অন্যযুগ/


ৰ'দে বৰষুণে ইমান যে গান -১৪

 লোকনাথ গোস্বামী


(১) 

গাঁৱৰ কথা কৈ অন্ত কৰিব নোৱাৰি ৷

গাঁৱৰ  প্ৰসংগ ওলালে আৰু এজন বিশেষ ব্যক্তিৰ নাম উল্লেখ কৰিব লাগিব, তেখেত হ’ল বদন চন্দ্ৰ শইকীয়া (বৰ্তমান প্ৰয়াত)৷ এইজন বদনদায়েই পোন-প্ৰথম মোক কলিবাৰীৰ ঐতিহাসিক বাণ থিয়েটাৰত প্ৰৱেশৰ বাট দেখুৱাইছিল৷ তাৰো এক কাহিনী আছে৷ বদনদাই তেতিয়া কলিবাৰী এল পি স্কুলত শিক্ষকতা কৰিছিল৷ হে’ডমাষ্টৰ আছিল ডিম্বেশ্বৰ মহন্ত (বৰ্তমান প্ৰয়াত)৷ তাতে মোৰ ভিনদেউ গোকুল গোস্বামী (বৰ্তমান প্ৰয়াত)য়েও শিক্ষকতা কৰিছিল৷ মই কলিবাৰীৰ বাইদেউহঁতৰ ঘৰখনলৈ প্ৰায়েই গৈছিলোঁ৷ কলিবাৰী স্কুলৰ সকলোৱে মোক সেয়ে চিনি পাইছিল৷ এবাৰ স্কুলৰ বাৰ্ষিক অনুষ্ঠান এটা বাণ থিয়েটাৰত আয়োজন কৰা হৈছিল৷ তাত মোক বৰগীত গোৱাবলৈ বদনদাই গাঁৱৰ ঘৰৰ পৰা চাইকেলত তুলি লৈ গৈছিল৷ বাইদেউহঁতৰ ঘৰতে চুৰিয়া-পাঞ্জাবী পিন্ধাই মোক বাণ থিয়েটাৰলৈ লৈ গ’ল৷ আৰম্ভণিতে বৰগীতটো গাবলৈ দিলে আৰু ময়ো যিমান পাৰো ভালকৈ গালোঁ৷ বৰগীতটো গাই উঠাৰ পাছত বদনদাই মোক সম্মুখত বহি থকা বৰ শকত-আৱত মানুহ এজনৰ ওচৰলৈ লৈ গল৷ সেই মানুহজনে বোলে বদনদাক মোক তেখেতৰ ওচৰলৈ লৈ যাবলৈ কৈছিল৷ মানুহজনে হাতখনত ধৰি মোক মৰম কৰিলে আৰু বৰগীত কাৰ ওচৰত শিকিছোঁ সুধিলে, ময়ো যি পাৰোঁ ক’লোঁ৷ সেই শকত-আৱত মানুহজনেই আছিল বিষ্ণুপ্ৰসাদ ৰাভা, পাছত বদনদাই তেখেতৰ বিষয়ে মোক কওঁতেহে জানিব পাৰিলোঁ৷ তেনেকৈয়ে বাণ থিয়েটাৰৰ মজিয়াত জীৱনত প্ৰথম বাৰলৈ ভৰি দিয়াৰ সৌভাগ্য ঘটাৰ লগতে কলাগুৰুগৰাকীক সমুখত লগ পোৱাৰ বিৰল সুযোগ মিলিছিল৷ সেই সময়ত বাণ থিয়েটাৰত কিবা অনুষ্ঠান অনুষ্ঠিত হ’লে দৰ্শকৰ প্ৰথম শাৰীত বিষ্ণু ৰাভা, ফণী শৰ্মা, চন্দ্ৰধৰ গোস্বামীৰ দৰে ওচৰ-পাজৰৰ মানুহখিনিয়েই আহি প্ৰায়ে বহিছিলহি ৷                                 

