অন্যযুগ/


হেমাংগ কুমাৰ দত্তৰ কবিতা : এক পৰ্যালোচনা

 টুনুজ্যোতি গগৈ


অসমীয়া সাহিত্য জগতত এগৰাকী মননশীল কবি আৰু প্ৰাবন্ধিক  হিচাপে‍ এক স্বকীয় আৰু সবল পৰিচয় গঢ় দিবলৈ সক্ষম হোৱা হেমাংগ কুমাৰ দত্ত (জন্ম : ১৯৭৩) ২০০৬ চনৰ পৰা অজ্ঞাত কাৰণত নিৰুদ্দেশ হৈ থকাটো অসমৰ বৌদ্ধিক জগতৰ বাবে এক বেদনাদায়ক পৰিঘটনা ৰূপেই পৰিগণিত হৈছে৷ তেওঁ কম বয়সতে অসমীয়া কবিতালৈ বিপুল সম্ভাৱনা কঢ়িয়াই আনিছিল আৰু নিৰলস কৰ্ষণৰ জৰিয়তে নিজাকৈ এটা বাট কাটি সমসাময়িক কবিসকলৰ মাজত এক উজ্জ্বল জ্যোতিষ্ক হৈ জিলিকি উঠিছিল৷ উল্লেখ্য যে ১৯৯১ চনত প্ৰান্তিকআলোচনীৰ পাতত কবি হিচাপে‍ আত্মপ্ৰকাশ কৰা দত্তই অধুনালুপ্ত পষেক’, ‘দামলআদি আলোচনীৰ উপৰি সাতসৰী’, ‘গৰীয়সীআদি কাকত-আলোচনীতো কবিতা লিখিছিল৷ তেওঁৰ কবিতা আৰু প্ৰবন্ধ কটন কলেজৰ বাৰ্ষিক মুখপত্ৰ কটনিয়ানআৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ স্নাতকোত্তৰ মহলাৰ আলোচনীতো প্ৰকাশ পাইছিল৷ ২০০০ চনত প্ৰকাশিত তেওঁৰ একমাত্ৰ কাব্যগ্ৰন্থ অথবাই ২০০২ চনত মুনীন বৰকটকী বঁটা লাভ কৰিছিল৷ সংজ্ঞা প্ৰকাশ’-এ প্ৰকাশ কৰা কাব্যগ্ৰন্থখনিৰ প্ৰথম সংস্কৰণত সন্নিৱিষ্ট হৈছিল ২৫টা কবিতা৷ উল্লেখ্য যে ২০১৮ চনত অথবা’-ত সন্নিৱি‍ষ্ট ২৫টা কবিতাৰ লগতে ১১টা অন্য কাকত-আলোচনীত প্ৰকাশিত কবিতা, পাঁচটা গীত, তিনিটা প্ৰবন্ধ, এখন ৰম্য-ৰচনা, ‘অথবাকাব্যগ্ৰন্থ সন্দৰ্ভত তিনিটা আলোচনামূলক লেখা আদি একলগ কৰি হেমাংগ কুমাৰ দত্তৰ অথবা আৰু অন্যান্যশীৰ্ষক এখনি গ্ৰন্থ ব্ৰহ্মপুত্ৰ বুকছ্‌ এণ্ড পাব্লিকেশ্যনছ্‌’-এ প্ৰকাশ কৰি উলিয়ায়৷ গ্ৰন্থখনি সম্পাদনা কৰিছে দত্তক কাষৰ পৰা পোৱা বিশিষ্ট গল্পকাৰ জয়ন্ত কুমাৰ চক্ৰৱৰ্তীয়ে৷

হেমাংগ কুমাৰ দত্ত কটন কলেজৰ ছাত্ৰ হৈ থাকোঁতে বিশিষ্ট কবি নৱকান্ত বৰুৱাৰ সান্নিধ্যলৈ আহিছিল আৰু বৰুৱাৰ নিকট সান্নিধ্যই তেওঁৰ কাব্য যাত্ৰাক সমৃদ্ধ কৰি তুলিছিল৷ বৰুৱাই অথবাৰ পাতনিও লিখিছিল৷ উল্লেখ্য যে বৰুৱাই কবিতা লিখা বা লিখিব জনা বা লিখিব পৰা মানুহকেই কবি বুলি ভবা নাছিল৷ তেওঁ এবাৰ প্ৰশাসনিক বিষয়া জ্যোতিপ্ৰসাদ শইকীয়াৰ সম্পৰ্কত এওঁ কবিতা লিখে, কবি হয় নে নহয় নাজানোবুলি মন্তব্য আগবঢ়াইছিল৷ কিন্তু, তেওঁ দত্তক কবি বুলি স্বীকৃতি দিয়াই নহয়; তেওঁৰ সমানধৰ্মী কবিবুলি অভিহিত কৰি কৈছিল– ‘এই কবিতাকেইটা মোৰ জোখকাঠিৰে মই নিজৰ বুলি গ্ৰহণ কৰিছো৷ ময়ো এই কবিতাকেইটা লেখিব পৰা উচিত আছিলনহ, বহুত কথাই নহয়৷ আপোনজনৰ বাবে বাট চাবলগীয়া হয়৷ মোৰ সেই অপেক্ষাই আজি পূৰ্ণ মূল্য পাইছে৷’ (হেমাংগৰ এই কবিতাখিনি, হেমাংগ কুমাৰ দত্তৰ অথবা আৰু অন্যান্য, পৃ. : xvi)

