অন্যযুগ/


লৱণ-কথা

দাদুল দেৱকৃষ্ণ বৰুৱা

 

সাধুটো মনত আছেনে আপোনাৰ? ৰালিতে শুনা সেই ৰজাজনৰ সাধুটো যে! তেওঁৰ যে চাৰিগৰাকী কন্যা আছিল। কোনগৰাকী কন্যাই ৰজাক কিমান ভাল পায় বুলি এদিন প্ৰশ্ন কৰোঁতে যে প্ৰথমগৰাকী ৰাজকন্যাই পিতাকক চেনিৰ দৰে ভাল পাওঁ বুলি কৈছিল। দ্বিতীয়গৰাকীয়ে গুৰৰ দৰে আৰু তৃতীয়গৰাকীয়ে মৌৰ দৰে ভাল পাওঁ বুলি কোৱাত ৰজা যে প্ৰফুল্লিত হৈছিল! আৰু চতুৰ্থ তথা কনিষ্ঠা কন্যাই যেতিয়া নিমখৰ দৰে ভাল পাওঁ বুলি কৈছিল, তেতিয়া ৰজাই যে খঙতে সেইগৰাকী কন্যাক বনত মেলি থোৱাই আহিছিল! এইখিনিলৈকে সাধুটো যদি মনত আছে তেন্তে পিছৰখিনিও মনত আছে নিশ্চয়। গতিকে সেইখিনি মই নকলেও চলিব! নিমখক লৈ এনে কাহিনীৰ অন্ত নাই। একেদৰেই নিমখক লৈ পৃথিৱীত ঘটিছে বিভিন্ন ঘটনাও। কিন্তু ইয়াত মই নিমখৰ কাহিনী নহয়; ইতিহাসৰ বিষয়েহে আলোচনা কৰিম।

মনোবিজ্ঞানী আৰ্নেষ্ট জনছ আছিল ছিগমণ্ড ফ্ৰয়েডৰ বন্ধু। আমেৰিকা আৰু যুক্তৰাজ্যত মনোবিশ্লেষণৰ প্ৰৱৰ্তনত জনছে যথেষ্ট সহায় কৰিছিল। ১৯১২ চনত তেওঁ নিমখৰ প্ৰতি মানুহৰ প্ৰবল আকৰ্ষণ বিষয়ক এটা প্ৰবন্ধ প্ৰকাশ কৰে। জনে আঙুলিয়াই দিছে— “নিমখক সকলো যুগতেই ইয়াৰ প্ৰাকৃতিক গুণতকৈ বহু বেছি মূল্যৱান বিনিয়োগত ব্যৱহাৰ কৰা হৈছে।” হমাৰে নিমখক স্বৰ্গীয় পদাৰ্থ হিচাপে উল্লেখ কৰিছিল। প্লেটৱে কৈ গৈছে— ‘‘নিমখ দেৱতাসকলৰ বাবে বিশেষভাৱে প্ৰিয়।’’ তেওঁ ধৰ্মীয় অনুষ্ঠান, চুক্তি আৰু যাদুত নিমখৰ ব্যৱহাৰৰ বিষয়েও আলোচনা কৰিছে।

জনৰ মতে নিমখ প্ৰায়ে মানুহৰ উৰ্বৰতা বা প্ৰজনন প্ৰক্ৰিয়াৰ লগত জড়িত আছিল। এই ধাৰণাটোৰ এটা কাৰণ থাকিব পাৰেসাগৰৰ নিমখীয়া পানীত বাস কৰা মাছৰ বংশবৃদ্ধিৰ হাৰ স্থলজ প্ৰাণীতকৈ বহুগুণে বেছি। ইফালে নিমখ কঢ়িয়াই অনা জাহাজবোৰ নিগনিৰে ভৰি উঠিছিল। যুগ যুগ ধৰি মানুহে বিশ্বাস কৰিছিল যে এন্দুৰক বংশবৃদ্ধি কৰিবলৈ যৌনতাৰ প্ৰয়োজন নহয়, কেৱল নিমখহে জীয়াই থকাৰ বাবে প্ৰয়োজন! ৰোমানসকলে প্ৰেমত পৰা মানুহ এজনক ছেলেক্সবুলি কৈছিল, অৰ্থাৎ নিমখীয়া। ফ্ৰাঞ্চ আৰু স্পেইনৰ সীমান্তৰ পাইৰেনিছত এক দম্পতীয়ে গীৰ্জাত বিয়া হলে বাঁও পকেটত নিমখ লৈ ফুৰিছিল, যাতে সন্তান জন্ম দিব নোৱৰাৰ ফল তেওঁলোকে ভোগ কৰিবলগীয়াত নপৰে। জাৰ্মানীত কইনাৰ জোতাত নিমখ ছটিয়াই দিয়া হৈছিল। জনে এনেকুৱা আৰু বহু উদাহৰণ দিছে। প্ৰাচীন মিচৰৰ অকৃতজ্ঞ পুৰোহিতসকলে নিমখ নাখাইছিল, কাৰণ নিমখে মানুহৰ যৌন অভীপ্সা জগাই তুলিছিল। আমেৰিকাৰ আদিবাসী পিমাগোষ্ঠীৰ মানুহে যদি কোনো আপাচীগোত্ৰৰ লোকক হত্যা কৰে তেন্তে সেই মানুহজন আৰু তেওঁৰ পত্নী তিনি সপ্তাহলৈকে যৌন সম্পৰ্ক আৰু নিমখৰ পৰা বিৰত থাকিব লাগিছিল। ভাৰতৰ বিহাৰত মহিলা সাপুৰসকলে নিয়মীয়া ব্যৱধানত নিমখৰ পৰা আঁতৰি থাকে আৰু ভিক্ষা খুজিবলৈ ওলাই যায়। দানৰ পৰা পোৱা আয়ৰ আধাখিনি পুৰোহিতক দিয়া হয় আৰু বাকী আধাখিনি নিমখ আৰু মিঠাই কিনি গাঁওবাসীৰ মাজত বিতৰণ কৰা হয়। জনে তেওঁৰ যুক্তিৰ সমৰ্থনত ফ্ৰয়েডৰ মতামত থিয় কৰে। জনে লিখা আঠ বছৰ আগতে ফ্ৰয়েডে Zur Psychopathie des Altagslebens গ্ৰন্থত লিখিছিল যে সাধাৰণ বস্তু বা ঘটনাক অত্যধিক গুৰুত্ব দিয়াৰ ফলত অন্ধবিশ্বাসৰ বিকাশ ঘটে। এই গুৰুত্বৰ এটা কাৰণ আছে। অৱচেতনভাৱে এই সাধাৰণ বস্তুবোৰ আমাৰ জীৱনত অতি গুৰুত্বপূৰ্ণ কিবা এটাৰ লগত জড়িত হৈ আছে। জনৰ মতে নিমখৰ প্ৰতি মানুহৰ আকৰ্ষণ বুজিবলৈ হলে ইয়াৰ প্ৰকৃত তাৎপৰ্য বুজিবলৈ চেষ্টা কৰিব লাগিব। জনে শেষত কৈছে— “আদিম মানুহে বীৰ্য আৰু প্ৰস্ৰাৱৰ গঠনত নিমখক কিছুমান প্ৰয়োজনীয় উপাদানৰ সমতুল্য কৰি ৰাখিছিল বুলি ভবাৰ উচিত কাৰণ আছে।জনে এই বিষয়ে আলোচনা কৰাৰ আঁৰত এটা বৈজ্ঞানিক ব্যাখ্যা আছে। এইটো সঁচা যে বীৰ্য, প্ৰস্ৰাৱ, তেজ, চকুলো, ঘাম আৰু শৰীৰৰ প্ৰায় সকলো অংশতে নিমখ থাকে; কোষৰ কাম-কাজৰ বাবে নিমখ এক অপৰিহাৰ্য মৌল। নিমখ আৰু পানী অবিহনে কোষবোৰে পৰিপুষ্টি লাভ নকৰে আৰু পানীলগাত ভুগিবলগীয়া হয়। কিন্তু নিমখৰ প্ৰতি মানুহৰ আগ্ৰহৰ ব্যাখ্যা দিব পৰা উন্নত নমুনা কেই বছৰমানৰ পাছতহে আহিল। ১৯২০ চনত মিছিগানৰ ডাইমণ্ড ক্রিষ্টাল ছল্ট কোম্পানীৰ এখন বুকলেটৰ শিৰোনাম আছিল— ‘নিমখৰ এশ এটা ব্যৱহাৰএই ব্যৱহাৰসমূহৰ ভিতৰত আছিলসিজোৱা শাক-পাচলিৰ ৰং উজ্জ্বল কৰি ৰখা, আইচক্ৰীম ঠাণ্ডা কৰি ৰখা, উতলা পানী সোনকালে ঠাণ্ডা কৰা, ভেঁকুৰ আঁতৰোৱা, কাপোৰৰ দাগ আঁতৰোৱা, মমবাতিৰ ক্ষয় কমোৱা, ফুল সতেজ কৰি ৰখা, মুখৰ ঘা ভাল হোৱা ইত্যাদি।

