লোকনাথ গোস্ৱামী
মন-দাপোনত - ৭
(১)
দৰং কলেজত সেই সময়ত ব’টানি (Botany) আৰু জুল’জি (Zoology, আজিকালি এই সংজ্ঞাবিলাক সলনি হৈ প্ৰাণীবিদ্যা (life Science) হৈছে) বিভাগত বহু কেইগৰাকী নাম থকা অধ্যাপক আৰু demonstrator আছিল৷ আনন্দ বৰুৱা, প্ৰৱীণ বৰুৱা, নাগ, বুটাৰাম, বোথ্ৰা আদি কোনো কোনোৰ নাম অথবা উপাধিহে মনত আছে অলপ অলপ৷ অংকৰ অধ্যাপকগৰাকী দক্ষিণৰ ফালৰ আছিল, তেওঁৰ ইংৰাজী ভাষাটো বুজি পোৱাটো আমাৰ বাবে বৰ কঠিন আছিল৷ cos theta, sin theta আদি কি কয় একো বুজি পোৱা নাছিলোঁ৷ হাইস্কুলত পঢ়োঁতে চৌবাচ্চাত পানী ভৰোৱা, তেল-পিছলা খুটাত বান্দৰ বগোৱা, দুখন বিপৰীতমুখী ৰে’লগাড়ীৰ গতিবেগ নিৰ্ণয় কৰা, জমা-খৰচৰ হিচাপ আদি কেনেকৈ কৰিব লাগে সেইবোৰহে জানিছিলোঁ৷ এবছৰীয়া (তাৰো প্ৰকৃততে ছমাহমানহে পাইছিলোঁ) বিজ্ঞানৰ শ্ৰেণীত নাম লগাই চকুৰে ধোঁৱা-কোৱা দেখিছিলোঁ৷ ভেকুলী, পঁইতাচোৰা, গৰৈ মাছ কটাটো মোৰ কাৰণে একেবাৰে অসাধ্য সাধন আছিল৷ তাতোকৈ অসাধ্য আছিল সিবিলাকৰ অন্তৰ্ভাগৰ ছবি অঁকাটো৷ বহুত কষ্ট কৰি ছবিবিলাক আঁকি নিয়াৰ পাছত পোনছাতেই মহিলা demonstrator-গৰাকীয়ে Redraw বুলি লিখি দিয়া কথাটো মনত পৰিলে আজিও গা-মূৰ গৰম হৈ উঠে৷ তাৰ মাজতে আকৌ গান-বাজনা আছিলেই৷ সিবিলাকৰ মাজতে পাৰ্যমানে চেষ্টা কৰিছিলো পঢ়া-শুনাৰ গতি বজাই ৰাখিবলৈ, নহলে ডাক্তৰ-ইঞ্জিনিয়াৰ হোৱাটো ইমান সহজ কথা নহয়!
