অন্যযুগ/


য়েছে দৰজে ঠংচিৰ ‘শৱ কটা মানুহ’ উপন্যাসত প্ৰতিফলিত মনপা জনগোষ্ঠীৰ জীৱনধাৰা

কিশোৰ দাস কোঁৱৰ

 

স্বনামধন্য ঔপন্যাসিক য়েছে দৰজে ঠংচিৰ ‘শৱ কটা মানুহ’ উপন্যাসখনৰ মূল হ’ল অৰুণাচল প্ৰদেশৰ টাৱাং জিলাৰ মনপা জনজাতিৰ মৃতকৰ শৱ এশ আঠ টুকুৰা কৰি কাটি নদীত উটুৱাই দিয়াৰ যি প্ৰথা তাৰ আধাৰত এই উপন্যাসখনৰ কাহিনীভাগ উপস্থাপন কৰা হৈছে। ঔপন্যাসিক জনাই নিজে অৰুণাচলৰ টাৱাঙত কৰ্মৰত অৱস্থাত থাকোতে এই দৃশ্য প্ৰত্যক্ষ কৰাৰ সৌভাগ্য হৈছিল বুলি তেওঁ উপন্যাসৰ পাতনিত নিজেই স্বীকাৰ কৰিছে। অৱশ্যে উপন্যাসখনৰ পটভূমি উৰিষ্যাৰ মৃতকৰ শৱ সৎকাৰ কৰা হ’লেও মনপা জনজাতিৰ বিভিন্ন দিশ ইয়াত সামৰি লোৱা হৈছে। দৰাচলতে মনপা জনজাতিৰ প্ৰতিটো দিশে ইয়াত উন্মোচিত হৈছে।

য়েছে দৰজে ঠংচি অসমীয়া সাহিত্যৰ এক চিৰ পৰিচিত নাম। ১৯৫২ চনত নেফাৰ কামেং সীমান্ত বিভাগৰ (বৰ্তমান অৰুণাচল প্ৰদেশৰ পশ্চিম কামেং জিলা) জগং (জী) নামৰ গাঁৱত য়েছে দৰজে ঠংচিৰ জন্ম হয়।

 বোমডিলাত মাধ্যমিক স্তৰলৈকে পঢ়া-শুনা কৰি গুৱাহাটীৰ কটন মহাবিদ্যালয়ৰ পৰা অসমীয়া বিভাগত অনাৰ্চসহ স্নাতক ডিগ্ৰী লাভ কৰি ঠংচিয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৯৭৭ চনত অৰুণাচল প্ৰদেশ প্ৰশাসনিক সেৱাত যোগদান কৰি ২৯৯২ চনত তেওঁ ভাৰতীয় প্ৰশাসনিক সেৱালৈ পদোন্নতি লাভ কৰে। ১৯৯৩ চনৰ পৰা ক্ৰমে টাৱাং জিলা নামনি সোৱণশিৰি জিলা আৰু চাংলাং জিলাৰ উপায়ুক্ত হিচাপে কৰ্মৰত হয়। স্কুলীয়া দিনৰেপৰা সাহিত্য চৰ্চাত মনোনিৱেশ কৰা ঠংচিয়ে আৰম্ভণিতে কবিতা আৰু নাটক ৰচনাতে সীমাবদ্ধ আছিল যদিও পিছলৈ সেই সীমা বহুধা বিস্তৃত কৰি আগবাঢ়ে গল্প আৰু উপন্যাসৰ মাজলৈ। তেওঁৰ ভালেমান গল্প ‘সংগম’, ‘প্ৰান্তিক’, ‘গৰিয়সী’ আদি উচ্চ মানবিশিষ্ট আলোচনীৰ পাতত সিঁচৰতি হৈ আছে।