নিমখৰ ব্যৱহাৰ এশ এটাতকৈও অধিক। আধুনিক যুগত নিমখৰ প্ৰায় ১৪ হাজাৰ ব্যৱহাৰ চিনাক্ত কৰা হৈছে। ঔষধ তৈয়াৰ কৰা, শীতকালত ৰাস্তাৰ পৰা বৰফ গলোৱা, কৃষিভূমিত সাৰ হিচাপে দিয়া, চাবোন তৈয়াৰ কৰা, বস্ত্ৰ উদ্যোগত ৰং কৰা আদি অনেক কামত নিমখ ব্যৱহাৰ কৰা হয়। মানৱ শৰীৰৰ বাবে প্ৰয়োজনীয় ছডিয়াম ক্লৰাইডৰ প্ৰধান উৎস হৈছে নিমখ।

মানুহে খাদ্যত নিমখ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছিল হাজাৰ বছৰৰ আগতেই। কিন্তু সেই সময়ৰ এই নিমখ আজিৰ সাগৰীয় পানীৰ পৰিশোধিত প্ৰক্ৰিয়াকৃত নিমখ নহয়। পাছত খনিৰ পৰা নিমখ সংগ্ৰহ কৰা হৈছিল। সেই সময়ৰ মানুহে খনিৰ পৰা নিমখ উলিওৱা প্ৰক্ৰিয়াটো নিজৰ ধৰণে শিকিছিল। এনে এটা জনাজাত খনি আছিল চীনৰ ছানচি প্ৰদেশৰ য়নচুনত। এইটোৱেই হৈছে আটাইতকৈ পুৰণি খনি; ত মানুহে নিমখ খান্দিব পাৰিছিল।

লেণ্ড, তুৰস্ক, লিভিয়া আদি কিছুমান দেশত এতিয়াও নিমখৰ খনি পোৱা যায়। অষ্ট্ৰিয়াৰ এটা অঞ্চলৰ নাম ছালজবাৰ্গযাৰ অৰ্থ হৈছে নিমখৰ চহৰ। এই অঞ্চলত সোতৰ কিলমিটাৰ এলেকাত নিমখৰ খনি আছে। একেদৰে এই নিমখৰ বাবেই কেলটিক বা স্কটলেণ্ড, গ্ৰীক আৰু ইজিপ্তৰ বিভিন্ন অঞ্চলৰ নামকৰণ কৰা হয়। ইটালীৰ দক্ষিণৰ চিচিলিত ধুনীয়া ডাঠ নিমখৰ এটা খনি আছে। এই খনিটোৱে প্ৰায় ২০ কিলমিটাৰ এলেকা দখল কৰিছে। প্ৰায় ডেৰ লাখ বছৰৰ আগতে ভূমধ্য সাগৰ আংশিক বা সম্পূৰ্ণৰূপে শুকাই যোৱাৰ সময়ত এই উল্লেখযোগ্য আৰ্হিৰ সৃষ্টি হৈছিল। পানীৰ বাষ্পীভৱনৰ ফলত জমা হোৱা নিমখেই সময়ৰ লগে লগে কলাবোৰৰ মাজত বগা আৰু বৃত্তাকাৰ ৰেখা সৃষ্টি হোৱাৰ মূল কাৰণ।

শেহতীয়াকৈ তুৰস্কত ভূ-পৃষ্ঠৰ পৰা ১৩০০ ফুট তলত ৫০০০ বছৰ পুৰণি এটা নিমখ খনি আৱিষ্কাৰ কৰা হৈছে। এই নিমখ খনিটো খ্ৰীষ্টপূৰ্ব ৩০০০-ৰ আশে-পাশে নিৰ্মাণ কৰা হৈছিল বুলি ধাৰণা কৰা হৈছে আৰু আজিও ইয়াৰ ব্যৱহাৰ চলি আছে। প্ৰাচীন মধ্যপ্ৰাচ্যত এক বিশাল সাম্ৰাজ্য গঢ়ি তোলা হিটীসকল আছিল এই খনিৰ মূল মালিক আৰু তেওঁলোকে নিজৰ হাতেৰে খনিবোৰৰ পৰা নিমখ উলিয়াই আনিছিল। অনুমান কৰা হৈছে যে ইয়াত এতিয়াও ১ বিলিয়ন টন নিমখ জমা আছে। এতিয়াও ইয়াৰ পৰা দৈনিক ৫০০ টন নিমখ সংগ্ৰহ কৰা হয়।

খ্ৰীষ্ট জন্মৰ ৬০০০ বছৰ আগতে মানুহে খনিৰ পৰা নিমখ উলিয়াব পাৰিছিল। অৱশ্যে বৰ্তমান আমি খোৱা নিমখৰ বেছিভাগেই সাগৰীয় নিমখৰ পৰা আহে। সাধাৰণ নিমখ বগা দেখা যায়, কিন্তু খনন কৰা নিমখ বেলেগ বেলেগ ৰঙৰ হব পাৰে। বগা নিমখ মূলতঃ পৰিশোধিত সাগৰীয় নিমখ। পৃথিৱীৰ বহু ঠাইত কলা নিমখ পোৱা যায়। ইয়াৰে অধিকাংশ ভাৰতত পোৱা যায়। এই নিমখক লা নিমখবোলা হয়। ই মূলতঃ খনিজ লৱণ। ইয়াৰ ভিতৰত ছডিয়াম ক্লৰাইড, আইৰণ, ছালফাৰ যৌগ আদি অন্যতম। এই কলা নিমখ প্ৰায়ে ৰন্ধা-বঢ়াৰ সোৱাদ বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰাৰ লগতে দৰবতো ব্যৱহাৰ কৰা হয়।

সাগৰৰ পৰা অনা নিমখখিনি এক বিশেষ প্ৰক্ৰিয়াৰে পৰিশোধন কৰা হয়হাই টাইডৰ সময়ত সাগৰৰ পানী বৃহৎ অঞ্চলত জমা হৈ থাকে। তাৰ পিছত সেই মাটিৰ চাৰিওফালে এটা বান্ধে পানী বন্ধ কৰি দিলে। তাৰ পিছত যেতিয়া সূৰ্যৰ পোহৰত পানী বাষ্পীভৱন হয় তেতিয়া তাৰ তলত নিমখ ৰৈ যায়। তাৰ পিছত নিমখখিনি চাফা কৰি বজাৰত বিক্ৰী কৰা হয়। ইংৰাজীত ইয়াক টেবুল ছল্ট বুলিও কোৱা হয়। আৰু এই নিমখ আয়ডিনৰ লগত মিহলাই আয়ডিনযুক্ত নিমখ বা আয়ডিন নিমখ তৈয়াৰ কৰা হয়।

বৰ্তমান নিমখ এবিধ অতি সস্তীয়া পণ্য, যিমান নিমখ বিচাৰে সিমান পোৱা যায়। কিন্তু এই সুলভতা যোৱা এশ বছৰৰ ইতিহাস মাথোঁ। মানৱ ইতিহাসৰ আৰম্ভণিতে নিমখ আছিল আটাইতকৈ দুৰ্লভ সামগ্ৰীসমূহৰ ভিতৰত অন্যতম। আধুনিক কেইটামান যুগৰ আগলৈকে খাদ্য সংৰক্ষণৰ মূল মাধ্যম আছিল নিমখ। প্ৰাচীন মিছৰীয়সকলে মামি প্ৰস্তুত কৰিবলৈ নিমখ ব্যৱহাৰ কৰিছিল। এইদৰে ইয়াৰ সংৰক্ষণ, ক্ষয়ৰ পৰা সুৰক্ষা আৰু জীৱন ৰক্ষাকাৰী ভূমিকাৰ বাবেই নিমখে এক ব্যাপক প্ৰতীকী ৰূপ ধাৰণ কৰেযিটো হয়তো ফ্ৰয়েডে নিমখৰ বিষয়ে মানুহৰ অযুক্তিকৰ চিন্তাৰ বাবেই বুলি কৈছিল।

মিছৰীয়সকলেই নিমখ লগাই খাদ্য সংৰক্ষণৰ উপায় আৱিষ্কাৰ কৰিছিল। তেওঁলোকে মাছবোৰ নিমখ দি ফিনিচীয়সকলক বিক্ৰী কৰিছিল। নিমখৰ বিভিন্ন ব্যৱহাৰৰ বাবে নিমখৰ ব্যৱসায় অতি ব্যস্ত হৈ পৰিছিল। আফ্ৰিকাত নিমখ বিক্ৰীৰ বাবে এটা সুকীয়া পথেই নিৰ্মাণ কৰা হৈছিল। সেই পথটো আফ্ৰিকাৰ ছাহাৰা মৰুভূমিৰ মাজেৰে পাৰ হৈ যায়। টুয়াৰেগ নামৰ এটা জাতিয়ে বছৰি প্ৰায় ১৫ হাজাৰ টন নিমখ এই পথটোৰে লৈ গৈছিল। হাজাৰ বছৰ আগতে প্ৰাচীন মিছৰীয়সকলে নিমখক পৱিত্ৰ বুলি গণ্য কৰিছিল। সেয়ে কবৰত নিমখ দিবলৈ আৰম্ভ কৰিছিল। মৃতদেহটো যদি নিমখেৰে লেপি দিয়া হয় তেন্তে ই বহুদিনলৈ স্থায়ী হৈ থাকে। সেয়ে মৰা মানুহক পুতি থাকোঁতে নিমখ এৰি থৈ গৈছিল। তেতিয়াৰে পৰা নিমখৰ অন্যান্য ব্যৱহাৰৰ প্ৰৱৰ্তন আৰম্ভ হয়।

