অন্যযুগ/


ট্ৰিনিটিৰ তেজস্ক্ৰিয় ফ'লআউট আৰু অ’পেনহাইমাৰ

ড° ভাৰত বৰুৱা

 

হ’ৰনাডা আছে সৌৱা বহু নিলগত,

নহয় কাৰো বিপদ ব’ম ফুটিলে যমপুৰত।

একো নহয় নাথাকে যে মানুহৰ মনত,

পানীও যে নাই প্ৰাণবায়ু উৰে পিয়াহত।

 

নিউ মেক্সিক’ প্ৰদেশৰ হ’ৰনাডা ডেল মুৱেৰট’ (Jornada del Muerto) মানে “মৃতকৰ যাত্ৰা” নামৰ এক ৰেংৰেঙীয়া উপত্যকা। সেই দিনটো আছিল ১৯৪৫ চনৰ ১৬ জুলাইৰ ৰাতিপুৱা। সৈনিক আৰু বিজ্ঞানীসকলে এই উপত্যকাৰ পৰা ৩ মাইল দুৰৈৰ বাঙ্কাৰৰ পৰা “গেজেট”ৰ ওপৰত লক্ষ্য স্থিৰ কৰি অপেক্ষাৰত। গেজেট বিশ্বৰ প্ৰথম নিউক্লিয়াৰ বা এট’মিক ব’মৰ সাঙ্কেতিক নাম। সকলোৱে চকুত একোযোৰ ৱেল্ডিং গ’গ’লছ পিন্ধি লৈছিল চকুৰ সুৰক্ষাৰ বাবে। ৰাতিপুৱা ঠিক ৫ বাজি ২৯ মিনিট যোৱাৰ লগে লগে মাটিৰ পৰা ১০০ ফুট ওখ এখন চাঙত ৰখা গেজেটটোৰ বিস্ফোৰণ ঘটোৱা হৈছিল...। 

পৃথিৱীৰ সেই প্ৰথম তেজস্ক্ৰিয় পৰীক্ষণক ট্ৰিনিটি পৰীক্ষণ নাম দিয়া হৈছিল আৰু তাৰ মুখ্য বিজ্ঞানী আছিল ৰ’বাৰ্ট অ’পেনহাইমাৰ। অ’পেনহাইমাৰক এট’মিক বোমাৰ পিতৃ হিচাপে অভিহিত কৰা হয়। সেই বিস্ফোৰণৰ উজ্জ্বল পোহৰ এশ ত্ৰিছ মাইল দূৰৈৰ টেক্সাছ প্ৰদেশৰ এল পাছ’ চহৰলৈকে দেখা গৈছিল। ইফালে ৪০ মাইল দূৰৈৰ সৰু চহৰ যেনে কেৰিজ’জ’ত সেইদিনা বগা ছাইৰ বৰষুণ হৈছিল। কেৰিজ’জ’ৰ কণ কণ ল’ৰা-ছোৱালীহঁতে জুলাই মাহতে বৰফ পৰিছে বুলি ফূৰ্তিতে খেলিবলৈ লাগি গৈছিল। আকাশৰ পৰা সৰা বৰফৰ কণিকাৰ সদৃশ এট’মিক বোমাৰ বগা ছাইবোৰ অকণিহঁতে জিভাত ললে, গালে-মুখে সানিলে। অনেকেই বৰফৰ গোলা সাজিবলৈও চেষ্টা কৰিছিল নেকি সেইদিনা...। 