(২)
কেইমাহমান কলেজলৈ
যোৱাৰ পাছত গম পালোঁ যে জানুৱাৰি মাহত ‘কলেজ সপ্তাহ’ আৰম্ভ হ’ব৷ অন্যান্য বহু কলেজৰ তুলনাত আমাৰ সময়ত দৰং কলেজৰ
‘কলেজ সপ্তাহ’ উন্নত মানৰ আছিল৷ গান-নাচ, নাটক, খেলা-ধূলা সকলোতে কলেজখন আগবঢ়া আছিল৷
গানৰ ক্ষেত্ৰখনতো বহু ভাল ভাল গায়ক-গায়িকা আছিল৷ অনামিকা পাল, ভৱানী মেধী, চেতনা তালুকদাৰ (দাস),
ভৱানী বৰা আদি অনেক৷ অনামিকা পাল একেৰাহে তিনিবছৰ ধৰি কলেজৰ শ্ৰেষ্ঠা গায়িকা আছিল তেতিয়ালৈকে৷ গতিকে মনতে ঠিৰাং কৰিলোঁ যে যেনেকৈয়ে নহওক কলেজ সপ্তাহততো
যোগদান কৰিবই লাগিব৷ ইফালে গান গাবলৈ সময়েই উলিয়াব নোৱাৰোঁ পঢ়াৰ তাগিদাত৷ ‘থিয়ৰি-প্ৰেক্টিকেল’-ৰ অন্ত নাই৷ তথাপি কঁকালত টঙালি বান্ধিলোঁ প্ৰতিযোগিতাত যোগ দিম বুলি৷ কলেজৰ পৰা ঘূৰি ঘৰলৈ যাওঁতে প্ৰায়েই ৰাতি এপৰ হয়৷ হাবি-জংঘল, বোকা-পানীৰে ভৰা পথৰুৱা মুকলি আলিৰে টাউনৰ
পৰা গাঁৱৰ ঘৰলৈ যাওঁতেই চিঞৰি চিঞৰি গানবিলাক গাই যাওঁ৷ মনৰ ভয় আঁতৰ কৰাৰ লগতে একে
কোবতে ৰিহাৰ্ছেলো হৈ যায়, ঘৰত বেলেগে কৰিবলগীয়া আৰু নহয় ৷
কলেজলৈ যাওঁতেই চাইকেলৰ
আগৰ বাস্কেটত কিতাপ-বহীৰ লগতে চুৰিয়া-গামোছা, চাদৰ আদি লৈ যাওঁ বৰগীত গাবৰ কাৰণে৷ হোষ্টেলত
কোনো চিনাকী ল’ৰাৰ ৰূমত সেইবিলাক থৈ দিওঁ আৰু প্ৰতিযোগিতাৰ সময়ত পিন্ধি লওঁ৷ জানুৱাৰি
মাহৰ হাড়-কঁপোৱা জাৰত ঘৰলৈ আহোঁতে চুৰিয়া-চাদৰ গায়ে-মূৰে মেৰিয়াই জোৰকৈ চাইকেল চলাই দিওঁ
গা গৰম হোৱাকৈ৷ মোৰ গান শুনি গাঁৱৰ মানুহে গম পাই যায় ‘ভাইটি আহিছে’ বুলি, কাৰণ গাঁৱত
সকলোৱে মোক ‘ভাইটি’ বুলি মাতিছিল৷ গানৰ প্ৰতিযোগিতা শেষ হ’লেই চাইকেলখন উলিয়াই ততাতৈয়াকৈ
ঘৰমুৱা হওঁ৷ প্ৰতিযোগিতাৰ ৰিজাল্ট ল’বলৈ সময়-সুবিধা নাথাকে৷ সিফালে ঘৰত মা ৰৈ থাকে মই ঘৰ সোমোৱাৰ
লগে লগে গৰম পানী যতনাই দিয়া আৰু গৰমে গৰমে ভাতমুঠি বাঢ়ি দিবৰ কাৰণে ৷
গানৰ প্ৰতিযোগিতা