নিমখ প্ৰাচীন ইহুদী, আনকি আধুনিক ইহুদীসকলৰ প্ৰতি ঈশ্বৰৰ সৈতে কৰা নিয়মৰ অনন্তকালৰ প্ৰতীক আছিল। তোৰাহত লিখা আছে— “এয়া ঈশ্বৰৰ আগত নিমখৰ চিৰস্থায়ী নিয়ম।” আৰু আছে— “ইজৰাইলৰ ঈশ্বৰে নিমখৰ অংগীকাৰ পত্ৰৰ দ্বাৰাই চিৰকালৰ বাবে এই ভূমি ডেভিড আৰু তেওঁৰ পুত্রসকলৰ হাতত তুলি দিলে।’’ শুকুৰবাৰে নিশা ইহুদীসকলে খাদ্য গ্ৰহণৰ সময়ত এবিধ পিঠা নিমখীয়া পানীত ডুবাই খায়। ইহুদী ধৰ্মত পিঠা হৈছে খাদ্যৰ প্ৰতীক, ঈশ্বৰৰ পৰা পোৱা উপহাৰ। পিঠাত নিমখ দি ইয়াক সংৰক্ষণ কৰে, যিটো হৈছে ঈশ্বৰে তেওঁৰ মনোনীত লোকসকলৰ সৈতে কৰা নিয়ম পালনৰ প্ৰতীক। নিমখেৰে প্ৰতিষ্ঠিত আনুগত্য আৰু বন্ধুত্ব অবিচ্ছেদ্য। কাৰণ নিমখৰ সোৱাদ কেতিয়াও সলনি নহয়। নিমখ পানীত দ্ৰৱীভূত কৰিলেও ইয়াক পুনৰ স্ফটিকীয় কৰি বৰ্গক্ষেত্ৰৰ স্ফটিকত পৰিণত কৰিব পাৰি। ইছলাম আৰু ইহুদী ধৰ্মত যিকোনো যুক্তিৰ অন্ত পেলাবলৈ নিমখ ব্যৱহাৰ কৰা হয়। কাৰণ নিমখ অপ্ৰত্যাৱৰ্তনীয়। ভাৰতীয় সৈন্যই ব্ৰিটিছৰ প্ৰতি নিজৰ আনুগত্য প্ৰদৰ্শনৰ বাবে নিমখ ব্যৱহাৰ কৰিছিল।

প্ৰাচীন মিছৰীয়, গ্ৰীক আৰু ৰোমানসকলে বলিদান আৰু প্ৰসাদ হিচাপে নিমখ ব্যৱহাৰ কৰিছিল। ঈশ্বৰক আমন্ত্ৰণ কৰিবলৈ নিমখ-পানী ব্যৱহাৰ কৰিছিল। পৱিত্ৰ পানীৰ খ্ৰীষ্টান ধাৰণা এই পৰম্পৰাৰ পৰাই আহিছে বুলি বিশ্বাস কৰা হয়। খ্ৰীষ্টান ধৰ্মত নিমখ কেৱল সজীৱতা আৰু স্থিৰতাৰ ধাৰণাটোৰ সৈতেহে জড়িত নহয়, একে সময়তে ই সত্য আৰু জ্ঞানৰো প্ৰকাশ। কেথলিক গীৰ্জাই কেৱল পবিত্ৰ পানীয়েই নহয়, পবিত্ৰ নিমখৰ ধাৰণাও ৰাখিছে। পবিত্ৰ নিমখৰ অৰ্থ হজ্ঞানৰ নিমখবা ছাল ছেপিয়েঞ্চিয়ানতুন ঘৰলৈ নিমখ আৰু ৰুটী লৈ যোৱাৰ প্ৰথা মধ্যযুগৰ পৰাই আৰম্ভ হৈছিল। যদিও ইংৰাজে লগত ৰুটী লৈ যোৱা নাছিল, তথাপি বহু বছৰ নিমখ লগত লৈ গৈছিল। ১৭৮৯ চনত যেতিয়া ইংৰাজ কবি ৰবাৰ্ট বাৰ্নছে এলিছলেণ্ডৰ নতুন ঘৰলৈ গুচি আহিছিল, তেতিয়া তেওঁৰ আত্মীয়ই হাতত নিমখৰ কেৰাহী লৈ তেওঁৰ চাৰিওফালে মাৰ্চ কৰিছিল। বছৰত এবাৰ জাৰ্মানীৰ হামবাৰ্গ চহৰখনে নিজৰ চহৰখনক শুভকামনা জনাই ৰাজপথত প্ৰতীকীভাৱে ছল্টচেলাৰনামৰ চকলেটেৰে ঢাকি থোৱা ৰুটী আৰু মাৰ্জিপাণ কঢ়িয়াই লৈ ফুৰে।

নিমখে যিহেতু জাৰণ ৰোধ কৰে, সেয়েহে ই বিভিন্ন ক্ষতিৰ পৰাও ৰক্ষা কৰে। মধ্যযুগৰ আৰম্ভণিতে উত্তৰ ইউৰোপৰ কৃষকসকলে শস্যবোৰ নিমখীয়া পানীত তিয়াইছিল যাতে শস্যবোৰ এৰগট নামৰ ভেঁকুৰৰ পৰা ৰক্ষা পৰে। গতিকে এংল’- ছেক্সন কৃষকসকলে নিমখক যাদুকৰী উপাদান বুলি গণ্য কৰাটো কোনো আচৰিত কথা নহয়।

দুষ্ট আত্মাই নিমখক ঘৃণা কৰে। পৰম্পৰাগত জাপানীজ থিয়েটাৰত শ্বআৰম্ভ হোৱাৰ আগতেই মঞ্চত নিমখ ছটিয়াই দিয়া হয়, যাতে কোনো দুষ্ট আত্মাই পৰিৱেশকসকলক আক্ৰমণ নকৰে। হাইটিত জম্বিৰ শৰীৰত মন্ত্ৰ মাতিবলৈ আৰু জীৱন ঘূৰাই অনাৰ একমাত্ৰ উপায় হল নিমখ। আফ্ৰিকা আৰু কেৰিবিয়ান দেশৰ লোকসকলে বিশ্বাস কৰে যে যেতিয়া এজন ব্যক্তিৰ কোনো দুষ্ট আত্মাই আক্ৰমণ কৰে তেতিয়া তেওঁৰ ছালখন নিমখীয়া পানীৰে ধুই দিব লাগিব যাতে সেই দুষ্ট আত্মাই শৰীৰত প্ৰৱেশ কৰিব নোৱাৰে। 

ইহুদীসকলৰ বিশ্বাস অনুসৰি নিমখে মাতৃ নুছক দুষ্ট চকুৰ পৰা ৰক্ষা কৰে। দ্য বুক অব এজেকিয়েলত কোৱা হৈছে যে চয়তানৰ হাতৰ পৰা নৱজাতকক ৰক্ষা কৰিবলৈ নৱজাতকৰ শৰীৰত নিমখ ছটিয়াই দিয়া হয়। ইউৰোপত কেঁচুৱাৰ জিভাত নিমখ দিয়া বা নিমখীয়া পানী দিয়াৰ প্ৰথা প্ৰচলিত হৈ আহিছে। ফ্ৰাঞ্চত কেঁচুৱাক নিমখীয়া পানীত ডুবাই ৰখা হৈছিল, যিটো প্ৰথা ১৪০৮ খ্ৰীষ্টাব্দলৈকে চলি আছিল। ইউৰোপৰ কিছুমান অঞ্চলত সম্প্ৰতি এই প্ৰথা অলপ সলনি হৈছে, যেনে নেডাৰলেণ্ডছত শিশুৰ দোলনাত নিমখ ৰখা হয়।

নিমখ কিছুমান ক্ষেত্ৰত ভয়ানক হব পাৰে, গতিকে ইয়াক কেনেকৈ সংৰক্ষণ কৰা হয় সেই বিষয়ে সচেতন হওক। মধ্যযুগীয় ইউৰোপত টেবুল নিমখ হাতেৰে নহয়, কটাৰীৰ আগেৰে স্পৰ্শ কৰা হৈছিল। ইহুদী আইন সম্পৰ্কীয় এখন গুৰুত্বপূৰ্ণ গ্ৰন্থ হৈছে শালচন অৰুখএই কিতাপখনত কোৱা হৈছে, দুই মধ্যমা আঙুলিৰে টেবুলত নিমখ লব লাগে। কাৰণ বুঢ়া আঙুলিৰে নিমখ স্পৰ্শ কৰিলে সন্তানৰ মৃত্যু হব! তেওঁ আন আঙুলি ব্যৱহাৰ কৰিলে দৰিদ্ৰতা আহিব! আঙঠি পিন্ধা আঙুলি ব্যৱহাৰ কৰিলে তেওঁ হত্যাকাৰী হৈ পৰিব! আনহাতে জাপানীজ শ্বিণ্টোৰাত নিমখ ছটিয়াই যিকোনো ব্যক্তি বা স্থান শুদ্ধ কৰা হয়। ইয়াৰ বাবে ছুমো মল্লযুঁজাৰুৰ ওপৰত নিমখ ছটিয়াই দিয়া হয়।

