ৰত্না ভৰালী তালুকদাৰ
বিংশ শতাব্দীৰ বিশ্বৰ এক বিস্ময় পুৰুষ, চিত্ৰকলাত ‘কিউবিজম্’ৰ আৱিষ্কাৰ কৰা বিশ্ববিশ্ৰুত চিত্ৰশিল্পী আৰু ভাস্কৰ পাবলো পিকাছোৱে কলা সম্পৰ্কে এষাৰ কথা কৈছিল, “Art is a lie that makes us realize the truth", অৰ্থাৎ ‘কলা হৈছে সেই প্ৰলোভন বা প্ৰৰোচনা, যি আমাক সত্যক উপলব্ধি কৰিবলৈ শিকায়।’ পিকাছোৱে যদিও কলাৰ ক্ষেত্ৰত এইষাৰ কথা কৈছে, কথাষাৰে কেৱল কলাৰ জগতখনৰেই নহয়, সামগ্ৰিকভাৱে সকলো সৃষ্টিশীল কৰ্মৰ মৰ্মবাণী প্ৰকাশ কৰিছে বুলি ক’ব পাৰি। সুকুমাৰ অনুভুতিৰ সকলোবোৰ সাৰ্থক সৃষ্টিকৰ্মই প্ৰলোভন অথবা প্ৰৰোচনাৰ মাজেৰেই যেন জীৱন সত্যক ন ন ৰূপত আমাৰ সন্মুখত উন্মোচিত কৰে। পাবলো পিকাছোৰ চিত্ৰকলা আৰু ভাস্কৰ্যসমূহৰ চাক্ষুষ দশৰ্নৰ অভিজ্ঞতা শিহৰণকাৰী আৰু অনন্য— কিয়নো তাত আছে জীৱনৰ বহুমুখী দ্বন্দ্ব আৰু সংঘাত, শোষক আৰু শোষিতৰ সম্পৰ্ক আৰু এই সম্পৰ্কত চেদেলি-ভেদেলি হৈ পৰা জনজীৱনৰ হাঁহি আৰু চকুলো, বধ্যভুমিত ছিটিকি পৰা মানুহৰ দেহা—অৱশ্যেই সেইবোৰ কেৱল বাস্তৱৰ ঘটনাৱলীৰ বিৱৰণী নহৈ শিল্পীৰ তুলিকালৈ আহিছে সৰ্বোত্তম কলাকীৰ্তিৰ ৰূপ ধৰি কৃচ্ছ্ৰ-সাধনাৰ মাজেৰে। তেখেতে মানুহক এটা সৰলৰৈখিক কাহিনী ক'ব নিবিচাৰে— জীৱনৰ অনেক জটিল সত্যৰ মাজেৰে ঘামি-জামি, ফোঁপাই-জোঁপাই, তৰ্দ্ধৰণি হেৰুৱাই কৰা এক দীঘলীয়া পৰিক্ৰমাৰ অন্তত তেওঁ আমাৰ বাবে উদ্ভাসিত কৰে মানৱতাৰ বাণী। অৱশেষত শিল্পীয়ে মানৱতাৰ জয়গান গায়। আৰু সেয়াই যেন আমি হাতত ল'ব পৰা কণাৰ লাখুটি। এটা সৰলৰৈখিক কাহিনী ক'বলৈ শিল্পীৰ ষ্ট্ৰ’কবোৰ নাৰাজ।
মামণি ৰয়ছম গোস্বামীৰ সাহিত্যত চিহ্নিত জীৱনৰ বহুমাত্ৰিক দ্বন্দ্বৰ বিষয়ে ক'বলৈ গৈ মনলৈ আহিছে পিকাছোৰ সেই উক্তি। কিয়নো, যথাৰ্থতে এগৰাকী বিশ্বমানৰ সাহিত্যিক মামণি ৰয়ছম গোস্বামীয়েও আমাৰ জীৱনৰ এটা সৰলৰৈখিক কাহিনী কোৱা নাই। তেওঁ সমকালীন সমাজখনলৈ দৃষ্টি দিছে, চেতনাৰ স্ৰোতবোৰলৈ দৃষ্টি দিছে, আৰু অনেক চেতনাৰ স্ৰোতক একাকাৰ কৰি কৰি মথন কৰিছে সাহিত্য— আৰু নিজৰ সাহিত্যকৰ্মক উৎকৃষ্ট সাহিত্য কলালৈ পৰিণত কৰিবলৈ অহৰহ চেষ্টা কৰিছে। তেওঁৰ গল্প-উপন্যাসৰ প্ৰতিটো চৰিত্ৰই মনৰ ভিতৰৰ দ্বন্দ্ব, সমাজ পৰিৱৰ্তনৰ ধাৰাত আহি পৰা সামাজিক চেতনাৰ দ্বন্দ্ব, অৱদমন আৰু কাৰুণ্যৰ মাজেৰে অহৰহ গতি কৰি থাকে— আৰু সেইবোৰেই জীৱনৰ সত্য হৈ সাহিত্যত ধৰা দিয়ে।