                                                           (২) 

মোৰ ডাঙৰদাদা (নৰেন গোস্বামী, বৰ্তমান প্ৰয়াত)য়েও চাইকেলৰ আগত তুলি টাউনৰ কিছুমান অনুষ্ঠানলৈ মোক লৈ গৈছিল বৰগীত গোৱাবলৈ৷ দাদাই নিজে খোল বজাইছিল৷ তেনেকৈ মাজুদাদা (মোহিনী গোস্বামী)য়েও গাঁৱৰ বা স্কুলৰ সাংস্কৃতিক অনুষ্ঠানত পৰিৱেশন কৰিবৰ বাবে নিজেই কবিতা লেখি মোক আবৃত্তি কৰিবলৈ শিকাইছিল৷ তেনে এটা কবিতাৰ প্ৰথম শাৰী এনেকুৱা আছিল-

                 তীখৰ বাখৰ নাম মোৰ, জাপৰিগোগত ঘৰ

                 পঢ়াৰ নাম শুনিলেই মই ভিৰাই মাৰোঁ লৰ -

এইখিনিতে গাঁৱৰ কথা এটালৈ আজি মনত পৰিছে৷ আমাৰ ঘৰখন গাঁওখনৰ একেবাৰে এটা মূৰত অৰ্থাৎ খনাজানৰ পাৰত আছিল৷ গাঁৱৰ যিকোনো অনুষ্ঠান চাবলৈ, দোকানৰ বস্তু আনিবলৈ, পুথিভঁৰালৰ পৰা কিতাপ নিবলৈ হ’লেও অথবা ৰাজহুৱা পুথিভঁৰালত চৰকাৰে যোগান ধৰা ৰেডিঅ’ৰ অনুষ্ঠান আদি শুনিবলৈ গাঁওখনৰ আনটো মূৰলৈ যাবলগীয়া হৈছিল৷ সেই কথাটোৱে মোক বৰ আমনি কৰিছিল৷ কিয়নো আমাৰ চুবুৰীটোৰ সৈতে সংযোজিত হৈ মূল গাঁওখনৰ মাজত এটা আলি-কেঁকুৰি আছিল৷ এই আলি-কেঁকুৰীটোৰ দুয়োফালে মানুহৰ বসবাস নাছিল৷ তাতে আছিল এজোপা বিয়াগোম তেঁতেলি গছ৷ গছজোপাৰ ডাল-পাতে গোটেই পথছোৱা আৱৰি ৰখাৰ ফলত ঠাইখিনি দিনতে এন্ধাৰ হৈ পৰে৷ তাতে মানুহবিলাকে কোৱা শুনো দিনতে ভূত ওলাই বুলি৷ সেই কাৰণে তেঁতেলি তলৰ ভূতৰ ভয়ত আমি খনাজানৰ পাৰৰ ল’ৰা-ছোৱালীখিনি প্ৰায়েই জাক পাতিহে ভাওনা-থিয়েটাৰ চাবলৈ যাবলগীয়া হয়৷ তেঁতেলি জোপাৰ কাষতে আকৌ এখন এৰাবাৰী আছে৷ এই এৰাবাৰীখনৰ মাজেদি এটা লুংলুঙীয়া বাট গৈছে, যিটোক গৰুবাট বুলি জনা যায়৷ সেই লুংলুঙীয়া বাটটোৰে গ’লে ডিপোতা নৈৰ আঁৰিমৰা ঘাটত ওলাব পাৰি৷ গাঁৱৰ বা চুবুৰীৰ মানুহখিনি এই বাটটোৱেদিয়েই গৰু-গাই চৰাবলৈ, খেতি-বাতি কৰিবলৈ বা মাছ ধৰিবলৈ অহা-যোৱা কৰে৷ ডিপোতা নৈলৈও এইপিনেদি বহু চমু হয়৷ আমি দিনতে অইন মানুহ বা লগৰ ল’ৰা-ছোৱালী লগ পালেহে সেই বাটটোৱেদি যাবলৈ সাহস গোটাওঁ৷ ৰাতি  হ’লেতো অকলে যোৱাৰ প্ৰশ্নই নুঠে ৷