ইপিনে, নৱকান্ত বৰুৱাৰ সান্নিধ্যই দত্তক গভীৰভাবে প্ৰভাৱান্বিত কৰাৰ বিষয়ে তেওঁ এনেদৰে লিখি থৈ গৈছে – “... কবিতাৰ উন্নতিৰ লগতে বৈচিত্ৰ্য বৃদ্ধিৰ ক্ষেত্ৰতো বৰুৱা ছাৰৰ ওচৰত মই কৃতজ্ঞ৷ ১৯৯৫ চনত এদিন তেখেতে মোক কলে যে মই মননৰ কবিতা বহুত লিখিলোঁ, এতিয়া অনুভূতিৰ কবিতাও কিছু লিখিব লাগে৷ তেখেতৰ সেই কথা মনত ৰাখিলোঁ, কিন্তু, ভিতৰৰপৰা নহাকৈ জোৰকৈ তেনে ধৰণৰ কোনো কবিতা লিখিব নিবিচাৰি স্বাভাৱিক অংকুৰণলৈ অপেক্ষা কৰিলোঁ৷ লাহে লাহে আৱেগিক সম্পৰ্কৰ কিছু ব্যক্তিগত অভিজ্ঞতাৰপৰা সমল গোটাই মই কিছুমান অনুভূতি সংক্ৰান্ত কবিতা লিখিবলৈ ললোঁ, অৱশ্যে এই চেষ্টা ৰাখি যাতে একে সময়তে মননধৰ্মিতাও সেই কবিতাবোৰত থাকে৷ এটা সময়ত মোৰ নিজৰ আৰু আৰু কোনো কোনো সাহিত্যৰসিক বন্ধুৰ বিচাৰত সেই পৰীক্ষাত উত্তীৰ্ণ হলোঁ, কিন্তু সেইবাৰো মই বাট চাই ৰলোঁ বৰুৱা ছাৰৰ স্বীকৃতিৰ বাবে৷’’ (নৱকান্ত বৰুৱা ছাৰ : মোৰ অলিখিত আত্মজীৱনীৰ লিখিত এক অধ্যায়, পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃ. : ৯৭)

লক্ষণীয় যে কাব্যচৰ্চাৰ ক্ষেত্ৰত বৰুৱাৰ দিহা-পৰামৰ্শ গ্ৰহণ কৰা দত্তই বৰুৱাৰ সামাজিক-ৰাজনৈতিক অৱস্থানক সমৰ্থন কৰা নাছিল৷ বৰুৱাক এগৰাকী আধুনিক মনৰ কবি বুলি স্বীকাৰ কৰি লৈও তেওঁ স্পষ্ট ভাষাৰেই কৈছে– “...কোনো ব্যক্তিৰ সামাজিক-ৰাজনৈতিক অৱস্থানৰ ক্ষেত্ৰত আপত্তি থকাৰ পিছতো তেখেতৰ সৈতে ব্যক্তিগত সু-সম্পৰ্ক বজাই ৰখাটো শুদ্ধ নে ভুল, সেয়া এক প্ৰকাৰৰ আপোচ নেকি (ব্যক্তিগতভাৱে মই ইতিমধ্যেই এনে প্ৰশ্নৰ সন্মুখীন হৈছো)? এই ক্ষেত্ৰত মোৰ ধাৰণা হল আদৰ্শগত বিৰোধ সত্ত্ব‍েও ব্যক্তিগত সু-সম্পৰ্ক বজাই ৰখাটো তেতিয়ালৈকে আপোচ নহয়, যেতিয়ালৈকে সেই ব্যক্তিগত সু-সম্পৰ্কই নিজস্ব আদৰ্শগত স্থিতিক ব্যক্তিনিষ্ঠভাৱে প্ৰভাৱিত নকৰে৷’’ (পূৰ্ব উল্লিখিত প্ৰবন্ধ, পৃ. : ৯৮)

হেমাংগ কুমাৰ দত্তৰ সামাজিক-ৰাজনৈতিক অৱস্থান আছিল স্পষ্ট৷ তেওঁ বাঁও ভাবাদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ নিজৰ চিন্তা-চৰ্চাক এক নতুন আয়তন দিবলৈ যত্নপৰ হৈছিল৷ বৰ্তমান এগৰাকী প্ৰভাৱশালী জননেতা হিচাপে‍ পৰিচিত অখিল গগৈ তেওঁৰ ভাল বন্ধু আছিল৷ গগৈয়ে সম্পাদনা কৰা কটনিয়ানৰ এটা সংখ্যা (১৯৯৪-৯৫)-ত তেওঁ পৰম প্ৰত্যয়েৰে ঘোষণা কৰিছিল– ‘যেতিয়ালৈকে পৃথিৱীত আছে শোষণ আৰু বঞ্চনা, একপক্ষীয় দাৰিদ্ৰ্য আৰু অভাৱ, তেতিয়ালৈকে জীয়াই থাকিব সমাজতন্ত্ৰৰ প্ৰস্তাৱনা৷ অৱহেলিত বস্তিয়ে জীয়াই ৰাখিব সমাজতান্ত্ৰিক ৰাষ্ট্ৰৰ সপোন, ক্ষুধাতুৰ শ্ৰমিক-কৃষকৰ বুকুত জীয়াই থাকিব মাৰ্ক্স-এংগেল্‌ছ-লেনিন৷’ (সমাজতন্ত্ৰ এতিয়া অপ্ৰাসংগিক নেকি?, পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃ. : ৯৩)

