অন্যযুগ/


বসন্ত বিশেষ: বসন্তৰ পক্ষী (১) কুলি-কেতেকী

বুবুল শৰ্মা

মতা কুলি

সুৱদি কুলিৰ সুৰৰ মূৰ্ছনাই,মৰুময় পৃথিৱীৰ বুকুত যেন মৰূদ্যানৰ সম্ভেদ দিছে ৷ শীতৰ ঠেঁটুৱৈ জাৰত গছৰ পাত সৰি গছ লঙঠা হয় ৷ পিছে মাঘী বৰষুণজাকৰ পাছৰে পৰাচোন দূৰ-দূৰণিৰ পৰা ৰিণিকি ৰিণিকি ভাহি আহিল কুলি-কেতেকীৰ মাত ৷

গছবোৰ কোমল পাতেৰে নদন বদন হ'ল ৷ কুলিৰ মাতত চৌদিশ ৰজনজনাই গ'ল ৷ প্ৰকৃতিৰ বুকুত যেন কুলিৰ মাতে, নিত্য নতুন স্পন্দন জগাই তুলিলে ৷ ধৰালৈ বসন্ত আহিল ৷ পৰ্বতে-ভৈয়ামে ন-পাতে কুঁহি মেলিলে ৷ চৌদিশে গুঞ্জৰিত হ'ল কুলি-কেতেকীৰ হিয়া ভগা মাত ৷ বিৰহ সহিব নোৱাৰি কোনো চহা প্ৰেমিকে গালে- "ঐ কুলিটি বিনাই নেকান্দিবি, নেপাতিবি গোলাপ ফুলৰ বাগিচা, ব'হাগৰ বিহুটিয়ে ঐ কুলিটি খাই দিয়ে কলিজা !"

কুলি কুকু (Cuckoo) প্ৰজাতিৰ চৰাই 

সুৱদি কণ্ঠৰ কুলি চৰাইবোৰ কুকুলিফৰমিজ গোষ্ঠীত পৰে৷ কুলি কুকু (Cuckoo) প্ৰজাতিৰ চৰাই বুলি কোৱা হয় ৷ অসমীয়াৰ বাবে ইহঁত বসন্তৰ বাৰ্তাবাহক পক্ষী ৷ সমগ্ৰ পৃথিৱীজুৰি ১২৭ টা প্ৰজাতিৰ কুলি চৰায়ে (পৰজীৱী আৰু অপৰজীৱী) বাস কৰে ৷ পুৰণি পৃথিৱী অৰ্থাৎ এছিয়া, ইউৰোপ, অষ্ট্ৰেলিয়া অঞ্চলৰ কুলি চৰায়ে আনৰ বাহত কণী পাৰে ৷ তেনে পৰজীৱী কুলিৰ পুৰণি উদাহৰণ হ'ল - ইউৰোপীয় কুকু (Cuculus canorus) ৷ এইবিধ কুলি চৰাই, কাশ্মীৰ আৰু পশ্চিম হিমালয়ত পোৱা যায় ৷ অসমত দেখা পোৱা ইয়াৰ থলুৱা বংশটোৱেই হ'ল- কুউ কুউকৈ মতা কুলিজনী (আচলতে কুলিটো) ৷ ইয়াক ইংৰাজীত Koel বুলি কোৱা হয়, ইয়াৰ বৈজ্ঞানিক নাম Eudynamy scolopacea ৷ এছিয়া আৰু আফ্ৰিকা মহাদেশতে আটাইতকৈ বেছি প্ৰজাতিৰ কুলি পোৱা যায় ৷

মাইকী কুলি

আমাৰ দেশৰ কুলি চৰাই

আমাৰ দেশত ২৪টা প্ৰজাতিৰ কুলিয়ে বাস কৰে ৷ এই প্ৰজাতিবোৰৰ মতা কুলিয়েই কুউ কুউ কুউ বুলি মাত দিয়ে ৷ জংঘলী অৱস্থাত কুলিয়ে প্ৰায় ছয় বছৰ জীয়াই থাকে ৷ কীট-পতংগই ইহঁতৰ প্ৰিয় আহাৰ ৷ আমাৰ দেশৰ মাইকী কুলিয়ে বসন্ত ঋতুৰ সময়তে ১২-ৰ পৰা ২০ টা কণী পাৰে, ভিন ভিন চৰাইৰ বাহত ৷ কিন্ত পৰজীৱী চৰাই হোৱাৰ বাবেই কম সংখ্যক কণীহে নষ্ট নোহোৱাকৈ থাকে ৷ বহু কণী কিছুমান পোষক চৰায়ে, কিছুমান বিশেষ মূহূৰ্তত বাহৰ পৰা তললৈ পেলাই দিয়ে৷