অসম সাহিত্য সভাৰ দ্বাৰা প্ৰকাশিত ‘কামেং সীমান্তৰ সাধু’ তেওঁৰ প্ৰথমখন প্ৰকাশিত গ্ৰন্থ। তেওঁৰ প্ৰকাশিত উপন্যাসসমূহ হৈছে ক্ৰমে চনম, লিংঝিকচ, মই পুনৰ জনম ল’ম, শৱ কটা মানুহ, মৌন ওঁঠ মুখৰ হৃদয়, মিছিং ইত্যাদি।  তেওঁৰ প্ৰকাশিত গল্প সংকলন হৈছে পাপৰ পুখুৰী, বাঁহ ফুলৰ গোন্ধ, অন্য এখন প্ৰতিযোগিতা। তেওঁৰ আত্মজীৱনীখনৰ নাম হাঁহি আৰু চকুলোৰ শৈশৱ, সৈনিকৰ প্ৰিয় সেনাপতি এক আত্মজীৱনী।

মনপা জনজাতিৰ জীৱন চৰ্চাক কেন্দ্ৰ কৰি য়েছে দৰজে ঠংচিয়ে তেওঁৰ ‘শৱ কটা মানুহ’ উপন্যাস খন ৰচনা কৰিছিল।এই উপন্যাসখন প্ৰথমে ধাৰাবাহিকভাৱে “সাদিন” ত প্ৰকাশ হয়। আলোচ্য উপন্যাসখনত কাহিনী হিচাপে অৰুণাচলৰ মনপা জনজাতিৰ মৃতকৰ শৱ এশ আঠ টুকুৰাকৈ কাটি নদীত উটুৱাই দিয়া যি প্ৰথা তাকে মূখ্য স্থান দিছে। অৱশ্যে তাৰ লগে লগে চীনা যুদ্ধৰ বৰ্ণনাও পৰিদৃশ্যমান হৈছে। মূলতঃ উপন্যাস খনৰ কাহিনীভাগ এনেধৰণৰ-

 

উপন্যাসখনৰ মূল নায়ক দ্যাৰগে নৰবু। তেওঁৰ জন্মৰ পিছতে মাক-দেউতাকে মৌ (সোঁৱৰণী) চাই দিয়া নাম এইটো। কিন্তু গাঁৱৰ কোনেও তাক সেই নামেৰে নাজানে, তাক গাঁৱৰ মানুহে আওথাম্পা বুলিহে জানে। মনপা ভাষাত ‘আও’ মানে মাসা, বাক্য, ইত্যাদি আৰু ‘থাম্পা’ মানে শৱ কটা মানুহ। ঘৈণীয়েক গুইচেংমু আৰু তাৰ আঁকৰী ছোৱালীজনীক লৈয়েই তাৰ জীৱন। নৰবুৰ ঘৰ গাঁৱৰ পৰা ভালেখিনি দূৰত অৱস্থিত, থামনানাং অৰ্থাৎ শৱ কটা ঠাইৰ এক নিৰ্জন স্থানত অধিস্থিত। দিৰাং নৈৰ পাৰত বাঁহেৰে নিৰ্মিত তাৰ সৰু জুপুৰীটো, তাকো হাউলি পৰো পৰো অৱস্থা।

আওথাম্পাৰ সাজ-পোছাক অপৰিচিত, অসংযত। শৱ কাটোতে কাটোতে তাৰ গোটেই গাত তেজৰ দাগ, পুজ, গেলা মাংস, চৰ্বি, প্ৰস্ৰাৱ আদিৰে পিষ্ট তাৰ কাপোৰ কানিবোৰত এক ডাঠ চামনিৰ সৃষ্টি হৈছে। তাক দেখিবলৈ ভয়লগা, সৰু ল’ৰা-ছোৱালীয়ে তাক দেখিলে ভয়তে পলায়। তাৰ এই লেতেৰা স্বভাৱৰ বাবে প্ৰয়োজন নহ’লে তাক কোনেও নামাতে। এখন সমাজে জোৰ জৱৰদস্তি কৰি জাপি দিয়া শৱ কটা বৃত্তিক লৈ আওথাম্পাৰ শেষ হৈ যাব ধৰা জীৱনটোৰ কৰুণ আধ্যায় ঔপন্যাসিক জনাই সুন্দৰকৈ অংকন কৰিছে। তাৰ মাজেৰে সমাজৰ দুৰ্বলসকলৰ ওপৰত সবলসকলৰ যি প্ৰভূত্ব তাকো ঔপন্যাসিক জনাই আওথাম্পাৰ মাজেৰে দাঙি ধৰিছে। আওথাম্পাৰ নিজৰ ঘৰখনৰ কথা ভবাৰ অৱকাশ নাই, ঘৰৰ কাম কৰাৰে পৰা, পৰিয়ালটো পোহ-পাল দিয়ালৈকে এই সমস্ত দায়িত্ব ঘৈণীয়েক গুইচেংমুৰ ওপৰত। যদিও তাই খঙতে গিৰিয়েকক গালি- শপনি দিয়ে তথাপিও তাই গিৰিয়েকক ভালপায়, বহুত ভাল পায়। যাৰবাবে তাই গিৰিয়েকক এৰি থৈ যাওঁ বুলিও যাব পৰা নাই। অভাৱে মানুহৰ জীৱন কেনেদৰে জুৰুলা কৰি পেলায়, সেইকথাও ঔপন্যাসিক জনাই অবিকলভাৱে দাঙি ধৰিছে উপন্যাসখনৰ জৰিয়তে। হাজাৰ দুখ-কষ্ট, খং- অভিমানৰ পিছতো নাৰী-পুৰুষৰ ক্ষন্তেকীয়া জৈৱিক মিলনে যে সকলো ধুই নিকা কৰে সেইকথাও প্ৰকাশ পাইছে আওথাম্পা আৰু ঘৈণীয়েক গুইচেংমুৰ মাজেৰে। হাঁহিৰ আঁৰতো চকুলো, চকুলোৰ আঁৰতো হাঁহি এয়াই তেওঁলোকৰ জীৱন। উপন্যাসখনৰ শেষত আওথাম্পাই আনে চাংগে নোৰলজোমৰ কটা শিৰটো নদীত উটুৱাই দিবলৈ যাওঁতে শিলত পিছলি তলত পৰে আৰু টাৱাংচু নদীৰ বিৰাট ঢৌৱে আওথাম্পাক উটুৱাই নিয়ে। এনেকৈয়ে উপন্যাস খনৰ কাহিনীভাগৰ সামৰণিৰ পৰে।

শৱ কটা মানুহ’ উপন্যাসত য়েছে দৰজে ঠংচিয়ে মনপা জনজাতিৰ যি সহজ-সৰল জীৱনধাৰা তাক সুন্দৰভাৱে দাঙি ধৰিছে। ফলস্বৰূপে, তেওঁলোকৰ সামাজিক অৱস্থা, ধৰ্মীয় আৰু জাতীয় উৎসৱ, সাজ-সজ্জা, মৃত্যু সংস্কাৰ, শাওঁ- শপনি, জাত-পাতৰ বিচাৰ, গালি-গালাজ, সাজ-পোছাক, মঙ্গল চোৱা প্ৰথা, ভূত- প্ৰেতত বিশ্বাস, পূজা-পাতল এই সকলোবোৰ দিশ উন্মোচিত হৈছে।

 য়েছে দৰজে ঠংচিৰ শৱ কটা মানুহ উপন্যাসত মনপাসকলৰ পূজা-পাতলৰ বিশেষ উল্লেখ পোৱা যায়। মনপাসকলে পালন কৰা এক বিশেষ পূজা হ’ল কালচক্ৰৰ পূজা। উপন্যাসখনত ১১৯ৰ পৰা ১৪৭ পৃষ্ঠালৈ এই কালচক্ৰ পূজাৰ বৰ্ণনা পোৱা যায়। তেওঁলোকৰ শ্ৰেষ্ঠ তান্ত্ৰিক পূজা হ’ল কালচক্ৰৰ পূজা। এই পূজা সকলোৱে কৰিব নোৱাৰে, কেৱল তিব্বতৰ ধৰ্মগুৰু দালাই লামাইহে এই পূজা কৰিব পাৰে। বিশ্বাস কৰা হয় যে যি মানুহে জীৱনত কালচক্ৰৰ পূজাত তিনিবাৰ উপস্থিত থাকি তাৰ মন্ত্ৰ উচ্চাৰণ শুনিব পাৰে, ৱাং( আশীৰ্বাদ) ল’ব পাৰে তেওঁ পৰম পূণ্য লাভ কৰে আৰু মৃত্যুৰ পিছত তেওঁৰ আত্মাই কাইপেমেত ( স্বৰ্গত) যাব পাৰে আৰু নিৰ্বাণপ্ৰাপ্ত হয়।