                                                         (৩)

শৈশৱৰ পৰা গাঁৱত পাৰ কৰা দীঘলীয়া সময়খিনিত তিতা-মিঠা বিচিত্ৰ অভিজ্ঞতা লাভ কৰিবলৈ সক্ষম হৈছিলোঁ৷ বিশেষকৈ গাঁৱৰ লগৰ ল’ৰা-ছোৱালীবিলাকৰ মুখত কিছুমান বৰ আমোদজনক ঘটনাৰ কথা শুনিবলৈ পাইছিলোঁ৷ গাঁৱলৈ তেতিয়া গাড়ী-মটৰ আহিলেই ল’ৰা-ছোৱালীবিলাক ৰাষ্টালৈ দৌৰি চাবলৈ চিঞৰ-বাখৰ কৰি ওলাই আহে৷ সেই চিঞৰ-বাখৰ শুনাৰ লগে লগে ময়ো যেনেকৈ থাকোঁ তেনেকৈয়ে লগে লগে ৰাস্তালৈ লৰ মাৰোঁ৷ এবাৰ তেনেকৈ অহা গাড়ী এখনৰ পিছফালে ড্ৰাইভাৰে গম নোপোৱাকৈ ওলমি দিলোঁ৷ ভাবিছিলোঁ গাড়ীখন ৰ’লেই জাঁপ মাৰি দিম৷ কিন্তু গাড়ীখন নৰয় হে নৰয়৷ কিয়নো ড্ৰাইভাৰে মই ওলমি যোৱা কথাটো মুঠেও নেজানে, মনে মনেহে ওলমিছিলোঁ৷ মই গাড়ীখন টাউনলৈ গুচি যাব বুলি ভাবি ভয়তে চলন্ত গাড়ীৰ পৰা চেগ চাই জাঁপ মাৰি দিলোঁ আৰু ৰাষ্টাৰ দাঁতিত গৈ উফৰি পৰিলোঁগৈ৷ ড্ৰাইভাৰে টলকিবই পৰা নাছিল ঘটনাটো৷ কিবা এটা পৰি যোৱা বুলি ভাবি গাড়ীখন ৰখাই নামি দেখে ৰাষ্টাৰ দাঁতিত ল’ৰা এটা কৰ্ফাল খাই পৰি আছে৷ দৌৰি আহি উঠাই দিলে৷ ময়ো উঠি কোনোমতে উঠি  বহিলোঁ আৰু  ভয় খাই আচল কথাটো কৈ দিলোঁ৷ ড্ৰাইভাৰজনে মস্ত ধমক এটা দি গাড়ী চলাই গুচি গ’ল৷ ময়ো লাহে লাহে আহি ঘৰ পালোঁহি৷ ভাগ্যে মোৰ বিশেষ একো হোৱা নাছিল আৰু কথাটো ঘৰত কোনেও জনাও নাছিল, ময়ো কবলৈ সাহ নকৰিলোঁ৷