কেৱল নিমখেই মানুহৰ জীৱনলৈ সুফল কঢ়িয়াই আনিব নোৱাৰে। এই নিমখৰ বাবেই বহু যুদ্ধও হৈছিল। ইটালীৰ এখন চহৰ জেনোৱাত নিমখক লৈ ভেনিচৰ সৈতে যুদ্ধ হৈছিল। এই নিমখৰ বিষয়ে আৰু এটা আমোদজনক তথ্য আছে। ১৮০০ চনৰ আশে-পাশে ইংলেণ্ডৰ এঠাইত নিমখ পোৱা গৈছিল। এই নিমখ যোগান ধৰাৰ প্ৰক্ৰিয়াতেই লিভাৰপুল নামৰ বিখ্যাত বন্দৰটো নিৰ্মাণ কৰা হয়।

নিমখৰ ইতিহাস অৱশ্যে কেৱল খাদ্যত নিমখৰ ব্যৱহাৰ বা নিমখৰ ব্যৱসায়তে সীমাৱদ্ধ নহয়। প্ৰাচীন ৰোমত সৈন্যক এই নিমখেৰে দৰমহা দিয়া হৈছিল। ইংৰাজীত চৈনিকমানে সৈনিক আৰু দৰমহা মানে দৰমহা। এই দুটা শব্দ নিমখৰ পৰা আহিছে। আজি আমি খোৱা ছালাড শব্দটোও নিমখীয়াৰ (লেটিন ভাষাত Sal মানে নিমখ, Salata মানে নিমখীয়া শাক-পাচলি) পৰা আহিছে।

এজন প্ৰাপ্তবয়স্ক ব্যক্তিক কিমান নিমখ লাগে তাক আধুনিক বিজ্ঞানীসকলে হিচাপ কৰি লৈছে। বছৰি পাউণ্ডৰ দুই তৃতীয়াংশৰ পৰা ১৬ পাউণ্ডলৈকে। উষ্ণ জলবায়ু থকা দেশবোৰত, কঠোৰ শাৰীৰিক কাম কৰা মানুহবোৰক অধিক নিমখৰ প্ৰয়োজন হয়। কাৰণ ঘামৰ লগত তেওঁলোকৰ শৰীৰৰ পৰা বহু নিমখ ওলাই যায়। ইয়াৰ বাবেই ৱেষ্ট ইণ্ডিজৰ দাসসকলক নিমখীয়া খাদ্য দিয়া হৈছিল। আনহাতে, যিসকলে বেছি নাঘামে আৰু পশুৰ মাংস খায়, তেওঁলোকলৈ প্ৰয়োজনীয় নিমখ মাংসৰ পৰাই আহে। পূব আফ্ৰিকাৰ এটা যাযাবৰী পশুপালক গোট মাছাইৰাই পশুৰ তেজ খাই নিজৰ শৰীৰত নিমখৰ প্ৰয়োজন পূৰণ কৰে। আনহাতে, শাক-পাচলিত পটাছিয়াম প্ৰচুৰ পৰিমাণে থাকে যদিও ইয়াত ছডিয়াম ক্লৰাইড অতি কম থাকে।

ইতিহাসৰ বিভিন্ন যুগ বিশ্লেষণ কৰিলে দেখা যায় যে চিকাৰী-সংগ্ৰাহকসকল কেতিয়াও নিমখ উৎপাদন বা ব্যৱসায়ৰ লগত জড়িত নাছিল, বৰঞ্চ কৃষক সমাজেহে এই কাম কৰিছিল। মানুহে যতেই খেতি আৰম্ভ কৰিছিল তাতেই খাদ্যত নিমখ যোগ কৰাৰ উপায় বিচাৰি পাইছিল। নিমখৰ এই প্ৰয়োজনীয়তা তেওঁলোকে কেনেকৈ উপলব্ধি কৰিলে সেয়া এক ৰহস্য। মানুহে যেতিয়া ভোক অনুভৱ কৰে, তেতিয়া তেওঁ খাদ্য বিচাৰে, সেইটোৱেই প্ৰবৃত্তি। নিমখৰ অভাৱত মানুহে মূৰৰ বিষ, কঁপনিত ভোগে আৰু অৱশেষত চেতনা হেৰুৱাবও পাৰে। তেতিয়াও বহুদিন নিমখৰ যোগান নাথাকিলে মানুহৰ মৃত্যু হব পাৰে। কিন্তু এই গোটেই সময়ছোৱাত মানুহে কেতিয়াও নিমখৰ অভাৱ অনুভৱ নকৰে। কিন্তু বেছিভাগ মানুহেই প্ৰয়োজনতকৈ বেছি নিমখ খায়। কাৰণ হয়তো তেওঁলোকে নিমখৰ সোৱাদ ভাল পায়। আনহাতে, পশুপালনৰ প্ৰৱৰ্তনৰ পিছত তেওঁলোকৰ বাবে নিমখৰ প্ৰয়োজনীয়তা আহি পৰে। মানুহৰ দৰে মাংসভোজীকো নিমখৰ প্ৰয়োজন হয়। কিন্তু তৃণভোজীয়ে নিমখৰ উৎসৰ পৰা নিমখ সংগ্ৰহ কৰিবলগীয়া হয়। আদিম মানুহে নিমখৰ সন্ধানত তৃণভোজী প্ৰাণীৰ পিছে পিছে গৈছিল। পোহনীয়া জীৱ-জন্তুবোৰক নিমখ খুৱাব লাগিছিল। এটা ঘোঁৰাক মানুহতকৈ পাঁচগুণ বেছি নিমখ লাগে, এজনী গাইক ১০ গুণ বেছি নিমখ লাগে। মানুহে সম্ভৱতঃ বৰফ যুগৰ আগতেই জীৱ-জন্তুক পোহনীয়া কৰিবলৈ আৰম্ভ কৰিছিল আৰু তেতিয়াও মানুহে বুজি পাইছিল জীৱ-জন্তুৰ বাবে নিমখৰ প্ৰয়োজন। ৰেইন ডিয়েৰে মানুহৰ প্ৰস্ৰাৱ চেলেকিছিলমানুহে পৰ্যবেক্ষণ কৰিছিল। মানুহৰ প্ৰস্ৰাৱত নিমখ থাকে। মানুহে বুজিছিল যে নিমখ দিলে ৰেইন ডিয়েৰ তেওঁলোকৰ ওচৰলৈ আহি পোহনীয়া হব। 

খ্ৰীষ্টপূৰ্ব ১১ হাজাৰ বছৰত বৰফ যুগৰ অন্ত পৰে। সমগ্ৰ বিশ্বক ঢাকি ৰখা বৰফ লাহে লাহে নাইকিয়া হৈ গৈ আছে। এই সময়তে এছিয়ান উলফনামেৰে জনাজাত পশুবিধক মানুহে পোহনীয়া কৰিছিল। আকাৰত সৰু হলেও এই পশুবোৰ আছিল হিংস্ৰ শিকাৰু, আনকি সুযোগ দিলে মানুহকো খাইছিল। বন্যপ্ৰাণীৰ পৰা আন এজনকো পোহনীয়া কৰা হৈছিলসেয়া আছিল কুকুৰ। যি আজিও মানুহৰ লগত বিশ্বস্ত সংগী হিচাপে আছে।

হিমৱাহবোৰ গলি যোৱাৰ লগে লগে বিশাল চৰণীয়া পথাৰবোৰ উন্মুক্ত হৈ পৰিছিল। মানুহৰ লগতে বনৰীয়া ভেড়া, ছাগলী আদিয়ে এই ভূমিৰ পৰা খাদ্য সংগ্ৰহ কৰিছিল। আৰম্ভণিতে মানুহে নিশ্চয় নিজৰ খাদ্য যোগানৰ অংশ হিচাপে এই জীৱ-জন্তুবোৰক হত্যা কৰিছিল। কিন্তু ঘাঁহনিৰ ওচৰত বাস কৰাসকলে অতি সোনকালেই উপলব্ধি কৰিলে যে যদি এই জীৱ-জন্তুবোৰক বশ কৰিব পৰা যায় তেন্তে ইহঁত খাদ্যৰ সহজ আৰু নিৰ্ভৰযোগ্য উৎস হৈ পৰিব। আনকি তেওঁলোকৰ কুকুৰকো ব্যৱহাৰ কৰি এই জীৱ-জন্তুবোৰক নিয়ন্ত্ৰণ কৰিব পাৰি। ইৰাকত খ্ৰীষ্টপূৰ্ব ৮৯০০ চনৰ পৰাই ভেড়া পালন কৰা হৈছিল। খ্ৰীষ্টপূৰ্ব ৮০০০ চনৰ ভিতৰত পশ্চিম এছিয়াৰ মহিলাসকলে মাটিত বীজ সিঁচিবলৈ আৰম্ভ কৰে। ইয়াকে কৃষিৰ আৰম্ভণি বুলি ধাৰণা কৰা হৈছিল। কিন্তু ১৯৭০ চনত হাৱাই বিশ্ববিদ্যালয়ে ম্যানমাৰত কিছুমান প্ৰমাণ পাইছিল যিয়ে পূৰ্বৰ ধাৰণাটোক ভেঙুচালি কৰি পেলাইছিল। স্পিৰিট কেভ নামৰ ঠাইত পটল, আমণ্ড আদি কিছুমান খেতি কৰা শাক-পাচলিৰ অৱশিষ্ট পোৱা গৈছিল। কাৰ্বন ডেটিঙৰ পৰা দেখা যায় যে এই শাক-পাচলিবোৰ খ্ৰীষ্টপূৰ্ব ৯৭৫০ চনৰ। গাহৰি পোহনীয়া কৰাৰ সময় পৰৱৰ্তী সময়ৰ, প্ৰায় ৭০০০ খ্ৰীষ্টপূৰ্ব। গাহৰি গৰু-ছাগলীৰ দৰে পথাৰত চৰা নাছিল, সেয়ে ইহঁতক পোহনীয়া কৰাত অলপ পলম হৈছিল। কিন্তু মহ পোহনীয়া কৰাটো পাছলৈ মানি লোৱা হৈছিল। তুৰস্ক বা বাল্কনত খ্ৰীষ্টপূৰ্ব ৬০০০ চনৰ পৰাই মহ পোহাৰ প্ৰথা চলিছিল। লাহে লাহে গৰু-মহৰ মঙহ হৈ পৰিছিল জনসাধাৰণৰ প্ৰধান খাদ্য। একে সময়তে জীৱ-জন্তুবোৰক খুৱাবলৈও বৃহৎ পৰিমাণৰ শস্য আৰু নিমখৰ প্ৰয়োজন হৈছিল। নিমখৰ ওপৰত এই নিৰ্ভৰশীলতাৰ বাবেই ই প্ৰতীকীভাৱে গুৰুত্বপূৰ্ণ হৈ উঠিছিল আৰু ইয়াৰ অৰ্থনৈতিক মূল্যও অধিক আছিল। 