এনে ধৰণৰ বৰ্ণনা হ’ৰনাডাৰ ওচৰে পাজৰে সৰু চহৰবিলাকত আজিও শুনিবলৈ পোৱা যায়, সেই ঘটনাৰ ৭৮ বছৰৰো পাছত। চৰকাৰী সমীক্ষা মতে সেই অঞ্চলৰ চৰণীয়া গৰুৰ পিঠিবোৰ আকাশৰ পৰা সৰা জলন্ত ছায়ে দহি পেলাইছিল। বিজ্ঞানীসকলে জানিছিল যে বোমাটো ফুটাৰ পাছত তেজস্ক্ৰিয় ৰশ্মি নিৰ্গত হ’ব পাৰে, গতিকে সৈনিকৰ সাহায্যত গাইগাৰমিটাৰেৰে তেজস্ক্ৰিয়তাৰ জোখ লোৱা হৈছিল। হ’ৰনাডাৰ পৰা ১০০ মাইল দুৰলৈকে উচ্চ মানৰ তেজস্ক্ৰিয়তা পোৱা গৈছিল। ৪০ মাইল দুৰৈৰ কেৰিজ’জ’ত তেজস্ক্ৰিয়তাৰ মাত্ৰাই সীমা চেৰাই গৈছিল। চৰকাৰী কৰ্তৃপক্ষই সমীপৱৰ্তী চহৰবোৰ খালি কৰাৰ ব্যৱস্থা আগতীয়াকৈ লৈ থৈছিল। পিছে বিস্ফোৰণৰ পাছত যি ফ’লআউট হ’ল তাৰ পাছত তেজস্ক্ৰিয় পদাৰ্থবোৰ ভাহি নাথাকি স্খলিত হৈ মাটিত পৰি যোৱাত তেওঁলোকে চহৰ খালি কৰাৰ পৰিকল্পনা নাকচ কৰিলে।

 

তেজস্ক্ৰিয় বিকিৰণ আৰু তেজস্ক্ৰিয় শক্তি :

তেজস্ক্ৰিয়তা হৈছে কিছুমান মৌলৰ পৰমাণুৰ কেন্দ্ৰত থকা নিউক্লিয়াছে দেখুউৱা এক ধৰণৰ পৰিঘটনা। সকলো মৌলই তেজস্ক্ৰিয় পৰিঘটনা নেদেখুৱায়। যিবোৰ মৌলৰ পৰমাণুৰ নিউক্লিয়াছটো অস্থিৰ সেইবোৰ মৌলইহে তেজস্ক্ৰিয়তা দেখুৱায় আৰু তেজস্ক্ৰিয় ৰশ্মি বিকিৰণ কৰে। আমি জানো যে পৰমাণুৰ নিউক্লিয়াছত প্ৰ’ট'ন আৰু নিউট্ৰ'ন থাকে। যদি কোনো নিউক্লয়াছত থকা নিউট্ৰ'নৰ সংখ্যা প্ৰ’ট'নৰ সংখ্যাতকৈ বহু পৰিমাণে বেছি থাকে তেনে ক্ষেত্ৰত নিউক্লিয়াছটো অস্থিৰ হৈ পৰে আৰু তেনেবিলাক পৰমাণুৱেই তেজস্ক্ৰিয়তা দেখুৱায়। সাধাৰণতে গধুৰ মানে উচ্চ এট’মিক সংখ্যাযুক্ত পৰমাণু তেজস্ক্ৰিয় হয়। গতিকে অস্থিৰ নিউক্লিয়াছৰ বিঘটন বা ক্ষয় হোৱাকেই তেজস্ক্ৰিয়তা বোলা হয়। এই তেজস্ক্ৰিয় বিঘটন তিনি প্ৰকাৰৰ : 

১) আলফা বিঘটন মানে আলফা পাৰ্টিক’ল বা হিলিয়াম নিউক্লিয়াছ নিৰ্গত হোৱা 

২) বিটা বিঘটন মানে নিউক্সিয়াছৰ পৰা ইলেক্ট্ৰ’ন বা প’জিট্ৰ’ন নিৰ্গত হোৱা আৰু 

৩) গামা বিঘটন মানে নিউক্লিয়াছৰ পৰা ফ’ট'ন নিৰ্গত হোৱা। 

মুঠতে এই তিনিবিধৰ যিবিধ বিঘটনেই নহওক কিয়, এবিধ মৌলৰ পৰমাণু আন এবিধ মৌলৰ পৰমাণুলৈ ৰূপান্তৰিত হয় আৰু লগতে এক অদৃশ্য ৰশ্মি বিকিৰণ কৰে। এই অদৃশ্য ৰশ্মিকে তেজস্ক্ৰিয় ৰশ্মিও বোলা হয়। 

