লোকনাথ গোস্বামী
(৩)
সত্ৰ, গাঁও, গাঁৱৰ
সহজ-সৰল মানুহখিনি, চৌপাশৰ প্ৰাকৃতিক বৈভৱ, পুৱা-গধূলি সত্ৰত শিচ-ভকতৰ সমাৱেশ, শৰণ-ভজন,
আমাৰ ঘৰখনৰ প্ৰতি সেইসকলৰ অকৃত্ৰিম শ্ৰদ্ধা-ভক্তি, গাঁৱৰ খেতি-বাতি কৰা মানুহখিনিৰ
আমাৰ ঘৰখনৰ প্ৰতি থকা সৎভাৱ-সহযোগিতা আদিৰ মাজেদি এটা সময়লৈ ঘৰখন ভালেই চলি আছিল৷ অভাৱ
কি বস্তু বুজি পোৱা নাছিলো৷ কিন্তু ল’ৰা-ছোৱালীবিলাক ডাঙৰ হৈ অহাৰ লগে লগে পঢ়া-শুনা,
পিন্ধা-উৰাকে ধৰি ঘৰৰ খা-খৰচৰ মাত্ৰা ক্ৰমাৎ বাঢ়ি যাবলৈ ধৰাত দেউতাৰ চিন্তা বাঢ়ি গ’ল৷
মাৰ অৱশ্যে এইবিলাকত মূৰ সুমুৱাবলৈ অৱকাশেই নাছিল৷ ডাঙৰ পৰিয়ালটো চম্ভলাৰ লগতে আলহী-দুলহী,
সত্ৰৰ শিচ-ভকতৰ আলপৈচান ধৰোঁতেই মাৰ দিনবোৰ পাৰ হৈছিল৷ তদুপৰি ভঁৰালৰ পৰা ধান উলিয়াই
ঢেঁকীত বনাৰ পৰা গোহালিৰ গৰু খীৰোৱা, নামঘৰ-মণিকূট চাফ-চিকুণ কৰা, নামঘৰলৈ বুলি শিচ-ভকতে
আগবঢ়োৱা মাহ-প্ৰসাদ তিওৱালৈকে মাৰ কামৰ অন্ত নাছিল৷ কেৱল সেয়াই নহয়, মোৰ জন্মৰ পিছতো
আৰু দুটি সন্তানৰ গৰ্ভধাৰণ কৰিবলগীয়া হৈছিল মায়ে৷ মাৰ জীৱনটোৰ কথা ভাবিলে আজিও নিজকে
বৰ অপৰাধী যেন বোধ হয়৷ গোটেই জীৱনটো যেন গেবাৰি খাটোঁতেই গৈছিল মাৰ৷
দাদাহঁতৰ পঢ়াৰ বিষয়টো লৈ দেউতা এদিন দ্বিতীয় পুত্ৰ বাপু (জগত)-ৰ টাউনৰ ঘৰ ওলালগৈ৷ দেউতাই কথাটো উলিয়াবলৈহে পালে, বাপুদা খঙত গৰগৰাই উঠিল- ‘আপুনি নৰেন (আমাৰ ডাঙৰ দাদা নৰেন গোস্বামী)হঁতক পঢ়ুওৱা মানে ডিঙিত কলহ বান্ধি ডিপোতা নৈত জাঁপ দিয়া’ ৰ দৰে কথা হ’ব৷ তাতকৈ সিহঁতক ক’ৰবাত চাহৰ দোকান, হোটেলত সুমুৱাই দিয়ক, তেতিয়া নিজেও এমুঠি খাব পাৰিব, আপোনাকো খুৱাব পাৰিব৷’ পুত্ৰ বাপুৰ কথা শুনি দেউতাৰ মূৰ গৰম হৈ গ’ল৷ কোনো কথাৰ অৱতাৰণ নকৰি একেকোবে পুতেকৰ ঘৰৰ পৰা এক গধূৰ মনলৈ ঘৰ ওলালহি৷ বাটত আহোঁতেই মনত প্ৰতিজ্ঞা কৰি আহিল ‘খুজি-মাগি হ’লেও ল’ৰাহঁতক পঢ়ুৱাম৷’