কুলি ( Koel)-ৰ আকৃতি আৰু বৰণ

আমি আমাৰ দেশত সচৰাচৰ দেখা কুলি বুলি কোৱা চৰাইবিধ আকৃতিত একোটা কাউৰীৰ সমান, কিন্তু কাউৰীতকৈ কুলি ক্ষীণ আৰু দীঘল নেজীয়া ৷ দৈৰ্ঘ্য ৩৩ - ৪৩ ছেণ্টিমিটাৰ ৷ সাধাৰণতে প্ৰজনন কালত দেখা মতা কুলি চৰাইৰ দেহৰ সমুদায় পাখিৰ বৰণ নীলচীয়া ক'লা, সেউজ- হালধীয়া ঠোঁট আৰু তেজ ৰঙা চকু ৷ মাইকী কুলিজনীৰ দেহটো মুগা বৰণৰ,ফুটফুটীয়া আৰু বগা বগা আঁচ থকা ৷ ই এবিধ সম্পূৰ্ণ গছ-পাতত লুকাই থকা চৰাই ৷ ই কেতিয়াও মাটিলৈ নামি নাহে ৷ অৱশ্যে পানী খাবলৈ কেতিয়াবা তলত পৰে ৷ সাধাৰণতে কুলি চৰাইক অকলেই থকা দেখা যায়।

কুলি পৰিভ্ৰমী চৰাই হয় জানো

বহুতৰে ধাৰণা যে কুলি পৰিভ্ৰমী চৰাই। বাস্তৱত কিন্তু সকলো কুলি চৰাই পৰিভ্ৰমী নহয় । এণ্টাৰ্কটিকা মহাদেশত বাহিৰে পৃথিবীৰ প্ৰায় সকলো দেশতে কুলি চৰাই আছে। ভিন্ন দেশত ইয়াৰ ভিন্ন ভিন্ন নাম । আনকি আমাৰ দেশ ভাৰতবৰ্ষতে বেলেগ বেলেগ ৰাজ্যত অথবা ভিন্ন ঠাইত ইয়াৰ ভিন ভিন নাম । আমি কুলি চৰাই বুলি ক’ওঁ ,আন ৰাজ্যত ক’ৰবাত ইয়াক কোকিল, ক’ৰবাত কোৱেল, ক’ৰবাত নাইটিঙ্গেল আদি নামেৰে জনা যায় । অষ্ট্ৰেলিয়াত ইয়াক ৰ’ড-ৰাণাৰ (Road-runner), ষ্টৰ্ম-বাৰ্ড (Storm-bird) আদি নামেৰে জনা যায়। ফ্ৰাঞ্চত কুকু, হলেণ্ডত কোৱেক-কোৱেক, জাৰ্মানীত কুশ-উক, ৰুছিয়াত কুকুশকু , জাপানত কাক-কু নামেৰে কুলি চৰাইক জনা যায়। সংস্কৃত ভাষাত কুলিক কাকপুষ্ট বুলি কোৱা হয় অৰ্থাৎ কাউৰী চৰাইৰ দ্বাৰা পালিত । কুলি চৰাই ঝাৰখণ্ডৰ ৰাজকীয় চৰাই আৰু পণ্ডিচেৰীৰ ৰাজ্যিক চৰাই ।

সাধাৰণতে কুলিক অকলেই থকা দেখা যায় ৷ সকলো কুলি চৰাই পৰিভ্ৰমী নহ'লেও, কিছুমানে বহু দূৰ দূৰণিৰ দেশলৈ ঋতুকালীন পৰিভ্ৰমণ কৰে । কিছুমানে নিজৰ এলেকাৰ ভিতৰতে ভ্ৰমণ সম্পন্ন কৰে । আমেৰিকাৰ চেনেল-বিল নামৰ কুলিয়ে দিনৰ ভাগত ভ্ৰমণ কৰে কিন্তু আমেৰিকাৰে ইয়েল’-বিল নামৰ কুলিয়ে আকৌ ৰাতিৰ ভাগতো পৰিভ্ৰমণ কৰে । নিউজিলেণ্ডৰ কুলিয়ে (Long-tailed Koel) প’লিনেছিয়া, মাইক্ৰ’নেছিয়া, মেলানেছিয়া আদি দেশলৈ ভ্ৰমণ কৰে । সাগৰ, নদী আদিৰ ওপৰেদি কৰা এনেকুৱা পৰিভ্ৰমণ এই পক্ষীকুলৰ ই এক উল্লেখনীয় ঘটনা । উত্তৰ আমেৰিকাৰ ইয়েল’-বিল আৰু ব্লেক-বিল কুলিয়ে কেৰিবিয়ান সাগৰৰ ওপৰেদি সুদীৰ্ঘ ৪০০০ হাজাৰ কিলোমিটাৰ বাট অবিৰাম গতিৰে অতিক্ৰম কৰে । আফ্ৰিকা মহাদেশ পৰা কুলি ভাৰতবৰ্ষলৈ অৰ্থাত্ আমাৰ ৰাজ্যলৈ আৰু ইউৰোপৰ কুলি চৰাই ভুমধ্য সাগৰ আৰু চাহাৰা মৰুভুমি পাৰ হৈ দক্ষিণ আফ্ৰিকালৈ গমন কৰে ।

কুলি সাধাৰণতে অকলশৰীয়াকৈ থকা দেখা যায় । কিন্তু আমেৰিকাৰ এনিছ নামৰ এবিধ কুলি আছে, যি সমাজ পাতি বাস কৰে ৷ এই এনিছ নামৰ কুলি প্ৰজাতিটোৰ বহু বৈশিষ্ট্য আছে । আমি দেখা কুলি চৰাইক পোহ মনাবলৈ বৰ টান । পিছে এনিছ প্ৰজাতিৰ কুলিয়ে সহজে মানুহৰ বশ মানে ।