মামণি ৰয়ছম গোস্বামীৰ ব্যক্তিগত জীৱনো ধেমালি নহয়, আৰু তেওঁ বহু সময়ত নিজেই কৈছে যে সাহিত্যই তেওঁৰ সৰ্বশেষ আশ্ৰয়। যেতিয়া তেওঁ সাহিত্যত আশ্ৰয় লৈছে, তেওঁ সাহিত্যক সকলো ধৰণৰ সংকীৰ্ণতাৰ উৰ্ধ্বলৈ তুলি ধৰিছে। মামণি ৰয়ছম গোস্বামীৰ গদ্যশৈলীও অনন্য। কিন্তু বিশেষকৈ তেওঁ যেতিয়া উপন্যাস লিখে, তেতিয়া তেওঁ যেন নক্ষত্ৰৰ দৰেই উজলি উঠে। প্ৰায়েই আমাক তেওঁ মানৱতাৰ একোখন বধ্যভূমিৰ কথা কয়, আৰু কয় তাত প্ৰতিফলিত হোৱা জীৱনৰ দ্বন্দ্ববোৰত পোহৰ পেলায়। সেই বধ্যভূমি ঢাল-তৰোৱাল লৈ কৰা যুদ্ধক্ষেত্ৰ নহয়— প্ৰায়েই সমকালীন প্ৰেক্ষাৰ, অথবা কেতিয়াবা গোষ্ঠীৰ সামূহিক সোঁৱৰণিৰ। অৱশ্যে ‘তেজ আৰু ধূলিৰে ধুসৰিত পৃষ্ঠা’ৰ দৰে উপন্যাস তেওঁ দিল্লীৰ সাম্প্ৰদায়িক সংঘৰ্ষজনিত ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত নৰসংহাৰৰ পটভুমিত লিখি উলিয়াইছে। সাহিত্যিকে সেই বধ্যভূমিলৈ আমাক যেতিয়া লৈ যায়, তেতিয়া শব্দবোৰ পঢ়ুৱৈৰ বাবে সাহিত্যৰ সহজাত বিলাসী পঠন মাথোন হৈ নাথাকে—জীৱন সত্যৰ অতবোৰ চেতনাৰ স্ৰোতৰ অগিয়া-বগিত পাঠকে যেন তৰ্দ্ধৰণি হেৰুৱাই পেলায়। আৰু পঠনৰ অভিজ্ঞতাবোৰো পাঠকৰ বাবে তেনেই সুখকৰ নহয়, কিয়নো সাহিত্যত জীৱন সত্যৰ সন্ধান পাবলৈ পাঠকে পাৰ হৈ যাব লাগিব অবিশ্লেষ্য ক্লেদৰ অলেখ নৰ্দমা, মানৱতা ছাৰখাৰ হৈ পৰা কাঁইটীয়া জংঘলবোৰ, বাবুল গছৰ জোপোহাবোৰৰ আঁৰত ঘটোৱা ধৰ্ষণৰ কাহিনীবোৰ, বিবেকৰ চাবুক। এই মুহূৰ্ততে যদি পথ পোহৰেৰে উদ্ভাসিত হৈছে, পাছ মুহূৰ্ততে এন্ধাৰে ঢাকি ধৰিছে, আৰু কেতিয়াবা হৈ পৰিছে বীভৎস। অনুভুতিৰ অত্যাচাৰত জৰ্জৰিত হৈ পাঠকৰ ভাব হয় কথকে কাহিনী ইমানতে শেষ কৰক, কিন্তু কথক যেন পাঠকক ৰেহাই দিবলৈ নাৰাজ। কাহিনীৰ বিৱৰণীত লেখকে গ্ৰহণ কৰা স্বাধীনতা আৰু সাহসে আমাক মুগ্ধ কৰে। মামণি ৰয়ছম গোস্বামীৰ উপন্যাসবোৰৰ কলেৱৰ বৰ বেছি দীঘলীয়া নহয়, কিন্তু চেপি চেপি এনেদৰে মথন কৰা হৈছে যে এটা শব্দও বাদ দিব অথবা সম্পাদনা কৰি পৰা নাযায়।
বহু লোকেই নিজকে মানৱতাবাদী বুলি চিনাকি দিয়ে। বিভিন্ন সাক্ষাৎ প্ৰসংগত মামণি ৰয়ছম গোস্বামীয়েও নিজকে এগৰাকী মানৱতাবাদী বুলি কৈছে। কিন্তু এই বহুতৰ সৈতে মামণি ৰয়ছম গোস্বামীৰ এক গুণগত পাৰ্থক্য আছে। তেওঁৰ সাহিত্য পাঠ কৰিলে অনুভৱ কৰিব পাৰি যে, তেওঁৰ মানৱতাবাদত বিভিন্ন ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক চেতনাৰ অধ্যয়নসমৃদ্ধ স্ৰোত জাহ গৈছে, যিবোৰ বিশ্বজনীন। গতিকে তেওঁ যেতিয়া নিজকে মানৱতাবাদী বুলি কয় তেতিয়া তাত আন্তৰ্জাতিক অথবা বিশ্বজনীন সুৰ এটাৰ ধ্বনি শুনিবলৈ পোৱা যায়। বহু সময়ত তেওঁৰ উপন্যাসৰ আলোচনা কৰিবৰ সময়ত আমি স্ৰষ্টাৰ বিশ্বজনীন দৰ্শনক সীমাৱদ্ধ কৰি তোলোঁ। ক্ষেত্ৰ অধ্যয়নৰ মাজেৰে উপন্যাসৰ সমল বুটলি অনাৰ বাবে বহু সময়ত তেওঁৰ সাহিত্যৰ ক্ষেত্ৰভিত্তিক অধ্যয়নৰ দিশটোতেই বেছিকৈ প্ৰাধান্য দিয়া হয়। কিন্তু আমি মনত ৰাখিব লাগিব যে, সাহিত্য সৃষ্টিৰ বাবে বহুতেই ক্ষেত্ৰভিত্তিক অধ্যয়ন কৰে— কিন্তু এনে গভীৰ, প্ৰজ্ঞাসম্পন্ন অন্তৰ্দৃষ্টিৰে বিধৌত মহৎ সাহিত্য