তেজস্ক্ৰিয় শক্তি আৰু নিউক্লিয়াৰ বোমাৰ কথা ক’বলৈ হ’লে ইউৰেনিয়াম (U) পৰমাণুৰ উদাহৰণটো ল’ব পৰা যায়। সাধাৰণতে তেজস্ক্ৰিয় ইউৰেনিয়াম স্বতঃস্ফূৰ্তভাৱে ভাগি লেড (Pb) নামৰ মৌললৈ পৰিবৰ্তিত হয়। এই তেজস্ক্ৰিয় প্ৰক্ৰিয়াত ১-৫ মিলিয়ন ইলেক্ট্ৰ’ন ভ'ল্ট শক্তি বিকিৰিত হয়। গতিকে তেজস্ক্ৰিয়তা বিপদজনক। আনহাতে নিউক্লিয়াৰ বোমাৰ ক্ষেত্ৰত এটি ইউৰেনিয়ামৰ নিউক্লিয়াছক নিউট্ৰ’নৰে আঘাট কৰা হয়। লগে লগে-

১) নিউক্লিয়াছটো ভাগি ক্ৰিপট’ন (Kr) আৰু বেৰিয়াম (Ba)  নামৰ অন্য দুবিধ সুস্থিৰ মৌলৰ সৃষ্টি হয়, 

২) তেজস্ক্ৰিয় ৰশ্মিৰ বিকিৰণ হয়, 

৩) ২০০ মিলিয়ন ইলেক্ট্ৰ’ন ভ'ল্ট  শক্তিৰ উৎপন্ন হয়, আৰু 

৪) তিনিটি নতুন নিউট্ৰ’নৰ সৃষ্টি হয়। 

এই নতুনকৈ সৃষ্টি হোৱা তিনিটি নিউট্ৰ’নে কাষৰীয়া তিনিটি ইউৰেনিয়াম অনুৰ নিউক্লিয়াছ ভাঙি একে ধৰণেৰেই  শক্তিৰ সৃষ্টি কৰে। এইদৰে এক শৃংখলিত বিক্ৰিয়া আৰম্ভ হয় আৰু ইয়াকেই নিউক্লিয়াৰ ফিজ’ন বিক্ৰিয়া বোলা হয়। নিউক্লিয়াৰ বোমাত এই ফিজ’ন বিক্তিয়া প্ৰয়োগ কৰি এনে ধৰণে এক ভাবিব নোৱৰা পৰিমাণৰ শক্তি তাৎক্ষণিকভাৱে উৎপন্ন কৰি ধবংস লীলা চলাব পাৰি।