এতিয়া আমি ঘাইকৈ পৰজীৱী কুলিৰ বিষয়ে আলোচনা কৰিবলৈ চেষ্টা কৰিম 

কুলিৰ মাত

ৰূপে কি কৰে,গুণেহে সংসাৰ তৰে - এই বাক্যশাৰীৰ কুলিয়েই প্ৰমাণ ৷ কুলিৰ এনে কোনো দীপলিপ চেহেৰা নাই ৷ মোটামুটিকৈ দৰেই কিচকিচীয়া ক'লা ৷  এই চেহেৰা চাই কোননো ভোল যাব ? পিছে কুলিৰ মাতটো ? শুনি থাকিলে শুনি থাকিবৰ মন নাযায়নে ?

পৰিৱেশ আৰু জলবায়ু ভেদে কুলি জাতিটোৰ মাত আৰু দেহৰ ৰঙৰ তাৰতম্য ঘটে ৷ কুলি-কেতেকীৰ মাত শুনি অঞ্চলভেদে মানুহে ক'য় - বৰষুণ হ'ব, পানী হ'ব !

শীতকালত কুলিবোৰ নিৰৱে থাকে বাবে, শীতকালত সিহঁতক আমি নেদেখোঁ ৷ আমি ভাৱোঁ- কুলিবোৰ বাৰু দূৰ দেশলৈ গ'লগৈ নেকি? বসন্তৰ আগমনত কুলিয়ে যেন নিজৰ হেৰৰওৱা মাত ওভতাই পায় ৷ বসন্ত মানেই প্ৰজননৰ সময়, কণী পৰাৰ সময় । সেয়ে আনন্দত বাউলি হৈ সিহঁতে চিঞৰে- কুউ কুউ কুউ,কু কু কু কু কু কুউ...।

কুলিৰ মাতটো কাণ পাতি শুনিবচোন- মাতবোৰ প্ৰথমে নিম্নস্বৰত কুউ কুউ কৈ আৰম্ভ হয় আৰু প্ৰতিটো "কুউ"ৰ লগে লগে ইয়াৰ মাত্ৰা বাঢ়ি যায় ৷ সাত বা আঠবাৰ এনে সুৰধ্বনিৰ পাছত,ই এটা উন্মুক্ত চৰাসুৰত উপনীত হৈ হঠাতে বন্ধ হয় ৷ অলপ পাছতে আকৌ আগৰ দৰেই আৰম্ভ হয় কুলিৰ সংগীত ৷ গোটেই দিনটো চিঞৰি থকাৰ পাছত, গহীন ৰাতি ইহঁতৰ মাতত পুনৰ চৌদিশ ৰজনজনাই যায় ৷ মন কৰিলে দেখিব, কুলিয়ে মাত মাতোতে মূৰটো সঘনাই ইফালে সিফালে ঘূৰায় ৷ আচলতে ই সংগিনীৰ অনুসন্ধানতে তেনে কৰে ৷ কুলিৰ মাতত বিজড়িত হৈ থাকে, সিহঁতৰ প্ৰজনন প্ৰক্ৰিয়াৰ উদাত্ত আহ্বান ৷ জোনাক নিশা কুলি আৰু কেতেকীৰ মাতবোৰ আৰু যেন দৰদী হৈ উঠে ৷ কুলিৰ মাতে মানুহক ভাবুক কৰি তোলে ৷ কাৰোবাৰ বাবে যদি বিৰহৰ মাত, কাৰোবাৰ বাবে মিলনৰ, কাৰোবাৰ বাবে উচ্ছ্বাস বা উদ্দীপনাৰ, আকাংক্ষাৰ আৰু কাৰোবাৰ বাবে হেঁপাহৰ মাত ৷ 

অসমত পোৱা বিভিন্ন কুলি চৰাইবোৰ (Cuckoos) 

বসন্ত কালত আৰু অনেক কুলি প্ৰজাতিৰ চৰাইয়ে ভিন ভিন মাত দিয়া শুনা যায় ৷ আমাৰ অসমত আৰু আন কেইটামান কুলি প্ৰজাতিৰ চৰাই ক্ৰমে শেন কুলি, ডাবহী কুকুহা, সৰু কুকুহা, ৰঙচুৱা কুলি ,পাপিহা বা চাতক, মালকহা আদি দেখা পাওঁ। তদুপৰি পূবেৰুণ কুলি (Oriental cuckoo)-য়ে জাক পাতি আমাৰ দেশলৈ প্ৰব্ৰজন কৰে। ৰাজকোৱঁৰ কুলি (The Great spotted cuckoo)- ডাঙৰ আকৃতিৰ, বিদেশৰ পৰা আমাৰ দেশলৈ অহা প্ৰব্ৰজন চৰাই। সোণ কুলি (The Glided cuckoo)  সৰু আকৃতিৰ কুলি, ইও প্ৰব্ৰজনকাৰী চৰাই, তদুপৰি বন কুলি, পীঠ ঠুঁটীয়া কুলি আদি একে প্ৰজাতিৰ কুলিকেইটাও আমাৰ দেশলৈ প্ৰব্ৰজন কৰে ৷

