ কণাবোৰ ধৰা পেলোৱাৰ আগতেই ধ্বংস হৈও যাব পাৰে।এই Py-GC/MS ব্যৱহাৰ
কৰি পলিপ্ৰ’পিলিন আৰু পলিষ্টাইৰিন জাতীয় প্লাষ্টিক ধৰা পেলোৱাটো সহজ কিন্তু পলিইথিলিন
আৰু পলিভিনাইল ক্লৰাইড সঠিকভাৱে ধৰা পেলোৱাটো প্ৰত্যাহ্বানজনক। এই Py-GC/MS-ৰ আন
এটা সীমাৱদ্ধতা হৈছে ইয়াৰ দ্বাৰা গৱেষকসকলে কোষৰ নমুনাত থকা মাইক্ৰ’ আৰু নেন’প্লাষ্টিকসমূহৰ
আকৃতি আৰু আকাৰ গণনা বা মূল্যায়ন কৰিব নোৱাৰে। ই কেৱল প্লাষ্টিকবোৰৰ ঘনত্বৰ পৰিমাণহে জনায়। কিন্তু প্লাষ্টিক কণিকাৰ সংখ্যা বা ঘনত্বৰ লগতে আৰু ইয়াৰ আকৃতিৰ বিষয়ে তথ্য
জনা থাকিলে ইয়াৰ দ্বাৰা ব্যক্তিৰ স্বাস্থ্যৰ সম্ভাৱ্য কি ক্ষতি হ’ব পাৰে সেইটোও বুজাত সহজ
হয়।
এইদৰে
কোনো কোনো গৱেষকে কোষৰ নমুনাত পোৱা প্লাষ্টিক কণিকাৰ গঠনৰ বিষয়ে বিতংভাৱে উন্মোচন
কৰিবলৈ ৰমন মাইক্ৰ’স্পেকট্ৰ’স্কপিৰ পথ বাছি লৈছে। বিজ্ঞানীসকলে একাধিক পদ্ধতিৰ অৱলম্বন কৰাৰ আহ্বান জনাইছে যাতে তেওঁলোকে আমাৰ শৰীৰত অনুপ্ৰৱেশ কৰা মাইক্ৰ’প্লাষ্টিকসমূহৰ
পৰিমাণ আৰু বৈশিষ্ট্য সঠিকভাৱে নিৰ্ণয় কৰিব পাৰে। পিছে এই বহুমূখী পদ্ধতিবোৰ ব্যৱহাৰৰ
কৰোঁতে উপৰুৱা সাৱধানতাৰ প্ৰয়োজন যাতে ব্যৱহাৰ কৰা ডিচপ’জেবল গ্ল’ভছ, প্লাষ্টিক
পেকেজিং বা মাইক্ৰ’প্লাষ্টিকযুক্ত ৰিএজেণ্টৰ দ্বাৰা কোষৰ নমুনা আগতীয়াকৈ প্লাষ্টিকেৰে
প্ৰদুষিত হৈ নপৰে।
বিজ্ঞানীসকলৰ
ধাৰণা যে আমি এতিয়ালৈকে মাইক্ৰ’প্লাষ্টিক আৰু নেন’প্লাষ্টিকৰ বিষয়ে যিমান জ্ঞান আহৰণ
কৰিছো সেয়া তেনেই নগণ্য। ২০৫০
চনৰ ভিতৰত বিশ্বব্যাপি প্লাষ্টিকৰ উৎপাদন দুগুণতকৈও অধিক হোৱাৰ আশা কৰা হৈছে আৰু তেতিয়া
আমি আৰু অধিক প্লাষ্টিকৰ সংস্পৰ্শলৈ আহিম, গতিকে
এই সমস্যাটো আৰু বেয়া হোৱাৰ আগতেই সোনকালেই
ইয়াৰ সমাধান বিচাৰি উলিওৱা অতিকে প্ৰয়োজন।
তথ্যসূত্ৰ :
কেমিকেল
এণ্ড ইঞ্জিনিয়াৰিং নিউজ
আমেৰিকান
কেমিকেল ছ’চাইটি
২৪ নৱেম্বৰ, ২০২৪
--
ঠিকনা :
Bharat Baruah,
Ph. D.
Director of International Programs
College of
Science and Mathematics
Professor of
Chemistry
Department of Chemistry and Biochemistry
Kennesaw State University
370 Paulding Avenue, MD#1203
Kennesaw, GA 30144
E-mail: bbaruah@kennesaw.edu
http://facultyweb.kennesaw.edu/bbaruah/
https://scholar.google.com/citations?user=2qax6nEAAAAJ&hl=en