১৯৩৮ চনত জাৰ্মান বিজ্ঞানী অ’ট’ হানে ওপৰত উল্লেখ কৰা নিউক্লিয়াৰ ফিজ’ন বিক্ৰিয়া আৱিষ্কাৰ কৰে। এই অদ্ভুত অপ্ৰাকৃতিক শক্তিৰ উৎপন্ন কৰিব পৰা বাতৰি সদৰি হোৱাৰ লগে লগে সমগ্ৰ বিশ্বৰ বিজ্ঞানীসকলৰ মাজত উখল-মাখল লাগি পৰিল। ইতিমধ্যে ১৯৩৯ চনত দ্বিতীয় বিশ্বযুদ্ধৰ জোৱাৰ উঠিল। জাৰ্মানীয়ে প্ৰথমে এই ধৰণৰ শক্তিৰ বোমা নিৰ্মাণ কৰাৰ আশঙ্কাতেই হয়তো আমেৰিকাৰ তদানীন্তন ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ৰ’জভেল্টে বিজ্ঞানীসকলক প্ৰথমেই এই ধৰণৰ শক্তিৰ বোমা তৈয়াৰ কৰাৰ বাবে নিয়োজিত কৰে। ১৯৪১ চনত আমেৰিকাই দ্বিতীয় বিশ্বযুদ্ধত নামি পৰাৰ লগে লগে এই প্ৰচেষ্টা দুগুণ উদ্যমেৰে চলিবলৈ ল’লে মানহাটান প্ৰকল্প নামে। এইটো আমেৰিকান সেনা আৰু কেইবাশও বিজ্ঞানীৰ এটা যুটীয়া প্ৰকল্প আছিল যাৰ মূল উদ্দেশ্যই আছিল নিউক্লিয়াৰ শক্তিক মাৰণাস্ত্ৰলৈ ৰূপান্তৰ কৰা। আৰু, আশাতীতভাৱে মাত্ৰ চাৰি বছৰৰ ভিতৰতেই তেওঁলোক এই কাৰ্যত সফল হয়। ১৯৪৫ চনৰ ১৬ জুলাইৰ ৰাতিপুৱা মানহাটান প্ৰকল্পৰ অধীনত নিউক্লিয়াৰ বোমাৰ প্ৰথম পৰীক্ষণ কৰা হ’ল। এই পৰীক্ষণৰ সাঙ্কেতিক নাম আছিল “ট্ৰিনিটি পৰীক্ষণ”, যাৰ বাবে হাৰনাডাৰ ভূভাগে এই ধৰণে বিধ্বংসী শক্তিৰ মুখামুখি হৈছিল। এই  ব’মৰ বিধ্বংসী শক্তি আছিল এক কিল’টন। এই পৰীক্ষণৰ ফলস্বৰূপে আজিও সেই অঞ্চলত সাধাৰণ বিকিৰণতকৈ ১০ গুণ অধিক বিকিৰণ পোৱা যায়। 

সেই পৰীক্ষণ বাৰুকৈয়েই সফল হৈছিল। লগে লগে এই গ্ৰহৰ মানৱ জীৱনৰ নক্সা চিৰদিনৰ বাবে সলনি হ’ল। এই ট্ৰিনিটি পৰীক্ষণৰ মুখ্য বিজ্ঞানী অ’পেনহাইমাৰে তাকেই সুঁৱৰিছিল সেই দিনটোত। বহু বছৰৰ পাছত এক ব্যক্তিগত ইণ্টাৰভিউত অ’পেনহাইমাৰে কৈছিল যে, সেই বিশেষ দিনটোত তেওঁৰ দলটোৰ কেইজনমানে হাঁহিছিল, কেইজনমানে কান্দিছিল আৰু আন বহুজন মৌন হৈ আছিল। তেওঁৰ মনলৈ সেই মুহূৰ্তত শ্ৰীমদ্ভগৱত গীতাৰ এষাৰ কথাই আহিছিল - আজি মই নিজেই কাল হ’লোঁ, জগতৰ সংহাৰ কৰোঁতা। 