কুলিক সংস্কৃত ভাষাত কুকিল বা কলকণ্ঠ আদি নামেৰে জনা যায় ৷ ভোজৰজাৰ ৰাজসভাত নৱৰত্নৰ শ্ৰেষ্ঠ কালিদাসক ৰজাই শ্ৰদ্ধা আৰু চেনেহত 'কলকণ্ঠ' বুলি মাতিছিল ৷ এবাৰ কালিদাসে কিবা কাৰণত ৰজা বিক্ৰমাদিত্যৰ সৈতে মনোমালিন্য ঘটি বেলেগ ৰাজ্যত থাকোঁতে, বিক্ৰমাদিত্যই কালিদাসলৈ পত্ৰত লিখিছিল- "হে সুকণ্ঠী কুলি চৰাই, তোমাৰ মাতে আমগছতহে শোভা পায়, খৈৰা বা পলাশ গছত নহয় ৷"

কেতেকী ( Indian Cuckoo):

কেতেকীয়ে হেনো - মই কেতেকী,মই কেতেকী বুলি চিঞৰে ৷ আকৌ কাৰোবাৰ মতে কেতেকীয়ে চিঞৰে- আকৌ পাকৌ, আকৌ পাকৌ এই বুলি..।
একাংশৰ মতে - কুলিক ঠাইভেদে কেতেকী বুলি কোৱা হয়, আকৌ আন একাংশৰ মতে  কুলি আৰু কেতেকীৰ দুয়োটা বেলেগ প্ৰজাতিৰ চৰাই; দুয়োটাই মজলীয়া আকাৰৰ আৰু প্ৰায়ে হেনো ওচৰা ওচৰিকৈ থাকে ৷ আকৌ আন এচাম ব্যক্তিৰ মতে  কুলিয়ে যি গছ-গছনিৰ পৰা সুৱদী মাত মাতে, তেনে ঠাইৰ পৰা কেতেকীৰ মিঠা মাত শুনিবলৈ পোৱা যায় ৷

আচলতে কেতেকী কুলি চৰাইৰে আন এটা প্ৰজাতি ৷ ইংৰাজীত কেতেকীক Indian cuckoo বুলি কোৱা হয়, বৈজ্ঞানিক নাম Cuculus micropterus । ঠাইবিশেষে কেতেকীক লাজকুৰীয়া কুলি বুলিও কোৱা হয় ৷ এই কেতেকীৰ চকুৰ চাৰিওকাষে হালধীয়া বৃত্ত এটা থাকে ৷দেহৰ ওপৰ অংশৰ পাখি ঘাইকৈ মুগাবৰণীয়া আৰু তলপেট আৰু বুকুত বগা ৰঙৰ ওপৰত মুগা বা বাদামী বৰণৰ পটি থকা ৷ নেজত পথালিকৈ সজোৱা ক'লা বৰণৰ পটি থাকে ৷ কুলিতকৈ সামান্য সৰু আকৃতিৰ ৷ দৈঘ্য প্ৰায় ৩৪ ছেণ্টিমিটাৰ । কেতেকীয়ে ডিঙি ফুলাই চিঞৰে ৷ ইহঁতে অসমীয়াত মই কেতেকী নাইবা কঁঠাল পকো, বাংলাত বৌ কথা কও আৰু ইংৰাজীত ব্ৰ'কন পিক' বুলি মাতে হেনো।

জনশ্ৰুতি (১) : কেতেকীৰ বিৰহৰ মাত

কেতেকী চৰাইক লৈ বহু সমাজত জনশ্ৰুতি আছে ৷ তেনে এক জনশ্ৰুতি বা কাহিনীৰ মতে কেতেকী নামৰ এজনী ছোৱালীৰ হেনো এজন বৰ মৰমৰ ককায়েক আছিল । অতি আদৰৰ ভনীয়েকক প্ৰতি ককায়েকৰ মৰম দেখি বৌৱেক জ্বলি-পুৰি মৰিছিল। এদিন ঘৰুৱা কথাত মনোমালিন্য হোৱাত, ভনীয়ক কেতেকীয়ে গম নোপোৱাকৈ ককায়েকক, বৌয়েকে বিহ খুৱাই হত্যা কৰি, অৰণ্যৰ মাজত পুতি থ’লে । ককায়েকক নেদেখি কেতেকীয়ে বৌয়েকক সুধিলে– “বৌ কাকা ক’ত” ? “বৌ কাকা ক’ত”?
বৌৱেকে ক’লে-  খৰি লুৰিবলৈ হাবিলৈ গৈছে। ফাগুন, চ’ত মাহৰ শুকান দিন যেতিয়া খৰি আনিবলৈ যোৱা বুলিয়ে ভনীয়েক কেতেকীয়ে বিশ্বাস কৰিলে ! ইফালে নিশা হৈ অহাৰ লগতে বাহিৰত বতাহ-বৰষুণ আৰম্ভ হ'ল, ককায়েক উভতি নহাত কেতেকীয়ে বৌৱেকক আকৌ সুধিলে– “বৌ কাকা ক’ত”? “বৌ কাকা ক’ত”? বৌয়েকে ৰণচণ্ডী মূৰ্তি ধৰি কেতেকীক নিৰ্দেশ দিলে– তই হাবিৰ ভিতৰলৈ যা ! ককায়েৰৰ প্ৰতি যদি মৰম আছে, বিচাৰি আনগৈ। চাবি কিন্তু কেতেকী, অকলে নাহিবি, ককায়েৰক লগত লৈহে আহিবি, কৈ থ’লোঁ।