সন্দেহ নাই, প্ৰথম যৌৱনত শোষিত-বঞ্চিত মানুহৰ মুক্তিৰ সপোন দেখিবলৈ লোৱা কবিক মাৰ্ক্সবাদে যেন এখন নতুন পৃথিৱীৰ সন্ধান দিছিল৷ কৈশোৰৰ অস্থিৰতাক জয় কৰি জীৱনৰ প্ৰতি আশাবাদী হবলৈ শিকিছিল তেওঁ৷ নচিকেতা-সুমনৰ জীৱনমুখী আৰু সমাজমুখী গানবোৰ বাৰে বাৰে শুনিছিল৷ উচ্চতৰ মাধ্যমিক পৰীক্ষাৰ বিজ্ঞান শাখাত শীৰ্ষস্থান লাভ কৰা কবিয়ে ইচ্ছা কৰা হলে অতি সহজেই চিকিৎসক বা অভিযন্তা হব পাৰিলেহেঁতেন৷ কিন্তু, তেওঁ মধ্যবিত্তীয় ঠেক মানসিকতাৰ পৰা নিজকে মুক্ত কৰাৰ পাছত বৈষয়িক উন্নতিৰ বিষয়ে অলপো নাভাবি প্ৰচলিত সমাজ ব্যৱস্থাক সলনি কৰিবলৈ হাতে-কামে লাগি গৈছিল৷ স্বভাৱত বিনয়ী হলেও অন্যায়-অবিচাৰ দেখিলেই মাত মাতিবলৈ লৈছিল তেওঁ৷ কটন কলেজত ৰেগিঙৰ দৰে সামাজিক ব্যাধি দূৰ কৰিবলৈ যাওঁতে তেওঁ শাৰীৰিক আক্ৰমণৰো সন্মুখীন হৈছিল৷ উল্লেখ্য যে টংলাৰ পৰা প্ৰকাশিত প্ৰগতিশীল আলোচনী দামলৰ সৈতে জড়িত থাকি তেওঁ কবি নীলমণি ফুকন আৰু হীৰেন গোঁহাইৰ দুটি মূল্যৱান সাক্ষাৎকাৰ গ্ৰহণ কৰিছিল৷ পৰৱৰ্তী সময়ত অৰ্থাৎ ১৯৯৮ চনৰপৰা তেওঁ ড° হীৰেন গোহাঁইৰ মুখ্য সম্পাদনাত প্ৰকাশিত প্ৰগতিশীল আলোচনী নতুন পদাতিকৰ সম্পাদনা বিভাগৰ সৈতে জড়িত হৈছিল৷

সি যি হওক, জীৱন আৰু জগতৰ সূক্ষ্ম পৰ্যবেক্ষক দত্তৰ কবিতাবোৰে স্নাতক কাব্য পাঠকক সদায়েই আলোকিত আৰু আলোড়িত কৰি ৰাখিব৷ তেওঁ আৱেগ আৰু যুক্তিৰ সন্তুলন ৰক্ষা কৰি লিখা কবিতাবোৰে মানুহৰ অন্তৰ্লীন জীৱন আৰু বাহ্যিক জগতৰ বিশাল, বিপুল, বৈচিত্ৰ্যময় আৰু বিস্ময়কৰ অৰ্থ উন্মোচন কৰিছিল৷ সেই বাবেই পাঠকে তেওঁৰ কবিতাবোৰৰ মাজত নিজকে আৱিষ্কাৰ কৰিবলৈ সক্ষম হয়৷ তেওঁৰ কবিতাই গভীৰ অন্ধকাৰৰ মাজত পোহৰৰ সন্ধান কৰিছিল আৰু পাঠকৰ নান্দনিক ক্ষুধা ষোল্ল অনাই পূৰণ কৰিছিল৷ দত্তৰ দুটিমান বহুচৰ্চিত কবিতা হ– ‘ৰাতিৰ কবিতা’, ‘চহৰত চেলকাৰ্ক’, ‘ঐচ্ছিক’ ‘অন্য ইউৰেকাআদি৷ এই কবিতাসমূহত তেওঁৰ মৌলিকত্ব, প্ৰজ্ঞাৰ বোল, সমকাল চেতনা, ঐতিহ্য চেতনা আদিও সুন্দৰকৈ মূৰ্ত হৈ উঠিছে৷ দত্তক নৱকান্ত বৰুৱাৰ কবিতাৰ বুদ্ধিদীপ্ত আৰু উদ্ভাৱনশীল প্ৰকাশভংগীয়ে আকৰ্ষণ কৰিছিল আৰু তেওঁ নিজেও এই দুয়োটা গুণ আয়ত্ত কৰি লৈছিল৷ তেওঁৰ কবিতাৰ অন্য এক বিশেষত্ব হল নাটকীয় কথন আৰু তীব্ৰ শ্লেষ৷ 