পিছে গ্ৰহটোৰ মানৱ ইতিহাসত ধ্বংস যজ্ঞৰ প্ৰয়োগিক ৰূপটো সলনি হ’বলৈ ট্ৰিনিটি পৰীক্ষণৰ দিনটোৰ পৰা বেছি দিন অপেক্ষা কৰিব লগা নহ’ল। এই ট্ৰিনিটি পৰীক্ষণৰ এমাহ নৌ হওঁতেই ১৯৪৫ চনৰ ৬ আগষ্টৰ দিনা জাপানৰ হিৰ’ছিমা চহৰত "লিট’ল ব’য়" নামৰ এট’মিক ব’মৰ ধ্বংস যজ্ঞ আৰম্ভ হয়। এই সময়ত দ্বিতীয় মহাযুদ্ধ শেষ হওঁ হওঁ, জাৰ্মেনীয়ে বশ্যতা স্বীকাৰ কৰিছে। পিছে জাপানৰ সম্ৰাট হিৰ'হিট'ৱে সৈ নমনাত নতুনকৈ নিৰ্বাচিত আমেৰিকাৰ ৰাষ্ট্ৰপতি হেৰী ট্ৰুমেনে জাপানত এট’ম বোমা পেলাবলৈ নিৰ্দেশ দিয়ে। সেই ১০ হাজৰ পাউণ্ড বোমাৰ শক্তি ১৬৫০০ টন টি. এন. টি.-ৰ সমান আছিল। সেই বিস্ফোৰণে তাৎক্ষণিকভাৱে তাৰ মাজ অংশৰ সকলোকে বাষ্পীভূত কৰি পেলায়। সি ভূমিভাগ দগ্ধ কৰিলে প্ৰায় ৩৮৭০ ডিগ্ৰী ছেলছিয়াছ উষ্ণতাত। বিস্ফোৰণৰ মাজভাগৰ পৰা এক মাইল ব্যাসাৰ্ধলৈকে সকলো ধ্বংস হ’ল। চহৰৰ পৰা ২০ হাজাৰ ফুট উচ্চতালৈকে অগ্নিশিখা আৰু ধোৱাৰ কুণ্ডলী উঠি সূৰ্যৰ ৰশ্মিকো প্ৰতিৰোধ কৰিলে। 

তথাপি জাপানৰ সম্ৰাট হিৰ’হিট’ই সেও নামানিলে। গতিকে তিনিদিনৰ দিনা, অৰ্থাৎ ১৯৪৫ চনৰ আগষ্টৰ ৯ তাৰিখে পুনৰ জাপানৰ নাগাছাকি চহৰত “ফেট মেন” নামৰ বহু গুণে ডাঙৰ আন এটি এট’ম বোমা পেলোৱা হ’ল। এই বাৰ ২.৫ মাইল বৰ্গক্ষেত্ৰৰ ঠাই জুৰি ধ্বংসলীলা চলিল। শিখা আৰু ধোৱাৰ কুণ্ডলী উঠাৰ লগতে এইবাৰ তেজস্ক্ৰিয় বৃষ্টিও হ’ল। অলপ দুৰৈত থকাৰ বাবে যি জনতা তাৎক্ষণিক বিস্ফোৰণত আহত নহ’ল তেজস্ক্ৰিয় ফ'লআউটে সেই জনতাকো ৰেহাই নিদিলে। সেই সকলে ভুগিব লগা হ’ল শৰীৰৰ জ্বলন, ভিতৰুৱা অংগৰ ক্ষতি আৰু অন্ধতা। এইবাৰ জাপানৰ সম্ৰাটে হাৰ মানিবলৈ বাধ্য হৈ পৰিল প্ৰায় ২ লক্ষৰো অধিক নিৰীহ লোকৰ হত্যাৰ পাছত। বিশ্বযুদ্ধৰ পাছত গঠিত হোৱা ৰাষ্ট্ৰসংঘই নিউক্লিয়াৰ বা এট’ম বোমাৰ দূৰীকৰণত প্ৰাথমিকতা দিলে। পিছে মোটামোটি সকলোৱেই ইয়াক অৱজ্ঞা কৰিলে। 