ভয়ে ভয়ে ঘৰৰ পৰা ভনীয়েক কেতেকী বাহিৰ ওলাল ৷ কিন্ত অৰণ্যৰ মাজত বতাহ-ধুমুহা, শিল-বৰষুণত কেতেকী কেনি যাব! ভোকে-লঘোণে, দুখে ভনীয়েক কেতেকীৰ মৃত্যু ঘটিল। মৰাৰ আগতে হেনো তাই ককায়েকক বিচাৰি চিঞৰি চিঞৰি কান্ধিছিল। কেতেকীৰ ককায়েকৰ প্ৰতি থকা মৰম আৰু বিননি শুনি, বনদেৱীয়ে মৃতা কেতেকীক চৰাই হৈ পুনৰ জনম ল’বলৈ বৰদান কৰিলে। চৰাই হৈ উপজাৰ পাছতে বনদেৱীয়ে পূৰ্বে কান্দি কান্দি ককায়েকক বিচৰা বিননিভৰা মাতটোকে মাতিবলৈ দিলে। সেই দিনাৰ পৰা আজিলৈকে ডাঠ বননিৰ মাজত ওখ ওখ গছৰ ডালত বহি, ইনাই বিনাই “বৌ কাকা ক’ত, বৌ কাকা ক’ত” বুলি কেতেকী জনীয়ে চিঞৰি থাকে।
কেতেকীৰ মাত


জনশ্ৰুতি (২) : কুলি চৰাইৰ মাত কিয় ইমান মিঠা হ'ল

চত্তিশগড়ৰ এটা লোককথাৰ প্ৰচলন আছে ৷ সেই লোককথাৰ মতে– কুলি আৰু পাৰ্গী নামৰ দুগৰাকী বায়েক-ভনীয়েক আছিল৷ দুইগৰাকী আছিল দীপলিপ সুন্দৰী ৷ পাৰ্গী ধনী সদাগৰলৈ বিয়া হ'ল আৰু কুলিয়ে ঘৰতে থাকি অসুখীয়া মাতৃৰ সেৱাত আত্মনিয়োগ কৰিলে ৷ পাৰ্গীয়ে লাহ-বিলাহত জীৱন কটাবলৈ ধৰিলে আৰু কুলিয়ে দিনে-ৰাতিয়ে মাকক সেৱা কৰি হাড়ে-ছালে লাগি গ'ল ৷ বহুদিনৰ মূৰত পাৰ্গীয়ে মাকক চাবলৈ আহি ঘৃণাত নাক কোঁচোৱা দেখি মাতৃয়ে চৰম আঘাত পালে ৷ মৃত্যুশয্যাত জীয়েক কুলিক আশীৰ্ৱাদ দি ক'লে– তোৰ মিঠা মাতত মানুহৰ দুখ-কষ্ট আতঁৰি যাব, মেঘে বৰষুণ দিব, কৃষকে ফচল পাব আৰু তোৰ মাতত মানুহে ঘৰে ঘৰে উৎসৱ পাতিব ৷ আৰু পাৰ্গীক আশীৰ্ৱাদ দিলে– তই দেখাত অতি সুন্দৰী হ'বি, কিন্ত তোৰ মাতত আকাল আহিব ৷ সেয়ে আজিও আমাৰ দেশত কুলিৰ মাত শুনাৰ সময়তে কৃষক ৰাইজে আনন্দ-উৎসৱ পালন কৰে ৷ অসমৰ মানুহে চেনেহৰ বিহুটি পালন কৰে ৷ সেয়ে আমাৰ বিহুগীততো কুলিয়ে বিশেষ স্থান দখল কৰা দেখা যায় ৷


