লোকনাথ গোস্বামী
জপনা মুখৰ আলাপ :
‘আত্মজীৱনী’ বা ‘আত্মকথা’ লিখাৰ ধাৰণা এটা আগতে মনলৈ অহাই নাছিল৷ কিন্তু সৰুৰে পৰাই কিতাপৰ প্ৰতি প্ৰৱল ধাউতি থকা হেতুকে বিশেষ বাচ-বিচাৰ নোহাৱাকৈয়ে সাধুকথা, গল্প, জীৱনী, ভ্ৰমণ-কাহিনী আদি পঢ়াৰ লগতে দেশ-বিদেশৰ খ্যাত-বিখ্যাত অনেক লোকৰ লোকৰ আত্মজীৱনী পঢ়িছিলোঁ৷ মহাত্মা গান্ধীৰ ‘মোৰ সত্য-অন্বেষণৰ কাহিনী’ৰ পৰা জৱাহৰলাল নেহৰুৰ ‘বিশ্ব ইতিহাসৰ জিলিঙনি’লৈ ; হোমেন বৰগোহাঁইৰ ‘জীৱন বৃত্ত’ৰ পৰা ড° ভূপেন হাজৰিকাৰ অনুলিখিত জীৱনী ’মই এটি যাযাবৰ’, ‘দিহিঙে দিপাঙে’ আদি অনেক আত্মজীৱনী অথবা অনুলিখিত জীৱনী পঢ়ি অন্ত কৰিছোঁ৷ সেই ধৰণৰ আত্মজীৱনী পঢ়ি পোনতেই মনলৈ অহা কথাটো আছিল, সেইসকলৰ বেছিভাগেই দেশ-বিদেশ ফুৰি নাম-যশ-খ্যাতি অৰ্জন কৰা অনন্য-বৰেণ্য ব্যক্তি৷ গতিকে তেনে ব্যক্তিৰ জীৱন পৰিক্ৰমাৰ পৰা আমি শিকিবলগীয়া, গ্ৰহণ কৰিবলগীয়া বহু কথাই আছে ৷ কিন্তু মোৰ জীৱনটোতো তেনে অসাধাৰণ জীৱন নহয়, তেনেই সাধাৰণ৷ গতিকে মোৰ জীৱনৰ পৰা মানুহে, সমাজে ল’বলগীয়া বা পাবলগীয়া কিবা আছে জানো? মোৰ ‘আত্মজীৱনী’ কেনেবাকৈ ওলালেও কোনোবাই পঢ়িব জানো? পঢ়িলেওনো কি পাব তাত? অলেখ প্ৰশ্নই মনত জুমুৰি দি ধৰিছিল প্ৰথমে ৷
কিন্তু সিমানৰ পাছতো কিছুমান বিক্ষিপ্ত চিন্তাই মনত ক্ৰিয়া কৰিবলৈ ধৰিলে৷ মই লিখা-মেলা কৰি ভাল পোৱা মানুহ৷ সুবিধা পালেই কাকত-আলোচনী আদিত লিখা-মেলা কৰোঁতে প্ৰসংগক্ৰমে স্বতস্ফূৰ্তভাৱেই প্ৰায়েই নিজৰ কথা আহি যায়৷ নিজৰ জীৱন-কাহিনী সচেতনভাৱে নিলিখোঁ বুলিলেও লেখা-মেলাবিলাকত এৰি অহা সুদীৰ্ঘ জীৱনৰ বহু ৰোমাঞ্চক ঘটনা-পৰিঘটনা, লগতে হাঁহি-কান্দোনৰ খণ্ডিত ছবি প্ৰকাশ পায়েই যায়৷ ‘সময় বালিত লিখা ৰ’ব জীৱনৰ যত কথা’; ‘অৰঙে-দৰঙেঃ কত কথা, কত ঘটনা, কত পৰিঘটনা’; ‘উভতি চোৱাৰ হেঁপাহ’; ‘দেশ ভাগিলেও সমাজখন নেভাগক’; ‘সংস্কৃতিৰ সোণ চেঁকুৰা’ আদি গ্ৰন্থ পঢ়ুৱৈ সমাজে ভালেই আদৰি লোৱা দেখিলোঁ৷ তদুপৰি ভিন ভিন কাকত-পত্ৰ, আলোচনী, বৈদ্যুতিন মাধ্যম আদিত বিভিন্ন লেখক, সম্পাদক আদিয়ে গ্ৰহণ কৰা সাক্ষাৎকাৰবিলাক পঢ়ি, দেখি বা শুনি বহুতে আমোদো পাইছে, চিন্তাৰ খোৰাকো পাইছে বুলি কৈছে, লগতে ব্যক্তিগত আমাৰ জীৱনটোৰ বিষয়ে আংশিকভাৱে কিছু কথা জানিবলৈ পোৱাৰ পাছত বাকী ৰৈ যোৱা কথাবিলাকো জানিবৰ বাবে উৎসুকতা প্ৰকাশ কৰিছিল বহুতেই৷ তেতিয়াৰ পৰাই বাটে-ঘাটে, সভাই-সমিতিয়ে লগ পোৱা অসংখ্য শুভাকাংক্ষী, বন্ধু-বান্ধৱ, আত্মীয়-স্বজনে মোক আত্মজীৱনী লিখিবলৈ একপ্ৰকাৰ চাপ দিয়া বুলিয়েই ক’ব লাগিব৷