আওথাম্পা আৰু ঘৈণীয়েকে তেওঁলোকৰ বোবা ছোৱালীজনীৰ মঙ্গল কামনাৰে অতি কষ্টৰ মাজেৰে এই পূজাস্থলীত উপস্থিত হোৱাৰ কথা আমি উপন্যাসখনত পাওঁ। কালচক্ৰ পূজাৰ এক বিশেষ ৰীতি হ’ল যে সেই পূজাত ভক্তসকলে নিজৰ গাত থকা তিনিওবিধ বদ অভ্যাসৰ এটা এৰিব লাগে। সেই বদ অভ্যাসসমূহ হ’ল- মদ-ধঁপাত আদিৰ সেৱন, মাছ-মাংস ভোজন আৰু জুৱাৰ প্ৰতি আসক্তি। এই পূজাতে আমি আওথাম্পাই মদ এৰাৰ কথা পাওঁ।এই পূজাত মালা জপ কৰিব লাগে, কিন্তু আওথাম্পাৰ হাতত মালা কিনিবলৈ পইচা নাই, সেয়ে চোৰগেনে তাক মালা কিনি দিয়াৰ কথাও আমি ইয়াত পাওঁ। ইয়াৰ মাজেৰে ঔপন্যাসিকে আওথাম্পাৰ দূৰ্দশাগ্ৰস্ত জীৱনটোৰে ইংগিত দিছে। মৃতকৰ সদ্গতিৰ বাবে মনপাসকলে কুৰিম পূজা কৰাৰ কথাও ইয়াত পোৱা যায়।

 মনপাসকলৰ প্ৰধান লোক উৎসৱঃ হ’ল টোৰাগ্যা। এই উৎসৱ সাধাৰণতে শৰৎকালত পালন কৰা হয়। উপন্যাসখনত পোৱা যায়- “দূৰ দূৰ পাহাৰৰ সুঁচিবিলাকৰ পৰা নামি আহিব য়াক আৰু ভেড়াৰ দল আৰু সিহঁতৰ ডিঙিৰ টিলিঙাত বাজি বাজি উঠিব টিং টিং সংগীত, ৰোডডেনড্ৰ’ন গছবিলাকত থোপে থোপে ৰঙা ফুল ফুলি উঠিব আৰু তেতিয়াই টাৱাং গোমনাত আৰম্ভ হ’ব টোৰাগ্যা উৎসৱ ( পৃ- ৯৬)। এই উৎসৱত আনা নাকুৰ নৃত্য, মুখা নৃত্য প্ৰদৰ্শন কৰা হয়। এই উৎসৱ সাধাৰণতে ১৫-৩০ দিন থাকে, শীতকালত এই পূজাৰ আৰম্ভ কৰা হয়। এই পূজা উপলক্ষ্যে মনপাসকলে বিভিন্ন খাদ্য প্ৰস্তুত কৰাৰ কথাও উপন্যাসখনত সুন্দৰ বৰ্ণনা পোৱা যায়।