পৰজীৱী কুলি প্ৰজাতি চৰাইৰ কণী পৰা কৌশল

পৰজীৱী চৰাই হিচাপে কুলি-কেতেকীৰ ধূৰ্তালি মন কৰিবলগীয়া৷ সাধাৰণতে জেঠ, আহাৰ মাহত কাউৰী, শালিকা, ঢাপলিকা, বাঘ চৰাই, বুলিবুলি আদি চৰায়ে কণী পৰাৰ সময়তে, কুলি প্ৰজাতিৰ চৰাইবোৰৰো কণী পৰাৰ সময় হয় ৷ একে ঋতুতে কণী পৰা আন চৰাইৰ বাহত পৰজীৱী কুলি প্ৰজাতিৰ চৰাইবোৰে কণী পাৰিবলৈ অভিনৱ কৌশলৰ আশ্ৰয় লোৱা দেখা যায় ৷ পৰজীৱী কুলিবোৰ এক অসামান্য গুণৰ অধিকাৰী, যাৰ বাবে সিঁহতে কণী পাৰিবৰ সময় হোৱাৰ পাছতো অতিৰিক্ত ২৪ ঘণ্টা সময় পেটত কণী সাঁচি ৰাখিব পাৰে ৷ এনে এক কুলি দম্পতীয়ে, উপযুক্ত বাহৰ সন্ধান কৰি, কাষৰ জোপোহা বা গছৰ পাতৰ আৰঁত লুকাই সুযোগৰ কাৰণে অপেক্ষা কৰে ৷ বিশেষকৈ ঢোঁৰাকাউৰী, পাতি কাউৰী, কিছুমান প্ৰজাতিৰ শালিকা, বুলবুলি, ঢাপলিকা, বাঘ চৰাই আদিৰ বাহৰ কাষলৈ গৈ বাহত উমনি লৈ থকা চৰাইজনীক মতা কুলিটোৱে বিৰক্ত কৰে, এটা সময়ত উমনি লৈ থকা চৰাইটো বা চৰাইজনীয়ে মতা কুলিটোক খেদি যায় । সেই সুযোগতে আশে-পাশে লুকাই থকা মাইকী কুলি বা কেতেকীয়ে সেই চৰাইৰ বাহত থকা দুই-এটা কণী আতঁৰাই, তাৰ ঠাইত নিজে এটা বা দুটা কণী পাৰি, আন বাহ বিচাৰি উধাও হয় ৷ পৰজীৱী চৰাইবোৰে যিবোৰ চৰাইৰ বাহত কণী পাৰে, সেই চৰাইবোৰক পোষক চৰাই বুলি অভিহিত কৰিব পাৰি ৷ এই পোষক পক্ষীবোৰ কেতিয়াবা আহাৰ বিচাৰি বাহৰ পৰা আঁতৰি গ'লেও, কুলি-কেতেকীয়ে সুযোগ গ্ৰহণ কৰে ৷ আকৌ কেতিয়াবা মতা কুলি-কেতেকীয়ে উগ্ৰমূৰ্তি ধাৰণ কৰিও বাহত উমনি লৈ বহি থকা চৰাইক আতঁৰাই নিয়ে ৷ অষ্ট্ৰেলিয়াৰ কিছুমান প্ৰজাতিৰ কুলিয়ে ডকা-হকা দি আন চৰাইৰ বাহ অধিকাৰ কৰি লোৱাও দেখা যায় ৷ উপায় নাই, বাহ সাজিব নজনা পৰজীৱী চৰাইবোৰক প্ৰকৃতিয়ে এই গুণেৰেই সমৃদ্ধ কৰিছে, যাতে জীৱ হিচাপে সিহঁতেও এই বিনন্দীয়া পৃথিৱীৰ সোৱাদ ল'ব পাৰে ৷ সেয়ে বহু সময়ত কবি, সাহিত্যিক, গীতিকাৰ তথা শিল্পী আৰু সাধাৰণ মানুহৰ বাবেও কুলি-কেতেকী যেন ৰহস্যময় চৰিত্ৰৰ গৰাকী ৷ এটি যেন জীৱনৰ সাঁথৰ ৷

ভাৰতীয় সাহিত্যত কুলি-কেতেকী

ইহঁতৰ সুমধুৰ সংগীতত প্ৰকৃতি জিকাৰ খাই উঠে ৷ প্ৰকৃতিৰ এই আচৰণে কেৱল জীৱ বিজ্ঞানীসকলৰেই দৃষ্টি আকৰ্ষণ নকৰে, দৃষ্টি আকৰ্ষণ কৰে সাধাৰণজনৰ, কবিৰ, শিল্পীৰ, সকলোৰে ৷ প্ৰকৃতিৰ সেই অপূৰ্ব দৃশ্যৰাজি, আমাৰ দেশৰ প্ৰাচীন মহাকবি কালিদাসৰ 'মেঘদূত' নামৰ কবিতাত প্ৰকাশ পাইছিল ৷ য'ত কালিদাসে বৰ্ণনা কৰিছে কুলি প্ৰজাতিৰ টিকনি থকা চাটক চৰাইটোৰ বিষয়ে ৷ আমাৰ লোকবিশ্বাস অনুসৰি চাটকে মূৰ ওপৰলৈ কৰি হেনো বৰষুণক আমন্ত্ৰণ জনায় আৰু বৰষুণৰ পানীৰেহে তৃষ্ণা দূৰ কৰে ৷ পৃথিৱীত এনে ঘটনা হেনো দুৰ্লভ ৷ চাটক হৈছে স্থানীয় আৰু পৰিভ্ৰমী কুলি ৷ ইহঁতৰ দুটা প্ৰজাতি আছে৷ এটা আকাৰত সৰু, ই দক্ষিণ ভাৰত আৰু শ্ৰীলংকাৰ স্থানীয় চৰাই ৷ আনবিধ আকৃতিত ডাঙৰ আৰু দক্ষিণ আফ্ৰিকাৰ পৰা উত্তৰ ভাৰতলৈ আহে ৷
কুলি-কেতেকী বুলি ক'লেই অসমৰ বিহগী কবি ৰঘুনাথ চৌধাৰীৰ কেতেকী কবিতাটিলৈ মনত পৰে। যুগ যুগ ধৰি অসমীয়াৰ মন-প্ৰাণ দখল কৰি থকা কবিতা৷ কেতেকী কবিতাটিত উত্ৰাৱল হৈ অমিয়া ভাষাৰে কবিয়ে কৈছে –