কেৱল ক্ষেত্ৰ অধ্যয়নৰ উপাদানেৰেই সজোৱাটো সম্ভৱ নহয়। পঠনৰ অভিজ্ঞতাই আমাক জানিবলৈ দিয়ে যে, ক্ষেত্ৰভিত্তিক অধ্যয়ন তেওঁৰ প্ৰাথমিক উদ্দেশ্য যদিও, মহৎ সাহিত্য সৃষ্টিৰ তাড়না বুকুত বান্ধিহে তেওঁ ক্ষেত্ৰ অধ্যয়নলৈ যায়। ক্ষেত্ৰৰপৰা তুলি অনা এচমকা জীৱনক সাহিত্যলৈ ৰূপান্তৰ কৰাৰ প্ৰক্ৰিয়াটো এক জটিল কলা। মহতী সাহিত্য সৃষ্টি কৰিবলৈ ব্যগ্ৰ হৈ উঠা বাবেই তেওঁ সাহসী আৰু সম্পৰীক্ষাবাদীও। মামণি ৰয়ছম গোস্বামীৰ উল্লেখনীয় সাহিত্য কীৰ্তিসমূহৰ প্ৰতিটো পৃষ্ঠাতে এই উপলব্ধিৰ প্ৰমাণ আছে।
তেখেতৰ সহিত্য অকাডেমি বঁটাপ্ৰাপ্ত উপন্যাস ‘মামৰে ধৰা তৰোৱাল’ত লেখকৰ শ্ৰেণী চেতনা (class consciousness) আৰু শ্ৰেণী দ্বন্দ্বৰ (class conflict) অনুভৱ ইমান শক্তিশালীভাৱে ফুটি উঠিছে যে, আচৰিত নহৈ নোৱাৰি। উপন্যাসখনত তেওঁ বৰ্ণনা কৰিছে সমাজৰ সেইসকল নিম্নবৰ্গৰ মানুহৰ কাহিনী, সামাজিক অৱস্থানৰ দিশেৰে চালে যিসকলৰ তলত আৰু কোনো সুকীয়া শ্ৰেণীয়ে অৱস্থান কৰে বুলি ভাবিব নোৱাৰি। এক বিফল শ্ৰমিক আন্দোলনৰ পটভুমিত ৰচিত উপন্যাসখনৰ নাৰায়ণী, যশোৱন্ত, শিবু ধাছলাৰ দৰে মানুহৰ মল-মূত্ৰ, লেতেৰা নৰ্দমা চাফা কৰি জীৱন নিৰ্বাহ কৰা চৰিত্ৰসমূহক তেওঁ অন্তৰৰ মমতাৰে আৰু গভীৰ অনুৰাগেৰে পাদপ্ৰদীপলৈ তুলি আনিছে। তেওঁলোকেই উপন্যাসৰ মূল চৰিত্ৰ আৰু চালিকাশক্তি—কিন্তু সেয়াই জানো শেষ কথা! উপন্যাসখনৰ পাতে পাতে চৰিত্ৰসমূহৰ অন্তৰ্দ্বন্দ্ব, শ্ৰেণীচেতনা আৰু বিভিন্ন স্তৰৰ শ্ৰেণীদ্বন্দ্বৰ যি মৰ্মন্তুদ ৰূপ তেওঁ ফুটাই তুলিছে, সেয়া মাৰ্ক্সবাদী চেতনাৰ পদ্ধতিগত অধ্যয়ন অবিহনে কেৱল অন্তৰৰ আকূতিৰেই ফুটাই তোলাটো সম্ভৱ বুলি পতিয়ন যাব নোৱাৰি। তেনে হোৱাহ’লে আন বহুতো ঔপন্যাসিকৰ দৰেই তেখেতৰ উপন্যাসৰ বৰ্ণনাও মানৱীয় আৱেদনেৰে সিক্ত এক ধৰণৰ সৰলৰৈখিক বিৱৰণী হৈয়ে থাকিলেহেঁতেন আৰু ইমান কম আয়তনৰ উপন্যাসখনৰ প্ৰতিটো বাক্যতেই অতবোৰ জীৱনৰ সত্য আৰু দ্বন্দ্ব-সংঘাত মৰ্মে মৰ্মে ফুটাই তুলিব নোৱাৰিলেহেঁতেন। উপন্যাসখনত আন আন দিশবোৰৰ লগতে প্ৰতিষ্ঠা কৰা হৈছে নাৰায়ণীৰ জীৱনবোধ, যি নলা-নৰ্দমা পৰিষ্কাৰ কৰি জীৱন যাপন কৰা এগৰাকী নাৰী, যি আনৰ ওচৰত নিজৰ শৰীৰ সমৰ্পণ কৰিবলগীয়াও হৈছে, আৰু তাৰ পাছতো তাই এটা শ্ৰমিক আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকাও লৈছে। আৰু নাৰায়ণীৰ সেই জীৱনবোধ তুলি আনিছে মামণি ৰয়ছম গোস্বামীৰ দৰে এগৰাকীৰ বিদূষী নাৰীয়ে, যি এক সফল কথাকাৰ, দিল্লী বিশ্ববিদ্যালয়ৰ অধ্যাপক। এয়া আমাৰ বাবে যেন এক সকাহ। উপন্যাসৰ শেষলৈকে এটা বিফল শ্ৰমিক আন্দোলনৰ নায়ক পৰাজিত হৈছে, এদল শ্ৰমিকে কামৰপৰা খেদা খাইছে। কিন্তু আচলতে নায়কে পৰাজয় বৰণ কৰা নাই, তেওঁ হতাশো হোৱা নাই, বৰং