নিমখ আছিল বিশ্বৰ প্ৰথম আন্তঃৰাষ্ট্ৰীয় সামগ্ৰীসমূহৰ ভিতৰত অন্যতম। নিমখ উৎপাদন আছিল বিশ্বৰ প্ৰথম উদ্যোগসমূহৰ ভিতৰত অন্যতম আৰু অনিবাৰ্যভাৱে এই সামগ্ৰীক কেন্দ্ৰ কৰি আৰম্ভ হৈছিল প্ৰথম একচেটিয়া ব্যৱসায়।

নিমখে অভিযন্তাসকলক হাজাৰ হাজাৰ বছৰ ধৰি ব্যস্ত কৰি ৰাখিছে। তেওঁলোকে নিমখৰ বাবেই বহু অদ্ভুত আৰু উদ্ভাৱনীমূলক যন্ত্ৰ সৃষ্টি কৰিছে। নিমখ পৰিৱহণৰ বাবে পথ নিৰ্মাণ কৰা হৈছে। ৰসায়ন বিজ্ঞান আৰু ভূতত্ত্বৰ বিকাশত নিমখ আছিল আগৰণুৱা। যুদ্ধ, মিত্ৰতা, বিদ্ৰোহএনে সকলো সামাজিক ঘটনা নিমখৰ ব্যৱসায়ক কেন্দ্ৰ কৰি সংঘটিত হৈছিল। পৃথিৱীৰ কিছুমান ঠাইত নিমখ পোৱা নাযায়। কিন্তু আধুনিক ভূতত্ত্বৰ বিকাশৰ আগলৈকে বিষয়টো জানিব পৰা হোৱা নাছিল। ২০ শতিকালৈকে মানুহে নিমখ বিচাৰি হাহাকাৰ কৰি আছিল, ইয়াৰ ব্যৱসায়ৰ ওপৰত নিয়ন্ত্ৰণ লাভ কৰিবলৈ যুঁজিছিল। নিমখে বহু সহস্ৰাব্দৰ পৰা মানৱীয় সম্পদক প্ৰতিনিধিত্ব কৰি আহিছে। কেৰিবিয়ান ব্যৱসায়ীসকলে নিজৰ ঘৰৰ তলত নিমখ জমা কৰি ৰাখিছিল। চীনা, ৰোমান, ফৰাচী আৰু ভেনিচৰ সমাজত চৰকাৰে যুদ্ধৰ বাবে ধন দিবলৈ নিমখৰ ওপৰত কৰ আৰোপ কৰিছিল। বহু সময়ত শ্ৰমিক আৰু সৈনিকক দৰমহা হিচাপে নিমখ দিয়া হৈছিল। ধন বা টকাৰ প্ৰতিশব্দ হিচাপে নিমখ ব্যৱহাৰ কৰা হৈছিল। ১৭৭৬ চনত ৰচনা কৰা এডাম স্মিথৰ দ্য ৱেলথ অৱ নেশ্যনছনামৰ পুঁজিবাদৰ বিশ্লেষণ গ্ৰন্থত লেখকে কৈছে যে যিটো বস্তুৰ মূল্য আছে তাক ধন হিচাপে ব্যৱহাৰ কৰিব পাৰি। উদাহৰণ হিচাপে তেওঁ ধঁপাত, চেনি, শুকান মাছ, গৰু-মহৰ কথা উল্লেখ কৰিছে। তেওঁ আৰু কৈছিল— ‘‘এবিছিনিয়াত নিমখক বাণিজ্য আৰু বিনিময়ৰ এক সাধাৰণ মাধ্যম হিচাপে ব্যৱহাৰ কৰা হৈছিল।তেওঁ এইটোও কৈছিল যে উত্তম মুদ্ৰা ধাতুৰে তৈয়াৰ হলহেঁতেন। কাৰণ ই সহজে নষ্ট নহয়। নিমখৰ বিৰুদ্ধে যুদ্ধ, ধনৰ দৰে জমা কৰা, কৰ দিয়া আদি আজি হাস্যকৰ যেন লাগিব পাৰে। আজি হয়তো এখন দেশৰ নেতাই আন এখন দেশৰ তেলৰ ওপৰত নিৰ্ভৰশীলতাক লৈ উদ্বেগ প্ৰকাশ কৰিব পাৰে। সোতৰ শতিকাত পৰিস্থিতি কিছু বেলেগ আছিল, যেতিয়া এজন ব্ৰিটিছ নেতাই ফৰাচী নিমখৰ ওপৰত নিৰ্ভৰশীলতাক লৈ উদ্বেগ প্ৰকাশ কৰিছিল।

সকলো যুগত মানুহৰ বাবে প্ৰয়োজনীয় বস্তুবোৰ সঁচাকৈয়ে মূল্যৱান। প্ৰেম আৰু ধন-সম্পত্তিৰ সাধনাই জন্ম দিছে মানৱ ইতিহাসৰ কিছুমান ৰোমাঞ্চকৰ কাহিনী। কিন্তু দুয়োটাৰ মাজত পাৰ্থক্য আছে! প্ৰেম কাহিনীবোৰ চিৰন্তন আৰু ধন-সম্পত্তিৰ সাধনা যুগ যুগ ধৰি সলনি হৈ যায়। 

ভাইকিংসকলে প্ৰথমে উত্তৰ ইউৰোপ আৰু বাল্টিক অঞ্চললৈ নিমখৰ পৰিৱহণ বা ব্যৱসায় কৰিছিল। তাৰ জৰিয়তে তেওঁলোকে মধ্যযুগৰ শেষৰ ফালে আৰু ৰেনেছাঁ যুগৰ অন্যতম গুৰুত্বপূৰ্ণ নিমখ পথ প্ৰতিষ্ঠা কৰে। এই সময়তে ইউৰোপীয়সকলে উপলব্ধি কৰিছিল যে সাগৰৰ পানী প্ৰাকৃতিকভাৱে শুকুৱাই লোৱাতেই উত্তম নিমখ পোৱা যায়। এই আৱিষ্কাৰৰ ফলত ব্ৰিটানি উপদ্বীপ, বাৰ্নিউফ সাগৰ নিমখ উৎপাদনৰ মূল কেন্দ্ৰ হৈ উঠিল। উপসাগৰখন আছিল ইউৰোপৰ আটাইতকৈ উত্তৰৰ বিন্দু, ইয়াৰ জলবায়ু সাগৰৰ পানীৰ বাষ্পীভৱনৰ বাবে অনুকূল আছিল। একে সময়তে এই উপসাগৰখন ক্ৰমান্বয়ে গুৰুত্বপূৰ্ণ হৈ অহা আটলাণ্টিক উপকূলৰ ওচৰত অৱস্থিত আছিল আৰু ইয়াক নদীৰ দ্বাৰা সংযুক্ত কৰিছিল, যি জলপথেৰে সহজেই স্থলমুখী বসতিলৈ নিমখ কঢ়িয়াই নিব পাৰিছিল।

খাদ্য সংৰক্ষণৰ উপৰি মধ্যযুগত নিমখৰ বহু ঔদ্যোগিক ব্যৱহাৰো হৈছিল। চামৰা উদ্যোগ, চিমনি পৰিষ্কাৰ কৰা, মৃৎশিল্পৰ জিলিকনি বৃদ্ধি কৰা আদি কামত নিমখ ব্যৱহাৰ হবলৈ ধৰিলে। ইয়াৰ উপৰি দাঁতৰ বিষ আৰু পেটৰ সমস্যাতো নিমখ ব্যৱহাৰ কৰা হয়।