হৈ যোৱাৰ লগে লগে ৰাতিয়েই ৰিজাল্ট ওলাই গ’ল৷ মোৰ বাহিৰে কলেজৰ প্ৰায়বিলাক ল’ৰা-ছোৱালীয়েই
ৰিজাল্ট গম পাই গ’ল৷ পাছদিনাখন আগৰ দৰেই কলেজলৈ গৈ শ্ৰেণীকোঠাত সোমাবলৈ বুলি লওঁতে
দুজনমান ওপৰ শ্ৰেণীৰ ছাত্ৰ গৈ মোক দুৱাৰমুখৰ পৰা কান্ধত তুলি লৈ আহি ফিল্ডৰ চাৰিওফালে
হৈ-ধ্বনি দি ঘূৰাবলৈ আৰম্ভ কৰিলে ৷ মই আও-ভাও একোকে বুজা নাছিলোঁ৷ পাছত দেখিলোঁ, উদয়
শইকীয়া আৰু ভৱানী নাথ (উদয় - ভৱানী, মোতকৈ ওপৰ শ্ৰেণীৰ, তেজপুৰৰ জনপ্ৰিয় অভিনেতা, বৰ্তমান
দুয়ো প্ৰয়াত) সেই ল’ৰাবিলাকৰ মাজতে আছে৷ তেতিয়াহে উদয়দাই আচল কথাটো ক’লে যে মই বোলে
অনামিকা পালৰ পূৰ্বৰ তিনি বছৰৰ ৰেকৰ্ড ভঙ্গ কৰি সেই বছৰ কলেজৰ শ্ৰেষ্ঠ গায়কৰ সন্মান
লাভ কৰিছোঁ। আৰু সেই কাৰণেই হেনো চবৰে বেলেগ ফূৰ্তি (আচলতে বাঙালী ছোৱালী এজনীয়ে বছৰি বছৰি
এই সন্মান পাই থকাটো সকলোৱে মনে-প্ৰাণে ভাল পোৱা নাছিল। কাৰণটো আছিল যতদূৰ সম্ভৱ ১৯৬০ চনৰ ভাষা আন্দোলনৰ পাছৰ পৰা তেজপুৰত অসমীয়া-বঙালী,
এই দুই সম্প্ৰদায়ৰ মাজত তলে তলে এক বিদ্বেষ ভাৱে ক্ৰিয়া কৰি আছিল, যিটো মাজে মাজে প্ৰকট
হোৱা প্ৰায়ে দেখিবলৈ পাইছিলোঁ৷ কলেজলৈ গৈ প্ৰথম বছৰতে এই কীৰ্তি অৰ্জন কৰাৰ পাছত খুব
কম সময়ৰ ভিতৰতে কলেজখনৰ ছাত্ৰ-ছাত্ৰীৰ মাজত জনপ্ৰিয় হৈ পৰিলোঁ৷ কলেজৰ ছাৰ-বাইদেউসকলেও মোক চিনি পোৱা হ’ল ৷
(৩)
কলেজৰ শ্ৰেষ্ঠ গায়ক
হোৱাৰ পাছতে স্বাভাৱিকতে আশা কৰিছিলোঁ শ্ৰেষ্ঠ গায়কৰ বঁটাটো নিজৰ হাতত পাবৰ বাবে৷ কিন্তু
বঁটা বিতৰণী অনুষ্ঠানত নামটো ঘোষণা কৰা হ’ল যদিও বঁটাটো মোক সেই অনুষ্ঠানত দৰ্শকৰ সমূখত
তুলি নিদিলে৷ বঁটা ল’ম বুলি আশাৰে বাট চাই থাকোঁতেই গ’ল৷ কথাটো কলেজৰ অধ্যক্ষ হেমেন্দ্ৰপ্ৰসাদ
বৰঠাকুৰক সোধাত মোক পাছদিনা অফিচলৈ যাবলৈ ক’লে৷ মোৰ কাৰণে আকৌ ৰহস্যময় হৈ পৰিল কথাটো৷
পাছদিনাখন অধ্যক্ষৰ ৰূমলৈ গ’লোঁ৷ তেওঁ অলপ কোমল
সুৰেৰে মোক ক’লে যে বঁটাটো পুৰ্ৱৰ গায়িকা অনামিকা পালে ঘূৰাই দিয়া নাই৷ তেওঁ যিহেতু