আন এক সংগ্ৰামৰ বাবেহে তেওঁ প্ৰস্তুত হৈছে। এয়াইতো সমাজৰ দ্বান্দ্বিক ৰূপান্তৰৰ বিশ্লেষণৰ মাজেৰে দেখা পোৱা সংগ্ৰামৰ গাথা। নিম্নবৰ্গৰ জীৱনৰ কোনো লাঞ্ছনা-গঞ্জনাই নায়কক টলাব পৰা নাই। উপন্যাসখনৰ শ্ৰমিক আন্দোলনৰ দ্বন্দ্ববোৰ সাৰ্থক কৰি তুলিবলৈকে হয়তো শ্ৰেণীচেতনা আৰু শ্ৰেণীদ্বন্দ্বক প্ৰাধান্য দিয়াটো তেখেতে উচিত বুলি বিবেচনা কৰিছিল। সেইবাবেই উপন্যাসৰ শেষত যশোৱন্তৰ হাতত লেখকে তুলি দিয়া চিককিমাই থকা, ধাৰাল তৰোৱালখন মাথোন সাহিত্যৰ আলংকৰিক সমাপ্তি হৈ থকা নাই, অসংখ্য দ্বন্দ্ব আৰু সংঘাতৰ ঘটনা-দুৰ্ঘটনাৰ মাজেৰে তেওঁ এই বলিষ্ঠ সিদ্ধান্তটি ল'বলৈ যশোৱন্তক সাহসী কৰিহে তুলিছে। ‘চেনাৱৰ স্ৰোত’, ‘অহিৰণ’ৰ দৰে উপন্যাসতো শ্ৰেণীচেতনা আৰু শ্ৰেণীদ্বন্দ্বৰ এনে কাৰিকৰী খুঁটি-নাতিবোৰত তেখেতে মনোনিৱেশ কৰিছে, কিন্তু সি আটাইতকৈ মূৰ্তমান হৈ উঠিছে ‘মামৰে ধৰা তৰোৱাল’ত।
এই একেটা কাম কিন্তু তেওঁ আন এক সাৰ্থক সৃষ্টি ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ত কৰা নাই। অথচ দক্ষিণ কামৰূপৰ মাটিৰে চহকী আঢ্যৱন্ত সত্ৰাধিকাৰৰ পৰিয়ালৰ সমাজখনৰ ক্ষয়িষ্ণু জীৱনৰ চিত্ৰায়ন কৰিবৰ বেলিকা বিশেষকৈ সেই সময়ৰ কমিউনিষ্টসকলে কৰা ‘নাঙল যাৰ মাটি তাৰ’ আন্দোলনৰ প্ৰাসংগিকতা বাৰে বাৰে তুলি আনিলেও এইখন উপন্যাসত শ্ৰেণীচেতনা আৰু শ্ৰেণীদ্বন্দ্বক তেওঁ পাদপ্ৰদীপলৈ তুলি অনা নাই। কিয়নো, ইয়াত তেওঁৰ প্ৰাথমিক উদ্দেশ্য কানিৰ গৰাহত পৰা সেইখন ক্ষয়িষ্ণু সমাজক অবিকল ৰূপত উপস্থাপন কৰি এক অতূলনীয় সাহিত্যকৃতি ৰচনা কৰাহে। এই ঠাইখনিৰ সৈতে তেওঁৰ আছে শিপাৰ সম্পৰ্ক, সেই শিপা লেখকে মাটিৰ ইমান দ’লৈকে মেলি ধৰিছে, আৰু সেই গভীৰতাৰপৰা এনে সতেজ ৰস আহৰণ কৰিছে যে, পৰৱৰ্তী সময়ত উপন্যাসৰূপী বিৰিখজোপাৰ আশ্ৰয়ত বাস কৰা প্ৰাণীবোৰৰ জীয়াই থকাৰ আকুতিৰ অবিকল অংকণেই হৈ উঠিছে ইয়াৰ সাৰকথা। এইক্ষেত্ৰত তেওঁৰ উপন্যাস ৰচনাৰ যি প্ৰাথমিকতা, সিয়েইহে তেখেতক চালিত কৰিছে। উপন্যাসখনৰ চৰিত্ৰবোৰে সময়ৰ সীমাৱদ্ধতাত ৰৈ গৈছে, আৰু তেওঁ তাক সময়ৰ গণ্ডীৰপৰা বাহিৰলৈ উলিয়াই আনিবলৈ অনাহক প্ৰচেষ্টা চলোৱা নাই। বৰং সেই সীমাৱদ্ধতাত বাস কৰা মানুহবোৰৰ মনৰ দ্বন্দ্ব, দুখ আৰু হুমুনিয়াহবোৰহে অনন্যসুন্দৰ ৰূপকীয় উপস্থাপনাৰে মূৰ্ত কৰি তুলিছে। অৱশ্যে ইয়াতো প্ৰতিবাদ আছে, এই প্ৰতিবাদ পিতৃতান্ত্ৰিকতাৰ বিৰুদ্ধে। প্ৰচলিত সমাজব্যৱস্থাৰ বিৰুদ্ধে সি এক শিহৰণকাৰী প্ৰতিবাদ। তেওঁৰ প্ৰতিখন উপন্যাসৰ বেলিকাই এই কথাটো খাটে। একোখন উপন্যাসৰ মাজেৰে ক’ব বিচৰা জীৱন সত্যক তেওঁ আন এক উপন্যাসত প্ৰতিষ্ঠা কৰিব বিচৰা নাই। তেওঁৰ আন এক সফল গল্প ‘সংস্কাৰ’তো দেখা যায় যে আদৰ্শ প্ৰতিষ্ঠা কৰাৰ স্বাৰ্থত তেওঁ গল্পৰ মূল প্ৰটাগনিষ্টক প্ৰগতিশীল ৰূপত প্ৰতিষ্ঠা কৰা নাই, গল্পত প্ৰটাগনিষ্টে স্থিতাৱস্থা বা ৰক্ষণশীলতাকেই আকোঁৱালি লৈছে, কিয়নো সেয়াই আছিল সময়ৰ সত্য। চৰিত্ৰই সময়ৰ বাহিৰলৈ ওলাই আহিব পৰা পৰিৱেশ সেই পটভূমিত নাই। ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ মামণি ৰয়ছম গোস্বামীৰ সৰ্বশ্ৰেষ্ঠ কীৰ্তি, সি এক আচৰিত কথনৰ উপন্যাস। চীন দেশৰ মৌ য়ান নামৰ লেখকজনৰ The Red Sorghum নামৰ উপন্যাসখনৰ সতেহে ইয়াৰ বয়নশৈলীৰ তুলনা কৰিব পাৰি, যিখন গ্ৰন্থৰ বাবে মৌ য়ানে সাহিত্যৰ নবেল বঁটা লাভ কৰিছে। মামণি ৰয়ছম গোস্বামীৰ সাহিত্যৰ ভাষা কাব্যিক, আৰু এই কাব্যিক ভাষাৰ আটাইতকৈ ঈৰ্ষণীয় ৰূপটোও এইখন উপন্যাসতেই আছে।
এইদৰে কেতিয়াবা সাহিত্যৰ তত্ত্ব আৰু সমাজৰ তত্ত্বৰ অপূৰ্ব সংশ্লেষণ, কেতিয়াবা আকৌ স্থিতাৱস্থাৰ পক্ষপাতিত্বৰ বৈপৰীত্যবোৰৰ মাজেৰেই মানুহ আৰু সমাজৰ দ্বন্দ্ববোৰ সাহিত্যৰ মাজলৈ তেওঁ তুলি আনিছে। কিন্তু এই বৈপৰীত্য সমাহাৰবোৰৰ বাবেই তেওঁক সাহিত্য দ্বন্দ্ব আৰু আদৰ্শৰ বেলিকা অসচেতন বা অবোধ আছিল বুলি ক’ব নোৱাৰি। পটভূমি আৰু তদানীন্তন সমাজখনৰ যথাৰ্থ উপস্থাপনা সাহিত্য সৃষ্টিৰ বেলিকা তেওঁৰ প্ৰাথমিকতা আছিল আৰু তাৰ বাবেই লেখক হিচাপে তেওঁ সকলো ধৰণৰ স্বাধীনতা ল’বলৈ সংকোচ কৰা নাই। সমাজৰ ৰূপান্তৰৰ তত্ত্বগত দিশবোৰৰ অধ্যয়নগত কথাবোৰো তেওঁ আওকাণ কৰা নাই। উভয় ক্ষেত্ৰতেই মামণি ৰয়ছম গোস্বামীৰ আপোচবিহীন স্থিতিয়ে আমাৰ দৰে সাহিত্যৰ অনুৰাগীক আশ্বস্ত কৰে। সমাজৰ নিম্নত বাস কৰা দুখীয়া, নিচলা, বেমাৰী, পংগু, সমাজৰ আৱৰ্তত থকা উচ্চবৰ্ণৰ বিধবাৰ লগতে সকলো বিধবা, আন অৱহেলিতসকলৰ প্ৰতি অন্তৰৰ গভীৰত থকা সহজাত সহানুভুতিয়ে সাহিত্যত প্ৰতিষ্ঠা কৰিব বিচৰা মানৱতাবাদতাক জীৱন্ত কৰি তুলিছে। কিন্তু তাতো তত্ত্বৰ সচেতন প্ৰয়োগ নঘটাকৈ থকা নাই। বহুতেই তত্ত্ব অধ্যয়ন কৰে, কিন্তু হৃদয় মানৱীয় আৱেগেৰে সিক্ত নহয়। বহুতেই আকৌ অৱেগকেই প্ৰাধান্য দিয়ে বাবে বক্তব্য বাগাড়ম্বৰ হৈ পৰে। এনেক্ষেত্ৰত মহতী সাহিত্য কিদৰে সৃষ্টি হ’ব! মামণি ৰয়ছম গোস্বামীয়ে সাহিত্যত তত্ত্ব আৰু আৱেগৰ অতূলনীয় নিয়ন্ত্ৰণ আৰু ভাৰসাম্য বজাই ৰাখিব পাৰিছে। সাহিত্য আৰু সমাজৰ ৰূপান্তৰৰ তত্ত্বগত দিশেৰে কঠোৰভাৱে অধ্যয়নপুষ্ট হোৱা বাবেই তেওঁৰ সাহিত্যৰ ভাষা আৰু আংগিক ইমান জীৱন্ত, সেইবোৰে তেজে-মঙহে হাত-ভৰি মেলি পাঠকক আঁকোৱালি ধৰে, আৰু পাঠকে বহু সময়লৈ তাৰ আৱেশৰপৰা ওলাই আহিব নোৱাৰে। আংগিকৰ বেলিকাও দেখা যায় যে, নিৰ্মেদ সাহিত্য সৃষ্টিৰ নামত মামণি ৰয়ছম গোস্বামীয়ে যেন চৰিত্ৰবোৰক নিৰ্জীৱ কৰি তুলিবলৈ নাৰাজ। তেখেত নিজৰ সৃষ্টিৰ কঠোৰ সম্পাদক আৰু সফল উপন্যাসকেইখন এনেদৰে লিখিছে যে, তাৰপৰা এটা শব্দও বাদ দিব পৰা নাযায়। অথচ প্ৰতিটো চৰিত্ৰই জীৱন্ত। এয়াও এক কঠোৰ কলা।