ইয়াৰ মাজতে এটা বিশেষ
অভিজ্ঞতা ঘটনাক্ৰমে লাভ কৰিলো৷ ড০ ভূপেন হাজৰিকাৰ জীৱন কালতে তেখেতৰ এখন
জীৱনী তেখেতৰ অনুমতি সাপেক্ষেই সংকলন কৰাৰ প্ৰয়াস কৰিছিলোঁ৷ গ্ৰন্থখন ছপা হৈ ওলোৱাৰ পাছত ভূপেনদাৰ ইচ্ছানুসৰিয়েই
গ্ৰন্থখন ভূপেনদাৰ নিজৰাপাৰৰ ঘৰতে উন্মোচন কৰাৰ দিহা কৰা হৈছিল৷ উন্মোচনৰ বাবে ভূপেনদাৰ
একালৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম ‘Batch’-অৰ ছাত্ৰ তথা বিশিষ্ট সংগীতজ্ঞ তফজ্জুল
আলি ছাৰক আমন্ত্ৰণ জনোৱা হৈছিল৷ সিদিনা উন্মোচনী সভাত ভূপেনদাই কোৱা এষাৰ কথাই মোৰ
মনত বিশেষভাৱে ৰেখাপাত কৰিছিল৷ ভূপেনদাই কৈছিল – ‘তুমি মোক লৈ এখন জীৱনী প্ৰস্তুত কৰিছা,
সেইটো একো ডাঙৰ কথা নহয়, But If you think, this Bhupen Hazarika is an important
part of Assamese Cultural history, then you should record it৷
ভূপেনদাৰ কথাষাৰে বহু কথাই ক’লে৷ ক’বলৈ গ’লে সমাজৰ প্ৰতিজন মানুহৰ জীৱনেই একো একোখিলা ইতিহাসৰ পাত৷ বিচাৰিব জানিলে তাতো ইতিহাসৰ মূল্যবান মণি-মুকুতা ওলাব পাৰে৷ সেই ফালৰ পৰা প্ৰতিজন মানুহেই নিজৰ জীৱন-কাহিনী লিপিবদ্ধ কৰাটো বাঞ্চনীয়৷ কেৱল মহৎ কিম্বা ডাঙৰ মানুহেই আত্মজীৱনী লিখিব লাগে বুলি কোনো ধৰা-বন্ধা নীতি-নিয়ম নাই৷ সেই দিশৰ পৰা চাবলৈ গ’লে, মোৰ ব্যক্তিগত জীৱন মহৎ অথবা ডাঙৰ নহলেও, এটা কথা দৃঢ়তাৰে ক’ব পৰা যায় যে জীৱনটো একেবাৰে সৰল, সাধাৰণ আৰু গতানুগতিকো নহয়৷ শৈশৱৰ পৰা সত্তৰোৰ্দ্ধৰ এই বয়সলৈকে জীৱনত বিচিত্ৰ, বৰ্ণিল অভিজ্ঞতা লাভ কৰিছোঁ৷ ৰাজনীতি, সমাজনীতি, সাহিত্য-সংস্কৃতি, অধ্যয়ন-গৱেষণা, দেশ-বিদেশ ভ্ৰমণলৈকে বহু ক্ষেত্ৰ সমৰি ল’বলৈও সক্ষম হৈছোঁ৷ সেয়ে হয়তো বন্ধু-বান্ধৱ, আত্মীয়-স্বজনৰ লগতে মোৰ লেখা-মেলা নিয়মীয়াকৈ পঢ়া পঢ়ুৱৈ সমাজে মোৰ বৈচিত্ৰ্যময়, লগতে সংগ্ৰাম-সংঘাতময় জীৱনটোৰ কথা আংশিকভাৱে জানি বা অনুধাৱন কৰিয়েই কয়– ‘আপুনি আপোনৰ জীৱন-কাহিনীবিলাক লিখক আৰু আমাকো তাৰ তিতা-মিঠা স্বাদ ল’বলৈ সুবিধাকণ দিয়ক, সেয়া আত্মজীৱনী হওকেই বা নহওক৷’
এনে এক দোদুল্যমানতাৰ
মাজতে থিয় হৈ নিজৰ এৰি অহা জীৱনৰ কথাবিলাক লিখা আৰম্ভ কৰি দিলো এটা সময়ত৷ ‘আত্মজীৱনী
হ’লে হ’ব, নহ’লে নাই, কিন্তু পঢ়ৱৈ ৰাইজে পঢ়ি ভাল পাব লাগিব, লগতে উপকৃতও হ’ব লাগিব’-সেই
কথাখিনি সমুখত ৰাখিয়েই এই ‘আত্মকথা’, মানে নিজৰ জীৱনটোৰ কথা লিখিবলৈ যত্নপৰ হৈছোঁ৷
পঢ়ুৱৈ সমাজে ইয়াৰ মাজৰ পৰাই মন-চালনীৰে জাৰি-জোকাৰি ভালখিনি আঁকোৱালি ল’লে মোৰ কষ্টখিনি
অন্ততঃ সাৰ্থক হ’ব ৷
(আগলৈ)