যুদ্ধ শেষ হোৱাৰ পাছতো আমেৰিকাই নিউক্লিয়াৰ বোমাৰ বিকাশ ঘটাই থাকিলে আৰু আনহাতে শত্ৰুদেশ ৰাছিয়াই তেওঁলোকৰ নিউক্লিয়াৰ প্ৰকল্প ত্বৰাণিত কৰিলে। ১৯৪৯ত ৰাছিয়া নিউক্লিয়াৰ পৰীক্ষণত বিশ্বৰ দ্বিতীয়খন দেশ হৈ উঠিল আৰু লগে লগে বিশ্বত শীতল যুদ্ধৰ সুত্ৰপাত হ’ল। কোনে কিমান শক্তিৰ নিউক্লিয়াৰ বোমা তৈয়াৰ কৰি আন দেশক ত্ৰাসত ৰাখিব পাৰে তাৰে যেন প্ৰতিযোগিতা আৰম্ভ হ'ল। ১৯৫২ চনত আমেৰিকাই ফেট মেনতকৈ এক হাজাৰ গুণে শক্তিশালী হাইড্ৰ’জেন বোমাৰ পৰীক্ষণো সফলতাৰে সম্পন্ন কৰিলে। তাৰ প্ৰায় ৯ বছৰৰ পাছত ১৯৬১ চনত ৰাছিয়াই তাতোকৈ ১০ গুণ শক্তিৰ হাইড্ৰ’জেন বোমাৰ পৰীক্ষণ কৰিলে। হিৰ’ছিমাৰ এট’মিক বোমাৰ শক্তি আছিল ১৫ কিল’টন টি. এন. টি.-ৰ সমান। প্ৰথম হাইড্ৰ’জেন বোমা আছিল ১০ মিলিয়ন টনৰ আৰু ৰাছিয়াৰ প্ৰথম হাইড্ৰ’জেন বোমা আছিল ৫৭ মিলিয়ন টনৰ। বৰ্তমানে বিশ্বৰ ৯খন দেশ নিউক্লিয়াৰ অস্ত্ৰৰে সজ্জিত। আজি বিশ্বত সৰ্বমুঠ ১২৭০০ নিউক্লিয়াৰ ৱাৰহেড বিৰাজমান। 

ট্ৰিনিটি পৰীক্ষণৰ সময়ত একেবাৰে কাষৰীয়া নিউ মেক্সিক’ৰ সৰু চহৰ কেৰিজ’জ’ৰ বাসিন্দাসকল মুলতে আছিল খিলঞ্জীয়া আমেৰিকান, ইউৰোপৰ পৰা অহা নহয়। তেওঁলোকৰ ঘৰবোৰো আছিল কাঠৰে সজা, দেৱালত বোকা লিপা আৰু ওপৰত মামৰে ধৰা টিনৰ চালি। ১৯৪৫ চনতো তেওঁলোকৰ জীৱিকাৰ উপায়ৰ ভিতৰত আছিল পশুপালন, চিকাৰ, শাক-পাচলিৰ খেতি কৰা আৰু তেওঁলোকে খোৱাপানীৰ বাবে চৌবাচ্চা ব্যৱহাৰ কৰিছিল। বৰষুণ দিলে তেওঁলোকে ডাঙৰ চৌবাচ্চাত টিনৰ চালিৰ পৰা নিগৰা পানী ধৰি ৰাখিছিল। ট্ৰিনিটি পৰীক্ষণৰ ফলত বতাহৰ লগত মিলি গৈ পাছত ফ’লআউট হোৱা তেজস্ক্ৰিয় মৌলসমূহ প্ৰথমে তেওঁলোকৰ ঘৰৰ চালৰ ওপৰত জমা হ’ল আৰু পাছত বৰষুণৰ পানীৰ লগত মিহলি হৈ খোৱাপানীৰ চৌবাচ্চাত জমা হ’লগৈ জনসাধাৰণৰ অজানিতে। কেৰিজ’জ’ অঞ্চলৰ বাসিন্দাসকলে পানী, গাখীৰ, কণী, মুৰ্গীৰ মাংস, হৰিণাৰ মাংস, শহাৰ মাংস ইত্যাদিৰ পৰা অজানিতে ৰেডিয়েশ্ব’নত ঢাক খাই পৰিল। 