ক'ৰ পৰা তই আহিলি সোণাই
কোন দিশে যাৱ উৰি,
কিয়  বা ফুৰিছ দূৰ দূৰণিত
অকলই ঘুৰি ঘুৰি

লোকালোক এৰি নিজান ভূমিত
নুবুজা ভাষাৰে তই,
কি মাত মাতিছ কিহৰ আশাত
নুবুজোঁ বিহগি মই !

দেৱৰ দুৰ্লভ আনিছ কি ধন
কাক নো বিলাই দিবি,
কিম্বা ই দেশৰ ভাল বস্তুখিনি
কোন দেশলই নিবি ?

অলঙ্ঘ্য গিৰিৰ শিখৰে শিখৰে
ধব বিননীয়া সুৰ
কেতিয়াবা গই তটিনী তীৰৰ
নিস্তব্ধতা কৰে দূৰ ?

বিজন বনত প্ৰান্তৰ ভূমিত
মনত কি লই ফুৰ,
ক'ত এৰি থই পৰাণ মণিক
অকলে অকলে ঘুৰ ।

জনম লভিছে মানৱ অজ্ঞাত
অছে যি সুন্দৰ ঠাই,
শ্ৰদ্ধা, শান্তি, দয়া, দেৱবালা সৱে
বিহৰিছে সৰ্বদায় ?

বিহগী কবিজনৰ কুলিক লৈ লিখা আন এটা কবিতাত কবিয়ে কৈছে –

বসন্ত  আহিল, আমে মলিয়ালে
কঠালে পেলালে মুচি;
মদালাপী কুলি তোকে চাই লই
আহিছে মুৰটো চুঁচি ।

নাই লসবেশ সুৱগী কুলিৰ
কালিমা বৰণ দেহ;
গীত গাই কিন্তু ললিত পঞ্চমে
বেহায় প্ৰেমৰ বেহা ।

তোৰ গীত শুনি বহাগী আইতাই
গাভৰু সজালে গা ;
তোৰ লগতেই আহিল লগৰী
শীতলী মলয়া বা ।

একেদৰে কুলি চৰাইৰ সুমধুৰ মাত শুনি অসমৰ কবি মিত্ৰদেৱ মহন্তই সেই আকুল আহবানক সহাঁৰি জনাই লিখিলে –

অ’ কুলি, অ’ কুলি,কুঁউ,  কুঁউ, কুঁউ বুলি/
আকউ এবাৰ মাত কুলি,আকউ এবাৰ মাত /
কোনে ক’লে বিহুৰ কথা,কোনে দিলে জান ?
/লৈ আহিছ শিঁঙৰ পেঁপা,মউ  বৰষা গান |

হিন্দু ধৰ্মপুথিত কুলি-কেতেকী

ভাৰতবৰ্ষৰ প্ৰাচীন পুথি মনুস্মৃতিত কুলি চৰাইক অপকাৰ নকৰি, সংৰক্ষণ কৰিবলৈ পৰামৰ্শ আগবঢ়াইছিল ৷ সেই কথা ১৭৯৪ চনত ছাৰ উইলিয়াম জনছে ইংৰাজীলৈ অনুবাদ কৰি হিন্দু আইনত সন্নিবিষ্ট কৰিছিল ৷ মনুস্মৃতিত কুলি বসন্তৰ দূত তথা জলবায়ু পৰিৱৰ্তনৰ বাৰ্তাবাহক বুলিও উল্লেখ কৰিছিল ৷ মথুৰা, উত্তৰপ্ৰদেশৰ লোকবিশ্বাসত উল্লেখ আছে যে ভগৱান কৃষ্ণই কদম গছৰ তলত বাঁহীবাদন কৰোঁতে কুলি চৰায়েও সুমধুৰ গীত জুৰিছিল ৷ হিন্দু শাস্ত্ৰত আকৌ কোৱা হৈছে– দক্ষ ৰজাৰ জী তথা শিৱৰ ভাৰ্যা সতীয়ে স্বামী শিৱৰ প্ৰতি পিতৃ দক্ষৰ টান কথা আৰু ব্যৱহাৰ সহ্য কৰিব নোৱাৰি যজ্ঞস্থলীতে প্ৰাণ আহুতি দিছিল আৰু দহ হেজাৰ বছৰ কুলি চৰাই হৈ অৰণ্যত বিচৰণ কৰিছিল, অৱশেষত হিমালয় পিতৃৰ ঔৰষত পাৰ্বতী হৈ জনম হৈছিল ৷ সেয়ে আমাৰ দেশৰ কিছুমান অঞ্চলত মে মাহৰ পৰা জুলাই মাহলৈ সতী পাৰ্ৱতীক স্মৰণ কৰি 'কুকিলা ব্ৰত' নামৰ এক ব্ৰত নাৰীসকলে ৰখা দেখা যায় ৷