তেনেকৈ এবাৰ খাকী পোছাক পিন্ধা ডেকা মানুহ এজন ভটভটী এখন লৈ মোৰ লগৰে লালীয়া-গেলাহঁতৰ ঘৰলৈ আহিছিল৷ স্কুলৰ পৰা আহি খাই-বৈ আবেলি ঘৰতে আছিলোঁ৷ ভটভটীৰ শব্দ শুনি একে দৌৰে গৈ লালীয়াহঁতৰ চোতাল পালোঁগৈ৷ তাত গৈ দেখিলোঁ মোতকৈও আগতে অকণ, বলীন, তৰুণ, কোমলহঁতে ভটভটীখন বেঢ়ি লৈ কিবা নেদেখা বস্তু চোৱাদি চাই আছে৷ ঠিক সেই সময়তে মই গৈ সিহঁতক ঠিলি ভটভটীখনৰ একেবাৰে ওচৰ পালোঁগৈ৷ চাই থাকোঁতে দেখিলোঁ পিতলৰ দৰে হালধীয়া কিবা এডাল (চাইলেঞ্চাৰডাল) সোণ জিলিকাদি জিলিকি আছে৷ মোৰ চুই চাবলৈ বৰ মন গ’ল৷ ওচৰতে ৰৈ থকা তৰুণদাক সুধিলোঁ সেইডালনো কি বুলি৷ তৰুণদায়ো  ফূৰ্তিতে মোক চুই চাবলৈ ক’লে৷ পৰম উৎসাহেৰে বীৰৰ দৰে সেইডাল সোঁহাতখনেৰে চুই দিলোঁ৷ লগে লগে বিকট চিঞৰ এটা ওলাই গ’ল মুখেৰে৷ সোঁহাতৰ তলুৱাখন জ্বলি গ’ল৷ বিষত তৎ নাই৷ কান্দি কান্দি ঘৰ পালোহি৷ ঘৰত হাতখনৰ সেই অৱস্থা দেখি কেনেকৈ হ’বলৈ পালে বুলি সোঁধোতে তৰুণদাৰ কথা কৈ দিলোঁ৷ সৰুদাদা (কুমদ গোস্বামী)ই লগে লগেই গৈ তৰুণদাক পাৰেমানে ধমক দিলেগৈ সৰু ল’ৰাটোৰ এনেকুৱা অৱস্থা কৰাৰ কাৰণে৷ তৰুণদায়ো আচলতে ধেমালিহে কৰিছিল, সেই জিনিচটো যে (চাইলেঞ্চাৰ)যে ইমান উত্তপ্ত হব পাৰে বুলি তেৱোঁ জনা নাছিল ৷ 

মাজে মাজে ভটভটী চলোৱা ডেকাজন সেই ঘৰখনলৈ আহে, আহোঁতে ঘৰখনলৈ কিবাকিবি খোৱা বস্তু, মিঠাই আদি লৈ আহে৷ ল’ৰা-ছোৱালীবিলাক গ’লে খাবলৈ দিয়ে৷ সেই মিঠাই খোৱাৰ লোভতে ল’ৰা-ছোৱালীবিলাক গৈ চোতালত জুম বান্ধে৷ মই কিন্তু সেই ঘটনাটো ঘটাৰ পাছত কোনো দিন তালৈ যোৱা নাছিলোঁ৷