এক কথাত চাবলৈ গ’লে ৰেডিয়েশ্ব’ন আমাৰ চাৰিওফালে সদায়েই আছে। আগতে উল্লেখ কৰাৰ দৰে তেজস্ক্ৰিয় বিকিৰণ বা ৰেডিয়েশ্ব’ন যে অকল ইউৰেনিয়ম বা ৰেডিয়াম জাতীয় অতি তেজস্ক্ৰিয় পদাৰ্থইহে নিৰ্গত কৰে তেনে নহয়। আমাৰ চাৰিওফালে থকা দৈনন্দিন ব্যৱহৃত মৌলবোৰৰ কিছুমানো কিছু পৰিমাণে তেজস্ক্ৰিয় হ’ব পাৰে। যেনে সকলো প্ৰকৃতিক খাদ্যতে থকা কাৰ্বনৰ কাৰ্বন-১৪ আইছ’ট’পতো তেজস্ক্ৰিয়। পিছে এই কাৰ্বন-১৪-ৰ তেজস্ক্ৰিয়তাৰ পৰিমাণ ইমানেই নগণ্য যে ইয়াৰ পৰা হোৱা ৰেডিয়েশ্ব’নো তেনেই ন্যূনতম আৰু ইয়াৰ পৰা কোনো ক্ষতি নহয়। তেনেদৰে আমি কল খালে কম পৰিমাণে হ’লেও তেজস্ক্ৰিয় পটাছিয়ামৰ (K) সংস্পৰ্শ লৈ আহোঁ, কিন্তু এই ধৰণৰ এক্সপ’জাৰ অতি ক্ষুদ্ৰ আৰু ক্ষতিকাৰক নহয়।  এই তেজস্ক্ৰিয় বিকিৰণ বা ৰেডিয়েশ্ব’নক আমি এক ধৰণৰ শক্তি হিচাপেও ধৰিব পৰোঁ। সেইবাবে অতি উগ্ৰ বিকিৰণ বা ৰেডিয়েশ্ব’নৰ ফলত হোৱা অংগৰ ক্ষতি জ্বলন্ত হৈ পৰে। সূৰ্যৰ ৰশ্মিয়ে যেতিয়া আমাৰ ছাল দহন কৰে সেইটো মূলতঃ আল্ট্ৰা-ভায়’লেট ৰেডিয়েশ্ব’নৰ দ্বাৰা হয়। 