ইউৰোপত এই সময়ত নিমখৰ ব্যৱসায় জনপ্ৰিয় হৈ উঠিছিল। ছল্ট কব্যৱসায়ৰ ফলত পৰ্তুগীজৰ মাজত মাছ ধৰা আৰু নিমখৰ ব্যৱসায়ৰ বিকাশ ঘটিছিল। পৰ্তুগালৰ আভেৰ আছিল নিমখ উৎপাদনৰ বাবে এক আদৰ্শ স্থান। দশম শতিকাৰ পৰা ই পৰ্তুগীজসকলৰ বাবে এক প্ৰধান নিমখ কেন্দ্ৰত পৰিণত হয়। কিন্তু নিমখৰ ক্ৰমবৰ্ধমান চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজধানীৰ দক্ষিণে থকা চেতুবালত এটা নতুন নিমখ উৎপাদন কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হল। কালক্ৰমত এই কেন্দ্ৰটো পৰ্তুগালৰ আটাইতকৈ ডাঙৰ নিমখ কেন্দ্ৰ হৈ পৰিল। চেতুবাল নিমখৰ ডাঙৰ ডাঙৰ দানা, বগা ৰং আৰু শুকান হোৱাৰ বাবে ইউৰোপত বিখ্যাত হৈ পৰিছিল। 

যদিও ইংলেণ্ডত মাছ ধৰাৰ দক্ষ শ্ৰমিক আৰু নৌসেনা আছিল, তথাপি তেওঁলোকৰ হাতত সাগৰীয় নিমখ নাছিল। ইংৰাজসকলে উপকূলীয় নলাবোৰত নিমখযুক্ত শিলবোৰ ধুই জুই জ্বলাই নিমখ উৎপাদন কৰিছিল। কিন্তু সেই পদ্ধতি তুলনামূলকভাৱে ব্যয়বহুল আছিল। তেনে ব্যৱস্থাৰে উপাদন কৰা নিমখৰ মানো ভাল নাছিল। গতিকে ইংৰাজসকলে ফ্ৰাঞ্চৰ পৰা নিমখ আমদানি কৰিছিল।

ব্ৰিটিছসকলৰ বাবে নিমখ কৌশলগতভাৱে অতি গুৰুত্বপূৰ্ণ আছিল। কাৰণ নিমখৰ কড আৰু গৰুৰ মাংস আৰু গাহৰিৰ মাংস আছিল তেওঁলোকৰ নৌসেনাৰ ৰেচন। ফ্ৰাঞ্চতো একেই পৰিস্থিতি আছিল। খ্ৰীষ্টীয় চতুৰ্দশ শতিকাৰ ভিতৰত উত্তৰ ইউৰোপৰ এখন দেশৰ যুদ্ধৰ প্ৰস্তুতিৰ ভিতৰত এটা আছিল বৃহৎ পৰিমাণৰ নিমখ জমা কৰা। ১৩৪৫ চনত কাউণ্ট অৱ হলেণ্ডে ফ্ৰিজিয়ানসকলৰ বিৰুদ্ধে যুদ্ধ কৰাৰ সিদ্ধান্ত লয় আৰু তাৰ বাবে সাত হাজাৰ কড মাছত নিমখ দিবলৈ নিৰ্দেশ দিয়ে। ১৫৫৫ খ্ৰীষ্টাব্দত ছুইডেনৰ বিচপ অলাছ মেগনাছে তেওঁৰ এ ডিছক্ৰিপচন অৱ দ্য নৰ্দাৰ্ন পিপলছনামৰ কিতাপখনত লিখিছিল— “দীৰ্ঘদিনীয়া সামৰিক বন্দিত্বৰ পৰা ৰক্ষা পাবলৈ মাছ আৰু মাংস নিমখৰ সহায়ত সংৰক্ষণ কৰিব লাগে। ষোড়শ শতিকাত ইউৰোপীয়সকলে নিমখযুক্ত মাছৰ পৰা দৈনিক নিমখৰ পৰিমাণ আছিল ৪০ গ্ৰাম, যিটো অষ্টাদশ শতিকাত ৭০ গ্ৰামলৈ বৃদ্ধি পাইছিল।”

ইউৰোপৰ পৰা আহোঁ আমেৰিকালৈ। উত্তৰ আমেৰিকাৰ স্থানীয় বা গ্ৰাম্য পথসমূহ নিখুঁতভাৱে পৰিকল্পিত বুলি কব নোৱাৰি। কাৰণ এই পথবোৰ মূলতঃ জীৱ-জন্তুৰ গতিৰ ৰেখাৰে সৃষ্টি কৰা হয়। এইবোৰ আছিল মূলতঃ পশুৰ নিমখ সংগ্ৰহৰ উপায়। জীৱ-জন্তুৱে নিজৰ নিমখ নিজৰা, নিমখীয়া পানী, নিমখীয়া শিল বা আন যিকোনো প্ৰাকৃতিক নিমখৰ উৎসৰ পৰা সংগ্ৰহ কৰিছিল। এই পশুৰ নিমখ চেলেকা ঠাইবোৰ সমগ্ৰ আমেৰিকাত বিয়পি পৰিছে। এই ঠাইবোৰ সাধাৰণতে হয় সমতল- বগা, বাদামী বা ধূসৰ মাটি। পশুৱে নিমখ চেলেকিলে ডাঙৰ ডাঙৰ গাঁত আনকি গুহাও সৃষ্টি হব। এই ৰাস্তাবোৰৰ কাষত মানুহে বসতি স্থাপন কৰি গাঁও সাজিছেইৰি হ্ৰদৰ ওচৰত এটা মহৰ দণ্ডী আছে, আৰু এই দণ্ডীৰ কাষতে পতা চহৰখনৰ নাম বাফেল’। 

ইউৰোপীয়সকল যেতিয়া আমেৰিকালৈ আহিছিল, তেতিয়া তেওঁলোকে স্থানীয় গাঁওবোৰত বহু নিমখ উৎপাদন প্ৰক্ৰিয়া দেখা পাইছিল। আমেৰিকাৰ থলুৱা ইণ্ডিয়ানসকলে নিমখ যথেষ্ট ভালদৰে উৎপাদন কৰিব পাৰিছিল। ইয়াৰে বহু ফৈদত লৱণ দেৱী আছে। নাভাজো জনগোষ্ঠীৰ এই নিমখ দেৱী এগৰাকী বৃদ্ধা মহিলা। আমেৰিকা আৰু মেক্সিকোত স্থানীয় নিমখ সংগ্ৰহ অভিযান আছিল এক প্ৰকাৰৰ উৎসৱ। কেতিয়াবা ধৰ্মগুৰুসকলে নিমখ সংগ্ৰহ কৰিছিল। নিমখ সংগ্ৰহ কৰিবলৈ একোটা গোটৰ ভিতৰতে এটা নিৰ্দিষ্ট উপগোট আছিল। বেছিভাগ ক্ষেত্ৰতে পুৰুষে নিমখ সংগ্ৰহ কৰিছিল যদিও নাভাজো মহিলাসকলেও নিমখ সংগ্ৰহ কৰিবলৈ যাব পাৰিছিল। নিমখ সংগ্ৰহকাৰী দলটো নিৰাপদে ঘূৰি অহাৰ বাবে প্ৰাৰ্থনা কৰা হৈছিল। উভতি অহাৰ সময়ত তেওঁলোকক বিশেষ ৰীতি-নীতিৰে আদৰণি জনোৱা হৈছিল।

আমেৰিকাৰ ইতিহাসত নিমখক লৈ ধাৰাবাহিক যুদ্ধ চলিছিল। যিজনে নিমখৰ যোগান নিয়ন্ত্ৰণ কৰিব পাৰিছিল তেৱেঁই ক্ষমতাৰ চকীত বহিছিল। ইউৰোপীয়সকলৰ আগমনৰ আগৰ আমেৰিকাৰ প্ৰতিচ্ছবি এইখনেই আছিল। তেওঁলোকৰ আগমনৰ পাছতো আমেৰিকাৰ গৃহযুদ্ধলৈকে নিমখৰ গুৰুত্ব অব্যাহত আছিল। নিমখ সহজে উপলব্ধ হোৱা অঞ্চলত সকলো আমেৰিকান সভ্যতাৰ বিকাশ ঘটিছিল। ইনকাসকল আছিল নিমখ উৎপাদক। কুজকোৰ ওচৰত তেওঁলোকৰ নিমখৰ কুঁৱা আছিল। কলম্বিয়াৰ যাযাবৰী গোটসমূহে নিজৰ নিমখৰ প্ৰয়োজনীয়তাৰ বাবে স্থায়ী ঘৰ নিৰ্মাণ কৰিছিল। নিমখ প্ৰস্তুত কৰিবলৈ শিকাৰ পাছত তেওঁলোকে যাযাবৰী জীৱন এৰি দিলে। চিবচাগোটটো দেশখনৰ বৰ্তমানৰ ৰাজধানী বগোটাৰ ওচৰতে বাস কৰিছিল। উচ্চমানৰ নিমখ উৎপাদন কৰিব পৰা বাবে নিজ নিজ অঞ্চলত তেওঁলোক আছিল আটাইতকৈ শক্তিশালী। চিবচাৰসকলে নিজৰ নিমখ দেৱতাক সন্মান জনাই বছৰত দুবাৰকৈ কেইদিনমান নিমখ আৰু যৌন সম্পৰ্কৰ পৰা বিৰত আছিল। এজটেকসকলৰ মাজত প্ৰস্ৰাৱ ভাপত দি নিমখ প্ৰস্তুত কৰাৰ প্ৰথা আছিল। এজটেকসকলে নিজৰ সামৰিক শক্তিৰ দ্বাৰা নিমখৰ প্ৰাকৃতিক উৎসসমূহ নিয়ন্ত্ৰণ কৰিছিল। এজটেক ৰজাসকলে নিজৰ প্ৰজাৰ পৰা কৰ হিচাপে নিমখ আৰু উপহাৰ লাভ কৰিছিল। স্পেনিছসকলে মেক্সিকোত প্ৰৱেশ কৰি থলুৱা নিমখৰ উৎসসমূহ নিজৰ দখললৈ লৈ যায়। স্পেনিছসকলে অঞ্চলটোত আধিপত্য বিস্তাৰ কৰিবলৈ নিমখৰ গুৰুত্ব অতি ভালদৰে বুজি পাইছিল। তেওঁলোকে লক্ষ্য কৰিলে যে কেনেকৈ টোলাটক জনগোষ্ঠীয়ে নিজৰ স্বাধীনতা ৰক্ষা কৰি এজটেকৰ অত্যাচাৰৰ পৰা হাত সাৰিবলৈ নিমখ খোৱা অভ্যাসটোকে এৰি দিলে। নিমখৰ অধিকাৰী আৰু স্বাধীনতাৰ অধিক উদাহৰণ ইতিহাসত দেখা পোৱা যায়।