মনপা সমাজ জীৱনৰ ওচৰ চপাই নিয়াৰ বাবে ঔপন্যাসিকজনাই তেওঁলোকৰ খাদ্য সম্ভাৰৰ বহুল বৰ্ণনা দাঙি ধৰিছে। তেওঁলোকৰ সমাজত বহুলভাৱে প্ৰচলিত পনীয় কেইবিধ হৈছে- আৰাক, মদ ইত্যাদি। তেওঁলোকে ইয়াক দৈনন্দিন জীৱনত ব্যৱহাৰ কৰাৰ উপৰিও বিভিন্ন উৎসৱ পাৰ্বন, ধৰ্মীয় কাম-কাজ আৰু অপদেৱতাৰ নৈবেদ্য ৰূপেও শ্ৰদ্ধা সহকাৰে আগবঢ়ায়। এইবোৰে তেওঁলোকৰ জীয়াই থকাৰ প্ৰেৰণা দিয়ে। ইয়াৰোপৰি তেওঁলোকে য়াকৰ শুকান মাংস, থুকপা, ঘিঁউত কণী দি গৰম কৰা আৰাক ইত্যাদি তেওঁলোকে লোচৰ উৎসৱত তৈয়াৰ কৰে।

মনপা সমাজ জীৱনৰ ওচৰ চপাই নিবলৈ ঔপন্যাসিকে মনপা জনজাতিৰ সাজ-পাৰৰ বৰ্ণনা উপন্যাসখনত যিধৰণে দাঙি ধৰিব লাগিছিল, সেইধৰণে হোৱা আমি দেখা নাপালোঁ। মনপাসকলৰ মহিলাবোৰে সাধাৰণতে তোদুং( দীঘল চোলা) পৰিধান কৰে আৰু পুৰুষবোৰে আলিফুদুং, চুপা (গৰম কাপোৰ), মখাক ইত্যাদি পৰিধান কৰে। মহিলাবোৰে চিংকা ( মেখেলা) পৰিধান কৰে।

 প্ৰত্যেক জাতি-জনজাতিৰে কেতবোৰ স্বকীয় লোকবিশ্বাস থাকে। ভিন্ ভিন্ লোকবিশ্বাসত বিশ্বাসী মনপাসকলৰ মাজতো বিভিন্ন লোকবিশ্বাস থকা দেখা যায়। মনপাসকলৰ লোকবিশ্বাসত মৃতকৰ শৱ কাটি নদীত উটুৱাই দিয়াটো পূণ্যৰ কাম বুলি তেওঁলোকে বিশ্বাস কৰে। মনপাসকলৰ লোকবিশ্বাসত মঙ্গলচোৱা প্ৰথাও আছে। আমি উপন্যাস খনত পাওঁ ৰিজোম্বাৰ ভাগ্যত বিয়া লিখা নাই বুলি লামাসকলে মৌ চাই কৰা ভৱিষ্যতবাণী। মনপাসকলে মৃতকৰ মূৰটো কাটি নদীত উটুৱাই দি মঙ্গল অমঙ্গল চাই। যদি মূৰটো নদীৰ কোৱাল সোঁতত উটি যায় তেন্তে মৃতকৰ আত্মীয়সকলৰ বাবে শুভ বুলি বিশ্বাস কৰা হয়।

 মনপা সকলৰ লোকনৃত্যৰ ভিতৰত আপাপাকুৰ নৃত্য, মুখা নৃত্যৰ উল্লেখ পোৱা যায়। মনপাসকলৰ মাজত বিভিন্ন বাদ্যযন্ত্ৰৰ ব্যৱহাৰ দেখা যায়। ঢোল, তাল, টিলিঙা, ডম্বৰু, শঙ্খ ইত্যাদিৰ বৰ্ণনা উপন্যাসখনত পোৱা যায়।   

মনপাসকল সাধাৰণতে কৃষিজীৱি। গৰুৰে হালবোৱা, শস্যৰোৱা, বন নিৰোৱা, খেতি চপাই আকৌ নকৌ শস্য কৰা ইত্যাদি কৰ্ম অনবৰতে চলি থাকে। তদুপৰি তেওঁলোকে গৰু, য়াক, ভেড়া, ঘোঁৰা ইত্যাদি পোহে। গাখীৰ খীৰোৱা, ঘিউ বনোৱা, শাক পাচলি, মাকৈ ইত্যাদিৰ খেতি কৰা বৰ্ণনাও উপন্যাসখনত পোৱা যায়।