ডেকা মানুহজন সেই ঘৰখনলৈ অহাৰ কাৰণ আমি জনা নাছিলোঁ বা জনাৰ আৱশ্যকো নাছিল৷ মতলবটো পাছতহে ওলাল৷ সেই ঘৰখনত দুজনীমান গাভৰু ছোৱালী আছিল৷ তাৰে ডাঙৰজনীৰ সৈতে সেই ভট্‌ভটী লৈ অহা ডেকাজনে গুপুতে হিয়া দিয়া-নিয়া কৰিছিল বোলে৷ তাৰ কিছুদিনৰ পাছতহে উৰহী গছৰ ওৰ ওলাল৷ সিদিনা গাঁৱত ভাওনা আছিল, চান্দ সদাগৰ ভাওনা৷ বহুদিনৰ পৰা আখৰা চলি আছিল বৰ নামঘৰত৷ সেই ডেকাজনে খবৰ ৰাখি আছিল ভাওনাৰ দিনটোৰ কথা৷ ভাওনা চাবলৈ বুলি গাঁৱৰ ৰাইজ বৰ নামঘৰলৈ দলে-বলে ওলাইছে৷ ঠিক তেনেকুৱা সময়তে সেই ভট্‌ভটী চলোৱা মানুহজন আহিল সেই ঘৰখনলৈ৷ ঘৰৰ লগতে চুবুৰীৰ মানুহ ভাওনা চাবলৈ বুলি উথপ-থপ লগাই থকাৰ সময়তেই ভটভটীত উঠি অহা মানুহজনে সেই ঘৰখনৰ ডাঙৰ ছোৱালীজনীক উঠাই তাৰ পৰা উধাও হ’ল, কোনেও টলকিবই নোৱাৰিলে একো৷  ঘৰখনৰ বা চুবুৰীয়া মানুহবিলাকে ছোৱালী ভাওনা চাবলৈকে যোৱা বুলি ভাবিছিল৷ কিন্তু ভাওনাৰ পৰা উভতি ঘৰলৈ অহাৰ পাছতহে ৰহস্য ভেদ হ’ল৷ ইমানদিনে ভটভটী চলাই ডেকা ল’ৰা সেই ঘৰখনলৈ এনেয়ে অহা নাছিল। ঘৰৰ ডাঙৰ ছোৱালীজনী তেওঁৰ চকুত পৰিছিল আৰু ছোৱালীজনীৰো মন খাইছিল ল’ৰাটোৰ সৈতে৷ গতিকে সুবিধা বুজি ভাওনাৰ উথপ-থপৰ মাজতে ডেকাল’ৰা গাঁৱৰ ছোৱালী লৈ উধাও৷ মাকজনীয়ে চোতালত বাগৰি বাগৰি ৰাউচি জুৰি কান্দিলেহে কান্দিলে, ছোৱালী কোনখিনি পালেগৈ তাৰ ভূ কেনেকৈ পাব ?

                                                        (৪)

তাহানি গাঁৱত এনেবিলাক ঘটনা প্ৰায়ে ঘটিছিল৷ আমি লগৰ ল’ৰা-ছোৱালীবিলাকৰ মুখত স্কুললৈ যাওঁতে বা খেলিবলৈ যাওঁতে কাহিনীবিলাক শুনি কেতিয়াবা তেনেই তবধ মানিছিলোঁ। আকৌ কেতিয়াবা আমোদো পাইছিলোঁ৷ ভাওনা বা থিয়েটাৰ চাবলৈ যাওঁতেই এনে ধৰণৰ পলাই যোৱা বা পলুৱাই নিয়াৰ ঘটনা প্ৰায়েই শুনিছিলোঁ৷ এবাৰ পথাৰৰ পৰা পকা ধান দাই গৰু গাড়ীত বোজাই কৰি ঘৰলৈ আহি থাকোঁতে পিছফালে কেতিয়া কেনেকৈ নিজৰ প্ৰেমিকাগৰাকী ওলমি আহি প্ৰেমিকৰ বৰঘৰত সোমালহি প্ৰেমিকে হেনো কোনো উৱাদিহেই নাপালে৷ গাড়ীৰ পৰা নামিহে গম পালে৷ এনেবিলাক ঘটনা গাঁৱত ঘটিলে কেতিয়াবা নামঘৰত ৰাইজৰ মেল বহে, তাতে বিচাৰো হয়৷ ৰাইজে যি ৰায় দিয়ে, তাকে উভয় পক্ষই মানি লয়৷ জাত-পাত, উচ্চ-নীচৰ প্ৰসংগ আহিলে, তাক লৈয়ো বিচাৰ হয়৷ বিচাৰ কৰি সমাজৰ পৰা এঘৰীয়া কৰা, পাছত ৰাইজৰ ওচৰত আঁঠু লৈ ক্ষমা খুজি, মাছে-মঙহে ভোজ-ভাত খুৱাই প্ৰায়চিত্ত হৈ উদ্ধাৰ হোৱাৰ নজিৰো কম নাছিল ৷

(ক্ৰমশঃ)

অন্যযুগৰ প্ৰকাশিত সংখ্যাসমূহ