মামণি ৰয়ছম গোস্বামীৰ আটাইবোৰ উপন্যাসৰে পটভূমি
স্থানীয়। কিন্তু লেখকৰ প্ৰজ্ঞা, গভীৰ অন্তৰ্দৃষ্টিয়ে তাত বিশ্বজনীনতা আৰু আন্তৰ্জাতিকতা
দান কৰিছে। সাহিত্যৰ এই বিশ্বজনীনতাক অন্তৰেৰে উপলব্ধি কৰিব নোৱাৰিলে মামণি ৰয়ছম
গোস্বামীৰ সাহিত্যৰ পৰ্যালোচনা সীমাৱদ্ধ হৈ ৰ’ব আৰু যথাৰ্থ
বিচাৰ কৰিব পৰা নাযাব। তেওঁৰ সাহিত্যৰ প্ৰতিটো চৰিত্ৰই প্ৰাসংগিক। ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ৰ ভূমিচম্পা, ননীচম্পাৰ দৰে নগণ্য চৰিত্ৰবোৰকো তেখেতে ন্যায় প্ৰদান কৰিছে।
নাৰী চৰিত্ৰবোৰৰ অন্তৰ্দহন, অৱদমন, নীৰৱতা আৰু প্ৰতিবাদবোৰৰ কথন অবিহনে মামণি ৰয়ছম গোস্বামীৰ উপন্যাসৰ আলোচনা আধৰুৱা। মামণি ৰয়ছম গোস্বামীৰ সাহিত্যৰ নাৰীবাদ মায়া এংগলুৰ দৰে বিংশ শতাব্দীৰ যশস্বী আমেৰিকান সাহিত্যিকৰ সাহিত্যত ধৰা দিয়া নাৰীবাদৰ দৰেই সমুজ্জ্বল। মায়া এংগলুৱে তেওঁৰ কেইবা খণ্ডজোৰা আত্মজীৱনীৰ “I Know why the caged bird sings” শীৰ্ষক প্ৰথম খণ্ডটিত শৈশৱতেই দ্বিতীয় মাতৃত প্ৰেমিকৰদ্বাৰা ধৰ্ষণৰ সন্মুখীন হোৱাৰ ভয়ংকৰ অভিজ্ঞতা বৰ্ণনা কৰিছে। এনে দূৰ্ভাগ্য মামণি ৰয়ছম গোস্বামীৰ ক্ষেত্ৰত হোৱা নাছিল। তেওঁ উচ্চবংশজাত আৰু উচ্চশিক্ষিত পৰিয়ালৰ আদৰৰ দুহিতা। প্ৰজাতীয় বৈষম্যৰো তেওঁ সন্মুখীন হোৱা নাই। বিবাহৰ পৰৱৰ্তী সময়ত স্বামীয়েও তেওঁৰ লেখক সত্বাক সন্মান কৰাৰ বিষয়ে তেখেতে নিজেই বাৰে বাৰে স্বীকাৰ কৰিছে। কিন্তু পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাত এগৰাকী নাৰীয়ে প্ৰতিটো খোজত সন্মুখীন হোৱা বৈষম্য, অৱদমন, যন্ত্ৰণাবোৰ মনৰ চকুৰে তেওঁ কিদৰে উপলব্ধি কৰিলে, তাক বুজিবলৈ হ’লে তেওঁৰ উপন্যাসৰ নাৰী চৰিত্ৰবোৰলৈ দৃষ্টি নিক্ষেপ কৰিলেই যথেষ্ট। ‘আধালেখা দস্তাবেজ’ত দেখা যায় বৃন্দাবনত মৰিবলৈ বুলি এৰি থৈ অহা বিধবাবোৰৰ দুৰ্দশা। অন্ধকাৰ কুঠৰীত কীট-পতংগৰ দৰে জীয়াই থাকিবলগীয়া হোৱা বিধবাৰ জীৱনে তেওঁৰ চকুৰ টোপনি হৰি নিলে। কিন্তু সি মাথোন আৰম্ভণিহে আছিল। পৰৱৰ্তী সময়ত পিতৃতান্ত্ৰিক সমাজৰ আৱৰ্তত বাস কৰা নাৰীবোৰৰ অৱদমনৰ দিশটোৰ প্ৰতি লেখক আৰু বেছি সজাগ হৈ পৰিল, আৰু ক্ৰমে সি তীক্ষ্ণ হৈ উঠিল। অকাল বৈধব্যৰ যান্ত্ৰণাৰ পাছতো তেওঁ নিজকে তিল তিলকৈ গঢ়ি তুলিছে। এই যাত্ৰা কপালত ৰঙীণ সেন্দূৰৰ ফোঁটটিৰে বাহিৰৰপৰা দেখা পোৱা মানুহগৰাকীৰ দৰে দগমগীয়া আৰু মসৃণ নাছিল। তাক বুজিবলৈ হ’লে নাৰায়ণী, গিৰিবালা, দুৰ্গা, ইলিমন, সৰু গোঁসানীৰ দৰে চৰিত্ৰবোৰৰ মাজলৈ সোমাব পাৰিব লাগিব। তেওঁৰ উপন্যাসৰ এই চৰিত্ৰবোৰ অতি ব্যতিক্ৰমী, অসমীয়া সাহিত্যৰ এক বিৰল প্ৰয়াস বুলি ক’ব পাৰি, তেজ-আৰু