একেৰাহে তিনি বছৰ বঁটাটো লাভ কৰিলে, গতিকে নিয়ম মতে সেই বঁটাটো তেওঁ স্থায়ীভাৱে ৰাখিব
পাৰে নিজাববীয়াকৈ৷ কথাটো শুনি ছাৰৰ সমূখতে মোৰ উচুপনি উঠিল৷ তেতিয়া তেখেতে মোৰ মূৰে-গায়ে
হাত বুলাই ক’লে- ‘তুমি চিন্তা নকৰিবা, আমি তোমাক তেনেকুৱা কাপ এটা নতুনকৈ কিনি আনি
দিম৷ অনাৰ পাছত তোমাক মাতিম, আহি লৈ যাবাহি৷’
(৪)
এসপ্তাহমানৰ পাছত
কলেজৰ অধ্যক্ষ বৰঠাকুৰ ছাৰে তেখেতৰ অফিচলৈ মাতি পঠিয়ালে ৷ দেখিলোঁ তাত উপাধ্যক্ষ সোম
ছাৰ, সত্যেন শৰ্মা ছাৰ, কলেজৰ সাধাৰণ সম্পাদক প্ৰণৱ বৰা আৰু কোনোবা দুজনমান আছে৷ অধ্যক্ষ
বৰঠাকুৰ ছাৰে সকলোৰে সমুখত মস্ত ডাঙৰ দেখিবলৈ ধুনীয়া নতুন কাপ এটা মোৰ হাতত তুলি দিলে৷
মনত মোৰ তেতিয়া বিৰাট ফূৰ্তি৷ তেতিয়া অধ্যক্ষ বৰঠাকুৰ ছাৰে কলে- ‘ভালেই হ’ল, তুমি একেবাৰে নতুন
কাপ এটা পালা, এতিয়া ঘৰলৈ নি ভালকৈ থৈ দিবাগৈ৷’ কথা বতৰাৰ মাজতে ছাত্ৰ সংস্থাৰ সম্পাদক
প্ৰণৱ বৰাই টাউনৰ মাজ মজিয়াত থকা বিখ্যাত ফটো ষ্টুডিঅ ‘স্পেক্ট্ৰাম’ৰ পৰা ফটোগ্ৰাফাৰ
এজনক মতাই আনি কাপটোৰে সৈতে মোৰ এখন ফটো এখন তোলোৱাৰ লগতে বাকীসকলৰো এখন সমূহীয়া ফটো
তোলালে৷ পাছত সেই ফটোখন মই ‘স্পেক্ট্ৰাম’ৰ পৰা আনি প্ৰণৱ বৰাৰ হাতত দিয়াত তেওঁ ফটোখনৰ
সৈতে ইউনিয়নৰ পেডত বাতৰি এটা লেখি মোক ‘অসম বাণী’লৈ পঠিয়াই দিবলৈ ক’লে৷ মই ডাকঘৰলৈ গৈ
খাম এটাত ভৰাই ডাকটিকট লগাই তেওঁ দিয়া ‘অসম বাণী’ৰ ঠিকনাত পঠাই দিলোঁ৷ সেই সময়ত ‘অসম বাণী’ৰ
গুৰুত্ব অপৰিসীম আছিল৷ কেইদিনমানৰ পাছত হাতত কাপৰ সৈতে মোৰ ফটো সম্বলিত বাতৰি ‘অসম বাণী’ত
ওলাই গ’ল৷ সেয়াই আছিল মোৰ জীৱনত এখন সাপ্তাহিক কাকতত প্ৰথম প্ৰকাশ পোৱা ফটো আৰু বাতৰিৰ
মিঠা স্মৃতি৷ তাৰ আগতেই কিমান ফূৰ্তিৰে যে সেই মস্ত কাপটো কলেজৰ পৰা হাতত লৈ আহি ঘৰৰ
মা, দেউতা, দাদা-বাইদেউহঁতৰ লগতে ওচৰ-চুবুৰীয়াক দেখুৱাইছিলোঁ, সেই কথা ভাবি আজিও বিস্ময়াভিভূত