দত্তৰ জন্ম হৈছিল বিগত শতিকাৰ সপ্তম দশকত৷ এই দশকটোতে অসমৰ সমাজ জীৱন অলেখ নতুন পৰিৱৰ্তনৰ সন্মুখীন হৈছিল৷ স্বাধীন বাংলাদেশৰ জন্ম, মাধ্যম আন্দোলন, দেশৰ জৰুৰীকালীন অৱস্থা, জনসংখ্যা বিস্ফোৰণ, খাদ্য সংকট আদিয়ে অসমৰ সমাজ জীৱনক প্ৰৱলভাৱে জোকাৰি গৈছিল৷ সেই তেতিয়াৰপৰাই অসমত দাৰিদ্ৰ্য আৰু নিবনুৱা সমস্যাই ভয়াৱহ ৰূপ ধাৰণ কৰিলে৷ তাৰ লগে লগে শঠতা, ভণ্ডামি, দুৰ্নীতি আদি অসমৰ চুকে-কোণে শিপাবলৈ ধৰে৷ অষ্টম দশকত আৰম্ভ হল ছবছৰীয়া অসম আন্দোলন৷ এই আন্দোলনৰ শেষত ৰাজ্যখনত সূচনা হল প্ৰতাৰণা আৰু স্বপ্নভংগৰ কৰুণ অধ্যায়৷ উগ্ৰ জাতীয়তাবাদৰ ভেঁটিত গঢ় লৈ উঠা আঞ্চলিক দলটোৰ লেখহীন দুৰ্নীতি-ভ্ৰষ্টাচাৰে বৰ্ষীয়ানসকলক হতাশা আৰু ব্যৰ্থতাৰ অতল গৰ্ভলৈ নিক্ষেপ কৰাৰ পৰিৱৰ্তে নতুন প্ৰজন্মক কৰি তুলিলে বিভ্ৰান্ত আৰু দিশহাৰা৷ ইপিনে, নৱম দশকৰপৰা উগ্ৰপন্থা, বিশ্বায়ন, উদাৰ অৰ্থনীতি আদিয়ে অসমৰ সামাজিক আৰু ব্যক্তিগত জীৱনলৈ অভাৱনীয় পৰিৱৰ্তন কঢ়িয়াই আনিল৷ বিশ্বায়নৰ কোলাত উঠি অহা সাংস্কৃতিক সাম্ৰাজ্যবাদে অসমৰ মধ্যবিত্তীয় লোকৰ মানসিক গাঁথনিটোৱেই বজাৰমুখী কৰি তুলিল৷

এই অস্থিৰ-অশান্ত-ৰক্তাক্ত সময়ছোৱাৰ পটভূমিতে কবিয়ে লিখিছিল ৰাতিৰ কবিতাআৰু প্ৰত্যয়দীপ্ত কণ্ঠৰে গাব খুজিছিল এন্ধাৰে আৱৰা দিনৰে গান৷ তেওঁ জানিছিল যে এন্ধাৰ সোনকালে আৰু সহজে আঁতৰি নাযায়, কিন্তু পোহৰ আনিবলৈ হলে নতুন আশাৰ গান গাবই লাগিব৷ তৎকালীন পৰিৱেশে তেওঁক প্ৰচণ্ড আশাবাদী হোৱাৰ সুযোগ নিদিলেও তেওঁ নিৰাশাৰ পুখুৰীত বুৰ গৈ থাকি নীৰৱতা অৱলম্বন কৰাৰ কথা ভবা নাছিল৷ এন্ধাৰৰ মাজতেই সংগোপনে ফল-ফুলৰ বীজ অংকুৰিত হোৱাৰ দৰে সংকটৰ দিনতো কবিৰ কলম উৎপাদনশীল হৈ আছিল

ডাৱৰৰ কবিতাই তিয়াব নোৱাৰে ধূলি

অথচ ডাৱৰে পাৰে

 

শইচৰ কবিতাই নোজোৰে এসাঁজ

অথচ শইচে জোৰে

 

বতাহৰ কবিতাই মচিব নেজানে কপালৰ ঘাম

অথচ বতাহে জানে

ৰাতিয়ে উপহাৰ দিব নোৱাৰে সূৰ্য

কিন্তু ৰাতিৰ কবিতাই পাৰে৷’          (ৰাতিৰ কবিতা, পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃ. : ২১)

নিজৰ সৈতে কথা পাতিব খোজা দ্বিধাগ্ৰস্ত প্ৰজন্মই পুনঃ পুনঃ পাঠ কৰে ৰাতিৰ কবিতাৰ দৰে কবিতা৷ আস্থাশীল হৈ পৰে ক্ৰমশঃ হেৰাই যোৱা মানৱীয় প্ৰমূল্যবোধৰ প্ৰতি৷ কিয়নো, দত্তই কবিতাৰ মাজত লুকাই থকা অপাৰ সম্ভাৱনা আৰু শক্তিক দুশাৰী শ্লেষপূৰ্ণ বাক্যৰ সহায়ত এনেদৰে প্ৰতিষ্ঠা কৰিছে –‘ৰাতিয়ে উপহাৰ দিব নোৱাৰে সূৰ্য৷ কিন্তু ৰাতিৰ কবিতাই পাৰে৷বিশিষ্ট সমালোচক ড° আনন্দ বৰমুদৈৰ ভাষাৰে কবলৈ গলে– ‘সূৰ্য জীৱনদায়িনী, সকলো জীৱৰ উৎপত্তি আৰু বৃদ্ধিৰ কাৰণ৷ দুখ আৰু দুৰ্যোগৰ দিনৰ কবিতা মানে আন্ধাৰ, হতাশা আৰু মৃত্যুৰ কবিতা নহয়৷ সকলো সৎ সাহিত্যৰ চূড়ান্ত লক্ষ্য মানুহৰ কল্যাণ৷ দুখৰ দিনৰ সাহিত্যয়ো সূৰ্যৰ কথাকে কব লাগিব আৰু কয়৷’ (হেমাংগ দত্তৰ কবিতা, অৰ্থ ব্যঞ্জনা সম্ভাৱনাৰ সমাহাৰ; পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃ. : ১২০)

নৱম দশকৰ পৰাই অসমত সৃষ্টি হৈছিল এক বিশ্বাসহীনতাৰ পৰিৱেশ৷ নিৰ্বিচাৰ ৰাষ্ট্ৰসন্ত্ৰাস, ভ্ৰাতৃঘাতী সংঘাত, গুপ্তহত্যা আদিয়ে অসমৰ সমাজ-জীৱন অস্থিৰ আৰু অশান্ত কৰি তুলিছিল৷ জন অৰণ্যৰ মাজত থাকিও মানুহ হৈ পৰিছিল সমুদ্ৰৰ মাজত অৱস্থিত নিৰ্জন দ্বীপৰ একোজন আলেকজেণ্ডাৰ চেলৰ্কাকৰ দৰেই নিসংগ৷ চহৰীয়া মানুহে কেৱল নিজক প্ৰতিনিধিত্ব কৰি নিজাববীয়াকৈ হৈ পৰিছিল একোটা পক্ষ বা প্ৰতিপক্ষ৷ দত্তই তৎকালীন বিশ্বাসহীন পৰিৱেশ আৰু সন্ত্ৰাস জৰ্জৰ ৰূপক ব্যংগ কৰি লিখিছিল

সহজ হলেও কামটো আমনিদায়ক

বিশেষকৈ সম্প্ৰতি যুদ্ধৰ সময়ত

মৰিয়াবলৈ টাঙোন দাঙিও চাই লব লগা হয় মুখ

লগ পাইছিলোঁ নেকি কৰবাত

টাঙোনৰ পৰা দুহাত দূৰৰ

এই মূৰটিতে পিন্ধাইছিলোঁ নেকি উপহাৰৰ টুপী’    (চহৰত চেলকাৰ্ক, পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃ. : ২৩)

সাম্প্ৰাতিক ৰাজনীতিক বা শাসক শ্ৰেণীৰ কুটিল অভিসন্ধি, প্ৰচলিত সমাজ ব্যৱস্থাৰ আবিল ৰূপ, সাধাৰণ মানুহৰ অসহায় অৱস্থা আদি দত্তৰ ঐচ্ছিক’, ‘অন্য ইউৰেকা’, ‘বন্দীআদি কবিতাত মৰ্মস্পৰ্শী ৰূপত ফুটি উঠিছে

আপোনাকে ধৰি যাৰ যাৰ সতে মোৰ পৰিচয় আছে

ধৰক এদিন মই সকলোকে মাতি আনি কলোঁ

কাৰ কাৰ সমৰ্থন আছে হাত দাঙক

 

প্ৰস্তাৱটো কি, কিহৰ সমৰ্থন আপোনালোকৰ প্ৰথম প্ৰশ্ন হ

মই ইমান মূৰ্খ নহওঁ যে নিজে উত্তৰ দিম

ম প্ৰস্তাৱ ঠিক হোৱা নাই আপোনালোকেই বাছি লওক

 

তাকে লৈ আপোনালোকৰ মতভেদ হব দুই-এটা মাৰ-পিট

দুই-এটোপাল তেজ পৰাৰ পিছত কিবা এটা ৰায়দান

তাকে মই মোৰ প্ৰস্তাৱ বুলি চলাই দিম

অনায়াসে দাং খাব হাতবোৰ...’             (ঐচ্ছিক, পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃ. : ২৬)

আকৌ

ৰজা এইবাৰ পূৰাপূৰি আইনসন্মত

আইনৰ দৰে ৰজাই নেভাঙে সলায়হে আইন

 

ৰজা এইবাৰ ৰাজ্যৰ সীমা পাৰ হৈয়ো ৰজা

দিগ্বিজয়েই যিহেতু ৰজাৰ স্বাভাৱিক বিদেশ-ভ্ৰমণ

ৰজা এইবাৰ বেছিকৈ ৰজা

সমস্যা হল ৰজা বেছিকৈ ৰজা হলে

প্ৰজা হৈ পৰে বেছিকৈ প্ৰজা

 