আচলতে বাপুহঁতৰ গাতো দোষ নাছিল৷ দেউতাই বাপুহঁতক পঢ়ুৱাব নোৱাৰিলে৷ ক্লাছ এইটলৈকে পঢ়ি বাপুদাই স্কুল এৰি নিজৰ ভৰিৰ ওপৰত থিয় হ’বলৈ কঠোৰ জীৱন সংগ্ৰাম কৰিবলগীয়া হৈছিল৷ সেয়ে হয়তো দেউতাৰ আৰ্থিক অৱস্থাটোলৈ চাই তেনেদৰে ক’বলৈ বাধ্য হৈছিল৷ দেউতাই কি ভাবি নেজানো, আমাৰ ওপৰৰ দুয়োজন দাদাক গাঁৱৰ স্কুলত নপঢ়ুৱাই তেজপুৰ চৰকাৰী উচ্চ ইংৰাজী স্কুল (Tezpur Govt. High School)-ত নাম লগাই দিছিল৷ আমাৰ গাঁৱৰ ঘৰৰ পৰা চৰকাৰী স্কুললৈ ন-দহ মাইলমান হব৷ বাৰিষা-খৰালি গাঁৱৰ প্ৰথমছোৱা বোকা-পানীৰ গাঁৱলীয়া বাট পাৰ হৈ চহৰমুখী শিলগুটি দিয়া ৰাষ্টা ধৰি খোজ কাঢ়িয়েই স্কুললৈ অহা-যোৱা কৰিবলগীয়া হৈছিল দাদাহঁত৷ পুৱা সাতমান বজাত মায়ে ৰান্ধি-বাঢ়ি দুয়োটাকে এমুঠি খুৱাই স্কুললৈ বুলি সাজু কৰি পঠিয়াই দিছিল৷ তেতিয়াৰ দিনত এতিয়াৰ দৰে ‘টিফিন’ দি পঠোৱাৰ নিয়মতো নাছিলেই, সিহঁতৰ হাতত গুজি দিবলৈ মা-দেউতাৰ হাতত পা-পইচাও নাছিল তেনেকৈ৷ পুৱা সাতমান বজাত ঘৰৰ পৰা ওলাই দিনটো স্কুলত ক্লাছ কৰি আকৌ সন্ধিয়া সাতমান বজাত ভাগৰি-জুগৰি ঘৰ সোমাইছিলহি৷
এটা কথা ভাবি মই
এতিয়াও আচৰিত হওঁ, ইমান আৰ্থিক অনাটনৰ মাজতো সত্ৰৰ সত্ৰাধিকাৰ এজনে নিজৰ সন্তানক সত্ৰৰ
চাৰিবেৰৰ মাজতে আৱদ্ধ নেৰাখি গাঁৱৰ পৰা নি তেতিয়াৰ ভালৰো ভাল চৰকাৰী স্কুলত নাম লগাই
আধুনিক শিক্ষাৰে শিক্ষিত কৰিবলৈ যত্ন কৰাৰ কি দুৰ্বাৰ হেঁপাহ আছিল! অন্যথা হয়তো সত্ৰৰ ল’ৰা হিচাপে গাঁৱতে থাকি সত্ৰৰ সামন্তীয় আচাৰ-নীতিৰ
মাজতে দাদাহঁতৰ লগতে আমি আটায়ে জীৱন পাৰ কৰিব লাগিলহেতেন৷ মা-দেউতাহঁতে সেই সময়তে প্ৰদৰ্শন কৰা বহল আৰু উদাৰ
দৃষ্টিভঙ্গী পাছলৈ আমাৰ জীৱন-বাটৰ সাৰথি হৈ পৰিছিল৷
দাদাহঁতৰ কষ্ট আমি
তেতিয়াই অনুভৱ কৰিব পাৰিছিলোঁ৷ কিন্তু একে
সময়তে দাদাহঁতৰ মুখত স্কুলৰ কাহিনীবিলাক শুনি আমাৰ মন-প্ৰাণ উথলি উঠিছিল৷ মাজুদাদা
মোহিনী গোস্বামী সেই চৰকাৰী স্কুলৰ ছাত্ৰ য়ুনিয়নৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হৈছিল৷
সেই সময়ত গাঁৱৰ পৰা খোজকাঢ়ি পঢ়িবলৈ যোৱা সাধাৰণ ছাত্ৰ এজন চহৰৰ সেইখন সুখ্যাত স্কুলৰ
ছাত্ৰ ইউনিয়নৰ সাধাৰণ সম্পাদক নিৰ্বাচিত হোৱাটো এটা অতি গুৰুত্বপূৰ্ণ কথা আছিল৷ সেই
সুবাদতে স্কুলৰ প্ৰধান শিক্ষক ৰজনী দাস অন্য দুজনমান সহকাৰী শিক্ষকক লগত লৈ আমাৰ গাঁৱৰ
ঘৰলৈ অহাৰ কথা এতিয়াও মনত আছে৷ আৰু মনত আছে, আলহী আহিব বুলি ওচৰৰ মানুহৰ ঘৰৰ পৰা আলহী