১৯৩৯ চনৰ আমেৰিকান গৃহযুদ্ধৰ ক্লাছিক ছবি ন উইথ দ্য উইণ্ডত দেখা গৈছে যে যুদ্ধৰ সময়ত দক্ষিণত এটাও কামান নিৰ্মাণ কৰা হোৱা নাছিল। কিন্তু এই অস্ত্ৰৰ নাটনিয়েই একমাত্ৰ উজনিৰ পৰাজয়ৰ কাৰণ নাছিল। ১৮৫৮ চনলৈকে দক্ষিণে পৰ্যাপ্ত পৰিমাণে নিমখ উৎপাদন কৰিব পৰা নাছিল। দক্ষিণৰ গুৰুত্বপূৰ্ণ ৰাজ্য ভাৰ্জিনিয়া, কেণ্টাকি‍, ফ্লৰিডা আৰু টেক্সাছ একেলগে ২৩ লাখ ৬৫ লাখ বুচেল নিমখ উৎপাদন কৰিছিল আৰু নিউয়ৰ্ক, অহাইঅআৰু পেনচিলভেনিয়াত ১ কোটি ২০ লাখ বুচেল নিমখ উৎপাদন হৈছিল। নিমখ উৎপাদনৰ এই পাৰ্থক্যই গৃহযুদ্ধৰ বিজয় আৰু পৰাজয়ত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছিল। ১৮৬০ চনৰ ভিতৰত আমেৰিকা যুক্তৰাষ্ট্ৰ নিমখৰ প্ৰধান গ্ৰাহক হৈ পৰিছিল। ইউৰোপীয়সকলতকৈ আমেৰিকানসকলে অধিক নিমখ সেৱন কৰিছিল। উত্তৰৰ ৰাজ্যসমূহত বহু পৰিমাণে নিমখ উৎপাদন গোটৰ বিকাশ ঘটিছিল। কিন্তু আমেৰিকাৰ নিমখৰ অধিকাংশ চাহিদা এতিয়াও আমদানিৰে পূৰণ কৰা হৈছিল যদিও এই আমদানিবোৰ মূলতঃ দক্ষিণৰ পৰা আহিছিল। কৰ্ডবোৰ অৰ্থাৎ গৃহযুদ্ধৰ সময়ত নিমখ উৎপাদনৰ ক্ষেত্ৰত উত্তৰ দেশ কনফেডাৰেটতকৈ বহুগুণ আগবাঢ়ি আছিল। জৰ্জ ৱাশ্বিংটনৰ পৰা নেপোলিয়নলৈকে জেনেৰেলসকলে ভালদৰে বুজি পাইছিল যে নিমখ বা পৰ্যাপ্ত যোগান নথকাকৈ যুদ্ধলৈ যোৱাটো অবুদ্ধিমানৰ কাম। নেপোলিয়নে ৰাছিয়াৰ পৰা পিছুৱাই যোৱাৰ লগে লগে তেওঁৰ হাজাৰ হাজাৰ সেনা সৰু সৰু আঘাতত মৃত্যুমুখত পৰিছিল। কাৰণ ঘাবোৰ বীজাণুমুক্ত কৰিব পৰাকৈ তেওঁলোকৰ হাতত পৰ্যাপ্ত নিমখ নাছিল। নিমখ কেৱল সেনাবাহিনীৰ খাদ্য আৰু ঔষধ হিচাপেই নহয়, ঘোঁৰাৰ খাদ্য, সৈন্যৰ খাদ্য আৰু অশ্বাৰোহী বাহিনীকে ধৰি অন্যান্য য়ুনিটৰ বাবে সংৰক্ষিত পশুধনৰ বাবেও ব্যৱহাৰ কৰা হৈছিল।

নিমখৰ ব্যৱসায়ে বিশ্বৰ পৰিৱহণ ব্যৱস্থাৰ বিকাশত এক বৈপ্লৱিক পৰিৱৰ্তন আনিছিল। ই একেবাৰেই অতিৰঞ্জিত নহয়। উদাহৰণস্বৰূপে জাৰ্মানীৰ উত্তৰ অংশ আৰু আমেৰিকাৰ খালবোৰ। ১৮ শতিকাৰ মাজভাগত বিজ্ঞান-প্ৰযুক্তিৰ নতুন নতুন আৱিষ্কাৰৰ লগে লগে পৃথিৱীখন দ্ৰুতগতিত পৰিৱৰ্তন হবলৈ ধৰিলে। নিমখ উৎপাদনৰ চাহিদাই নতুন নতুন কাৰখানা আৰু পদ্ধতিৰ সৃষ্টি কৰিলে। 

সিন্ধু সভ্যতাৰ লোকসকলৰ খাদ্যাভ্যাসৰ এটা ধাৰণা প্ৰাচীন ঋগ্বেদৰ জৰিয়তে পোৱা যায়। তেওঁলোকে নিয়মিতভাৱে যৱ, ঘেঁহু, ভাত, গাখীৰ, ফলমূল, মাছ, মাংস খাইছিল। প্ৰিয় খাদ্য আছিল ঘিঁউ আৰু দৈ। কিন্তু নিমখৰ কোনো বৰ্ণনা নাই। যিবোৰ খাদ্য সামগ্ৰীৰ নাম পোৱা যায়, সেইবোৰৰ কোনো এটাতে নিমখ অপৰিহাৰ্য নাছিল। সেয়ে সেই সময়ছোৱাত নিমখ অতি গুৰুত্বপূৰ্ণ খাদ্য উপাদান নাছিল বুলি ধৰি লব পাৰি। সিন্ধু সভ্যতাৰ জনসাধাৰণে নিমখ গ্ৰহণ কৰিছিল বা নকৰিছিল সেয়া গুৰুত্বপূৰ্ণ নহয়, এই সভ্যতাৰ ধ্বংসত কিন্তু নিমখৰ অৱদান অনস্বীকাৰ্য। অবাধ বনাঞ্চল ধ্বংস আৰু নগৰায়নৰ বাবে ভূগৰ্ভস্থ পানীৰ নাটনি হৈছিল। ফলত মাটিৰ তলৰ নিমখ ওপৰলৈ উঠি আহিল। সেয়ে তাত মানুহ বেছিদিন জীয়াই থাকিব নোৱাৰিলে।

ভাৰতত নিমখৰ গুৰুত্ব মহান আলেকজেণ্ডাৰৰ অভিযানৰ কাহিনীৰ পৰা জনা যায়। এই বিজয়ী গ্ৰীক নায়কজন খ্ৰীষ্টজন্মৰ ৩২৮ বছৰ আগতেই ভাৰতলৈ আহিছিল। বিজয়ৰ পাছত তেওঁৰ সৈন্যক সকলো সামগ্ৰী লুণ্ঠন কৰিবলৈ দিয়া হৈছিলতিনিটা বস্তুৰ বাহিৰে। এই তিনিটা বস্তু চৰকাৰৰ নিয়ন্ত্ৰণত থাকিব। যদি এইবোৰ পোৱা যায় তেন্তে সম্ৰাটৰ নামত জমা দিব লাগিব। এই তিনিটা বস্তু হনাৰী, সোণ আৰু নিমখ। কিন্তু নিমখ কিয়? আচলতে মানুহে তেতিয়াও সাগৰৰ পৰা নিমখ উলিয়াবলৈ শিকিব পৰা নাছিল। নিমখৰ পাহাৰৰ পৰা মাটি খান্দিহে খাদ্যৰ বাবে উপযোগী নিমখ সংগ্ৰহ কৰা হৈছিল। নিমখৰ দাম সোণ-ৰূপতকৈ কোনো গুণে কম নাছিল।