নিভাঁজ সোণৰ মুকুট পিন্ধাৰ দিনা

পথে পথে উলঙ্গ হৈ ঘূৰে আৰ্কিমিডিছ পোৱাৰ আনন্দত

আৰু উলঙ্গ হৈ অখ্যাত বহুতো মানুহ একেই পথত

ইউৰেকা সিহঁতে নোবোলে নুবুজে সিহঁতে কি পালে

মাত্ৰ জানে কি হেৰুৱালেপোছাক৷’       (অন্য ইউৰেকা, পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃ. : ৩৭-৩৮)

সেইদৰে, প্ৰচলিত সমাজ ব্যৱস্থাক তেওঁ ছয়শৰীয়া কবিতা এটিতে শাণিত ভাষাৰে ব্যংগ কৰিছে

বন্দী হিচাপে গৃহবন্দীৰ সকলোতকৈ ভাল

বন্দী ৰোৱাৰ পক্ষে সুবিধাজনক নিজা ঘৰ

 

সেইফালৰ পৰা কাৰাবন্দীৰো চলে

নিজা নহলেও অন্ততঃ আনৰ ঘৰত

 

দুৰ্ভগীয়া বন্দী অঘৰীবোৰ

যাক বন্দী কৰা হয় ভিতৰৰ পৰা দুৱাৰ জপাই৷’      (বন্দী, পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃ. : ২২)

কবিয়ে ভাবিছিল যে সমাজ ৰূপান্তৰৰ সংগ্ৰামখন পূৰ্ণাংগ ৰূপত এতিয়াও আৰম্ভ হোৱা নাই৷ মৌন হৈ থকা সাধাৰণ মানুহবোৰ এদিন সাৰ পাব আৰু সাৰ পোৱাৰ পাছত কাংক্ষিত মুক্তিৰ দাবীত শেষ সংগ্ৰামখন আৰম্ভ কৰিব৷ তেওঁ প্ৰতিবাদী কাৰ্যসূচীৰ কবিতাত তেনে ইংগিতেই দিছিল

যিখিনি প্ৰতিবাদ আছে কৰা হৈছে প্ৰতিবাদ দিৱসবোৰত

তাতকৈ বহু বেছি

প্ৰতিবাদ আছে নকৰাকৈ গোপনে

সঞ্চিত মানুহৰ দৈনন্দিনতাত৷’ (ওজা, দিগন্ত : এজন কবিৰ সন্ধানত, পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃ. : ১৩২)

তেওঁ এয়াও ভাবিছিল যে কেৱল ৰজাঘৰীয়া ইতিহাসবিদে ৰজাৰ ইতিহাস কল্পনাৰ ৰহণ সানি সদায় লিখি নাথাকিব, এদিন সাধাৰণ প্ৰজাই লিখিবলৈ লব ৰজাৰ সঁচা ইতিহাস৷

আৰু কঠিনতকৈয়ো কঠিন হৈ উঠে যদি

ৰজাৰ ইতিহাস প্ৰজাই লিখিবলৈ লয়

লিখোঁতা প্ৰজাৰ বাবে লগতে ৰজাৰো বাবে

কিয়নো ৰজাৰ ইতিহাস প্ৰজাই লিখিব ললে

ৰজা হৈ যাব পাৰে ইতিহাস৷’          (ৰাজসভাৰ ইতিহাস চৰ্চা, পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃ. : ৬৩)

দত্তৰ এক্স-ৰেনামৰ কবিতাটিতো বস্তুনিষ্ঠ ইতিহাস চৰ্চালৈ পিঠি দি ৰজাঘৰীয়াৰ স্বাৰ্থত ইতিহাসৰ অপব্যাখা কৰা তথাকথিত  ইতিহাসবিদৰ স্বৰূপ উন্মোচিত হৈছে৷ ভোগবাদী ইতিহাসবিদে সকলো তথ্য বজাৰ অৰ্থনীতিৰ আধাৰত ব্যাখ্যা কৰাটো কবিয়ে বিচৰা নাই৷ কিন্তু, কবিয়ে নিবিচাৰিলেও ইতিহাসবিদে সহজ পথকে অনুসৰণ কৰিছে

পত্নীক দিয়া কথামতে টাইম-ট্ৰেভেল আধৰুৱা কৰি বুৰঞ্জীবিদ ঘৰ পায়

আৰু কাষলতিৰ তলত তেওঁৰ মোনাটোৰে বজাৰৰ ফালে ওলাই যায়

ফচিল ভাল পোৱা মানুহজনৰ মোনাটোত

বাহী ফুলকবি আৰু শেঁতা বিলাহীৰ ঠাই নাই৷’             (এক্স-ৰে, পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃ. : ২৫)

এইখিনিতে প্ৰতিবাদী কবিতাৰ ভাব-ভাষা সম্পৰ্কত তেওঁৰ নিজৰ ধাৰণাৰ বিষয়ে উল্লেখ কৰিব পাৰি – ‘কিছুমান মানুহৰ মনত জ্ঞাতে-অজ্ঞাতে এনে এক ধাৰণা আছে যে প্ৰেম, প্ৰকৃতি আদি হৈছে হৃদয়ৰ সম্পদ আৰু সমাজ পৰিৱৰ্তন, সংগ্ৰাম, বিপ্লৱ আদি মগজৰ সম্পদ; প্ৰথমবিধত আৱেগ, কোমলতা, দ্বিতীয়বিধত শুকান যুক্তি, যান্ত্ৰিক কঠোৰতা৷ কিন্তু, বাহিৰৰ চেহেৰাৰ পাৰ্থক্য ভেদ কৰি উৎসলৈ চালে দেখা যায় যে সমাজচেতনাক অনুভূতিপ্ৰৱণতাৰ পৰা বিচ্যুতি নহয়, বৰং অনুভূতিপ্ৰৱণতাৰ সম্প্ৰসাৰণহে৷ এজন বন্ধুৰ প্ৰেমজনিত আঘাতৰ কথাত আন্তৰিকভাৱে প্ৰভাৱান্বিত হবলৈ যিখিনি অনুভূতিপ্ৰৱণতাৰ প্ৰয়োজন, সেইখিনি নথকা কোনোবা মানুহৰ সমাজচেতনা থাকিলেও সেয়া বিকৃত  নেতৃত্বমোহ, যশস্যালোভ, এডভেন্সাৰপ্ৰিয়তা তথা তদ্ৰুপ আন কিবা৷’ (সুমনৰ গান : যুগান্তৰৰ গান আৰু গানৰ যুগান্তৰ, পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃ. : ১০৩)

দত্তৰ এটা প্ৰতিক্ৰিয়াশীল কবিতা’, ‘চিনাকি-অচিনাকিৰ কবিতা’, ‘জনসংখ্যাই সকলো সমস্যাৰ মূল’, ‘জৰীপ’, ‘শেষ প্ৰদৰ্শনীআদি কবিতাত তেওঁৰ প্ৰখৰ জীৱনবোধৰ আভাস পোৱা যায়৷ তেওঁ নিৰ্লিপ্তভাৱেই তুলি ধৰিব পাৰে জীৱনৰ সত্য অথবা আধুনিক মানুহৰ আত্মপৰিচয়ৰ সংকট-

এটি মুহূৰ্তলৈ মোক মুক্তি দিয়া

মই পৰীক্ষা কৰি চাব খোজোঁ পৃথিৱীক

বুজিব বিচাৰোঁ এই বন্দীশালত

অপৰাধবোৰ সঁচাকৈয়ে বন্দী নে শাস্তিবোৰ বন্দী ইয়াত!’ (বন্দীশালৰ কবিতা, পূৰ্বোল্লিখিত, পৃ. : ৩৯)

দত্তৰ তোমাৰ কবিতা’, ‘পাব্লিক কল’, ‘তুমি নোহোৱাৰ কবিতা’, ‘ভিক্ষা’, ‘নেপথ্য-সঙ্গীতআদি কবিতাত আত্মালাপৰ আভাস নথকা নহয়৷ কিন্তু, সেই আত্মালাপ তেওঁৰ গভীৰ আত্ম-উপলব্ধিৰ শৈল্পিক ফচল, ত পাৰভঙা আৱেগ-অনুভূতি অনুপস্থিত৷ যৌৱনৰ ব্যক্তিগত প্ৰেমক সুউচ্ছ শিখৰত উপনীত কৰিহে তেওঁ তোমাৰ কবিতালিখিছিল আৰু সীমিত শব্দমিনিটেৰে জুখি’ ‘সীমিত ভাবোচ্ছাসপ্ৰকাশ কৰিছিল৷ তেওঁৰ ভাৱনাৰ মিতব্যয়িতা প্ৰকাশ পাইছে ভিক্ষানামৰ কবিতাটিতো

ভিক্ষা

আধলিটো লোৱাৰ পৰত

তুমি হাঁহি কলা বহুতো পালা

 

আধলিটো দিয়াৰ পৰত

ময়ো ভাবিছিলো এঃ বেছি দিলোঁ

 

হিচাপৰ সমতাৰে

দেখুৱাই গলা বঙলাৰে ঢকা মোৰ দীনতা ৷’    (ভিক্ষা, পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃ. : ৪৩)

সন্দেহ নাই, এই কবিতাকেইটিত দত্তই খুব কৌশেলেৰে আত্মালাপ কৰিছে আৰু পাঠকক জাগতিক জীৱনবোধৰ সৈতে পৰিচিত কৰাই দিছে৷ তেওঁ মধ্যবিত্তীয় সংকীৰ্ণ পৰিধিৰ পৰা মুক্ত হোৱাৰ পাছত বিভ্ৰান্ত মানুহক সমাজ জীৱনৰ কঠোৰ বাস্তৱৰ লগতো চিনাকি কৰাই দিবলৈ যত্নপৰ হৈছিল৷ এনে প্ৰসংগতে সমালোচক অৰিন্দম বৰকটকীয়ে কৈছে – ‘হেমাংগৰ কবিতাই দাৰ্শনিক চেতনাৰ আয়তন লাভ কৰিছে৷ এই দাৰ্শনিক চেতনাবোধ জাগতিক চিন্তা-চৰ্চাৰ আধাৰত গঢ় লোৱাৰ বাবে এইকেইটি কবিতাত প্ৰকাশ পোৱা কবিৰ মননশীলতা আধুনিক পলায়নবাদী চিন্তা হোৱাৰ পৰিৱৰ্তে আধুনিকতালৈ ৰূপান্তৰিত হোৱা বাস্তৱৰ মাজত চেতনা বিচাৰি চোৱাৰ আগ্ৰহ হিচাপে দেখা দিছে৷ হেমাংগৰ সমসাময়িক কোনোজন কবিয়েই এতিয়ালৈকে এই যোগ্যতা আহৰণ কৰিব পৰা নাই৷’ (অথবা : হেমাংগ দত্তৰ কবিতা, পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃ. : ১২৭)

সচেতন সংগীত অনুৰাগী হিচাবে পৰিচিত হেমাংগ কুমাৰ দত্তই দুটিমান গীতো ৰচনা কৰি থৈ গৈছে৷ তেওঁৰ গীততো সমকাল চেতনা প্ৰকট হৈ পৰিছে

কাম চৰাইৰ ৰঙা ঠোঁট

তাতে কোনে দিলে তেজৰ ফোঁট

ৰজাৰ মানুহে আদৰ কৰে

লাজতে নাচনী নাচোন এৰে

আমি বিহু মাৰো য

দত্তই কৈছিল যে সচৰাচৰ প্ৰতিবাদী গান বুলিলে মনলৈ অহা উত্তপ্ত-উদ্দীপ্ত স্বৰৰ বিপৰীতে সুমনৰ সৃষ্টিত প্ৰতিবাদী গানো স্নিগ্ধ, দৰদী আৰু সংবেদনশীল৷ সুমনৰ গানত বিপ্লৱত জপিয়াই পৰাৰ উত্তাল আহ৩ান বিশেষ নাথাকে, তাৰ সলনি তেখেতৰ গানে শান্তভাৱে অনুভূতিলৈ সুমুৱাই দিয়ে সাম্প্ৰতিক সমাজ জীৱনক লৈ তীব্ৰ যন্ত্ৰণাবোধ, বিবেক দংশন আৰু উত্তৰণৰ তাড়না৷ তেখেতৰ গান সমাৱেশৰ প্ৰতি ওজস্বী সম্বোধন নহয়, এজন ব্যক্তিৰ আন এজন ব্যক্তিৰ সৈতে অন্তৰংগ আলাপ, যি আলাপৰ প্ৰসংগত ধৰা দিয়ে সামাজিক অভিজ্ঞতাই৷’ (সুমনৰ গান : যুগান্তৰৰ গান আৰু গানৰ যুগান্তৰ, পূৰ্ব উল্লিখিত গ্ৰন্থ, পৃ. : ১০৫) এই একেখিনি কথা দত্তৰ গীতৰ ক্ষেত্ৰতো কব পাৰি৷ তেওঁৰ আঙুলিৰ মূৰত গণিব পৰা গীতকেইটিত প্ৰখৰ সমকাল চেতনাই হওক বা গভীৰ জীৱনবোধেই হওক সংযত আৰু পৰিশীলিত ৰূপত প্ৰকাশ পাইছে৷

দত্তই উপলব্ধি কৰিছিল যে কবিতাতকৈ হৃদয় বহলআৰু কবিতাতকৈ জীৱন বহল৷ এইখিনিতে প্ৰশ্ন হয় নিৰুদ্দেশ হোৱাৰ আগে আগে তেওঁ কোনো কাৰণত পুনৰ কৈশোৰৰ অস্থিৰতাক আঁকোৱালি লৈছিল নেকি? প্ৰচলিত সমাজ ব্যৱস্থাক মনে ভবা মতে সলনি কৰিব নোৱাৰি তেওঁৰ মনত গভীৰ যন্ত্ৰণাৰ সৃষ্টি হৈছিল নেকি? এনে ধৰণৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়াটো ইমান সহজ নহয় যদিও এই কথা নিদ্বিৰ্ধাই কব পাৰি যে নিৰ্দিষ্ট কেইটিমান গীত বা কবিতাৰ মাজেৰেই দত্ত তেওঁৰ গুণমুগ্ধসকলৰ মাজত, তেওঁৰ কবিতাৰ ৰসগ্ৰাহী পাঠকৰ মাজত আৰু মুক্তিকামী মানুহৰ মাজত বহু দিনলৈ জীয়াই থাকিব৷ দত্তই মৃতদেহ চিনাক্তকৰণনামৰ কবিতাটিত চাই যোৱা মুখবোৰ/চিনি উলিওৱা তাহানিৰ আপোনজনক/ নাই নাই /ওভতাই পাবলৈ নহয় নহয়/ চিনি উলিওৱা আজি আৰু ভালদৰে হেৰুৱাবলৈবুলি লিখিলেও তেওঁৰ ৰসাগ্ৰাহী পাঠক আৰু গুণমুগ্ধসকলে তেওঁক আজি আৰু ভালদৰে হেৰুৱাবনিবিচাৰে, একেবাৰে কাষত ওভতাই পাবলৈহে বিচাৰে৷

 

সমল গ্ৰন্থ :

১. চক্ৰৱৰ্তী, জয়ন্ত কুমাৰ (সম্পা.) : হেমাংগ কুমাৰ দত্তৰ অথবা আৰু অন্যান্য; ব্ৰহ্মপুত্ৰ বুকছ এণ্ড পাব্লিকেশ্যনছ, প্ৰথম প্ৰকাশ, নৱেম্বৰ, ২০১৮৷

লেখকৰ ফোন : ৭৫৭৮৮৯৬৩৭২

 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