মঙহৰ সতে সিহঁতৰ শৰীৰ আৰু অনুভুতিবোৰ একাকাৰ হৈ গৈছে। অসমীয়া সাহিত্যত নাৰীচৰিত্ৰৰ এনে চিত্ৰণ বিৰল বুলি ক’ব লাগিব। প্ৰচলিত সমাজ ব্যৱস্থাই সিহঁতক তিলতিলকৈ ধ্বংস কৰিব বিচাৰে, কিন্তু সিহঁতে বিচাৰে অলপ সন্মান, আদৰ, এষাৰ মৰমৰ মাত, আত্মীয়ৰ পৰিচৰ্যা। বৈধব্যৰপৰা মুক্তি। দুখ, অপমান আৰু হাহাকাবোৰে দহি নিয়া জীৱন, কিন্তু দেখা যায় দুৰ্গাৰ বাহিৰে আনবোৰ চৰিত্ৰই সন্মুখৰ জীৱনলৈ চাই অহৰহ সংগ্ৰাম কৰিবই লাগিছে। প্ৰচণ্ড সাহসী সৰু গোঁসানী বিধবা, কিন্তু স্বাধীনচিতীয়াকৈ থাকে, পুৰুষ সত্ৰাধিকাৰসকলৰ দৰেই শিচ ফুৰে। এগৰাকী পুৰুষৰ প্ৰতি তেওঁৰ মন ঢাল খায়, অন্তৰে হাহাকাৰ কৰে। বৰ সাহসেৰেই মামণি ৰয়ছম গোস্বামীয়ে উপন্যাসত এই কথা কৈছে। কিন্তু অন্তৰৰ সৰল বিশ্বাসৰ বিপৰীতে সেই পুৰুষৰপৰা তেওঁ পালে মাথোন প্ৰতাৰণা। দুৰ্গাৰ দৰে দুৰ্বল চৰিত্ৰৰ চিত্ৰায়নে মামণি ৰয়ছম গোস্বামীৰ গল্প-উপন্যাসৰ সাহসী নাৰী চৰিত্ৰবোৰৰ অন্তৰ্দ্বন্দ্ব বুজিবলৈ আমাক সহায় কৰে। ‘দঁতাল হাতীৰ উঁয়ে খোৱা হাওদা’ত বিধবা নাৰীৰ ওপৰত সমাজে আৰোপ কৰা বাধা-নিষেধৰ বিৰুদ্ধে গিৰিবালাৰ যি ভয়ংকৰ প্ৰতিবাদ, সি পিতৃতান্ত্ৰিক সমাজ ব্যৱস্থাৰ বিৰুদ্ধে এপাত তীক্ষ্ণ শেল। প্ৰচলিত সমাজ ব্যৱস্থাৰ সন্মুখত গিৰিবালাই মূৰ নোদোঁৱালে, সেয়া কৰুণ সত্যৰূপেহে উপন্যাসত প্ৰতিষ্ঠা হৈছে। প্ৰত্যাশিতভাৱেই সেই প্ৰতিবাদে ইন্দ্ৰজিতক ভয়ংকৰ বিবেক দংশনৰ মাজলৈ ঠেলি দিয়াৰ বাহিৰে উপন্যাসৰ কাহিনী-কথনত বিশেষ ৰেখাপাত কৰিব পৰা নাই। পটভূমিৰ সীমাবদ্ধতাই চৰিত্ৰবোৰক সময়ৰ বাহিৰলৈ ওলাই আহিবলৈ সুযোগ দিয়া নাই, আৰু লেখকেও তাক ওপৰৰপৰা আৰোপ কৰিবলৈ চেষ্টা কৰা নাই। পৰৱৰ্তী সময়ত যশস্বী চলচ্চিত্ৰ নিৰ্মাতা সান্ত্বনা বৰদলৈয়ে এই উপন্যাসৰ ভিত্তিত ‘অদাহ্য’নামৰ চলচ্চিত্ৰ নিৰ্মাণ কৰি গিৰিবালাৰ সেই প্ৰতিবাদক অনন্য মাত্ৰা দিলে। নাৰায়ণীৰ দৰে নিম্নবৰ্গৰ নাৰীৰ দৰেই উচ্চবৰ্ণ ব্ৰাহ্মণসমাজৰ নাৰীজীৱনৰ ভয়ংকৰ দুৰ্দশাবোৰৰ বিৱৰণী দিয়াৰ বেলিকাও তেওঁ সমানেই দক্ষ। বৰ সুন্দৰকৈ তেওঁ দেখুৱাইছে যে, আমৰাঙা সত্ৰৰ প্ৰতিষ্ঠিত সত্ৰাধিকাৰৰ চাৰিবেৰৰ আঁৰত থকা নাৰীৰ জীৱন অথবা বৃন্দাবনত পৰিয়ালে এৰি থৈ যোৱা বিধবাবোৰৰ জীৱনৰ তুলনাত নাৰায়ণীৰ জীৱন অধিক প্ৰত্যাহ্বানৰ হ’লেও, কিছু পৰিমাণে তাই মুক্ত আৰু স্বাধীন। সাহিত্য অনুৰাগীৰ বাবে ভাল লগা কথাটো হৈছে যে, সমাজৰ তত্ব বা সাহিত্যৰ তত্ত্বৰ সংশ্লেষণৰ মাজেৰে এই জীৱন সত্য সাহিত্যত উদ্ভাসিত হোৱা নাই, সি জীৱনৰ স্বাভাৱিক ছন্দৰ মাজেৰেই আহিছে। কিন্তু লেখকৰ প্ৰজ্ঞা আৰু অন্তৰ্দৃষ্টিৰ গভীৰতা অনুমান কৰিবলৈ সাহিত্যত তেখেতে প্ৰতিষ্ঠা কৰা দ্বন্দ্ববোৰেই যথেষ্ট। এইক্ষেত্ৰত চৰিত্ৰ এটি নিৰ্বাচন কৰাৰ বেলিকা তেওঁৰ বিচক্ষণতা বিচাৰ কৰিবই লাগিব। এইখিনিতে এটা কথা কোৱা উচিত যে, পুৰুষতান্ত্ৰিক সমাজত বাস কৰা নাৰী চৰিত্ৰবোৰৰ অন্তৰ্দ্বন্দ্বৰ দৰেই পুৰুষ চৰিত্ৰবোৰৰ ভিতৰৰ দ্বন্দ্বৰ প্ৰকাশতো তেখেতে অসামান্য পাৰদৰ্শিতা দেখুৱাইছে আৰু বিৱৰণীৰ ব্যতিক্ৰমী কথনশৈলীৰে সেই দ্বন্দ্বক আগুৱাই নিছে। হৰ্শুল চাহাব, যশোৱন্ত, আজিজ মিঞাৰ দৰে পৰুষ চৰিত্ৰৰ চিত্ৰণো নাৰী চৰিত্ৰবোৰৰ দৰেই তেখেতে অনন্য চিত্ৰকল্পৰ সহায়েৰে প্ৰতিষ্ঠা কৰিছে। সামগ্ৰিকভাৱে, সাহিত্যত তেখেতে মানৱ জীৱনৰ বহুবৰ্ণী ৰামধেনুৰ ৰংকেইটা ওৰেটো জীৱন বিচাৰি ফুৰিলে। কিন্তু এটা সহজ-সৰল জীৱনৰ কথা তেওঁ ক’ব নোৱাৰে বাবেই কিছুমান কৰ্কশ আৰু কঠুৱা জীৱনৰ গাথা সাহিত্যলৈ তুলি আনিবলৈ প্ৰস্তুতি চলোৱাৰ সময়ত বিৱৰণী শোকেৰে মথিত হৈ পৰে, অথচ আমি চৰিত্ৰবোৰৰ চকুৰপৰা পবিত্ৰ পানীৰ নিজৰাবোৰ নামি অহা দেখা নাপাওঁ, কিয়নো কামিহাড়ৰ ভিতৰৰ কৰ্কশ আৱাজবোৰে চকুৰ নিজৰাবোৰ যেন ঢাকি ৰাখে।
এই পাঠৰ আৰম্ভণি আমি পাবলো পিকাছোৰ এটি উক্তিৰে কৰিছিলোঁ। তেখেতৰ সৰ্বশ্ৰেষ্ঠ কীৰ্তি ‘গোৱেৰ্নিকা’ এক
মহৎ শিল্প। ছবিখনৰ ৰাজনৈতিক বাৰ্তা স্পষ্ট আৰু ইয়াত এক ধৰণৰ পৰিচ্ছন্ন
সংবাদধৰ্মিতা আছে বুলিও অনেকেই কয়। এই ছবিখন চালে দ্বিতীয় বিশ্বযুদ্ধৰ বিভীষিকাৰ বিষয়ে বুজি পাবলৈ সৰহ পৰ নালাগে। মামণি ৰয়ছম গোস্বামীৰ সাহিত্যৰো ভাষা
কাব্যিক, কিন্তু তাত এক অদ্ভূত সংবাদধৰ্মিতা আছে।
বহুক্ষেত্ৰত সাহিত্যৰ মাজত তেথেতে তথ্য-পাতি, দলিল আদি
সন্নিবিষ্ট কৰিছে, ‘পদ টীকা’ হিচাপে
দিয়া নাই - এতেকে সেইবোৰো সাহিত্যৰ চৰিত্ৰ, অথবা অংগ। যুদ্ধ বিভীষিকাৰ ক্ষয়ংকৰী অভিজ্ঞতাৰ প্ৰেক্ষাত নিৰন্ন মানৱতাক ফুটাই
তুলিবলৈ পাবলো পিকাছোই ‘গোৱেৰ্নিকা’ত
বহুতো নাৰী চৰিত্ৰ চিত্ৰণ কৰিছে। মামণি ৰয়ছম গোস্বামীৰ ক্ষেত্ৰতো নাৰী চৰিত্ৰবোৰেই
বহু সময়ত সাহিত্যৰ চালিকাশক্তি। এইক্ষেত্ৰত নাৰী নদীৰ সমাৰ্থক। তেওঁ আঘাত পায়,
চকুলো টোকে। কিন্তু সকলো বাধা-বিঘিনি, ব্যক্তি
আৰু সমাজৰ আঘাত সহ্য কৰিও নিৰৱধি বৈ যায়। যাৰ বাবেই নদীৰ দৰেই নাৰী এক আশ্বৰ্যকৰ
উপলব্ধি। কিন্তু এয়াই শেষ কথা নহয়। সৰ্বশেষত তেওঁ ক’বলৈ
বিচাৰিছে মানৱ জীৱনৰ অফুৰন্ত সম্ভাৱনাৰ কথা—যি আমি জীৱনৰ
বাবে গ্ৰহণ কৰা ৰাজনৈতিক, সামাজিক অথবা
সা্ংস্কৃতিক চেতনাবোৰৰো উৰ্ধ্বত - যাৰ বিশালতাৰ শেষ নাই। সেই
সম্ভাৱনাৰ পম খেদি ফুৰাটোৱেই সাহিত্যকৰ্মীৰ কৰ্তব্য হোৱা উচিত। মামণি ৰয়ছম গোস্বামীৰ সাহিত্যৰ পঠনে আমাক সেই কথাকেই কয়। বহুতো বিশ্বমানৰ
সাহিত্যৰ অধ্যয়নে আমাক প্ৰায়েই এই কথা সোঁৱৰাই থাকে যে অসমীয়া ভাষা-সাহিত্যতো আমি
এইগৰাকী বিশ্বমানৰ সাহিত্যিক লাভ কৰিছোঁ, যি আমাৰ জাতিটোৰ
বাবেই এক গৌৰৱৰ কথা।
ফোন : ৭০০২১৭২৬৩৯