বহিবৰ কাৰণে দুখনমান চকী খুজি আনিবলগীয়াও হৈছিল, কাৰণ আমাৰ চ’ৰাঘৰত তেতিয়া এখনেই মাথোঁ
ভাল কাঠৰ চকী আছিল আলহী বহিব পৰাকৈ৷
দুজন দাদাক টাউনৰ চৰকাৰী স্কুলত পঢ়ুওৱাৰ পাছত কিন্তু
সৰু দাদা কুমুদ গোস্বামীক গাঁৱৰ বেছেৰীয়া হাইস্কুলতে দেউতাই নাম লগাই দিছিল৷ কিন্তু
এটা বিশেষ ঘটনাৰ বাবে সৰু দাদাকো টাউনৰ সেই চৰকাৰী স্কুললৈ লৈ যাবলগীয়া হৈছিল৷ তাৰো
এক আমোদজনক কাহিনী আছে৷ সৰু দাদা সৰুৰে পৰা বৰ চৌখিন আছিল৷ পেণ্ট-চোলাৰ পৰা মূৰৰ চুলিলৈকে
‘ষ্টাইল’ কৰি অতিকে ভাল পাইছিল৷ মূৰৰ চুলিখিনিৰ
আগফালে সদায় ঢৌ তুলি আঁচুৰিছিল৷ তাৰ বাবে বৰকৈ যতনো লৈছিল৷ সেই কাৰণতে সৰু দাদাই আইনাৰ
সমুখত ৰৈ মূৰ আঁচোৰোঁতে ভালেখিনি সময় লোৱা কথাটো আমাৰ আজিও মনত আছে৷ এদিনৰ কথা, সৰুদাদা
স্কুলৰ শ্ৰেণী কোঠাত বহি আছে৷ তেনেতে কোঠাটোলৈ প্ৰধান শিক্ষক মহোৰাম বড়া হাতত বেত এডাল
লৈ সোমাই আহক৷ আহিয়েই বেতডাল দাদা (কুমুদ গোস্বামী)ৰ আগফালৰ ঢৌ খেলি থকা চুলিৰ ভিতৰেদি
সুমুৱাই চুলিখনি ফঁহিয়াই পেলাই ধমকৰ সুৰত ক’লে- ‘আজিৰ পৰা এনেকৈ চুলি আঁচুৰি নাহিবি৷ আহিলে ক্লাছৰ পৰা ওলাই যাব লাগিব৷’ ইফালে
ক্লাছৰ অইন ল’ৰা-ছোৱালীবিলাকে ঘটনাটো দেখি বৰ ৰং পালে, চবেই খিলখিলাই হাঁহি দিলে৷
দাদাই ভীষণ লাজ পালে যদিও তেতিয়া বোলে মুখেৰে একো নকলে৷ ঘৰলৈ আহি দেউতাহঁতক কথাটো কৈ
দিলে৷ দেউতাৰ বৰ খং উঠিল৷ পিছদিনাই স্কুললৈ
গৈ প্ৰধান শিক্ষকজনক কিবাকিবি কৈ দাদাৰ নামটো কটাই টাউনৰ চৰকাৰী স্কুললৈ নি ভৰ্তি কৰাই
দিলেগৈ৷ তেতিয়া চৰকাৰী স্কুলত আমাৰ ঘৰৰ তিনিজন দাদাই পঢ়ে আৰু আটাইকেউটা গাঁৱৰ ঘৰৰ পৰা
খোজ কাঢ়িয়েই যায়৷ সৰু দাদায়ো কম সময়তে স্কুলত নিজৰ সুকীয়া পৰচয় দিবলৈ সক্ষম হৈছিল৷ মাজু
দাদাৰ দৰে সৰু দাদায়ো স্কুলৰ সাংস্কৃতিক সম্পাদক নিৰ্বাচিত হৈ স্কুলৰ বিভিন্ন সাংস্কৃতিক
কাম-কাজৰ সৈতে ওতঃপ্ৰোতভাৱে সাঙোৰ খাই পৰিছিল৷ তেজপুৰৰ বৃন্দাবন গোস্বামীকে ধৰি চহৰখনৰ
আগশাৰীৰ বহু ছাত্ৰ-ছাত্ৰী তেতিয়া দাদাৰ ঘনিষ্ঠ হৈ পৰিছিল, যি বন্ধুত্ব দাদাৰ অন্তিম
বয়সলৈকে আছিল৷
সেইখিনি সময়তে গোকুল
ডেকা (বৰ্তমান নলবাৰীৰ বাসিন্দা) নামৰ শিক্ষক এজনে চৰকাৰী স্কুলখনত সাময়িকভাৱে শিক্ষকতা