কিন্তু  প্ৰখৰ তেজস্ক্ৰিয় ৰেডিয়েশ্ব’ন এক্সপ’জাৰ আৰু দীৰ্ঘমাদী তেজস্ক্ৰিয় ৰেডিয়েশ্ব’ন কলুষিতকৰণৰ মাজত পাৰ্থক্য বহুত। ট্ৰিনিটি পৰীক্ষণৰ পাছত কেৰিজ’জ’ত বাস কৰা লোকসকলৰ প্ৰখৰ তেজস্ক্ৰিয় ৰেডিয়েশ্ব’ন এক্সপ’জাৰ হোৱা নাছিল, দীৰ্ঘমাদী তেজস্ক্ৰিয় ৰেডিয়েশ্ব’ন কলুষিতকৰণহে হৈছিল। এই প্ৰখৰ তেজস্ক্ৰিয় ৰেডিয়েশ্ব’ন এক্সপ’জাৰ হৈছিল হিৰ’ছিমা আৰু নগাছাকিৰ মানুহৰ। ট্ৰিনিটি পৰীক্ষণৰ পাছত এই শক্তিশালী তেজস্ক্ৰিয় ৰেডিয়েশ্ব’ন নিৰ্গত কৰা মৌলবোৰ চালৰ পানীৰ লগত নিগৰি সেই খোৱাপানীৰ চৌবাচ্চাবোৰত মিলি গৈছিল। পশুৱে খোৱা ঘাঁহত মিলি সিহঁতৰ মেমেৰী গ্লাণ্ডত জমা হৈছিলগৈ। গাইগাৰ’মিটাৰত এই ৰেডিয়েশ্ব’ন ধৰা নপৰিলেও পশুৰ শৰীৰৰ ভিতৰত তেজস্ক্ৰিয় ৰেডিয়েশ্ব’ন অহৰহ বিকিৰিত হৈ থাকে। সেই পশুৰ গাখীৰ বা মাংস খোৱা মানুহৰ শৰীৰতো গোপনে তেজস্ক্ৰিয়তা বিয়পে। বহুদিন ধৰি এই ধৰণৰ বিকিৰণে শৰীৰৰ মুখ্য অংগবোৰক নিথৰ কৰে। সেই তেজস্ক্ৰিয়তাৰ পৰিমাণ যদি অতিমাত্ৰাৰ হয় তেন্তে ই ডি. এন. এ. পৰ্যন্ত মিউটেট বা সলনি কৰিব পাৰে। সময়ত, কেই বছৰমানৰ পাছত বা কেইবা দশকৰ পাছত শৰীৰত ৰেডিয়েশ্ব’নজনিত ষ্ট’মাক, হাড়, অথবা থাইৰ’ইড'ৰ কেঞ্চাৰ হ’ব পাৰে আৰু সেই সম্পৰ্কে মানুহজনে গমো নাপাব পাৰে। ল’ছ এলাম’ছ নেশ্ব’নেল লেব আৰু নেশ্ব’নেল ইনষ্টিটিউট অ’ফ কেঞ্চাৰৰ গৱেষণাৰ পৰা এইটো নিশ্চিত যে যোৱা শতিকাৰ আশীৰ দশকৰ শেষলৈকে ট্ৰিনিটি ফ’লআউট এলেকাৰ ভিতৰত পৰা কেৰিজ’জ’ৰ দৰে চহৰত প্ৰচুৰ পৰিমাণৰ বিপদজনক হাৰৰ তেজস্ক্ৰিয় পদাৰ্থ বিৰাজমান আছিল আৰু তাৰ বাবে শ শ মানুহে কেঞ্চাৰত ভুগিব লগা হৈছিল। 

অতি দুখজনক যে আমেৰিকাৰ চৰকাৰে ট্ৰিনিটিৰ ফ’লআউটৰ কথা খোলাকৈ প্ৰকাশ নকৰিলে। চি. ডি. চি.-ৰ মতে কেৰিজ’জ’ৰ ওচৰে-পাজৰে জনতাৰ যে ৰেডিয়েশ্ব’নৰ বিপদৰ আশঙ্কা থাকিব সেই কথা আগতীয়াকৈ জানিও সদৰি নকৰিলে বা ক্ষতিগ্ৰস্ত পৰিয়ালবোৰক ক্ষতিপূৰণো নিদিল। ফ’লআউটৰ ভুক্তভুগীৰ পৰিয়াল-পৰিজনে আজিও ন্যায়ৰ বাবে যুঁজি আছে। তেওঁলোকে স্মাৰক বা চৰকাৰী পদধূলাত একেবাৰেই আগ্ৰহী নহয়। পিছে সেই নিউক্লিয় বিক্ৰিয়াৰ জনক অ’ট’ হান আৰু এট’মিক বোমাৰ পিতৃ অ’পেনহাইমাৰ আজি আৰু নাই। সেই গীতাৰ বাণীৰ দৰেই - ১৯৪৫ চনৰ ১৬ জুলাইৰ দিনটোত  অ’পেনহাইমাৰ নিজে কাল হ'ল আৰু জগতবাসীক দি থৈ গ'ল বটলত ভৰাই থোৱা মহাকাল - বটলৰ সাফৰ খুলিলেই - কি শত্ৰু কি মিত্ৰ - কাৰো ৰক্ষা নাই।


তথ্যসুত্ৰ :  এন. পি. আৰ.

ঠিকনা :  

Bharat Baruah, Ph. D.
Professor of Chemistry
Department of Chemistry and Biochemistry
Kennesaw State University
370 Paulding Avenue, MD#1203
Kennesaw, GA 30144

 


অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