হৈ পৰোঁ৷ পাছত ঘৰৰ পৰা চাকৰি সূত্ৰে বাহিৰলৈ ওলাই গৈ দিহিঙে-দিপাঙে ঘূৰি ফুৰোঁতে সেই
কাপ, সেই ‘অসম বাণী’ ক’লৈ গ’ল, ক’ত হেৰাল একো কথা জনাৰ উপায় নাছিল৷ মনৰ মণিকোঠাত মাথোঁ সেই মধুৰ স্মৃতি সজীৱ হৈ থাকিল৷ পুৰণি এৰি অহা ঘৰখনলৈ গৈ কোনোদিন সেই সম্পদবিলাকৰ খবৰ
লোৱাৰ অৱকাশ নাপালোঁ, ঘৰৰ মানুহখিনিৰো কোনোবাই সেই সম্পদ সযতনে ৰখা বুলি ধৰণা নহয় ৷
(৫)
ইয়াৰ অৰ্ধ শতাধিক
বছৰৰ পাছত এটা অভাৱনীয় ঘটনা ঘটিল মোৰ জীৱনত৷ অভাৱনীয় বোলাৰ কাৰণ হ’ল তেনে এটা কথা মই সপোনতো ভৱা নাছিলোঁ কেতিয়াবা ঘটিব পাৰে বুলি৷ এদিন ৰাজ্যখনৰে এজন জ্যেষ্ঠ সাংবাদিক ভাতৃপ্ৰতীম
মৃণাল তালুকদাৰে ফোন কৰি মোৰ ‘ই-মেইল’ ঠিকনাটো বিচাৰিলে৷ মৃণালে হঠাৎ ‘ই-মেইল’ বিচৰা দেখি
অলপ আচৰিতেই হ’লোঁ৷ সেয়ে তাৰ কাৰণটো সুধিবলৈ বাধ্য হ’লো ফোনতে৷ তেতিয়া তেওঁ ক’লে যে
‘নন্দ তালুকদাৰ ফাউণ্ডেচন’ (মৃণালৰ
দেউতাক নন্দ তালুকদাৰ)-ৰ পুৰণি কাগজ-পত্ৰ খোঁচৰোতে মোৰ আপুৰুগীয়া সম্পদ এটা উদ্ধাৰ কৰিছে,
আৰু তাকে ই-মেইলত পঠাব খুজিছে৷ কথাটো শুনি আৰু বেছি কৌতূহল জাগিল মনত৷ লগে লগে ঠিকনাটো
পঠিয়াই দিলোঁ৷ অলপ সময়ৰ পাছত মেইল খুলি দেখিলোঁ মোৰ তাহানি ‘অসম বাণী’ত প্ৰকাশ পোৱা সেই
ঐতিহাসিক ফটোসম্বলিত বাতৰিটো৷ মোৰ হাঁহিমেই নে কান্দিম, তেনেকুৱা এটা অৱস্থা হল৷ আকৌ
মৃণাললৈ ফোন কৰিলোঁ কথাটোনো কি জানিবৰ কাৰণে৷ তেওঁ ক’লে, কথাটো অইন একো নহয়, ‘নন্দ
তালুকদাৰ ফাউণ্ডেচন’-এ কিছুদিনৰ পৰা তাত সংৰক্ষিত হৈ থকা পুৰণি কিতাপ-পত্ৰ, বাতৰি-আলোচনীবিলাক
নতুনকৈ ‘ডিজিটেল ফৰ্ম’ত সংৰক্ষণ কৰাৰ কাম হাতত লৈছে ৷ সেই কামবিলাক কৰিবলৈ যাওঁতে
পুৰণি ‘অসম বাণী’ৰ পাতত মোৰ সেই ১৯৭০ চনৰ ফটো আৰু ফটোৰ সৈতে সংলগ্ন বাতৰিটো দেখি মোলে
নপঠোৱাকৈ থাকিব নোৱাৰিলে৷ ঘটনা তিমানেই৷ সেই ঐতিহাসিক ফটোখন এতিয়া মোৰ কম্পিউটাৰত মই
বৰ সযতনে সাঁচি ৰাখিছোঁ ৷
(আগলৈ)