কৰিছিল৷ তেখেত বৰ উদ্যোগী শিক্ষক আছিল৷ তেখেতৰ উদ্যোগতে তেজপুৰত ‘সূৰ্য্যোদয় সংঘ’ নামৰ
সাংস্কৃতিক অনুষ্ঠান এটা গঢ় লৈ উঠিছিল৷ কুমুদ দাদাহঁত ইয়াৰ হৰ্তা-কৰ্তা হৈ পৰিছিল৷ সেই
‘সূৰ্য্যোদয় সংঘ’ৰ মজিয়াত তেজপুৰৰ সাংস্কৃতিক জগতখনৰ বহু ন-পুৰণি শিল্পীৰ সমাৱেশ ঘটিছিল
বুলি আমি জানিছিলোঁ৷ বিপুল বাহাদুৰ (প্ৰয়াত), ভৱানী শৰ্মা (প্ৰয়াত), প্ৰেম বাহাদুৰ (প্ৰয়াত),
অঞ্জু দেৱী ( জনপ্ৰিয় গায়িকা) প্ৰমুখ্যে শিল্পীসকলক তেতিয়াই আমি দেখাৰ সুযোগ পাইছিলোঁ৷
এইখিনিতে উল্লেখ কৰা ভাল হব যে বেছেৰীয়া হাইস্কুলৰা পৰা এদিন ঘটনাবশতঃ নাম কটাই ওলাই আহি তেজপুৰ চৰকাৰী স্কুলত পঢ়িবলগীয়া ছাত্ৰজনে পৰৱৰ্তী সময়ত সেইখন বেছেৰীয়া উচ্চতৰ মাধ্যমিক স্কুলৰ অধ্যক্ষৰ পদ অলংকৃত কৰাৰ দৰে ঘটনাও ঘটিছিল৷ তেতিয়ালৈ বেছেৰীয়া হাইস্কুলখন উচ্চতৰ মাধ্যমিক বিদ্যালয়লৈ উন্নীত হৈছিল৷ তাতোকৈ ডাঙৰ কথা, তাৰ বহু আগেয়েই যিগৰাকী প্ৰধান শিক্ষকে দাদাক শ্ৰেণীকোঠাত ঠাট্টা-বিদ্ৰুপ কৰিছিল, সেইগৰাকী প্ৰধান শিক্ষক মহোৰাম বড়াৰ বিৰুদ্ধে সেই একেখন স্কুলতে প্ৰচণ্ড ছাত্ৰবিক্ষোভ হৈছিল, যাৰ পৰিণতিত সেইখন স্কুলৰ পৰা তেখেত বিতাড়িত হ’বলগীয়া হৈছিল৷ সেই একেগৰাকী প্ৰধান শিক্ষকেই এটা সময়ত প্ৰাইমাৰী বৃত্তিৰ বাবদ মই পাবলগীয়া টকাৰ একাংশ চান কঢ়াৰ কথাটো আজিও মই পাহৰিব পৰা নাই৷
তিনিওজন দাদাক তেজপুৰ
টাউনৰ আগশাৰীৰ চৰকাৰী স্কুলত পঢ়ুৱাই সেই সময়ত সত্ৰৰ সত্ৰাধিকাৰ দেউতাই যি এক বহল মনৰ
পৰিচয় দিছিল, সেই কথাই আজিও দেউতাৰ প্ৰতি আমাক বিশেষভাৱে শ্ৰদ্ধাশীল আৰু কৃতজ্ঞ কৰি
ৰাখিছে, যি কথা কাহানিও পাহৰা সম্ভৱ নহয়৷
তিনিওজন দাদাক চৰকাৰী স্কুলত পঢ়ুওৱাৰ পাছত দেউতাই কি ভাবি নেজানো, মোৰ ওপৰৰ বাইদেউ (বুলু বাইদেউ) জনীক বেছেৰীয়া স্কুলতে নাম লগাই দিছিল৷ বুলু বাইদেউৰ পাছত মোকো সেই একেখন স্কুলতে নাম লগাই দিছিল৷
হাইস্কুলৰ অধ্যায়টোলৈ অহাৰ আগতে প্ৰাথমিক পৰ্যায়ৰ সময়খিনিলৈ ঘূৰি যাব লাগিব৷ কিয়নো
আমাৰ প্ৰাথমিক পৰ্যায়ৰ শিক্ষা গ্ৰহণৰ ক্ষেত্ৰতো কেতবোৰ বিসংগতি ঘটিছিল৷
(আগলৈ)