ড° বিৰিঞ্চি কুমাৰ দাস
আলি স্মিথ হৈছে
সাম্প্রতিক কালৰ ইংৰাজী ভাষাৰ এগৰাকী প্ৰসিদ্ধ ঔপন্যাসিক, যাৰ এতিয়ালৈকে প্ৰকাশিত বাৰখন উপন্যাসৰ প্ৰতিখনেই বিশ্বৰ সাহিত্যানুৰাগীৰ
মনোযোগ আকৰ্ষণ কৰিবলৈ সক্ষম হৈছে। ১৯৬২ চনৰ ২৪ আগষ্টত স্কটলেণ্ডৰ ইনভাৰ্নেছ নগৰত
জন্ম গ্ৰহণ কৰা স্মিথে নাটক ৰচনাৰ জৰিয়তে সাহিত্যিক যাত্রা আৰম্ভ কৰি ১৯৯৫ চনত
বাৰটা চুটিগল্প সন্নিৱিষ্ট তেওঁৰ প্ৰথমখন গ্ৰন্থ ‘ফ্ৰী লাভ
এণ্ড আডাৰ ষ্ট’ৰীজ’ প্ৰকাশ কৰি
উলিয়ায়। তাৰ দুটা বছৰৰ পাছত প্ৰকাশিত ‘লাইক’ নামৰ তেওঁৰ প্ৰথমখন উপন্যাসৰ জৰিয়তে ঔপন্যাসিক হিচাপে নিজৰ সৃষ্টিশীল
যাত্ৰা আৰম্ভ কৰা আলি স্মিথৰ আন উপন্যাসসমূহ হৈছে ‘হোটেল ৱৰ্ল্ড’ (২০০১), ‘দি এক্সিডেণ্টেল’
(২০০৫), ‘গাৰ্ল মিটছ বয়’ (২০০৭), ‘ডেয়াৰ বাট ফ’ৰ দি’
(২০১১), ‘আৰ্টফুল’ (২০১২),
‘হাউ টু বি বোথ’ (২০১৪), ‘অটম’ (২০১৬), ‘উইণ্টাৰ’
(২০১৭), ‘স্প্ৰিং’ (২০১৯),
‘ছামাৰ’ (২০২০), আৰু ‘কম্পেনিয়ন পীচ’
(২০২২)। ইয়াৰ উপৰিও স্মিথৰ মুঠ পাঁচখন গল্প সংকলনৰ লগতে এখন গল্প
তথা আত্মজীৱনীমূলক ৰচনাৰ সংকলনো প্ৰকাশিত হৈছে। তেওঁ ৰচনা কৰা নাটকৰ সংখ্যা হৈছে
আঠ। ‘হোটেল ওৱৰ্ল্ড’, ‘দি এক্সিডেণ্টেল’,
‘হাউ টু বি বোথ’ আৰু ‘অটম’
উপন্যাসৰ বাবে চাৰিবাৰকৈ বুকাৰ বঁটাৰ চুটি তালিকাভূক্ত হোৱা স্কটিছ,
ইংৰাজী আৰু আমেৰিকান সাহিত্যৰ শিক্ষক আলি স্মিথে আন কেইবাটাও
গুৰুত্বপূৰ্ণ বঁটা লাভ কৰি বিশ্বৰ সাহিত্যানুৰাগীৰ দৃষ্টিত বৃটেইনৰ সাম্প্ৰতিক
কালৰ আটাইতকৈ শক্তিশালী লেখকসকলৰ এগৰাকী হিচাপে নিজকে প্ৰতিষ্ঠা কৰিছে। চিন্তা আৰু
প্ৰকাশৰ অভিনৱত্বই আলি স্মিথৰ উপন্যাসসমূহক অৱশ্য পঠনীয় সাহিত্যত পৰিণত কৰিছে।
‘অটম’,
‘উইণ্টাৰ’, ‘স্প্ৰিং’ আৰু
‘ছামাৰ’ হৈছে আলি স্মিথৰ ‘ছিজনেল’ নামেৰে জনাজাত চাৰিখন উপন্যাসৰ এটা চিৰিজ,
যাৰ প্ৰতিখন উপন্যাসৰ শিৰোনামবোৰ একোটা ঋতুৰ নামেৰে ৰখা হৈছে। এই চাৰিখন