মৌৰ্য যুগত নিমখৰ ওপৰত চৰকাৰৰ একচেটিয়া অধিকাৰ আছিল। কৌটিল্যৰ অৰ্থশাস্ত্ৰ মতে নিমখৰ ওপৰত ছয় প্ৰকাৰৰ কৰ আৰোপ কৰা হৈছিল। ইয়াৰে দুটা ক্ৰেতাই আৰু চাৰিটা বিক্ৰেতাই দিব লাগিছিল। এই দেশত প্ৰথমে সাগৰৰ পানী নিষ্কাশন কৰা হৈছিল আৰু তাৰ পাছত জাল মাৰি নিমখ তৈয়াৰ কৰা হৈছিল। গাঁতবোৰক লৱণাকৰ বুলি কোৱা হৈছিল। পাছলৈ মুছলমান শাসনৰ সময়ত এইবোৰৰ নাম নমক মহলকৰা হয়। মধ্যযুগত বংগৰ ব্যৱসায়ীসকলে ব্যৱসায়ৰ বাবে সাগৰীয় নিমখৰ সলনি শিলৰ নিমখ সংগ্ৰহ কৰিছিল। মধ্যযুগত ইউৰোপে বংগৰ পৰা মছলা, গহণা আৰু মিহি কাপোৰ আমদানি কৰিছিল। তাৰ বিনিময়ত ইংৰাজসকলে গৰম কাপোৰ দিছিল, ডাচ্ছসকলে নিমখযুক্ত মাছ দিছিল, স্পেনিছ আৰু ফৰাচীসকলে কেৱল নিমখ দিছিল। আৰাকানৰ অন্তৰ্গত কক্স বজাৰ অঞ্চলত মোগলৰ আৰম্ভণিৰ দিনত প্ৰচুৰ পৰিমাণে নিমখ উৎপাদন হৈছিল। 

ভাৰতত স্থানীয় বাণিজ্য বিনষ্ট কৰিবলৈ ব্ৰিটিছসকলে বিভিন্ন আইন প্ৰণয়ন কৰাৰ আগতে নিমখৰ যথেষ্ট আৰু সহজ যোগান আছিল। ভাৰতৰ বহু ঠাইত নিমখৰ উৎস নাছিল যদিও উপকূলীয় অঞ্চলত যথেষ্ট পৰিমাণে নিমখ উৎপাদন হৈছিল আৰু বিভিন্ন ঠাইত নিমখৰ শিল আৰু নিমখৰ হ্ৰদ আছিল। গতিকে ভাৰতত কেতিয়াও নিমখৰ নাটনি হোৱা নাছিল। নিমখ উৎপাদন প্ৰাচীন কালৰ পৰাই আৰম্ভ হৈছিল। কিন্তু ধৰ্মপৰায়ণ হিন্দুসকলে সাগৰীয় নিমখীয়া পানী শুকুৱাই তৈয়াৰ কৰা নিমখৰ বাহিৰে আন কোনো উৎসৰ নিমখ ব্যৱহাৰ কৰা নাছিল। ভাৰতৰ পশ্চিম উপকূল গুজৰাটত নিমখ উৎপাদনৰ ইতিহাস ৫০০০ বছৰ আগৰ। ৯ হাজাৰ বৰ্গমাইলৰ ৰান অব্ কচ্ছজলাশয় সমুদ্ৰৰ সৈতে সংযুক্ত। ইয়াৰ পানী শুকুৱাই নিমখ তৈয়াৰ কৰিছিল। বঙ্গৰ উপকূলতো নিমখ প্ৰস্তুত কৰা হৈছিল। বৰ্তমান পাকিস্তানৰ উপকূলৰ কাষে কাষে নিমখ তৈয়াৰ কৰাৰো ইতিহাস আছিল। বংগত উৰিষ্যা নিমখৰ লগত ইংৰাজে ব্যৱসায় কৰিছিল। ১৮ শতিকাৰ ফৰাচীসকলৰ সৈতে ব্ৰিটিছ যুদ্ধৰ সময়ত তেওঁলোকৰ বাৰুদৰ বাবে প্ৰয়োজনীয় নিমখৰ বহুখিনি উৰিষ্যাৰ পৰা আহিছিল। আনকি ইংৰাজসকল অহাৰ আগতেই ভাৰতত নিমখ পৰিৱহণ আৰু ব্যৱসায়ৰ ওপৰত সামান্য কৰ আছিল। কিন্তু ব্ৰিটিছসকলে আহি নিজৰ বাণিজ্যিক স্বাৰ্থক অগ্ৰাধিকাৰ দিলেহি। ইংলেণ্ডত উৎপাদিত নিমখে মূল্য আৰু গুণগত মানৰ ক্ষেত্ৰত উৰিষ্যাৰ নিমখৰ সৈতে প্ৰতিযোগিতা কৰিব পৰা নাছিল। ১৭৯০ খ্ৰীষ্টাব্দত ইংৰাজে উৰিষ্যাত উৎপাদিত সকলো নিমখ ক্ৰয় কৰিবলৈ অনুৰোধ জনায়। কিন্তু উৰিষ্যাৰ মাৰাঠা ৰাজ্যপাল ৰঘুজী ভোছলেই ইংৰাজৰ গোপন উদ্দেশ্য বুজি পাইছিল। তেওঁ বুজি পালে যে তেওঁলোকে সেই নিমখ দখল কৰি নিজৰ দেশত উৎপাদিত নিমখখিনি এই দেশত অধিক মূল্যত বিক্ৰী কৰাৰ পৰিকল্পনা কৰিছে। ৰঘুজীয়ে সেই প্ৰস্তাৱ নাকচ কৰাৰ লগে লগে বংগত উৰিষ্যাৰ নিমখ বিক্ৰী কৰাটো ব্ৰিটিছে নিষিদ্ধ কৰিলে। নিমখৰ প্ৰতি ব্ৰিটিছসকলৰ এই ব্যৱসায়িক মনোভাৱৰ ফলত পাছলৈ আন বহু নতুন নতুন উদ্ভাৱনৰ সৃষ্টি হয়। তাৰ পাছত বংগ আৰু উৰিষ্যাৰ সীমান্তত আৰম্ভ হল নিমখ সৰবৰাহ। পাছলৈ ইংৰাজে উৰিষ্যা দখল কৰি ১৮০১ খ্ৰীষ্টাব্দত এক ঘোষণাৰ জৰিয়তে তাত থকা নিমখৰ ওপৰত একমাত্ৰ কৰ্তৃত্ব দাবী কৰে। তেতিয়া ব্যক্তিগত ব্যৱসায়িক নিমখ বিক্ৰী কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছিল। নিমখ জমা কৰি ৰখা ব্যৱসায়ীসকলে নিৰ্দিষ্ট মূল্যত চৰকাৰক সেই নিমখ বিক্ৰী কৰিবলৈ বাধ্য হৈছিল। ১০ বছৰৰ ভিতৰতে ভাৰতত ব্ৰিটিছৰ বাহিৰে সকলোৱে নিমখ উৎপাদন বন্ধ কৰি দিলে। পাছত গান্ধীজীয়ে নিমখ আইন ভংগ কৰি ব্ৰিটিছৰ বিৰুদ্ধে লৱণ সত্যাগ্ৰহ আন্দোলন আৰম্ভ কৰে। সেই সময়ত ব্ৰিটিছসকলে নিমখৰ চোৰাং ব্যৱসায় বন্ধ কৰিবলৈ কষ্টম হেজনামৰ এখন বেৰা সৃষ্টি কৰিছিল। তেওঁলোকে কাঁইটীয়া জোপোহা আৰু জংঘলেৰে এই বেৰা গঠন কৰিছিল যিয়ে ব্ৰিটিছ ভাৰতত আমদানি-ৰপ্তানি নিয়ন্ত্ৰণত বিশেষ ভূমিকা পালন কৰিছিল। ১৮৯৩ চনত লণ্ডনৰ পৰা প্ৰকাশিত মেজৰ জেনেৰেল Sir Sleeman William Henry-Rambles and recollections of an Indian official শীৰ্ষক কিতাপখনত এই বেৰৰ কথা উল্লেখ আছে। কিন্তু ভাৰতীয় ইতিহাসত এই বেৰৰ কোনো উল্লেখ নাই, যিটো ব্ৰিটিছ শাসকসকলৰ দমনমূলক নীতিৰ মূৰ্ত ৰূপ।

এইবোৰ হৈছে নিমখৰ ঐতিহাসিক কথা। অসমতো নিমখৰ ইতিহাস আছে। লোণপুঙৰ কথা আছে, লোণপুৰীয়াৰ কথা আছে। সেয়াও বেছ দীঘলীয়া। সেয়ে অসম মুলুকৰ লৱণ কাহিনী পাছে-পৰে আলোচনা কৰাৰ বাবে সুকীয়াকৈ ৰাখিছোঁ।

প্ৰাগৈতিহাসিক কালৰে পৰা নিমখ মানৱ সভ্যতাৰ এক অবিচ্ছেদ্য অংগ হৈ আহিছে। নিমখৰ প্ৰচুৰ যোগানৰ বাবে ইয়াৰ গুৰুত্ব আজি হয়তো আমি অনুভৱ কৰিব পৰা নাই। কিন্তু আলোচনা কৰা ইতিহাসৰ বুকুৰ ঘটনাৰাজিলৈ ঘূৰি চালে নিমখৰ গুৰুত্ব স্পষ্ট হৈ পৰে। ধৰ্ম, পৌৰাণিক কাহিনী, যুদ্ধ, প্ৰযুক্তি আৰু যোগাযোগ ব্যৱস্থাৰ বিকাশএই সকলোতে নিমখৰ উপস্থিতি সকলোতে আছে।

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