কৌশিক জ্যোতি বৰা
এইবুলি কৈ মোৰ নিচেই কাষতে বহিলহি নেপোলিয়ন...।
যুদ্ধত শত্ৰুক কচুকটা দি
আত্মসমৰ্পণ কৰোঁ প্ৰেমৰ বেলিকা।
যুদ্ধত জয়ী আৰু প্ৰেমত পৰাজিতজনহে প্ৰকৃত যোদ্ধা।
এয়াই ইতিহাস যুদ্ধ আৰু প্ৰেমৰ।
শূন্যত উদাস নেপোলিয়নৰ চকু।
আচলতে...
হাৰিবলৈকে প্ৰেমত পৰোঁ আমি।
প্ৰতিখন যুদ্ধই মহাভাৰত
প্ৰতিখন যুদ্ধই তেজ আৰু তেজৰ।
প্ৰতিখন যুদ্ধতেই হেৰুৱাওঁ
ধন, জন, দেশ অথবা হৃদয়।
কোমল বুকুত কাঁইট ছটিয়াই
আমি যুদ্ধকে কৰোঁ,
য’ত পোৱাতকৈ হেৰুওৱা সহজ।
আচলতে
আমি হেৰুৱাবলৈকে যুদ্ধ কৰোঁ
অথবা প্ৰেম।
কৈয়েই নেপোলিয়ন অদৃশ্য হ’ল ধোঁৱাৰ মাজত।