উপন্যাসক একেলগে ‘ষ্টেট-অৱ-দ্য-নেশ্যন’ উপন্যাস বুলি অভিহিত কৰা এটা ধাৰাৰ অন্তৰ্ভুক্ত কৰিব পাৰি, যিটো ধাৰাৰ উপন্যাসসমূহত ঘাইকৈ সামাজিক তথা ৰাজনৈতিক প্ৰেক্ষাপটত ৰাষ্ট্ৰ
এখনৰ অৱস্থাৰ প্ৰতিফলন ঘটোৱা হয়। ছালমান ৰুশ্বডিৰ ‘মিডনাইটছ
চিলড্রেন’, জ’নাথন ফ্ৰাঞ্জেনৰ ‘দ্য কাৰেকশ্যনছ’ আদি হ’ল
এনেবিধ উপন্যাসৰ আন কেইটামান উদাহৰণ।
সাহিত্যত
শৰৎ কালৰ উপস্থাপন কোনো নতুন কথা নহয়। শৰৎ কালক লৈ সমগ্র বিশ্বৰ বিভিন্ন ভাষাত অজস্র
সাহিত্যৰ সৃষ্টি হৈছে আৰু বিশেষকৈ কবিতাত শৰৎ কালক বিভিন্ন ধৰণেৰে ব্যাখ্যা কৰা হৈ
আহিছে। ৱিলিয়াম শ্বেইক্সপীয়েৰে তেওঁৰ ‘চনেট ৭৩’-অত শৰৎ কালক মানুহৰ বাৰ্ধক্য অভিমুখী অৱস্থাৰ সৈতে তুলনা কৰাৰ বিপৰীতে জন
কীটছে ‘টু অটম’ কবিতাত শৰতক ‘কুঁৱলি আৰু পৰিপক্ক ফলময়তাৰ ঋতু’ হিচাপে অভিহিত
কৰিছে। কিন্তু আলি স্মিথৰ ‘অটম’ উপন্যাসৰ
‘অটম’ বা শৰৎ কাল যেন এই আটাইবোৰ ব্যাখ্যাতকৈ
ভিন্ন সাহিত্যিক তাৎপৰ্যবিশিষ্ট।
কি আছে আলি
স্মিথৰ ‘অটম’ত, বা কিয় শৰতে উপন্যাসখনৰ
শিৰোনাম দখল কৰিছে? এই উপন্যাসখনক বহু আলোচকে ব্ৰেক্সিটোত্তৰ
সময়ক লৈ লিখিত প্ৰথমখন উপন্যাস বুলি অভিহিত কৰিছে; এই
দাবীটো কিছুমানে মানি ল’ব খোজা নাই যদিও এইখন যে
ব্ৰেক্সিটোত্তৰ বৃটেইনৰ প্ৰথম গুৰুত্বপূৰ্ণ উপন্যাসসমূহৰ এখন, তাত কোনো সন্দেহ নাই। ২০১৬ চনত বৃটেইনৰ তদানীন্তন প্ৰধানমন্ত্ৰী ডেভিড
কেমেৰ’নে ইউৰোপীয়ান য়ুনিয়নৰ সদস্যপদ বৃটেইনে অব্যাহত ৰখাটো
উচিত হ’ব নে নহয়, তাকে লৈ এক গণভোটৰ
আয়োজন কৰিছিল। সেই সময়ত ইউৰোপীয়ান য়ুনিয়নত বৃটেইনৰ সদস্য পদটোক লৈ দেশখনৰ ভিতৰতে
এক অস্থিৰ বাতাবৰণৰ সৃষ্টি হৈছিল। ১৯৭৩ চনৰ ১ জানুৱাৰিৰ পৰাই
বৃটেইনে পূৰ্বৰ ইউৰোপীয়ান কমিউনিটিজ আৰু পৰৱৰ্তী সময়ৰ য়ুৰোপীয়ান য়ুনিয়নৰ সদস্য হৈ আছিল যদিও বৃটেইনৰ য়ুৰো-সংশয়বাদীসকলে
ইয়াক সহজভাবে ল’ব পৰা নাছিল। ইউৰোপীয়ান
য়ুনিয়নৰ বিভিন্ন ত্ৰুটি-বিচ্যুতি তেওঁলোকে আঙুলিয়াই দি আছিল আৰু বৃটেইনে ইয়াৰ
সদস্য হিচাপে থকা কথাটোতো আপত্তি দৰ্শাই আহিছিল। এই ইউৰো-সংশয়বাদীসকলক সন্তুষ্ট