বিবাহৰ ক্ষেত্ৰত মনপাসকলে মোমায়েকে ভাগিনীয়েকক বিয়া কৰোৱা প্ৰথাৰ প্ৰচলন আছে। আমি উপন্যাসখনত পাওঁ আওথাম্পাই ভনীয়েকৰ জীয়েক ৰিজোম্বাক বিয়া কৰাব খোজা কথাৰ মাজেৰে। বিয়াৰ ক্ষেত্ৰত তেওলোকে মৌ চোৱা কাৰ্যও কৰে।মনপাসকলে সাধাৰণতে বাসগৃহ সাজিবলৈ বাঁহ, কাঠ, তক্তা, টিন আদি ব্যৱহাৰ কৰে।

মনপাসকলৰ মাজত গালি-গালাজ আৰু শাও-শপনি দিয়াৰ বৰ্ণনাও উপন্যাসখনত সুন্দৰভাৱে পোৱা যায়। আওথাম্পাই গাঁৱৰ মানুহক দিয়া গালিবোৰ আছিল- গাহৰিবিলাক, লোকৰ উচিষ্ট চেলেকাহঁত, মাইকী চোৰ, গাহৰি খোৱা ইত্যাদি। আওথাম্পাই ঘৈণীয়েকক দিয়া গালি- চোঁৱৰৰ মাইকী, চৰম নথকা মাইকী, ৰাণ্ডী ইত্যাদি গালি-গালাজৰ বৰ্ণনা পোৱা যায়।

 য়েছে দৰজে ঠংচিৰ শৱ কটা মানুহ উপন্যাসখন অধ্যয়ন কৰাৰ অন্তত কেইটামান গুৰুত্বপূৰ্ণ দিশ চকুত পৰে। উপন্যাসখনৰ প্ৰধান চৰিত্ৰ আওথাম্পাৰ জীৱন দৰ্শনৰ মাজেৰে ঔপন্যাসিকে আত্মপ্ৰকাশ কৰা যেন অনুভৱ হয়। উপন্যাসখনত আওথাম্পাৰ মনৰ যি ক্ষোভ আৰু মৰ্মবেদনাৰ প্ৰকাশ পাইছে তাৰ মাজেৰে ঔপন্যাসিকে জনজাতীয় লোকৰ মনৰ ক্ষোভ আৰু মৰ্মবেদনা প্ৰকাশ কৰি তেওঁলোকৰ চিন্তা-চেতনাত জাতীয় সত্বাৰ বীজ অংকুৰিত হোৱাত সহায় কৰিছে। শৱ কটা মানুহ উপন্যাসখনক মনপা সমাজৰ দাপোন বুলি কলেও বঢ়াই কোৱা নহ’ব। উপন্যাসখনে এইটো কথাও স্পষ্ট কৰি দিয়ে যে য়েছে দৰজে ঠংচিয়ে মনপা ভাষা-কলা-সংস্কৃতি গভীৰভাৱে অধ্যয়ন কৰিছিল আৰু সেয়েহে তেওঁ মনপা জনজাতিৰ সকলো দিশ এনেদৰে দাঙি ধৰিব পাৰিছে। মনপা জনজাতিৰ বিষয়ে গৱেষণা কৰিবলৈ হ’লে এই উপন্যাসখনে যে মাইলৰ খুঁটি হিচাপে কাম কৰিব তাত সন্দেহ নাই। আওথাম্পাৰ চৰিত্ৰত গুৰুত্ব আৰোপ কৰোঁতে উপন্যাসখনৰ আন চৰিত্ৰবোৰ ক’ৰবাত স্থিমিত হোৱা যেন অনুমান হয়। এনেকৈয়ে এই উপন্যাসখনৰ মাজেৰে মনপাসকলৰ সকলো দিশ ইয়াত উজ্জ্বলি আছে।

 

 

ঠিকনা :

কিশোৰ দাস কোঁৱৰ

গাওঁ - ঔবাৰী

জিলা - তামুলপুৰ 

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