কেতেকী


আমাৰ সাহিত্য-কাব্যক প্ৰতিনিধিত্ব কৰা আন এবিধ কুলি চৰাই কেতেকী (papeeha)-য়ে হেনো পি-কাঁহা পি-কাঁহা বুলি চিঞৰে ৷ অৰ্থাৎ সি মোৰ চেনেহী ক'ত, মোৰ চেনেহী ক'ত বুলি হেনো চিঞৰি চিঞৰি থাকে৷ মাৰাঠী ভাষাত প'উচ-আলা, প'উচ আলা বুলি চিঞৰে যাৰ অৰ্থ বৰষুণ আহিব, বৰষুণ আহিব৷

কলংপৰীয়া কবি দেৱকান্ত বৰুৱাই লিখিলে –

মাজ নিশা সাৰ পাই শুনিছানে কেতিয়াবা/
কেতেকীৰ হিয়া ভগা মাত/
ভাবিছানে, এটিবাৰো পখীৰ ডিঙিত কান্দে /
মানুহৰ বুকুৰ সম্বাদ”

অসমীয়া আধুনিক কবিসকলৰ আন এজন শ্ৰেষ্ঠ কবি নৱকান্ত বৰুৱাই লিখিছিল – "(শুনি) কুলিটিৰে মাত, (নাচে) কলচীয়া নাহৰৰ ৰঙা কুঁহিপাত ৷" কেতিয়াবা আকৌ ধেমালিতে কবিয়ে সুধিছিল – "কুলি চৰাইৰ কোমল মাতত, নাচে আমৰ পুলি/ ক'চোন বাৰু পানীৰ দাঁতিত, থাকেনো কোন কুলি?"

বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাদেৱে অসমবাসীৰ হৈ কুলি-কেতেকীক কৃতজ্ঞতা যাচি কুলি-কেতেকীয়ে ইনালে-বিনালে/ মৰমৰ বিহুটিৰ কথাকে ক'লে...বুলি আৰম্ভ হোৱা আন এটা শ্ৰেষ্ঠ অসমীয়া আধুনিক গীত ৰচনা কৰি গৈছে ৷

বসন্ত মানেই অসমীয়াৰ মন-প্ৰাণ উতলা কৰা বিহু গীতত আন পক্ষীকূলৰ লগতে কুলি-কেতেকীয়ে বিশেষ স্থান দখল কৰা দেখা যায় –

১/ ঐ কুলিটি বিনাই নেকান্দিবি, নেপাতিবি গোলাপ ফুলৰ বাগিচা, 
বহাগৰ বিহুটিয়ে ঐ কুলিটি খাই দিয়ে কলিজা;

২/কুলিৰ কোমল মাত, দীঘলীয়া বাট
ক'লৈ যোৱাঁ ভণ্টি তুমি লগাই যোৱাঁ মাত;

৩/ কাহানিকৈ আহিব বহাগৰ বিহুটি, কাহানিকৈ কান্দিব কুলি, 
কাহানিকৈ ধৰিবা, হাতত মুঠি মাৰি, মোকে ঐ চেনাইধন বুলি ৷

কুলি-কেতেকী আদি লাজকুৰীয়া চৰাই, সিহঁতে গছৰ গুটি, পতংগ আদি খাই জীৱন নিৰ্বাহ কৰে ৷ তদুপৰি ইহঁতক লুকাবলৈ আৰু প্ৰাণ বচাই জীয়াই থাকিবলৈ প্ৰয়োজন হয়, জোপোহা গছৰ ৷ কিন্তু চৌদিশে আজিকালি গছ-বনবোৰ মানুহে কাটি পেলোৱা বাবে, পক্ষীজগতলৈ ধুমুহা নামি আহিছে ৷ আনহে নালাগে কাউৰীৰ জাকবোৰেই আজিকালি বহু ঠাইত দেখা পোৱা নাযায় ৷ কাউৰীৰ দৰে সৰ্বভক্ষী চৰায়েই এই পৃথিৱীত বৰ্তি থাকিব নোৱাৰিলে পৰজীৱী কুলি-কেতেকী কেনেকৈ বৰ্তি থাকিব ? কুলি-কেতেকী চৰাইবোৰ সকলোৰে আদৰৰ হৈ থকাটোকে কামনা কৰিলোঁ ! কুলি-কেতেকীৰ মাত যেন সদায় শুনিবলৈ পাওঁ, সিহঁতৰ মাতত প্ৰকৃতি জগতখন সদায় সজীৱ হৈ ৰওক, মানৱ জীৱনৰ দুখ-যন্ত্ৰণাক পাহৰাই ৰাখিবলৈ মানৱজাতিৰ মনে-প্ৰাণে যেন কুলি-কেতেকীৰ বিননি অমাতৰ মাত হৈ বাজি ৰওক –

ৰৈ ৰৈ কেতেকী বিনাই ঐ অমাতৰ মাত...।

....

ফোন : ৮৬৩৮৫৬৫৪৩৯



অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