কৰি এওঁলোকৰ সমৰ্থন আদায় কৰাৰ স্বাৰ্থতেই কেমেৰ’নে এই
গণভোটৰ আয়োজন কৰিছিল আৰু এই গণভোটত ভাগ লোৱা ভোটাৰসকলৰ ৫১.৯ শতাংশই মত প্ৰকাশ
কৰিছিল যে বৃটেইনে ইউৰোপীয়ান য়ুনিয়ন ত্যাগ কৰিব লাগে। এনেদৰেই সামান্য ভোটৰ
ব্যৱধানত বৃটেইনৰ ইউৰোপীয়ান ইউনিয়ন ত্যাগৰ সিদ্ধান্ত গৃহীত হৈছিল, আৰু যদিও ইয়াৰ চাৰি বছৰৰ পাছতহে অৰ্থাৎ ২০২০ চনৰ ৩১ জানুৱাৰিত বৰিছ জনছনৰ প্ৰধানমন্ত্ৰিত্বৰ কালতহে এই ব্ৰেক্সিট (‘বৃটেইনছ এগজিৎ’ বা বৃটেইনৰ দ্বাৰা ইউৰোপীয়ান য়ুনিয়ন ত্যাগ)-অৰ
প্ৰক্ৰিয়াটো সম্পূর্ণ হৈছিল, ২০১৬ চনৰ গণভোটৰ ঠিক পাছৰ
সময়ছোৱা বৃটেইনৰ বাবে বৰ সহজ হৈ থকা নাছিল; গণভোটৰ ৰায়ক
কেন্দ্ৰ কৰিয়েই বৃটেইনৰ সমাজ প্ৰায় দ্বিখণ্ডিত হৈ পৰাৰ উপক্ৰম কৰিছিল আৰু আনকি
ডেভিড কেমেৰ’নে প্ৰধানমন্ত্ৰিত্ব ত্যাগ
কৰিবলগীয়া অৱস্থাৰ সৃষ্টি হৈছিল, যাৰ পৰিণতিত
প্ৰধানমন্ত্ৰীৰ দায়িত্বভাৰ টেৰেছা মে’ৰ হাতলৈ গুচি গৈছিল।
এই জটিল আৰু সামাজিক-ৰাজনৈতিকভাবে অস্থিৰ সময়ছোৱাকে ধৰি ৰাখিবলৈ যত্ন কৰিছে আলি
স্মিথে তেওঁৰ ‘অটম’ উপন্যাসখনত,
অৱশ্যে চকুত লগাকৈ ব্যতিক্রম ধৰণেৰে।
উপন্যাসখনত বৰ্ণিত হৈছে এটা দেখাত আচহুৱা প্ৰেমৰ সম্পৰ্কৰ কাহিনী। এই সম্পৰ্কৰ এফালে আছে ডেনিয়েল গ্লুক নামৰ এগৰাকী লোক, যাৰ বয়স ১০১ আৰু আনটো ফালে আছে ৩২ বছৰীয়া মহিলা এলিজাবেথ ডেমাণ্ড, আৰু বয়সৰ ইমান বিশাল প্ৰভেদৰ পাছতো দুয়ো এনে এক আন্তৰিক মানৱীয় সংযোগেৰে পৰস্পৰৰ ওচৰ চাপিছে যাক ব্যাখ্যাতীত বুলি ক’ব পাৰি। অতীত আৰু বৰ্তমানৰ এই সংযোগস্থলত সময় যেন স্থৱিৰ হৈ গৈছে। ডেনিয়েল এসময়ত এগৰাকী গীতিকাৰ হিচাপে প্ৰসিদ্ধ আছিল, আৰু এতিয়া তেওঁ এটা পৰিচৰ্যা গৃহত মৃত্যুৰ ক্ষণ গণি আছে। এলিজাবেথে মনত পেলায় যে তেওঁ আঠ বছৰীয়া হৈ থাকোঁতে ডেনিয়েল তেওঁৰ আৰু মাকৰ চুবুৰীয়া আছিল আৰু সেই সময়তে ডেনিয়েলৰ সৈতে তেওঁৰ এক ঘনিষ্ঠ সম্পর্ক গঢ় লৈ উঠিছিল। যদিও এলিজাবেথৰ মাকে তেওঁলোকৰ মাজৰ এই ঘনিষ্ঠতা পছন্দ কৰা নাছিল (তেওঁ ডেনিয়েলক সমকামী বুলি সন্দেহ কৰিছিল), তথাপি অতিশয় ভদ্ৰ ডেনিয়েলৰ সান্নিধ্য, তেওঁৰ সৈতে হোৱা অদ্ভূত কাহিনীৰ বিনিময় আৰু তেওঁৰ পৰা শুনা জনপ্রিয় কলা সম্পৰ্কীয় কথাবোৰ, তেওঁৰ ঘৰত সংস্পর্শলৈ অহা সংগীত আৰু ছবিবোৰ পিতৃহীনা শিশু এলিজাবেথে খুব উপভোগ কৰিছিল। এলিজাবেথ যেতিয়া ষোল বছৰীয়া হ’ল, তাই অনুভৱ কৰিলে যে তাইতকৈ ঊনসত্তৰ বছৰে ডাঙৰ ডেনিয়েলৰ প্ৰতি তাইৰ মনত এক ধৰণৰ ৰোমান্তিক অনুভৱৰ সৃষ্টি হৈছে। ইতিমধ্যেই ডেনিয়েলে প্ৰেম বিষয়ক এটা তিক্ততাপূৰ্ণ অভিজ্ঞতাৰ মুখামুখি হৈ উঠিছে; তেওঁৰ প্ৰেমিকাই আন এজন পুৰুষৰ কাৰণে তেওঁক ত্যাগ কৰি গুচি গৈছে। সেই প্ৰেমিকাগৰাকী এগৰাকী চিত্ৰশিল্পী হিচাপে প্ৰতিষ্ঠিত হয় আৰু কম বয়সতে তেওঁ কৰ্কট ৰোগত আক্ৰান্ত হৈ মৃত্যু বৰণ কৰে। এতিয়া এলিজাবেথৰ প্ৰতি ডেনিয়েলৰ মনত সৃষ্টি হোৱা অনুভৱক ঠিক প্ৰচলিত অৰ্থত ৰোমান্তিক বুলি ক’ব নোৱাৰি; কিন্তু সেই অনুভৱ সঁচা সম্পৰ্কৰ সৈতে যুক্ত আৰু সেয়ে দুয়োৰে বাবে গুৰুত্বপূৰ্ণ।
এতিয়া শতবৰ্ষ অতিক্রম কৰা ডেনিয়েলক আমি পাওঁ বিশেষ পৰিচৰ্যাৰ মাজেৰে জীৱন ধাৰণ কৰি থকা মৃত্যুমুখী এক অৱস্থাত। আনহাতে সৰুতেই ডেনিয়েলৰ পৰা শুনা কলা সম্পৰ্কীয় কথাবোৰৰ দ্বাৰা বাৰুকৈয়ে প্ৰভাৱিত হোৱা এলিজাবেথ এতিয়া কলাৰ ইতিহাসৰ এগৰাকী অস্থায়ীভাৱে নিয়োজিত কনিষ্ঠ প্ৰৱক্তা; তেওঁৰ পাছপ’ৰ্টৰ বাবে কৰা আৱেদন নাকচ হৈছে আৰু তাৰ কাৰণ হিচাপে দেখুওৱা হৈছে তেওঁৰ মূৰৰ গঠন সঠিক জোখৰ নোহোৱাটো, যাক বৃটেইনৰ আমোলাতান্ত্রিকতাৰ অসংবেদনশীলতা বুলি অভিহিত কৰিব পাৰি। শয্যাশায়ী ডেনিয়েলে জীৱন আৰু মৃত্যুৰ মাজৰ কোনোবা এখিনিত, চেতন আৰু অচেতন অৱস্থাৰ দ্ৰুত আৰু অনিয়ন্ত্রিত অহা-যোৱাৰ মাজৰ এক বৰ্ণনাতীত স্বপ্নময়তাত, অতীত আৰু বৰ্তমানৰ ধুঁৱলি-কুঁৱলিৰ মাজত দুলি আছে, আৰু এই সময়ত তেওঁক বুৰাই ৰখা সপোনবোৰৰ মাজেৰে প্ৰতিভাত হৈ উঠিছে তেওঁৰ অৱচেতনত লাগি ৰোৱা সুগভীৰ আকাংক্ষাবোৰ। বাস্তৱ আৰু অধিবাস্তৱৰ মাজত বিচৰণ কৰা, আৰু মৃত্যুৰ আগৰ এক স্বাভাৱিক অৱস্থা হিচাপে বেছিখিনি সময় টোপনিত থকা ডেনিয়েলে সপোনত কেতিয়াবা উভতি যায় তেওঁৰ ডেকাকাললৈ, কেতিয়াবা তেওঁৰ মৃত্যুৱে তেওঁৰ সপোনত ধৰা দিয়ে; কেতিয়াবা সজীৱ আশা আৰু আন কেতিয়াবা আশাহীনতাৰে সপোনৰ জগতত ওলমি থকা এনেকুৱা এটা পৰিস্থিতিত, এক বিচ্ছিন্ন আৰু একাকী অৱস্থাত তেওঁক দেখা কৰিবলৈ আহে একমাত্র এলিজাবেথে। ডেনিয়েলে যিখিনি সময় সাৰে থাকে, বা মৃত্যুক স্থগিত ৰাখে, সেইখিনি সময়ত এলিজাবেথে তেওঁৰ সৈতে আলাপ কৰে, জীৱনক লৈ, কলাক লৈ, সাহিত্যক লৈ।
বাস্তৱ জগতৰ দুগৰাকী ব্যক্তিকো উপন্যাসখনত স্মিথে গুৰুত্বপূৰ্ণ স্থান দিছে, আৰু কাহিনীৰ বিৱৰণত তেওঁলোকৰ উপস্থিতিয়ে কাহিনীৰ সৈতে এক ভিন্ন মাত্ৰাৰ সংযোগ ঘটাইছে। তাৰে এগৰাকী হৈছে বৃটিছ চিত্ৰকৰ প’লিন বোটি। ১৯৩৮ চনত জন্মলাভ কৰা আৰু আঠাইছ বছৰ বয়সতে মৃত্যু বৰণ কৰা প’লিন বোটি আছিল বৃটেইনৰ প’প আৰ্ট আন্দোলনৰ অন্যতম প্ৰতিষ্ঠাতা। অকল সেয়ে নহয়, তেওঁ নাৰিত্ব আৰু নাৰীৰ যৌনতাক তেওঁৰ চিত্ৰত তুলি ধৰা আৰু এনেদৰেই পুৰুষতান্ত্ৰিকতাৰ বান্ধোনৰ বিৰুদ্ধে অৱস্থান কৰাৰ মাজেৰে এক শক্তিশালী নাৰীবাদী দৃষ্টিভংগী দাঙি ধৰিছিল। অথচ এইগৰাকী চিত্ৰকৰ এতিয়া এনেকৈ পাহৰণিৰ গৰ্ভত নিমজ্জিত হৈছে যে এলিজাবেথৰ টিউটৰে প’প আৰ্ট আন্দোলনত কোনো নাৰী যুক্ত নাছিল বুলিয়েই মন্তব্য কৰিছে, আৰু যেতিয়া এলিজাবেথে প’লিন বোটিৰ বিষয়ে উল্লেখ কৰিছে আৰু তেওঁক নিজৰ ডিজাৰ্টেশ্যনৰ বিষয় কৰাৰ কথা কৈছে, টিউটৰগৰাকীয়ে ইমানেই আপত্তি কৰিছে যে এলিজাবেথে অৱশেষত টিউটৰেই সলনি কৰিছে, বিষয় সলনি কৰাৰ পৰিৱৰ্তে।
উপন্যাসখনৰ
কাহিনীৰ মাজলৈ অহা বাস্তৱ জগতৰ আন এগৰাকী ব্যক্তি হৈছে ক্ৰিষ্টিন কীলাৰ নামৰ ইংৰাজ
মডেলগৰাকী, যিয়ে ঊনৈছ শ ষাঠিৰ দশকৰ বৃটেইনৰ ৰাজনীতিত প্ৰচণ্ড
জোকাৰণি তুলিছিল এক যৌন কেলেংকাৰিৰ ঘটনাৰ জৰিয়তে। ১৯৬৩ চনত তেতিয়াৰ বৃটেইনৰ
প্ৰধানমন্ত্ৰী, কনজাৰ্ভেটিভ পাৰ্টীৰ হেৰল্ড মেকমিলানৰ
কেবিনেটৰ এগৰাকী সদস্য, বিৱাহিত জন প্ৰফ্যুমোৰ সৈতে
ক্ৰিষ্টিন কীলাৰৰ এক বিবাহ-বহিৰ্ভূত সম্পর্ক গঢ়ি উঠিছিল। প্ৰফ্যুমোৱে প্ৰথমে এই
সম্পৰ্কৰ কথা অস্বীকাৰ কৰিছিল যদিও পাছত তেওঁ ইয়াৰ সত্যতা স্বীকাৰ কৰিবলৈ বাধ্য
হয়। ‘প্ৰফ্যুমো এফেয়াৰ্ছ’ বুলি
জনাজাত এই কেলেংকাৰিয়ে মেকমিলানৰ চৰকাৰক ইমানেই অস্বস্তিত পেলাইছিল যে শাৰীৰিক
অসুস্থতাৰ অজুহাতত হেৰল্ড মেকমিলানে পদত্যাগ কৰিছিল আৰু এবছৰ পাছৰ সাধাৰণ
নিৰ্বাচনত কনজাৰ্ভেটিভ পাৰ্টিৰ পতন ঘটিছিল।
‘অটম’ত প’লিন বোটি আহিছে আলি স্মিথৰ নাৰীবাদী চিন্তাৰ আৰু
লগতে ব্যক্তি স্বাধীনতাৰ প্ৰতীক হৈ; কেৱল নাৰী হোৱা বাবেই
বোটিৰ বাবে নিজকে চিত্ৰশিল্পী হিচাপে প্ৰতিষ্ঠা কৰাটো কঠিন আছিল যদিও প্ৰচলিত সামাজিক
ধাৰণাক প্ৰত্যাহ্বান জনাই আৰু লগতে কলাৰ স্বতন্ত্ৰতাকো তুলি ধৰি কলাকাৰ হিচাপে তেওঁ নিজৰ সুকীয়া অস্তিত্ব
প্ৰতিপন্ন কৰিবলৈ সক্ষম হৈছিল। তেওঁ হেৰাই যোৱাটো আৰু এলিজাবেথৰ টিউটৰে তেওঁক
সম্পূৰ্ণৰূপে উলাই কৰাটো হৈছে কলাৰ জগততো পুৰুষতান্ত্ৰিকতাৰ প্ৰাধান্যৰ উদাহৰণ।
স্মিথে দেখুৱাইছে যে বোটি হৈছে হেৰাই যোৱা, পুনৰ আৱিষ্কৃত
হোৱা, পুনৰ হেৰাই যোৱাৰ পৌনঃপুনিকতাৰ মাজেৰে প্ৰতিষ্ঠিত
জীৱনৰ এক অনাকাংক্ষিত সত্যৰ প্ৰতীকস্বৰূপ। আনহাতে ক্ৰিষ্টিন কিলাৰক প্ৰচলিত
সামাজিক নৈতিকতাই চৰিত্ৰৰ দিশৰপৰা হীন হিচাপে প্ৰতিষ্ঠা কৰিলেও তেওঁৰ মাজত নিহিত
সাহস আৰু ব্যক্তিসত্বাৰ স্বাতন্ত্র্যৰ মনোভাবক স্মিথে উপন্যাসখনত দাঙি ধৰিছে।
উপন্যাসখনে
ব্ৰেক্সিটোত্তৰ বৃটেইনৰ পৰিস্থিতিকো যথাৰ্থ ৰূপত চিত্ৰায়িত কৰিবলৈ যত্ন কৰিছে।
ব্ৰেক্সিটক কেন্দ্র কৰি বৃটেইনৰ জনগণ দুটা মেৰুত বিভাজিত হৈছে। এই সময়তে বৃটেইনলৈ
আগমন ঘটা অবৈধ প্ৰব্ৰজনকাৰীসকলক ৰখাৰ বাবে ডিটেনশ্যন কেম্প প্ৰতিষ্ঠা কৰা হৈছে, যিটো কথাই এলিচাবেথৰ মাকক ক্ষুদ্ধ আৰু বিদ্ৰোহী কৰি তুলিছে কৰ্তৃপক্ষৰ
ৰোষত পৰাকৈ। এলিজাবেথৰ মাকৰ এই বিদ্ৰোহী মনোভাৱক সমৰ্থন কৰা এগৰাকী মহিলাৰ সৈতে
এলিজাবেথৰ মাকৰ লেচবিয়ান সম্পর্ক গঢ়ি উঠিছে। এলিজাবেথৰ মাক আৰু তেওঁৰ
প্ৰেমিকাগৰাকীয়ে এলিজাবেথে ডেনিয়েলৰ
প্ৰতি প্ৰদৰ্শন কৰা গভীৰ অনুৰাগক লৈ চিন্তিত হৈ আছে। উপন্যাসখনৰ সামৰণিৰ পিনে
দেখিবলৈ পোৱা যায় যে যিকোনো মুহূৰ্ততে মৃত্যু়ৰে আলিংগনাৱদ্ধ হ’বলগীয়া ডেনিয়েলে দীৰ্ঘ টোপনিৰপৰা সাৰ পায়েই এলিজাবেথক বিচাৰিছে আৰু
এলিজাবেথে তৎক্ষণাৎ তেওঁক লগ কৰিবলৈ গৈছে।
কিন্তু বৃটেইনৰ
এক অস্থিৰ সামাজিক-ৰাজনৈতিক পৰিস্থিতিত এগৰাকী শতবৰ্ষ অতিক্ৰম কৰা মৃত্যুমুখী লোক, যাৰ বাবে কেৱল আছে অতীত, আৰু এগৰাকী ভৱিষ্যতৰ সম্ভাৱনা বহন কৰা যুৱতীৰ মাজৰ এই প্লেট’নিক প্ৰেমৰ কাহিনীৰ
মাজত শৰতৰ ভূমিকা কি? উপন্যাসখনৰ নাম শৰৎ ৰখাটোৱে কি তাৎপর্য
বহন কৰিছে? এই কথাটোৰ উত্তৰ কাহিনীৰ বিৱৰণৰ মাজত পোনপটীয়াকৈ
পোৱা নাযায়, আৰু ঔপন্যাসিকে এই কথাটো আমাৰ অন্তৰ্দৃষ্টিমূলক
পৰ্যবেক্ষণৰ ওপৰতে এৰি দিছে বুলি ধৰি ল’ব পাৰি। এই ক্ষেত্ৰত
প্ৰথম মন কৰিবলগীয়া কথাটো হৈছে, উপন্যাসখনৰ এটা
গুৰুত্বপূৰ্ণ বিষয় হৈছে সময় (যিটো আলি স্মিথে নিজেও ঘোষণা কৰিছে)- যি সময়ে একে সময়তে বহন কৰি আছে ঐক্য আৰু বৈপৰীত্ব। সমকালীন বৃটেইনৰ
সামাজিক-ৰাজনৈতিক পৰিমণ্ডলেই কেৱল নহয়, আত্মিক জগৎখনো
পোনপটীয়াকৈ দ্বিখণ্ডিত হৈছে এটা ৰাজনৈতিক সিদ্ধান্তৰ পৰিণতিত। বৃটেইন এতিয়া এনে
এখন দেশত পৰিণত হৈছে য’ত ‘দুৰ্দশা আৰু
আনন্দ’ই সহাৱস্থান কৰিছে; আৰু এনে এক
পৰিস্থিতিত আলি স্মিথে আশাহীনতাৰ মাজতো সন্ধান কৰিছে আশাৰ। ব্ৰেক্সিটৰ ঘটনাটো যদি
এক ঐতিহাসিক গ্ৰীষ্মৰ প্ৰকাশ- এক অসহনীয় গ্ৰীষ্মৰ- তেনেহ’লে
এই গ্ৰীষ্মৰ অৱসান ঘোষণা কৰা শৰতৰ আগমনৰ বাবে এক ক্ষীণ আশাক জীপাল কৰি ৰাখিব
খুজিছে ঔপন্যাসিকে। তেওঁৰ এই আশাবাদ প্ৰতিভাত হৈছে মূলতঃ সাধাৰণ মানুহৰ সৰু সৰু
বিদ্ৰোহ আৰু তেওঁলোকৰ সাফল্যৰ মাজত। জীৱনৰ ক্ষণস্থায়িত্বৰ সত্বেও এশ বছৰ অতিক্রম
কৰা ডেনিয়েলে মৃত্যুৰ সৈতে মুখামুখি বিদ্ৰোহেৰে জীৱনৰ অপাৰ মহত্ত্বক প্ৰতিষ্ঠা
কৰিছে। প্ৰচলিত আমোলাতান্ত্রিক ব্যৱস্থাৰ অসংবেদনশীলতাই নিজৰ বৃত্তিগত জীৱনক
বিপৰ্যস্ত কৰাৰ আশঙ্কা সত্তেও এলিজাবেথে নিজৰ পৰিস্থিতিৰ বিৰুদ্ধে এক অন্তৰ্মুখী
বিদ্ৰোহেৰে নিজক উজ্জীৱিত কৰি ৰাখিছে। দীৰ্ঘকাল নিঃসংগতাৰ সৈতে যুঁজি থকা আৰু দেশৰ
ৰাজনৈতিক কৰ্তৃত্বৰ বিৰুদ্ধে বিদ্ৰোহী মনোভাৱ লোৱা এলিজাবেথৰ মাকৰ নিজৰ অৱস্থাৰ
বিৰুদ্ধেই বিদ্ৰোহ প্ৰকাশিত হৈছে তেওঁৰ একাকিত্বৰ অৱসান ঘটাই আৰম্ভ কৰা এটা
লেচবিয়ান সম্পর্কৰ মাজত। প’লিন বোটি আৰু ক্ৰিষ্টিন কীলাৰৰ
মাজতো প্ৰচলিত ধ্যান-ধাৰণাৰ বিৰুদ্ধে বিদ্ৰোহৰ ইংগিত আছে।
ফৰাছী বিপ্লৱৰ
আশেপাশে থকা জটিল সময়ছোৱাক তুলি ধৰা চাৰ্লছ ডিকেন্সৰ ‘এ
টেল অৱ টু চিটিজ’ উপন্যাসৰ আৰম্ভণিৰ বাক্য “This is
the best of times, this is the worst of times” - অক প্ৰতিধ্বনিত
কৰি আলি স্মিথৰ ‘অটম’ আৰম্ভ হৈছে এই
বাক্যটোৰে, “This was the worst of times, this was the worst of times” । ডিকেন্সৰ
best
আৰু worst -- অৰ মাজত দুলি থকা ইতিহাসৰ
পৰিৱৰ্তে স্মিথে ব্ৰেক্সিটোত্তৰ বৃটেইনৰ ইতিহাসৰ মাজত নিহিত অস্থিৰতাক worst
বুলিহে বিচাৰ কৰিছে; আৰু এই সময়ত স্মিথৰ দৃষ্টিৰ
সম্মুখত আছে ইতিহাসৰ অনিৰ্ণেয়তা। “গোটেই দেশজুৰি মানুহে ভাবিছিল এয়া বেয়া ঘটনা। গোটেই দেশজুৰি মানুহে
ভাবিছিল এয়া ভাল ঘটনা। গোটেই দেশজুৰি মানুহে ভাবিছিল তেওঁলোকে আচলতে হাৰিছে।
গোটেই দেশজুৰি মানুহে ভাবিছিল তেওঁলোকে আচলতে জিকিছে।” অৱশ্যে সময়ৰ গতিশীলতাই
সকলো বস্তুকে ক্ষণস্থায়িত্ব প্ৰদান কৰা কথাটোৰ (শৰৎ কালে গছৰ সৰি পৰা পাতবোৰৰ
মাজেৰে এই ক্ষণস্থায়িত্বৰ প্ৰতিয়েই ইংগিত কৰে) প্ৰতি সচেতন স্মিথে এই কথাটোৱো
প্ৰকাশ কৰিবলৈ যত্ন কৰিছে যে যেনেকৈ নিৰ্বিকাৰ ভাবে এটা ঋতুৰপৰা আন এটা ঋতুলৈ সময়
সলনি হয়, তেনেকৈ মানুহৰ ইতিহাসেও নিৰ্বিকাৰ ভাবে ঋতুৰপৰা
ঋতুলৈ গতি কৰি থাকে, আৰু তাৰ মাজতো মানুহে অব্যাহত ৰাখে
জীৱনবোধ।
***
ঠিকনা :
অধ্যক্ষ, বৰপেটা ছোৱালী মহাবিদ্যালয়
বৰপেটা - ৭৮১৩০১
ভ্ৰাম্যভাষ - ৭০০২১৪৩৩২৫